28.01.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –সন্মান
সহকাৰে উত্তীৰ্ণ হ’বলৈ শ্ৰীমতত চলি থাকা, কুসংগ আৰু মায়াৰ ধুমুহাৰ পৰা নিজক সাৱধানে
ৰাখা"
প্ৰশ্ন:
পিতাই
সন্তানসকলৰ কি সেৱা কৰিলে, যিটো সন্তানসকলেও কৰিব লাগে?
উত্তৰ:
পিতাই অতি মৰমৰ সন্তান বুলি কৈ হীৰাতুল্য কৰি তোলাৰ সেৱা কৰিলে। এনেকৈ আমি
সন্তানসকলেও নিজৰ মৰমৰ ভাইসকলক হীৰাতুল্য কৰি তুলিব লাগে। এই ক্ষেত্ৰত কষ্টৰ কোনো
কথা নাই, কেৱল ক’ব লাগে যে পিতাক স্মৰণ কৰক তেতিয়া হীৰাতুল্য হৈ যাবা।
প্ৰশ্ন:
পিতাই নিজৰ
সন্তানসকলক কোনটো হুকুম দিছে?
উত্তৰ:
সন্তানসকল, তোমালোকে সঁচা উপাৰ্জন কৰা আৰু আনকো কৰোৱা। তোমালোকে কাৰো পৰা ধাৰ লোৱাৰ
হুকুম নাই।
গীত:
ইচ পাপ কী
দুনীয়া চে... (এই পাপৰ জগতৰ পৰা...)
ওঁম্শান্তি।
নতুন সৃষ্টিলৈ
যাবলগীয়া মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি পিতাই সুপ্ৰভাত জনাইছে। আত্মিক সন্তানসকলে
পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানে যে যথাযথ আমি এই সৃষ্টিৰ পৰা দূৰলৈ গৈ আছোঁ। ক’লৈ?
নিজৰ মৰমৰ শান্তিধামলৈ। শান্তিধামেই হৈছে দূৰৈত, য’ৰপৰা আমি আত্মাসকল আহোঁ সেয়া হ’ল
মূললোক, এয়া হ’ল স্থূললোক। সেইখন হৈছে আমাৰ আত্মাসকলৰ ঘৰ। সেইখন ঘৰলৈ পিতাৰ বাহিৰেতো
আন কোনেও লৈ যাব নোৱাৰে। তোমালোক সকলো ব্ৰাহ্মণ-ব্ৰাহ্মণীয়ে আত্মিক সেৱা কৰি আছা।
কোনে শিকাইছে? দূৰণিলৈ লৈ যাওঁতা পিতাই। কিমানক দূৰণিলৈ লৈ যাব? অনেক আছে। এজন
পাণ্ডাৰ তোমালোক সন্তানসকলো পাণ্ডা। তোমালোকৰ নামেই হৈছে পাণ্ডৱ সেনা। তোমালোক
সন্তানসকলে প্ৰত্যেককে দূৰণিলৈ লৈ যোৱাৰ যুক্তি শুনোৱা – ‘মনমনাভৱ’, পিতাক স্মৰণ
কৰক। এনেকৈ কয়ো – বাবা, এই জগতৰ পৰা ক’ৰবাত দূৰণিলৈ লৈ ব’লা। নতুন সৃষ্টিততো এনেকৈ
নোকোৱা। ইয়াত হৈছে ৰাৱণ ৰাজ্য, সেইবাবে কয় – ইয়াৰ পৰা দূৰণিলৈ লৈ ব’লক, ইয়াত শান্তি
নাই। ইয়াৰ নামেই হৈছে দুখধাম। এতিয়া পিতাই তোমালোকক হাবাথুৰি নুখুৱায়। ভক্তিমাৰ্গত
