27.07.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাৰ সমান দয়াশীল আৰু কল্যাণকাৰী হোৱা, বুদ্ধিমান সেইজন যিয়ে নিজেও পুৰুষাৰ্থ কৰে
আৰু আনকো কৰোৱায়”
প্ৰশ্ন:
তোমালোক
সন্তানসকলে নিজৰ অধ্যয়নৰ দ্বাৰা কোনটো পৰীক্ষা কৰিব পাৰা, তোমালোকৰ পুৰুষাৰ্থ কি?
উত্তৰ:
অধ্যয়নৰ দ্বাৰা তোমালোকে পৰীক্ষা কৰিব পাৰা যে মই উত্তম ভূমিকা পালন কৰি আছোঁ নে
মধ্যম অথবা কনিষ্ঠ। সকলোতকৈ উত্তম ভূমিকা তেওঁৰ বুলি কোৱা হ’ব যিয়ে আনকো উত্তম কৰি
তোলে অৰ্থাৎ সেৱা কৰি ব্ৰাহ্মণৰ বৃদ্ধি কৰে। তোমালোকৰ পুৰুষাৰ্থ হৈছে পুৰণি জোতা
খুলি (শৰীৰ এৰি) নতুন জোতা (শৰীৰ) লোৱাৰ। যেতিয়া আত্মা পৱিত্ৰ হ’ব তেতিয়া তেওঁ নতুন
পৱিত্ৰ জোতা (শৰীৰ) পাব।
ওঁম্শান্তি।
সন্তানসকলে
দুই প্ৰকাৰে উপাৰ্জন কৰিব পাৰে। এফালে হৈছে স্মৃতিৰ যাত্ৰাৰ দ্বাৰা উপাৰ্জন আৰু
আনফালে 84 চক্ৰৰ জ্ঞান সোঁৱৰণৰ দ্বাৰা উপাৰ্জন। এয়া হৈছে দ্বৈত উপাৰ্জন আৰু অজ্ঞান
কালত অল্পকালৰ ক্ষণভংগুৰ একক উপাৰ্জন হয়। তোমালোকৰ এই স্মৃতিৰ যাত্ৰাৰে কৰা উপাৰ্জন
বহুত বেছি। আয়ুসো বাঢ়ি যায়, পৱিত্ৰও হৈ যোৱা। সকলো দুখৰ পৰা মুক্ত হৈ যোৱা। বহুত
শ্ৰেষ্ঠ উপাৰ্জন। সত্যযুগত আয়ুস বাঢ়ি যায়। দুখৰ নাম নাথাকে কিয়নো তাত ৰাৱণৰ ৰাজ্য
নাথাকে। অজ্ঞান কালত পঢ়া-শুনাৰ পৰা অল্পকালৰ সুখ হয় আৰু পঢ়াৰ আন এক সুখ শাস্ত্ৰ
অধ্যয়ন কৰাসকলে প্ৰাপ্ত কৰে। তাৰ পৰা অনুগামীসকলৰ কোনো লাভ নহয়। আচলতে অনুগামীতো
নাথাকেই কিয়নো তেওঁলোকে পোছাক আদি সলনি নকৰে, ঘৰ-সংসাৰো ত্যাগ নকৰে তেন্তে অনুগামী
বুলি কেনেকৈ ক'বা! তাততো শান্তি, পৱিত্ৰতা সকলো আছে। ইয়াত অপৱিত্ৰতাৰ কাৰণে ঘৰে ঘৰে
কিমান অশান্তি হৈ থাকে। তোমালোকে ঈশ্বৰীয় মত পাইছা। এতিয়া তোমালোকে নিজৰ পিতাক
স্মৰণ কৰা। নিজক ঈশ্বৰীয় প্ৰশাসক বুলি বুজি লোৱা। কিন্তু তোমালোক হৈছা গুপ্ত। অন্তৰ
