27.10.24    Avyakt Bapdada     Assame Murli     08.10.2002     Om Shanti     Madhuban


“*“আত্মিক স্নেহৰ মূৰ্তি হৈ একেলগে শিক্ষা আৰু সহযোগ দিয়া”*”
(বিশেষ মধুবন নিবাসী ভাতৃ-ভগ্নীসকলৰ সৈতে সাক্ষাৎ)


আজি স্নেহৰ সাগৰ বাপদাদাই নিজৰ মাষ্টৰ জ্ঞান সাগৰ সন্তানসকলক সাক্ষাৎ কৰি আছেহঁক। এই পৰমাত্ম স্নেহ হৈছে সন্তানসকলৰ প্ৰতিপালনৰ আধাৰ। যেনেকৈ পৰমাত্ম স্নেহ ব্ৰাহ্মণ জীৱনৰ আধাৰ, তেনেকৈয়ে ব্ৰাহ্মণ সংগঠনৰ আধাৰ হৈছে আত্মিক স্নেহ। যি আত্মিক স্নেহ তোমালোক সন্তানসকলেহে অনুভৱ কৰিব পাৰা। বৰ্তমান বিশ্বৰ আত্মাসকল এই সঁচা, নিঃস্বাৰ্থ আত্মিক-পৰমাত্ম স্নেহৰ তৃষ্ণাতুৰ। এনেকুৱা সঁচা স্নেহ তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ বাহিৰে আন কাৰো প্ৰাপ্ত হ’ব নোৱাৰে। তৃষ্ণাতুৰ আত্মাসকলৰ তৃষ্ণা নিবাৰণ কৰোঁতা নিজক সকলো সময়ত পৰমাত্ম স্নেহ বা আত্মিক স্নেহত সমাহিত হৈ থকা অনুভৱ কৰানে? স্নেহৰ দাতা তথা দেৱতা সদায় হৈ আছানে? চলোঁতে-ফুৰোঁতে আত্মিক স্নেহৰ বৃত্তি, দৃষ্টি, বাণী, সম্বন্ধ-সম্পৰ্ক অৰ্থাৎ কৰ্ম অনুভৱ কৰানে? যেনেকুৱাই আত্মা নহওঁক কিন্তু তোমালোক ব্ৰাহ্মণৰ স্বভাৱসিদ্ধ বৃত্তি, ব্ৰাহ্মণ স্বভাৱ গঠন হৈ গৈছেনে? গঠন কৰিবলগীয়া হয় নে গঠন হৈ গ’ল? পিতাক অনুসৰণ কৰা, মাতাক অনুসৰণ কৰা। নিজৰ ব্ৰাহ্মণ জন্মৰ আদিৰ সময়ক স্মৃতিলৈ আনা। ভিন্ন ভিন্ন স্বভাৱৰসকল পিতাৰ হৈ গ’ল। স্নেহৰ সাগৰ পিতাই একমাত্ৰ স্নেহৰ সাগৰৰ স্বৰূপৰ অনাদি স্বভাৱেৰে নিজৰ কৰি ল’লে নহয়! যদি তোমালোক সকলোৰে ভিন্ন ভিন্ন স্বভাৱ লক্ষ্য কৰিলেহেঁতেন তেন্তে নিজৰ কৰি ল’ব পাৰিলেহেঁতেন জানো? গতিকে নিজকে সোধা, মোৰ স্বভাৱসিদ্ধ স্বভাৱ কি? কাৰোবাৰ দুৰ্বল স্বভাৱ; বাস্তৱত ব্ৰাহ্মণ জীৱনৰ স্বভাৱসিদ্ধ স্বভাৱ হৈছে মাষ্টৰ প্ৰেমৰ সাগৰ। যিহেতু জগতৰ লোকেও কয় যে স্নেহে পাথৰকো পানী কৰে, তেন্তে আত্মিক স্নেহ, পৰমাত্ম স্নেহ লৈ উঠি দিওঁতাসকলে, ভিন্ন ভিন্ন স্বভাৱ পৰিৱৰ্তন কৰিব নোৱাৰা জানো? কৰিব পাৰা নে নোৱাৰা? পিছত বহাসকলে কোৱা? যিসকলে ভাবা যে কৰিব পাৰা তেওঁলোকে হাত দাঙা। দীঘলকৈ দাঙা, চুটিকৈ নহয়। (সকলোৱে হাত দাঙিলে) বাৰু অভিনন্দন! আকৌ পৰিস্থিতি আহে। পৰিস্থিতিতো আহিবই। এয়াতো ব্ৰাহ্মণ জীৱনৰ ৰাস্তাৰ দাঁতিকাষৰীয়া দৃশ্য। আৰু দাঁতিকাষৰীয়া দৃশ্য কেতিয়াও একেধৰণৰ নহয়। কিছুমান সুন্দৰো হয়, কিছুমান লেতেৰাও হয়। কিন্তু পাৰহৈ যোৱাটো বাটৰুৱাৰ কাম, কাষৰীয়া দৃশ্য সলনি কৰাৰ কথা নহয়। তেন্তে বাপদাদাই কি বিচাৰে! সকলো জনাততো বুদ্ধিমান হৈ গ’লা নহয়।

