27.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
গোটেই সৃষ্টিত তোমালোকৰ নিচিনা সৌভাগ্যশালী কোনো নাই, তোমালোক হৈছা ৰাজঋষি, তোমালোকে
বাদশ্বাহীৰ কাৰণে ৰাজযোগ শিকি আছা”
প্ৰশ্ন:
নিৰাকাৰ পিতাৰ
কোনটো সংস্কাৰ আছে যিটো সংগমত তোমালোক সন্তানসকলেও ধাৰণ কৰা?
উত্তৰ:
নিৰাকাৰ পিতাৰ জ্ঞানৰ সংস্কাৰ আছে, তেওঁ তোমালোকক জ্ঞান শুনাই পতিতৰ পৰা পাৱন কৰি
তোলে সেয়েহে তেওঁক জ্ঞানৰ সাগৰ, পতিত-পাৱন বুলি কোৱা হয়। তোমালোক সন্তানসকলেও এতিয়া
সেই সংস্কাৰ ধাৰণ কৰা। তোমালোকে নিচাৰে কোৱা আমাক ভগৱানে পঢ়ায়। আমি তেওঁৰ পৰা শুনি
শুনাওঁ।
গীত:
আখিৰ ৱহ দিন
আয়া আজ….. (অৱশেষত সেই দিনটি আজি আহিল…..)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে এই গীতটি শুনিলে। এই মহিমা কাৰ? এজন পিতাৰ। শিৱায়ে নমঃ, উচ্চতকৈ উচ্চ
ভগৱান হয় নহয় জানো। সন্তানসকলে জানে তেওঁ আমাৰ পিতা হয়। এনেকুৱা নহয় যে আমি সকলো
পিতা। গায়নো কৰা হয় - গোটেই সৃষ্টি হৈছে ভ্ৰাতৃসংঘ (ব্ৰাদাৰহুড্)। সন্ন্যাসী অথবা
বিদ্ধানসকলে কোৱা অনুসৰি ঈশ্বৰ সৰ্বব্যাপী বুলি ক'লে যেন পিতৃসংঘ (ফাদাৰহুড্) হৈ
যায়। ভাই হ’লে পিতাতো সিদ্ধ হয়, যাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়। যদি পিতৃসংঘ হয়
তেন্তে উত্তৰাধিকাৰৰ কথাই নাই। সন্তানসকলে জানে আমাৰ অৰ্থাৎ সকলো আত্মাৰ পিতা এজন,
তেওঁক কোৱাই হয় – জগতৰ ঈশ্বৰ পিতা। জগতত কোন আছে? সকলো ভাই ভাই হয়, আত্মা হয়। সকলোৰে
ঈশ্বৰ পিতা এজনেই হয়। সেইজন পিতাক সকলোৱে প্ৰাৰ্থনা কৰে। এজনৰে বন্দনা বা পূজা হ’ব
লাগে। সেয়া হৈছে সতোপ্ৰধান পূজা। এইটোও বুজোৱা হৈছে - জ্ঞান, ভক্তি আৰু বৈৰাগ্য।
পিতাই জ্ঞান দিয়ে সৎগতিৰ কাৰণে। সৎগতি বুলি কোৱা হয় জীৱন-মুক্তিধামক। এয়া আত্মাই
বুদ্ধিত ধাৰণ কৰিব লাগে। আমাৰ ঘৰ হৈছে শান্তিধাম। তাক মুক্তিধাম, নিৰ্বাণধাম বুলিও
