27.06.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
স্মৃতিৰ দ্বাৰা আত্মাৰ মলিনতা আঁতৰাই গৈ থাকা, আত্মা যেতিয়া একেবাৰে পাৱন হৈ যাব
তেতিয়াহে ঘৰলৈ যাব পাৰিব”
প্ৰশ্ন:
এই অন্তিম
জন্মত পিতাৰ কোনটো নিৰ্দেশনা পালন কৰাতেই সন্তানসকলৰ কল্যাণ আছে?
উত্তৰ:
বাবাই কয় মৰমৰ সন্তানসকল - এই অন্তিম জন্মত পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ লৈ লোৱা।
বুদ্ধি দিগভ্ৰান্ত হ’বলৈ নিদিবা, বিহক ত্যাগ কৰি অমৃত পান কৰা। এই অন্তিম জন্মতেই
তোমালোকে 63 জন্মৰ অভ্যাস আঁতৰাব লাগে সেয়েহে ৰাতিয়ে-দিনে পৰিশ্ৰম কৰি দেহী-অভিমানী
হোৱা।
ওঁম্শান্তি।
শান্তিধাম হৈছে
বিশ্ৰামপুৰী। এই জগতত সকলো ক্লান্ত হৈ আছে। বিচাৰে যে আমি নিজৰ সুখধামলৈ যাওঁ। এইখন
সৃষ্টি ভাল নালাগে। স্বৰ্গক দেখা পায় তেন্তে নৰকৰ প্ৰতি কেনেকৈ অন্তৰৰ আকৰ্ষণ থাকিব।
কয় যে বাবা সোনকালে কৰক, এই দুখধামৰ পৰা লৈ যাওঁক। পিতায়ো বুজায় - এইখনতো ছিঃ ছিঃ
সৃষ্টি, ইয়াৰ নামেই হৈছে আসুৰিক সৃষ্টি, নৰক। এয়া জানো কোনো ভাল শব্দ? ক'ত দৈৱী
সৃষ্টি, ক'ত আসুৰিক সৃষ্টি, এই আসুৰিক সৃষ্টিত সকলো অশান্ত হৈ গৈছে। কিন্তু উভতি
কোনেও যাব নোৱাৰে। তমোপ্ৰধানৰ খাদ পৰি আছে। সেই খাদ আত্মাৰ পৰা যাতে আঁতৰি যায় তাৰ
বাবে পুৰুষাৰ্থ কৰি আছে। যিসকল ভাল পুৰুষাৰ্থী, তেওঁলোকৰ অৱস্থা পাছলৈ ভাল হৈ যাব।
এই পুৰণি সৃষ্টি নাশ হৈ যাব, এতিয়াতো কেইটিমান দিন বাকী আছে। যেতিয়ালৈকে পিতা আহি
উভতাই লৈ নাযায় তেতিয়ালৈকে কোনো উভতি যাব নোৱাৰে। জগতত দুখ আছে নহয়। ঘৰতো কিবা নহয়
কিবা দুখ থাকে। তোমালোক সন্তানসকলৰ অন্তৰত আছে বাবা এতিয়া আমাক দুখৰ পৰা মুক্ত
কৰিবলৈ আহিছে। যিসকল ভাল নিশ্চয়বুদ্ধিৰ হয় তেওঁলোকে পিতাৰ স্মৃতি কেতিয়াও নাপাহৰে।
তেওঁক কোৱাই হয় সকলোৰে দুখ হৰ্তা। সন্তানসকলেহে চিনি পায়। যদি সকলোৱে চিনি লয় তেন্তে
আকৌ ইমানবোৰ মনুষ্য আহি ক'ত বহিব, এয়া হ'ব নোৱাৰে সেয়েহে ড্ৰামাত যুক্তিও এনেকৈ ৰচি
থোৱা আছে। যিসকল শ্ৰীমতত চলে তেওঁলোকেই উচ্চ পদ পাব পাৰে, সেইটোতো ঠিক। শাস্তি ভোগ