তোমালোকে পিতাক বিচাৰি কিমান হাবাথুৰি খোৱা। পিতাই নিজে কয় – মই হওঁৱেই গুপ্ত। এই
দুচকুৰে কোনেও মোক দেখা নাপায়। শ্ৰীকৃষ্ণৰ মন্দিৰত মূৰ দোৱাবলৈ কাঠৰ খৰম ৰাখে, মোৰতো
ভৰি নাই যে তোমালোকে মূৰ দোৱাব লাগিব। তোমালোককতো কেৱল কওঁ - অতি মৰমৰ সন্তানসকল,
তোমালোকেও আনক কোৱা – মৰমৰ ভাইসকল, পাৰলৌকিক পিতাক স্মৰণ কৰক তেতিয়া বিকৰ্ম বিনাশ
হ’ব। বচ্, আৰু কোনো কষ্ট নাই। যেনেকৈ পিতাই হীৰাতুল্য কৰি তোলে, সন্তাসকলেও আনক
হীৰাতুল্য কৰি তোলে। এয়াই শিকিব লাগে যে মনুষ্যক কেনেকৈ হীৰাতুল্য কৰি তোলোঁ? ড্ৰামা
অনুসৰি কল্প পূৰ্বৰ নিচিনাকৈ কল্প-কল্পৰ সংগমত পিতা আহি আমাক শিকায়। আকৌ আমি আনক
শিকাওঁ। পিতাই হীৰাতুল্য কৰি আছে। তোমালোকে গম পোৱা খোজোঁ গুৰু আগাখানক সোণ, ৰূপ,
হীৰাৰে ওজন কৰিছিল। নেহেৰুক সোণেৰে ওজন কৰিছিল। এতিয়া তেওঁলোকে কাকো হীৰাতুল্যতো কৰি
তোলা নাছিল। পিতাইতো তোমালোকক হীৰাতুল্য কৰি তোলে। তোমালোকে তেওঁক কিহেৰে ওজন কৰিবা?
তোমালোকে হীৰা আদি কি কৰিবা। তোমালোককতো প্ৰয়োজনেই নাই। সেই লোকসকলেতো প্ৰতিযোগিতাত
বহুত পইচা উৰুৱায়। ঘৰ, সম্পত্তি আদি আহৰণ কৰি থাকে। তোমালোক সন্তানসকলেতো সঁচা
উপাৰ্জন কৰি আছা। তোমালোকে যদি কাৰোবাৰ পৰা ধাৰ লোৱা তেন্তে 21 জন্মৰ বাবে ভৰপূৰ কৰি
দিব লাগিব। তোমালোকে কাৰো পৰা ধাৰ লোৱাৰ হুকুম নাই। তোমালোকে জানা – এই সময়ত হৈছে
মিছা উপাৰ্জন, যি নাশ হৈ যাব। বাবাই দেখিলে এয়াতো কড়িতুল্য, মই হীৰা পাম, তেন্তে এই
কড়িবোৰেৰে কি কৰিম? কিয়নো পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ নলওঁ। খাবলৈতো পামেই। এষাৰ
প্ৰবাদো আছে – যাৰ হাত এনেকুৱা…. (নিৰন্তৰ দি থাকে)… তেওঁ প্ৰথম নম্বৰ লাভ কৰে।
বাবাক দালাল বুলিও কয় নহয়। সেয়েহে পিতাই কয় – তোমালোকৰ পুৰণি বস্তু বিনিময় কৰোঁ।
কোনোবা মৰিলে তেতিয়া পুৰণি বস্তু সৎকাৰ কৰা পুৰোহিতক দি দিয়ে নহয়। পিতাই কয় – মই
তোমালোকৰ পৰা কি লওঁ, এয়া নমুনা চোৱা। দ্ৰৌপদীও এগৰাকীতো নাছিল। তোমালোক সকলো
দ্ৰৌপদী। বহুত মিনতি কৰে – বাবা, আমাক নাঙঠ হোৱাৰ পৰা ৰক্ষা কৰক। পিতাই কিমান