কোৱা হয়। সকলোতকৈ ভাল নাম হৈছে - শান্তিধাম। ইয়াততো কৰ্মেন্দ্ৰিয় থকাৰ কাৰণে আত্মা
বাণীত থাকে, কথা ক'বলগীয়া হয়। সূক্ষ্মধামত হৈছে ছায়াছবি। ইংগিতেৰে কথা হয়, শব্দ নহয়।
তিনিও লোককো তোমালোকে জানি গৈছা। মূলধাম, সূক্ষ্মধাম, স্থূলধাম, বুদ্ধিত এয়া ভালদৰে
ধাৰণ হৈছে। মনুষ্য সৃষ্টিৰ কাৰণেই গায়ন কৰা হয় যে এই সৃষ্টিখনে পৰিক্ৰমা লগায়। তাক
কোৱা হয় বিশ্বৰ ইতিহাস-ভূগোল। মনুষ্যইহে তাক জানিব নহয় জানো। বিশ্বৰ ইতিহাস-ভূগোল
শুনায়। উচ্চতকৈ উচ্চ পিতা। বিশ্বৰ ইতিহাস-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়, তেৱেঁই জানে।
এই চক্ৰক জানিলেহে তোমালোক চক্ৰৱৰ্তী ৰজা হোৱা। গায়নো কৰে - দেৱতাসকল সম্পূৰ্ণ
নিৰ্বিকাৰী। লক্ষ্মী-নাৰায়ণৰ চিত্ৰ আছে নহয়। তেওঁলোক সম্পূৰ্ণ নিৰ্বিকাৰী আৰু নিজক
সম্পূৰ্ণ বিকাৰী বুলি কয়। সত্যযুগত হৈছে সম্পূৰ্ণ নিৰ্বিকাৰী অথবা সম্পূৰ্ণ পাৱন।
কলিযুগত হৈছে সম্পূৰ্ণ বিকাৰী, সম্পূৰ্ণ পতিত। ভাৰতৰে কথা। এয়া পিতাহে আহি বুদ্ধিত
ধাৰণ কৰায় আন কোনেও নাজানে। তেওঁলোকেতো সত্যযুগক দীঘলীয়া সময় দি দিছে। এনেকৈ বুজি
লয় যে লাখ লাখ বছৰ পূৰ্বে সত্যযুগ আছিল। সেয়েহে কাৰোৰে বুদ্ধিত এইটো কথা উদয়েই নহয়।
এতিয়া সন্তানসকলে জানে
- আমি এতিয়া সম্পূৰ্ণ বিকাৰীৰ পৰা সম্পূৰ্ণ নিৰ্বিকাৰী হৈ আছোঁ। সম্পূৰ্ণ পতিতৰ পৰা
সম্পূৰ্ণ পাৱন হ’ব লাগে। পিতাই বুজায় আত্মাতহে খাদ (বিকাৰৰ লেপ) পৰি আছে, সোণালী
যুগৰ পৰা লৌহ যুগ হৈ গৈছে। এয়া আত্মাৰ তুলনা কৰা হয়। এইটো ভালদৰে বুজিব লাগে।
তোমালোক সন্তানসকল বহুত সৌভাগ্যশালী হোৱা, তোমালোকৰ নিচিনা সৌভাগ্যশালী আন কোনো নাই।
এতিয়া তোমালোক ৰাজযোগত বহি আছা, তোমালোক ৰাজঋষি হোৱা। বাদশ্বাহীৰ কাৰণে কেতিয়াবা
কোনো পঢ়া থাকে জানো? বেৰিষ্টাৰ কৰি তুলিব কিন্তু বিশ্বৰ মহাৰজা কোনে কৰি তুলিব?
