27.03.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নাৱৰীয়া তোমালোকৰ নাও পাৰলৈ লৈ যাবলৈ আহিছে, তোমালোক পিতাৰ সৈতে সততাৰে চলা তেতিয়া
নাৱে টুলুং-ভুটুং কৰিলেও ডুবিব নোৱাৰে”
প্ৰশ্ন:
সন্তানসকলৰ
পিতাৰ স্মৃতি যথাৰ্থভাৱে নথকাৰ মুখ্য কাৰণ কি?
উত্তৰ:
সাকাৰত আহি আহি এইটো পাহৰি গৈছে যে মই আত্মা নিৰাকাৰ আৰু মোৰ পিতাও নিৰাকাৰ, সাকাৰ
হোৱা কাৰণে সাকাৰৰ স্মৃতি সহজে আহি যায়। দেহী-অভিমানী হৈ নিজক বিন্দু বুলি বুজি
পিতাক স্মৰণ কৰা - ইয়াতেই পৰিশ্ৰম কৰিবলগীয়া হয়।
ওঁম্শান্তি।
শিৱ ভগৱানুবাচ
(শিৱ ভগৱানে কয়)। এওঁৰ (ব্ৰহ্মাৰ) নামতো শিৱ নহয়। এওঁৰ নাম হৈছে ব্ৰহ্মা আৰু এওঁৰ
দ্বাৰা শিৱ ভগৱানে কয়। এয়াতো বহুবাৰ বুজোৱা হৈছে কোনো মনুষ্যক বা দেৱতাক অথবা
সূক্ষ্মলোকবাসী ব্ৰহ্মা-বিষ্ণু-শংকৰক ভগৱান বুলি কোৱা নহয়। যাৰ আকাৰ বা সাকাৰ চিত্ৰ
আছে তেওঁলোকক ভগৱান বুলি কোৱা নহয়। বেহদৰ পিতাকহে ভগৱান বুলি কোৱা হয়। ভগৱান কোন,
এয়া কোনেও নাজানে। ‘নেতি নেতি’ বুলি কয় অৰ্থাৎ আমি নাজানো। তোমালোকৰ মাজতো বহুত কম
সংখ্যকেহে যথাৰ্থ ৰীতিৰে জানে। আত্মাই কয় - হে ভগৱান। এতিয়া আত্মাতো হৈছে বিন্দু।
গতিকে পিতাও বিন্দুৱে হ'ব। এতিয়া পিতাই সন্তানসকলক বহি বুজায়। পিতাৰ ওচৰত অনেক
এনেকুৱা সন্তান আছে, যিয়ে এইটোও বুজি নাপায় যে আমি কেনেকুৱা বিন্দু! কোনোৱেতো যথা
ৰীতিৰে বুজি পায়, পিতাক স্মৰণ কৰে। বেহদৰ পিতা হৈছে সঁচা হীৰা। হীৰাক বহুত ভাল
চন্দুকত ভৰাই থোৱা হয়। কাৰোবাৰ ওচৰত যদি ভাল হীৰা থাকে তেতিয়া কাৰোবাক দেখুৱাবলগীয়া
হ'লে সোণ-ৰূপৰ চন্দুকত ভৰাই তাৰ পাছত দেখুৱায়। হীৰাক সোণাৰীয়েহে চিনি পায় আন কোনেও
চিনিব নোৱাৰে। নকল হীৰা দেখুৱালেও কোনোৱে ধৰিব নোৱাৰিব। এনেকৈ বহুতে ঠগ খায়। গতিকে
এতিয়া সঁচা পিতা আহিছে, কিন্তু মিছাও এনেকুৱা আছে যে মনুষ্যই ধৰিবই নোৱাৰে। এনেকৈ
গোৱাও হয় যে সত্যৰ নাও টুলুং-ভুটুং কৰিব কিন্তু ডুবিব নোৱাৰে। মিছাৰ নাও টুলুং-ভুটুং
