28.02.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক হৈছা ঈশ্বৰীয় সম্প্ৰদায়ৰ, তোমালোকে জ্ঞান সূৰ্য পিতাক পাইছা, এতিয়া তোমালোক জাগি উঠিছা, সেইবাবে আনকো জগাই তোলা”

প্ৰশ্ন:
অনেক প্ৰকাৰৰ মতানৈক্যৰ কাৰণ তথা তাৰ নিবাৰণ কি?

উত্তৰ:
যেতিয়া দেহ-অভিমানত আহা তেতিয়া অনেক প্ৰকাৰৰ মতানৈক্যৰ সৃষ্টি হয়। মায়াৰ গ্ৰহচাৰী বহি যায়। বাবাই কয় - দেহী-অভিমানী হোৱা, সেৱাত লাগি যোৱা। স্মৃতিৰ যাত্ৰাত থাকা তেতিয়া গ্ৰহচাৰী আঁতৰি যাব।

ওঁম্শান্তি।
আত্মিক সন্তানসকলৰ ওচৰলৈ পিতা শ্ৰীমত দিবলৈ বা বুজাবলৈ আহিছে। এইটোতো সন্তানসকলে বুজি পাইছে যে ড্ৰামাৰ পৰিকল্পনা অনুসৰি সকলো কাৰ্য হ’ব। বাকী সময় অলপহে আছে। এই ভাৰতক ৰাৱণপুৰীৰ পৰা পুনৰাই বিষ্ণুপুৰী কৰি তুলিব লাগে। এতিয়া পিতাও গুপ্ত। পঢ়াও গুপ্ত, সেৱাকেন্দ্ৰতো বহুত আছে, সৰু-বৰ গাঁওসমূহত সৰু-বৰ সেৱাকেন্দ্ৰ আছে আৰু সন্তানো বহুত আছে। এতিয়া সন্তানসকলে প্ৰত্যাহ্বানতো জনাইছে আৰু লিখিবও লাগে, যেতিয়া কোনো সাহিত্য ৰচনা কৰিবলগীয়া হয় তেতিয়া তাত লিখিব লাগে - আমি নিজৰ ভাৰত ভূমিক স্বৰ্গ কৰিহে এৰিম। তোমালোকৰো নিজৰ ভাৰত ভূমি বহুত মৰমৰ কিয়নো তোমালোকে জানা যে এই ভাৰতেই স্বৰ্গ আছিল, ইয়াৰ 5 হাজাৰ বছৰ হৈছে। ভাৰত বৰ অভিজাত্যপূৰ্ণ আছিল, ইয়াক স্বৰ্গ বুলি কোৱা হয়। তোমালোক ব্ৰহ্মা মুখ বংশাৱলীসকলৰহে জ্ঞান আছে। এই ভাৰতক আমি শ্ৰীমতত নিশ্চয় স্বৰ্গ কৰি গঢ়ি তুলিব লাগে। সকলোকে ৰাস্তা দেখুৱাব লাগে, অন্য কোনো ধৰণৰ মতানৈক্যৰ কথা নাই। পৰস্পৰ বহি ৰায় উলিয়াব লাগে যে এই প্ৰদৰ্শনীৰ চিত্ৰসমূহৰ দ্বাৰা আমি এনেকুৱা কি বিজ্ঞাপন দিওঁ, যাতে বাতৰিকাকততো চিত্ৰ প্ৰকাশ কৰিব পাৰি, এই সন্দৰ্ভত পৰস্পৰ আলোচনা চক্ৰ অনুস্থিত কৰিব লাগে। যেনেকৈ চৰকাৰৰ লোকসকল পৰস্পৰ মিলিত হয়, ৰায় উলিয়ায় যে ভাৰতক আমি কেনেকৈ শুধৰাওঁ? এয়া যি মতভেদ হৈ গৈছে, সেয়া পৰস্পৰ মিলি কেনেকৈ ঠিক কৰোঁ আৰু ভাৰতত কেনেকৈ সুখ-শান্তি স্থাপন কৰোঁ! সেই চৰকাৰৰো পুৰুষাৰ্থ চলে। তোমালোকৰো পাণ্ডৱ চৰকাৰ বুলি গায়ন আছে। এইখন বিশাল ঈশ্বৰীয় চৰকাৰ, এইখনক বাস্তৱত কোৱাই হয় পৱিত্ৰ ঈশ্বৰীয় চৰকাৰ, পতিত-পাৱন পিতাইহে পতিত সন্তানসকলক বহি পাৱন সৃষ্টিৰ মালিক কৰি তোলে। এয়া সন্তানসকলেহে জানে। মুখ্য হৈছেই ভাৰতৰ আদি সনাতন দেৱী-দেৱতা ধৰ্ম। এইটোও সন্তানসকলে জানে যে এয়া হৈছে ৰুদ্ৰ জ্ঞান যজ্ঞ। ৰুদ্ৰ বুলি কোৱাই হয় ঈশ্বৰ পিতাক, শিৱক। গায়নো আছে যে যথাযথ পিতা আহি ৰুদ্ৰ জ্ঞান যজ্ঞ ৰচিছিল। তেওঁলোকেতো সময় দীঘলীয়া কৰি দিছে। অজ্ঞানতাৰ নিদ্ৰাত শুই আছে। এতিয়া তোমালোকক পিতাই জগাই তুলিছে, তোমালোকে আকৌ আনক জগাই তুলিব লাগে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি তোমালোকে জগাই থাকা। এই সময়লৈকে যেনেকৈ যিমান পুৰুষাৰ্থ কৰিছে, সিমানেই কল্প পূৰ্বেও কৰিছিল। অৱশ্যে হয়, যুদ্ধক্ষেত্ৰত উত্থান পতনতো হয়েই। কেতিয়াবা মায়া বলৱান হৈ যায়, কেতিয়াবা ঈশ্বৰীয় সন্তানসকল বলৱান হৈ যায়। কেতিয়াবা কেতিয়াবা সেৱা বহুত ভাল তীব্ৰতাৰে চলে। কেতিয়াবা ক’ৰবাত ক’ৰবাত সন্তানসকলৰ মাজত মায়াৰ বিঘিনি আহি যায়। মায়াই একেবাৰে চেতনাহীন কৰি পেলায়। যুদ্ধক্ষেত্ৰ হয় নহয়। ৰাৱণ মায়াই ৰামৰ সন্তানসকলক চেতনাহীন কৰি দিয়ে। লক্ষ্মণৰ কাৰণেও কাহিনী আছে নহয।