পিতাৰ বাহিৰে আন কোনেও কৰি তুলিব নোৱাৰে। ইয়াত মহাৰজাতো কোনো নাই। সত্যযুগৰ কাৰণেতো
নিশ্চয় লাগে। কোনোবা নিশ্চিয় আহিব লাগিব। পিতাই কয় - মই তেতিয়া আহোঁ, যেতিয়া ভক্তি
পূৰা হ’বৰ হয়। এতিয়া ভক্তি পূৰা হ’ল আৰু কোনো কথা ইয়াত উত্থাপন কৰিব নোৱাৰে। আমাক
পিতাই বহি পঢ়ায় - এইটো নিচা থাকিব লাগে। আমাক অৰ্থাৎ আত্মাসকলক নিৰাকাৰ পিতা পৰমপিতা
পৰমাত্মা শিৱই পঢ়ায়। শিৱকতো কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে জানা বাবাই
পুনৰ স্বৰ্গৰ ৰাজ্য স্থাপন কৰি আছে। আমি তেওঁলোকক মহাৰাজন শ্ৰী নাৰায়ণ আৰু মহাৰাণী
শ্ৰী লক্ষ্মী বুলি কওঁ। ভক্তি মাৰ্গত সত্য-নাৰায়ণৰ কথা শুনায়। অমৰকথা আৰু তৃতীয়
নেত্ৰৰ কথা। পিতাই তৃতীয় নেত্ৰও প্ৰদান কৰে। নৰৰ পৰা নাৰায়ণ হোৱাৰ কথা শুনোৱা হয়।
সেইবোৰ কথা যি অতীত হৈ যায়, সেয়া পুনৰ ভক্তি মাৰ্গত কামত আহে। এতিয়া তোমালোক
সন্তানসকলে বুজি পোৱা বাবাই আমাক স্বৰ্গৰ মালিক কৰি তোলে, আমি অধিকাৰী হওঁ। ভগৱানতো
স্বৰ্গৰ ৰচয়িতা হয় নহয় জানো। আমি ভগৱানৰ সন্তান তেন্তে আমি স্বৰ্গত কিয় নাই!
কলিযুগত কিয় পৰি আছোঁ? পৰমপিতা পৰমাত্মাইতো নতুন সৃষ্টি ৰচনা কৰে। পুৰণি সৃষ্টি জানো
ভগৱানে ৰচে। প্ৰথমে নতুন সৃষ্টি স্থাপনা কৰে। তাৰপাছত আকৌ পুৰণি সৃষ্টি ভাঙিব।
তোমালোকে জানা যে আমি সত্যযুগৰ বাবে ৰাজ্য লৈ আছোঁ। সত্যযুগত কোন থাকিব? এই
লক্ষ্মী-নাৰায়ণৰ ৰাজ্য হ’ব, অন্যওতো ৰজা হ’ব নহয় জানো। যাৰ চিন হৈছে বিজয় মালা।
সন্তানসকলে জানে যে এতিয়া আমি বিজয়মালাত গঁথা যাবলৈ পুৰুষাৰ্থ কৰি আছোঁ। জগতত মালাৰ
অৰ্থ কোনেও নাজানে যে ইয়াক কিয় পূজা কৰা হয়, ওপৰত ফুল কোন হয়? মালা জপি জপি আকৌ
ফুলক নমস্কাৰ জনাই পুনৰ মালা জপিবলৈ ধৰে। বহি মালা স্মৰণ কৰে যাতে বুদ্ধি বাহিৰা
খেয়ালৰ ফালে নাযায়। ভিতৰি ‘ৰাম’ ‘ৰাম’ৰ ধ্বনি কৰি থাকে, যেন বাদ্য বাজে। বহুত
অভ্যাস কৰে। এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ কথা। অৱশ্যে হয় বহুত ভক্তি কৰাসকলে কেৱল
