27.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক শৰীৰৰ পৰা পৃথক হৈ পিতাৰ ওচৰলৈ যাব লাগে, তোমালোকে শৰীৰ লগত লৈ নোযোৱা, সেইবাবে শৰীৰক পাহৰি আত্মাক চোৱা”

প্ৰশ্ন:
তোমালোক সন্তানসকলে যোগবলেৰে নিজৰ আয়ুস বঢ়োৱাৰ পুৰুষাৰ্থ কিয় কৰা?

উত্তৰ:
কিয়নো তোমালোকৰ অন্তৰে বিচাৰে যে আমি পিতাৰ দ্বাৰা এইটো জন্মত সকলো জানি লওঁ। পিতাৰ পৰা সকলো শুনি লওঁ, সেইবাবে তোমালোকে যোগবলৰ দ্বাৰা নিজৰ আয়ুস বঢ়োৱাৰ পুৰুষাৰ্থ কৰা। এতিয়াহে তোমালোকে পিতাৰ পৰা স্নেহ পোৱা। এনেকুৱা স্নেহ পুনৰ গোটেই কল্পতে নোপোৱা। বাকী যিসকল শৰীৰ এৰি গুচি গৈছে, তেওঁলোকৰ কাৰণে ড্ৰামা বুলি কোৱা হ’ব। তেওঁলোকৰ ইমানেই ভূমিকা আছিল।

