27.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – পদে
পদে শ্ৰীমতত চলা, নহ’লে মায়াই দেউলীয়া কৰি দিব, এই দুচকুৱে বহুত প্ৰতাৰণা কৰে, ইয়াৰ
পৰা বহুত সাৱধান হোৱা”
প্ৰশ্ন:
কোনসকল
সন্তানৰ দ্বাৰা মায়াই বহুত বিকৰ্ম কৰায়? যজ্ঞত বিঘ্ন ৰূপ কোন হয়?
উত্তৰ:
যিসকলৰ নিজৰ অহংকাৰ থাকে তেওঁলোকৰ দ্বাৰা মায়াই বহুত বিকৰ্ম কৰায়। এনেকুৱা মিথ্যা
অহংকাৰীসকলে মুৰুলীও নপঢ়ে। এনেকুৱা গাফিলতি কৰিলে মায়াই থাপৰ লগাই একেবাৰে মূল্যহীন
কৰি দিয়ে। যজ্ঞত বিঘ্ন ৰূপ তেওঁলোক হয় যাৰ বুদ্ধিত পৰচিন্তনৰ কথা চলি থাকে, এইটো বৰ
বেয়া অভ্যাস।
ওঁম্শান্তি।
আত্মিক
সন্তানসকলক পিতাই বুজাইছে, ইয়াত তোমালোক সন্তানসকল এইটো খেয়ালত নিশ্চয় বহিব লাগে -
এওঁ পিতাও হয়, শিক্ষকো হয়, পৰম গুৰুও হয় আৰু এইটোও অনুভৱ কৰা যে পিতাক স্মৰণ কৰি কৰি
পৱিত্ৰ হৈ পৱিত্ৰধামত উপস্থিত হ’মগৈ। পিতাই বুজাইছে - পৱিত্ৰধামৰ পৰাই তোমালোক তললৈ
আহিছা। প্ৰথমতে তোমালোক সতোপ্ৰধান আছিলা, পাছত সতো-ৰজো-তমোত আহিছা। এতিয়া তোমালোকে
বুজি পোৱা যে আমি অৱনমিত হৈছোঁ। যদিও তোমালোক সংগমযুগত আছা, কিন্তু জ্ঞানেৰে
তোমালোকে এইটো জানা যে আমি কাষৰীয়া হৈ গৈছোঁ। যদি আমি শিৱবাবাৰ স্মৃতিত থাকোঁ তেন্তে
শিৱালয় দূৰৈত নাই। শিৱবাবাক যদি স্মৰণেই নকৰা তেন্তে শিৱালয় বহুত দূৰৈত। শাস্তি
খাবলগীয়া হয় নহয় সেয়েহে বহুত দূৰৈত হৈ যায়। গতিকে পিতাই সন্তানসকলক বৰ বেছি কষ্ট
নিদিয়ে। এটাতো বাৰে বাৰে কৈ থাকে - মন, বচন আৰু কৰ্মৰে পৱিত্ৰ হ’ব লাগে। এই
দুচকুৱেও বহুত প্ৰতাৰণা কৰে। সাৱধানে চলিবলগীয়া হয়।
পিতাই বুজাইছে -
ধ্যান আৰু যোগ একেবাৰে বেলেগ। যোগ অৰ্থাৎ স্মৃতি। চকু মেলিও স্মৰণ কৰিব পাৰা।
ধ্যানক যোগ বুলি কোৱা নহয়। ধ্যানত গ’লে তাক যোগ বুলিও নকয়, স্মৰণ কৰা বুলিও নকয়।
ধ্যানত যোৱাসকলৰ ওপৰত মায়ায়ো বহুত প্ৰহাৰ কৰে, সেইবাবে এই ক্ষেত্ৰত বহুত সাৱধানে
থাকিবলগীয়া হয়। পিতাই দিয়া নিয়ম অনুসৰি স্মৃতিত থাকিব লাগে। নিয়মৰ বিৰুদ্ধে কোনো