কোনো বিকৰ্ম নকৰিব। বহুত ভক্তি কৰাসকলৰ ক্ষেত্ৰত এনেকৈ ভাবে যে এওঁলোক সত্যবাদী হ’ব।
মন্দিৰত মালা ৰাখি থ’ব আৰু মালা জপি মুখেৰে ‘ৰাম’ ‘ৰাম’ উচ্চাৰিত কৰি থাকিব। বহুত
লোকে ভাবে যে ভক্তিত পাপ নহয়। এনেকৈ কয় যে ঐকান্তিক ভক্তিৰ দ্বাৰা মনুষ্য মুক্ত হৈ
যায়। কিন্তু একো নহয়। এইখন এখন নাটক। ইয়াত সতোপ্ৰধান, সতো, ৰজো, তমোত সকলো আহিবই
লাগে। উভতি এজনেও যাব নোৱাৰে। যেনেকৈ ওপৰত স্থান খালী হৈ যায় তেনেকৈ ইয়াতো বহুত
স্থান খালী হৈ যাব । দিল্লীৰ ওচৰে-পাজৰে মিঠা নদীৰ পাৰত ৰাজধানী হয়। সমুদ্ৰৰ ফালে
নহয়। এই বোম্বাই (মুম্বাই) আদি নাথাকিব। সেয়াতো (বোম্বাই) প্ৰথমে মাছ ধৰা উপকূল
আছিল। মাছমৰীয়াসকল তাত নিবাস কৰিছিল। এতিয়াতো সমূদ্ৰ কিমান শুকুৱাই পেলালে। আকৌ সেয়া
মাছ ধৰা উপকূল হ’ব। সত্যযুগততো বোম্বাই নাথাকে। তাত কোনো পাহাৰ আদিও নাথাকে। ক’লৈকো
যোৱাৰ প্ৰয়োজনেই নাথাকে। ইয়াত মনুষ্য ভাগৰি পৰিলে জিৰণি ল’বলৈ যায়। সত্যযুগত ভাগৰ
লগা আদি কোনো ধৰণৰ অসুবিধা নাথাকে, তোমালোক স্বৰ্গবাসী হৈ যোৱা। কিঞ্চিৎমাত্ৰও
অসুবিধা নহয়। গতিকে এতিয়া সন্তানসকল পিতাৰ শ্ৰীমতত চলিব লাগে।
পিতাই কয় – অতিকৈ
মৰমৰ সন্তানসকল, শৰীৰ নিৰ্বাহৰ অৰ্থে ধান্দা (পেছাগত কাম-কাজ) আদিতো কৰিবই লাগে।
বিদ্যাৰ্থীয়ে বিদ্যালয়ত পঢ়ি আকৌ ঘৰত গৈ পঢ়ে। ঘৰৰ কাম-কাজো কৰে। এয়াও এনেকুৱাই। এই
পঢ়াততো তোমালোকৰ কোনো অসুবিধা নাই। সেই পঢ়াত কিমান বিষয় থাকে। ইয়াততো এটাই পঢ়া আৰু
এটাই মূল কথা – মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ কৰা), ইয়াৰদ্বাৰা
তোমালোকৰ পাপ নাশ হ’ব। ভগৱানুবাচ হয় (ভগৱানে কয়) নহয়, তেওঁলোকে ভাবে যে গীতা ভগৱানে
দ্বাপৰত শুনালে। কিন্তু দ্বাপৰত শুনাই কি কৰিব? কৃষ্ণৰ চিত্ৰত থকা লিখনি বহুত ভাল।
এই যুদ্ধতো এক নিমিত্ত হয়। সকলো মৰিব, তেতিয়াহে মুক্তি-জীৱনমুক্তিলৈ যাব। তাকো সকলো
জানো যুদ্ধতে মৰিব! অনেক প্ৰকাৰৰ দুৰ্যোগ হ’ব। সন্তানসকলৰ কোনো দুখ থাকিব নালাগে।
মনুষ্যৰ হাৰ্ট ফেইল হৈ মৃত্যু হ’লে তেতিয়া কোনোধৰণৰ দুখ নহয়। মৃত্যু হ’লে এনেকুৱা