ওঁম্শান্তি।
সন্তানসকল জন্ম-জন্মান্তৰ অন্য সৎসংগলৈ গৈছা আৰু ইয়ালৈও আহিছা। বাস্তৱত ইয়াকো সৎসংগ বুলি কোৱা হয়। সত্যৰ সংগই উদ্ধাৰ কৰে। সন্তানসকলৰ অন্তৰত উদয় হয় – আমি প্ৰথমে ভক্তিমাৰ্গৰ সৎসংগত গৈছিলোঁ আৰু এতিয়া ইয়াত বহি আছোঁ। ৰাতি দিনৰ পাৰ্থক্য অনুভৱ হয়। ইয়াত প্ৰথমেতো পিতাৰ স্নেহ পোৱা যায়। আকৌ পিতাই সন্তানসকলৰ স্নেহ পায়। এতিয়া এইটো জন্মত তোমালোকৰ পৰিৱৰ্তন হৈ আছে। তোমালোক সন্তানসকলে বুজি পোৱা যে আমি আত্মা, শৰীৰ নহয়। শৰীৰে নকয় যে মোৰ আত্মা। আত্মাই ক’ব পাৰে, মোৰ শৰীৰ। এতিয়া সন্তানসকলে বুজিছে – জন্ম-জন্মান্তৰেতো সেই সাধু, সন্ত, মহাত্মা আদিৰ চৰণতে পৰি আহিলা। আজিকালি আকৌ ‘ফেশ্বন’ হৈ পৰিছে – সাই বাবা, মেহৰ বাবা… তেওঁলোকো সকলো পাৰ্থিৱ হৈ গ’ল। পাৰ্থিব স্নেহত সুখতো নাথাকেই। এতিয়া তোমালোক সন্তানসকলৰ এয়া হৈছে আত্মিক স্নেহ। ৰাতি-দিনৰ পাৰ্থক্য। ইয়াত তোমালোকে বোধশক্তি পোৱা, তাততো একেবাৰে অবোধ। তোমালোকে এতিয়া বুজি পোৱা বাবা আহি আমাক পঢ়ায়। তেওঁ সকলোৰে পিতা। পুৰুষ তথা স্ত্ৰী সকলোৱে নিজকি আত্মা বুলি বুজে। বাবাই মাতেও – হে সন্তানসকল। সন্তানসকলেও সঁহাৰি জনায়। এয়া হ’ল পিতা আৰু সন্তানসকলৰ মেলা। সন্তানসকলে জানে – পিতা আৰু সন্তানসকলৰ, আত্মা আৰু পৰমাত্মাৰ এই মেলা এবাৰেই হয়। সন্তানসকলে “বাবা বাবা” বুলি কৈ থাকে। ‘বাবা’ শব্দটি বৰ মিঠা। বাবা বুলি ক’লে উত্তৰাধিকাৰ স্মৃতিলৈ আহিব। তোমালোক শিশুতো নহয়। পিতাৰ বুজনি সন্তানসকলে সোনকালে বুজি পায়। পিতাৰ পৰা কি উত্তৰাধিকাৰ লাভ কৰে। সেই সৰু সন্তানসকলেতো বুজিব নোৱাৰে। ইয়াত তোমালোকে জানা যে আমি বাবাৰ ওচৰলৈ আহিছোঁ। পিতাই কয় – “হে সন্তানসকল”, গতিকে ইয়াত সকলো সন্তান আহি গ’ল। সকলো আত্মা ঘৰৰ পৰা ভূমিকা পালন কৰিবলৈ ইয়ালৈ আহে। কোনে কেতিয়া ভূমিকা পালন কৰিবলৈ আহে সেয়াও বুদ্ধিত আছে। সকলোৰে শাখা বেলেগ বেলেগ, য’ৰ পৰা আহে। পুনৰ অন্তত সকলোৱে নিজৰ নিজৰ শাখালৈ যায়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পিতাই কাকো নপঠিয়ায়। আপোনাআপুনি এই ড্ৰামা ৰচি থোৱা আছে। প্ৰত্যেকে নিজৰ নিজৰ ধৰ্মত আহি থাকে। বুদ্ধৰ ধৰ্ম প্ৰতিষ্ঠা নোহোৱালৈকে সেই ধৰ্মৰ কোনো নাহিব। প্ৰথমতে সূৰ্যবংশী-চন্দ্ৰবংশীহে আহে। যিসকলে পিতাৰ পৰা ভালদৰে পঢ়ে, তেওঁলোকেই ক্ৰমান্বয়ে সূৰ্যবংশী, চন্দ্ৰবংশীত শৰীৰ ধাৰণ কৰে। তাত বিকাৰৰতো কোনো কথা নাই। যোগবলৰ দ্বাৰা আত্মা আহি গৰ্ভত প্ৰৱেশ কৰে। তাৰ দ্বাৰা বুজিব যে মই আত্মা এই শৰীৰত গৈ প্ৰৱেশ কৰিম। বৃদ্ধজনে বুজিব – মই আত্মাই যোগবলৰ দ্বাৰা এই শৰীৰ ধাৰণ কৰিমগৈ। মই আত্মাই এতিয়া পুনৰ্জন্ম ল’ম। সেই পিতায়ো বুজে – মোৰ ওচৰলৈ সন্তান আহিছে। সন্তানৰ আত্মা আহি আছে, যাৰ সাক্ষাৎকাৰ হয়। শৰীৰ এৰিব লগাজনে বুজি পায় যে মই গৈ আন এটা শৰীৰত প্ৰৱেশ কৰোঁ। এইটো বিচাৰো উদয় হয় নহয়। নিশ্চয় তাৰ নিয়ম থাকিব। সন্তান কোনটো বয়সত আহিব, তাততো সকলো নিয়মত চলে নহয়। সেয়াতো আগলৈ গৈ উপলব্ধি হ’ব। সকলো গম পাবা, এনেকুৱাতো নহয় 15-20 বছৰত কোনোবাই সন্তান জন্ম দিব, যেনেকৈ ইয়াত হয়। নহয়, তাত আয়ুস 150 বছৰ হয়, গতিকে জীৱনৰ আধাচোৱা সময়ৰ কিছু আগত সন্তান আহিব সেই সময়ত সন্তান আহিব কিয়নো তাত আয়ুস দীঘলীয়া হয়, এটাই সন্তান আহিবলগীয়া থাকে। পাছত কন্যাও আহিব, নিয়ম থাকিব। প্ৰথমতে পুত্ৰ সন্তানৰ পাছত কন্যা সন্তানৰ আত্মা আহে। বিবেকে কয় – প্ৰথমতে পুত্ৰ সন্তান অহা উচিত। প্ৰথমতে পুৰুষ, পাছত মহিলা। 8-10 বছৰৰ ব্যৱধানত আহিব। আগলৈ গৈ তোমালোক সন্তানসকলৰ সকলো সাক্ষাৎকাৰ হ’ব। তাৰ ৰীতি-প্ৰথা কেনেকুৱা, এই সকলো নতুন সৃষ্টিৰ কথা পিতাই বহি বুজায়। পিতাহে হৈছে নতুন সৃষ্টি স্থাপনা কৰোঁতা। ৰীতি-প্ৰথাবোৰৰ বিষয়েও নিশ্চয় শুনাই থাকিব। আগলৈ বহুত শুনাব আৰু তেতিয়া সাক্ষাৎকাৰ হৈ থাকিব। সন্তান কেনেকৈ জন্ম হ’ব, কোনো নতুন কথা নহয়।