তোমালোকে কোৱা সকলো মনুষ্য কুম্ভকৰ্ণৰ নিদ্রাত আছে। তোমালোক ঈশ্বৰীয় সম্প্ৰদায়েহে এনেকৈ কোৱা যিসকলে জ্ঞান সূৰ্যক পাইছে আৰু জাগি উঠিছে, তেওঁলোকেহে বুজিব। এই ক্ষেত্ৰত ইজনে সিজনক কোৱাৰো কথা নাই। তোমালোকে জানা যথাযথ আমি ঈশ্বৰীয় সম্প্ৰদায় জাগি উঠিছোঁ। বাকী অন্য সকলো শুই আছে। তেওঁলোকে এইটো নাজানে যে সন্তানসকলক উত্তৰাধিকাৰ দিবলৈ পৰমপিতা পৰমাত্মাৰ আগমন হৈছে। এইটো একেবাৰেই পাহৰি গ’ল। পিতা ভাৰততহে আহে। আহি ভাৰতক স্বৰ্গৰ মালিক কৰি তোলে। ভাৰত স্বৰ্গৰ মালিক আছিল, ইয়াত কোনো সংশয় নাই। পৰমপিতা পৰমাত্মাৰো জন্ম ইয়াতেই হয়। শিৱ জয়ন্তী পালন কৰা হয় নহয়। নিশ্চয় তেওঁ আহি কিবাতো কৰিছে নহয়। বুদ্ধিয়ে কয় নিশ্চয় আহি স্বৰ্গৰ স্থাপনা কৰিছিল। প্ৰেৰণাৰে জানো স্থাপনা হ’ব। ইয়াততো তোমালোক সন্তানসকলক ৰাজযোগ শিকোৱা হয়। স্মৃতিৰ যাত্ৰাৰ বিষয়ে বুজোৱা হয়। প্ৰেৰণাৰে কোনো আৱাজ নহয়। এনেকৈ ভাবে যে শঙ্কৰেও প্ৰেৰণা পায় তেতিয়া সেই যাদৱসকলে (পশ্চিমীয়া দেশসমূহে) ক্ষেপণাস্ত্ৰ আদি তৈয়াৰ কৰে। কিন্তু ইয়াততো প্ৰেৰণাৰ কোনো কথা নাই। তোমালোকে বুজি পাইছা যে ড্ৰামাত তেওঁলোকৰ এই ক্ষেপণাস্ত্ৰ আদি তৈয়াৰ কৰাৰ ভূমিকা আছে। প্ৰেৰণাৰ কথা নহয়। ড্ৰামা অনুসৰি বিনাশতো নিশ্চয় হ’বই। গায়ন কৰা হৈছে – মহাভাৰতৰ যুদ্ধত ক্ষেপণাস্ত্ৰ কামত আহে। গতিকে যি পাৰ হৈ গ’ল সেয়া আকৌ পুনৰাবৃত্তি হ’ব। তোমালোকে প্ৰতিশ্ৰুতি দিয়া যে আমি ভাৰতত স্বৰ্গ স্থাপন কৰিম, য’ত এক ধৰ্ম হ’ব। তোমালোকে এনেকৈ নিলিখা যে অনেক ধৰ্ম বিনাশ হ’ব। সেয়াতো চিত্ৰত লিখা আছে - স্বৰ্গৰ স্থাপনা হয় গতিকে অন্য কোনো ধৰ্ম নাথাকে। এতিয়া তোমালোকে বুজি পোৱা। সকলোতকৈ মহান ভূমিকা হৈছে শিৱবাবা, ব্ৰহ্মাবাবা আৰু বিষ্ণুৰ। ব্ৰহ্মাই বিষ্ণু, বিষ্ণুৱেই ব্ৰহ্মা - এইটোতো বৰ গূঢ় কথা। বিষ্ণুৰ পৰা ব্ৰহ্মা কেনেকৈ হয়, ব্ৰহ্মাৰ পৰা আকৌ বিষ্ণু কেনেকৈ হয়, এইটো বুদ্ধিমান সন্তানসকলৰ বুদ্ধিত তৎক্ষণাৎ আহি যায়। দৈৱী