কৰিও শান্তিধাম অথবা পাৱন সৃষ্টিলৈ যাব। কিন্তু উচ্চ পদ পাবৰ কাৰণে পুৰুষাৰ্থ
কৰিবলগীয়া হয় নহয়। দ্বিতীয়তে পাৱন নোহোৱাকৈ পাৱন সৃষ্টিলৈ কোনো যাব নোৱাৰে। এনেকৈ
যি কয় যে অমুক জ্যোতি জ্যোতিত সমাহিত হৈ গ'ল, উভতি গ'ল - এয়া হ'ব নোৱাৰে। যিসকল
পোন-প্ৰথমে সৃষ্টিলৈ আহিছে, লক্ষ্মী-নাৰায়ণ, তেওঁলোকো উভতি যাব নোৱাৰে তেন্তেস্থলত
অন্য কোনোবা কেনেকৈ যাব পাৰে। এওঁলোকৰো এতিয়া 84 জন্ম পূৰা হ'ল। এতিয়া যাবৰ কাৰণে
তপস্যা কৰি আছে। সকলোৱে এজন পিতাকেই আহ্বান জনায়। হে ঈশ্বৰ পিতা, হে মুক্তিদাতা,
সেই ঈশ্বৰ পিতা হৈছে দুখ হৰ্তা, সুখ কৰ্তা। শ্ৰীকৃষ্ণ আদি আন কাৰোবাক জানো আহ্বান
জনায়। খ্ৰীষ্টান হওঁক, মুছলমান হওঁক, সকলোৱে সেই ঈশ্বৰ পিতা বুলি কৈ আহ্বান জনায়।
আত্মাই আহ্বান জনায় - নিজৰ পিতাক। পিতা বুলি তেতিয়া কয় যেতিয়া বুজি পায় যে মই আত্মা।
আত্মাও কিবা বস্তু হয় নহয় জানো। আত্মা কোনো ডাঙৰ বস্তু নহয়, আত্মাতো এটা তৰা আৰু অতি
সূক্ষ্ম। যেনেকুৱা বাবা তেনেকুৱাই আত্মাৰ স্বৰূপ। এতিয়া তোমালোকে পিতাৰ মহিমা কৰা -
তেওঁ সত্য-চৈতন্য, জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ। তোমালোক আত্মাও তেওঁৰ সমান হোৱা।
তোমালোকৰ বুদ্ধিত এতিয়া গোটেই সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আহি গৈছে, অন্য কোনো
মনুষ্য মাত্ৰৰ এই জ্ঞান নাই। গোটেই ভাৰতত, গোটেই বিদেশত বিচৰা, কোনেও গম নাপায়।
আত্মাই 84 জন্মৰ ভূমিকা পালন কৰে। 84 লাখতো অসম্ভৱ। 84 লাখ জন্মৰতো কোনেও বৰ্ণনাই
কৰিব নোৱাৰে। পিতাই কয় - তোমালোকে নিজৰ জন্মক নাজানা, মই শুনাওঁ। সেই সকলোবোৰ শুনিও
পাথৰবুদ্ধিয়ে বুজি নাপায় যে 84 লাখ জন্ম হ’লে তেন্তে কোনোবাই শুনাবই বা কেনেকৈ পাৰে।
এতিয়া তোমালোকে জানা যে আমি ব্ৰাহ্মণ, আমি 84 জন্ম লৈছোঁ। ব্ৰহ্মায়ো 84 জন্ম লৈছে,
বিষ্ণুৱেও 84 জন্ম লৈছে। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা। লক্ষ্মী-নাৰায়ণেই 84
জন্ম লৈ পুনৰ ব্ৰহ্মা-সৰস্বতী হয়। এইটোও বুজিবলগীয়া কথা নহয় জানো। পিতাই কয় -
