27.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ মুখ এতিয়া স্বৰ্গৰ ফালে, তোমালোকে নৰকৰ পৰা কাষৰীয়া হৈ এতিয়া স্বৰ্গৰ
ফালে গৈ আছাহঁক, সেয়েহে বুদ্ধিৰ যোগ নৰকৰ পৰা আঁতৰাই দিয়া”
প্ৰশ্ন:
সকলোতকৈ উচ্চ
আৰু সূক্ষ্ম লক্ষ্য কোনটো, সেয়া কোনে অতিক্ৰম কৰিব পাৰে?
উত্তৰ:
তোমালোক সন্তানসকলে স্বৰ্গৰ ফালে মুখ কৰা, মায়াই তোমালোকৰ মুখ নৰকৰ ফালে ঘূৰাই দিয়ে,
অনেক ধুমুহা আনে, সেই ধুমুহা অতিক্ৰম কৰা – এয়াই হৈছে সূক্ষ্ম লক্ষ্য। এই লক্ষ্য
অতিক্ৰম কৰিবলৈ 'নষ্টোমোহা' হ’ব লাগে। ‘নিশ্চয়তা’ আৰু ‘সাহস’ৰ আধাৰত ইয়াক অতিক্ৰম
কৰিব পাৰা। বিকাৰীসকলৰ মাজত থাকি নিৰ্বিকাৰী হংস হোৱা – এই ক্ষেত্ৰতে পৰিশ্ৰম
কৰিবলগীয়া হয়।
গীত:
নিৰ্বল সে
লড়াই বলবান কি….. (দুৰ্বলৰ সৈতে বলৱানৰ যুদ্ধ..…)
ওঁম্শান্তি।
যিসকল বিচাৰ
বুদ্ধি সম্পন্ন সন্তান তেওঁলোকে ইয়াৰ অৰ্থতো ভালদৰে বুজি পায়, যাৰ বুদ্ধিযোগ
শান্তিধাম আৰু স্বৰ্গৰ ফালে থাকে তেওঁলোককহে ধুমুহাই পায়। পিতাইতো এতিয়া তোমালোকৰ
মুখ ঘূৰাই দিয়ে। অজ্ঞান কালতো পুৰণা ঘৰৰ পৰা মুখ ঘূৰি যায়, নতুন ঘৰক স্মৃতিলৈ আনি
থাকে – কেতিয়া তৈয়াৰ হ'ব! এতিয়া তোমালোক সন্তানসকলৰো ধ্যানত আছে যে কেতিয়া আমাৰ
স্বৰ্গ স্থাপনা হ'ব আৰু সুখধামলৈ আহিম। এই দুখধামৰ পৰাতো সকলোৱে যাব লাগিব। গোটেই
সৃষ্টিৰ মনুষ্য মাত্ৰকে পিতাই বুজাই থাকে – সন্তানসকল, এতিয়া স্বৰ্গৰ দ্বাৰ মুকলি
হৈ আছে। এতিয়া তোমালোকৰ বুদ্ধিযোগ স্বৰ্গৰ ফালে থকা উচিত। স্বৰ্গলৈ যোৱাসকলক
পৱিত্ৰ বুলি কোৱা হয়। নৰকলৈ যোৱাসকলক অপৱিত্ৰ বুলি কোৱা হয়। গৃহস্থালিত থাকিও
বুদ্ধিযোগ স্বৰ্গৰ সৈতে যুক্ত কৰি ৰাখিব লাগে। ধৰি লোৱা, পিতাৰ বুদ্ধিযোগ স্বৰ্গৰ
ফালে আৰু সন্তানৰ বুদ্ধিযোগ নৰকৰ ফালে তেন্তে দুয়ো একেখন ঘৰত কেনেকৈ থাকিব পাৰিব।
