27.11.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
হদৰ সংসাৰৰ বাহ্যিক কথাত নিজৰ সময় নষ্ট কৰিব নালাগে, বুদ্ধিত যাতে সদায় মাৰ্জিত
চিন্তন চলি থাকে"
প্ৰশ্ন:
কেনেকুৱা
সন্তানে পিতাৰ সকলো নিৰ্দেশনা বাস্তৱত ৰূপায়িত কৰিব পাৰে?
উত্তৰ:
যিসকল অন্তৰ্মুখী, নিজক যহাই নুফুৰে, আত্মিক নিচাত থাকে, তেওঁলোকেই পিতাৰ সকলো
নিৰ্দেশনা বাস্তৱত ৰূপায়িত কৰিব পাৰে। তোমালোকৰ মিছা অহংকাৰ কেতিয়াও আহিব নালাগে।
আন্তৰিক স্বচ্ছতা থাকিব লাগে। আত্মা বহুত ভাল হ’ব লাগে, এজন পিতাৰ প্ৰতি সঁচা স্নেহ
থাকিব লাগে। কেতিয়াও লুণীয়া-পানী অৰ্থাৎ তিক্ত সংস্কাৰ থাকিব নালাগে, তেতিয়াহে
পিতাৰ সকলো নিৰ্দেশনা বাস্তৱত ৰূপায়িত হ’ব।
ওঁম্শান্তি।
সন্তানসকল
কেৱল স্মৃতিৰ যাত্ৰাতে বহি থকা নাই। সন্তানসকলৰ এইটো নিচা আছে যে আমি শ্রীমতত নিজৰ
পৰিস্থান স্থাপনা কৰি আছোঁ। ইমান উৎসাহ, আনন্দ থকা উচিত। অদৰকাৰী সকলো বাহ্যিক কথা
আঁতৰি যোৱা উচিত। বেহদৰ পিতাক দেখিলেই উল্লাসত আহিব লাগে। যিমানে তোমালোক স্মৃতিৰ
যাত্ৰাত থাকিবা সিমানে উন্নতি হৈ গৈ থাকিব। পিতাই কয় - সন্তানসকলৰ কাৰণে আত্মিক
বিশ্ব বিদ্যালয় থকা উচিত। তোমালোকৰতো হয়েই গোটেই বিশ্বৰ আধ্যাত্মিক বিশ্ব বিদ্যালয়।
সেইখন বিশ্ব বিদ্যালয় ক'ত আছে? বিশ্ব বিদ্যালয় বিশেষ ভাৱে স্থাপনা কৰা হয়। তাৰ লগতে
ডাঙৰ অভিজাত বিদ্যাৰ্থী নিবাসৰ প্ৰয়োজন। তোমালোকৰ চিন্তন কিমান মাৰ্জিত হোৱা উচিত।
পিতাৰতো দিনে-ৰাতিয়ে এইটোৱে চিন্তন চলে - কেনেকৈ সন্তানসকলক পঢ়াই উচ্চ পৰীক্ষাত
উত্তীৰ্ণ কৰাওঁ? যাৰ দ্বাৰা তোমালোক এই বিশ্বৰ মালিক হ’বাগৈ। প্ৰকৃততে তোমালোক
আত্মাসকল শুদ্ধ সতোপ্ৰধান আছিলা সেয়েহে শৰীৰো কিমান সতোপ্ৰধান সুন্দৰ আছিল। ৰাজ্যও
কিমান উচ্চ আছিল। তোমালোকৰ হদৰ সংসাৰৰ অদৰকাৰী কথাত বহুত সময় নষ্ট হয়। তোমালোক
বিদ্যাৰ্থীসকলৰ আৱৰ্জনা সদৃশ অদৰকাৰী চিন্তন চলা উচিত নহয়। সমিতি আদিতো বহুত ভাল
ভাল গঠন কৰে। কিন্তু যোগবল নাই। মিছা কথা বহুত কয় - আমি এইটো কৰিম, সেইটো কৰিম।