কিমান আনন্দিত হোৱা উচিত। এতিয়া আমি শ্ৰীমত অনুসৰি চলি আছোঁ। তেওঁৰ শক্তিৰে
সতোপ্ৰধান হৈ আছোঁ। ইয়াততো কোনো ৰাজ্য-ভাগ্য ল’ব নালাগে। আমাৰ ৰাজ্য-ভাগ্য নতুন
সৃষ্টিত হ’ব। এতিয়া তাৰ বিষয়ে গম পাইছোঁ। এই লক্ষ্মী-নাৰায়ণৰ 84 জন্মৰ কাহিনী
তোমালোকে শুনাব পাৰিবা। যেনেকুৱা মনুষ্যই নহওঁক, কোনোবাই যেনেকৈয়ে নপঢ়াওঁক কিন্তু
কোনো এজনেও এনেকৈ ক’ব নোৱাৰে যে আহা আমি এওঁলোকৰ 84 জন্মৰ কাহিনী শুনাম। তোমালোকৰ
বুদ্ধিত এতিয়া স্মৃতি থাকে, বিচাৰ সাগৰ মন্থনো কৰা।
এতিয়া তোমালোক হৈছা জ্ঞান সূৰ্যবংশী। পুনৰ সত্যযুগত কোৱা হ’ব বিষ্ণু বংশী। জ্ঞান
সূৰ্য প্ৰকট হ'ল..... এই সময়ত তোমালোকে জ্ঞান প্ৰাপ্ত কৰি আছা নহয় জানো। জ্ঞানৰ
দ্বাৰাই সৎগতি হয়। আধাকল্প জ্ঞান চলে আকৌ আধাকল্প অজ্ঞান হৈ যায়। এয়াও ড্ৰামাত
নিৰ্ধাৰিত হৈ আছে। এতিয়া তোমালোক বুদ্ধিমান হৈছা। যিমানেই তোমালোক বুদ্ধিমান হৈ যাবা
তেতিয়া আনকো নিজৰ সমান কৰি তুলিবলৈ পুৰুষাৰ্থ কৰিবা। তোমালোকৰ পিতা দয়াশীল,
কল্যাণকাৰী সেই কাৰণে সন্তানসকলো হ’ব লাগে। সন্তানসকল কল্যাণকাৰী নহ’লে তেওঁলোকক কি
বুলি কোৱা হ’ব? গায়নো আছে - সন্তানে সাহস কৰিলে পিতাই সহায় কৰে। এয়াও নিশ্চয় লাগে।
নহ’লে উত্তৰাধিকাৰ কেনেকৈ পাবা। সেৱা অনুসৰিতো প্ৰাপ্তি পোৱা যায়, এয়া ঈশ্বৰীয়
অভিযান নহয় জানো। যেনেকৈ খ্ৰীষ্টিয়ানৰ অভিযান, ইছলামৰ অভিযান আছে, তেওঁলোকে নিজৰ
ধৰ্ম প্ৰসাৰ কৰে। তোমালোকে নিজৰ ব্ৰাহ্মণ ধৰ্ম আৰু দৈৱী ধৰ্ম প্ৰসাৰ কৰা। ড্ৰামা
অনুসৰি তোমালোক সন্তানসকল নিশ্চয় সহায়ক হ'বা। কল্প পূৰ্বে যি ভূমিকা পালন কৰিছিলা
সেয়া নিশ্চয় পালন কৰিবা। তোমালোকে দেখিবলৈ পাইছা যে প্ৰত্যেকেই নিজৰ উত্তম, মধ্যম,
কনিষ্ঠ ভূমিকা পালন কৰি আছে। সকলোতকৈ উত্তম ভূমিকা তেওঁলোকে পালন কৰি আছে, যিয়ে
উত্তম কৰি তোলে। সেয়েহে সকলোকে পিতাৰ পৰিচয় দিব লাগে আৰু আদি, মধ্য, অন্তৰ ৰহস্য