আজি মধুবন নিবাসীসকলে বিশেষ সুযোগ পাইছা। সোণালী সুযোগ হয় নহয়। বাৰু। এই সোণালী সুযোগৰ প্ৰতিদান কি? বৰ উৎসাহ-উদ্দীপনাৰে সুযোগ লৈছা। এনেয়েতো তলত বহাসকলো মধুবন নিবাসী (মধুবন নিবাসী ভাই-ভনীসকলৰ উপৰিও অন্য সকলোৱে পাণ্ডৱ ভৱনত মুৰুলী শুনি আছে) কিন্তু আজি কেৱল দল হিচাপে সাক্ষাৎ কৰাৰ সুযোগ আছে। যেতিয়া ইমানবোৰ একেলগে থাকে তেতিয়া তোমালোকক বহুত দূৰৈৰ যেন লাগে। সেই কাৰণেই সৰু সৰু দল বনোৱা হৈছে। বাকী হওঁতে সকলো মধুবন নিবাসী। যিহেতু সেৱাকেন্দ্ৰত থকাসকলৰো স্থায়ী ঠিকনা মধুবনেই হয় নহয়, গতিকে ব্ৰাহ্মণ অৰ্থাৎ স্থায়ী ঠিকনা মধুবন। ঘৰ মধুবন বাকী সেৱাস্থান। গতিকে তলত বহাসকলে এনেকৈ নাভাবিবা যে আজি আমাক মধুবন নিবাসীৰ মাজৰ পৰা উলিয়াই দিলে। নহয়, তোমালোক সকলো মধুবন নিবাসী। কেৱল তোমালোকক সন্মুখৰ পৰা বাপদাদাই চাবলৈ বিচাৰে। সৰু দল হ’লে চাব পাৰে। এতিয়া চোৱা, পিছত বহি চাই থকাসকলো ইমান স্পষ্টকৈ দৃষ্টিগোচৰ হোৱা নাই, এই ওচৰত থকাসকল স্পষ্টকৈ দৃষ্টিগোচৰ হৈছে। কিন্তু পিছত বহাসকল অন্তৰৰ পৰা দূৰৈত নাই। তলত বহাসকলো অন্তৰৰ পৰা দূৰৈত নাই। গতিকে বাপদাদাই এইটোৱে বিচাৰে যে সময় অনুসৰি স্নেহ আৰু বিধিৰ সন্তুলন ৰাখিবলগীয়া হয়, কিন্তু বিধি আৰু স্নেহৰ সন্তুলন এনেকুৱা হওঁক যাতে সেয়া বিধি যেন নালাগে। বিধিতো স্নেহৰ অনুভৱ হওঁক। যেনেকৈ সাকাৰ স্বৰূপত পিতাক দেখিলা। বিধিৰ লগতে স্নেহ ইমান দিলে যে প্ৰত্যেকৰ মুখেৰে এয়াই ওলাইছিল যে বাবাৰ মোলৈ স্নেহ আছে। মোৰ বাবা। বিধি নিশ্চয় পালন কৰা কিন্তু বিধিৰ লগতে স্নেহো দিয়া। কেৱল বিধি নহয়। কেৱল বিধিৰে কোনো কোনো ক্ষেত্ৰত আত্মাসকল দুৰ্বল হোৱাৰ কাৰণে নিৰাশ হৈ যায়। যেতিয়া স্বয়ং আত্মিক স্নেহৰ মূৰ্তি হ’বা তেতিয়া আনকো স্নেহৰ, (আত্মিক স্নেহ, অন্য স্নেহ নহয়) আত্মিক স্নেহ অৰ্থাৎ সকলো সমস্যা সমাধান কৰাত সহযোগী হোৱা। কেৱল শিক্ষা দিয়াটো নহয়, শিক্ষা আৰু সহযোগ একেলগে দিয়া – এয়া হ’ল স্নেহৰ মূৰ্তি হোৱা। গতিকে আজি বাপদাদাই বিশেষকৈ প্ৰত্যেক ব্ৰাহ্মণ আত্মাক, দেশৰে হওঁক বা বিদেশৰে হওঁক চাৰিওফালৰ সকলো সন্তানক এইটোৱে বিশেষ মনোযোগ আকৰ্ষণ কৰাইছে যে আত্মিক স্নেহৰ মূৰ্তি হোৱা। অন্য আত্মাসকলৰ আত্মিক স্নেহৰ তৃষ্ণা নিবাৰণ কৰোঁতা দাতা-দেৱতা হোৱা। ঠিক আছে নহয়! বাৰু।

