27.09.26    Avyakt Bapdada     Assame Murli     15.12.2011     Om Shanti     Madhuban


“*“সদায় আত্মিক সম্ভ্ৰমত থাকি নিচিন্ত বাদশ্বাহ হোৱা, তীব্ৰ পুৰুষাৰ্থৰ দ্বাৰা সম্পন্ন আৰু সমান হৈ লগত যাবলৈ প্ৰস্তুতি চলোৱা”*”


আজি বাপদাদাই নিচিন্ত বাদশ্বাহসকলৰ সভা চাই আছেহঁক। এই সভা কেৱল এই সময়ছোৱাতহে অনুষ্ঠিত হয়, কিয়নো সকলো সন্তানে নিজৰ সকলো চিন্তা পিতাক অৰ্পণ কৰি পিতাৰ পৰা আত্মিক সম্ভ্ৰম লৈ লৈছে। এই সভা এতিয়াহে অনুষ্ঠিত হয়। তোমালোকো প্ৰত্যেকেই ৰাতিপুৱাৰ পৰা উঠি কাম কৰাৰ সময়তো নিচিন্ত আৰু বাদশ্বাহ হৈ চলা নহয়! এই চিন্তামুক্ত জীৱন কিমান ভাল লাগে। নিচিন্ত হোৱাৰ চিন কি দেখা যায়? প্ৰত্যেকৰে মস্তকত পোহৰ, আত্মা জিলিকি থকা দেখা যায়। এই চিন্তামুক্ত জীৱন কেনেকৈ গঢ়ি উঠিল? পিতাই সকলো সন্তানৰে জীৱনৰ পৰা চিন্তা লৈ আত্মিক সম্ভ্ৰম দান কৰিলে। যাৰ জীৱনত আত্মিক সম্ভ্ৰম নাই, কেৱল চিন্তা আছে, তেওঁলোকৰ মস্তকত পোহৰ নিজিলিকে। তেওঁলোকৰ মস্তকত বোজাৰ ৰেখাবোৰ দেখিবলৈ পোৱা যায়। তেন্তে কোৱা তোমালোকৰ কি পচন্দ। পোহৰ নে বোজা? যদি কিবা বোজাও আহে তেন্তে বোজা অৰ্থাৎ চিন্তা পিতাক দি আত্মিক সম্ভ্ৰম ল’ব পাৰা। তোমালোক সকলোৰে নিচিন্ত জীৱন পচন্দ হয় নহয়! চাওঁতাসকলেও নিচিন্ত জীৱন পচন্দ কৰে।

গতিকে বাপদাদাই আজি চাৰিওফালৰ সন্তানসকলক লাগিলে সন্মুখত থাকক, লাগিলে য’তেই নবহক, সন্তানসকলৰ মস্তকৰ মাজত জিলিকি থকা পোহৰহে চাই আছে। গতিকে সদায় নিচিন্ত হৈ থাকা নে কেতিয়াবা কিবা চিন্তাও আহে? কিবা চিন্তা আছে নেকি? যেতিয়া পিতাই প্ৰকৃতিজিৎ, বিকাৰজিৎ কৰি তুলিলে তেন্তে চিন্তা কেনেকৈ আহিব পাৰে? গতিকে হাত দাঙা নিচিন্ত হৈছানে? সদায় হৈছানে? সদায় হৈছা নে কেতিয়াবা কেতিয়াবা? কেতিয়াবা কেতিয়াবা হোৱাও আছা নেকি? হাততো দাঙা নাই, বাপদাদায়ো চাব বিচৰা নাই। বাপদাদাই প্ৰতিগৰাকী সন্তানক নিচিন্ত বাদশ্বাহ হিচাপে চাব বিচাৰে। যদি কেতিয়াবা কেতিয়াবা হোৱা সকলো আছে, তেন্তে ইয়াৰ অতি সহজ বিধি হ’ল যিয়েই অলপ-চলপ চিন্তা আহে তেতিয়া তাক ‘মোৰ’ক ‘তোমাৰ’লৈ পৰিৱৰ্তন কৰি দিয়া। এই হদৰ মোৰ বোধক, ‘মোৰ’ক ‘তোমাৰ’লৈ পৰিৱৰ্তন কৰাৰ বহুত সহজ বিধি আছে। তোমালোকেতো কোৱাই ‘মোৰ বাবা’! তেন্তে এতিয়া মোৰ বুলি কি থাকিল? হদৰ ‘মোৰ’তো সমাপ্ত হ’ল নহয়! মোৰ বাবা হৈ গ’ল। সকলোৱে অন্তৰেৰে কোৱা নহয় মোৰ বাবা! মৰমৰ বাবা! মিঠা বাবা! গতিকে ‘মোৰ’ৰ ভিতৰত ‘তোমাৰ’ বোধ সমাহিত কৰি লোৱাটো টান নেকি? পাৰ্থক্য কি? ‘তোমাৰ’ আৰু ‘মোৰ’ ইমানেই সৰু পাৰ্থক্য। সংকল্প কৰি ল’লা সকলো তোমাৰ আৰু মোৰ কি থাকিল? মোৰ বাবা।