সম্প্ৰদায়তো হয়েই। এজনৰ কথা নহয়। এই কথাবিলাক তোমালোক সন্তানসকলে বুজি পোৱা। জগতৰ এজনো মনুষ্যই নুবুজে। যদিও লক্ষ্মী-নাৰায়ণ বা বিষ্ণুৰ পূজাও কৰে কিন্তু তেওঁলোকে এইটো বুজি নাপায় যে বিষ্ণুৰেই দুটা ৰূপ লক্ষ্মী-নাৰায়ণ, যিয়ে নতুন সৃষ্টিত ৰাজত্ব কৰে। বাকী চাৰিটা বাহুৰ কোনো মনুষ্য নাথাকে। এয়া সূক্ষ্মবতনত প্ৰবৃত্তি মাৰ্গৰ লক্ষ্য-উদ্দেশ্য দেখুওৱা হয়। এই গোটেই বিশ্বৰ ইতিহাস-ভূগোল কেনেকৈ চক্ৰকাৰে ঘূৰে, সেয়া কোনেও নাজানে। পিতাকেই নাজানে তেন্তে পিতাৰ ৰচনাক কেনেকৈ জানিব পাৰিব। পিতাইহে ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনায়, ঋষি-মুনিয়েও কৈছিল আমি নাজানো। পিতাক জানিলেহে তেওঁৰ ৰচনাৰ আদি-মধ্য-অন্তকো জানিব পাৰি। পিতাই কয় মই এবাৰেই আহি তোমালোক সন্তানসকলক গোটেই জ্ঞান বুজাওঁ তাৰপাছত আকৌ নাহোঁৱেই। তেন্তে ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক কেনেকৈ জানিব? স্বয়ং পিতাই কয় - মই সংগমযুগৰ বাহিৰে অন্য সময়ত নাহোঁ। মোক আহ্বানো জনোৱা হয় সংগমযুগতহে। পাৱন সত্যযুগক কোৱা হয়, কলিযুগক পতিত বুলি কোৱা হয়। গতিকে মই নিশ্চয় পতিত সৃষ্টিৰ অন্তত আহিম নহয়। কলিযুগৰ অন্তত আহি পতিতৰ পৰা পাৱন কৰি তোলে। সত্যযুগৰ আদিত পাৱন হয়, এয়াতো সহজ কথা। মনুষ্যই একোৱেই বুজিব নোৱাৰে যে পতিত-পাৱন পিতা কেতিয়া আহিব। এতিয়াতো কলিযুগৰ অন্ত বুলি কোৱা হ’ব। যদি কোৱা যে কলিযুগৰ আৰু 40 হাজাৰ বছৰ বাকী আছে তেন্তে আৰু কিমান পতিত হ’ব! কিমান দুখ হ’ব! সুখ নহ’বই। একোৱেই নজনাৰ কাৰণে একেবাৰেই ঘোৰ অন্ধকাৰত আছে। তোমালোকে বুজিব পাৰা। গতিকে সন্তানসকল পৰস্পৰ মিলিত হ’ব লাগে। চিত্ৰৰ সহায়ত ভালদৰে বুজাব লাগে। এয়াও চিত্ৰ আদি সকলো ড্ৰামা অনুসৰি তৈয়াৰ কৰা হৈছে। সন্তানসকলে বুজি পায় যে যিখিনি সময় অতিবাহিত হৈ যায়, হুবহু ড্ৰামা চলি থাকে। সন্তানসকলৰ অৱস্থাও কেতিয়াবা তল, কেতিয়াবা ওপৰ হৈ থাকিব। এয়া অতিকৈ বুজিবলগীয়া কথা। কেতিয়াবা কেতিয়াবা