নকৰে, সত্যৰ নাওক অস্থিৰ কৰিবলৈ কিমান চেষ্টা কৰে। যি ইয়াত এই নাওত বহি আছে
তেওঁলোকেও অস্থিৰ কৰিবলৈ চেষ্টা কৰে। বিশ্বাসঘাতক বুলিও কোৱা হয়। এতিয়া তোমালোক
সন্তানসকলে জানা যে নাৱৰীয়া পিতাৰ আগমন হৈছে। তেওঁ বাগিচাৰ মালিকো হয়। পিতাই বুজাইছে
- এয়া হ'ল কাঁইটৰ জংঘল। সকলো পতিত নহয় জানো। কিমান মিছা। সঁচা পিতাক কোনো বিৰলজনেহে
জানে। ইয়াত থকাসকলেও পূৰা ৰীতি নাজানে, সম্পূৰ্ণ পৰিচয় নাই, কিয়নো গুপ্ত হয় নহয়।
ভগৱানক স্মৰণতো সকলোৱে কৰে, এইটোও জানে যে তেওঁ নিৰাকাৰ, পৰমধামত থাকে। আমিও
নিৰাকাৰ আত্মা - এইটো নাজানে। সাকাৰত থাকি থাকি সেয়া পাহৰি গ’ল। সাকাৰত থাকোঁতে
থাকোঁতে সাকাৰহে স্মৃতিলৈ আহি যায়। এতিয়া তোমালোক সন্তানসকল আত্ম-অভিমানী হৈছা।
ভগৱানক কোৱা হয় - পৰমপিতা পৰমাত্মা। এয়া বুজাতো একেবাৰে সহজ। পৰমপিতা অৰ্থাৎ একেবাৰে
সিপাৰত থাকোঁতা পৰম আত্মা। তোমালোকক আত্মা বুলি কোৱা হয়। তোমালোকক পৰম বুলি কোৱা
নহ’ব। তোমালোকেতো পুনৰ্জন্ম লোৱা। এই কথাবোৰ কোনেও নাজানে। ভগৱানকো সৰ্বব্যাপি বুলি
কৈ দিয়ে। ভক্তই ভগৱানক বিচাৰি থাকে, পাহাৰত, তীৰ্থস্থানত, নদীবোৰলৈও যায়। এনেকৈ ভাবে
যে নদী পতিত-পাৱনী, তাত স্নান কৰি আমি পাৱন হৈ যাম। ভক্তিমাৰ্গত এইটোও কোনেও নাজানে
যে আমাক কি লাগে! কেৱল কৈ দিয়ে যে মুক্তি লাগে, মোক্ষ লাগে কিয়নো ইয়াত দুখী হোৱা
বাবে অতিষ্ঠ হৈ গৈছে। সত্যযুগত জানো কোনোবাই মোক্ষ বা মুক্তি বিচাৰে! তাত ভগৱানক
কোনেও আহ্বান নজনায়, ইয়াত দুখী হোৱাৰ কাৰণে আহ্বান জনায়। ভক্তিৰে কাৰো দুখ দূৰ নহয়।
কোনোবাই গোটেই দিন বহি ৰাম ৰাম জপ কৰিলেও দুখ দূৰ হ’ব নোৱাৰে। এইখন হয়েই ৰাৱণৰাজ্য।
দুখ যেন ডিঙিত বান্ধি থোৱা আছে। এনেকৈ গায়নো কৰে যে দুখত সকলোৱে স্মৰণ কৰে সুখত
কোনেও নকৰে। ইয়াৰ অৰ্থ নিশ্চয় সুখ আছিল, এতিয়া দুখ হৈছে। সুখ আছিল সত্যযুগত, এতিয়া
কলিযুগত হৈছে দুখ সেইকাৰণে ইয়াক কাঁইটৰ জংঘল বুলি কোৱা হয়। প্ৰথম নম্বৰত হৈছে
দেহ-অভিমানৰ কাঁইট। তাৰ পাছত হৈছে কামৰ কাঁইট।
