27.09.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
স্মৃতিত থকাৰ যত্ন তোমালোক সকলোৱে কৰিব লাগে, তোমালোকে নিজক আত্মা বুলি বুজি মোক
পিতাক স্মৰণ কৰা তেতিয়া মই তোমালোকক সকলো পাপৰ পৰা মুক্ত কৰি দিম”
প্ৰশ্ন:
সকলোৰে সৎগতিৰ
স্থান কোনখন, যাৰ মহত্ব গোটেই জগতে জানিব?
উত্তৰ:
আবু ভূমি হৈছে সকলোৰে সৎগতিৰ স্থান। তোমালোকে ‘ব্ৰহ্মাকুমাৰী’ৰ কাষতে বন্ধনীৰ ভিতৰত
লিখিব পাৰা “এইখন সৰ্বোত্তম তীৰ্থস্থান”। গোটেই জগতৰ সৎগতি ইয়াৰ পৰা হ’ব। সকলোৰে
সৎগতি দাতা পিতা আৰু আদম (ব্ৰহ্মা) ইয়াত বহি সকলোৰে সৎগতি কৰে। আদম অৰ্থাৎ ‘আদমী’ (মনুষ্য),
তেওঁ দেৱতা নহয়। তেওঁক ভগৱান বুলিও ক’ব নোৱাৰি।
ওঁম্শান্তি।
দুবাৰ ‘ওঁম্
শান্তি’ কিয়নো এবাৰ হৈছে পিতাৰ, দ্বিতীয়তে দাদাৰ (ব্ৰহ্মাৰ)। দুয়োৰে আত্মা আছে নহয়।
তেওঁ হৈছে পৰমাত্মা, এওঁ হৈছে আত্মা। তেৱোঁ লক্ষ্যৰ কথা কয় যে আমি পৰমধামৰ নিবাসী,
দুয়োজনে এনেকৈ কয়। পিতায়ো কয় ‘ওঁম্ শান্তি’ এৱোঁ কয় ‘ওঁম্ শান্তি’। সন্তানসকলেও
কয় ‘ওঁম্ শান্তি’ অৰ্থাৎ মই আত্মা শান্তিধাম নিবাসী। ইয়াত বেলেগে বেলেগে বহিব লাগে।
ইজনৰ শৰীৰে সিজনৰ শৰীৰক স্পৰ্শ কৰিব নালাগে কিয়নো প্ৰত্যেকৰে অৱস্থাৰ, যোগৰ
দিন-ৰাতিৰ পাৰ্থক্য আছে। কোনোবাই বহুত ভালকৈ স্মৰণ কৰে, কোনোবাই একেবাৰে স্মৰণ নকৰে।
তেন্তে যিয়ে একেবাৰে স্মৰণ নকৰে - তেওঁ হৈছে পাপ আত্মা, তমোপ্ৰধান আৰু যিয়ে স্মৰণ
কৰে তেওঁ হৈ গ’ল পুণ্য আত্মা, সতোপ্ৰধান। বহুত পাৰ্থক্য হৈ নগ’ল জানো। ঘৰত যদিও
একেলগে থকা হয় কিন্তু পাৰ্থক্যতো আছে নহয় সেই কাৰণেইতো ভাগৱতত আসুৰিক নাম উল্লেখ আছে।
সেয়া এই সময়ৰে কথা। পিতাই বহি সন্তানসকলক বুজায় - এয়া হৈছে ঈশ্বৰীয় চৰিত্ৰ, যিবোৰ
ভক্তিমাৰ্গত গায়ন কৰে। সত্যযুগততো একো স্মৃতিত নাথাকিব, সকলো পাহৰি যাব। পিতাই
এতিয়াহে শিক্ষা দিয়ে। সত্যযুগততো এয়া একেবাৰে পাহৰি যায়, পুনৰ দ্বাপৰৰ পৰা শাস্ত্ৰ
আদি ৰচে আৰু ৰাজযোগ শিকোৱাৰ প্ৰচেষ্টা চলায়। কিন্তু ৰাজযোগতো শিকাব নোৱাৰে। সেয়াতো
পিতা যেতিয়া সন্মুখত আহে তেতিয়াহে আহি শিকায়। তোমালোকে জানা কেনেকৈ পিতা আহি ৰাজযোগ
শিকায়। আকৌ 5 হাজাৰ বছৰ পাছত আহি এনেকৈয়ে ক’ব - মৰমৰ আত্মিক সন্তানসকল, এনেকৈ