হংস আৰু বগলী একেলগে থাকিব নোৱাৰে। বহুত কঠিন। তেওঁলোকৰ বুদ্ধিযোগ 5 বিকাৰৰ ফালেহে
থাকে। তেওঁলোক নৰকৰ ফালে যাওঁতা, তেওঁলোক স্বৰ্গৰ ফালে যাওঁতা, দুয়ো একেলগে থাকিব
নোৱাৰে। অতি উচ্চ লক্ষ্য। পিতাই লক্ষ্য কৰে - মোৰ সন্তানসকলৰ মুখ নৰকৰ ফালে, নৰকৰ
ফালে নোযোৱাকৈ থাকিব নোৱাৰে, তেন্তে কি কৰা উচিত! নিশ্চয় ঘৰত হাই-কাজিয়া লাগিব।
ক’ব এয়াও কিবা জ্ঞান জানো। সন্তানে বিয়া পাতিব নালাগে…! গৃহস্থালিততো বহুতেই থাকে
নহয়। সন্তানসকলৰ মুখ নৰকৰ ফালে, তেওঁলোকে বিচাৰে নৰকত যাওঁ। পিতাই কয় - নৰকৰ ফালে
বুদ্ধিযোগ নিনিবা। কিন্তু পিতাৰ কথাও নামানে। তেন্তে কি কৰা উচিত? এই ক্ষেত্ৰত বহুত
নষ্টোমোহা অৱস্থাৰ আৱশ্যক। এই গোটেই জ্ঞান আত্মাত আছে। পিতাৰ আত্মাই কয় - এওঁক মই
ৰচনা কৰিছোঁ, মোৰ কথা নামানে। কোনোৱেতো ব্ৰাহ্মণো হৈছে আকৌ বুদ্ধি নৰকৰ ফালে গুচি
যায়। গতিকে তেওঁ যেন একেবাৰে ৰসাতললৈ গুচি যাব।
সন্তানসকলক বুজোৱা
হৈছে - এয়া হৈছে জ্ঞান সাগৰৰ দৰবাৰ। ভক্তিমাৰ্গত ইন্দ্ৰৰ দৰবাৰৰো গায়ন কৰা হয়।
‘পোখৰাজ পৰী’, ‘নীলম পৰী’, ‘মাণিক পৰী’ বহুত নাম ৰখা হৈছে কিয়নো জ্ঞান নৃত্য কৰে
নহয়। অনেক প্ৰকাৰৰ পৰী আছে। তেওঁলোকো পৱিত্ৰ হ’ব লাগে। যদিহে কোনোবাই অপৱিত্ৰক লৈ
আহে তেন্তে দণ্ডৰ ভাগীদাৰ হৈ যাব। ইয়াত বহুতেই পাৱন হোৱা উচিত। এই লক্ষ্য অতি উচ্চ
সেইবাবে বৃক্ষ সোনকালে বৃদ্ধি নহয়। পিতাই যি জ্ঞান দিয়ে সেয়া কোনেও নাজানে।
শাস্ত্ৰতো এই জ্ঞান নাই সেইবাবে অলপ নিশ্চয় জন্মিল আৰু মায়াই এটা চৰতে বগৰাই দিয়ে।
ধুমুহা আহে নহয়! সৰু চাকি গতিকে ধুমুহাই এটা চৰতে বগৰাই দিয়ে। আনক বিকাৰত অধঃপতিত
হোৱা দেখি নিজেও অধঃপতিত হৈ যায়। এই ক্ষেত্ৰত বুজিবলৈ বিশাল বুদ্ধিৰ প্ৰয়োজন। গায়নো
কৰা হৈছে - অবলাসকলৰ ওপৰত অত্যাচাৰ হ’ল। পিতাই বুজায় – সন্তানসকল, কাম মহাশত্ৰু,
ইয়াৰ প্ৰতিতো তোমালোকৰ বহুত ঘৃণা জন্মিব লাগে। এতিয়া বাবাই বহুত ঘৃণা জন্মায়, আগতে