প্ৰত্যেক 5 হাজাৰ বছৰৰ পাছত আহি বুজাওঁ। 5 হাজাৰ বছৰৰ চক্ৰ। এতিয়া তোমালোকে বৰ্ণৰ
ৰহস্যও বুজিলা। “আমিয়েই সেয়া”ৰ অৰ্থও বুজিছা, আমি আত্মাই দেৱতা হওঁ পুনৰ আমিয়েই
ক্ষত্ৰিয়, আমিয়েই বৈশ্য, শূদ্ৰ হওঁ। ইমান ইমান জন্ম লওঁ পুনৰ আমিয়েই ব্ৰাহ্মণ হওঁ।
ব্ৰাহ্মণৰ এইটো এটা জন্ম। এইটো হয়েই তোমালোকৰ হীৰাতুল্য জন্ম।
পিতাই কয় - এয়া
তোমালোকৰ উত্তম শৰীৰ, ইয়াৰ দ্বাৰা তোমালোকে স্বৰ্গৰ উত্তৰাধিকাৰ পাব পাৰা সেয়েহে
এতিয়া অন্য কোনোফালে পথভ্ৰষ্ট নহ’বা। জ্ঞান অমৃত পান কৰা। বুজিও পোৱা যথাযথ 84 জন্ম
লওঁ। তোমালোক প্ৰথমে সত্যযুগত সতোপ্ৰধান আছিলা। পুনৰ সতো হ'লা। আকৌ ৰূপৰ খাদ পৰিল,
একদম পূৰা হিচাপ শুনায়। এতিয়া চৰকাৰেও কয় সোণত খাদ (অন্য ধাতু) মিহলি কৰা। 14 কেৰেট
সোণ পৰিধান কৰা। সোণত খাদ মিহলোৱা – এইটো ভাৰতবাসীয়ে অশুভ বুলি ভাবে। বিয়া কৰালে
তেতিয়া একেবাৰে বিশুদ্ধ সোণ পৰিধান কৰে। সোণৰ প্ৰতিও ভাৰতবাসীৰ বহুত মৰম আছে। কিয়?
ভাৰতৰ কথা নুসুধিবা। সত্যযুগততো সোণৰ মহল আছিল, সোণৰ ইটা আছিল। যেনেকৈ ইয়াত ইটাৰ
মহল থাকে। তাত সোণ-ৰূপৰ মহল থাকে। ‘মায়া মচ্ছন্দৰ’ৰ খেল দেখুৱায়। তেওঁ সোণৰ ইটা
দেখিলে, ভাবিলে লৈ যাওঁ। যেতিয়া তললৈ আহিল দেখিলে যে একোৱেই নাই। কিছুমান কথাৰ
তাৎপৰ্য থাকে। কন্যাসকলে বুজি পায়, এতিয়া আমি পুনৰাই স্বৰ্গলৈ যাওঁ আকৌ পতি আদিয়ে
অশান্তিৰ সৃষ্টি কৰিলে তেতিয়া বেচেৰীহঁতে ভিতৰি কান্দে। কেতিয়া আমি সুখধামলৈ যাম?
বাবা এতিয়া সোনকালে কৰা। পিতাই কয় – সন্তানসকল, সোনকালে কেনেকৈ কৰোঁ, প্ৰথমে
তোমালোকে যোগবলেৰে নিজৰ মলিনতাতো আঁতৰা কৰা। যোগৰ যাত্ৰাত থাকা। পিতাই ধৈৰ্য ধৰিবলৈ
কয়। আহ্বানো জনায় - হে পতিত-পাৱন আহা। গায়নো কৰে - সকলোৰে সৎগতি দাতা এজন। ইয়াৰেই
কথা। অকাসুৰ বকাসুৰ এই সকলোবোৰ কথা এই সংগম সময়ৰ। এইখন হয়েই আসুৰিক সৃষ্টি। সেয়েহে
পিতাই বুজায়, মই কল্পই কল্পই সংগমযুগত আহোঁ, যেতিয়া গোটেই বৃক্ষই জৰাজীৰ্ণ অৱস্থা
পায়।
তোমালোকে জানা,