স্নেহেৰে বুজায় – সন্তানসকল, এই অন্তিম জন্ম পৱিত্ৰ হোৱা। পিতাই সন্তানসকলক নকয় জানো
যে মোৰ দাড়িৰ লাজ ৰাখিবা, কুল কলংকিত নকৰিবা। তোমালোক মৰমৰ সন্তানসকল কিমান নিচাত
থকা উচিত। পিতাই তোমালোকক হীৰাতুল্য কৰি তোলে, এওঁকো সেইজন পিতায়ে হীৰাতুল্য কৰি
তোলে। তেওঁক স্মৰণ কৰিব লাগে। এই ব্ৰহ্মা বাবাই কয় – মোক স্মৰণ কৰিলে তোমালোকৰ
বিকৰ্ম বিনাশ নহ’ব। মই তোমালোকৰ গুৰু নহওঁ। তেওঁ (শিৱবাবাই) আমাক শিকায়, আকৌ মই
তোমালোকক শিকাওঁ। হীৰাতুল্য হ’বলৈ হ’লে পিতাক স্মৰণ কৰা।
পিতাই বুজাইছে –
ভক্তিমাৰ্গত যদিও কোনোবা দেৱতাৰ ভক্তি কৰি থাকে, তথাপিও বুদ্ধি দোকান, পেছাগত
কাম-কাজ আদিৰ ফালে গৈ থাকে, কিয়নো তাৰ পৰা আমদানি হয়। বাবাই নিজৰ অনুভৱো শুনায় যে
যেতিয়া বুদ্ধি ইফালে-সিফালে গৈছিল তেতিয়া নিজকে চিকুটি দিছিলোঁ – এয়া কিয় স্মৃতিলৈ
আহে? গতিকে এতিয়া আমি আত্মাসকলে এজন পিতাক স্মৰণ কৰিব লাগে, কিন্তু মায়াই বাৰে বাৰে
পাহৰাই দিয়ে, ঘোচা লগাই দিয়ে। মায়াই বুদ্ধিযোগ খণ্ডিত কৰি দিয়ে। এনেকৈ নিজৰ লগত কথা
পাতিব লাগে। পিতাই কয় – এতিয়া নিজৰ কল্যাণ কৰা আৰু আকৌ আনৰো কল্যাণ কৰা,
সেৱাকেন্দ্ৰ খোলা। এনেকৈ বহুত সন্তানে কয় – বাবা, অমুক ঠাইত চেণ্টাৰ খোলোনে? পিতাই
কয় – মইতো দাতা। মোক একোৰে প্ৰয়োজন নাই। এই ঘৰ আদিও তোমালোক সন্তানসকলৰ বাবে
নিৰ্মাণ কৰাওঁ। শিৱবাবাতো তোমালোকক হীৰাতুল্য কৰি তুলিবলৈ আহিছে। তোমালোকে যি কিছু
কৰা সেয়া তোমালোকৰে কামত আহে। এওঁ কোনো গুৰু নহয় যে শিষ্য আদি বনাব, ঘৰ সন্তানসকলেই
নিজে থাকিবলৈ নিৰ্মাণ কৰে। অৱশ্যে হয়, নিৰ্মাণ কৰাই দিওঁতাজন যেতিয়া আহে তেতিয়া
আদৰ-সাদৰ কৰা হয় যে আপুনি ওপৰত নতুন ঘৰত থাকক। কিছুমানেতো কয় – মই নতুন ঘৰত কিয়
থাকিম, মোৰতো পুৰণিয়ে ভাল লাগে। যেনেকৈ আপোনালোক থাকে, ময়ো থাকিম। মোৰ কোনো অহংকাৰ
নাই যে মই দাতা। বাপদাদাই যেতিয়া নাথাকে, তেন্তে মই কিয় থাকিম? মোকো আপোনালোকৰ লগত
ৰাখক। যিমান আপোনালোকৰ সমীপতত থাকিম সিমানে ভাল।
