27.01.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ যেতিয়া কৰ্মাতীত অৱস্থা হ'ব, তেতিয়া বিষ্ণুপুৰীলৈ যাবা, সন্মানসহকাৰে
উত্তীৰ্ণ হোৱা সন্তানসকলহে কৰ্মাতীত হয়"
প্ৰশ্ন:
তোমালোক
সন্তানসকলৰ বাবে দুয়োগৰাকী পিতাই কোনটো পৰিশ্ৰম কৰে?
উত্তৰ:
সন্তানসকল স্বৰ্গৰ লায়ক হওঁক। সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ কৰি তোলাৰ পৰিশ্ৰম
বাপদাদা দুয়োগৰাকীয়ে কৰে। এয়া যেন তোমালোকে দুটা ইঞ্জিন পাইছা। এনেকুৱা অপূৰ্ব পাঠ
পঢ়ায় যাৰ দ্বাৰা তোমালোকে 21 জন্মৰ বাদশ্বাহী পাই যোৱা।
গীত:
বচপন কে দিন
ভুলা ন দেনা….. (শৈশৱ দিনবোৰ পাহৰি নাযাবা…..)
ওঁম্শান্তি।
অতি মৰমৰ
কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি
এনেধৰণৰ গীতবোৰ বাছনি কৰা হৈছে। মনুষ্য আচম্বিত হয় যে এয়া নাটকৰ বাণীবদ্ধ গীতৰ ওপৰত
কি বাণী শুনায়। এয়া আকৌ কেনেধৰণৰ জ্ঞান! শাস্ত্ৰ, বেদ, উপনিষদ আদি এৰিলে, এতিয়া
বাণীবদ্ধ গীতৰ ওপৰত বাণী চলে! এইটোও তোমালোক সন্তানসকলৰ বুদ্ধিত আছে যে আমি বেহদৰ
পিতাৰ হ'লোঁ, যাৰ পৰা অতীন্দ্ৰিয় সুখ পোৱা যায়, এনেহেন পিতাক পাহৰিব নালাগে। পিতাৰ
স্মৃতিৰ দ্বাৰাই জন্ম-জন্মান্তৰৰ পাপ দগ্ধ হয়। এনেকুৱা হ'ব নালাগে যে স্মৰণ কৰিবলৈ
এৰি দিবা আৰু পাপ থাকি যাব। তেতিয়া পদো কম হৈ যাব। এনেহেন পিতাকতো ভালদৰে স্মৰণ
কৰাৰ পুৰুষাৰ্থ কৰিব লাগে। যেনেকৈ বাগদান হ'লে তেতিয়া ইজনে সিজনক স্মৰণ কৰে।
তোমালোকৰো বাগদান হৈছে আকৌ যেতিয়া তোমালোকে কৰ্মাতীত অৱস্থা প্ৰাপ্ত কৰিবা তেতিয়া
বিষ্ণুপুৰীলৈ যাবা। এতিয়া শিৱবাবাও আছে। প্ৰজাপিতা ব্ৰহ্মা বাবাও আছে। দুটা ইঞ্জিন
পাইছা - এজন নিৰাকাৰী, আনজন সাকাৰী (শৰীৰধাৰী)। দুয়োজনেই পৰিশ্ৰম কৰে যাতে
সন্তানসকল স্বৰ্গৰ লায়ক হৈ যায়। সৰ্বগুণ সম্পন্ন, 16 কলা সম্পূৰ্ণ হ’ব লাগে। ইয়াত
পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। এই কথাবোৰ কোনো শাস্ত্ৰত নাই। এই পঢ়া বৰ অপূৰ্ব -
ভৱিষ্যত 21 জন্মৰ বাবে। বাকী পঢ়া-শুনাবোৰ হৈছে মৃত্যুলোকৰ কাৰণে, এই পঢ়া হৈছে