গতিকে বাপদাদাই দেখিছে যে অধিকাংশ সন্তানেই হদৰ ‘মোৰ’ক ‘তোমাৰ’ কৰি ল’লে, সেয়েহে কি হৈ গ’লা? নিচিন্ত বাদশ্বাহ। সেয়ে বাপদাদাই সন্তানসকলক নিচিন্ত বাদশ্বাহ ৰূপত চাই আছে। চোৱা, ভক্তি মাৰ্গতো তোমালোকৰ চিত্ৰ তৈয়াৰ কৰোঁতে তেতিয়া দ্বৈত মুকুট দেখুৱায়। এটাতো পোহৰৰ মুকুট আছেই, কিয়নো নিচিন্ত আত্মাৰ চিন হ’ল মস্তকত পোহৰ জিলিকে, আৰু দ্বিতীয় মুকুট হ’ল বিকাৰৰ ওপৰত বিজয়ী হৈছা সেইবাবে মুকুট দেখুওৱা হৈছে, সেইকাৰণে এইটো মনোযোগ দিয়া যে যেতিয়া বাপদাদাই চিন্তা লৈ আত্মিক সম্ভ্ৰম দি দিলে তেতিয়া কি হৈ গ’লা? নিচিন্ত বাদশ্বাহ। বাদশ্বাহ হ’লা তেন্তে সিংহাসনো লাগিব নহয়! গতিকে বাপদাদাই তিনিখন সিংহাসনৰ মালিক কৰি তুলিলে। জানানে তিনিখন সিংহাসন কি কি?

এক সিংহাসন ভ্ৰূকুটিৰ, এয়াতো সকলোৰে আছেই। দ্বিতীয় সিংহাসন হ’ল বাপদাদাৰ অন্তৰ সিংহাসন আৰু তৃতীয় হ’ল বিশ্বৰ সিংহাসন, ৰাজ্যৰ সিংহাসন। গতিকে তোমালোক সকলোৰে এই তিনিখন সিংহাসন প্ৰাপ্ত হৈছে নহয়!

সকলোতকৈ শ্ৰেষ্ঠ হ’ল বাপদাদাৰ অন্তৰ সিংহাসন। গতিকে পৰীক্ষা কৰা সিংহাসনত অধিষ্ঠিত হৈ থাকানে? কিয়নো বাপদাদাৰ অন্তৰ সিংহাসনত কোন বহে? যিজনে সদায় স্বয়ং বাপদাদাক নিজৰ অন্তৰ সিংহাসনত বহুৱাইছে, যি সদায় শ্ৰেষ্ঠ স্থিতিত থাকি মাষ্টৰ সৰ্বশক্তিমান হৈ থাকে। গতিকে পৰীক্ষা কৰা যে সদায় সিংহাসনৰ অধিকাৰী হোৱানে? নে কেতিয়াবা মাটিলৈকো গুচি আহা? এই দেহ বোধ হ’ল মাটি। বহু সময় মাটিত থাকিলা, সেয়েহে কেতিয়াবা কেতিয়াবা মাটিলৈতো গুচি নোযোৱা?