এনেকুৱা কথা নাছিল। নৰকতো এতিয়া আছে নহয়। দ্ৰৌপদীয়ে আহ্বান জনাইছে, এয়া এতিয়াৰে কথা।
কিমান ভালকৈ বুজোৱা হয়। তথাপি বুদ্ধিত ধাৰণ নহয়।
এই গোলকৰ চিত্ৰ বহুত
ভাল – স্বৰ্গৰ দ্বাৰ। এই গোলকৰ চিত্ৰৰ দ্বাৰা বহুত ভালকৈ বুজিব পাৰিব। ছিৰিৰ চিত্ৰৰ
দ্বাৰাও ইমান নুবুজিব যিমান গোলকৰ চিত্ৰৰ দ্বাৰা বুজিব। দিনে-প্ৰতিদিনে সংশোধনো হৈ
গৈ থাকে। পিতাই কয় - আজি তোমালোকক একেবাৰে নতুন নিৰ্দেশনা দিওঁ। আগৰে পৰা জানো সকলো
নিৰ্দেশনা পোৱা যায়। এইখন কেনেকুৱা সৃষ্টি, ইয়াত কিমান দুখ আছে। কিমান সন্তানৰ প্ৰতি
মোহ থাকে। সন্তানৰ মৃত্যু হ'লে একেবাৰে বলিয়া হৈ যায়, অপাৰ দুখ আছে। এনেকুৱা নহয়
যে চহকী সেইবাবে সুখী। অনেক প্ৰকাৰৰ বেমাৰ হৈ থাকে। আকৌ চিকিৎসালয়ত পৰি থাকে। গৰিব
সাধাৰণ কোঠাত পৰি থাকে, চহকীয়ে বেলেগে বিশেষ কোঠা পাই যায়। কিন্তু দুখতো যেনেকুৱা
চহকীৰ তেনেকুৱা গৰিবৰো। কেৱল তেওঁলোকে ভাল ঠাই পায়। ভাল তত্বাৱধান পায়। এতিয়া
তোমালোক সন্তানসকলে জানা যে আমাক পিতাই পঢ়াই আছে। পিতাই অনেক বাৰ পঢ়াইছে। নিজৰ
অন্তৰক সুধিব লাগে যে মই পঢ়োঁ নে নপঢ়োঁ? কিমানক পঢ়াওঁ? যদি নপঢ়োৱা তেন্তে কি পদ পাবা!
নিতৌ ৰাতি নিজৰ খতিয়ান চাব লাগে – আজি কাৰোবাক দুখতো নিদিলোঁ? শ্ৰীমতে কয় – কাকো
দুখ নিদিবা আৰু সকলোকে মাৰ্গ-দৰ্শন কৰাবা। যিসকল আমাৰ গোত্ৰৰ হ’ব তেওঁলোকৰ তৎক্ষণাৎ
অন্তৰ চুই যাব। ইয়াৰ বাবে সোণৰ পাত্ৰৰ (পৱিত্ৰ বুদ্ধিৰ) দৰকাৰ, য’ত অমৃত ৰাখিব পাৰি।
যেনেকৈ কয় নহয় যে সিংহীৰ গাখীৰ থ’বলৈ সোণৰ পাত্ৰৰ আৱশ্যক, কিয়নো সিংহীৰ গাখীৰ
বহুত উৎকৃষ্ট শক্তিদায়ক হয়। সিহঁতৰ সন্তানৰ প্ৰতি মোহ থাকে। কাৰোবাক দেখিলে
একেবাৰেই জপিয়াই পৰিব। এনেকৈ ভাবে যে সন্তানক যাতে মাৰি নেপেলায়। ইয়াতো বহুত আছে
যাৰ স্বামী, সন্তান আদিৰ প্ৰতি মোহ থাকে। এতিয়া তোমালোক সন্তানসকলে জানা যে