তোমালোকতো এনেকুৱা ঠাইলৈ যোৱা য’লৈ কল্পই কল্পই যাবলগীয়া হয়। বৈকুণ্ঠতো এতিয়া সমীপত আহি গ’ল। এতিয়াতো একেবাৰে ওচৰত আহি উপস্থিত হৈছে। যিমানে তোমালোক জ্ঞান-যোগত শক্তিশালী হৈ যাবা সিমানে প্ৰতিটো কথা তোমালোকে ওচৰৰ পৰা দেখিবলৈ পাবা। অনেক বাৰ তোমালোকে ভূমিকা পালন কৰিছা। এতিয়া তোমালোকে বোধশক্তি পাইছা, যিটোহে তোমালোকে লগত লৈ যাবা। তাৰ কি কি ৰীতি-প্ৰথা হ’ব, সকলো জানি যাবা। আৰম্ভণিতে তোমালোকৰ সকলো সাক্ষাৎকাৰ হৈছিল। সেই সময়ত তোমালোকে “অল্‌ফ-বে”ৰ (পিতা আৰু বাদশ্বাহীৰ) বিষয়ে পঢ়িছিলা। আকৌ শেষতো নিশ্চয় তোমালোকৰ সাক্ষাৎকাৰ হোৱা উচিত। সেয়েহে পিতাই বহি শুনায়, সেই সকলো চোৱাৰ ইচ্ছা তোমালোকৰ ইয়াতেই হ’ব। বুজিবা, শৰীৰ যাতে এৰিবলগীয়া নহয়, সকলো যাতে প্ৰত্যক্ষ কৰি যাওঁ। ইয়াৰ বাবে আয়ুস বঢ়াবলৈ যোগবলৰ প্ৰয়োজন। যাতে পিতাৰ পৰা সকলো শুনা, সকলো দেখা। যিসকল ইতিমধ্যে গুচি গৈছে তেওঁলোকৰ চিন্তন কৰা অনুচিত। সেয়াতো ড্ৰামাৰ ভূমিকা। বেছিকৈ পিতাৰ পৰা বেছি স্নেহ পোৱা - সেয়া ভাগ্যত নাছিল কিয়নো যিমানে তোমালোক সেৱাৰ যোগ্য হোৱা, সিমানে পিতাৰ বহুত প্ৰিয় হোৱা। যিমানে সেৱা কৰা, যিমানে পিতাক স্মৰণ কৰা, সেই স্মৃতি স্থায়ী হৈ থাকিব। তোমালোকৰ বহুত মজা (আনন্দ) লাগিব। এতিয়া তোমালোক ঈশ্বৰীয় সন্তান হোৱা। পিতাই কয় – তোমালোক আত্মাসকল মোৰ ওচৰত আছিলা নহয়। ভক্তিমাৰ্গত মুক্তিৰ বাবে বহুত পৰিশ্ৰম কৰে। জীৱনমুক্তিৰ বিষয়েতো নাজানে। এয়া অতি স্নেহযুক্ত জ্ঞান। বহুত স্নেহ থাকে। পিতা, পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। সঁচা সৰ্বোত্তম বাবা যিয়ে আমাক 21 জন্মৰ বাবে সুখধামলৈ লৈ যায়। আত্মাহে দুখী হয়। দুখ-সুখ আত্মাইহে উপলব্ধি কৰে। কোৱাও হয় – পাপ আত্মা, পুণ্য আত্মা। এতিয়া পিতা আহিছে আমাক সকলো দুখৰ পৰা মুক্ত কৰিবলৈ। এতিয়া তোমালোক সন্তানসকল বেহদত যাব লাগে। সকলো সুখী হৈ যাব। গোটেই জগতখনেই সুখী হৈ যাব। ড্ৰামাত ভূমিকা আছে, সেয়াও তোমালোকে বুজি পাই গৈছা। তোমালোক কিমান আনন্দিত হৈ থাকা। বাবা আমাক স্বৰ্গলৈ লৈ যাবলৈ আহিছে। পিতাই ধৈৰ্য ধৰিবলৈ কয় – মৰমৰ সন্তানসকল, মই তোমালোকক সকলো দুখৰ পৰা মুক্ত কৰিবলৈ আহিছোঁ। তেন্তে এনেহেন পিতাৰ প্ৰতি কিমান স্নেহ থকা উচিত। সকলো সম্বন্ধই তোমালোকক দুখ দিছে। এয়া হয়েই দুখদায়ী সন্তান। তোমালোক দুখী হৈ, দুখৰ কথাই শুনি আহিছা। এতিয়া পিতাই সকলো কথা বুজাই আছে। অনেক বাৰ বুজাইছে আৰু চক্ৰৱৰ্তী ৰজা কৰি তুলিছে। সেয়েহে যিজনা পিতাই আমাক এনেকুৱা স্বৰ্গৰ মালিক কৰি তোলে, তেওঁৰ প্ৰতি আমাৰ কিমান স্নেহ থকা উচিত। এজন পিতাকে তোমালোকে স্মৰণ কৰা। পিতাৰ বাহিৰে আন কাৰো লগত সম্বন্ধ নাই। আত্মাকহে বুজোৱা হয়। আমি সৰ্বোত্তম পিতাৰ সন্তান। এতিয়া যেনেকৈ আমি ৰাস্তা পাইছোঁ, আকৌ আনকো সুখৰ ৰাস্তা দেখুৱাব লাগে। তোমালোকে কেৱল আধাকল্পৰ বাবে নহয়, কল্পৰ চাৰিভাগৰ তিনিভাগেই সুখ পোৱা। তোমালোকৰ প্ৰতিও বহুত উৎসৰ্গিত হৈ যায় কিয়নো তোমালোকে পিতাৰ বাৰ্তা শুনাই সকলো দুখ দূৰ কৰি দিয়া।

