27.02.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকে এই কৱৰস্থানক পৰিস্তান কৰি আছা, সেইবাবে তোমালোকৰ এই পুৰণি সৃষ্টি,
কৱৰস্থানৰ প্ৰতি পূৰা বৈৰাগ্য জন্মিব লাগে”
প্ৰশ্ন:
বেহদৰ পিতা
নিজৰ আত্মিক সন্তানসকলৰ বিচিত্ৰ সেৱক, কেনেকৈ?
উত্তৰ:
বাবাই কয় - সন্তানসকল মই তোমালোকৰ ধুবী হওঁ, কেৱল তোমালোক সন্তানসকলৰেই নহয় গোটেই
জগতৰে ছিঃ ছিঃ মলিয়ন বস্ত্ৰ চেকেণ্ডত পৰিস্কাৰ কৰি দিওঁ। আত্মা ৰূপী বস্ত্ৰ স্বচ্ছ
হ'লে শৰীৰো শুদ্ধ পোৱা যায়। এনেকুৱা বিচিত্র সেৱক যে ‘মনমনাভৱ’ৰ ছু মন্ত্ৰৰে সকলোকে
চেকেণ্ডত পৰিস্কাৰ কৰি দিয়ে।
ওঁম্শান্তি।
ওঁম্ শান্তিৰ
অৰ্থ সন্তানসকলক পিতাই বুজাইছে। ‘অহম্’ আত্মাৰ স্বধৰ্ম হৈছে শান্তি। শান্তিধামলৈ
যাবৰ কাৰণে কোনো ধৰণৰ পুৰুষাৰ্থ কৰিব নালাগে। আত্মা স্বয়ং শান্ত স্বৰূপ, শান্তিধামৰ
নিবাসী। অৱশ্যে হয় অলপ সময় শান্ত হৈ থাকিব পাৰে। আত্মাই কয় - মই কৰ্মেন্দ্ৰিয়ৰ
বোজাৰ কাৰণে ভাগৰি পৰিছোঁ, মই নিজৰ স্বধৰ্মত স্থিৰ হৈ যাওঁ, শৰীৰৰ পৰা নিলগ হৈ যাওঁ।
কিন্তু কৰ্মতো কৰিবই লাগে। শান্তিত কিমানলৈকে বহি থাকিব। আত্মাই কয় - মই শান্তিৰ
দেশৰ নিবাসী। কেৱল ইয়াত শৰীৰত অহাৰ কাৰণে মই বাণীত আহিছোঁ। ‘অহম্’ আত্মা অবিনাশী,
‘মম’ শৰীৰ হৈছে বিনাশী। আত্মা পাৱন আৰু পতিত হয়। সত্যযুগত 5 তত্বও সতোপ্ৰধান। ইয়াত
5 তত্বও তমোপ্ৰধান। সোণত খাদ পৰিলে সোণ পতিত হৈ যায় পুনৰ তাক পৰিস্কাৰ কৰিবৰ কাৰণে
জুইত পোৰা হয়, ইয়াৰ নামেই হৈছে যোগ অগ্নি। জগতততো অনেক প্ৰকাৰৰ হঠযোগ আদি শিকায়।
তাক যোগ অগ্নি বুলি কোৱা নহয়। এয়া যোগ অগ্নি যাৰ দ্বাৰা পাপ ভস্মীভূত হয়। আত্মাক
পতিতৰ পৰা পাৱন কৰি তোলোঁতাজন হৈছে পৰমাত্মা, আহ্বান জনায় - হে পতিত-পাৱন আহক।
ড্ৰামাৰ পৰিকল্পনা অনুসৰি সকলো পতিত তমোপ্ৰধান হ'বই লাগে। এয়া বৃক্ষ ইয়াৰ বীজ ওপৰত
আছে। পিতাক যেতিয়া আহ্বান জনায়, বুদ্ধি ওপৰলৈ গুচি যায়, যাৰ পৰা তোমালোকে