হ’ব লাগে। বহি থাকোতেই হাৰ্ট ফেইল হ’ল, শেষ। ডাক্তৰ আহি পোৱালৈকে আত্মা ওলাই যায়।
এতিয়াতো সকলোৰে মৃত্যু হ’ব। অন্তিমত চিকিৎসালয়ো নাথাকিব, ডাক্তৰো নাথাকিব।
ক্ৰিয়াকৰ্ম কৰোঁতাও নাথাকিব। একোৱেই নাথাকিব। সকলোৰে প্ৰাণ শৰীৰৰ পৰা ওলাব। মুষলধাৰে
বৰষুণ পৰিব। মৃত্যু হ’বলৈ জানো সময় লাগিব। চেষ্টা কৰি আছে - এনেকুৱা বোমা তৈয়াৰ কৰোঁ
যাতে মনুষ্য তৎক্ষণাৎ মৰি যায়। এনেধৰণৰ বোমা তৈয়াৰ কৰি থাকে। বোমাৰ উন্নতিসাধন কৰি
থাকে। এয়া নাটকত নিৰ্ধাৰিত হৈ আছে। নাটকত ৰচি থোৱা খেল আছে, কল্পই কল্পই বিনাশ হয়।
সত্যযুগত তোমালোকৰ এই জ্ঞান নাথাকিব। পিতাহে আহি জ্ঞান দিব লাগে। স্থাপনা হৈ গ’লে
তাৰপাছত জ্ঞানৰ কথাই নাথাকে। আকৌ যেতিয়া ৰাৱণ ৰাজ্য আৰম্ভ হয় তেতিয়া ভক্তি আৰম্ভ হয়।
এতিয়া ভক্তি পূৰা হয়, এতিয়া তোমালোক যোগবলেৰে পাৱন হ’ব লাগে। পাৱন হ’লেহে সুখধাম,
শান্তিধামলৈ যাব পাৰে। খতিয়ান ৰাখিবলগীয়া হয়। এইটোতো বুজি গ’লা যে আমি পিতাক স্মৰণ
কৰি তমোপ্ৰধানৰ পৰা সতোপ্ৰধান ইয়াত হ’ব লাগে। এনেকৈ কোনো শাস্ত্ৰ আদিত লিখি থোৱা
নাই। সন্তানসকলে গীতটি শুনিলে - অৱশেষত সেই দিনটি আজি আহিল…… যেতিয়া ভাৰতবাসী পুনৰ
ৰজাৰো ৰজা হয়। ৰজাৰো ৰজা অথবা মহাৰজা হয়। পাছলৈ ত্ৰেতাত হয় ৰজা-ৰাণী। আকৌ যি পূজ্য
মহাৰজা-মহাৰাণী আছিল তেওঁলোক দ্বাপৰত বাম (বিকাৰী) মাৰ্গত আহি পূজাৰী হৈ যায়। নিজেই
পূজ্য নিজেই পূজাৰী হৈ যায়। পিতাই কয় - মই পূজাৰী নহওঁ। দেৱতাসকল পূজ্য হয়, মই নহওঁ।
পূজাৰীও নহওঁ। ভাৰতবাসীয়ে দেৱী-দেৱতাসকলৰহে মন্দিৰ নিৰ্মাণ কৰি তেওঁলোকৰ পূজা কৰে।
লক্ষ্মী-নাৰায়ণ যি প্ৰথমে পূজ্য আছিল তেওঁলোকেই আকৌ ভক্তিমাৰ্গত গৈ শিৱবাবাৰ পূজাৰী
হয়গৈ। যিজন শিৱবাবাই মহাৰজা-মহাৰাণী কৰি তুলিলে তেওঁৰেই আকৌ মন্দিৰ নিৰ্মাণ কৰি পূজা
কৰে। বিকাৰীও কোনো তৎক্ষণাৎ হৈ নাযায়। লাহে লাহে হয়। তাৰ চিনো দেৱতাসকলৰ বাম মাৰ্গত
দেখুৱায়। যি পূজ্য লক্ষ্মী-নাৰায়ণ আছিল তেওঁলোকেই আকৌ পূজাৰী হৈ যায়। সৰ্বপ্ৰথমে
শিৱৰ মন্দিৰ নিৰ্মাণ কৰে। সেই সময়ততো পূজা কৰিবৰ বাবে হীৰা কাটি লিঙ্গ সাজিছিল। এইটো