পিতাই বুজায় – যিমানে
পুৰুষাৰ্থ কৰিবা সিমানে সুখধামত উচ্চ পদ পাবা। স্বৰ্গলৈতো সকলোৱে যাব নহয়।
ভাৰতবাসীয়ে জানে ভাৰত পুণ্য আত্মাৰ সৃষ্টি আছিল, পাপৰ নামেই নাছিল। এতিয়াতো পাপা
আত্মা হৈ গ’ল। এয়া হ’ল ৰাৱণৰাজ্য। সত্যযুগত ৰাৱণ নাথাকে। ৰাৱণৰাজ্য হয়েই আধাকল্প
পাছত। পিতাই ইমান বুজায় তথাপিও বুজি নাপায়। কল্পই কল্পই এনেকুৱা হৈ আহিছে। নতুন কথা
নহয়। তোমালোকে প্ৰদৰ্শনী আদি অনুষ্ঠিত কৰা, কিমান অনেক লোক আহে। প্ৰজাতো বহুত হ’ব।
হীৰাৰ দৰে হ’বলৈতো সময়তো লাগে। প্ৰজা হৈ গ’লে সেয়াও ভাল। এতিয়া হৈছে কয়ামতৰ (বিনাশৰ)
সময়। সকলোৰে হিচাপ-নিকাচ নিস্পত্তি হ’ব। 8 (আঠ) ৰত্নৰ যি মালা আছে সেয়া হ’ল সন্মান
সহকাৰে উত্তীৰ্ণ হোৱাসকলৰ। 8টি (আঠটি) মণিহে প্ৰথম নম্বৰত যায়, যিসকলে অলপো শাস্তি
নাখায়। কৰ্মাতীত অৱস্থা পাই যায়। তাৰ পাছত 108, ক্ৰমানুসৰি বুলিতো কোৱাই হ’ব নহয়।
এইখন ৰচি থোৱা অনাদি ড্ৰামা, যাক সাক্ষী হৈ প্ৰত্যক্ষ কৰে যে কোনে ভাল পুৰুষাৰ্থ কৰে?
কিছুমান সন্তান পাছৰফালে আহিছে, শ্ৰীমতত চলি থাকে। এনেকৈ শ্ৰীমতত চলি থাকিলে তেতিয়া
সন্মান সহকাৰে উত্তীৰ্ণ হৈ 8 (আঠ)ৰ মালাত আহিব পাৰিবা। অৱশ্যে হয়, আগবাঢ়ি গৈ থাকোঁতে
কেতিয়াবা গ্ৰহচাৰীও আহি যায়। এয়া উত্থান-পতন সকলোৰে আগত আহে। এয়া হৈছে উপাৰ্জন।
কেতিয়াবা বহুত আনন্দত থাকিব, কেতিয়াবা কম। মায়াৰ ধুমুহা অথবা কুসংগই পিছ হোহোকাই
দিয়ে। আনন্দ নাইকিয়া হৈ যায়। গায়নো আছে – সংগই উদ্ধাৰ কৰে, কুসংগই ডুবায়। এতিয়া
ৰাৱণৰ সংগই ডুবায়, ৰামৰ সংগই উদ্ধাৰ কৰে। ৰাৱণৰ মতত এনেকুৱা হৈ গৈছে। দেৱতাসকলো বাম
(বিকাৰী) মাৰ্গত যায়। তেওঁলোকৰ কিমান অমাৰ্জিত চিত্ৰ দেখুৱায়। এয়া হৈছে বাম মাৰ্গত
যোৱাৰ চিন। ভাৰততে ৰামৰাজ্য আছিল, ভাৰততে এতিয়া ৰাৱণ ৰাজ্য। ৰাৱণ ৰাজ্যত 100 শতাংশ
দুখী হৈ যায়। এয়া খেল। এই জ্ঞান যিকোনো লোককে বুজাবলৈ কিমান সহজ।
(এগৰাকী নাৰ্চ বাবাৰ
সন্মুখত বহি আছে) বাবাই এই কন্যাটিক ক’লে – তুমি নাৰ্চ, সেই সেৱাও কৰি থাকা, লগতে