কেতিয়াও কোনো মনুষ্যই মনুষ্যক ক’ব নোৱাৰে। দেৱতাসকলেও দেৱতাসকলক তেনেকৈ ক’ব নোৱাৰে।
এজন আত্মিক পিতাইহে আত্মিক সন্তানসকলক কয় - এবাৰ ভূমিকা পালন কৰিলোঁ পুনৰ 5 হাজাৰ
বছৰ পাছত ভুমিকা পালন কৰিম কিয়নো তোমালোকে আকৌ ছিৰি তললৈ নামা নহয়। তোমালোকৰ
বুদ্ধিত এতিয়া আদি-মধ্য অন্তৰৰ ৰহস্য আছে। এইটো জানা যে সেয়া হৈছে শান্তিধাম অথবা
পৰমধাম। আমি ভিন্ন ভিন্ন ধৰ্মৰ সকলো আত্মা তাত নিৰাকাৰী সৃষ্টিত ক্ৰম অনুসৰি থাকোঁ।
যেনেকৈ তৰাবোৰ দেখিবলৈ পোৱা নহয় - কেনেকৈ থিয় হৈ থাকে, একো দেখা পোৱা নাযায়। ওপৰত
একো বস্তু নাই। সেয়া হৈছে ব্ৰহ্ম তত্ব। ইয়াত তোমালোক ধৰণীত থিয় হৈ আছা, এয়া হৈছে
কৰ্মক্ষেত্ৰ। ইয়ালৈ আহি শৰীৰ ধাৰণ কৰি কৰ্ম কৰা। পিতাই বুজাইছে তোমালোকে যেতিয়া মোৰ
পৰা উত্তৰাধিকাৰ পোৱা তেতিয়া 21 জন্ম তোমালোকৰ কৰ্ম অকৰ্ম হৈ যায় কিয়নো তাত
ৰাৱণৰাজ্য নাথাকে। সেয়া হৈছে ঈশ্বৰীয় ৰাজ্য যি এতিয়া ঈশ্বৰে স্থাপনা কৰি আছে।
সন্তানসকলক বুজাই থাকে - শিৱবাবাক স্মৰণ কৰা তেতিয়া স্বৰ্গৰ মালিক হ’বা। স্বৰ্গ
শিৱবাবাই স্থাপনা কৰিছে নহয়। গতিকে শিৱবাবাক আৰু সুখধামক স্মৰণ কৰা। প্ৰথমে
শান্তিধামক স্মৰণ কৰা তেতিয়া চক্ৰও স্মৃতিলৈ আহিব। সন্তানসকলে পাহৰি যায়, সেইকাৰণে
বাৰে বাৰে স্মৃতি সোঁৱৰাই দিবলগীয়া হয়। হে মৰমৰ সন্তানসকল, নিজক আত্মা বুলি বুজা আৰু
পিতাক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ ভস্ম হ’ব। প্ৰতিজ্ঞা কৰে যে তোমালোকে যদি
স্মৰণ কৰা তেন্তে পাপৰ পৰা মুক্ত কৰি দিম। পিতাহে পতিত-পাৱন সৰ্বশক্তিমান
হৰ্তা-কৰ্তা, তেওঁক বিশ্বৰ সৰ্বশক্তিমান হৰ্তা-কৰ্তা বুলি কোৱা হয়। তেওঁ গোটেই
সৃষ্টিৰ আদি-মধ্য-অন্তক জানে। বেদ-শাস্ত্ৰ আদি সকলো জানে সেইবাবেতো কয় যে এই
বেদ-শাস্ত্ৰ আদিত কোনো সাৰমৰ্ম নাই। ‘গীতা’তো কোনো সাৰমৰ্ম নাই যদিও ই সকলো
শাস্ত্ৰৰ শিৰোমণী, মাতা-পিতা, বাকী সকলো হৈছে সন্তান স্বৰূপ। যেনেকৈ প্ৰথমে
প্ৰজাপিতা ব্ৰহ্মা, বাকী সকলো সন্তান। প্ৰজাপিতা ব্ৰহ্মাক আদম বুলি কোৱা হয়। আদম
মানে মনুষ্য। মনুষ্য নহয় জানো, সেয়েহে তেওঁক দেৱতা বুলি কোৱা নহ’ব। এডমক আদম বুলি
কয়। ভক্ত লোকসকলে ব্ৰহ্মা এডমক দেৱতা বুলি কৈ দিয়ে। পিতাই বহি বুজায় - এডম অৰ্থাৎ