(আকৌ বাপদাদাই মধুবন নিবাসীৰ সৈতে বাৰ্তালাপ কৰিলে আৰু সকলোকে দৃষ্টি দি দৃষ্টিৰে ভৰপূৰ কৰিলে)

হস্পিতাল, আবু নিবাসী তথা দলসমূহৰ সৈতে অব্যক্ত বাপদাদাৰ সাক্ষাৎকাৰ:-

সকলোৱে নিজক সৌভাগ্যশালী বুলি ভাবানে? গোটেই বিশ্বত সকলোতকৈ উচ্চ ভাগ্য কাৰ? প্ৰত্যেকে কি ভাবা যে সকলোতকৈ উচ্চ ভাগ্য মোৰ! প্ৰত্যেকে এনেকৈ ভাবানে? যিহেতু সৌভাগ্যশালী হোৱা তেন্তে আনন্দিত হৈ থাকানে? সদায় আনন্দিত হৈ থাকানে? কেতিয়াবা কেতিয়াবাতো নোহোৱা নহয়? যিহেতু বাপদাদাই ভাগ্যৰ তৰা জিলিকাই দিলে তেন্তে জিলিকি থকা তৰা দেখি আনন্দিত হৈ থাকানে? অন্তৰত সদায় আনন্দৰ বাদ্য বাজেনে? বাজেনে? অন্তৰে কোনটো গীত গায়? “বাঃ! মোৰ শ্ৰেষ্ঠ ভাগ্য” – এইটো গীত গোৱানে? গোটেই কল্প তোমালোকৰ ভাগ্যৰ গায়ন হৈ থাকে। আধাকল্প ভাগ্যৰ প্ৰালব্ধ ভোগ কৰা আৰু আধাকল্প তোমালোকৰ ভাগ্যৰ গায়ন অনেক আত্মাই কৰি থাকে। সকলোতকৈ বিশেষ কথা হ’ল যে গোটেই বিশ্বত পিতাৰ কোন পচন্দ হ’ল? তোমালোকক পচন্দ কৰিলে নহয়! কিমান আত্মা আছে কিন্তু তোমালোককেই পচন্দ কৰিলে। যাক ভগৱানে পচন্দ কৰি ল’লে, তাতকৈ মহান কি হ’ব! সেয়েহে পিতাৰ লগতে নিজৰ ভাগ্যও স্মৃতিত ৰাখিবা। ভগৱান আৰু ভাগ্য। গোটেই কল্পত এনেকুৱা কোনো আত্মা আছেনে যাক নিতৌ স্নেহ সহিত স্মৰণ কৰে, প্ৰভু স্নেহ পায়। নিতৌ স্নেহ সহিত স্মৰণ কৰে নহয়। সকলোতকৈ বেছি মৰমৰ কোন? তোমালোকেই মৰমৰ হোৱা নহয়। গতিকে সদায় নিজৰ ভাগ্যক স্মৰণ কৰিলে ব্যৰ্থ কথা আঁতৰি যাব। আঁতৰাবলগীয়া নহয়, সহজে আঁতৰি যাব।