কাম কৰিলে তেতিয়া মায়াই একেবাৰে অধঃপতিত কৰি দিব। ধ্যানৰতো কেতিয়াও ইচ্ছাও থাকিব
নালাগে, ইচ্ছা মাত্ৰম্ অবিদ্যা (ইচ্ছাৰ বিষয়ে অজ্ঞ)। তোমালোকে কোনো ইচ্ছা ৰাখিব
নালাগে। পিতাই তোমালোকৰ সকলো কামনা নিবিচাৰাকৈয়ে পূৰ্ণ কৰি দিয়ে, যদিহে পিতাৰ আজ্ঞা
অনুসৰি চলা। যদি পিতাৰ আজ্ঞা উলংঘন কৰি ওলোটা ৰাস্তা লোৱা তেতিয়া হয়তো স্বৰ্গলৈ
যোৱাৰ সলনি নৰকত অধঃপতিত হৈ যাবা। গায়নো আছে ঘঁৰিয়ালে হাতীক খালে। বহুতক জ্ঞান
দিওঁতা, ভোগ আগবঢ়াওঁতা আজি নাই কিয়নো নিয়মৰ উলংঘন কৰে গতিকে একেবাৰে মায়াবী হৈ যায়।
দেৱতা হ’বলৈ গৈ অসুৰ হৈ যায় সেইবাবে এইটো মাৰ্গত বহুত সাৱধান হ’ব লাগে। নিজৰ ওপৰত
নিয়ন্ত্ৰণ ৰাখিবলগীয়া হয়। পিতাইতো সন্তানসকলক সাৱধান কৰি দিয়ে। শ্ৰীমত উলংঘন কৰিব
নালাগে। আসুৰিক মতত চলাৰ বাবেই তোমালোকৰ অধোগামী কলা হৈছে। ক’ৰপৰা একেবাৰে ক’ত আহি
গ’লা। একেবাৰে তলত আহি পালা। এতিয়াও যদি শ্ৰীমতত নচলা, অমনোযোগী হোৱা তেন্তে
পদভ্ৰষ্ট হৈ যাবা। বাবাই কালিও বুজালে যে শ্ৰীমতৰ আধাৰৰ বাহিৰত কিবা কৰিলে তেন্তে
তাৰ দ্বাৰা বহুত অহিত কৰে। শ্ৰীমতৰ বাহিৰত কৰিলে অধঃপতিতেই হৈ যাবা। পিতাই আৰম্ভণিৰ
পৰাই মাতাসকলক নিমিত্ত কৰি ৰাখিছে কিয়নো কলহো মাতাসকলেই পায়। ‘বন্দে মাতৰম্’ বুলি
গায়ন কৰা হৈছে। বাবায়ো মাতাসকলৰ এখন সমিতি গঠন কৰিলে। সকলো তেওঁলোকক হস্তান্তৰ কৰি
দিলে। কন্যাসকল বিশ্বাসপাত্ৰ হয়। পুৰুষ সাধাৰণতে দেউলীয়া হয়। সেয়েহে পিতায়ো কলহ
মাতাসকলৰ হাতত দিয়ে। এই জ্ঞানমাৰ্গত মাতাসকলো দেউলীয়া হ’ব পাৰে। যিসকল পদমাপদম
ভাগ্যশালী হ’বলগীয়া আছে তেওঁলোকেও মায়াৰ ওচৰত পৰাজিত হৈ দেউলীয়া হ’ব পাৰে। ইয়াত
স্ত্ৰী-পুৰুষ দুয়ো দেউলীয়া হ’ব পাৰে। তাত কেৱল পুৰুষ দেউলীয়া হয়। ইয়াততো চোৱা কিমান
পৰাজিত হৈ গুচি গ’ল, দেউলীয়া হৈ গ’ল নহয়। পিতাই বহি বুজায় - ভাৰতবাসী পূৰা দেউলীয়া
হৈ গৈছে। মায়া কিমান শক্তিশালী। বুজিব নোৱাৰে যে আমি কি আছিলোঁ? ক’ৰ পৰা একেবাৰে
তলত আহি পৰিলোঁহি! ইয়াতো আৰোহণ কৰি কৰি আকৌ শ্ৰীমত পাহৰি নিজৰ মতত চলে তেতিয়া