‘আদমী’ (মনুষ্য)। দেৱতাও নহয়, ভগৱানো নহয়। লক্ষ্মী-নাৰায়ণ হৈছে দেৱতা। দৈৱী ৰাজবংশ
স্বৰ্গত আছে। নতুন সৃষ্টি হয় নহয়। সেইখন হৈছে বিশ্বৰ আশ্চৰ্য। বাকী সকলোতো মায়াৰ
আশ্চৰ্য। দ্বাপৰৰ পাছত মায়াৰ আশ্চৰ্য। ঈশ্বৰীয় আশ্চৰ্য হৈছে – ‘হেভেন’, স্বৰ্গ, যি
পিতাইহে স্থাপনা কৰে। এতিয়া স্থাপনা হৈ আছে। এয়া যি দেলৱাড়া মন্দিৰ আছে ইয়াৰ মূল্য
কোনেও নাজানে। মনুষ্যই যাত্ৰা কৰিবলৈ যায়, তেন্তে সকলোতকৈ ভাল তীৰ্থ হৈছে এইখন।
তোমালোকে লিখা নহয় যে ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়, আবু পৰ্বত। তেন্তে
বন্ধনীৰ ভিতৰত এইটোও লিখা উচিত - (সৰ্বোত্তম তীৰ্থস্থান) কিয়নো তোমালোকে জানা যে
সকলোৰে সৎগতি ইয়াৰ পৰাই হ’ব। এয়া কোনেও নাজানে। যেনেকৈ সকলো শাস্ত্ৰৰ শিৰোমণি
‘গীতা’ তেনেকৈ সকলো তীৰ্থৰ ভিতৰত শ্ৰেষ্ঠ তীৰ্থ হৈছে আবু। তেতিয়া মনুষ্যই পঢ়িব,
মনোযোগ আকৰ্ষণ হ’ব। গোটেই বিশ্বৰ তীৰ্থৰ ভিতৰত এইখন হৈছে সকলোতকৈ ডাঙৰ তীৰ্থ, য’ত
পিতাই বহি সকলোৰে সৎগতি কৰে। তীৰ্থতো বহুত হৈ গৈছে। গান্ধীৰ সমাধিকো তীৰ্থ বুলি ভাবে।
সকলোৱে গৈ তাত ফুল আদি অৰ্পণ কৰে, তেওঁলোকে একো নাজানে। তোমালোক সন্তানসকলে জানা
নহয় - গতিকে তোমালোক ইয়াত বহিলে অন্তৰ বহুত আনন্দিত হ’ব লাগে। আমি স্বৰ্গ স্থাপনা
কৰি আছোঁ। এতিয়া পিতাই কয় - নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। পঢ়াও বহুত সহজ।
একোৱে খৰচ নহয়। তোমালোকৰ মম্মাৰ এক পাই-পইচাও খৰচ হ’ল জানো? কোনো খৰচ নকৰাকৈয়ে পঢ়ি
কিমান বুদ্ধিমান এক নম্বৰ হৈ গ’ল। ৰাজযোগিনী হৈ গ’ল নহয়। মম্মাৰ দৰে কোনো ওলোৱা নাই।
চোৱা, আত্মাসকলকে
পিতাই বহি পঢ়ায়। আত্মাসকলেই ৰাজ্য লাভ কৰে, আত্মাসকলেই ৰাজ্য হেৰুৱায়। ইমান
সূক্ষ্ম আত্মাই কিমান কাম কৰে। বেয়াতকৈ বেয়া কাম হৈছে বিকাৰগ্ৰস্ত হোৱাটো। আত্মাই
84 জন্মৰ ভূমিকা পালন কৰে। সূক্ষ্ম আত্মাত কিমান শক্তি থাকে! গোটেই বিশ্বত ৰাজ্য কৰে।
এই দেৱতাসকলৰ আত্মাত কিমান শক্তি আছে। প্ৰত্যেক ধৰ্মৰে নিজৰ নিজৰ শক্তি থাকে।
খ্ৰীষ্টিয়ান ধৰ্মত কিমান শক্তি আছে। আত্মাত শক্তি আছে যিয়ে শৰীৰৰ দ্বাৰা কৰ্ম কৰে।