উত্তৰাধিকাৰ লৈ আছা, যিজন এতিয়া তললৈ আহিছে। তেওঁ কয় - মই আহিবলগীয়া হয়। মনুষ্য
সৃষ্টিৰ যি বৃক্ষ, অনেক ভিন্ন ধৰ্মৰ, সেয়া এতিয়া তমোপ্ৰধান পতিত। জৰ্জৰিত অৱস্থা
পাইছে। পিতাই বহি সন্তানসকলক বুজায়। সত্যযুগত দেৱতা, কলিযুগত হৈছে অসুৰ। বাকী অসুৰ
আৰু দেৱতাসকলৰ যুদ্ধ লগা নাছিল। তোমালোকে এই আসুৰিক 5 বিকাৰৰ ওপৰত যোগবলেৰে বিজয়
প্ৰাপ্ত কৰা। বাকী কোনো হিংসাত্মক যুদ্ধৰ কথা নাই। তোমালোকে কোনো প্ৰকাৰৰ হিংসা নকৰা।
কেতিয়াও কাকো হাতো নলগোৱা। তোমালোক দ্বৈত অহিংসক। কাম-কটাৰী চলোৱা, এইটোতো সকলোতকৈ
ডাঙৰ পাপ। পিতাই কয় - এই কাম-কটাৰীয়ে আদি-মধ্য-অন্ত দুখ দিয়ে। বিকাৰগ্ৰস্ত হ’ব
নালাগে। দেৱতাসকলৰ আগত মহিমা গায় নহয় - আপুনি সৰ্বগুণ সম্পন্ন.....। আত্মাই কয় – মই
পতিত হৈ গ’লোঁ, সেইবাবেতো আহ্বান জনায় - হে পতিত-পাৱন আহক। যেতিয়া পাৱন হৈ থাকে
তেতিয়াতো কাকো আহ্বান নজনায়। তাক স্বৰ্গ বুলি কোৱা হয়। ইয়াততো সাধু-সন্ত আদিয়ে
কিমান গায়ন কৰি থাকে - হে পতিত-পাৱন সীতাৰাম.....। পিতাই কয় - এই সময়ত গোটেই সৃষ্টি
পতিত, ইয়াতো কাৰো দোষ নাই। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত। যেতিয়ালৈকে মই নাহোঁ,
এওঁলোকে নিজৰ ভূমিকা পালন কৰিবই লাগে। জ্ঞান আৰু ভক্তি তাৰপাছত বৈৰাগ্য। পুৰণি
সৃষ্টিৰ প্ৰতি বৈৰাগ্য। এয়া হৈছে বেহদৰ বৈৰাগ্য। তেওঁলোকৰ হৈছে হদৰ বৈৰাগ্য।
তোমালোকে জানা এই
পুৰণি সৃষ্টি এতিয়া নাশ হ'ব। নতুন ঘৰ নিৰ্মাণ কৰে তেতিয়া পুৰণি ঘৰৰ প্ৰতি বৈৰাগ্য
জন্মি যায় নহয়। বেহদৰ পিতাই কয় - এতিয়া তোমালোকক স্বৰ্গ ৰূপী ঘৰ নিৰ্মাণ কৰি দিওঁ।
এতিয়াতো হৈছে নৰক। স্বৰ্গ হৈছে নতুন সৃষ্টি। নৰক পুৰণি সৃষ্টি। এতিয়া পুৰণি সৃষ্টিত
থাকি আমি নতুন সৃষ্টি ৰচনা কৰি আছোঁ, পুৰণি কৱৰস্থানক আমি পৰিস্তান কৰি গঢ়ি তুলিম।
এয়াই যমুনাৰ তীৰ হ'ব। ইয়াত মহল নিৰ্মাণ হ'ব। এইখনেই দিল্লী যমুনা নদী আদি থাকিব বাকী
এনেকৈ যি দেখুৱায় যে পাণ্ডৱসকলৰ কিল্লা (দুৰ্গ) আছিল, এই সকলোবোৰ হৈছে মনেসজা কথা।