অমৰলোকৰ কাৰণে। তাৰ বাবে পঢ়িবতো ইয়াতেই লাগে নহয়। যেতিয়ালৈকে আত্মা পৱিত্ৰ হৈ নাযায়
তেতিয়ালৈকে সত্যযুগলৈ যাব নোৱাৰে সেয়েহে পিতা সংগমতে আহে, ইয়াকেই পুৰুষোত্তম
কল্যাণকাৰী যুগ বুলি কোৱা হয়। যেতিয়া তোমালোক কড়িৰ পৰা হীৰাতুল্য হৈ যোৱা সেয়েহে
শ্ৰীমতত চলি থাকা। শ্ৰী শ্ৰী বুলি শিৱবাবাকহে কোৱা হয়। মালাৰ অৰ্থও সন্তানসকলক
বুজোৱা হৈছে। ওপৰত ফুল হৈছে শিৱবাবা, তাৰপাছত হ’ল যুগল মেৰু। প্ৰবৃত্তি মাৰ্গ নহয়
জানো। তাৰপাছত হ’ল মণি, যিসকল বিজয় প্ৰাপ্ত কৰোঁতা হয়, তেওঁলোকৰে হৈছে ৰুদ্ৰ মালা
তাৰপাছত বিষ্ণু মালা তৈয়াৰ হয়। এই মালাৰ অৰ্থ কোনেও নাজানে। পিতাই বহি বুজাই আছে
তোমালোক সন্তানসকল কড়িৰ পৰা হীৰাৰ দৰে হ’ব লাগে। 63 জন্ম তোমালোকে পিতাক স্মৰণ কৰি
আহিছা। তোমালোক হৈছা এতিয়া এজন প্ৰিয়তমৰ প্ৰিয়তমা। সকলো এক ভগৱানৰ ভক্ত। পতিসকলৰো
পতি, পিতাসকলৰো পিতা তেওঁ এজনেই। তোমালোক সন্তানসকলক ৰজাৰো ৰজা কৰি তোলে। তেওঁ নিজে
নহয়। পিতাই বাৰে বাৰে বুজায় - পিতাৰ স্মৃতিৰেই তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ ভস্ম
হ’ব। সাধু-সন্তসকলেতো কৈ দিয়ে - আত্মা নিৰ্লেপ। পিতাই বুজায় - ভাল বা বেয়া সংস্কাৰ
আত্মাইহে লৈ যায়। তেওঁলোকে কৈ দিয়ে বচ্ যিফালে চাওঁ সকলোতে ভগৱানেই ভগৱান। ভগৱানৰে
এয়া সকলো লীলা। একেবাৰে বাম (বিকাৰী) মাৰ্গত লেতেৰা হৈ যায়। এনেকুৱা মততে লাখ লাখ
মনুষ্য চলি আছে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। সদায় বুদ্ধিত তিনিধামৰ স্মৃতি
ৰাখিবা - শান্তিধাম য’ত আত্মাসকল থাকে, সুখধাম যাৰ কাৰণে তোমালোকে পুৰুষাৰ্থ কৰি আছা,
দুখধাম আৰম্ভ হয় আধাকল্পৰ পাছত। ভগৱানক কোৱা হয় স্বৰ্গ স্থপনা কৰোঁতা ঈশ্বৰ পিতা।
তেওঁ কোনো নৰক স্থাপনা নকৰে। পিতাই কয় - মইটো সুখধামহে স্থাপনা কৰোঁ। বাকী এয়া হৈছে
হৰা আৰু জিকাৰ খেল। তোমালোক সন্তানসকলে শ্ৰীমতত চলি এতিয়া মায়া ৰূপী ৰাৱণৰ ওপৰত জয়
লাভ কৰা। পুনৰ আধাকল্পৰ পাছত ৰাৱণৰাজ্য আৰম্ভ হয়। তোমালোক সন্তানসকল এতিয়া