মায়ায়ো কয় - মই এওঁলোকৰ নাকে-কাণে ধৰি ল’ম। পিতাৰ প্ৰতি স্নেহেই নাই। এনেকৈ কোৱাও
হয় – মনুষ্যই ভাবে কিবা আৰু হয় আন কিবা…. গতিকে মায়ায়ো একো কৰিব নিদিয়ে। মায়া বহুত
প্ৰবঞ্চনা কৰোঁতা হয়, কাণেই কাটি দিয়ে। পিতাই সন্তানসকলক কিমান উচ্চ কৰি তোলে,
নিৰ্দেশনা দিয়ে – এইটো এইটো কৰা। পিতাই বহুত মাৰ্জিত কন্যা পঠিয়াই দিয়ে। কোনোৱে কয়
– বাবা, মই প্ৰশিক্ষণৰ বাবে যাওঁনে? তেতিয়া বাবাই কয় - সন্তানসকল, প্ৰথমতে তোমালোকে
নিজৰ ত্ৰুটিবোৰ দূৰ কৰা। নিজক চোৱা মোৰ মাজত কিমান অৱগুণ আছে? ভাল ভাল মহাৰথীসকলকো
মায়াই একেবাৰে লুণীয়া-পানী কৰি দিয়ে। এনেকুৱা লুণীয়া সন্তান আছে যিয়ে পিতাক কেতিয়াও
স্মৰণো নকৰে। জ্ঞানৰ ‘গ’টোও নাজানে। বাহ্যিক প্ৰদৰ্শন বহুত কৰে। ইয়াততো বহুত
অন্তৰ্মুখী হৈ থাকিব লাগে, কিন্তু কিছুমানৰতো চলন এনেকুৱা যেনেকুৱা নিৰক্ষৰ
‘জাট’সকল, অলপ পইচা হ'লেই নিচা বাঢ়ি যায়। এইটো বুজি নাপায় যে - মইতো কঙাল। মায়াই
বুজিবলৈ নিদিয়ে। মায়া বহুত শক্তিশালী। বাবাই অলপ মহিমা কৰিলে তাতেই বহুত আনন্দিত হৈ
যায়।
বাবাৰ ৰাতিয়ে-দিনে
এইটোৱে খেয়াল চলে যে বিশ্ব বিদ্যালয় অতি উত্তম হ’ব লাগে, য'ত সন্তানসকলে ভালদৰে
পঢ়িব পাৰে। তোমালোকে জানা যে আমি স্বৰ্গলৈ যাওঁ গতিকে আনন্দৰ সীমা থাকিব নালাগে।
পিতাই ইয়াত অনেক প্ৰকাৰৰ খোৰাক দিয়ে, নিচা বঢ়াই থাকে। দেউলীয়া হোৱা কাৰোবাক মদ্য
পান কৰাই দিলে তেতিয়া নিজকে বাদশ্বাহ বুলি ভাবিব। আকৌ যেতিয়া নিচা আঁতৰিব তেতিয়া
যেনেকুৱা আছিল তেনেকুৱাই হৈ যায়। এতিয়া এয়াতো হৈছে আত্মিক নিচা। তোমালোকে জানা যে
বেহদৰ পিতাই শিক্ষক হৈ আমাক পঢ়ায় আৰু নিৰ্দেশনা দিয়ে – এনেকৈ এনেকৈ কৰা। কোনো কোনো
সময়ত কাৰোবাৰ মিছা অহংকাৰো আহি যায়। মায়া আছে নহয়। এনেকুৱা কথা ৰচি দিয়ে যে কথাই
নুসুধিবা। বাবাই বুজি পায় যে এওঁ চলিব নোৱাৰিব। বহুত আন্তৰিক স্বচ্ছতা থকা উচিত।
আত্মা বহুত ভাল হ’ব লাগে। তোমালোকৰ প্ৰেম বিবাহ হৈছে নহয়। প্ৰেম বিবাহত কিমান মৰম