ড্ৰামাৰ পৰিকল্পনা অনুসৰি পুনৰ নিশ্চয় এয়া হ'ব। যেনেকৈ তোমালোকে যজ্ঞ, তপ, দান আদি
কৰি আহিছা পুনৰ কৰিব লাগিব। প্ৰথমে তোমালোকে শিৱৰ ভক্তি কৰা, প্ৰথম শ্ৰেণীৰ মন্দিৰ
নিৰ্মাণ কৰা। তাক ব্যভিচাৰী ভক্তি বুলি কোৱা হয়। এতিয়া তোমালোক জ্ঞানমাৰ্গত আছা। এয়া
হৈছে অব্যভিচাৰী জ্ঞান। এজন শিৱবাবাৰ পৰা তোমালোকে শুনা। যাৰ পোন-প্ৰথমে তোমালোকে
ভক্তি আৰম্ভ কৰিলা, সেই সময়ত আৰু কোনো ধৰ্ম নাথাকে। তোমালোকেই থাকা। তোমালোক বহুত
সুখত থাকা। দেৱতা ধৰ্ম বহুত সুখ দিওঁতা হয়। নাম ললেই মুখ মিঠা হৈ যায়। গতিকে
তোমালোকে এজন পিতাৰ পৰাই জ্ঞান শুনা। পিতাই কয় - আৰু কাৰো পৰা নুশুনিবা। এয়া হৈছে
তোমালোকৰ অব্যভিচাৰী জ্ঞান। তোমালোক বেহদৰ পিতাৰ হৈছা। পিতাৰ পৰাহে উত্তৰাধিকাৰ পাবা
পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। পিতাও অলপ সময়ৰ কাৰণে সাকাৰত আহিছে। তেওঁ কয় - মইহে
তোমালোক সন্তানসকলক জ্ঞান দিব লাগে। মোৰ স্থায়ী শৰীৰ নাই, মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ।
শিৱজয়ন্তীৰ পৰা ততালিকে গীতা জয়ন্তী হৈ যায়। তাৰ পৰাই জ্ঞান আৰম্ভ কৰি দিয়ে। এই
আত্মিক বিদ্যা তোমালোকক পৰম আত্মাইহে দি আছে। পানীৰ কথা নহয়। পানীক জানো জ্ঞান বুলি
ক’ব। পতিতৰ পৰা পাৱন জ্ঞানৰ দ্বাৰা হ’ব, পানীৰ দ্বাৰা জানো পাৱন হ'ব। নদীতো গোটেই
জগতত আছেই। এয়াতো জ্ঞান সাগৰ পিতা আহে, এওঁৰ শৰীৰত প্ৰৱেশ কৰি জ্ঞান শুনায়। ইয়াত
যেতিয়া কাৰোবাৰ মৃত্যু হয় তেতিয়া মুখত গংগাৰ জল ঢালে। এনেকৈ ভাবে যে এই জল হৈছে
পতিতৰ পৰা পাৱন কৰি তোলোঁতা গতিকে স্বৰ্গলৈ গুচি যাব। ইয়াতো গো-মুখলৈ যায়। বাস্তৱত
তোমালোক হৈছা চৈতন্য গো-মুখ। তোমালোকৰ মুখৰে জ্ঞান অমৃত নিগৰে। গাইৰ পৰা গাখীৰ পোৱা
যায়, পানীৰতো কথা নাই। এয়া এতিয়া তোমালোকে গম পোৱা। তোমালোকে জানা ড্ৰামাত যি এবাৰ
হৈ গ'ল সেয়া পুনৰ 5 হাজাৰ বছৰৰ পাছত হুবহু পুনৰাবৃত্তি হ'ব। এয়া পিতাই বহি বুজায়,