তোমালোকে বুজি পোৱা যে এৱোঁ (ব্ৰহ্মায়ো) এই জ্ঞান সৰ্বোত্তম পিতাৰ পৰা পায়। এওঁ আকৌ আমাক বাৰ্তা দিয়ে। আমি পুনৰ আনক বাৰ্তা দিম। পিতাৰ পৰিচয় দি সকলো সন্তানকে অজ্ঞান নিদ্ৰাৰ পৰা জগাই আছোঁ। ভক্তিক অজ্ঞান বুলি কোৱা হয়। জ্ঞান আৰু ভক্তি বেলেগ বেলেগ। জ্ঞান সাগৰ পিতাই এতিয়া তোমালোক সন্তানসকলক জ্ঞান শিকাই আছে। তোমালোকৰ অন্তৰত উদয় হয়, বাবা প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহি আমাক জগায়। আমাৰ যি দীপক (আত্মা) আছে, তাত ঘৃত অলপহে বাকী আছে সেইবাবে এতিয়া আকৌ জ্ঞান ৰূপী ঘৃত ঢালি দীপক প্ৰজ্জ্বলিত কৰে। যেতিয়া পিতাক স্মৰণ কৰে তেতিয়া আত্মাৰূপী দীপক প্ৰজ্জ্বলিত হয়। আত্মাত যি মামৰ (বিকাৰৰ লেপ) লাগিছে সেয়া পিতাৰ স্মৃতিৰ দ্বাৰা আঁতৰিব, তাতেই মায়াৰ যুদ্ধ চলে। মায়াই বাৰে বাৰে পাহৰাই দিয়ে আৰু মামৰ আঁতৰি যোৱাৰ পৰিৱৰ্তে বেছিকৈহে লাগি যায়। আনকি যিমান আঁতৰিছিল, তাতকৈও বেছিহে লাগি যায়। পিতাই কয় – সন্তানসকল, মোক স্মৰণ কৰা তেতিয়া মামৰ আঁতৰি যাব। ইয়াতেই পৰিশ্ৰম হয়। শৰীৰৰ আকৰ্ষণ থাকিব নালাগে। আত্ম-অভিমানী হোৱা। মই আত্মা, বাবাৰ ওচৰলৈ শৰীৰৰ সৈতেতো যাব নোৱাৰিম। শৰীৰৰ পৰা পৃথক হৈহে যাব লাগিব। আত্মাক চালে মামৰ নোহোৱা হ’ব, শৰীৰক চালে মামৰ লাগিব। কেতিয়াবা উন্নতি, কেতিয়াবা অৱনতি হয় – এয়া চলি থাকে। কেতিয়াবা তল, কেতিয়াবা ওপৰ – অতি স্পৰ্শকাতৰ মাৰ্গ। এনেকুৱা হৈ হৈ অন্তিমত কৰ্মাতীত অৱস্থা পায়। মুখ্যত প্ৰতিটো কথাত চকুৱেই প্ৰৱঞ্চনা কৰে, সেইবাবে শৰীৰক চাব নালাগে। আমাৰ বুদ্ধি শান্তিধাম-সুখধামত ওলমি আছে আৰু দৈৱী গুণ ধাৰণ কৰিব লাগে। ভোজনো শুদ্ধ খাব লাগে। দেৱতাসকলৰ ভোজন পৱিত্ৰ। বৈষ্ণৱ শব্দটি বিষ্ণুৰ পৰা ওলাইছে। দেৱতাসকলে কেতিয়াও লেতেৰা বস্তু নাখায়। বিষ্ণুৰ মন্দিৰ আছে, যাক নৰ-নাৰায়ণ বুলিও কয়। এতিয়া লক্ষ্মী-নাৰায়ণতো সাকাৰী হৈ গ’ল। তেওঁলোকৰ 4 খন হাত নালাগে। কিন্তু ভক্তিমাৰ্গত তেওঁৰো 4 খন হাত দি দিছে। ইয়াকে কোৱা হয় বেহদৰ অজ্ঞানতা। বুজি নাপায় যে 4 খন হাত থকা কোনো মনুষ্যতো থাকিব নোৱাৰে। সত্যযুগত 2 খন হাত থাকিব। ব্ৰহ্মাৰো 2 খন হাত। ব্ৰহ্মাৰ পুত্ৰী সৰস্বতী, তেওঁলোকক লগ লগাই 4 খন হাত দিছে। এতিয়া সৰস্বতী কোনো ব্ৰহ্মাৰ স্ত্ৰী নহয়, এওঁতো প্ৰজাপিতা ব্ৰহ্মাৰ জীয়ৰী। যিমান সন্তান তোলনীয়া হৈ গৈ থাকে সিমানে তেওঁৰ হাত বাঢ়ি গৈ থাকে। ব্ৰহ্মাৰহে 108 হাত বুলি কয়। বিষ্ণু বা শংকৰৰ বুলি নকয়। ব্ৰহ্মাৰ হাত বহুত। ভক্তিমাৰ্গততো একো বুজি নাপায়। পিতা আহি সন্তানসকলক বুজায়, তোমালোকে কোৱা – বাবা আহি আমাক বুদ্ধিমান কৰি তুলিছে। মনুষ্যই কয় – আমি শিৱৰ ভক্ত। বাৰু, তোমালোকে শিৱক কি বুলি ভাবা? এতিয়া তোমালোকে বুজিছা শিৱবাবা সকলো আত্মাৰ পিতা, সেইবাবে তেওঁৰ পূজা কৰে। মূল কথা পিতাই কয় – মোক স্মৰণ কৰা। তোমালোকে মাতিছিলাও – হে পতিত-পাৱন আহি আমাক পাৱন কৰি তোলক। সকলোৱে মাতি আছে – পতিত-পাৱন সীতাৰাম। এৱোঁ গাই আছিল। বাবাই (ব্ৰহ্মাই) নাজানিছিল যে পিতা স্বয়ং আহি মোৰ শৰীৰত প্ৰৱেশ কৰিব। কিমান আচৰিত, কেতিয়াও খেয়াল কৰা নাছিল। প্ৰথমতেতো আচৰিত হৈছিল – এয়া কি হৈছে! মই কাৰোবাক চালে তেতিয়া বহি বহি আকৰ্ষিত হয়। এয়া কি হৈছে? সন্মুখত বহিলে তেতিয়া ধ্যানত গুচি গৈছিল। আচৰিত হৈ গৈছিল, এয়া কি! এই কথা বুজিবলৈ একান্ত অৱস্থাৰ প্ৰয়োজন। তেতিয়া বৈৰাগ্য জন্মিব ধৰিলে – ক’ত যাওঁ? বাৰু, বাৰানসীলৈ যাওঁ। এয়া তেওঁৰ (শিৱবাবাৰ) আকৰ্ষণ আছিল। যি এওঁকো (ব্ৰহ্মাকো) কৰাইছিল, ইমান ডাঙৰ কাৰবাৰ সকলো এৰি গ’ল। সেই বেচেৰাসকলে কি জানিছিল যে বাৰানসীলৈ কিয় যায়? পাছত তাত গৈ বাগিচাত বহি গ’ল। তাত বহি হাতত পেঞ্চিল লৈ দেৱালত চক্ৰ আঁকিছিল। বাবাই কি কৰাইছিল, একোৱেই গম পোৱা নাছিল। ৰাতি টোপনি আহি গৈছিল। ভাবিছিল ক’ৰবালৈ উৰি গৈছোঁ। অকৌ যেন তললৈ আহি গৈছিল। একোংম পোৱা নাছিল যে কি হৈ আছে। আৰম্ভণিত কিমান সাক্ষাৎকাৰ হৈছিল। কন্যাসকলে বহি বহি ধ্যানত গুচি গৈছিল। তোমালোকে বহুত কিবাকিবি দেখিছা। তোমালোকে ক’বা যি আমি দেখিছোঁ সেয়া তোমালোকে দেখা নাই। আকৌ পাছলৈও বাবাই বহুত সাক্ষাৎকাৰ কৰাব কিয়নো সমীপত আহি গৈ থাকিব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ বাৰ্তা শুনাই সকলোৰে দুখ দূৰ কৰিব লাগে। সকলোকে সুখৰ ৰাস্তা দেখুৱাব লাগে। হদৰ পৰা ওলাই বেহদত যাব লাগে।