এতিয়া পিতাই বুজায় -
তোমালোকে এই দুচকুৰে যি দেখিছা সেয়া বিনাশ হৈ যাব। এতিয়া তোমালোক শান্তিধামলৈ যাব
লাগে। নিজৰ ঘৰ আৰু ৰাজধানীক স্মৰণ কৰা। ঘৰৰ স্মৃতিৰ লগতে পিতাৰ স্মৃতিও থকাতো জৰুৰী
কিয়নো ঘৰ (শান্তিধাম) পতিত-পাৱনী নহয়। তোমালোকে পিতাক পতিত-পাৱন বুলি কোৱা। তেন্তে
পিতাকহে স্মৰণ কৰিব লাগে। তেওঁ কয় - মামেকম্ (কেৱল মোক) স্মৰণ কৰা। মোকেই আহ্বান
নজনোৱা জানো – বাবা, আহি আমাক পাৱন কৰি তোলক। জ্ঞানৰ সাগৰ হয় তেন্তে নিশ্চয় আহি
মুখেৰে বুজাব লাগিব। প্ৰেৰণাৰেতো নকৰিব। এফালে শিৱজয়ন্তীও পালন কৰে, আনফালে আকৌ কয়
- নাম ৰূপৰ পৰা উৰ্দ্ধত। নাম ৰূপৰ পৰা উৰ্দ্ধত কোনো বস্তুতো নাথাকে। আকৌ কৈ দিয়ে
পাথৰ শিলগুটি সকলোতে আছে। অনেক মত আছে নহয়। পিতাই বুজায় - তোমালোকক 5 বিকাৰ ৰূপী
ৰাৱণে তুচ্ছ বুদ্ধিৰ কৰি দিলে সেইকাৰণে দেৱতাসকলৰ আগত গৈ নমস্কাৰ জনায়। কিছুমানতো
নাস্তিক হয়, কাকোৱেই নামানে। ইয়াত পিতাৰ ওচৰলৈতো ব্ৰাহ্মণসকলেই আহে, যিসকলক 5 হাজাৰ
বছৰ পূৰ্বেও বুজাইছিল। লিখাও আছে যে পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে
গতিকে ব্ৰহ্মাৰ সন্তান হৈ গ’ল। প্ৰজাপিতা ব্ৰহ্মাতো প্ৰসিদ্ধ। নিশ্চয়
ব্ৰাহ্মণ-ব্ৰাহ্মণীসকলো থাকিব। এতিয়া তোমালোক শূদ্ৰ ধৰ্মৰ পৰা আঁতৰি ব্ৰাহ্মণ ধৰ্মত
আহিছা। বাস্তৱত হিন্দু বুলি কওঁতাসকলে নিজৰ আচল ধৰ্মক নাজানে সেইকাৰণে কেতিয়াবা
কাৰোবাক কেতিয়াবা আন কাৰোবাক মানিব। বহুতৰে ওচৰলৈ গৈ থাকিব। খ্ৰীষ্টান লোকসকল
কেতিয়াও কাৰো ওচৰলৈ নাযায়। এতিয়া তোমালোকে সিদ্ধ কৰি কোৱা - ঈশ্বৰ পিতাই কয় - মোক
স্মৰণ কৰা। এদিন বাতৰিকাকততো প্ৰকাশ পাব যে ঈশ্বৰে কয় - মোক স্মৰণ কৰিলেহে তোমালোক
পতিতৰ পৰা পাৱন হৈ যাবা। যেতিয়া বিনাশ সমীপত আহিব তেতিয়া বাতৰিকাকতৰ দ্বাৰাও এই
আৱাজ কাণত পৰিবগৈ। বাতৰিকাকততো অনেক ঠাইত বাতৰি আহে। এতিয়াও প্ৰকাশ কৰিব পাৰা।
ভগৱানুবাচ - পৰমপিতা পৰমাত্মা শিৱই কয় - মই হৈছোঁ পতিত-পাৱন, মোক স্মৰণ কৰা তেতিয়া