স্বৰ্গৰ দ্বাৰ মুকলি হ’ব। কৃষ্ণৰ চিত্ৰত বহুত স্পষ্টকৈ লিখা আছে। এই যুদ্ধৰ পাছত
স্বৰ্গৰ দ্বাৰ মুকলি হয়। তাত বহুত কমসংখ্যক মনুষ্য থাকে। অৱশিষ্ট সকলো শান্তিধামলৈ
গুচি যায়। বহুত শাস্তি খাবলগীয়া হয়। যি পাপ কৰ্ম কৰিছে, এটা এটা জন্মৰ সাক্ষাৎকাৰ
কৰায়, শাস্তি খাই থাকিব। তেতিয়া পাই-পইচাৰ পদ পাব। স্মৃতিত নথকাৰ কাৰণে বিকৰ্ম
বিনাশ নহয়।
বহুত সন্তান আছে যিয়ে
মুৰুলীও খতি কৰি দিয়ে, বহুত সন্তানে এই ক্ষেত্ৰত অমনোযোগী হৈ থাকে। এনেকৈ ভাবে যে
মই নপঢ়িলোঁ তাতে কি হ’ল! মইতো পাৰ হৈ গ’লোঁ। মুৰুলীৰ প্ৰতি গুৰুত্বই নিদিয়ে।
এনেকুৱা দেহ- অভিমানী বহুত আছে, তেওঁলোকে নিজৰেই লোকচান কৰে। বাবাই জানে সেইবাবে
ইয়ালৈ যেতিয়া আহা তেতিয়াও সোধো, বহু কেইখন মুৰুলী পঢ়া নাই চাগে! ক’বতো নোৱাৰি
সেইকেইখনত কিবা ভাল সাৰ কথা থাকিবও পাৰে। সাৰ কথাতো নিতৌ ওলাই থাকে নহয়। এনেকুৱাও
বহুত সেৱাকেন্দ্ৰলৈ আহে। কিন্তু ধাৰণা একোৱেই নাই, জ্ঞান নাই। শ্ৰীমতত নচলিলে জানো
পদ পাব। সৎ পিতা, সৎ শিক্ষকৰ গ্লানি কৰিলে কেতিয়াও উচ্চপদ পাব নোৱাৰে। কিন্তু
সকলোৱেতো ৰজা নহ’ব। প্ৰজাও হয়। ক্ৰমানুসৰি পদ মৰ্যাদা থাকে নহয়। স্মৃতিত থকাৰ ওপৰতে
সকলোখিনি নিৰ্ভৰ কৰে, যিজন পিতাৰ পৰা বিশ্বৰ ৰাজ্য পোৱা যায়, তেওঁক স্মৰণ কৰিব
নোৱাৰা। ভাগ্যতেই যদি নাই তেন্তে পুৰুষাৰ্থনো কি কৰিব। পিতাইতো কয় - স্মৃতিৰ
যাত্ৰাৰ দ্বাৰাহে পাপ ভস্ম হ’ব, তেন্তে পুৰুষাৰ্থ কৰিব লাগে নহয়। পিতাই এনেকৈও নকয়
যে খোৱা-বোৱা নকৰিবা। এয়া কোনো ‘হঠযোগ’ (শৰীৰক কষ্ট দি কৰা যোগ) নহয়। চলা-ফুৰা কৰি
সকলো কাম কৰি, যেনেকৈ প্ৰেমিকাই প্ৰেমিকক স্মৃতিলৈ আনি থাকে, তেনেকৈ স্মৃতিত থাকিবা।
তেওঁলোকৰ প্ৰেম হৈছে নাম-ৰূপৰ (দৈহিক)। এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক কেনেকৈ হ’ল?