(2) অন্তৰ সময়ত সকলো সাক্ষাৎকাৰ কৰিবলৈ তথা পিতাৰ স্নেহৰ প্ৰতিপালন পাবলৈ জ্ঞান-যোগত মজবুত হ’ব লাগে। আনৰ চিন্তা নকৰি যোগবলৰ দ্বাৰা নিজৰ আয়ুস বঢ়াব লাগে।

বৰদান:
আলস্য বা অমনোযোগিতাৰ অভিমান এৰি পিতাৰ সহায়ৰ পাত্ৰ হওঁতা সহজ পুৰুষাৰ্থী হোৱা

বহুত সন্তানে সাহস ৰখাৰ পৰিৱৰ্তে আলস্য বা মনোযোগিতাৰ অভিমানত আহি যায় যে মইতো সদাৰ পাত্ৰ হওঁৱেই। পিতাই মোক সহায় নকৰিলে কাক কৰিব! এই অভিমানৰ কাৰণে সাহসৰ বিধি পাহৰি যায়। বহুতৰে আকৌ নিজৰ প্ৰতি মনোযোগ দিয়াৰো অভিমান থাকে যিয়ে সহযোগৰ পৰা বঞ্চিত কৰি দিয়ে। এনেকৈ ভাবে যে মইতো বহুত যোগযুক্ত হৈ থাকিলোঁ, জ্ঞানী যোগী আত্মা হৈ গ’লোঁ, সেৱাৰ ৰাজধানী তৈয়াৰ হৈ গ’ল... এনেকুৱা অভিমান এৰি সাহসৰ আধাৰত সহায়ৰ পাত্ৰ হোৱা তেতিয়া সহজ পুৰুষাৰ্থী হৈ যাবা।

স্লোগান:
যি ব্যৰ্থ আৰু নেতিবাচক সংকল্প চলে সেয়া পৰিৱৰ্তন কৰি বিশ্ব কল্যাণৰ কাৰ্যত ব্যৱহাৰ কৰা।


কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

সদায় অন্তৰত পিতাহে সমাহিত হৈ আছে সেয়েহে ভাল তীব্ৰ কৰি আগবাঢ়ি গৈ আছা। কৰ্মযোগী আত্মা হোৱা নহয়। কৰ্ম আৰু যোগ সংযুক্ত হৈ আছে। সদায় সন্তুলন ৰাখি, পিতাৰ আশীৰ্বাদ প্ৰাপ্ত কৰোঁতা আৰু সদায় আনন্দময় জীৱন যাপন কৰোঁতা। এনেকুৱা শ্ৰেষ্ঠ আত্মা হোৱা। পিতাই সদায় সকলো সন্তানৰ প্ৰতি এইটোৱে শুভ আশা থাকে যে এওঁলোক বিজয় মালাৰ মণি হওঁক, ইয়াৰ বাবে সংযুক্ত স্বৰূপেৰে সেৱা কৰা।


 
`