তোমালোক পাৱন হৈ যাবা। এই পতিত সৃষ্টিৰ বিনাশ সমাগত। বিনাশ নিশ্চয় হ’ব, এইটো
নিশ্চয়তাও সকলোৰে হৈ যাব। আখৰাও চলি থাকিব। তোমালোক সন্তানসকলে জানা যেতিয়ালৈকে
ৰাজধানী স্থাপনা নহয় তেতিয়ালৈকে বিনাশ নহ’ব, ভূমিকম্প আদিও আহিব নহয়। এফালে বোমা
ফুটিব আনফালে প্ৰাকৃতিক দুৰ্যোগো হ’ব। অন্ন আদি নাপাবা, পানী জাহাজ নাহিব,
দুৰ্ভিক্ষ হ’ব, ভোকত মৰি মৰি শেষ হৈ যাব। যিসকলে অনাহাৰে থাকি অনশন কৰে তেওঁলোকে
কিবা নহয় কিবা জল বা মৌজোল আদি গ্ৰহণ কৰি থাকে। ওজন কম হৈ যায়। এয়াতো বহি থাকোতেই
অকস্মাৎ ভূমিকম্প আহিব, মৰি যাব। বিনাশতো নিশ্চয় হ’ব। সাধু-সন্ত আদিয়ে এনেকৈ নকয় যে
বিনাশ হ’ব গতিকে ৰাম ৰাম বুলি কোৱা। মনুষ্যইতো ভগৱানকে নাজানে। ভগৱানেতো নিজেহে
নিজক জানে আৰু কোনেও নাজানে। তেওঁৰ অহাৰ সময় আছে। যি আকৌ এই বৃদ্ধ শৰীৰত আহি গোটেই
সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়। তোমালোক সন্তানসকলে জানা যে এতিয়া উভতিব যাব
লাগে। সেয়েহে আনন্দিত হ’ব লাগে। আমি শান্তিধামলৈ যাওঁ। মনুষ্যই শান্তি বিচাৰে কিন্তু
তেওঁলোকক শান্তি কোনে দিব? তেওঁলোকে শান্তি দাতাৰ কথা কয়। এতিয়া দেৱৰো দেৱতো হৈছে
এজনেই উচ্চতকৈও উচ্চ পিতা। পিতাই কয় - মই তোমালোক সকলোকে পাৱন কৰি লৈ যাম। এজনকো এৰি
নিদিওঁ। ড্ৰামা অনুসৰি সকলোৱে যাবই লাগিব। গায়নো আছে যে মহৰ সদৃশ সকলো আত্মা যায়।
এইটোও জানে যে সত্যযুগত বহুত কম মনুষ্য থাকে। এতিয়া কলিযুগৰ অন্তত কিমান অনেক
মনুষ্য আছে আকৌ কম কেনেকৈ হ'ব? এতিয়া হৈছে সংগম। তোমালোকে সত্যযুগত যাবলৈ পুৰুষাৰ্থ
কৰা। এইটো জানা যে এয়া বিনাশ হ'ব। মহৰ সদৃশ আত্মাসকল যাব। গোটেই জাকটো গুচি যাব।
সত্যযুগত বহুত কম সংখ্যক থাকিব।
পিতাই কয় - কোনো
দেহধাৰীক স্মৰণ নকৰিবা, দেখিও আমি নাচাওঁ। আমি আত্মা, আমি আমাৰ ঘৰলৈ যাম। আনন্দেৰে
পুৰণা শৰীৰ এৰিব লাগে। নিজৰ শান্তিধামক স্মৰণ কৰি থাকিলে অন্তিমৰ স্থিতি অনুসৰিয়ে
গতি হৈ যাব। এজন পিতাক স্মৰণ কৰাৰ ক্ষেত্ৰতে পৰিশ্ৰম কৰিবলগীয়া হয়। পৰিশ্ৰম নকৰাকৈ
উচ্চপদ পাবা জানো। পিতা তোমালোকক নৰৰ পৰা নাৰায়ণ কৰি তুলিবলৈকে আহে। এতিয়া এই পুৰণি
সৃষ্টিত অলপো শান্তি নাই। শান্তিধাম আৰু সুখধামতহে শান্তি আছে। ইয়াততো ঘৰে ঘৰে
অশান্তি, মাৰ-পিট। পিতাই কয় - এতিয়া এই ছিঃ ছিঃ জগতখনক পাহৰি যোৱা। অতি মৰমৰ
সন্তানসকল, মই তোমালোকৰ বাবে স্বৰ্গ স্থাপনা কৰিবলৈ আহিছোঁ, এই নৰকত তোমালোক পতিত
হৈ গৈছা। এতিয়া স্বৰ্গত যাব লাগে। তোমালোকে এতিয়া পিতা আৰু স্বৰ্গক স্মৰণ কৰা তেতিয়া
অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। বিয়া আদিলৈ লাগিলে যোৱা কিন্তু স্মৰণ পিতাক
কৰিবা। গোটেই জ্ঞান বুদ্ধিত থাকিব লাগে। লাগিলে ঘৰতে থাকা, সন্তান আদিৰ তত্ত্বাৱধান
লোৱা কিন্তু বুদ্ধিত এইটো স্মৃতি ৰাখিবা – পিতাৰ আজ্ঞা হৈছে - মোক স্মৰণ কৰা। ঘৰ
এৰিব নালাগে। নহ’লে সন্তানসকলৰ তত্ত্বাৱধান কোনে ল’ব? ভক্তসকল ঘৰত থাকে, গৃহস্থালিত
থাকে তথাপিও ভক্ত বুলি কোৱা হয় কিয়নো ভক্তি কৰে, ঘৰ-সংসাৰৰ তত্ত্বাৱধান লয়।
বিকাৰগ্ৰস্ত হ'লেও গুৰুলোকে তেওঁলোকক কয় যে শ্ৰীকৃষ্ণক স্মৰণ কৰা তেতিয়া তেওঁৰ দৰে
সন্তান হ'ব। তোমালোক সন্তানসকল এতিয়া এই কথাবোৰত যাব নালাগে কিয়নো তোমালোকক এতিয়া
সত্যযুগত যোৱাৰ কথা শুনোৱা হয়, যাৰ স্থাপনা হৈ আছে। বৈকুণ্ঠৰ স্থাপনা কোনো
শ্ৰীকৃষ্ণই নকৰে, শ্ৰীকৃষ্ণতো হৈছে মালিক। পিতাৰ পৰা উত্তৰাধিকাৰ লৈছে। সংগমৰ সময়তে
‘গীতা’ৰ ভগৱান আহে। শ্ৰীকৃষ্ণক ভগৱান বুলি কোৱা নহ’ব। এওঁতো পঢ়োঁতা হৈ গ’ল। ‘গীতা’
শুনালে পিতাই আৰু সন্তানসকলে শুনিলে। ভক্তিমাৰ্গত আকৌ পিতাৰ সলনি সন্তানৰ নাম দি
দিলে। পিতাক পাহৰি যোৱা বাবে ‘গীতা’ও খণ্ডন হৈ গ’ল। সেই খণ্ডিত ‘গীতা’ পঢ়িলে কি হ’ব।
পিতাইতো ৰাজযোগ শিকাই গৈছে, সেই ৰাজযোগৰ দ্বাৰা শ্ৰীকৃষ্ণ সত্যযুগৰ মালিক হ’ল।
ভক্তিমাৰ্গত সত্য-নাৰায়ণৰ কথা শুনিলে কোনোবা স্বৰ্গৰ মালিক হ’ব জানো? এইটো খেয়ালেৰে
কোনেও নুশুনেও আৰু তাৰ পৰা একো লাভো নহয়। সাধু-সন্ত আদিয়ে নিজে নিজে মন্ত্ৰ দিয়ে,