গতিকে বাপদাদাই সকলো সন্তানকে সময়ৰ ইঙ্গিত দি আছে। অকস্মাতৰ পাঠ দৃঢ় কৰাই আছে, ইয়াৰ কাৰণে এই সময়ক বহুত বহুত মহত্ব দিব লাগে কিয়নো এই এটা জন্মত অনেক জন্মৰ প্ৰালব্ধ গঢ়ি তুলিব লাগে সেইবাবে বাপদাদাই ইঙ্গিত দিছিল সংগমৰ সময়ত দুটা কথাৰ প্ৰতি সকলো সময়ত মনোযোগ দিব লাগে। সেই দুটা কথাতো স্মৃতিত আছে – সময় আৰু সংকল্প। বাপদাদাক সকলোৱে ব্যৰ্থ সংকল্প, সংকল্পৰ দ্বাৰা দিয়াৰ সাহস কৰিছিল। গতিকে পৰীক্ষা কৰা সাহস সদায় বৰ্তি আছেনে? কিয়নো সন্তানে এবাৰ সাহস কৰিলে তেতিয়া পিতাই হাজাৰবাৰ সহায় কৰে। গতিকে এতিয়া কি ভাবা? ব্যৰ্থ সংকল্পৰ যি সাহস পিতাৰ আগত সংকল্প কৰিছিলা সেয়া বৰ্তি আছেনে? কিয়নো এই ব্যৰ্থ সংকল্পত বহুত সময় যায় আৰু এই সময় অনুসৰি কাৰ্য হৈছে বিশ্বৰ আত্মাসকলক বাৰ্তা দিয়াৰ। সেয়েহে ব্যৰ্থ সংকল্প সমাপ্ত কৰিব লাগে তেতিয়াহে দুখী, অশান্ত আত্মাসকলক সুখ শান্তিৰ অনুভৱ কৰাব পাৰিবা। বাপদাদাৰ দুখী সন্তানসকলক দেখি দয়া ওপজে। তোমালোকৰো নিজৰ ভাই-ভনীসকলক দেখি দয়াতো ওপজে নহয়!

বাপদাদাই দেখিছে যে বৰ্তমান সময়ত সকলোৰে ৰুচি আছে, পৰিকল্পনাও কৰিছে, বাস্তৱায়িতও কৰিছে। সকলো কাৰ্যসূচী বহুত ভালকৈ কৰিছে, ইয়াৰ বাবে অভিনন্দনো জনাই আছে। কিন্তু এতিয়া সময় অনুসৰি তেওঁলোকক সোনকালে উত্তৰাধিকাৰী কৰি তোলা, যাতে কিবা নহয় কিবা উত্তৰাধিকাৰৰ অধিকাৰী হ’ব পাৰে। ভাল ভাল বুলি বহুত কয়, বাপদাদায়ো সন্তানসকলৰ সেৱাৰ এই ফলাফল দেখিছে আৰু পিতা সন্তানসকলক লৈ আনন্দিতও হৈছে। অন্তৰেৰে কৰি আছে আৰু সকলোৱে সময় অনুসৰি শুনিছেও ৰুচিৰে। ইমানখিনি পাৰ্থক্যতো আহিছে। ভাল ভাল বুলি কৈ আছে কিন্ত ভাল কৰি তুলি কিবা নহয় কিবা উত্তৰাধিকাৰৰ অধিকাৰী কৰি তোলা। ইয়াৰ কাৰণে বাপদাদাই আগতেও ইঙ্গিত দিছে যে এতিয়া সময় অনুসৰি তীব্ৰ পুৰুষাৰ্থী হোৱাৰ আৱশ্যকতা আছে।