কোনেও নাজানে। তোমালোকেতো কোৱা এয়া কালিৰ কথা। এওঁলোকে ৰাজত্ব কৰিছিল, মনুষ্যইতো
লাখ লাখ বছৰ বুলি কৈ দিয়ে। মায়াই মনুষ্যক একেবাৰে পাথৰ (অপৱিত্ৰ) বুদ্ধিৰ কৰি দিছে।
এতিয়া তোমালোক পাথৰ (পতিত) বুদ্ধিৰ পৰা পাৰস (পাৱন) বুদ্ধিৰ হৈছা। ‘পাৰসনাথ’ৰ
মন্দিৰো আছে। কিন্তু তেওঁ কোন, এইটো কোনেও নাজানে। মনুষ্য একেবাৰে ঘোৰ অন্ধকাৰত আছে।
এতিয়া পিতাই কিমান ভাল ভাল কথা বুজায়। বাকী প্ৰত্যেকৰে বুদ্ধিৰ ওপৰত নিৰ্ভয় কৰে।
পঢ়াওঁতাজনতো এজনেই, পঢ়োঁতা অনেক হৈ গৈ থাকিব। অলিয়ে-গলিয়ে তোমালোকৰ স্কুল হৈ যাব।
স্বৰ্গৰ দ্বাৰ। এজনো মনুষ্য নাই যিয়ে এনেকৈ ভাবে যে মই নৰকত আছোঁ। পিতাই বুজায় যে
সকলো পূজাৰী। পূজ্য থাকে সত্যযুগত। পূজাৰী থাকে কলিযুগত। মনুষ্যই আকৌ বুজি লয়
ভগৱানেই পূজ্য, ভগৱানেই পূজাৰী। আপুনিয়েই ভগৱান - আপুনিয়েই সকলো খেল কৰে। আপুনিও
ভগৱান, আমিও ভগৱান। একোৱেই বুজি নাপায়, এইখন হৈছেই ৰাৱণৰাজ্য। তোমালোক কি আছিলা,
এতিয়া কি হ’লা। সন্তানসকলৰ বহুত নিচা থাকিব লাগে। পিতাই কেৱল কয় - মোক স্মৰণ কৰা
তেতিয়া তোমালোক পুণ্য আত্মা হৈ যাবা।
পিতাই সন্তানসকলক
পুণ্য আত্মা হোৱাৰ যুক্তি শুনায় – সন্তানসকল, এই পুৰণি সৃষ্টিৰ এতিয়া অন্তৰ সময়।
মই এতিয়া পোনে পোনে আহিছোঁ, এয়া হৈছে অন্তিমৰ দান, একেবাৰে সমৰ্পিত হৈ যোৱা। বাবা,
এই সকলোবোৰ আপোনাৰ। পিতাইতো দিবৰ বাবেই কৰোৱায়। এওঁলোকৰ যাতে ভৱিষ্যত গঢ়ি উঠে।
মনুষ্যই ঈশ্বৰৰ অৰ্থে দান-পুণ্য কৰে – সেয়া হৈছে আওপকীয়া। তাৰ ফল পৰৱৰ্তী জন্মত
পায়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এতিয়াতো মই পোনপটীয়াকৈ আহিছোঁ। এতিয়া
তোমালোকে যি কৰিবা তাৰ বিনিময়ত পদম গুণৰ হিচাপত পাবা। সত্যযুগততো দান-পুণ্য আদিৰ
কথা নাথাকে। ইয়াত যদি কাৰোবাৰ ধন আছে বাবাই ক’ব বাৰু, তুমি গৈ সেৱাকেন্দ্ৰ খোলা।
প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা। গৰিব হ’লে ক’ব - বাৰু, নিজৰ ঘৰতে কেৱল ফলক লগাই দিয়া-
স্বৰ্গৰ দ্বাৰ। স্বৰ্গ আৰু নৰক আছে নহয়। এতিয়া আমি নৰকবাসী, এইটোও কোনেও বুজি
নাপায়। যদি স্বৰ্গলৈ গ’ল তেন্তে তেওঁক আকৌ নৰকলৈ কিয় মাতা। স্বৰ্গত জানো কোনোবাই