বুজাব লাগে। ঋষি মুনি আদিয়ে “নাজানো নাজানো” বুলি কৈ গ'ল। আকৌ সৰ্বব্যাপি বুলি কৈ
দিয়ে, আন একো নাজানে। ড্ৰামা অনুসৰি আত্মাৰ বুদ্ধিও তমোপ্ৰধান হৈ যায়। শৰীৰৰ বুদ্ধি
বুলি কোৱা নহ'ব। আত্মাতে মন-বুদ্ধি আছে। এয়া ভালকৈ বুজি পুনৰ সন্তানসকলে চিন্তন
কৰিব লাগে। তাৰপাছত বুজাব লাগে। তেওঁলোকে শাস্ত্ৰ আদি শুনাবলৈ কিমান দোকান খুলি বহি
আছে। তোমালোকৰো দোকান আছে। ডাঙৰ ডাঙৰ চহৰত ডাঙৰ দোকান লাগে। যিসকল সন্তান তীক্ষ্ণ
হয়, তেওঁলোকৰ ওচৰত সম্পদ বহুত থাকে। ইমান সম্পদ নাথাকিলে আনক দিবও নোৱাৰে! ধাৰণা
ক্ৰমানুসৰি হয়। সন্তানসকলে ভালকৈ ধাৰণা কৰিব লাগে যাতে আনকো বুজাব পাৰে। কোনো ডাঙৰ
কথা নহয়, চেকেণ্ডৰ কথা - পিতাৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। তোমালোক আত্মাসকলে পিতাক
জানিছা সেইবাবে বেহদৰ মালিক হৈ গ'লা। মালিকো ক্ৰমানুসৰি হয়। ৰজাও মালিক তেনেকৈ
প্ৰজায়ো ক’ব আমিও মালিক। ইয়াতো সকলোৱে কয় - আমাৰ ভাৰত। তোমালোকেও কোৱা শ্ৰীমত অনুসৰি
আমি নিজৰ স্বৰ্গ স্থাপনা কৰি আছোঁ, আকৌ স্বৰ্গতো ৰাজধানী হ’ব। অনেক প্ৰকাৰৰ পদবী আছে।
পুৰুষাৰ্থ উচ্চ পদ পাবলৈ কৰা উচিত। পিতাই কয় - যিমান এতিয়া পুৰুষাৰ্থ কৰি পদ পাবা,
সেয়াই কল্প-কল্পান্তৰৰ কাৰণে হ’ব। পৰীক্ষাত কোনোবাই কম নম্বৰ পালে তেতিয়া হাৰ্টফেলো
হৈ যায়। এয়া বেহদৰ কথা। পূৰা পুৰুষাৰ্থ নকৰিলে তেতিয়া অন্তৰো দহিব, শাস্তি খাব
লাগিব। সেই সময়ত কি কৰিব পাৰিবা। একো কৰিব নোৱাৰিবা। আত্মাই কি কৰিব! তেওঁলোকেতো
জীৱঘাত কৰে, ডুবি মৰে। ইয়াত ঘাত কৰা আদিৰ কথা নাই। আত্মাৰতো ঘাত নহয়, সেয়াতো অবিনাশী।
বাকী দেহৰ ঘাত হয়, যাৰ দ্বাৰা তোমালোকে ভূমিকা পালন কৰা। এতিয়া তোমালোকে পুৰুষাৰ্থ
কৰা, এই পুৰণি জোতা খুলি (শৰীৰ এৰি) মই নতুন দৈৱী জোতা (শৰীৰ) ল’ম। এনেকৈ কোনে কয়?