গ্ৰহচাৰী আহি বহি যায় গতিকে সেয়া আঁতৰ কৰিবলৈ কিমান ব্যৱস্থা কৰে। বাবাই বাৰে বাৰে কয় – সন্তানসকল, তোমালোক দেহ-অভিমানত আহি যোৱা সেইকাৰণে মতানৈক্য হয়। ইয়াত দেহী-অভিমানী হ’ব লাগে। সন্তানসকলৰ দেহ-অভিমান বহুত আছে। তোমালোক দেহী-অভিমানী হোৱা তেতিয়া পিতাৰ স্মৃতি থাকিব আৰু সেৱাত উন্নতি কৰি থাকিবা। উচ্চ পদ যিসকলে পাবলগীয়া আছে তেওঁলোক সদায় সেৱাত ব্ৰতী হৈ থাকিব। ভাগ্যত নাথাকিলে আকৌ পুৰুষাৰ্থও নহ’ব। নিজেই কয় বাবা মোৰ ধাৰণা নহয়। বুদ্ধিত ধাৰণ নহয়, যাৰ ধাৰণা হয় তেওঁ বহুত আনন্দিতও হয়। বুজি পায় শিৱবাবাৰ আগমন হৈছে, এতিয়া পিতাই কয় সন্তানসকল তোমালোকে ভালদৰে বুজিলৈ পুনৰ আনক বুজোৱা। কিছুমান আকৌ সেৱাতেই লাগি থাকে। পুৰুষাৰ্থ কৰি থাকে। এইটোও সন্তানসকলে জানে যে যি চেকেণ্ড পাৰ হৈ যায় সেয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে, আকৌ এনেকৈয়ে পুনৰাবৃত্তি হ’ব। সন্তানসকলক বুজোৱা হয়, বাহিৰত ভাষণ আদি দিওতে অনেক প্ৰকাৰৰ নতুন লোক শুনিবলৈ আহে। তোমালোকে বুজি পোৱা যে গীতা, বেদ, শাস্ত্ৰ আদিৰ ওপৰত কিমান মনুষ্যই ভাষণ দিয়ে, তেওঁলোকে জানো এইটো গম পায় যে ইয়াত ঈশ্বৰে নিজৰ আৰু তেওঁৰ ৰচনাৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজায়। ৰচয়িতাহে আহি গোটেই জ্ঞান শুনায়। ত্ৰিকালদৰ্শী কৰি তোলা, এইটোতো পিতাৰহে কাম। শাস্ত্ৰত এই কথাবোৰ নাই। এয়া হৈছে নতুন কথা। বাবাই বাৰে বাৰে বুজায় য’তেই নহওঁক পোন-প্ৰথমে এইটো বুজোৱা যে ‘গীতা’ৰ ভগৱান কোন - শ্ৰীকৃষ্ণ নে নিৰাকাৰ শিৱ? তোমালোকে এই কথাবোৰ প্ৰজেক্টৰৰ সহায়ত বুজাব নোৱাৰিবা। প্ৰদৰ্শনীত চিত্ৰ সন্মুখত ৰখা হয়, তাৰ ওপৰত বুজাই তোমালোকে প্ৰশ্ন সুধিব পাৰা। এতিয়া কওঁকচোন ‘গীতা’ৰ ভগৱান কোন? জ্ঞান সাগৰ কোন? শ্ৰীকৃষ্ণ বুলিতো ক’ব নোৱাৰিব। পৱিত্ৰতা, সুখ, শান্তিৰ সাগৰ, মুক্তি দাতা, মাৰ্গ-দৰ্শক কোন? প্ৰথমেতো লিখিব দিব লাগে প্ৰ-পত্ৰ পূৰাব লাগে তাৰ পাছত সকলোৰে পৰা স্বাক্ষৰ ল’ব লাগে।