তীব্ৰ পুৰুষাৰ্থী হ’বলৈ মুখ্য পুৰুষাৰ্থ হ’ল চেকেণ্ডত বিন্দু লগোৱা। চেকেণ্ড আৰু বিন্দু দুয়োটা সমান। গতিকে এতিয়া বাপদাদাই সন্তানসকলৰ নিচিন্ত বাদশ্বাহৰ ৰূপ চাই আছে। এতিয়া এইটো ৰূপ সদায় অনুভৱ কৰা। যিয়েই নহওক, যিয়েই নাহক ‘মোৰ’ক ‘তোমাৰ’ বোধত সমাহিত কৰি দিয়া।

আজি বাপদাদাই দেখিছে, গুৰুবাৰৰ দিনা বহুত সন্তান বাপদাদাৰ ওচৰলৈ আহে, সেয়ে বাপদাদাই কয় সপ্তাহৰ দুটা দিন বিশেষ। এটা গুৰুবাৰ আনটো দেওবাৰ। গতিকে গুৰুবাৰৰ দিন গুৰুৰ দিন, গুৰুৰ পৰা কি প্ৰাপ্ত হয়? বৰদান। গতিকে গুৰুবাৰৰ দিন বৰদানৰ বিশেষ দিন, এই ৰূপত গুৰুবাৰ পালন কৰা। কিবা নহয় কিবা বিশেষ বৰদান অমৃতবেলাৰ পৰাই বুদ্ধিত জাগ্ৰত কৰা। বৰদানতো অনেক আছে কিন্তু বিশেষ এক বৰদান নিজৰ কাৰণে বুদ্ধিত ৰাখি পৰীক্ষা কৰা যে বৰদানী দিনত বৰদানী স্বৰূপ হৈ থাকা, বৰদানক পুনৰাবৃত্তি কৰিব নালাগে কিন্তু বৰদান স্বৰূপ হ’ব লাগে আৰু পৰীক্ষা কৰি থাকা যে আজি কিমান সময় বৰদান স্বৰূপ হৈ থাকিলা? দেওবাৰৰ দিনটো বিশেষকৈ জগতৰ কাৰণে ছুটীৰ দিন।

গতিকে দেওবাৰৰ দিনটো পালন কৰা যি অলপ নিজৰ জীৱনত দুৰ্বলতা আছে, স্বপ্ন মাত্ৰও দুৰ্বলতা আছে তাক ছুটী দি দিয়া। যেনেকৈ জগতৰ লোকে এই দুয়োটা দিন ভালকৈ অতিবাহিত কৰে, তেনেকৈ তোমালোকেও এই দুয়োটা দিনত বিশেষ এইটো লক্ষ্য আৰু লক্ষণ কেৱল লক্ষ্য নহয় কিন্তু লক্ষ্যৰ লগতে লক্ষণৰ ওপৰতো মনোযোগ দিয়া। বাপদাদাই সকলো সন্তানকে লগত লৈ যোৱাৰ অঙ্গীকাৰ কৰিছে। ইয়াৰ বাবে লগত যাবলৈ কি প্ৰস্তুতি চলাব লাগে? পিতাতো চেকেণ্ডত অশৰীৰী হৈ যাব কিন্তু তোমালোকে যি অঙ্গীকাৰ কৰিছা, পিতায়ো অঙ্গীকাৰ কৰিছে যে লগত যাব, গতিকে পৰীক্ষা কৰা তাৰ বাবে প্ৰস্তুত আছানে? কান্ধ লৰোৱা। যাবা, বাৰু। দৃঢ়নে? হাতত হাত দিয়া, ইয়াৰ অৰ্থ হৈছে সমান হোৱা। গতিকে পৰীক্ষা কৰা সময়তো অকস্মাতে আহিব, তেন্তে ইমান প্ৰস্তুতি আছেনে যে লগত যাবা?