দেউলীয়া হৈ যায়। তেন্তে কোৱা তেওঁলোকৰ কি অৱস্থা হ’ব? তেওঁলোকতো (লৌকিকত) দেউলীয়া
হয় পুনৰ 5-7 বছৰৰ পাছত থিয় হৈ অৰ্থাৎ অৱস্থাৰ উন্নতি হৈ যায়। ইয়াততো 84 জন্মৰ বাবে
দেউলীয়া হৈ যায়। তেতিয়া উচ্চ পদ লাভ কৰিব নোৱাৰে, দেউলীয়া হৈয়েই থাকে। কিমান মহাৰথী
আছিল যিয়ে আনৰ উৎকৰ্ষ সাধন কৰাইছিল, আজি তেওঁলোক নাই। দেউলীয়া হৈ আছে। ইয়াত উচ্চ
পদতো বহুত আছে, কিন্তু সাৱধান নহ’লে ওপৰৰ পৰা একেবাৰে তলত গৈ পৰিব। মায়াই গিলি
পেলায়। সন্তানসকল বহুত সাৱধান হ’ব লাগে। নিজৰ মতত সমিতি আদি গঠন কৰা, এইবোৰত একো
লাভ নাই। পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তোলা - যাৰ দ্বাৰাহে সতোপ্ৰধান হ’ব লাগে।
পিতাৰ হৈ আকৌ যদি পিতাৰ সৈতে যোগসূত্ৰ গঢ়ি নোতোলে, শ্ৰীমত উলংঘন কৰে তেতিয়া একেবাৰে
অধঃপতিত হৈ যায়। সংযোগেই বিচ্ছিন্ন হৈ যায়। যোগসূত্ৰই ছিঙি যায়। সংযোগ বিচ্ছিন্ন হৈ
গ’লে পৰীক্ষা কৰিব লাগে যে মায়াই মোক ইমান অশান্ত কিয় কৰে। চেষ্টা কৰি পিতাৰ সৈতে
যোগসূত্ৰ গঢ়ি তুলিব লাগে। নহ’লে বেটাৰী শক্তিৰে ভৰপূৰ কেনেকৈ হ’ব। বিকৰ্ম কৰিলে
বেটাৰী শক্তিহীন হৈ যায়। উচ্চলৈ উঠি উঠি বাগৰি পৰে। জানা যে এনেকুৱা বহুত আছে।
আৰম্ভণিত কিমান আহি বাবাৰ হ’ল। ভাতীত আহিল কিন্তু আজি আছে ক’ত? অধঃপতিত হৈ গ’ল কিয়নো
পুৰণি জগত স্মৃতিলৈ আহিল। এতিয়া পিতাই কয় - মই তোমালোকক বেহদৰ বৈৰাগ্য জন্মাই আছোঁ।
এই পুৰণি পতিত জগতৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। অন্তৰৰ আকৰ্ষণ ৰাখা স্বৰ্গৰ
প্ৰতি, পৰিশ্ৰম আছে। যদি এই লক্ষ্মী-নাৰায়ণ হ’ব বিচৰা তেন্তে পৰিশ্ৰম কৰিব লাগিব।
বুদ্ধিৰ যোগসূত্ৰ এজন পিতাৰ সৈতে থাকিব লাগে। পুৰণি জগতৰ প্ৰতি বৈৰাগ্য। বাৰু, পুৰণি
জগতক পাহৰি যাবা এইটোতো ঠিকেই। কিন্তু স্মৰণ কাক কৰিবা? শান্তিধাম-সুখধামক। যিমান
সম্ভৱ উঠোঁতে-বহোঁতে, চলোঁতে-ফুৰোঁতে পিতাক স্মৰণ কৰা। বেহদ সুখৰ স্বৰ্গক স্মৃতিত
ৰাখা। এইটোতো একেবাৰে সহজ। যদি এই দুটা আশাৰ বিপৰীতে চলে তেন্তে পদ ভ্ৰষ্ট হৈ যায়।
তোমালোক ইয়ালৈ আহিছাই নৰৰ পৰা নাৰায়ণ হ’বৰ বাবে। সকলোকে কোৱা যে তমোপ্ৰধানৰ পৰা
