28.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক বহুত ভাগ্যৱান কিয়নো তোমালোকৰ পিতাৰ স্মৃতিৰ বাহিৰে অন্য কোনো চিন্তা নাই, এই পিতাৰতো তথাপিও বহুত খেয়াল চলি থাকে”

প্ৰশ্ন:
পিতাৰ যিসকল সুসন্তান তেওঁলোকৰ চিন কি হ’ব?

উত্তৰ:
তেওঁলোকে সকলোৰে বুদ্ধিযোগ এজন পিতাৰ সৈতে সংযোগ কৰাই থাকিব, সেৱাধাৰী হ’ব। ভালকৈ পঢ়ি আনকো পঢ়াব। পিতাৰ অন্তৰ আসনত অধিষ্ঠিত হৈ থাকিব। এনেকুৱা সুসন্তানে পিতা নাম উজ্জ্বল কৰে। যিয়ে নিজে পূৰা নপঢ়ে তেওঁ আনকো নষ্ট কৰে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে।

গীত:
লে লো দুৱায়ে মা-বাপ কী… (মা-পিতাৰ আশীৰ্বাদ লৈ লোৱা….)

ওঁম্শান্তি।
প্ৰতিখন ঘৰত মা-পিতা আৰু 2-4টা সন্তান থাকে আকৌ আশীৰ্বাদ আদি বিচাৰে। সেয়াতো হদৰ কথা। এয়া হদৰ বাবে গায়ন কৰা হৈছে। বেহদৰ কথা কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি বেহদৰ পিতাৰ পুত্ৰ আৰু পুত্ৰী। সেই মাতা-পিতা হৈছে হদৰ, হদৰ মাতা-পিতাৰ আশীৰ্বাদ লৈ লোৱা। এয়া হৈছে বেহদৰ মাতা-পিতা। সেই হদৰ মাতা-পিতায়ো সন্তানসকলৰ প্ৰতিপালন কৰে, তাৰ পাছত শিক্ষকে পঢ়ায়। এতিয়া তোমালোক সন্তানসকলে জানা - এয়া হৈছে বেহদৰ মাতা-পিতা, বেহদৰ শিক্ষক, বেহদৰ সৎগুৰু, পৰম পিতা, পৰম শিক্ষক, পৰম গুৰু। সত্য কওঁতা, সত্য শিকাওঁতা। সন্তানসকলৰ মাজত ক্ৰমানুসৰিতো থাকেই নহয়। লৌকিক ঘৰত 2-4টা সন্তান থাকিলে সিহঁতক কিমান চম্ভালিবলগীয়া হয়। ইয়াত কিমান অনেক সন্তান আছে, কিমান সেৱাকেন্দ্ৰৰ পৰা সন্তানসকলৰ বাতৰি আহে - এইটো সন্তান এনেকুৱা, এওঁ দুষ্টামি কৰে, এওঁ অতিষ্ঠ কৰে, বিঘিনি আনে। চিন্তাতো এইজন পিতাৰ থাকিব নহয়। প্ৰজাপিতাতো এওঁ হয়। কিমান অনেক সন্তানৰ ধ্যান ৰাখিব লাগে, সেইবাবে পিতাই কয় - তোমালোক সন্তানসকলে ভালকৈ পিতাৰ স্মৃতিত থাকিব পাৰা। এওঁৰতো হাজাৰটা চিন্তা থাকে। কেৱল এটা চিন্তাতো নহয়। অন্য হাজাৰটা চিন্তা থাকে। কিমান অনেক সন্তানক চম্ভালিবলগীয়া হয়। মায়াও ডাঙৰ শত্ৰু। মায়াই কিছুমানৰ ভালকৈয়ে চাল এৰুৱাই দিয়ে। কাৰোবাৰ নাকত, কাৰোবাৰ টিকনিত ধৰি লয়। ইমানবিলাকৰ চিন্তাতো কৰিবলগীয়া হয়। তথাপিও বেহদৰ পিতাৰ স্মৃতিত থাকিব লাগে। তোমালোক