সত্যযুগত প্ৰতিটো বস্তু সতোপ্ৰধান হয়। ইয়াত ইমান পক্ষী, জীৱ-জন্তু আদি আছে, এইবোৰ
তাত ইমান নাথাকিব। ডাঙৰ ব্যক্তিৰ ঘৰত ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতা থাকে। তেওঁলোকৰ থকা
স্থান, আচবাব আদি ভাল হয়। তোমালোকো ইমান উচ্চ দেৱতা হোৱাগৈ। তাত এনেকুৱা কোনো ছিঃ
ছিঃ বস্তু থাকিব নোৱাৰে। ইয়াততো মহ আদি অনেক প্ৰকাৰৰ বেমাৰ, কিমান আৱৰ্জনা থাকে।
গাওঁবোৰত ইমান আৱৰ্জনা নাথাকে। ডাঙৰ ডাঙৰ চহৰত বহুত আৱৰ্জনা থাকে কিয়নো বহুত মনুষ্য
হৈ গৈছে। থাকিবলৈ ঠাই নাই। তোমালোক গোটেই বিশ্বৰ মালিক হোৱা। মনুষ্যই গায়ন কৰে – এক
চেকেণ্ডত শিৱ বাবা ব্ৰহ্মাৰ শৰীৰত আহি জ্ঞান দিয়ে আৰু ব্ৰহ্মাৰ পৰা বিষ্ণু আৰু 9
লাখ প্ৰজা তৈয়াৰ হৈ যায়। ব্ৰহ্মাৰ পৰা বিষ্ণু হৈ যায়। বিষ্ণুৰ লগত তৰাও আছে।
সত্যযুগত এওঁলোক দেৱতা হ’লে তেতিয়া ইমান জানো থাকে, বৃক্ষ প্ৰথমে সৰু হয় আকৌ বৃদ্ধি
পায়। সত্যযুগততো বহুত কমসংখ্যক থাকিব। মিঠা নদীৰ পাৰত থাকিব। ইয়াত নদীবোৰৰ পৰা বহুত
নলা উলিয়ায়। তাত নলা আদি জানো থাকে। মুঠিটোৰ সমান মনুষ্য থাকে। ইমানবিলাকৰ বাবে গংগা
যমুনাতো আছেই। সেই নদীবিলাকৰে আশে-পাশে থাকে। 5 তত্বও দেৱতাসকলৰ গোলাম হৈ যায়।
কেতিয়াও অনিয়মিতভাৱে বৰষুণ নহয়। কেতিয়াও নদী উথলি নুঠে। নামেই হৈছে স্বৰ্গ তেন্তে
আৰু কি? এতিয়া কয় - স্বৰ্গৰ আয়ুস ইমান লাখ বছৰ। বাৰু, তাত কোনে ৰাজ্য কৰিছিল, এইটোতো
কোৱা। কিমান মনেসজা কথা কৈ থাকে।
তোমালোকে জানা, আমি
কল্প পূৰ্বৰ দৰে এই ভূমিকা পালন কৰি আছোঁ। ৰুদ্ৰ জ্ঞান যজ্ঞত অনেক প্ৰকাৰৰ অসুৰৰ
বিঘিনি আহিব আকৌ মনুষ্যই ভাবে অসুৰসকলে ওপৰৰ পৰা আৱৰ্জনা, গোৱৰ আদি পেলাইছিল। কিন্তু
নহয়, তোমালোকে দেখিবলৈ পোৱা – কিমান বিঘিনি আহে। অৱলাসকলৰ ওপৰত অত্যাচাৰ হয় তেতিয়াহে
পাপৰ কলহ ভৰিব। পিতাই কয় – অলপ সহ্য কৰিব লাগিব। তোমালোকে নিজৰ পিতা আৰু
উত্তৰাধিকাৰক স্মৰণ কৰি থাকা। মাৰ খোৱাৰ সময়তো বুদ্ধিত শিৱবাবাৰ স্মৃতি ৰাখা।
তোমালোকৰতো বুদ্ধিত জ্ঞান আছে, কাৰোবাক ফাঁচিকাঠত ওলোমালে তেতিয়া পাদুৰীসকলে কয় -