পিতাৰ সন্তানসকললৈ স্নেহ আছে নহয়! গতিকে পিতাই এগৰাকীকো লগত নিয়াৰ পৰা বঞ্চিত কৰিব বিচৰা নাই। লগত আছোঁ, লগত থাকিম, লগত যাম আৰু লগত ৰাজধানীত ৰাজ পৰিয়ালত আহিম। মঞ্জুৰ আছেনে! মঞ্জুৰ আছেনে? প্ৰস্তুতি আছেনে? মঞ্জুৰ আছে বুলিলেতো হাত দাঙি দিব, এই হাত নাদাঙিবা। প্ৰস্তুতি আছে, ইয়াত হাত দাঙা। দীঘলকৈ দাঙা। বাৰু। কাইলৈ যদি বিনাশ হৈ যায়, তেন্তে প্ৰস্তুত আছানে? কিন্তু নিজৰ সেৱা সমাপ্ত কৰিলানে? সেৱাতো এতিয়াও বহুত বাকী আছে নে সেৱা সমাপ্ত হৈ গ’ল? বাৰ্তা সকলোৰে ওচৰলৈ গ’লনে? কেৱল নিজৰ চুবুৰীতেই চোৱা, তোমালোকে প্ৰত্যেককে - পিতা আহি গৈছে, উত্তৰাধিকাৰ ল’বলগীয়া থাকিলে লৈ লওক – এইটো বাৰ্তা দিলা জানো? এতিয়া পৰিকল্পনা কৰি আছে। বাপদাদাই শুনিলে যে ঘৰে ঘৰে বাৰ্তা দিয়াৰ পৰিকল্পনা চলি আছে। ভাল কথা, বাৰ্তাতো দিবই লাগিব, নহ’লে অভিযোগ পাবা। কাৰ্যসূচী হাতত লৈছা নহয়? উঠা। (মোডিয়াৰ ভাই-ভনীসকলক উঠালে) ভাল কথা, অভিযোগ দূৰ কৰি লোৱা কিয়নো হ’বলগীয়াতো আকস্মিকভাৱেই হ’ব। গতিকে ইজনে সিজনে মিলি এই পৰিকল্পনা বাস্তৱত ৰূপায়িত কৰা। পৰস্পৰ আলোচনা সোনকালে কৰা, সময় বেছি লাগি গ’লে উৎসাহো অলপ কমি যায়। বাকী বাপদাদাই পচন্দ কৰে যে ঘৰে ঘৰে এই অভিযোগ সমাপ্ত হৈ যাওক। যাতে কোনেও ক’ব নোৱাৰে যে আমি গমেই নাপালো, পিতা আহিল আৰু গুচিও গ’ল, আমি বঞ্চিত হৈ ৰ’লোঁ! সকলোৰে উৎসাহতো আছে নহয়নে! সকলোৰে উৎসাহ আছেনে? সেৱা কৰি অভিযোগ সমাপ্ত কৰিব লাগে। উৎসাহ আছে যেতিয়া বাপদাদাৰ সহযোগো আছে। বাৰু।