ক’ব যে স্বৰ্গলৈ গ’ল। তেওঁতো স্বৰ্গতেই আছে। পুনৰ্জন্ম স্বৰ্গতেই হ’ব। ইয়াত
পুনৰ্জন্ম নৰকতেই হয়। এই কথাবোৰো তোমালোকে বুজাব পাৰা। ভগৱানুবাচ (ভগৱানে কয়) –
মামেকম্ (কেৱল মোক) স্মৰণ কৰা কিয়নো তেৱেঁই পতিত-পাৱন, মোক স্মৰণ কৰিলে তোমালোক
পূজাৰীৰ পৰা পূজ্য হৈ যাবা। যদিও স্বৰ্গত সকলো সুখী হ’ব কিন্তু ক্ৰমানুসৰি পদ
মৰ্যাদা থাকে। লক্ষ্য অতি উচ্চ। কুমাৰীসকলৰতো সেৱাৰ বহুত উৎসাহ থাকিব লাগে। আমি
ভাৰতক স্বৰ্গ কৰি গঢ়ি দেখুৱাম। কুমাৰী সেইসকল যিয়ে 21 কুলৰ উদ্ধাৰ কৰে অৰ্থাৎ 21
জন্মৰ বাবে উদ্ধাৰ কৰিব পাৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণি
সৃষ্টিৰ এতিয়া অন্তৰ সময়, পিতা পোনে পোনে আহিছে সেয়েহে একেবাৰে সমৰ্পিত হৈ যাব
লাগে, বাবা এয়া সকলো আপোনাৰ… এইটো যুক্তিৰে পুণ্য আত্মা হৈ যাবা।
(2) মুৰুলী কেতিয়াও
খতি কৰিব নালাগে, মুৰুলী পঢ়া বা শুনাৰ ক্ষেত্ৰত অমনোযোগী হ’ব নালাগে। এনেকুৱা নহয়
যে মই নপঢ়িলোঁ তাতে কি হ’ল। মইতো পাৰ হৈ গ’লোঁ। নহয়। এনেকৈ ভবাতো দেহ-অভিমান।
মুৰুলী অৱশ্যে পঢ়িব লাগে।
বৰদান:
নিজক গঢ় দি
সঁচা সোণ হৈ প্ৰতিটো কাৰ্যত সফল হওঁতা স্ব-পৰিৱৰ্তক হোৱা।
যিয়ে সকলো পৰিস্থিতিত
নিজক পৰিৱৰ্তন কৰি স্ব-পৰিৱৰ্তক হয় তেওঁ সদায় সফল হয়। সেই কাৰণে নিজক পৰিৱৰ্তন কৰাৰ
লক্ষ্য ৰাখা। অন্য পৰিৱৰ্তন হ’লেহে মই পৰিৱৰ্তন হ’ম- নহয়। অন্য পৰিৱৰ্তন হওঁক বা
নহওঁক মই পৰিৱৰ্তন হ’ব লাগে। অৰ্জুন মই হ’ব লাগে। পৰিৱৰ্তন কৰাত সদায় মই প্ৰথম। যিয়ে
এই ক্ষেত্ৰত প্ৰথমে নিজক প্ৰাধান্য দিয়ে তেৱেঁই প্ৰথম নম্বৰ হৈ যায়, কিয়নো নিজক গঢ়
দিয়াজনেই সঁচা সোণ। সঁচা সোণৰহে মূল্য আছে।
স্লোগান:
নিজৰ শ্ৰেষ্ঠ জীৱনৰ প্ৰত্যক্ষ প্ৰমাণৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰা।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
পিতাৰ সমান হোৱা বা
পিতাৰ সমীপত আহিবলৈ হ’লে অপৱিত্ৰতা অৰ্থাৎ কাম মহাশত্ৰুৱে যাতে সপোনতো প্ৰহাৰ নকৰে।
সদায় ভাই ভাইৰ স্মৃতি সহজ আৰু স্বতঃ স্বৰূপ হওঁক। আত্মাৰ প্ৰকৃত গুণ-স্বৰূপ আৰু
শক্তি-স্বৰূপ স্থিতিৰ পৰা অৱনমিত নহ’বা।