এতিয়া বৰ্তমান সময় অনুসৰি সংগমযুগৰ সময়ৰ মহত্ব বুজি প্ৰতিটো চেকেণ্ড নিজৰ শ্ৰেষ্ঠ প্ৰালব্ধ গঢ়ি থাকা। এটা চেকেণ্ডো যাতে ব্যৰ্থত নাযায় কিয়নো এটি এটি চেকেণ্ডৰ বহুত বেছি মহত্ব আছে। চেকেণ্ড নাযায় কিন্তু বহুত সময় যায় আৰু এই সময় পুনৰাই পোৱা নাযায়। সময়ৰ পৰিচয় ভালকৈ আছে নহয়। স্মৃতিত থাকেনে? চোৱা, আজি তোমালোক সকলোৱে বিশেষ সময় পালা নহয়। যদি একেলগে আহা তেন্তে দেখাও পোৱা নাযায়। এতিয়া দেখিতো আছোঁ কোন কোন আছে। সকলো বিশেষ আত্মা হোৱা। কেৱল নিজৰ বিশেষত্বক জানি বিশেষত্বক কাৰ্যত প্ৰয়োগ কৰা। ড্ৰামা অনুসৰি প্ৰত্যেক ব্ৰাহ্মণ আত্মাই কিবা নহয় কিবা বিশেষত্ব প্ৰাপ্ত কৰিছে। এনেকুৱা কোনো নাই যাৰ কোনো বিশেষত্ব নাই। গতিকে নিজৰ বিশেষত্বক সদায় স্মৃতিত ৰাখা আৰু সেয়া সেৱাত প্ৰয়োগ কৰা। প্ৰত্যেকৰে বিশেষত্ব, উৰন্ত কলাৰ বহুত তীব্ৰ বিধি হৈ যাব। সেৱাত প্ৰয়োগ কৰা, অভিমানত নাহিবা কিয়নো সংগমত সকলো বিশেষত্ব ড্ৰামা অনুসৰি পৰমাত্ম দান। পৰমাত্ম দানত অভিমান নাহে। যেনেকৈ প্ৰসাদক কোনেও নিজৰ বুলি নকয় যে মোৰ প্ৰসাদ, প্ৰভু প্ৰসাদ বুলি কয়। এই বিশেষত্বসমূহো প্ৰভু প্ৰসাদ। প্ৰসাদ কেৱল নিজৰ প্ৰতি ব্যৱহাৰ কৰা নহয়, বিলাই দিয়া হয়। বিলোৱা, মহাদানী হোৱা, বৰদানীও হোৱা। পাণ্ডৱো বৰদানী, মহাদানী হয়, শক্তিসকলো মহাদানী হোৱানে? এক দুই ঘণ্টাৰ মহাদানী নহয়, খোলা ভাণ্ডাৰ, সেইবাবে পিতাক ভোলা ভাণ্ডাৰী বুলি কয়, খোলা ভাণ্ডাৰ হয় নহয়। আত্মাসকলক অঞ্জলি দি যোৱা, ভিখাৰীৰ কিমান দীঘল শাৰী। আৰু তোমালোকৰ ওচৰত কিমান ভৰপূৰ ভাণ্ডাৰ আছে? অক্ষয় ভাণ্ডাৰ, কম হৈ যাওঁতা হয় জানো? বিলোৱাত মিতব্যয়ীতো নোহোৱা? এই ক্ষেত্ৰত বিশাল অন্তৰেৰে বিলোৱা। ব্যৰ্থত খৰচ কৰাত মিতব্যয়ী হোৱা কিন্তু বিলোৱাত খোলা অন্তৰেৰে বিলোৱা।