থাকে, এওঁতো স্বামীসকলৰো স্বামী। তাকো আকৌ কিমানৰ প্ৰেম বিবাহ হয়। কেৱল এজনৰ জানো
হয়। সকলোৱে কয় - মোৰতো শিৱবাবাৰ সৈতে বিয়া হৈ গ’ল। মইতো গৈ স্বৰ্গত বহিম। আনন্দৰ কথা
নহয় জানো। অন্তৰত উদয় হোৱা উচিত বাবাই আমাক কিমান অলংকৃত কৰে। শিৱবাবাই অলংকৃত কৰে
এওঁৰ (ব্ৰহ্মা বাবাৰ) দ্বাৰা। তোমালোকৰ বুদ্ধিত আছে যে আমি পিতাক স্মৰণ কৰি কৰি
সতোপ্ৰধান হৈ যাম। এই জ্ঞানক অন্য কোনেও নাজানে। ইয়াত বহুত নিচা থাকে। যিমান নিচা
বাঢ়িব লাগে এতিয়া সিমান বঢ়া নাই। সেয়া নিশ্চয় হ’বগৈ। গায়নো আছে – অতীন্দ্ৰিয় সুখৰ
বিষয়ে গোপ-গোপীসকলক সোধা। এতিয়া তোমালোক আত্মাসকল কিমান ছিঃ ছিঃ হৈ গৈছা। যেন বহুত
ছিঃ ছিঃ আৱৰ্জনাৰ মাজত বহি আছা। সেই আত্মাসকলকে পিতা আহি পৰিৱৰ্তন কৰে,
পুনৰুজ্জীৱিত কৰে। মনুষ্যই গ্ৰন্থি সলনি কৰে তেতিয়া কিমান আনন্দিত হয়। তোমালোকেতো
এতিয়া পিতাক পাইছা গতিকে নাৱেই পাৰ হৈ গ’ল। বুজি পোৱা যে আমি বেহদৰ পিতাৰ হৈছোঁ
গতিকে নিজক কিমান সোনকালে শুধৰণি কৰা উচিত। ৰাতিয়ে-দিনে এইটোৱে আনন্দ, এইটোৱে
চিন্তন চলি থাকিব লাগে – তোমালোকে চোৱা কাক সেনানায়ক হিচাপে পাইছা! ৰাতিয়ে-দিনে এইটো
খেয়ালতে থাকিব লাগে। যিসকলে ভালদৰে বুজি পায়, চিনি পায়, তেওঁলোকতো যেন উৰিবলৈ ধৰে।
তোমালোক সন্তানসকল
এতিয়া সংগমত আছা। বাকী তেওঁলোকতো সকলো আৱৰ্জনাৰ মাজত পৰি আছে। যেনেকৈ আৱৰ্জনাৰ
দাঁতিত জুপুৰি সাজি বসবাস কৰে নহয়। কিমান সৰু সৰু জুপুৰি থাকে। এয়া হৈছে বেহদৰ কথা।
এতিয়া শিৱবাবাই ইয়াৰ পৰা মুক্ত হোৱাৰ বহুত সহজ যুক্তি শুনায়। মৰমৰ সন্তানসকল,
তোমালোকে জানা নহয় যে এই সময়ত তোমালোক আত্মা আৰু তোমালোকৰ শৰীৰ দুয়ো পতিত। এতিয়া
তোমালোক ওলাই আহিছা। যিসকল ওলাই আহিছে তেওঁলোক জ্ঞানেৰে আলোকিত হৈছে। তোমালোকে
পিতাক পালা আৰু কি লাগে! এইটো নিচা যেতিয়া থাকিব তেতিয়া তোমালোকে যিকোনো লোককে
বুজাব পাৰিবা। পিতাৰ আগমন হৈছে। পিতাই আমাক আত্মাসকলক পৱিত্ৰ কৰি তোলে। আত্মা
পৱিত্ৰ হৈ গ’লে তেতিয়া শৰীৰো উত্তম পোৱা যায়। এতিয়া তোমালোক আত্মাসকল ক'ত বহি আছা?