ঈশ্বৰ পিতাক স্মৰণ কৰা। এনেকৈ নকয় যীশুখ্ৰীষ্টক স্মৰণ কৰা। ইংগিত ঈশ্বৰৰ ফালে দিয়ে।
তেওঁ ইমান মৰমৰ হয়, সকলোৱে তেওঁক আহ্বান কৰে। আত্মাইহে আহ্বান কৰে। এতিয়া
দেহী-অভিমানী হোৱাতেই পৰিশ্ৰম হয়। 63 জন্ম তোমালোক দেহ-অভিমানত আছা। এতিয়া এই এটা
জন্মত সেই আধাকল্পৰ অভ্যাস আঁতৰাব লাগে। তোমালোকে জানা, দেহী-অভিমানী হ’লে আমি
স্বৰ্গৰ মালিক হৈ যাম। কিমান উচ্চ প্ৰাপ্তি। গতিকে ৰাতিয়ে-দিনে এইটো চেষ্টাতে থাকিব
লাগে। মনুষ্যই পেছাগত কাম-কাজ আদিৰ কাৰণেও পৰিশ্ৰম কৰে। আমদানি হ’লে মনুষ্য কেতিয়াও
কলমটিয়াই বা হামিয়াই নাথাকে কিয়নো আমদানি হয়। ধনৰ আনন্দ থাকে। ক্লান্ত হৈ পৰাৰ কথাই
নাথাকে। বাবাও অনুভৱী হয় নহয়। ৰাতি পানী জাহাজ (ষ্টিমাৰ) আহিছিল তেতিয়া আহি মাল
কিনিছিল। যেতিয়ালৈ গ্ৰাহকৰ জেপ খালী নকৰে তেতিয়ালৈকে তেওঁলোকক এৰি দিয়া নাছিল।
বাবাই ৰথো পূৰা অনুভৱী লৈছে। এওঁ সকলো অনুভৱ কৰিছে। গাঁৱৰ ল’ৰাও আছিল। এক মোনত 10
অনাকৈ শস্য বিক্ৰী কৰিছিল। এতিয়াতো চোৱা বিশ্বৰ মালিক হৈ গ’ল। একেবাৰে গাঁৱৰ আছিল।
আকৌ উন্নতি কৰি একেবাৰে অলংকাৰৰ বেপাৰত লাগি গ’ল। বচ্ অলংকাৰৰ কথা। এয়া আকৌ হৈছে
সঁচা অলংকাৰ। এয়া হৈছে ৰাজকীয় বেপাৰ। বাবা বহুত অনুভৱী হয়। বাবাই ৰাজপ্ৰতিনিধি আদিৰ
ঘৰলৈ এনেকৈ গৈছিল যেন নিজৰহে ঘৰ। ইয়াক আকৌ কোৱা হয় অবিনাশী জ্ঞান ৰত্ন। যিমান এয়া
বুদ্ধিত ধাৰণা কৰিবা, ইয়াৰ দ্বাৰা তোমালোক পদমপতি হ’বাগৈ। শিৱবাবাক কোৱা হয় সদাগৰ,
ৰত্নাকৰ। তেওঁৰ মহিমাও গায় আকৌ কৈ দিয়ে সৰ্বব্যাপী। মহিমাৰ লগতে আকৌ ইমান গ্লানি।
ভক্তি মাৰ্গৰ কেনেকুৱা অৱস্থা হৈ গৈছে। পিতাই কয় – যেতিয়া ভক্তি পূৰা হয়, তেতিয়া
ভক্তৰ ৰক্ষক পিতা আহে। বহুত ভক্তি কোনে কৰে, এইটোও সিদ্ধ হৈ যায়। সকলোতকৈ বেছি ভক্তি
তোমালোকে কৰা। তেওঁলোকেই ইয়ালৈ আহি পোন-প্ৰথমে ব্ৰাহ্মণ হয়, আৰু পিতাৰ পৰা পুনৰ
পূজ্য হোৱাৰ উত্তৰাধিকাৰ লয়। ৰাৱণে পূজাৰী কৰি দিছে, পিতাই পূজ্য কৰি তোলে। এয়া হৈছে
ভগৱানুবাচ (ভগৱানৰ বাণী)। ভগৱান এজন। 2-3 গৰাকী ভগৱান নাথাকে। ‘গীতা’ ভগৱানে শুনাইছে।