সকলো আনন্দিত হোৱানে? কেতিয়াবা কেতিয়াবা অলপ অলপ হয়। কেতিয়াবা মানসিক অৱস্থা বেয়া, কেতিয়াবা মানসিক অৱস্থা বহুত আনন্দমুখৰ এনেকুৱাতো নহয়। পিতাক অনুসৰণ কৰা, বাপদাদাৰ মানসিক অৱস্থা বেয়া হয় জানো? সেয়েহে পিতাক অনুসৰণ কৰিব লাগে নহয়। বাপদাদাৰ ওচৰত বিশেষ ব্ৰাহ্মণ সন্তানসকলৰ বাবে টি.ভি. আছে, তাত সকলোৰে ভিন্ন ভিন্ন মানসিক অৱস্থা দেখা যায়। চাবলৈ কিমান মজা লাগে চাগৈ! সদায় মহাদানী হোৱাসকলৰ মানসিক অৱস্থা সলনি নহয়। দাতা হয় নহয়, দি যোৱা। দেৱতা হওঁতা মানে দি যাওঁতা। লওঁতা নহয় দিওঁতা। কিমান বাৰ দেৱতা হৈছা, অনেক বাৰ হৈছা। গতিকে দেৱতা অৰ্থাৎ দিয়াৰ সংস্কাৰধাৰী। কোনোবাই যিয়েই নিদিয়ক কিন্তু তোমালোকে সুখৰ অঞ্জলি, শান্তিৰ অঞ্জলি, প্ৰেমৰ অঞ্জলি দিয়া। জগতৰ লোকৰ ওচৰত আছেই দুখ অশান্তি তেন্তে কি দিব সেয়াই দিব নহয়। আৰু তোমালোকৰ ওচৰত কি আছে – সুখ-শান্তি। সকলো ঠিক আছে নহয়! বাৰু! সাক্ষাৎ কৰিলা, এনেকৈতো নাভাবা মইতো পাছত আহিছোঁ। বিশেষভাৱে আহিছা। মধুবনৰ ওচৰতেতো আছা। মধুবনক ভালকৈ ঘেৰি পেলাইছা।

হাস্পিতালৰসকলেও ভাল সেৱা কৰি আছে। শান্তিবনৰো বহুত আছে। দল হৈ অহাসকল অতি মৰমৰ। অলপ আছে সেইবাবে অতি মৰমৰ। বিদেশীসকলৰ অবিহনেও শোভা নাপায়, সেইবাবে প্ৰত্যেক দলত নিজৰ শোভা বঢ়াবলৈ আহি যায়।

সেৱাধাৰীসকলৰ সৈতে অব্যক্ত বাপদাদাৰ সাক্ষাৎকাৰ:-

সকলো সেৱাৰ নিমিত্ত নিজৰ ভাগ্য গঢ়োঁতা হোৱা কিয়নো এই যজ্ঞ সেৱাৰ পুণ্য বহুত বেছি। শৰীৰেৰে সেৱাতো কৰা কিন্তু মনেৰেও সেৱা কৰি থাকা, তেতিয়া দ্বৈত পুণ্য হৈ যায়। মনৰ সেৱা আৰু শৰীৰৰ সেৱা। যিয়েই আহে, তেওঁলোকে সেৱাধাৰীসকলে সেৱাৰে গঢ়ি তোলা পৰিৱেশ দেখি নিজৰ লাভ লৈ যায়। গতিকে যিমানেই আহে সেৱাৰ সময়ত, সিমানখিনি আত্মাৰ পুণ্য বা আশীৰ্বাদ জমা হৈ যায়। এনেকুৱা সেৱা কৰানে, শৰীৰেৰেও আৰু মনেৰেও। দ্বৈত সেৱাধাৰী হোৱা নে একক, কোন হোৱা? দ্বৈত। দ্বৈত সেৱা কৰানে? সেৱাৰ প্ৰত্যক্ষফলো প্ৰাপ্ত হৈ থাকে। যিমান সময় থাকা, অতিৰিক্ত আনন্দ পোৱা নহয়! গতিকে প্ৰত্যক্ষফলো খোৱা, আশীৰ্বাদো জমা হয়, ভৱিষ্যতো গঢ়ি উঠিল আৰু বৰ্তমানো গঢ়ি উঠিল। বাপদাদাও আনন্দিত হয় যে সন্তানসকলে বহুত সহজে নিজৰ শ্ৰেষ্ঠ প্ৰালব্ধ গঢ়ি আছে। বচ্‌ সেৱা, সেৱা আৰু সেৱা। অন্য কোনো কথাত যাব নালাগে। সেৱা অৰ্থাৎ জমা কৰা। যিমানেই সময় পোৱা তেতিয়া দ্বৈত উপাৰ্জন কৰা। প্ৰত্যক্ষফলো, ভৱিষ্যতো। সেৱাৰ সুযোগো তোমালোক আত্মাসকলৰ প্ৰাপ্ত হয়। সেৱাধাৰীসকললৈ বাপদাদাৰ বিশেষ স্নেহ আছে কিয়নো বাপদাদাও বিশ্বৰ সেৱক। তেন্তে সমান হৈ গ’লা নহয়! মন ব্যস্ত কৰি ৰাখা নে খালী কৰি ৰাখা? মধুবন অৰ্থাৎ স্মৃতি আৰু সেৱা। চলোঁতে-ফুৰোঁতে যাতে মন স্মৃতিত বা সেৱাত ব্যস্ত হৈ থাকে। সকলো আনন্দিত হৈ থাকানে? কেতিয়াবা কেতিয়াবা থাকোঁতাতো নোহোৱা নহয়? সদায় আনন্দিত হৈ থাকোঁতা। তোমালোকৰ আনন্দ দেখি অন্যও আনন্দিত হৈ যায়। সেৱাধাৰীসকলৰো পাল পৰে, আনন্দিত হোৱা নহয়! বিশেষ পাল পালা নহয়? মধুবন নিবাসীৰ নিমিত্তে তোমালোকেও সোণালী সুযোগ পাই গ’লা। স্বয়ং সদায় স্বমানত থাকি উৰি থাকা। স্বমান কেতিয়াও নেৰিবা, লাগিলে ঝাৰু মাৰি আছা কিন্তু স্বমান কি? বিশ্বৰ সকলো আত্মাতকৈ শ্ৰেষ্ঠ আত্মা। গতিকে নিজৰ আত্মিক স্বমান কোনো কাম কৰোঁতে পাহৰিব নালাগে। নিচা থাকে নহয়, আত্মিক নিচা। মই কাৰ হৈ গলোঁ! ভাগ্য স্মৃতিত থাকে নহয়? পাহৰিতো নোযোৱা? যিমান সময় সেৱাৰ কাৰণে পোৱা সেইখিনি সময় প্ৰতিটো চেকেণ্ড সফল কৰা। ব্যৰ্থত যাতে নাযায়, সাধাৰণো যাতে নহয়। আত্মিক নিচাত, আত্মিক প্ৰাপ্তিত সময় পাৰ কৰা। এনেকুৱা লক্ষ্য ৰাখা নহয়। বাৰু ওঁম্ শান্তি।