যিজন সকলোৰে সৎগতি দাতা হয়। এতিয়াতো সকলো দুৰ্গতিত পৰি আছে। আগতে তোমালোকে জনা
নাছিলা যে ৰাৱণক কিয় জ্বলায়। এতিয়া তোমালোকে বুজি পোৱা বেহদৰ দশহৰা হ'বলগীয়া আছে।
গোটেই সৃষ্টিত ৰাৱণৰাজ্য হয় নহয়। এই গোটেই পৃথিৱীখন লংকা। ৰাৱণ কোনো হদত (সীমিত
পৰিসৰত) নাথাকে। ৰাৱণৰ ৰাজ্য গোটেই সৃষ্টিত আছে। ভক্তিও আধাকল্প চলে। প্ৰথমে হয়
অব্যভিচাৰী ভক্তি আকৌ ব্যভিচাৰী ভক্তি আৰম্ভ হয়। দশহৰা, ৰক্ষাবন্ধন আদি সকলো এতিয়াৰ
উৎসৱ। শিৱ জয়ন্তীৰ পাছত হয় শ্ৰীকৃষ্ণ জয়ন্তী। এতিয়া কৃষ্ণপুৰী স্থাপন হয়। আজি
কংসপুৰীত আছে, কালিলৈ কৃষ্ণপুৰীত থাকিব। শ্ৰীকৃষ্ণ জানো ইয়াত থাকিব পাৰে।
শ্ৰীকৃষ্ণই জন্ম লয়েই সত্যযুগত। তেওঁ হৈছে প্ৰথম ৰাজকুমাৰ। স্কুলত পঢ়িবলৈ যায়,
যেতিয়া ডাঙৰ হয় তেতিয়া গাদীৰ মালিক হয়। বাকীতো এই ৰাসলীলা আদি সেয়াতো নিজৰ মাজত
আনন্দোৎসৱ কৰে। বাকী শ্ৰীকৃষ্ণই কাৰোবাক বহি জ্ঞান শুনাব এয়া কেনেকৈ হ'ব পাৰে।
গোটেই মহিমা এজন শিৱবাবাৰ যিয়ে পতিতসকলক পাৱন কৰি তোলে। তোমালোকে কোনোবা ডাঙৰ
বিষয়াক বুজালে তেতিয়া ক'ব আপোনালোকে সত্য কথা কয়। কিন্তু তেওঁলোকে আন কাৰোবাক শুনাব
নোৱাৰে। তেওঁলোকৰ কথা কোনেও নুশুনিব। বি.কে. হ'ল আৰু সকলোৱে ক'ব এওঁৰতো যাদু লাগি
গ'ল। বি.কে.ৰ নাম শুনিলে, বচ্। এনেকৈ ভাবে যে এওঁলোকে যাদু কৰে চাগৈ। কাৰোবাক অলপ
জ্ঞান দিলে তেতিয়া কৈ দিয়ে এওঁলোক বি.কে.সকলে যাদু কৰে। বচ্ এওঁলোকেতো নিজৰ দাদাৰ
বাহিৰে আন কাকোৱে নামানে। ভক্তি আদি একো নকৰে। বাবাইতো কয় কাকোৱেই মানা কৰিব নালাগে
যে ভক্তি নকৰিবা। আপোনাআপুনি আঁতৰি যাব। তোমালোকে ভক্তি এৰা, বিকাৰ ত্যাগ কৰা, ইয়াৰ
ওপৰতেই হুলস্থুল হয়।
বাবাই কৈছে - মই
ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচনা কৰোঁ, ইয়াত আসুৰি সম্প্ৰদায়ৰ বিঘ্ন পৰে। এয়া হৈছে শিৱবাবাৰ
বেহদৰ যজ্ঞ, য'ত মনুষ্যৰ পৰা দেৱতা হয়। গায়নো আছে - জ্ঞান যজ্ঞৰ পৰা বিনাশ জ্বালা