সতোপ্ৰধান হ’ব লাগে কিয়নো ওভতনি যাত্ৰা হয়। বিশ্বৰ বুৰঞ্জী-ভূগোলৰ পুনৰাবৃত্তি মানে
নৰকৰ পৰা স্বৰ্গ, আকৌ স্বৰ্গৰ পৰা নৰক। এই চক্ৰ ঘূৰিয়েই থাকে। পিতাই কৈছে - ইয়াত
স্বদৰ্শন চক্ৰধাৰী হৈ বহা। এইটো স্মৃতিত থাকা, আমি কিমানবাৰ এই চক্ৰ পৰিক্ৰমা লগাইছোঁ।
আমি স্বদৰ্শন চক্ৰধাৰী হওঁ, এতিয়া পুনৰ দেৱতা হওঁগৈ। জগতত কোনেও এইটো ৰহস্য নাজানে।
এই জ্ঞান দেৱতাসকলকতো শুনাব নালাগে। তেওঁলোকতো হয়েই পৱিত্ৰ। তেওঁলোকৰ জ্ঞান নাই যে
শংখ বজাব। পৱিত্ৰও হয় সেইবাবে তেওঁলোকক প্ৰতীক দিয়াৰ দৰকাৰেই নাই। প্ৰতীক তেতিয়া হয়
যেতিয়া দুয়ো একেলগে চতুৰ্ভুজ হয়। তোমালোককো নিদিয়ে কিয়নো তোমালোক আজি দেৱতা আকৌ
কাইলৈ অৱনমিত হৈ যোৱা। মায়াই অৱনমিত কৰি দিয়ে নহয়। পিতাই দেৱতা কৰি গঢ়ি তোলে, মায়াই
আকৌ অসুৰ কৰি দিয়ে। অনেক প্ৰকাৰেৰে মায়াই পৰীক্ষা লয়। পিতাই যেতিয়া বুজায় তেতিয়া গম
পোৱা যায়। সঁচাকৈয়ে মোৰ অৱস্থা অৱনমিত হৈ আছে। কিমান আছে যিসকলে নিজৰ সকলো শিৱবাবাৰ
ভঁৰালত জমা কৰে তথাপিও মায়াৰ ওচৰত পৰাজিত হৈ যায়। শিৱবাবাৰ হৈ যোৱা তেন্তে আকৌ পাহৰি
কিয় যোৱা, ইয়াত যোগৰ যাত্ৰা হৈছে মুখ্য। যোগৰ দ্বাৰাই পৱিত্ৰ হ’ব লাগে। জ্ঞানৰ লগতে
পৱিত্ৰতাও লাগে। তোমালোকে আহ্বানো জনোৱা - বাবা আমাক আহি পাৱন কৰি তোলক, যাতে আমি
স্বৰ্গলৈ যাব পাৰোঁ। স্মৃতিৰ যাত্ৰা হয়েই পৱিত্ৰ হৈ উচ্চ পদ লাভ কৰিবৰ বাবে। যিসকল
গুচি যায় তেওঁলোকে তথাপিও কিবা নহয় কিবা শুনিছে গতিকে নিশ্চয় শিৱালয়লৈ আহিব। লাগিলে
পদ যেনেকুৱাই নাপাওক কিন্তু নিশ্চয় আহিব। এবাৰো যদি স্মৰণ কৰে তেন্তে স্বৰ্গলৈ আহি
যাব, কিন্তু উচ্চ পদ লাভ নকৰে। স্বৰ্গৰ নাম শুনি আনন্দিত হ’ব নালাগে। অনুত্তীৰ্ণ হৈ
পা-পইচাৰ পদ পোৱাতে আনন্দিত হ’ব নালাগে। যদিও স্বৰ্গ কিন্তু তাত পদতো বহুত আছে নহয়।
উপলব্ধিতো হয় নহয় যে মই চাকৰ, মেতৰ। অন্তিমত তোমালোকৰ সকলো সাক্ষাৎকাৰ হ’ব - মই কি
হ’মগৈ, মোৰ দ্বাৰা কি বিকৰ্ম হ’ল যাৰ বাবে এনেকুৱা অৱস্থা হ’ল? মই মহাৰাণী কিয় নহ’লো?