এই জুপুৰিত (শৰীৰত) বহি আছা। তমোপ্ৰধান সৃষ্টি নহয় জানো। আৱৰ্জনাৰ দাঁতিত আহি বহি
থকা নাই জানো। বিচাৰ কৰা আমি ক’ৰ পৰা ওলাই আহিলোঁ। পিতাই লেতেৰা নলাৰ পৰা উলিয়াই
আনিলে। এতিয়া আমি আত্মাসকল স্বচ্ছ হৈ যাম। থাকিবলৈও প্ৰথম শ্ৰেণীৰ মহল নিৰ্মাণ কৰিব।
আমাক আত্মাসকলক পিতাই অলংকৃত কৰি স্বৰ্গলৈ লৈ গৈ আছে। সন্তানসকলৰ ভিতৰি এনেকুৱা
খেয়াল চলি থাকিব লাগে। পিতাই কিমান নিচা বঢ়াই থাকে। তোমালোক ইমান উচ্চ আছিলা আকৌ
অৱনমিত হৈ হৈ তলত আহি গ’লা। শিৱালয়ত থাকোতে আত্মা কিমান শুদ্ধ আছিল। গতিকে পৰস্পৰ
লগ হৈ অতি সোনকালে শিৱালয়লৈ যোৱাৰ উপায় উলিয়াব লাগে।
পিতাতো আচম্বিত হয় -
সন্তানসকলৰ সিমান মগজ নাই! বাবাই আমাক ক’ৰ পৰা উলিয়াই আনে! পাণ্ডৱ চৰকাৰ স্থাপনা
কৰোঁতা পিতা। ভাৰত যি স্বর্গ আছিল সেই ভাৰত এতিয়া নৰক। আত্মাৰ কথা। আত্মাৰ ওপৰতে দয়া
ওপজে। আত্মা একেবাৰে তমোপ্ৰধান সৃষ্টিত আহি গ’ল সেয়েহে পিতাক স্মৰণ কৰে - বাবা,
আমাক তালৈ লৈ যাওঁক। ইয়াত বহিও তোমালোকে এইটো খেয়াল কৰিব লাগে সেইবাবে পিতাই কয় -
সন্তানসকলৰ বাবে অতি উত্তম বিশ্ব বিদ্যালয় প্ৰতিষ্ঠা কৰা। কল্পই কল্পই প্ৰতিষ্ঠা কৰা
হয়। তোমালোকৰ খেয়াল অতি মাৰ্জিত হ'ব লাগে। এতিয়া সেইটো নিচা নাই। নিচা থাকিলে ক’ব
নোৱাৰি কি কৰি দেখুওৱাব। সন্তানসকলে বিশ্ব বিদ্যালয়ৰ অৰ্থ বুজি নাপায়। সেইটো
আভিজাত্যৰ নিচাত নাথাকে। মায়াই দমন কৰি বহি আছে। পিতাই বুজায় - সন্তানসকল নিজৰ ওলোটা
নিচাত নাথাকিবা। প্ৰত্যেকে নিজৰ নিজৰ যোগ্যতা চোৱা। আমি কেনেকৈ পঢ়োঁ, কি সহায় কৰোঁ,
কেৱল কথাৰ ফুলজাৰি মাৰিব নালাগে। যি কোৱা সেয়া কৰিব লাগে। মিছাকৈ ক’ব নালাগে যে এইটো
কৰিম, সেইটো কৰিম। আজি কয় এইটো কৰিম, কাইলৈ মৃত্যু আহিলে শেষ হৈ যাব। সত্যযুগততো
এনেকৈ নোকোৱা। তাত কেতিয়াও অকাল মৃত্যু নহয়। কাল আহিব নোৱাৰে। সেইখন হয়েই সুখধাম।
সুখধামত কাল অহাৰ হুকুম নাই। ৰাৱণৰাজ্য আৰু ৰামৰাজ্যৰ অৰ্থও বুজিব লাগে। এতিয়া
তোমালোকৰ যুদ্ধ হৈছে ৰাৱণৰ সৈতে। দেহ-অভিমানেও চমৎকাৰ কৰে, একেবাৰে পতিত কৰি দিয়ে।
দেহী-অভিমানী হ'লে আত্মা শুদ্ধ হৈ যায়। তোমালোকে বুজি পোৱা নহয় যে তাত আমাৰ কেনেকুৱা