প্ৰজ্বলিত হ'ল। যেতিয়া পুৰণি সৃষ্টি বিনাশ হ'ব তেতিয়া তোমালোকে নতুন সৃষ্টিত ৰাজত্ব
কৰিবা। মনুষ্যই ক'ব আমি কওঁ শান্তি হওঁক আৰু বি.কে.সকলে কয় বিনাশ হওঁক। পিতাই বুজায়
এই গোটেই পুৰণি সৃষ্টি এই জ্ঞান যজ্ঞত স্বাহা হৈ যাব। এই পুৰণি সৃষ্টিত জুই লাগিব।
প্ৰাকৃতিক দুৰ্যোগো আহিব। বিনাশতো হ'বই। সকলো মনুষ্য সৰিয়হৰ বীজৰ দৰে গুড়ি হৈ শেষ
হৈ যাব। বাকী আত্মাসকল বাচি যাব। এইটোতো যিকোনো লোকে বুজিব পাৰে - আত্মা অবিনাশী।
এতিয়া এয়া বেহদৰ ‘হ’লিকা’ হ'বলগীয়া (জুইত জাহ যাবলগীয়া) আছে, য'ত সকলো শৰীৰ শেষ হৈ
যাব। বাকী আত্মাসকল পৱিত্র হৈ গুচি যাব। জুইত বস্তু শুদ্ধ হৈ যায় নহয়। শুদ্ধতাৰ
কাৰণে জুইত স্বাহা কৰে। সেই সকলোবোৰ হৈছে পাৰ্থিৱ কথা। এতিয়াতো গোটেই সৃষ্টি স্বাহা
হ'ব। বিনাশৰ আগতে নিশ্চয় স্থাপনা হৈ যোৱা উচিত। কাৰোবাক বুজালে তেতিয়া প্ৰথমে কোৱা
স্থাপনা তাৰপাছত বিনাশ। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। প্ৰজাপিতাতো প্ৰসিদ্ধ হয় নহয়। আদি
দেৱ আৰু আদি দেৱী। জগত অম্বাৰো লাখ লাখ মন্দিৰ আছে। কিমান মেলা অনুস্থিত হয়।
তোমালোক হৈছা জগত অম্বাৰ সন্তান, জ্ঞান-জ্ঞানেশ্বৰী তাৰপাছত ৰাজ-ৰাজেশ্বৰী হ'বাগৈ।
তোমালোক বহুত চহকী হোৱা আকৌ ভক্তিমাৰ্গত লক্ষ্মীৰ পৰা দীপাৱলীত বিনাশী ধন বিচৰা।
ইয়াততো সকলো প্ৰাপ্ত হৈ যায়। ‘আয়ুস্মান ভৱ’, ‘পুত্ৰৱান ভৱ’। তোমালোকে জানা আমাৰ
আয়ুস 150 বছৰ হয়। পিতাই কয় - যিমান যোগযুক্ত হৈ থাকিবা সিমান আয়ুস বাঢ়ি গৈ থাকিব।
তোমালোকে ঈশ্বৰৰ লগত যোগসূত্ৰ গঢ়ি যোগেশ্বৰ হোৱা। মনুষ্যতো হৈছেই ভোগেশ্বৰ। কোৱাও
হয় বিকাৰী, মলিন কাপোৰ ধোৱে..... পিতাই কয় - মোক ধুবী বুলিও কয়। মই সকলো আত্মাক আহি
নিকা কৰোঁ আকৌ শৰীৰো নতুন শুদ্ধ পাবা। পিতাই কয় - মই চেকেণ্ডত গোটেই জগতৰ কাপোৰ
পৰিস্কাৰ কৰি দিওঁ। কেৱল মনমনাভৱ হ'লেই আত্মা আৰু শৰীৰ পৱিত্র হৈ যাব। ছু মন্ত্ৰ হয়