পদে পদে সাৱধানে চলিলে তোমালোক পদমপতি হ’ব পাৰা। সাৱধান নহ’লে পদমপতি হ’ব নোৱাৰিবা।
মন্দিৰত দেৱতাসকলৰ পদমপতিৰ প্ৰতীক দেখুৱায়। পাৰ্থক্যতো বুজিব পাৰে নহয়। পদমৰ্যাদাৰো
বহুত পাৰ্থক্য আছে। এতিয়াও চোৱা পদমৰ্যাদা কিমান আছে। কিমান জাকজমকতা থাকে। হয়তো
অল্পকালৰ সুখ। সেয়েহে পিতাই এতিয়া কয় - এই উচ্চ পদ যদি পাব বিচৰা যাৰ বাবে সকলোৱে
হাত দাঙা তেন্তে পুৰুষাৰ্থ কৰিব লাগে। হাত দঙাসকলো নিজে শেষ হৈ যায়। ক’ব যে এওঁ
দেৱতা হ’বলগীয়া আছিল। পুৰুষাৰ্থ কৰি কৰি শেষ হৈ গ’ল। হাত দাঙা সহজ। বহুতকে বুজোৱাও
সহজ, মহাৰথী বুজায়ো নোহোৱা হৈ যায়। আনৰ কল্যাণ কৰি নিজে নিজৰ অকল্যাণ কৰি দিয়ে,
সেয়েহে পিতাই বুজায় - সাৱধান হৈ থাকিবা। অন্তৰ্মুখী হৈ পিতাক স্মৰণ কৰিব লাগে। কেনে
ধৰণেৰে? বাবা আমাৰ পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়, আমি নিজৰ মৰমৰ ঘৰলৈ গৈ আছোঁ।
এই সকলো জ্ঞান ভিতৰত থাকিব লাগে। পিতাৰ জ্ঞান আৰু যোগ দুয়োটাই আছে। তোমালোকৰো থাকিব
লাগে। জানে যে শিৱবাবাই পঢ়ায় গতিকে জ্ঞানো হ’ল, স্মৰণ কৰাও হ’ল। জ্ঞান আৰু যোগ
দুয়োটা একেলগে চলে। এনেকুৱা নহয় যে যোগত বহি শিৱবাবাক স্মৰণ কৰি থাকিব আৰু জ্ঞান
পাহৰি যাব। পিতাই যোগ শিকায় তেতিয়া যোগ পাহৰি যায় জানো! গোটেই জ্ঞান তেওঁৰ থাকে।
তোমালোক সন্তানসকলৰ এই জ্ঞান থাকিব লাগে। পঢ়িব লাগে। যেনেকুৱা কৰ্ম মই কৰিম মোক দেখি
আনেও কৰিব। মই মুৰুলী নপঢ়িলে আনেও নপঢ়িব। মই যেনেকৈ দুৰ্গতি পাম তেনেকৈ আনেও দুৰ্গতি
পাব। মই আনক অৱনমিত কৰাৰ নিমিত্ত হৈ যাম। বহুত সন্তানে মুৰুলী নপঢ়ে, মিথ্যা অহংকাৰ
আহি যায়। মায়াই ততালিকে প্ৰহাৰ কৰি দিয়ে। পদে পদে শ্ৰীমত লাগে। নহ’লে কিবা নহয় কিবা
বিকৰ্ম হৈ যায়। বহুত সন্তানে ভুল কৰে তেতিয়া সমূলি নাশ হৈ যায়। গাফিলতি হ’লে মায়াই