কোনেও গম নাপায় যে পৰমাত্মা সূক্ষ্ম বিন্দু হয়। এইটো তোমালোকে এতিয়া বুজি পোৱা যে
ডাঙৰ লিঙ্গ নহয়। মন্দিৰতো বহুত নিৰ্মাণ কৰিব। ৰজাক দেখি প্ৰজায়ো তেনেকুৱা কৰিব।
সৰ্বপ্ৰথমে শিৱবাবাৰ পূজা হয়। তাক কোৱা হয় অব্যভিচাৰী সতোপ্ৰধান পূজা আকৌ সতো, ৰজো,
তমোত আহে। তোমালোক ৰজো তমোত অহাৰ বাবে নামেই হিন্দু ৰাখি দিছে। আচলতে দেৱী-দেৱতা
আছিল। পিতাই কয় - তোমালোক আচলতে দেৱী-দেৱতা ধৰ্মৰ হোৱা। কিন্তু তোমালোক বহুত পতিত
হৈ গৈছা, সেইবাবে নিজক দেৱতা বুলি ক’ব নোৱাৰা কিয়নো অপৱিত্ৰ হোৱা। হিন্দু নামতো
বহুত পলমকৈ ৰাখে।
তোমালোকে এতিয়া বুজি
পোৱা আমিয়েই পূজ্য আছিলোঁ, এতিয়া সংগমযুগত পূজ্যও নহওঁ পূজাৰীও নহওঁ। তোমালোকে কি
কৰা? শ্রীমতত পূজ্য হৈ আছা, আনকো পূজ্য কৰি আছা। তোমালোক হৈছা ব্ৰাহ্মণ, তোমালোক
আত্মাসকল পৱিত্ৰ হৈ গৈ থাকা। পূৰা পৱিত্ৰ হ’লে তেতিয়া পুৰণা চোলা ত্যাগ কৰিব লাগিব।
পিতাই কয় - একেবাৰে সহজ। বৃদ্ধা মাতাসকলৰ ধাৰণা নহয়। পিতাই কয় - এইটোতো বুজি পোৱা
যে মই আত্মা হওঁ। আত্মাতহে ভাল বা বেয়া সংস্কাৰ থাকে। আত্মাই যি কর্ম কৰিলে তাৰ ফল
পৰৱৰ্তী জন্মত ভোগ কৰিবলগীয়া হয়। পিতায়ো আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে। পিতাই কয় -
হে সন্তানসকল, আত্ম-অভিমানী হোৱা। নিৰাকাৰ শিৱবাবাই নিৰাকাৰী আত্মাসকলক পঢ়ায়।
নিৰাকাৰ বাবাৰ জ্ঞানৰ সংস্কাৰ আছে। শৰীৰতো তেওঁৰ নাই। গতিকে তেওঁ জ্ঞানৰ সাগৰ,
পতিত-পাৱন হয়। তেওঁৰ সকলো গুণ আছে। পিতাই কয় - মই আহি তোমালোক সন্তানসকলক পাৱন কৰি
তোলোঁ। যুক্তি (উপায়) কিমান সহজ। এটাই শব্দ ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি পৰমপিতা
শিৱক স্মৰণ কৰা), মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা। স্মৃতিৰ দ্বাৰাই
তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। এয়াও জানা - এতিয়া আমি ব্ৰাহ্মণ। আকৌ সূৰ্যবংশী,
চন্দ্ৰবংশী, বৈশ্য, শূদ্ৰবংশী হ’মগৈ। আমিহে এই 84 ৰ চক্ৰত আহিম। ওপৰৰ পৰা তললৈ