তুমি এই সেৱাও কৰিব পাৰা। ৰোগীসকলকো এই জ্ঞান শুনাই থাকা যে পিতাক স্মৰণ কৰিলে
বিকৰ্ম বিনাশ হ’ব, পুনৰ 21 জন্মৰ বাবে তোমালোক ৰোগী নোহোৱা। যোগৰ দ্বাৰাহে
স্বাস্থ্য আৰু এই 84ৰ চক্ৰক জানিলে সম্পত্তি পোৱা যায়। তোমালোকেতো বহুত সেৱা কৰিব
পাৰা, বহুতৰে কল্যাণ কৰিবা। পইচা আদিও যি পাবা সেয়া এই আত্মিক সেৱাত লগাবা। বাস্তৱত
তোমালোক সকলো নাৰ্চ নোহোৱা জানো। ছিঃ ছিঃ লেতেৰা মনুষ্যক দেৱতা কৰি তোলা – এয়া
নাৰ্চৰ সমান সেৱা নহ’ল জানো। পিতায়ো কয় – মোক পতিত মনুষ্যই মাতে যে আহি পাৱন কৰি
তোলক। তোমালোকেও ৰোগীসকলৰ এই সেৱা কৰা, তোমালোকৰ প্ৰতি উৎসৰ্গিত হৈ যাব। তোমালোকৰ
দ্বাৰা সাক্ষাৎকাৰো হ’ব পাৰে। যদি যোগযুক্ত হোৱা তেতিয়া ডাঙৰ ডাঙৰ চাৰ্জন আদি সকলো
তোমালোকৰ চৰণত পৰিবহি। তোমালোকে কৰি চোৱা। ইয়ালৈ ডাৱৰ (আত্মাসকল) আহে পুনৰুজ্জীৱিত
হ’বলৈ। আকৌ গৈ সেয়া বৰষি আনকো পুনৰুজ্জীৱিত কৰিব। কিছুমান সন্তানে এইটোও গ’ম নাপায়
যে বৰষুণ ক’ৰ পৰা হয়? তেওঁলোকে ভাবে – ইন্দ্ৰই বৰষুণ দিয়ে। ইন্দ্ৰধনু বুলি কয় নহয়।
শাস্ত্ৰততো কিমান কথা লিখি দিছে। পিতাই কয় – এয়া পুনৰাই হ’ব, ড্ৰামাত যি নিৰ্ধাৰিত
হৈ আছে। আমি কাৰো গ্লানি নকৰোঁ, এয়াতো পূৰ্ব নিৰ্ধাৰিত অনাদি ড্ৰামা। বুজোৱা হয় যে
এয়া হৈছে ভক্তিমাৰ্গ। এনেকৈ কোৱাও হয় – জ্ঞান, ভক্তি, বৈৰাগ্য। তোমালোক সন্তানসকলৰ
এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য ওপজিছে। তোমালোক মৰি গ’লা গতিকে তোমালোকৰ কাৰণে
জগতখনো মৰি গ’ল। আত্মা শৰীৰৰ পৰা ভিন্ন হৈ গ’লে তেতিয়া জগতখনেই শেষ।
পিতাই সন্তানসকলক
বুজায় – মৰমৰ সন্তানসকল, পঢ়াত গাফিলতি নকৰিবা, সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। কোনোবা
বেৰিষ্টাৰে এক লাখ টকা উপাৰ্জন কৰে আৰু কোনোবা বেৰিষ্টাৰৰ পিন্ধিবলৈ কোটো নাথাকে।
পঢ়াৰ ওপৰতে সকলো নিৰ্ভৰ কৰে। এই পঢ়াতো বহুত সহজ। স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে অৰ্থাৎ