যুদ্ধক্ষেত্ৰত আছা। এইটো বুদ্ধিত ধাৰণ কৰিব লাগে আকৌ অন্যক বুজাব লাগে। অন্ধৰ লাখুটি
হৈ ঘৰৰ ৰাস্তা দেখুৱাই দিব লাগে কিয়নো সকলোৱে সেই ঘৰখনক পাহৰি গৈছে। এনেকৈ কয়ো যে
এয়া হৈছে এখন নাটক। কিন্তু ইয়াৰ আয়ুস লাখ লাখ, হাজাৰ হাজাৰ বুলি কৈ দিয়ে। পিতাই
বুজায় - ৰাৱণে তোমালোকক কিমান অন্ধ (জ্ঞান নেত্ৰহীন) কৰি দিছে। এতিয়া পিতাই সকলো
কথা বুজাই আছে। পিতাকহে জ্ঞানৱান বুলি কোৱা হয়। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ
প্ৰত্যেকৰে অন্তৰৰ কথা জানে। সেয়াতো ৰিদ্ধি-সিদ্ধি (তন্ত্ৰ-মন্ত্ৰ) কৰোঁতাসকলে শিকে
যিয়ে তোমালোকৰ অন্তৰৰ কথা শুনাই দিয়ে। জ্ঞানৱানৰ অৰ্থ এইটো নহয়। এয়াতো পিতাৰহে মহিমা।
তেওঁ জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ। মনুষ্যইতো কৈ দিয়ে যে তেওঁ অন্তৰ্যামী। এতিয়া
তোমালোক সন্তানসকলে বুজি পোৱা যে তেওঁতো হৈছে শিক্ষক, আমাক পঢ়ায়। তেওঁ আত্মিক পিতাও
হয়, আত্মিক সৎগুৰুও হয়। সেই পাৰ্থিৱ (লৌকিকৰ) শিক্ষকসকল হৈছে গুৰু, সেয়াও বেলেগ
বেলেগ, তিনিওগৰাকী এজনেই হ’ব নোৱাৰে। অৱশ্যে কেতিয়াবা কোনোবা পিতা শিক্ষকো হয়।
গুৰুতো হ’ব নোৱাৰে। তেওঁতো তথাপিও মনুষ্যই হয়। ইয়াততো সেই পৰম আত্মা পৰমপিতা
পৰমাত্মাই পঢ়ায়। আত্মাক পৰমাত্মা বুলি কোৱা নহয়। এয়াও কোনেও বুজি নাপায়। এনেকৈ কয়
যে পৰমাত্মাই অৰ্জুনক সাক্ষাৎকাৰ কৰালে তেতিয়া তেওঁ ক’লে বন্ধ কৰা, বন্ধ কৰা মই
ইমান তীব্ৰতা সহ্য কৰিব নোৱাৰোঁ। এনেকৈ শুনা বাবে ভাবি লয় পৰমাত্মা বৰ তেজোময়। আগতে
বাবাৰ ওচৰলৈ আহিলে তেতিয়া সক্ষাৎকাৰত গুচি গৈছিল। কৈছিল বন্ধ কৰক, বন্ধ কৰক, বহুত
তীব্ৰতা, মই সহ্য কৰিব নোৱাৰোঁ। যিবোৰ শুনিছে বুদ্ধিত তাৰেই ভাৱনা থাকে। পিতাই কয় -
যিয়ে যি ভাৱনাৰে মোক স্মৰণ কৰে, মই তেওঁৰ ভাৱনা পূৰ্ণ কৰিব পাৰোঁ। কোনোবা গণেশৰ
পূজাৰী হ’লে তেতিয়া তেওঁক গণেশৰ সাক্ষাৎকাৰ কৰাম। সাক্ষাৎকাৰ হ’লে বুজি লয় বচ্
মুক্তিধাম পাই গ’লোঁ। কিন্তু নহয়, মুক্তিধামলৈতো কোনেও যাব নোৱাৰে। নাৰদৰো উদাহৰণ