থাপৰ লগাই একেবাৰে মূল্যহীন কৰি দিয়ে, এই ক্ষেত্ৰত বহুত বোধশক্তি লাগে। অহংকাৰ আহিলে
মায়াই বহুত বিকৰ্ম কৰাই দিয়ে। যেতিয়া কোনো সমিতি আদি গঠন কৰা তেতিয়া তাত মুখিয়াল
হিচাপে এগৰাকী বা দুগৰাকী মহিলা নিশ্চয় থাকিব লাগে, যাৰ ৰায় অনুসৰি কাম-কাজ হ’ব।
কলহতো লক্ষ্মীৰ হাতত ৰখা হয়। গায়নো আছে - অমৃত পান কৰিবলৈ দিওঁতে অসুৰেও বহি পান
কৰিছিল। আকৌ ক’ৰবাত যজ্ঞত বিঘিনিৰ সৃষ্টি কৰে, অনেক প্ৰকাৰৰ বিঘিনি সৃষ্টি কৰোঁতা
আছে। গোটেই দিন বুদ্ধিত পৰচিন্তনৰ কথা চলি থাকে, এইটো বহুত বেয়া কথা। কিবা কথা
থাকিলে পিতাক জনোৱা। শুধৰণি কৰোঁতাতো এজন পিতাই হয়। তোমালোকে নিজৰ হাতত আইন তুলি
নল’বা। তোমালোক পিতাৰ স্মৃতিত থাকা। সকলোকে পিতাৰ পৰিচয় দিয়া তেতিয়া এনেকুৱা হ’ব
পাৰিবা। মায়া বহুত কাঢ়া, কাকোৱে ৰেহাই নিদিয়ে। সদায় পিতালৈ খবৰ লিখিব লাগে।
নিৰ্দেশনা লৈ থাকিব লাগে। এনেয়েতো প্ৰতিটো নিৰ্দেশনা পায়েই থকা যায়। সন্তানসকলে ভাবে
- বাবাইতো নিজেই এই কথাটিৰ ওপৰত বুজাই দিলে গতিকে অন্তৰ্যামী হয়। পিতাই কয় - নহয়,
মইতো জ্ঞান দিওঁ। ইয়াত অন্তৰ্যামীৰতো কথা নাই। অৱশ্যে হয় এইটো জানো যে এয়া সকলো মোৰ
সন্তান। প্ৰত্যেকৰে ভিতৰৰ আত্মা মোৰ সন্তান হয়। বাকী এনেকুৱা নহয় যে পিতা সকলোৰে
মাজত বিৰাজমান। মনুষ্যই ওলোটাকৈ বুজি লয়।
পিতাই কয় - মই জানো
সকলোৰে আসনত আত্মা বিৰাজমান হৈ আছে। এইটোতো কিমান সহজ কথা। তথাপিও পাহৰি পৰমাত্মা
সৰ্বব্যাপী বুলি কৈ দিয়ে। এইটোৱেই একমাত্ৰ ভুল, যাৰ বাবেই ইমান অৱনমিত হৈছে। বিশ্বৰ
মালিক কৰি তোলোঁতাজনক তোমালোকে গালি দিয়া সেয়েহে পিতাই কয় - য়দা য়দাহি……… পিতা ইয়ালৈ
আহে গতিকে সন্তানসকলে ভালদৰে বিচাৰ সাগৰ মন্থন কৰিব লাগে। জ্ঞানৰ ওপৰত বহুত মন্থন
কৰিব লাগে, সময় দিব লাগে তেতিয়া তোমালোকে নিজৰ কল্যাণ সাধন কৰিব পাৰিবা, ইয়াত পইচা