নিজৰ 84 জন্মৰ আদি-মধ্য-অন্তক জানিব লাগে। এতিয়া এই গোটেই বৃক্ষজোপাৰ জৰাজীৰ্ণ
অৱস্থা, মূল শিপা নাই। বাকী গোটেই বৃক্ষজোপা থিয় হৈ আছে। তেনেকৈ এয়া যি আদি সনাতন
দেৱী-দেৱতা ধৰ্ম আছিল, মূল শিপা আছিল, সেয়া এতিয়া নাই। ধৰ্ম ভ্ৰষ্ট, কৰ্ম ভ্ৰষ্ট হৈ
গৈছে। মনুষ্যই কাকো সৎগতি দিব নোৱাৰে। পিতাই বহি এই সকলো কথা বুজায়, তোমালোক
চিৰদিনৰ বাবে সুখী হৈ যোৱা। কেতিয়াও অকাল মৃত্যু নহ’ব। অমুকৰ মৃত্যু হ’ল – এনেকুৱা
কথা তাত নাথাকে। সেয়েহে পিতাই ৰায় দিয়ে, বহুতকে ৰাস্তা দেখুৱালে তেতিয়া তেওঁলোক
তোমালোকৰ প্ৰতি উৎসৰ্গিত হ’ব। কাৰোবাৰ সাক্ষাৎকাৰো হ’ব পাৰে। সাক্ষাৎকাৰ হৈছে কেৱল
লক্ষ্য-উদ্দ্যেশ্য। তাৰ বাবে পঢ়িবতো লাগিব নহয়। নপঢ়াকৈ জানো বেৰিষ্টাৰ হৈ যাব।
এনেকুৱা নহয় যে সাক্ষাৎকাৰ হ’ল মানে মুক্ত হৈ গ’ল, মীৰাৰ সাক্ষাৎকাৰ হ’ল, এনেকুৱা
নহয় যে কৃষ্ণপুৰীলৈ গুচি গ’ল। ঐকান্তিক ভক্তি কৰিলে সাক্ষাৎকাৰ হয়। ইয়াত আকৌ হৈছে
ঐকান্তিক স্মৃতি। সন্ন্যাসীসকল আকৌ ব্ৰহ্ম জ্ঞানী, তত্ত্ব জ্ঞানী হৈ যায়। কেৱল
ব্ৰহ্মত লীন হ’ব লাগে। এতিয়া ব্ৰহ্মতো পৰমাত্মা নহয়।
এতিয়া পিতাই বুজায় –
শৰীৰ নিৰ্বাহৰ বাবে নিজৰ পেছাগত কাম-কাজ আদি কৰা কিন্তু নিজক নিমিত্ত বুলি বুজি,
তেতিয়া উচ্চ পদ পাবা। তেতিয়া মমত্ব আঁতৰি যাব। এয়া বাবাই লৈ কি কৰিব? এওঁতো (ব্ৰহ্মাই)
সকলো এৰি নিদিলে জানো। ঘৰ-সংসাৰ বা মহল আদিতো নিৰ্মাণ কৰিব নালাগে। এই ঘৰ নিৰ্মাণ
কৰা হয় কিয়নো অনেক সন্তান আহিব। আবু ৰোডৰ পৰা ইয়ালৈ শাৰী লাগি যাব। তোমালোকৰ এতিয়াই
প্ৰভাৱ বিস্তাৰ হ’লে মাথাই নষ্ট কৰি দিব। ডাঙৰ ব্যক্তি আহিলে তেতিয়া ভিৰ হৈ যায়।
পাছলৈ তোমালোকৰ প্ৰভাৱ বিস্তাৰ হ’ব, এতিয়া নহয়। পিতাক স্মৰণ কৰাৰ অভ্যাস কৰিব লাগে
যাতে পাপ খণ্ডন হয়। এনেকৈ স্মৃতিত শৰীৰ এৰিব লাগে। সত্যযুগত শৰীৰ এৰিলে এনেকৈ ভাবিব
যে এটা এৰি অন্য এটা নতুন ল’ম। ইয়াততো কিমান দেহ-অভিমান থাকে। পাৰ্থক্য আছে নহয়। এই
সকলো কথা টুকি ৰাখিব লাগে আৰু আনৰ দ্বাৰাও কৰাব লাগে। আনকো নিজৰ দৰে হীৰাতুল্য কৰি