মহল তৈয়াৰ হ'ব। এতিয়াতো তোমালোক সংগমত আহি গ’লা। ক্ৰমানুসৰি শুধৰণি হৈ আছা, লায়ক হৈ
আছা। তোমালোক আত্মা পতিত হোৱাৰ বাবে শৰীৰো পতিত পাইছা। এতিয়া মই তোমালোকক স্বৰ্গবাসী
কৰি তুলিবলৈ আহিছোঁ। স্মৃতিত থকাৰ লগতে দৈৱীগুণো লাগে। এয়া মাহীৰ ঘৰ (ইমান উজু) জানো।
এনেকৈ ভাবে যে বাবা আমাক নৰৰ পৰা নাৰায়ণ কৰি তুলিবলৈ আহিছে কিন্তু মায়াৰ সৈতে অতি
গুপ্ত প্ৰতিদ্বন্দিতা চলে। তোমালোকৰ যুদ্ধ হয়েই গুপ্ত সেয়েহে তোমালোকক অজ্ঞাত যোদ্ধা
বুলি কোৱা হয়। অজ্ঞাত যোদ্ধা আৰু অন্য কোনো নাথাকে। তোমালোকৰেই নাম হৈছে যোদ্ধা।
বাকীতো সকলোৰে নাম ‘ৰেজিষ্টাৰ’ত আছেই। তোমালোক অজ্ঞাত যোদ্ধাসকলৰ চিহ্ন তেওঁলোকে
লৈছে। তোমালোক কিমান গুপ্ত, কোনেও গম নাপায়। তোমালোকে মায়াক বশ কৰাৰ কাৰণে বিশ্বত
বিজয় প্ৰাপ্ত কৰি আছা। তোমালোকে পিতাক স্মৰণ কৰা তথাপি মায়াই পাহৰাই দিয়ে। তোমালোকে
কল্পই কল্পই নিজৰ ৰাজ্য স্থাপনা কৰি লোৱা। গতিকে অজ্ঞাত যোদ্ধা তোমালোকহে যিয়ে কেৱল
পিতাক স্মৰণ কৰে। ইয়াত হাত-ভৰি একো সঞ্চালন নকৰা। স্মৰণ কৰাৰ কাৰণে পিতাই যুক্তিও
বহুত ভাল শুনায়। তোমালোকে চলোঁতে-ফুৰোঁতে স্মৃতিৰ যাত্ৰা কৰা, পঢ়া-শুনাও কৰা। এতিয়া
তোমালোকে বুজি পোৱা আমি কি আছিলোঁ, এতিয়া কি হৈ গ’লোঁ। এতিয়া পুনৰ পিতাই আমাক কি কৰি
তোলে। কিমান সহজ যুক্তি শুনায়। য'তেই নাথাকা কিয় স্মৰণ কৰিলে মামৰ আঁতৰি যাব। কল্পই
কল্পই এয়াই যুক্তি দি থাকে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া সতোপ্ৰধান
হৈ যাবা, অন্য কোনো বন্ধন নাই। স্নানাগাৰত গ'লেও নিজক আত্মা বুলি বুজি পিতাক স্মৰণ
কৰিলে আত্মাৰ মলিনতা আঁতৰি যাব। আত্মাত কোনো টিলক লগাবলগীয়া নহয়, এয়া সকলোতো
ভক্তিমাৰ্গৰ চিন। এই জ্ঞানমাৰ্গত কোনো দৰকাৰ নাই, পাই-পইচাৰো খৰছ নাই। ঘৰত বহিয়ে
স্মৰণ কৰি থাকা। কিমান সহজ। সেইজন বাবা আমাৰ পিতাও হয়, শিক্ষকো হয় আৰু সৎগুৰুও হয়।
নিয়ম অনুসৰি প্ৰথমে
পিতাক, তাৰপাছত শিক্ষকক আৰু তাৰপাছত গুৰুক স্মৰণ কৰিব লাগে। শিক্ষককতো নিশ্চয় স্মৰণ
কৰিব, তেওঁৰ পৰা পঢ়াৰ উত্তৰাধিকাৰ পোৱা যায় আকৌ বানপ্ৰস্থ অৱস্থাত গুৰু পোৱা যায়।