নহয়। চেকেণ্ডত জীৱনমুক্তি। কিমান সহজ উপায়। পিতাক স্মৰণ কৰা তেন্তে পাৱন হৈ যাবা।
চলোঁতে-ফুৰোঁতে কেৱল পিতাক স্মৰণ কৰা, আৰু অকণমানো কষ্ট তোমালোকক নিদিওঁ। কেৱল
স্মৰণ কৰিব লাগে। এতিয়া তোমালোকৰ প্ৰতিটো চেকেণ্ডত আৰোহণ কলা হয়।
পিতাই কয় - মই
তোমালোক সন্তানসকলৰ সেৱক হৈ আহিছোঁ। তোমালোকে আহ্বানেই জনাইছা পতিত-পাৱন আহক, আহি
আমাক পাৱন কৰি তোলক। বাৰু সন্তানসকল আহিছোঁ তেন্তে সেৱক হ’লোঁ নহয়। যেতিয়া তোমালোক
বহুত পতিত হৈ যোৱা তেতিয়াহে জোৰেৰে চিঞৰা। এতিয়া মই আহিছোঁ। মই কল্পই কল্পই আহি
তোমালোক সন্তানসকলক এই মন্ত্ৰ দিওঁ। মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা।
‘মনমনাভৱ’ৰ অৰ্থও হৈছে - মনমনাভৱ, মধ্যাজী ভৱ অৰ্থাৎ পিতাক স্মৰণ কৰা তেতিয়া
বিষ্ণুপুৰীৰ মালিক হ'বাগৈ। তোমালোক আহিছাই বিষ্ণুপুৰীৰ ৰাজ্য-ভাগ্য ল'বলৈ।
ৰাৱণপুৰীৰ পাছত হৈছে বিষ্ণুপুৰী। কংসপুৰীৰ পাছত কৃষ্ণপুৰী, কিমান সহজকৈ বুজোৱা হয়।
পিতাই কয় - এই পুৰণি সৃষ্টিৰ পৰা মমত্ব আঁতৰাই দিয়া। এতিয়া আমি 84 জন্ম পূৰা কৰিলোঁ।
এই পুৰণা চোলা এৰি আমি নতুন সৃষ্টিলৈ যাম। স্মৃতিৰ দ্বাৰাহে তোমালোকৰ পাপ খন্দন হ’ব।
ইমানখিনি সাহস ৰাখিব লাগে। তেওঁলোকেতো ব্ৰহ্মক স্মৰণ কৰে। এনেকৈ ভাবে যে ব্ৰহ্মত গৈ
লীন হৈ যাব। কিন্তু ব্ৰহ্মতো হৈছে থকা স্থান। তেওঁলোক তপস্যাত বহি যায়। বচ্ মই
ব্ৰহ্মত গৈ লীন হৈ যাম। কিন্তু উভতিতো কোনো যাব নোৱাৰে। ব্ৰহ্মৰ লগত যোগসূত্ৰ গঢ়িলে
পাৱনতো হ'ব নোৱাৰে। এজনো যাব নোৱাৰে। পুনৰ্জন্মতো ল'বই লাগে। পিতাই আহি সত্য কয়,
সত্যখণ্ড সত্য পিতাই স্থাপন কৰে। ৰাৱণে আহি মিছাখণ্ড স্থাপন কৰে। এতিয়া এয়া হৈছে
সংগমযুগ। ইয়াত তোমালোক উত্তমতকৈও উত্তম হোৱা সেয়েহে ইয়াক পুৰুষোত্তম বুলি কয়।
তোমালোক কড়িৰ পৰা হীৰাতুল্য হোৱা। এয়া হৈছে বেহদৰ কথা। উত্তমতকৈও উত্তম মনুষ্য হৈছে
দেৱতাসকল। গতিকে এতিয়া তোমালোক পুৰুষোত্তম সংগমযুগত বহি আছা। তোমালোকক পুৰুষোত্তম