আদিৰো কথা নাই। ভোকততো কোনো মৰিব নোৱাৰে। যিমান যিয়ে পিতাৰ ওচৰত জমা কৰে সিমানেই
ভাগ্য গঢ়ি উঠে। পিতাই বুজাইছে - জ্ঞান আৰু ভক্তিৰ পাছত হৈছে বৈৰাগ্য। বৈৰাগ্য মানে
সকলো পাহৰি যাবলগীয়া হয়। নিজক বিচ্ছিন্ন কৰি দিব লাগে, শৰীৰৰ পৰা মই আত্মা এতিয়া গৈ
আছোঁ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজৰ ওপৰত
বহুত নিয়ন্ত্ৰণ ৰাখিব লাগে। শ্ৰীমতত কেতিয়াও অমনোযোগী হ’ব নালাগে। বহুত সাৱধানে
থাকিব লাগে, কেতিয়াও যাতে কোনো নিয়ম উলংঘন নহয়।
(2) অন্তৰ্মুখী হৈ
একমাত্ৰ পিতাৰ সৈতে বুদ্ধিৰ যোগসূত্ৰ গঢ়িব লাগে। এই পতিত পুৰণি জগতৰ প্ৰতি বেহদৰ
বৈৰাগ্য ৰাখিব লাগে। বুদ্ধিত যাতে থাকে যে যিটো কৰ্ম মই কৰিম মোক দেখি সকলোৱে কৰিব।
বৰদান:
জ্ঞানৰ সাৰ
কথাবোৰ প্ৰতিদিনে পুনৰীক্ষণ কৰি সমাধান স্বৰূপ হওঁতা বেগমপুৰৰ বাদশ্বাহ হোৱা
জ্ঞানৰ সাৰ কথাবোৰ
যিবোৰ দিনলিপিত বা বুদ্ধিত থাকে সেয়া নিতৌ পুনৰীক্ষণ কৰা আৰু সেইবোৰ অনুভৱত আনা
তেতিয়া যিকোনো প্ৰকাৰৰ সমস্যা সহজে সমাধান কৰিব পাৰিবা। কেতিয়াও ব্যৰ্থ সংকল্প ৰূপী
হাতুৰীৰে সমস্যা ৰূপী শিল ভঙাত সময় নষ্ট নকৰিবা। 'ড্ৰামা' শব্দৰ স্মৃতিৰে উচ্চলৈ
জপিয়াই আগবাঢ়া। তেতিয়া এই পুৰণি সংস্কাৰবোৰ তোমালোকৰ দাস হৈ যাব, কিন্তু প্ৰথমে
বাদশ্বাহ হোৱা, আসনধাৰী হোৱা।
স্লোগান:
সকলোকে সন্মান দিয়া মানেই সন্মান লাভ কৰা।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
জীৱন-বন্ধনৰ মাজতেই
জীৱন-মুক্তিৰ অনুভৱ হয়, তাততো জীৱন-বন্ধনৰ কথাই নাই। তাততো কেৱল প্ৰালব্ধত থাকিবা,
মুক্তিধামৰ মুক্তিৰ অনুভৱ যিটো এতিয়া কৰিব পাৰা সেইটো তাত কৰিব নোৱাৰিবা, সেয়েহে
সংগমযুগত মুক্তি-জীৱনমুক্তিৰ অনুভৱ কৰা। উত্তৰাধিকাৰৰ অধিকাৰীতো হৈছা এতিয়া সেয়া
জীৱনত ধাৰণ কৰি সম্পূৰ্ণ লাভ লোৱা।