আছে। তেওঁ ভক্তৰ শিৰোমণি বুলি গায়ন আছে। তেওঁ সুধিলে - মই লক্ষ্মীক বৰণ কৰিব পাৰিমনে
তেতিয়া ক’লে নিজৰ চেহেৰাতো চাই লোৱা। ভক্ত মালাও থাকে। নাৰীৰ ভিতৰত মীৰা আৰু পুৰুষৰ
ভিতৰত নাৰদ মুখ্য হিচাপে গায়ন আছে। ইয়াত আকৌ জ্ঞানত মুখ্য শিৰোমণি হৈছে সৰস্বতী।
ক্ৰমানুসৰিতো হয়েই নহয়।
পিতাই বুজায় - মায়াৰ
পৰা বহুত সাৱধান হৈ থাকিব লাগে। মায়াই এনেকুৱা ওলোটা কাম কৰাই দিব যাৰ বাবে পাছত
অন্তিম সময়ত বহুত কান্দিব, অনুতাপ কৰিব লাগিব - ভগৱান আহিল আৰু মই উত্তৰাধিকাৰ ল’ব
নোৱাৰিলোঁ! তেতিয়া প্ৰজাৰ ভিতৰতো গৈ দাস-দাসী হ’ব। পাছত পঢ়াতো পূৰা হৈ যাব, তেতিয়া
বহুত অনুতাপ কৰিব লাগিব সেয়েহে পিতাই প্ৰথমৰ পৰাই বুজাই দিয়ে যে পাছত যাতে অনুতাপ
কৰিবলগীয়া নহয়। যিমানে পিতাক স্মৰণ কৰি থাকিবা তেতিয়া যোগ অগ্নিৰ দ্বাৰা পাপ ভস্ম
হ’ব। আত্মা সতোপ্ৰধান আছিল পুনৰ তাত খাদ (বিকাৰৰ লেপ) পৰি পৰি তমোপ্ৰধান হৈ গ’ল।
সোণালী, ৰূপালী, তাম্ৰ, লৌহ… নামো আছে। এতিয়া লৌহ যুগৰ পৰা তোমালোক স্বৰ্ণীম যুগলৈ
যাব লাগে। পৱিত্ৰ নোহোৱাকৈ আত্মাসকল যাব নোৱাৰে। সত্যযুগত পৱিত্ৰতা আছিল সেয়েহে
শান্তি, সমৃদ্ধিও আছিল। ইয়াত পৱিত্ৰতা নাই, সেয়ে শান্তি, সমৃদ্ধিও নাই। ৰাতি-দিনৰ
পাৰ্থক্য আছে। সেয়েহে পিতাই বুজায় - এই শৈশৱৰ দিনবোৰ পাহৰি নাযাবা। পিতাই তুলি লৈছে
নহয়। ব্ৰহ্মাৰ দ্বাৰা তুলি লয়, এয়া হৈছে তোলনীয়া কৰি লোৱা। স্ত্ৰীক তুলি লোৱা হয়।
বাকী সন্তানসকলক আকৌ ৰচনা কৰা হয়। স্ত্ৰীক ৰচনা কৰা বুলি কোৱা নহয়। এই পিতায়ো তুলি
লয় যে তোমালোক মোৰ সেইসকল সন্তানেই হোৱা যিসকলক কল্প পূৰ্বে তুলি লৈছিলোঁ। তোলনীয়া
সন্তানসকলেহে পিতাৰ পৰা উত্তৰাধিকাৰ পায়। আটাইতকৈ উচ্চ পিতাৰ পৰা আটাইতকৈ উচ্চ
উত্তৰাধিকাৰ পোৱা যায়। তেওঁ হয়েই ভগৱান তাৰপাছত দ্বিতীয় নম্বৰত লক্ষ্মী-নাৰায়ণ
সত্যযুগৰ মালিক। এতিয়া তোমালোক সত্যযুগৰ মালিক হ'বলৈ গৈ আছা। এতিয়া সম্পূৰ্ণ হোৱা
নাই, হ'বলৈ গৈ আছা।
পাৱন হৈ পাৱন কৰি তোলা,