(চৰাই বিলাকে শব্দ কৰিলে) চোৱাচোন কিমান কাজিয়া কৰে। এই সময়ত গোটেই জগতত যুঁজ-বাগৰেই আছে। মনুষ্যয়ো নিজৰ মাজত যুদ্ধ কৰিয়ে থাকে। মনুষ্যৰহে বুজিবৰ বাবে বুদ্ধি আছে। 5 বিকাৰৰ কথাও মনুষ্যৰ ক্ষেত্ৰতে কোৱা হয়। জন্তুৰতো কথাই নাই। এইখন হৈছে বিকাৰী সৃষ্টি। বিশ্ব বুলি মনুষ্যৰ বাবেই কোৱা হয়। কলিযুগত হৈছে আসুৰি সম্প্ৰদায়, সত্যযুগত হৈছে দৈৱী সম্প্ৰদায়। এতিয়া তোমালোকৰ এই সম্পূৰ্ণ বৈপৰীত্যৰ জ্ঞান আছে। তোমালোকে সিদ্ধ কৰি ক’ব পাৰা। ছিৰিৰ চিত্ৰতো বহুত স্পষ্টকৈ দেখুওৱা হৈছে। তলত আছে পতিত, ওপৰত আছে পাৱন। ইয়াত অতি স্পষ্টকৈ আছে। ছিৰিয়েই হৈছে মুখ্য - আৰোহণ কলা আৰু অৱৰোহণ কলা। এই ছিৰিৰ চিত্ৰখন বৰ ভাল, ইয়াত এনেকুৱা কি সংযোগ কৰা যায় যাতে মনুষ্যই ভালদৰে বুজি যায় যে যথাযথ এইখন পতিত সৃষ্টি, পাৱন সৃষ্টি স্বৰ্গ আছিল। ইয়াত সকলো পতিত, এজনো পাৱন হ’ব নোৱাৰে। ৰাতিয়ে-দিনে এইটো খেয়াল চলি থাকিব লাগে। আত্ম প্ৰকাশ সন্তানটিয়ে লিখে- বাবা এইখন চিত্ৰ অঙ্কন কৰোঁনে, বাবাই কয় বিচাৰ সাগৰ মন্থন কৰি যিকোনো চিত্ৰ তৈয়াৰ কৰা, কিন্তু ছিৰিৰ চিত্ৰখন বহুত ভালকৈ আঁকিব লাগে। ইয়াৰ ওপৰত বহুত বুজাব পাৰা। 84 জন্ম পূৰা কৰি পুনৰ প্ৰথম নম্বৰ জন্ম ল’লা আকৌ অৱৰোহণ কলাৰ পৰা আৰোহণ কলালৈ যাব লাগে, এই বিষয়ে প্ৰত্যেকেই বিচাৰ কৰিব লাগে। নহ’লেনো সেৱা কেনেকৈ কৰিব পাৰিবা। চিত্ৰৰ ওপৰত বুজোৱাতো বহুত সহজ। সত্যযুগৰ পাছত ছিৰি অৱনমিত হ’বলগীয়া হয়। এইটোও সন্তানসকলে জানে - আমি ভূমিকা পালন কৰোঁতা ভাৱৰীয়া। ইয়াৰ পৰা স্থানান্তৰ হৈ পোনে পোনে সত্যযুগলৈ নাযায়, প্ৰথমে শান্তিধামলৈ যাব লাগে। অৱশ্যে হয় তোমালোকৰ মাজতো ক্ৰম অনুসৰি আছে যিয়ে নিজক এই ড্ৰামাত ভূমিকা পালন কৰোঁতা বুলি বুজে। জগতত এনেকৈ কোনেও ক’ব নোৱাৰে যে মই ভূমিকা পালন কৰোঁতা। আমি লিখোঁও যে ভূমিকা পালন কৰোঁতা ভাৱৰীয়া হৈও ড্ৰামাৰ ৰচয়িতা, নিৰ্দেশক, আদি-মধ্য-অন্তক জানিব নোৱাৰিলে তেওঁ এক নম্বৰৰ অবোধ। এয়াতো ভগৱানুবাচ। ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা শিৱ ভগৱানে কয়। জ্ঞানৰ সাগৰ তেওঁ হৈছে নিৰাকাৰ, তেওঁৰ নিজৰ শৰীৰ নাই। অতিকৈ বুজিবলগীয়া যুক্তি। তোমালোক সন্তানসকলৰ বহুত নিচা থাকিব লাগে, আমি জানো কাৰোবাৰ গ্লানি কৰোঁ। এইটোতো সঠিক কথা হয় নহয়। যিবিলাক ডাঙৰ ডাঙৰ আছে সেই সকলোৰে চিত্ৰ তোমালোকে দেখুৱাব পাৰা। ছিৰিৰ চিত্ৰ সকলোকে দেখুৱাব পাৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ভাৰতত সুখ-শান্তিৰ স্থাপনা কৰিবলৈ বা ভাৰতক স্বৰ্গ কৰি গঢ়ি তুলিবলৈ নিজৰ মাজত আলোচনা চক্ৰ অনুস্থিত কৰিব লাগে, শ্ৰীমতত ভাৰতৰ এনেকুৱা সেৱা কৰিব লাগে।