বৰদান:
স্নেহৰ উৰণেৰে সদায় সমীপতাৰ অনুভৱ কৰোঁতা স্নেহী মূৰ্ত হোৱা

সকলো সন্তানৰ মাজত বাপদাদাৰ স্নেহ সমাহিত হৈ আছে, স্নেহৰ শক্তিৰে সকলো আগলৈ উৰি গৈ আছে। স্নেহৰ উৰণে দেহ বা মনেৰে, অন্তৰেৰে পিতাৰ সমীপত লৈ আহে। যদিও জ্ঞান, যোগ, ধাৰণাত সকলো যথাশক্তি ক্ৰম নম্বৰৰ হয় কিন্তু স্নেহত প্ৰত্যেকেই প্ৰথম নম্বৰৰ। এই স্নেহেই ব্ৰাহ্মণ জীৱন প্ৰদান কৰাৰ মূল আধাৰ। স্নেহৰ অৰ্থ হৈছে সমীপত থকা, উত্তীৰ্ণ হোৱা আৰু সকলো পৰিস্থিতি বহুত সহজে অতিক্ৰম কৰা।

স্লোগান:
নিজৰ দৃষ্টিত পিতাক সমাহিত কৰি লোৱা তেতিয়া মায়াৰ দৃষ্টিৰ পৰা হাত সাৰি যাবা।

পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

ব্ৰাহ্মণ অৰ্থাৎ সকলোৰে অন্তৰে পচন্দ কৰা স্বভাৱ-সংস্কাৰধাৰী। গৰিষ্ঠসংখ্যক 95 শতাংশ অন্তৰ পচন্দৰ নিশ্চয় হোৱা। অন্তৰ পচন্দৰ অৰ্থাৎ সকলোৰে সৈতে পাতল। প্ৰতিষাৰ বচন, কৰ্ম আৰু বৃত্তিৰে পাতল অনুভৱ হওঁক। তোমালোকৰ কৰ্ম, বৃত্তিয়ে তেওঁলোকক পৰিৱৰ্তন কৰক, ইয়াৰ বাবে সহন শক্তি ধাৰণ কৰা। কোনোবা যেনেকুৱা সংস্কাৰৰে বশীভূত, পৰৰ বশীভূত নহওঁক, সেই আত্মাটিকো সহযোগ দিয়া। কাৰো হদৰ সংস্কাৰে যাতে প্ৰভাৱিত নকৰে।