এই পিতাইতো সকলো সমূহীয়াভাৱে দি দিয়ে। তোমালোকক 21 জন্মৰ কাৰণে ৰাজ্য সমূহীয়াভাৱে
দি দিয়ে। বিয়াত কন্যাক যৌতুক গুপ্তভাৱে দিয়ে নহয়। প্ৰদৰ্শন কৰাৰ দৰকাৰ নাই। কোৱা হয়
- গুপ্ত দান। শিৱবাবাও গুপ্ত নহয় জানো, ইয়াত অহংকাৰৰ কোনো কথা নাই। কিছুমানৰ অহংকাৰ
থাকে যে সকলোৱে দেখক। এয়া হৈছে সকলো গুপ্ত। পিতাই তোমালোকক বিশ্বৰ বাদশ্বাহী যৌতুকত
দিয়ে। কিমান গুপ্ত ৰীতিৰে তোমালোকৰ অলংকৰণ হৈ আছে। কিমান ডাঙৰ যৌতুক পোৱা যায়।
পিতাই কেনেকৈ যুক্তিৰে দিয়ে, কোনেও গম নাপায়। ইয়াত তোমালোক হৈছা ভিকহু, পৰৱৰ্তী
জন্মত মুখত সোণৰ চামুচ (সমৃদ্ধিশালী অৱস্থা) হ’ব। তোমালোক সোণালী সৃষ্টিলৈ যোৱা নহয়।
তাত সকলো সোণৰ হ’ব। চহকীসকলৰ মহল ভাল ৰত্ন জড়িত হ’ব। পার্থক্যতো নিশ্চয় থাকিব। এয়াও
তোমালোকে এতিয়া বুজি পোৱা - মায়াই সকলোকে ওলোটাকৈ ওলোমাই দিয়ে। এতিয়া পিতা আহিছে
গতিকে সন্তানসকলৰ কিমান উৎসাহ থকা উচিত। কিন্তু মায়াই পাহৰাই দিয়ে - পিতাৰ নিৰ্দেশনা
নে ব্ৰহ্মাৰ? ভাইৰ নে পিতাৰ? এই ক্ষেত্ৰতে বহুত বিভ্ৰান্ত হয়। পিতাই কয় - ভালেই বা
বেয়াই হওঁক - তোমালোকে পিতাৰ নিৰ্দেশনা বুলিয়ে বুজিবা। সেই মতে চলিব লাগে। এওঁৰ (ব্ৰহ্মা
বাবা) কিবা ভুল হৈ গ’লেও সেয়া শুদ্ধ কৰি দিব। তেওঁৰ শক্তিতো আছে নহয়। তোমালোকে
দেখিবলৈ পোৱা এওঁ কেনেকৈ চলে, এওঁৰ শিৰত কোন বহি আছে। একেবাৰে কাষত বহি আছে। গুৰু
লোকসকলে একেবাৰে কাষত বহুৱাই শিকায় নহয়। তথাপি এওঁ (ব্ৰহ্মাই) পৰিশ্ৰম কৰিবলগীয়া হয়।
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হওঁতে পুৰুষাৰ্থ কৰিবলগীয়া হয়।
পিতাই কয় - মোক স্মৰণ
কৰি ভোজন ৰান্ধা। শিৱবাবাৰ স্মৃতিত ৰন্ধা ভোজন অন্য কোনেও পাব নোৱাৰে। এতিয়াৰ
ভোজনৰেই গায়ন আছে। সেই ব্ৰাহ্মণ লোকসকলে যদিও স্তুতি কৰে কিন্তু অৰ্থ একোৱে বুজি
নাপায়। যি মহিমা কৰে তাৰ অৰ্থ একোৱে বুজি নাপায়। ইমানখিনি বুজি পোৱা যায় যে এওঁলোক
ধাৰ্মিক মনৰ কিয়নো পূজাৰী হয়। তাততো ধাৰ্মিক মনৰ কথা নাই, তাত ভক্তি নাথাকে। এইটোও
কোনেও গম নাপায়- ভক্তি কি বস্তু। এনেকৈ কয় - জ্ঞান, ভক্তি আৰু বৈৰাগ্য। কিমান