গতিকে বাপদাদাৰ অন্তৰৰ আশাতো সকলোৱে জানাই।

সমান আৰু সম্পূৰ্ণ, এই দুটা শব্দ সদায় পৰীক্ষা কৰা যে পিতাৰ এই আশা পূৰণ কৰিলোঁনে? কিয়নো বাপদাদাই প্ৰতিগৰাকী সন্তানকে পিতাৰ আশাসমূহৰ তৰা বুলি ভাৱে। প্ৰতিটো সন্তানৰে পিতাৰ প্ৰতি স্নেহ আছে, এয়াতো বাপদাদায়ো জানে। এই সকলোকে মধুবনলৈ আনিছে কোনে? এই স্নেহৰ ৰেলত আহিছে, স্নেহৰ বিমানত আহিছে। গতিকে পিতাও সন্তানসকলৰ স্নেহৰ বিষয়ত সন্তানসকলৰ ওপৰত সন্তুষ্ট। কিন্তু যি দুটা শব্দ পিতাই বিচাৰে সমান আৰু সম্পূৰ্ণ, ইয়াকো সম্পূৰ্ণ কৰিবই লাগিব। গতিকে আজি বাপদাদাই চাৰিওফালৰ সন্তানসকলক অন্তৰেৰে স্নেহেৰে চাই প্ৰতিগৰাকী সন্তানক আন্তৰিক স্নেহৰ অভিনন্দন জনাই আছে। বাৰু।

শিক্ষকসকল বহুত আহিছে:- শিক্ষকসকলকতো বাপদাদাই সদায় স্মৰণ কৰে, স্নেহ কৰে কিয়নো শিক্ষকসকল প্ৰতিগৰাকী ভাই-ভনীক আহুৱাই লৈ যোৱাৰ নিমিত্ত হয়। শিক্ষকসকলক বাপদাদাই গুৰুভাই বুলি কয়। গুৰুভাইৰ অৰ্থ হৈছে সমান কিয়নো যেনেকৈ পিতাৰ কৰ্তব্য হৈছে সদায় সেৱাত ব্যস্ত থকা, এনেকুৱা যোগ্য শিক্ষকসকল পিতাৰ সমান সদায় সেৱাধাৰী আৰু সদায় সফলতা স্বৰূপ হৈ সফল স্বৰূপ কৰি তোলোঁতা। বাপদাদাৰ শিক্ষকসকলৰ প্ৰতি সদায়েই অন্তৰৰ স্নেহ আছে। কিয়? শিক্ষক অৰ্থাৎ সদায় সেৱাধাৰী, সদায় পিতাৰ সমান কৰি তোলোঁতা আৰু নতুনসকলক পিতাৰ পৰিচয় দি, অনুভৱী কৰি তুলি পিতাৰ উত্তৰাধিকাৰৰ অধিকাৰী কৰি তোলা। গতিকে বাপদাদা শিক্ষকসকলৰ ওপৰত আনন্দিত, আৰু অন্তৰৰ স্নেহ, পিতাৰ স্নেহ বিদ্যাৰ্থীসকলকো অনুভৱ কৰাই তেওঁলোককো পিতাৰ পূৰা উত্তৰাধিকাৰৰ অধিকাৰী কৰি তোলোঁতা। পিতাৰ প্ৰতিগৰাকী শিক্ষকৰ প্ৰতি আশা যে এওঁলোক প্ৰতিগৰাকী শিক্ষক যি পিতাৰ আশা আছে, যি পিতাই বিচাৰে সেয়া প্ৰত্যক্ষ কৰোঁতা আৰু কৰাওঁতা সেইবাবে প্ৰতিগৰাকী শিক্ষকক বাপদাদাই পদমগুণ অভিনন্দন জনাই আছে। অভিনন্দন জনাই আছে। বাৰু।