নামিম (অৱনমিত হ’ম) আকৌ বাবা আহিব। যথাযথ এই সৃষ্টিৰ চক্ৰ ঘূৰি থাকে। এই সৃষ্টি
পুৰণি হয় তেতিয়া আকৌ নতুন কৰি তুলিবলৈ বাবা আহে। এয়াতো বুদ্ধিত ধাৰণ হয় নহয় জানো।
এই চক্ৰ বুদ্ধিত ঘূৰাই থাকিব লাগে। তোমালোক এতিয়া স্বদর্শন চক্ৰধাৰী হোৱা, যাৰ
দ্বাৰা আকৌ গৈ চক্ৰৱৰ্তী ৰজা হ’বাগৈ। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) শ্রীমতত
পূজ্য হ’ব লাগে। আত্মাত যি বেয়া সংস্কাৰ আহি গৈছে সেয়া জ্ঞান যোগেৰে সমাপ্ত কৰিব
লাগে। সম্পূৰ্ণ নিৰ্বিকাৰী হ’ব লাগে।
(2) শৰীৰ নিৰ্বাহৰ
অৰ্থে কর্ম কৰিও পঢ়া পঢ়িব আৰু পঢ়াব লগে। যোগবলেৰে পাৱন হৈ ৰাজকীয় পদ ল’ব লাগে।
বৰদান:
নিজৰ শ্ৰেষ্ঠ
স্থিতিৰ দ্বাৰা মায়াক নিজৰ আগত নতশিৰ কৰাওঁতা সৰ্বোচ্চ পদৰ অধিকাৰী হোৱা
যেনেকৈ মহান আত্মাসকল
কেতিয়াও কাৰো আগত নতশিৰ নহয়, বৰং সকলো তেওঁলোকৰ আগতহে নতশিৰ হয়, তেনেকৈ তোমালোক
পিতাৰ দ্বাৰা নিৰ্বাচিত সৰ্বশ্ৰেষ্ঠ আত্মাসকলে যিকোনো পৰিস্থিতিত তথা মায়াৰ ভিন্ন
ভিন্ন আকৰ্ষণীয় ৰূপৰ আগত নিজক কেতিয়াও নতশিৰ কৰাব নোৱাৰা। যদি এতিয়াৰে পৰা সদায়
নতশিৰ কৰাওঁতা স্থিতিত স্থিৰ হৈ থাকা, তেতিয়া সৰ্বোচ্চ পদৰ অধিকাৰ প্ৰাপ্ত হ’ব। এনে
আত্মাসকলৰ আগত সত্যযুগত প্ৰজাসকলে স্বমানেৰে নতশিৰ হ’ব আৰু দ্বাপৰত তোমালোকৰ
স্মাৰকৰ আগত ভক্তসকল নতশিৰ হৈ থাকিব।
স্লোগান:
কৰ্মৰ সময়ত যোগৰ সন্তুলন ঠিক থাকিলে তেতিয়া কৰ্মযোগী বুলি কোৱা হ’ব।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰাব
বহুত সন্তানে কয় যে
যেতিয়া যোগত বহো, তেতিয়া আত্মা-অভিমানী হোৱাৰ পৰিৱৰ্তে সেৱা স্মৃতিলৈ আহে। কিন্তু
এনেকুৱা হোৱা উচিত নহয়, কাৰণ অন্তিম সময়ত যদি অশৰীৰী হোৱাৰ পৰিৱৰ্তে সেৱাৰো
সংকল্প স্মৃতিলৈ আহিল, তেন্তে চেকেণ্ডৰ কাকতত অনুত্তীৰ্ণ হৈ যাবা। সেই সময়ত
একমাত্ৰ পিতাৰ বাহিৰে, নিৰাকাৰী, নিৰ্বিকাৰী, নিৰহংকাৰী - অন্য একো স্মৃতিত নাই।
সেৱাত আকৌ সাকাৰত আহি যাবা, সেইবাবে যি সময়ত যিটো স্থিতিৰ প্ৰয়োজন, সেইটো স্থিতি
নহ’লে প্ৰতাৰিত হৈ যাবা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]