আত্মাই। যেনেকৈ সন্তানে কয় - আমাক নতুন কাপোৰ দিয়া। আমাক আত্মাসকলকো নতুন কাপোৰৰ
প্ৰয়োজন। পিতাই কয় - তোমালোক আত্মাসকল নতুন হ’লে তেতিয়া শৰীৰো নতুন লাগিব তেতিয়াহে
শোভা পাব। আত্মা পৱিত্ৰ হোৱাৰ লগে লগে 5 তত্বও নতুন হৈ যায়। 5 তত্বৰে শৰীৰ গঠন হয়।
যেতিয়া আত্মা সতোপ্ৰধান হয় তেতিয়া শৰীৰো সতোপ্ৰধান হয়। আত্মা তমোপ্ৰধান হ'লে শৰীৰো
তমোপ্ৰধান হয়। এতিয়া গোটেই সৃষ্টিৰ পুতলাবোৰ তমোপ্ৰধান, দিনে-প্ৰতিদিনে সৃষ্টি পুৰণি
হৈ যায়, অধঃপতন হৈ যায়। নতুনৰ পৰা পুৰণি সকলো বস্তুৱেই হয়। পুৰণি হৈ শেষত নাশ হৈ
যায়, এইটোতো গোটেই জগতৰে প্ৰশ্ন। নতুন সৃষ্টিক সত্যযুগ, পুৰণিক কলিযুগ বুলি কোৱা হয়।
বাকী এই সংগমযুগক কোনেও নাজানে। তোমালোকেহে জানা এই পুৰণি সৃষ্টিৰ এতিয়া পৰিৱৰ্তন
হ’ব।
এতিয়া বেহদৰ পিতা যিজন পিতা, শিক্ষক, গুৰু হয় তেওঁৰ আদেশ হৈছে - পৱিত্ৰ হোৱা। কাম
যি মহাশত্ৰু হয়, তাৰ ওপৰত জয়ী হৈ জগতজিৎ হোৱা। জগতজিৎ অৰ্থাৎ বিষ্ণু বংশী হোৱা। কথা
একেটাই। এই শব্দবোৰৰ অৰ্থ তোমালোকে জানা। সন্তানসকলে জানে যে আমাক পঢ়াওঁতা হৈছে পিতা।
প্ৰথমতে এইটো দৃঢ় নিশ্চয় হোৱা উচিত। সন্তান ডাঙৰ হ'লে তেতিয়া পিতাক স্মৰণ কৰিবলগীয়া
হয়। আকৌ তাৰপাছত শিক্ষকক, গুৰুক স্মৰণ কৰিবলগীয়া হয়। ভিন্ন ভিন্ন সময়ত তিনিওজনকে
স্মৰণ কৰিবলগীয়া হয়। ইয়াত তোমালোকে তিনিওজনকে একেলগে স্মৰণ কৰিবলৈ সময় পোৱা। পিতা,
শিক্ষক, গুৰু একেজনেই। তেওঁলোকেতো বানপ্ৰস্থৰ অৰ্থও বুজি নাপায়। বানপ্ৰস্থত যাব
লাগিব কাৰণে বুজি লয় যে গুৰুৰ শৰণাপন্ন হোৱা উচিত। 60 বছৰ পাছত গুৰুৰ শৰণাপন্ন হয়।
এইটো নিয়ম এতিয়াহে ওলাইছে। পিতাই কয় - এওঁৰ বহুত জন্মৰ অন্তিমত বানপ্ৰস্থ অৱস্থাত
মই এওঁৰ সৎগুৰু হওঁ। বাবায়ো কয় 60 বছৰ পাছত সৎগুৰুৰ শৰণাপন্ন হ’লোঁ যেতিয়া
নিবাৰ্ণধামলৈ যোৱাৰ সময় হয়। পিতা আহেই সকলোকে নিৰ্বাণধামলৈ লৈ যাবৰ কাৰণে।
মুক্তিধামলৈ গৈ পুনৰ ভূমিকা পালন কৰিবলৈ আহিব লাগে। বানপ্ৰস্থ অৱস্থাতো বহুতৰে হয়,
তাৰপাছত গুৰুৰ শৰণাপন্ন হয়। আজিকালিতো সৰু ল’ৰা-ছোৱালীকো গুৰুৰ শৰণাপন্ন কৰাই দিয়ে
আকৌ গুৰুৱে দক্ষিণাও পাই যায়। খ্ৰীষ্টানসকলে খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰাবলৈ কোলাত