(2) সেৱাত উন্নতি কৰিবলৈ বা সেৱাৰ দ্বাৰা উচ্চ পদ পাবলৈ দেহী-অভিমানী হৈ থকাৰ পৰিশ্ৰম কৰিব লাগে। জ্ঞানৰ বিচাৰ সাগৰ মন্থন কৰিব লাগে।

বৰদান:
পৱিত্ৰতাৰ আধাৰত সুখ-শান্তিৰ অনুভৱ কৰোঁতা এক নম্বৰ অধিকাৰী হোৱা

যিসকল সন্তানে ‘পৱিত্ৰতা’ৰ প্ৰতিজ্ঞা সদায় স্মৃতিত ৰাখে, তেওঁলোকৰ সুখ-শান্তিৰ অনুভূতি স্বতঃ হয়। পৱিত্ৰতাৰ অধিকাৰ লোৱাৰ ক্ষেত্ৰত এক নম্বৰ হোৱা অৰ্থাৎ সকলো প্ৰাপ্তিৰ ক্ষেত্ৰত এক নম্বৰ হোৱা সেইবাবে পৱিত্ৰতাৰ আধাৰ কেতিয়াও দুৰ্বল নকৰিবা তেতিয়াহে শেষত আহিও তীব্ৰ গতিৰে আগুৱাই যাবা, সদায় এইটো ধৰ্মতে স্থিৰ হৈ থাকিবা - যিয়েই নহওক কিয় - কোনো ব্যক্তি, প্ৰকৃতি বা পৰিস্থিতিয়ে যিমানেই অস্থিৰ নকৰক, কিন্তু প্ৰাণ গ’লেও নিজৰ ধৰ্ম নেৰিবা।

স্লোগান:
ব্যৰ্থৰ পৰা নিৰ্মল হ’লে প্ৰকৃত সাধু হৈ যাবা।


অব্যক্ত ইংগিত: একতা আৰু বিশ্বাসৰ বিশেষত্বৰে সফলতা সম্পন্ন হোৱা

বাপদাদাই বিচাৰে যে প্ৰতিগৰাকী সন্তান একৰস শ্ৰেষ্ঠ স্থিতিৰ আসনধাৰী, একান্তবাসী, অশৰীৰী, একতা স্থাপক, এজনৰ প্ৰতি একাগ্ৰচিত আৰু মিতব্যয়ীতাৰ অৱতাৰ হওক। ইজনে সিজনৰ বিচাৰধাৰাক বুজি, সন্মান জনাই ইজনে সিজনক ইংগিত দি, আদান-প্ৰদান কৰি পৰস্পৰ সংগঠনৰ শক্তি স্বৰূপ প্ৰত্যক্ষ কৰা কিয়নো তোমালোকৰ সংগঠনৰ একতাৰ শক্তি গোটেই ব্ৰাহ্মণ পৰিয়ালক সংগঠনত অনাৰ নিমিত্ত হ’ব।