ডবল বিদেশী ভাই-ভনীসকলৰ সৈতে:- ডবল বিদেশীসকলকো বাপদাদাই দেখিছে যে সেৱাত ভাৰতৰ আত্মাসকলতকৈ কম নহয়। বাপদাদা আনন্দিত হয় যে প্ৰত্যেকেই নিজৰ নিজৰ স্থানত সেৱা বৃদ্ধি কৰি আছে আৰু নিজকো ভাল উৎসাহ-উদ্দীপনাৰে চলাই আছে। ডবল বিদেশীসকলৰ এইটো সংস্কাৰ আছে যে যি কৰিব উৎসাহ-উদ্দীপনাৰে কৰি পূৰা কৰিব আৰু পুৰুষাৰ্থৰ ফালেও মনোযোগ দিয়ে। গতিকে সকলোৱে হাত দাঙা যে সকলো তীব্ৰ পুৰুষাৰ্থী হোৱানে? তীব্ৰ পুৰুষাৰ্থী হোৱানে? বাৰু। সকলোৰে ফালৰ পৰাও বহুত বহুত অভিনন্দন, কিয়? তীব্ৰ পুৰুষাৰ্থী অৰ্থাৎ বাপদাদাৰ আশাসমূহ পূৰ্ণ বাস্তৱায়িত কৰোঁতা। সেয়ে বাপদাদাই তীব্ৰ পুৰুষাৰ্থৰ বাবে অভিনন্দন জনাই আছে। তীব্ৰ পুৰুষাৰ্থী হয় আৰু সদায় তীব্ৰ পুৰুষাৰ্থী হৈ আনকো তীব্ৰ পুৰুষাৰ্থী কৰি তুলিব। গতিকে গোটেই বিদেশ তীব্ৰ পুৰুষাৰ্থীৰ তালিকাত আহি যাওক। এনেকুৱা উদাহৰণ আগৰ আছে আৰু কিবা কৰি দেখুৱাব লাগে। কিন্তু বাপদাদাই পুৰুষাৰ্থৰ বাবে অভিনন্দন জনাই আছে। মুৰুলীৰ ওপৰতো মনোযোগ আছে, এই বাপদাদাৰ মুৰুলীৰ প্ৰতি ভাল স্নেহ থাকিব লাগে। মধুবনলৈও স্নেহ, মুৰুলীলৈও স্নেহ, পৰিয়াললৈও স্নেহ আৰু মোৰ বাবাৰ প্ৰতিও স্নেহ। এতিয়া সূক্ষ্ম পুৰুষাৰ্থৰ প্ৰতিও মনোযোগ ভাল আৰু বাপদাদাই দেখিছে যে জানকী দাদীৰো বহুত ধ্যান আছে। ইয়াত থাকিও প্ৰতিটো ক্লাছ প্ৰথমে বিদেশ পায়গৈ। গতিকে প্ৰতিপালনো ভাল পাই আছে। এয়াও তোমালোকৰ ভাগ্য। ভাগ্যৱান আৰু মধুৰ দুয়োটাই। বাৰু।

প্ৰথমবাৰ অহাসকলৰ সৈতে:- এয়াতো বহুত আছে। হাত লৰোৱা। গতিকে সকলো নিজৰ মধুবন ঘৰত আহি পাইছে, তাৰ বাবে বাপদাদাই প্ৰতিগৰাকী সন্তানকে অভিনন্দন জনাই আছে কিয়নো শেষ সময়ৰ পূৰ্বে আহি পাইছে। শেষত আহিও প্ৰথমত যোৱাৰ সুযোগ আছে। বাপদাদা সন্তানসকলক দেখি আনন্দিত হৈ আছে। আহিলা, আদৰণি জনাইছোঁ, আৰু ভৱিষ্যতৰ কাৰণে এতিয়া তীব্ৰ পুৰুষাৰ্থ কৰি সকলোতকৈ আগত যোৱাৰ দৃঢ় সংকল্প কৰা। দৃঢ়তা সফলতাৰ চাবি। গতিকে বাপদাদাই আজি যিসকল সন্তান আহিছে তেওঁলোকক বিশেষ দৃঢ়তাৰ চাবি উপহাৰ হিচাপে দি আছে। দৃঢ়তা কেতিয়াও পাতল কৰি নল’বা। দৃঢ়তাই তোমালোকক সদায় আগবঢ়াই নিব। গতিকে বাপদাদা আনন্দিত হৈছে, আদৰণি জনাইছোঁ, নিজৰ উত্তৰাধিকাৰ ল’বলৈ আহিলা, ইয়াৰ বাবে বহুত বহুত অভিনন্দন। বাৰু।