তুলি দিয়ে। কিন্তু তেওঁলোক কোনো নিৰ্বাণধামলৈ নাযায়। এই সকলো ৰহস্য পিতাই বুজায়,
ঈশ্বৰৰ অন্ততো ঈশ্বৰেই শুনাব। আৰম্ভণিৰে পৰা শুনাই আহিছে। নিজৰ অন্তও শুনায় আৰু
সৃষ্টিৰ জ্ঞানো দিয়ে। ঈশ্বৰ নিজেই আহি সনাতন দেৱী-দেৱতা অৰ্থাৎ স্বৰ্গৰ স্থাপনা কৰে,
ইয়াৰ নাম ভাৰত বুলিয়েই প্ৰচলিত হৈ আহিছে। ‘গীতা’ত কেৱল শ্ৰীকৃষ্ণৰ নাম দি কিমান
খেলিমেলি কৰি দিলে। এয়াও ড্ৰামা, জয় আৰু পৰাজয়ৰ খেল। ইয়াত জয়-পৰাজয় কেনেকৈ হয়, এই
কথা পিতাৰ বাহিৰে আন কোনেও শুনাব নোৱাৰে। এই লক্ষ্মী-নাৰায়ণেও নাজানে যে আমি পুনৰ
পৰাজিত হ’ব লাগিব। এয়া কেৱল তোমালোক ব্ৰাহ্মণসকলেহে জানা। শূদ্ৰসকলেও নাজানে।
পিতাইহে আহি তোমালোকক ব্ৰাহ্মণৰ পৰা দেৱতা কৰি তোলে। “আমিয়েই সেয়া”ৰ অৰ্থ একেবাৰে
বেলেগ। ‘ওঁম্’ৰ অৰ্থ বেলেগ। মনুষ্যই অৰ্থ নজনাকৈয়ে যি আহে কৈ দিয়ে। এতিয়া তোমালোকে
জানা যে কেনেকৈ অৱনমিত হৈ আহিলোঁ আৰু পুনৰ কেনেকৈ আৰোহণ কৰিম। এই জ্ঞানো এতিয়া
তোমালোক সন্তানসকলে পোৱা। ড্ৰামা অনুসৰি পুনৰ কল্পৰ পাছত পিতা আহি শুনাব। যিসকল
ধৰ্ম প্ৰতিষ্ঠাপক আছে, তেওঁলোক আহি নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিব। পুৰুষাৰ্থৰ ক্ৰম
অনুসৰি বুলি কোৱা নহ’ব। ক্ৰমান্বয়ে সময় অনুসৰি আহি নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰে।
এয়া এজন পিতাইহে বুজায়, মই কেনেকৈ ব্ৰাহ্মণ হওঁ তাৰপাছত সূৰ্যবংশী, চন্দ্ৰবংশী কুল
প্ৰতিষ্ঠা কৰোঁ? এতিয়া তোমালোক হৈছা জ্ঞান সূৰ্যবংশী যিসকল আকৌ বিষ্ণুবংশী হোৱাগৈ।
শব্দবোৰ বহুত সাৱধানেৰে লিখিব লাগে, যাতে কোনো ভুল নহয়।
তোমালোকে জানা যে এই জ্ঞানৰ এটি এটি মহাবাক্য হৈছে ৰত্ন, হীৰা। সন্তানসকলৰ বুজাবলৈ
বহুত পৰিশুদ্ধতাৰ প্ৰয়োজন। কোনো শব্দ ভুলকৈ উচ্চাৰিত হ’লে তৎক্ষণাৎ শুদ্ধ কৰি বুজাব
লাগে। সকলোতকৈ ডাঙৰ ভুল হৈছে পিতাক পাহৰি যোৱাতো। পিতাৰ আদেশ হৈছে মামেকম্ (কেৱল
মোক) স্মৰণ কৰা। এইটো পাহৰিব নালাগে। পিতাই কয় - তোমালোক মোৰ বহুত পুৰণা প্ৰেমিকা।
তোমালোক সকলো প্ৰেমিকাৰ এজনেই প্ৰেমিক। তেওঁলোকতো এজনে আনজনৰ চেহেৰাৰ ওপৰত
প্ৰেমিক-প্ৰেমিকা হয়। ইয়াততো এজনেই প্ৰেমিক। তেওঁ এজনে কিমান প্ৰেমিকাক স্মৰণ কৰিব।