ফটো দিয়ে। ইয়াত তেনেকুৱা কোনো কথা নাই। অন্য সৎসংগলৈ গ’লে ক’ব - অমুক স্বামীৰ কথা।
কাৰ কথা? বেদান্তৰ কথা, ‘গীতা’ৰ কথা, ‘ভাগৱত’ৰ কথা। এতিয়া তোমালোক সন্তানসকলে জানা
যে আমাক পঢ়াওঁতাজন কোনো দেহধাৰী নহয় আৰু তেওঁ কোনো শাস্ত্ৰ আদিও পঢ়া নাই। শিৱবাবাই
জানো কোনো শাস্ত্ৰ আদি পঢ়িছে! মনুষ্যই পঢ়ে। শিৱবাবাই কয় - মই ‘গীতা’ আদি একোৱেই পঢ়া
নাই। এই ৰথখন য’ত বহি আছোঁ, এওঁ পঢ়িছিল, মই পঢ়া নাই। মোৰতো গোটেই সৃষ্টি চক্ৰৰ
আদি-মধ্য-অন্তৰ জ্ঞান আছে। এওঁ নিতৌ ‘গীতা’ পঢ়িছিল। ভাটো চৰাইৰ দৰে মুখস্থ কৰি
লৈছিল, যেতিয়া পিতাই প্ৰৱেশ কৰিলে তেতিয়া তৎক্ষণাৎ ‘গীতা’ এৰি দিলে কিয়নো বুদ্ধিত
উদয় হ’ল - এয়াতো শিৱবাবাই শুনায়।
পিতাই কয় - মই
তোমালোকক স্বৰ্গৰ বাদশ্বাহী দিওঁ সেয়েহে এতিয়া পুৰণি সৃষ্টিৰ পৰা মমত্ব আঁতৰাই দিয়া।
কেৱল মামেকম্ স্মৰণ কৰা। এইটো পৰিশ্ৰম কৰিব লাগে। সঁচা প্ৰেমিকাৰ বাৰে বাৰে
প্ৰেমিকৰ স্মৃতি আহি থাকে। গতিকে এতিয়া পিতাৰ স্মৃতিও এনেকৈ দৃঢ় হৈ থকা উচিত।
পাৰলৌকিক পিতাই কয় - সন্তানসকল, মোক স্মৰণ কৰা আৰু স্বৰ্গৰ উত্তৰাধিকাৰক স্মৰণ কৰা।
ইয়াত অন্য কোনো আৱাজ কৰাৰ, বাদ্য আদি বজোৱাৰ কোনো দৰকাৰ নাই। ভাল ভাল গীত ওলালে
বজোৱা হয়, যাৰ অৰ্থও তোমালোকক বুজোৱা হয়। গীত ৰচনা কৰাসকলে নিজে একো নাজানে। মীৰা
ভক্ত আছিল, তোমালোকতো এতিয়া জ্ঞানী হৈছা। সন্তানসকলৰ দ্বাৰা যেতিয়া কোনো কাম ভালকৈ
নহয় তেতিয়া বাবাই কয় - তুমিতো ভক্তৰ নিচিনা। তেতিয়া তেওঁ বুজে যে বাবাই মোক কিয়
এনেকৈ কলে? পিতাই বুজায় - সন্তানসকল, এতিয়া পিতাক স্মৰণ কৰা, পয়গম্বৰ হোৱা,
বাৰ্তাবাহক হোৱা, সকলোকে এইটো বাৰ্তা দিয়া যে পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰক
তেতিয়া জন্ম-জন্মান্তৰৰ পাপ ভস্ম হৈ যাব। এতিয়া ঘৰলৈ উভতি যোৱাৰ সময়। ভগৱান এজনেই
নিৰাকাৰ, তেওঁৰ নিজৰ দেহ নাই। পিতাইহে নিজৰ পৰিচয় দিয়ে। ‘মনমনাভৱ’ৰ মন্ত্ৰ দিয়ে।