আত্মাহে ইয়ালৈ আহি এই কৰ্মক্ষেত্ৰত কৰ্ম কৰে। তাত বেয়া কৰ্তব্য নহয়। আত্মা বিকাৰী
মাৰ্গত তেতিয়াই যায় যেতিয়া ৰাৱণৰাজ্য হয়। মনুষ্যইতো কৈ দিয়ে যে বিকাৰ সদায় থাকেই।
তোমালোকে বুজাব পাৰা তাত ৰাৱণৰাজ্যই নাই তেন্তে বিকাৰ কেনেকৈ থাকিব পাৰে। তাত হৈছেই
যোগবল। ভাৰতৰ ৰাজযোগ প্ৰসিদ্ধ। বহুতে শিকিব বিচাৰে কিন্তু তোমালোকে যেতিয়া শিকাবা
তেতিয়াহে শিকিব। অন্য কোনেওতো শিকাব নোৱাৰে। যেনেকৈ মহৰ্ষি আছিল, যোগ শিকাবৰ কাৰণে
কিমান পৰিশ্ৰম কৰিছিল। কিন্তু জগতৰ লোকে জানো জানে যে এই হঠযোগীসকলে ৰাজযোগ কেনেকৈ
শিকাব। চিন্মিয়ানন্দৰ ওচৰলৈ কিমান যায়, এবাৰ যদি তেওঁ কৈ দিয়ে যে সঁচাকৈ ভাৰতৰ
প্ৰাচীন ৰাজযোগ বি.কে.সকলৰ বাহিৰে কোনেও বুজাব নোৱাৰে তেন্তে হৈ গ’ল। কিন্তু এনেকুৱা
নিয়ম নাই যে এতিয়াই এইটো আৱাজ হ’ব। সকলোৱে জানো বুজিব। বহুত যত্নৰ প্ৰয়োজন, পাছলৈ
মহিমাও হ’ব, কয় নহয় – হে প্ৰভু, হে শিৱবাবা আপোনাৰ লীলা। এতিয়া তোমালোকে বুজি পোৱা
যে তোমালোকৰ বাহিৰে পিতাক পৰম পিতা, পৰম শিক্ষক, পৰম সৎগুৰু বুলি আন কোনেও নুবুজে।
ইয়াতো বহুত আছে, যিসকলক আগবাঢ়ি গৈ থাকোতে মায়াই হায়ৰাণ কৰি দিয়ে তেতিয়া একেবাৰে
অবোধ হৈ যায়। অতি উচ্চ লক্ষ্য। যুদ্ধক্ষেত্ৰ, ইয়াত মায়াই বহুত বিঘিনি আনে। সেই
লোকসকলে বিনাশৰ কাৰণে প্ৰস্তুতি চলাই আছে। তোমালোকে ইয়াত পাঁচ বিকাৰক জিকিবৰ কাৰণে
পুৰুষাৰ্থ কৰি আছা। তোমালোকে বিজয়ৰ কাৰণে, তেওঁলোকে বিনাশৰ কাৰণে পুৰুষাৰ্থ কৰি আছে।
দুয়োটা কাম একেলগে হ’ব। এতিয়া সময় আছে। আমাৰ ৰাজ্য জানো স্থাপনা হ’ল! ৰজা, প্ৰজা
এতিয়া সকলো হ’ব। তোমালোকে আধাকল্পৰ কাৰণে পিতাৰ পৰা উত্তৰাধিকাৰ লোৱা। বাকী মোক্ষতো
কোনেও নাপায়। তেওঁলোকে যদিও কয় অমুকে মোক্ষ লাভ কৰিলে, তেওঁলোকে জানো জানে যে
মৃত্যুৰ পাছত ক’লৈ গ’ল। এনেয়ে মিছা কথা শুনাই থাকে।
তোমালোকে জানা যিয়ে
শৰীৰ এৰে তেওঁ নিশ্চয় অন্য শৰীৰ ধাৰণ কৰিব। মোক্ষ পাব নোৱাৰে। এনেকুৱা নহয় যে
বুৰবুৰণি পানীত লীন হৈ যায়। পিতাই কয় - এই শাস্ত্ৰ আদি সকলো ভক্তিমাৰ্গৰ সামগ্ৰী।
তোমালোক সন্তানসকলে সন্মুখত শুনা। গৰম গৰম হালুৱা খোৱা। সকলোতকৈ বেছি গৰম হালুৱা
কোনে খায়? (ব্ৰহ্মাই) এওঁতো তেওঁৰ একেবাৰে কাষত বহি আছে। তৎক্ষণাৎ শুনে আৰু ধাৰণা