এয়াই হৈছে আত্মিক সঁচা সেৱা। তোমালোকে এতিয়া আত্মিক সেৱা কৰা সেয়েহে তোমালোক বহুত
উচ্চ। শিৱবাবাই পতিতক পাৱন কৰি তোলে। তোমালোকেও পাৱন কৰি তোলা। ৰাৱণে কিমান তুচ্ছ
বুদ্ধিৰ কৰি দিলে। এতিয়া পিতাই পুনৰ লায়ক কৰি বিশ্বৰ মালিক কৰি তোলে। এনেকুৱা পিতাক
আকৌ শিল পাথৰত আছে বুলি কেনেকৈ ক'ব পাৰা? পিতাই কয় - এই খেলখন ৰচি থোৱা আছে। কল্পৰ
পাছত আকৌ এনেকুৱা হ'ব। এতিয়া ড্ৰামাৰ পৰিকল্পনা অনুসৰি মই তোমালোকক বুজাবলৈ আহিছোঁ।
এই ক্ষেত্ৰত অলপো হীনডেঢ়ি হ'ব নোৱাৰে। পিতাই এক চেকেণ্ডো দেৰি কৰিব নোৱাৰে। যেনেকৈ
বাবাৰ অৱতৰণ হয়, তেনেকৈ তোমালোক সন্তানসকলৰো অৱতৰণ হয়, তোমালোক অৱতৰিত হোৱা। আত্মা
ইয়ালৈ আহি পুনৰ সাকাৰত ভূমিকা পালন কৰে, ইয়াকে অৱতৰণ বুলি কোৱা হয়। ভূমিকা পালন
কৰিবলৈ ওপৰৰ পৰা তললৈ আহিছে। পিতাৰো দিব্য, অলৌকিক জন্ম হয়। পিতাই নিজেই কয় - মই
প্ৰকৃতিৰ আধাৰ ল’বলগীয়া হয়। মই এই শৰীৰত প্ৰৱেশ কৰোঁ। এয়া হৈছে মোৰ নিৰ্ধাৰিত কৰি
থোৱা শৰীৰ। এইখন বহুত ডাঙৰ আচৰিত খেল। এইখন নাটকত প্ৰত্যেকৰে ভূমিকা নিৰ্ধাৰিত হৈ
আছে যিটো পালন কৰিয়েই থাকে। 21 জন্মৰ ভূমিকা পুনৰ এনেকৈয়ে পালন কৰিব। তোমালোকে
স্পষ্ট জ্ঞান পাইছা সেয়াও পুৰুৰ্ষাথৰ ক্ৰম অনুসৰি। বাবাই মহাৰথীসকলৰ মহিমাতো কৰি
থাকে নহয়। এয়া যি দেখুৱায় যে পাণ্ডৱ আৰু কৌৰৱৰ যুদ্ধ হ'ল, এই সকলোবোৰ হৈছে মনে সজা
কথা। এতিয়া তোমালোকে বুজি পোৱা যে সেয়া হ’ল পাৰ্থিৱ দ্বৈত হিংসক, তোমালোক হৈছা
আত্মিক দ্বৈত অহিংসক। বাদশ্বাহী ল’বলৈ চোৱা তোমালোক সকলো কেনেকৈ বহি আছা। এইটো জানা
যে পিতাৰ স্মৃতিৰ দ্বাৰা বিকৰ্ম বিনাশ হ’ব। এইটোৱে চিন্তন চলি আছে। স্মৰণ কৰাতেই
গোটেই পৰিশ্ৰম কৰিবলগীয়া হয় সেইকাৰণে ভাৰতৰ প্ৰাচীন যুগৰ গায়ন আছে। সেই বাহিৰৰ
লোকসকলেও এই ভাৰতৰ প্ৰাচীন যোগ শিকিব বিচাৰে। এনেকৈ ভাবে যে সন্ন্যাসী লোকসকলে আমাক
এই যোগ শিকাব। বাস্তৱত তেওঁলোকে একোৱেই নিশিকায়। তেওঁলোকৰ সন্ন্যাস হৈছে হঠযোগৰ।
তোমালোক হৈছা প্ৰবৃত্তি মাৰ্গৰ। তোমালোকৰ আৰম্ভণিতে ৰাজ্য আছিল। এতিয়া অন্ত হ’ল।