সাধু সন্ন্যাসী আদিয়ে এনেকৈ কেতিয়াও নকয় যে এতিয়া বিনাশ হ’ব, পিতাক স্মৰণ কৰা।
পিতাইহে ব্ৰাহ্মণ সন্তানসকলক স্মৃতি সোঁৱৰাই দিয়ে। স্মৃতিৰ দ্বাৰা স্বাস্থ্য, পঢ়াৰ
দ্বাৰা সম্পত্তি প্ৰাপ্ত হ’ব। তোমালোকে কালৰ (মৃত্যুৰ) ওপৰত বিজয় প্ৰাপ্ত কৰা। তাত
কেতিয়াও অকাল মৃত্যু নহয়। দেৱতাসকলে কালৰ ওপৰত বিজয় প্ৰাপ্ত কৰিছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এনেকুৱা
কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে পিতাৰ দ্বাৰা ভক্তৰ উপাধি পাবলগীয়া হয়। পয়গম্বৰ (বাৰ্তাবাহক)
হৈ সকলোকে পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰাৰ বাৰ্তা দিব লাগে।
(2) এই পুৰণি সৃষ্টিত
কোনো আৰাম আৰু শান্তি নাই, এইখন হৈছে ছিঃ ছিঃ সৃষ্টি ইয়াক পাহৰি যাব লাগে। ঘৰৰ
স্মৃতিৰ লগতে পাৱন হ’বৰ কাৰণে পিতাকো নিশ্চয় স্মৰণ কৰিব লাগে।
বৰদান:
প্ৰবৃত্তিত
থাকি পৰ-বৃত্তিত থাকোঁতা নিৰন্তৰ যোগী হোৱা
নিৰন্তৰ যোগী হোৱাৰ
সহজ সাধন হৈছে – প্ৰবৃত্তিত থাকি পৰ-বৃত্তিত থকা। পৰ-বৃত্তি অৰ্থাৎ আত্মিক ৰূপ। যি
আত্মিক ৰূপত স্থিৰ হৈ থাকে তেওঁ সদায় অনাসক্ত আৰু পিতাৰ প্ৰিয় হৈ যায়। যিয়েই কৰে
এইটো উপলব্ধি হ’ব যেন কাম কৰা নাই খেলাহে খেলিছে। গতিকে প্ৰবৃত্তিত থাকি আত্মিক
ৰূপত থাকিলে খেলৰ দৰে সহজ অনুভৱ হ’ব। বন্ধন যেন নালাগিব। কেৱল স্নেহ আৰু সহযোগৰ লগত
শক্তি সংযোজন কৰা তেতিয়া উচ্চলৈ জপিয়াই দিবা।
স্লোগান:
বুদ্ধিৰ সূক্ষ্মতা অথবা আত্মাৰ পাতলবোধেই ব্ৰাহ্মণ জীৱনৰ ব্যক্তিত্ব।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
শক্তিসকলে সাহস কৰিলে
সৰ্বশক্তিমানে সহায় কৰে। সিংহীয়ে কেতিয়াও কাৰোলৈ ভয় নকৰে, নিৰ্ভীক হয়। এইটো ভয় নাই
যে ক’ব নোৱাৰো কি হ’ব! সত্যতাৰ শক্তি স্বৰূপ হৈ নিচাৰে কোৱা, নিচাৰে চোৱা। মই
সৰ্বশক্তিমান চৰকাৰৰ অনুচৰ, এইটো স্মৃতিৰে অযথাৰ্থক যথাৰ্থত আনিব লাগে। সত্যক
প্ৰসিদ্ধ কৰিব লাগে, লুকুৱাব নালাগে কিন্তু সত্যতাৰ লগতে বাণীত মধুৰতা আৰু সভ্যতাৰ
আৱশ্যক।