চাৰিওফালৰ সকলো ব্ৰাহ্মণক বাপদাদাৰ অন্তৰৰ স্নেহ আৰু সদায় আগুৱাই যোৱাৰ শ্ৰেষ্ঠ সংকল্প দি আছে। প্ৰতিগৰাকী সন্তানক পিতাই চায়ো আছে আৰু চাই চাই অন্তৰত সমাহিত কৰি লৈছে। ওচৰত থকাসকলেতো বাপদাদাক সন্মুখত চাই আছে আৰু তোমালোক সকলোৱে সাধনৰ দ্বাৰা সন্মুখতেই চাই আছা। বাপদাদায়ো তোমালোক সকলোকে য’তেই বহিছা তেনেকৈয়ে চাই আছে যেন সন্মুখতে বহি আছা আৰু প্ৰত্যেককে অন্তৰৰ স্নেহ দি আছে। আগবাঢ়ি যোৱা, তীব্ৰ পুৰুষাৰ্থ কৰি সকলোতকৈ আগবাঢ়ি যোৱা। বাৰু সন্মুখত বহাসকলকো বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সদায় আগবাঢ়ি যোৱাৰ অভিনন্দন, অভিনন্দন, অভিনন্দন। ভাল বাৰু।

বৰদান:
প্ৰতিটো শিক্ষা স্বৰূপত আনি প্ৰমাণ দিওঁতা সুসন্তান তথা সাক্ষাৎকাৰ মূৰ্ত হোৱা

যিসকল সন্তানে শিক্ষাসমূহ কেৱল শিক্ষাৰ ৰূপত বুদ্ধিত নাৰাখে, কিন্তু তাক স্বৰূপত আনে তেওঁলোক জ্ঞান স্বৰূপ, প্ৰেম স্বৰূপ, আনন্দ স্বৰূপ স্থিতিত স্থিৰ হৈ থাকে। যিয়ে প্ৰতিটো সাৰকথা স্বৰূপত আনিব তেৱেঁই বিন্দু ৰূপত স্থিৰ হ’ব পাৰিব। বিন্দুক মনন অথবা বৰ্ণনা কৰাতো সহজ কিন্তু স্বৰূপ হৈ অন্য আত্মাসকলকো স্বৰূপৰ অনুভৱ কৰোৱা – এয়াই হ’ল প্ৰমাণ দিয়া অৰ্থাৎ সুসন্তান তথা সাক্ষাৎকাৰ মূৰ্ত হোৱা।

স্লোগান:
একাগ্ৰতাৰ শক্তি বঢ়োৱা তেতিয়া মন-বুদ্ধি দিগভ্ৰান্ত হোৱা বন্ধ হৈ যাব।

অব্যক্ত সংকেত: এতিয়া নিজৰ দাতা স্বৰূপক প্ৰত্যক্ষ কৰা

যি কোনো দুৰ্বল আত্মা তোমালোকৰ সন্মুখত আহিলে তেতিয়া সেই দুৰ্বলগৰাকীক বল দিয়া। সৰ্বশক্তিৰ উত্তৰাধিকাৰ যি প্ৰাপ্ত কৰিছা সেয়া তেওঁক দিয়া। সৰ্ব আত্মাক পিতাৰ সম্পদ দিওঁতা দাতা হোৱা, নিজৰ শক্তিসমূহৰ দ্বাৰা তৃষ্ণাতুৰ বা ধৰফৰাই থকা আত্মাসকলক জীৱন দান দিয়া, বৰদাতা হৈ প্ৰাপ্ত হোৱা বৰদানসমূহৰ দ্বাৰা তেওঁলোককো পিতাৰ সমীপ সম্বন্ধত লৈ আহা। ইয়াৰ দাতাবোধৰ সংস্কাৰেৰে ভৱিষ্যতে 21 জন্মলৈকে ৰাজ্যপদ প্ৰাপ্ত হ’ব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]