হৈছা বেহদৰ পিতাৰ সন্তান। এইটো জানা যে মই পিতাৰ শ্ৰীমতত চলি কিয়নো পিতাৰ পৰা পূৰা উত্তৰাধিকাৰ লৈ নলওঁ। সকলোৱেতো একেধৰণে চলিব নোৱাৰে কিয়নো এয়া ৰাজ্য স্থাপনা হৈ আছে, আন কাৰো বুদ্ধিত উদয় হ’ব নোৱাৰে। এয়া হৈছে অতি উচ্চ পঢ়া। বাদশ্বাহী পাই গ’লে তেতিয়া গম পোৱা নাযায় যে এই ৰাজ্য কেনেকৈ স্থাপনা হ’ল। এই ৰাজ্য স্থাপনা হোৱাতো অতি বিস্ময়কৰ। এতিয়া তোমালোক অনুভৱী হোৱা। আগতে এৱোঁ জানো জানিছিল যে তেওঁ কি আছিল, আকৌ কেনেকৈ 84 জন্ম ল’লে। এতিয়া বুজি পাইছে, তোমালোকেও কোৱা - বাবা আপুনি সেইজনেই হয়, এয়া অতিকৈ বুজিবলগীয়া কথা। এই সময়তে পিতা আহি সকলো কথা বুজায়। এই সময়ত কোনোবা যিমানেই লাখপতি, কোটিপতি নহওঁক, পিতাই কয় - এই পইচা আদি সকলো মাটিত মিলি যাব। বাকী সময়নো কিমান আছে। জগতৰ বাতৰি তোমালোকে ৰেডিঅ’ অথবা বাতৰিকাকতত পঢ়িবলৈ পোৱা - কি কি হৈ আছে। দিনে-প্ৰতিদিনে কাজিয়া বহুত বাঢ়ি গৈ আছে। সূতা আউল লাগি গৈয়ে থাকে। সকলোৱে নিজৰ মাজত হাই-কাজিয়া কৰি মৰে। এনেকুৱা প্ৰস্তুতি চলি আছে, যাৰ পৰা বুজা যায় যে যুদ্ধ আৰম্ভ হোৱাৰ পথত। জগতৰ লোকে নাজানে যে এয়া কি হৈ আছে, কি হ’বলগীয়া আছে! তোমালোকৰ মাজতো বহুত কম সংখ্যকহে আছে যিয়ে পূৰা ৰীতিৰে বুজি পায় আৰু আনন্দিত হৈ থাকে। এইখন জগতত আমি বাকী কেইটিমান দিনৰ বাবে আছোঁ। এতিয়া আমি কৰ্মাতীত অৱস্থাত যাব লাগে। প্ৰত্যেকে নিজৰ বাবে পুৰুষাৰ্থ কৰিব লাগে। তোমালোকেতো নিজৰ বাবে পুৰুষাৰ্থ কৰা। যিয়ে যিমান কৰিব সিমানে ফল পাব। নিজৰ পুৰুষাৰ্থ কৰিব লাগে আৰু আনকো পুৰুষাৰ্থ কৰাব লাগে। ৰাস্তা দেখুৱাব লাগে। এই পুৰণি সৃষ্টি এতিয়া নাশ হৈ যাব। এতিয়া নতুন সৃষ্টি স্থাপন কৰিবলৈ পিতাৰ আগমন হৈছে, গতিকে এই বিনাশৰ পূৰ্বেই তোমালোকে নতুন সৃষ্টিৰ বাবে পাঠ পঢ়ি লোৱা। ভগৱানুবাচ (ভগৱানে কয়) - মই তোমালোকক ৰাজযোগ শিকাওঁ। অতি প্ৰিয় সন্তানসকল, তোমালোকে বহুত ভক্তি কৰিছা। আধাকল্প তোমালোক ৰাৱণৰাজ্যত আছিলা নহয়। এইটোও কোনেও গম নাপায় যে ৰাম বুলি কাক কোৱা হয়? ৰামৰাজ্যৰ স্থাপনা কেনেকৈ হ’ল? এই সকলোবোৰ কথা তোমালোক ব্ৰাহ্মণসকলেহে জানা। তোমালোকৰ মাজতো কিছুমান এনেকুৱা আছে যিয়ে একোৱে নাজানে।