কৰে আকৌ তেৱেঁই উচ্চ পদ পায়। সূক্ষ্মলোকত, বৈকুণ্ঠত এওঁৰেই সাক্ষাৎকাৰ কৰে। এই
দুচকুৰে ইয়াতো তেওঁকেই দেখে। পিতাইতো সকলোকে পঢ়ায়। বাকী স্মৰণ কৰাৰ ক্ষেত্ৰত যত্ন
কৰিব লাগে। স্মৃতিত থাকিবলৈ যেনেকৈ তোমালোকে যত্ন কৰিবলগীয়া হয় তেনেকৈ এৱোঁ যত্ন
কৰিবলগীয়া হয়। ইয়াত কোনো কৃপাৰ কথা নাই। পিতাই কয় – মই ঋণত লৈছোঁ, তাৰ হিচাপ-নিকাচ
দি দিম। বাকী স্মৃতিত থকাৰ বাবে পুৰুষাৰ্থতো এৱোঁ কৰিব লাগে। বুজিও পাওঁ – কাষত বহি
আছে। পিতাক মই স্মৰণ কৰি পুনৰ পাহৰি যাওঁ। সকলোতকৈ বেছি এওঁ যত্ন কৰিবলগীয়া হয়।
যুদ্ধক্ষেত্ৰত যিসকল মহাৰথী বলৱান হয়, যেনেকৈ হনুমানৰ উদাহৰণ আছে, গতিকে তেওঁৰেই
মায়াই পৰীক্ষা ল’লে কিয়নো তেওঁ মহাবীৰ আছিল। যিমান বেছি শক্তিশালী সিমানে বেছি
মায়াই পৰীক্ষা লয়। ধুমুহা বেছিকৈ আহে। সন্তানসকলে লিখে – বাবা, মোৰ এনেকুৱা এনেকুৱা
হয়। বাবাই কয় - এয়াতো সকলো হ’ব। বাবাই নিতৌ বুজায় – সাৱধান হৈ থাকিবা। লিখে - বাবা,
মায়াই বহুত ধুমুহা আনে। কিছুমান দেহ-অভিমানী হৈ গ’লে বাবাক নুশুনায়। তোমালোক এতিয়া
বহুত বুদ্ধিমান হৈ গৈছা। আত্মা পৱিত্ৰ হ’লে আকৌ শৰীৰো পৱিত্ৰ পোৱা যায়। আত্মা কিমান
চমৎকাৰী হৈ যায়। প্ৰথমেতো গৰিবসকলেহে জ্ঞান আহৰণ কৰে। পিতাও গৰিবৰ ত্ৰাণকৰ্তা বুলি
গায়ন আছে। বাকীতো সেইসকল দেৰীকৈ আহিব। তোমালোকে বুজি পোৱা যে যেতিয়ালৈকে ভাতৃ-ভগ্নী
নহয় তেন্তে ভাই ভাই কেনেকৈ হ’ব। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তানতো ভাতৃ-ভগ্নী হৈ গ’ল নহয়।
আকৌ পিতাই বুজায় – ভাই ভাই বুলি বুজা। এয়া হৈছে শেষৰ ফালৰ সম্বন্ধ আকৌ ওপৰতো
ভাইসকলৰ সৈতে মিলিত হ’বাগৈ। পুনৰ সত্যযুগত নতুন সমন্ধ আৰম্ভ হ’ব। তাত খুলশালি, খুৰা,
মামা আদি অনেক সম্বন্ধ নাথাকে। বহুত কম সম্বন্ধ থাকে। আকৌ বৃদ্ধি হৈ যায়। এতিয়াতো
পিতাই কয় - ভাতৃ-ভগ্নীও নহয়, ভাই ভাই বুলি বুজিব লাগে। নাম-ৰূপৰ পৰাও আঁতৰি যাব লাগে।
পিতাই ভাইসকলকহে (আত্মাসকলক) পঢ়ায়। প্ৰজাপিতা ব্ৰহ্মা আছে, তেন্তে ভাতৃ-ভগ্নী নহয়
জানো। শ্ৰীকৃষ্ণতো নিজেই সন্তান। তেওঁ কেনেকৈ ভাই ভাই কৰি তুলিব। ‘গীতা’তো এই
কথাবোৰ নাই। এয়া হৈছে একেবাৰে অনন্য জ্ঞান। ড্ৰামাত সকলো নিৰ্ধাৰিত হৈ আছে। এটা