সুন্দৰ শব্দ। জ্ঞান হৈছে দিন, ভক্তি হৈছে ৰাতি। আকৌ ৰাতিৰ পৰা বৈৰাগ্য তেতিয়া দিনত
যায়। কিমান স্পষ্ট। এতিয়া তোমালোকে বুজি গৈছা গতিকে হাবাথুৰি খাবলগীয়া নহয়।
পিতাই কয় - মোক স্মৰণ
কৰা, মই তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ। মই তোমালোকৰ বেহদৰ পিতা, সৃষ্টি চক্ৰক
জনাটোও কিমান সহজ। বীজ আৰু বৃক্ষক স্মৰণ কৰা। এতিয়া হৈছে কলিযুগৰ অন্ত আকৌ সত্যযুগ
আহিব। এতিয়া তোমালোক সংগমযুগত ফুল হৈ যোৱা। আত্মা সতোপ্ৰধান হৈ গ'লে তেতিয়া
থাকিবলৈও সতোপ্ৰধান মহল পাবা। সৃষ্টিখনেই নতুন হৈ যায়। গতিকে সন্তানসকল কিমান
আনন্দিত হৈ থাকিব লাগে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায় নিচা
থাকিব লাগে যে আমি শ্ৰীমতত আমাৰ পৰিস্থান স্থাপনা কৰি আছোঁ। বাহ্যিক অদৰকাৰী কথা এৰি
বহুত উল্লাসত থাকিব লাগে।
(2) নিজৰ চিন্তন সদায়
মাৰ্জিত হ’ব লাগে। বহুত ভাল ৰাজকীয় বিশ্ব বিদ্যালয় আৰু হোষ্টেল খোলাৰ প্ৰবন্ধ কৰিব
লাগে। পিতাৰ গুপ্ত সহায়কাৰী হ’ব লাগে, নিজক যহাই ফুৰিব নালাগে।
বৰদান:
নিমিত্ত যিকোনো
সেৱা কৰি বেহদৰ বৃত্তিৰে প্ৰকম্পন্ন বিয়পাই দিওঁতা বেহদ সেৱাধাৰী হোৱা
এতিয়া বেহদ পৰিৱৰ্তনৰ
সেৱাত তীব্ৰ গতি আনা। এনেকুৱা নহয় যে কৰিতো আছোঁৱেই, ইমান ব্যস্ত হৈ থাকোঁ যে সময়ে
নাপাওঁ। কিন্তু নিমিত্ত যিকোনো সেৱা কৰিও বেহদৰ সহযোগী হ’ব পাৰা, কেৱল বৃত্তি বেহদত
থাকিব লাগে তেতিয়া প্ৰকম্পন্ন বিয়পি গৈ থাকিব। যিমানে বেহদত ব্যস্ত হৈ থাকিবা তেতিয়া
যি কৰ্তব্য আছে সেয়াও সহজ হৈ যাব। প্ৰতিটো সংকল্প, প্ৰতিটো চেকেণ্ডত শ্ৰেষ্ঠ
প্ৰকম্পন বিয়পাই দিয়া মানেই বেহদ সেৱাধাৰী হোৱা।
স্লোগান:
শিৱ পিতাৰ লগত সংযুক্ত হৈ থাকোঁতা শিৱশক্তিসকলৰ অলংকাৰ হৈছে জ্ঞানৰ অস্ত্ৰ- শস্ত্ৰ।
সফলতামূৰ্ত হ’বলৈ
আজিৰ অব্যক্ত সংকেত:
সাক্ষীবোধৰ ৰাখী সদায়
বান্ধি ৰাখিলে সেৱাৰ সফলতা বহুত সোনকালে আহিব। এতিয়া যিটো কৰ্তব্যত এমাহ লাগে, সেইটো
কৰ্তব্যত এঘণ্টাও নালাগিব। গতিকে যেনেকৈ আনক পৱিত্ৰতাৰ ৰাখি বান্ধা তেনেকৈ নিজে
সাক্ষীবোধৰ ৰাখি বান্ধি লোৱা, যিমানে সাক্ষী হৈ থাকিবা সিমানে সাক্ষাৎকাৰ মূৰ্ত আৰু
সাক্ষাৎ মূৰ্ত হ’বা।