তুলিব লাগে। যিমান পুৰুষাৰ্থ কৰিবা, সিমান উচ্চ পদ পাবা। এয়া পিতাই বুজায়, এওঁ কোনো
সাধু-মহাত্মা নহয়।
এই জ্ঞান বৰ মজাৰ,
ইয়াক ভালদৰে ধাৰণ কৰিব লাগে। এনেকুৱা নহয় যে পিতাৰ পৰা শুনিলোঁ পাছত ইয়াৰ কথা ইয়াতে
থাকিল। গীতটিতো শুনিলা নহয়, এনেকৈ কয় যে লগত লৈ ব’লা। তোমালোকে এই কথাবোৰ আগতে বুজা
নাছিলা। এতিয়া পিতাই বুজোৱা বাবেহে বুজি পাইছা। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পঢ়াত
কেতিয়াও গাফিলতি কৰিব নালাগে। স্বদৰ্শন চক্ৰধাৰী হৈ থাকিব লাগে। হীৰাতুল্য কৰি
তোলাৰ সেৱা কৰিব লাগে।
(2) সঁচা উপাৰ্জন
কৰিব আৰু কৰাব লাগে। নিজৰ সকলো পুৰণি সামগ্ৰী বিনিময় কৰিব লাগে। কুসংগৰ পৰা নিজক
সাৱধানে ৰাখিব লাগে।
বৰদান:
জগতৰ জ্যোতি
হৈ ভক্তসকলক দৃষ্টিৰে ভৰপূৰ কৰোঁতা দৰ্শনীয় মূৰ্ত হোৱা
গোটেই বিশ্বই তোমালোক
জগতৰ জ্যোতিৰ দৃষ্টি ল’বলৈ প্ৰতীক্ষা কৰি আছে। যেতিয়া তোমালোক জগতৰ জ্যোতি নিজৰ
সম্পূৰ্ণ স্থিতিত উপনীত হ’বা অৰ্থাৎ সম্পূৰ্ণতাৰ চক্ষু মুকলি হ’ব তেতিয়া চেকেণ্ডত
বিশ্ব পৰিৱৰ্তন হ’ব। তেতিয়া তোমালোক দৰ্শনীয় মূৰ্ত আত্মাই নিজৰ দৃষ্টিৰে ভক্ত
আত্মাসকলক ভৰপূৰ কৰিব পাৰিবা। দৃষ্টিৰে ভৰপূৰ হ’বলগীয়াসকলৰ দীঘলীয়া শাৰী আছে সেয়েহে
সম্পূৰ্ণতাৰ চক্ষু যাতে মুকলি হৈ থাকে। চকু মোহাৰি থকা আৰু সংকল্পৰ শ্বাসৰুদ্ধ হোৱা
বা তন্দ্ৰাচ্ছন্দ্ৰ হোৱা বন্ধ কৰা তেতিয়া দৰ্শনীয় মূৰ্ত হ’ব পাৰিবা।
স্লোগান:
নিৰ্মল স্বভাৱ নম্ৰতাৰ চিহ্ন। নিৰ্মল হোৱা তেতিয়া সফলতা পাবা।
শক্তিশালী মনেৰে
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
মন-বুদ্ধি একাগ্ৰ
কৰিবলৈ ‘মনমনাভৱ’ মন্ত্ৰ সদায় স্মৃতিত ৰাখা। ‘মনমনাভৱ’ মন্ত্ৰৰ বাস্তৱিক ধাৰণাৰে
প্ৰথম নম্বৰত আহিব পাৰা। মনৰ একাগ্ৰতা অৰ্থাৎ এজনৰ স্মৃতিত থকা, একাগ্ৰ হোৱাটোৱে
একান্ত অৱস্থা। যেতিয়া সকলো আকৰ্ষণৰ প্ৰকম্পনৰ পৰা অন্তৰ্মুখী হ’বা তেতিয়া মনৰ
দ্বাৰা গোটেই বিশ্বক শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিব পাৰিবা।