চেকেণ্ডৰ ভূমিকা আনটো চেকেণ্ডৰ লগত নিমিলে। কিমান মাহ, কিমান ঘণ্টা, কিমান দিন পাৰ
হ’বলগীয়া আছে, পুনৰ 5 হাজাৰ বছৰ পাছত এনেকৈয়ে পাৰ হ’ব। কম বুদ্ধিৰ লোকসকলেতো ইমান
ধাৰণা কৰিব নোৱাৰে সেয়েহে পিতাই কয় - এয়াতো বহুত সহজ - নিজক আত্মা বুলি বুজা, বেহদৰ
পিতাক স্মৰণ কৰা। পুৰণি সৃষ্টিৰ বিনাশো হ’ব। পিতাই কয় - মই আহোঁৱেই তেতিয়া যেতিয়া
সংগম হয়। তোমালোকেই দেৱী-দেৱতা আছিলা। এইটো জানা যে যেতিয়া এওঁলোকৰ ৰাজ্য আছিল
তেতিয়া আৰু কোনো অন্য ধৰ্ম নাছিল। এতিয়াতো এওঁলোকৰ ৰাজ্য নাই। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া অন্তিমৰ সময়, ঘৰলৈ উভটি যাব লাগে সেয়েহে নিজৰ বুদ্ধি নাম-ৰূপৰ পৰা আঁতৰাই
দিব লাগে। আমি আত্মা ভাই ভাই - এইটো অভ্যাস কৰিব লাগে। দেহ-অভিমানত আহিব নালাগে।
(2) প্ৰত্যেকৰে অৱস্থা
আৰু যোগৰ ক্ষেত্ৰত ৰাতি-দিনৰ পাৰ্থক্য আছে সেয়েহে বেলেগ বেলেগে বহিব লাগে। ইজনৰ
শৰীৰে সিজনৰ শৰীৰক যাতে স্পৰ্শ নকৰে। পুণ্য আত্মা হ’বৰ কাৰণে স্মৃতিত থকাৰ যত্ন
কৰিব লাগে।
বৰদান:
পিতাৰ স্নেহত
নিজৰ মূল দুৰ্বলতা ত্যাগ কৰোঁতা জ্ঞানী আত্মা হোৱা
বাপদাদাই দেখিবলৈ পায়
যে এতিয়ালৈকে পাঁচোটা বিকাৰৰে ব্যৰ্থ সংকল্প বেছি সংখ্যকৰে চলে। জ্ঞানী আত্মাসকলৰো
কেতিয়াবা কেতিয়াবা নিজৰ গুণ বা বিশেষত্বৰ অভিমান আহি যায়, প্ৰত্যেকে নিজৰ মূল
দুৰ্বলতা বা মূল সংস্কাৰৰ বিষয়ে জানেও, সেই দুৰ্বলতা পিতাৰ স্নেহত উছৰ্গিত কৰি দিয়া
- এয়াই স্নেহৰ প্ৰমাণ। স্নেহী বা জ্ঞানী আত্মাই পিতাৰ স্নেহত ব্যৰ্থ সংকল্পসমূহো
পৰিত্যাগ কৰি দিয়ে।
স্লোগান:
স্বমানৰ আসনত স্থিত হৈ থাকি সকলোকে সন্মান দিওঁতা মাননীয় আত্মা হোৱা।
“ইচ্ছা মাত্ৰম অবিদ্যা”
স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:
সৰ্ব বংশ ত্যাগী হৈ
সদায় প্ৰতিটো শ্ৰেষ্ঠ কাৰ্যত, সেৱাৰ সফলতাৰ কাৰ্যত, ব্ৰাহ্মণ আত্মাসকলৰ উন্নতিৰ
কাৰ্যত, দুৰ্বলতা বা ব্যৰ্থ বাতাৱৰণ পৰিৱৰ্তন কৰাৰ কাৰ্যত দায়িত্বশীল আত্মা বুলি
বুজি চলা। হদৰ কৰ্মৰ, হদৰ ফল পোৱাৰ অল্পকালৰ ইচ্ছাৰ পৰা “ইচ্ছা মাত্ৰম অবিদ্যা” হোৱা।
তেতিয়া সদায় প্ৰত্যক্ষ ফল খাওঁতা সদায় সুস্থ মনৰ হৈ থাকিবা। সদায় স্বাস্থ্যৱান হৈ
থাকিবা।