কৰি তোলোঁতাজন হৈছে উচ্চতকৈও উচ্চ পিতা। উচ্চতকৈও উচ্চ স্বৰ্গৰ উত্তৰাধিকাৰ
তোমালোকক দিওঁ আকৌ এয়া তোমালোকে পাহৰি কিয় যোৱা? পিতাই কয় - মোক স্মৰণ কৰা।
সন্তানসকলে কয় - বাবা কৃপা কৰক তেতিয়া আমি নাপাহৰোঁ। এয়া কেনেকৈ হ’ব পাৰে! বাবাৰ
নিৰ্দেশনা অনুসৰি চলিব লাগে নহয়। পিতাই কয় - মোক স্মৰণ কৰা তেতিয়া তোমালোক পতিতৰ পৰা
পাৱন হৈ যাবা। ৰায় মতে চলাচোন। বাকী কি আশীৰ্বাদ কৰিম। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
প্ৰতিটো নিৰ্দেশনা অনুসৰি চলি নিজক কড়িৰ পৰা হীৰাতুল্য কৰি তুলিব লাগে। এজন পিতাৰ
স্মৃতিত থাকি নিজৰ বস্ত্ৰ স্বচ্ছ কৰিব লাগে।
(2) এতিয়া নতুন ঘৰলৈ
যাব লাগে সেইকাৰণে এই পুৰণি ঘৰৰ প্ৰতি বেহদৰ বৈৰাগ্য ৰাখিব লাগে। নিচা থাকিব লাগে
যে এই পুৰণি কবৰস্থানক আমি পৰিস্তান কৰি গঢ়ি তুলিম।
বৰদান:
দয়াৰ দৃষ্টিৰে
ঘৃণাৰ দৃষ্টি সমাপ্ত কৰোঁতা জ্ঞানৱান হোৱা
যিসকল সন্তানে ইজনে
সিজনৰ সংস্কাৰসমূহ জানি সংস্কাৰ পৰিৱৰ্তনৰ নিচাত থাকে আৰু কেতিয়াও এনেকৈ নাভাবে যে
"এওঁতো হয়েই এনেকুৱা", তেওঁলোকক জ্ঞানৱান বুলি কোৱা হ’ব। তেওঁলোকে নিজক চায় আৰু
নিৰ্বিঘ্ন হৈ থাকে। তেওঁলোকৰ সংস্কাৰ পিতাৰ সমান দয়াশীল হয়। দয়াৰ দৃষ্টিয়ে ঘৃণাৰ
দৃষ্টি সমাপ্ত কৰি দিয়ে। এনেকুৱা দয়াশীল সন্তানসকলৰ কেতিয়াও পৰস্পৰ সংঘাত নহয়।
তেওঁলোক সুসন্তান হৈ প্ৰমাণ দিয়ে।
স্লোগান:
সদায় পৰমাত্ম চিন্তন কৰোঁতাসকলেই নিচিন্ত বাদশ্বাহ, তেওঁলোকৰ কোনো ধৰণৰ চিন্তা
থাকিব নোৱাৰে।
অব্যক্ত ইংগিত: একতা
আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা
স্ব-উন্নতি আৰু সেৱাৰ
উন্নতি দুয়োটাতে এজনে ক’লা আৰু আনজনে ইতিবাচক সঁহৰি জনালা এনেকৈ সদায় একতা আৰু
দৃঢ়তাৰে আগবাঢ়ি গৈ থাকা। যেনেকৈ দাদীসকলৰ একতা আৰু দৃঢ়তাৰ সংগঠন সুদৃঢ় তেনেকৈ
তোমালোক ৰত্নসকলৰো সংগঠন সুদৃঢ় হওক। সংগঠনৰ শক্তিয়ে যি বিচাৰে তাকেই কৰিব পাৰে। এই
সংগঠনৰ শক্তিৰ চিন হৈছে পাঁচ পাণ্ডৱ।