এতিয়াতো হৈছে পঞ্চায়তী ৰাজ্য। সৃষ্টিততো অন্ধকাৰ বহুত আছে। তোমালোকে জানা এতিয়াতো
অনাহকতে তেজেৰে ৰাঙলী খেল হ’ব। এয়াও এবিধ খেল দেখুৱায়, এয়াতো বেহদৰ কথা, কিমান
ৰক্তপাত হ’ব। প্ৰাকৃতিক দুৰ্যোগ হ’ব। সকলোৰে মৃত্যু হ’ব। ইয়াকে অনাহকতে তেজেৰে ৰাঙলী
হোৱা বুলি কোৱা হয়। এয়া চাবলৈ বহুত সাহস লাগে। ভয়াতুৰসকল ততালিকে বেহুঁচ হৈ যাব, এই
ক্ষেত্ৰত বহুত নিৰ্ভীকতা লাগে। তোমালোকতো শিৱ শক্তি হোৱা নহয়। শিৱবাবা হৈছে
সৰ্বশক্তিমান, আমি তেওঁৰ পৰা শক্তি আহৰণ কৰোঁ, পতিতৰ পৰা পাৱন হোৱাৰ যুক্তি পিতাইহে
শুনায়। পিতাই একেবাৰে সহজ মত দিয়ে - সন্তানসকল, তোমালোক সতোপ্ৰধান আছিলা, এতিয়া
তমোপ্ৰধান হৈ গ’লা, এতিয়া পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোক পতিতৰ পৰা পাৱন
সতোপ্ৰধান হৈ যাবাগৈ। আত্মা পিতাৰ সৈতে যোগযুক্ত হ’ব লাগে তেতিয়া পাপ ভস্ম হৈ যাব।
হৰ্তা-কৰ্তাও পিতাই হয়। চিত্ৰত দেখুৱায় - বিষ্ণুৰ নাভীৰ পৰা ব্ৰহ্মাৰ আবিৰ্ভাৱ হ’ল।
তেওঁৰ দ্বাৰা সকলো শাস্ত্ৰ বেদৰ ৰহস্য বুজালে। এতিয়া তোমালোকে জানা ব্ৰহ্মাই বিষ্ণু,
বিষ্ণুৱেই ব্ৰহ্মা হয়। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে আকৌ যি স্থাপনা কৰা হ’ল তাৰ
প্ৰতিপালনো নিশ্চয় নকৰিব জানো। এই সকলোবোৰ ভালদৰে বুজোৱা হয়, যিসকলে বুজি পায়
তেওঁলোকৰ এইটো খেয়াল থাকিব যে এই আত্মিক জ্ঞান কেনেকৈ সকলোকে দিয়া যায়। আমাৰ ওচৰত
ধন আছে যেতিয়া কিয় সেৱাকেন্দ্ৰ নোখোলোঁ। পিতাই কয় - বাৰু, ভাড়াঘৰ লৈ লোৱা, তাত
হস্পিতাল তথা বিশ্ব বিদ্যালয় খোলা। যোগৰ দ্বাৰা মুক্তি, জ্ঞানৰ দ্বাৰা জীৱনমুক্তি।
তোমালোকে দ্বৈত উত্তৰাধিকাৰ পোৱা। ইয়াত কেৱল 3 পদ ভূমি লাগে, আৰু একো নালাগে। ঈশ্বৰ
পিতাৰ বিশ্ব বিদ্যালয় খোলা। বিশ্ব বিদ্যালয় বা ইউনিভাৰচিটি, কথাতো একেটাই হ’ল। এয়া
মনুষ্যৰ পৰা দেৱতা হোৱাৰ কিমান ডাঙৰ ইউনিভাৰচিটি। তেওঁলোকে সুধিব, আপোনালোকৰ খৰচ
পাতি কেনেকৈ চলে? হেৰ’, বি.কে.ৰ পিতাৰ ইমানবোৰ সন্তান আছে, আপোনালোকে সুধিবলৈ আহিছে!