অনেকে এজনক স্মৰণ কৰাতো সহজ, এজনে কেনেকৈ অনেকক স্মৰণ কৰিব! বাবাক কয় - বাবা মই
তোমাক স্মৰণ কৰোঁ। আপুনি মোক স্মৰণ কৰেনে? হেৰ’ স্মৰণ তোমালোকে কৰিব লাগে, পতিতৰ পৰা
পাৱন হ’বলৈ। মই জানো পতিত হওঁ, যে স্মৰণ কৰিম। তোমালোকৰ কাম হৈছে স্মৰণ কৰা কিয়নো
পাৱন হ’ব লাগে। যিয়ে যিমান স্মৰণ কৰে আৰু ভাল ৰীতিৰে সেৱা কৰে, তেওঁৰহে ধাৰণা হয়।
স্মৃতিৰ যাত্ৰা বহুত কঠিন, ইয়াতেই যুদ্ধ চলে। বাকী এনেকুৱা নহয় যে তোমালোকে 84
জন্মৰ চক্ৰ পাহৰি যাবা। এই কাণ সোণৰ পাত্ৰৰ দৰে হোৱা উচিত। যিমানে তোমালোকে স্মৰণ
কৰিবা সিমানে ধাৰণা ভাল হ’ব, স্মৃতিত শক্তি থাকিব সেয়েহে কোৱাও হয় স্মৃতিৰ ধাৰ
থাকিব লাগে। জ্ঞানৰ দ্বাৰা উপাৰ্জন হয়। স্মৃতিৰ দ্বাৰাহে ক্ৰমানুসাৰে সৰ্বশক্তি পোৱা
যায়। তৰোৱালতো ক্ৰমানুসাৰে ধাৰৰ পাৰ্থক্য থাকে। সেয়া হৈছে স্থূল কথা। মূল কথা এজন
পিতাইহে কয় – ‘অল্ফ’ক (পিতাক) স্মৰণ কৰা। সৃষ্টিৰ বিনাশৰ কাৰণে এই একমাত্ৰ
পাৰমানৱিক বোমাই থাকিব আৰু আন একো নাথাকে, ইয়াত কোনো সৈন্যও নালাগে, কেপ্টেইনো
নালাগে। আজিকালিতো এনেকুৱা তৈয়াৰ কৰিছে যে তাত বহি বহিয়েই বোমা নিক্ষেপ কৰিব।
তোমালোকে ইয়াত বহি বহিয়ে ৰাজ্য লোৱা, তেওঁলোকে তাত বহি সকলোৰে বিনাশ কৰি দিব।
তোমালোকৰ জ্ঞান আৰু যোগ, তেওঁলোকৰ মৃত্যুৰ সামগ্ৰী সমান হৈ যায়। এয়াও হৈছে খেল। সকলো
ভাৱৰীয়া নহয় জানো। ভক্তিমাৰ্গ পূৰা হ’ল, পিতাহে আহি নিজৰ আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ
পৰিচয় দিয়ে। এতিয়া পিতাই কয় ব্যৰ্থ কথা তোমালোকে নুশুনিবা সেয়েহে “ব্যৰ্থ নুশুনিবা....”
ইয়াৰ চিত্ৰ তৈয়াৰ কৰা হৈছে। আগতে বান্দৰৰ তৈয়াৰ কৰা হৈছিল, এতিয়া মনুষ্যৰ তৈয়াৰ কৰে
কিয়নো চেহেৰা মনুষ্যৰ কিন্তু চৰিত্ৰ বান্দৰ সদৃশ, সেয়েহে তুলনা কৰা হয়। তোমালোক
এতিয়া কাৰ সেনা? শিৱবাবাৰ। বান্দৰৰ পৰা তোমালোকক মন্দিৰৰ যোগ্য কৰি আছে। ক'ৰ কথা
ক’ত লৈ গৈছে। বান্দৰে কোনো সেতু আদি বান্ধিব পাৰে জানো? এই সকলোবোৰ হৈছে মুখৰ কথা।
যদি কেতিয়াবা কোনোবাই সোধে যে আপোনালোকে শাস্ত্ৰ মানেনে? কোৱা বাঃ! এনেকুৱা কোন হ’ব
পাৰে যিয়ে শাস্ত্ৰক নামানিব। আমি সকলোতকৈ বেছিকৈ মানো। আপোনালোকেও ইমান নপঢ়ে যিমান
আমি পঢ়োঁ। আধাকল্পই আমি পঢ়িছোঁ। স্বৰ্গত শাস্ত্ৰ, ভক্তিৰ কোনো সামগ্ৰী নাথাকে।