শিৱ ভগৱানুবাচৰ সলনি শ্ৰীকৃষ্ণৰ নাম দি দিলে গতিকে কিমান পাৰ্থক্য হৈ গ’ল। ড্ৰামা
অনুসৰি তথাপিও ‘গীতা’ৰ নাম এনেকৈ সলনি হ’বই। আকৌ আহ্বান জনায় - হে পতিত-পাৱন আহা।
পিতাই পাৱন কৰি তোলে আৰু ৰাৱণে পতিত কৰি দিয়ে। গতিকে বুজিবলৈ কিমান বুদ্ধি লাগে।
শ্ৰীমত, শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মত হৈছেই এজন পিতাৰ। এই লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক
পিতাৰ মতেৰেই হৈছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই এটা
জন্মত 63 জন্মৰ পুৰণা দেহ-অভিমানৰ অভ্যাস আঁতৰোৱাৰ পুৰুষাৰ্থ কৰিব লাগে।
দেহী-অভিমানী হৈ স্বৰ্গৰ মালিক হ’ব লাগে।
(2) এইটো হীৰাতুল্য
উত্তম জন্মত বুদ্ধি দিগভ্ৰান্ত কৰিব নালাগে, সতোপ্ৰধান হ’ব লাগে। অত্যাচাৰ সহ্য কৰি
পিতাৰ পৰা সম্পূৰ্ণ উত্তৰাধিকাৰ ল’ব লাগে।
বৰদান:
সাকাৰ পিতাৰ
সমান নিজৰ প্ৰতিটো কৰ্ম স্মৰণীয় কৰি তোলোঁতা আধাৰমূৰ্ত আৰু উদ্ধাৰমূৰ্ত হোৱা
যেনেকৈ সাকাৰ পিতাই
নিজৰ প্ৰতিটো কৰ্ম স্মৰণীয় কৰি দিলে তেনেকৈ তোমালোক সকলোৰে প্ৰতিটো কৰ্ম স্মৰণীয়
তেতিয়া হ’ব যেতিয়া নিজক আধাৰমূৰ্ত আৰু উদ্ধাৰমূৰ্ত বুলি বুজি চলিবা। যিয়ে নিজক
বিশ্ব পৰিৱৰ্তনৰ আধাৰমূৰ্ত বুলি ভাবে, তেওঁলোকৰ প্ৰতিটো কৰ্ম উচ্চ হয় আৰু
বৃত্তি-দৃষ্টিত যেতিয়া সকলোৰে প্ৰতি কল্যাণৰ ভাৱনা থাকে তেতিয়া প্ৰতিটো কৰ্ম
শ্ৰেষ্ঠ হৈ যায়। এনেকুৱা শ্ৰেষ্ঠ কৰ্মহে স্মৰণীয় হয়।
স্লোগান:
সত্যতাৰ শক্তি ধাৰণ কৰিবলৈ সহনশীল হোৱা।
অব্যক্ত ইংগিত: সদায়
হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা
এই সহজযোগী জীৱনত যদি
কঠিনতাৰ অনুভৱ হয়, তেন্তে সহজে ৰাজ্য কেনেকৈ কৰিবা। ইয়াৰ সংস্কাৰেই তালৈ লৈ যাবা।
চোৱা, তোমালোকৰ স্মাৰক দেৱতাসকলৰ যি চিত্ৰ তৈয়াৰ কৰে তেওঁলোকৰ চেহেৰাত সৰলতা নিশ্চয়
দেখুৱায়, গতিকে যি যিমানে সহজ পুৰুষাৰ্থী হ’ব তেওঁ মনেৰেও সৰল, বাণীৰেও সৰল আৰু
কৰ্মৰেও সৰল হ’ব। তেওঁকেই ফৰিস্তা বুলি কোৱা হয়।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]