ফলকত চাওঁক কি লিখা আছে? বৰ আচৰিত জ্ঞান। পিতাও আচৰিত নহয় জানো। বিশ্বৰ মালিক
তোমালোক কেনেকৈ হোৱা? শিৱবাবাক শ্ৰী শ্ৰী বুলি কোৱা হ’ব কিয়নো তেওঁ উচ্চতকৈও উচ্চ।
লক্ষ্মী-নাৰায়ণক কোৱা হ’ব শ্ৰী লক্ষ্মী, শ্ৰী নাৰায়ণ। এই সকলোবোৰ ভালদৰে ধাৰণ
কৰিবলগীয়া কথা। পিতাই কয় - মই তোমালোকক ৰাজযোগ শিকাওঁ। এয়া হ’ল সঁচা অমৰ কথা। কেৱল
এগৰাকী পাৰ্ৱতীকে জানো অমৰ কথা শুনাইছিল। কিমান অনেক মনুষ্য অমৰনাথলৈ যায়। তোমালোক
সন্তানসকল পিতাৰ ওচৰলৈ পুনৰুজ্জীৱিত হ’বলৈ আহিছা। আকৌ সকলোকে বুজাব লাগে, ইয়াৰ পৰা
গৈ পুনৰুজ্জীৱিত কৰিব লাগে, সেৱাকেন্দ্ৰ খুলিব লাগে। পিতাই কয় - কেৱল 3 পদ ভূমি লৈ
হস্পিতাল তথা ইউনিভাৰচিটি খুলি গৈ থাকা তেতিয়া বহুতৰে কল্যাণ হ’ব। এই ক্ষেত্ৰত খৰচতো
একোৱেই নাই। স্বাস্থ্য, সম্পদ আৰু সুখ এক চেকেণ্ডত পোৱা যায়। সন্তান জন্ম হ’ল আৰু
উত্তৰাধিকাৰী হ’ল। তোমালোকৰো নিশ্চয় জন্মিল আৰু বিশ্বৰ মালিক হ’লা। বাকী সকলো
পুৰুষাৰ্থৰ ওপৰত নিৰ্ভয় কৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অন্তিমৰ
অনাহকতে হোৱা তেজেৰে ৰাঙলী দৃশ্যাৱলী চাবলৈ বহুত বহুত নিৰ্ভীক, শিৱ শক্তি হ’ব লাগে।
সৰ্বশক্তিমান পিতাৰ স্মৃতিৰে শক্তি আহৰণ কৰিব লাগে।
(2) পাৱন হৈ, পাৱন কৰি
তোলাৰ সঁচা আত্মিক সেৱা কৰিব লাগে। দ্বৈত অহিংসক হ’ব লাগে। অন্ধৰ লাখুটি হৈ সকলোকে
ঘৰৰ ৰাস্তা দেখুৱাব লাগে।
বৰদান:
‘মই’ আৰু
‘মোৰ’ বোধ সমাপ্ত কৰি সমানতা বা সম্পূৰ্ণতাৰ অনুভৱ কৰোঁতা সঁচা ত্যাগী হোৱা
প্ৰতিটো চেকেণ্ডত,
প্ৰতিটো সংকল্পত যাতে ‘বাবা’ ‘বাবা’ স্মৃতি থাকে, ‘মই’ বোধ সমাপ্ত হৈ যাওঁক, যেতিয়া
‘মই’ নাই তেন্তে মোৰো নাই। মোৰ স্বভাৱ, মোৰ সংস্কাৰ, মোৰ প্ৰকৃতি, মোৰ কাম বা
কৰ্তব্য, মোৰ নাম, মোৰ সম্ভ্ৰম… যেতিয়া এই ‘মই’ আৰু ‘মোৰ’ বোধ সমাপ্ত হৈ যায় তেন্তে
এয়াই সমানতা আৰু সম্পূৰ্ণতা। এই ‘মই’ আৰু ‘মোৰ’ বোধৰ ত্যাগেই অতি উচ্চ সূক্ষ্ম
ত্যাগ। এই ‘মই’ বোধৰ অশ্বক অশ্বমেধ যজ্ঞত স্বাহা কৰা তেতিয়া অন্তিম আহুতি হৈ যাব আৰু
বিজয়ৰ নাগাৰা বাজিব।
স্লোগান:
‘হয়’ বুলি সঁহাৰি জনাই সহযোগৰ হাত আগবঢ়োৱা অৰ্থাৎ আশীবাৰ্দৰ মালা পিন্ধা।
শক্তিশালী মনেৰে
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
মনেৰে শক্তিৰ
প্ৰকম্পন তেতিয়াহে দিব পাৰিবা যেতিয়া নিৰন্তৰ একৰস স্থিতিত স্থিৰ হৈ থকাৰ অভ্যাস
থাকিব। ইয়াৰ বাবে প্ৰথমে ব্যৰ্থ সংকল্পসমূহক শুদ্ধ সংকল্পলৈ পৰিৱৰ্তন কৰা। তাৰপাছত
মায়াৰ দ্বাৰা আহিবলগীয়া অনেক প্ৰকাৰৰ বিঘিনিক ঈশ্বৰীয় স্নেহৰ আধাৰেৰে সমাপ্ত কৰা।
একমাত্ৰ পিতা অন্য কোনো নাই - এইটো পাঠৰ দ্বাৰা একাগ্ৰতাৰ শক্তি বঢ়োৱা।