পিতাই কিমান সহজকৈ বুজায়। তাৰপাছতো আনক নিজৰ সমান কৰি তুলিব নোৱাৰে। সন্তানসকলে
বন্ধনৰ কাৰণে ক’তো ওলাব নোৱাৰে। ইয়াকো ড্ৰামা বুলিয়েই কোৱা হ’ব। পিতাই কয় এসপ্তাহ
বা 15 দিন পাঠ্যক্ৰম কৰি তাৰপাছত নিজৰ সমান কৰি তোলাত লাগি যোৱা উচিত। য’ত ডাঙৰ
ডাঙৰ চহৰ আছে, ৰাজধানীত বেৰি ধৰিব লাগে তেতিয়াহে তাৰপৰা আৱাজ ওলাব (প্ৰভাৱ বিস্তাৰ
হ’ব)। ডাঙৰ ব্যক্তি অবিহনে আৱাজ ওলাব নোৱাৰে। মজবুত আৱৰণৰ সৃষ্টি কৰা তেতিয়া বহুত
আহিব। পিতাৰ নিৰ্দেশনা নোপোৱা জানো। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) জ্ঞান আৰু যোগেৰে নিজৰ বুদ্ধি পৰিশোধিত কৰিব লাগে। পিতাক পাহৰি যোৱাৰ ভুল
কেতিয়াও কৰিব নালাগে। প্ৰেমিকা হৈ প্ৰেমিকক স্মৰণ কৰিব লাগে।
(2) বন্ধনমুক্ত হৈ
নিজৰ সমানকৈ গঢ়ি তোলাৰ সেৱা কৰিব লাগে। উচ্চ পদ পোৱাৰ পুৰুষাৰ্থ কৰিব লাগে।
পুৰুষাৰ্থত কেতিয়াও অন্তৰ দুখী কৰিব নালাগে।
বৰদান:
এক মিনিটৰ
একাগ্ৰ স্থিতিৰে শক্তিশালী অনুভৱ কৰোঁতা আৰু কৰাওঁতা একান্তবাসী হোৱা
একান্তবাসী হোৱা অৰ্থাৎ
যি কোনো এক শক্তিশালী স্থিতিত স্থিত হোৱা। লাগিলে বীজৰূপ স্থিতিত স্থিত হৈ যোৱা,
নতুবা ‘লাইট-মাইট হাউচ’ৰ স্থিতিত স্থিত হৈ বিশ্বক ‘লাইট-মাইট’ দিয়া, নতুবা
ফৰিস্তাবোধৰ স্থিতিৰে আনক অব্যক্ত স্থিতিৰ অনুভৱ কৰোৱা। এক চেকেণ্ড বা এক মিনিটো যদি
এইটো স্থিতিত একাগ্ৰ হৈ স্থিত হৈ যোৱা তেন্তে নিজক আৰু অন্য আত্মাসকলক বহুত উপকৃত
কৰিব পাৰিবা। কেৱল ইয়াৰ অভ্যাসৰ প্ৰয়োজন।
স্লোগান:
ব্ৰহ্মাচাৰী তেওঁ যাৰ প্ৰতিটো সংকল্প, প্ৰতিষাৰ বচনত পৱিত্ৰতাৰ প্ৰকম্পন সমাহিত হৈ
থাকে।
পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
পিতা ব্ৰহ্মাই
সন্তানসকলক মালিক কৰি তুলিলে আৰু নিজক সেৱাধাৰীৰ ৰূপত ৰাখিলে। মালিকবোধৰ মানো দিলে-
সম্ভ্ৰমো দিলে, নামো দিলে। গতিকে যেনেকৈ পিতাই নাম, মান, সম্ভ্ৰম সকলো ত্যাগ কৰিলে,
পৰোপকাৰ কৰিলে, সন্তানসকলৰ সুখতে নিজৰ সুখ বুলি ভাবিলে – সন্তানসকলৰ বিস্মৃতিৰ কাৰণে
হোৱা দুখৰ অনুভৱক নিজৰ দুখ বুলি ভাবিলে তেনেকৈ পিতাক অনুসৰণ কৰি পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন হোৱা তেতিয়া বিশ্ব কল্যাণৰ কাৰ্য সম্পন্ন হ’ব।