পিতাৰ ওচৰত সুসন্তান সেইসকল যিয়ে সকলোৰে বুদ্ধিযোগ এজন পিতাৰ লগত সংযোগ কৰে। যিসকল সেৱাধাৰী, যিয়ে যথা ৰীতিৰে পঢ়ে তেওঁলোক পিতাৰ অন্তৰ আসনত অধিষ্ঠিত হৈ থাকে। কিছুমানতো আকৌ নালায়েকো থাকে, সেৱাৰ সলনি অহিত কৰে। তেওঁলোকে আনৰ বুদ্ধিযোগ পিতাৰ পৰা আঁতৰাই দিয়ে। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ড্ৰামা অনুসৰি এয়া হ’বলগীয়াই আছে। যিয়ে পূৰা নপঢ়ে তেওঁ কি কৰিব? আনকো নষ্ট কৰি দিব সেইকাৰণে সন্তানসকলক বুজোৱা হয়, পিতাক অনুসৰণ কৰা আৰু যিসকল সেৱাধাৰী সন্তান আছে, পিতাৰ অন্তৰ আসনত অধিষ্ঠিত হৈ আছে তেওঁলোকৰ সংগ লোৱা। সুধিব পাৰা যে কাৰ সংগ লওঁ? পিতাই ততালিকে কৈ দিব, এওঁৰ সংগ বহুত ভাল। বহুত আছে যিয়ে এনেকুৱা সংগ লয় যে ওলোটা ৰং লাগি যায়। গোৱাও হয় সৎ সংগই পাৰ কৰায়, কুসংগই ডুবায়। কুসংগত পৰিলে একেবাৰে শেষ কৰি দিব। ঘৰতো দাস-দাসী লাগে। প্ৰজাকো চাকৰ আদি সকলো নালাগে জানো। এয়া গোটেই ৰাজধানী স্থাপনা হৈ আছে, এই ক্ষেত্ৰত অতি বিশাল বুদ্ধি লাগে সেইবাবে বেহদৰ পিতাক পাইছা যেতিয়া শ্ৰীমত লৈ সেই মতে চলা। নহ’লে অকাৰণতে পদ ভ্ৰষ্ট হৈ যাব। এয়া হৈছে পঢ়া। ইয়াত এতিয়া অনুত্তীৰ্ণ হ’লে জন্ম-জন্মান্তৰ, কল্প-কল্পান্তৰ অনুত্তীৰ্ণ হৈ থাকিবা। ভালকৈ পঢ়িলে তেতিয়া কল্প-কল্পান্তৰ ভালকৈ পঢ়ি থাকিবা। বুজি পোৱা যায় যে এওঁ পূৰা নপঢ়ে, তেন্তে কি পদ পাব? নিজেও বুজি পায়, মইতো একো সেৱা নকৰো। মোতকৈ বিচাৰ বুদ্ধি সম্পন্ন বহুত আছে, বিচাৰ বুদ্ধি সম্পন্নজনকহে ভাষণ দিবলৈ মাতে। তেন্তে যি বিচাৰ বুদ্ধি সম্পন্ন, উচ্চ পদো তেৱেঁই পাব। মই ইমান সেৱা নকৰোঁ গতিকে উচ্চ পদ পাব নোৱাৰিম। শিক্ষকেতো বিদ্যাৰ্থীসকলকো বুজিব পাৰে নহয়। নিতৌ পঢ়ায়, ৰেজিষ্টাৰ তেওঁৰ লগত থাকে। পঢ়া আৰু চাল-চলনৰো ৰেজিষ্টাৰ থাকে। ইয়াতো এনেকুৱা, ইয়াত আকৌ মুখ্য হৈছে যোগৰ কথা। যোগ ভাল হ’লে চাল-চলনো ভাল হ’ব। পঢ়াত আকৌ কেতিয়াবা অহংকাৰ আহি যায়। ইয়াত স্মৃতিত থকাৰ গুপ্ত পৰিশ্ৰম কৰিব লাগে সেইকাৰণে বহুতৰ অভিমত আহে যে বাবা মই যোগত থাকিব নোৱাৰোঁ। পিতাই বুজাইছে – ‘যোগ’ শব্দটি আঁতৰাই দিয়া। পিতা যাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়, তেওঁক তোমালোকে স্মৰণ কৰিব নোৱাৰা! বিস্ময়কৰ কথা। পিতাই কয় - হে আত্মাসকল, তোমালোকে মোক পিতাক স্মৰণ নকৰা, মই তোমালোকক ৰাস্তা দেখুৱাবলৈ আহিছোঁ, তোমালোকে মোক স্মৰণ কৰা তেতিয়া এই যোগ অগ্নিৰ দ্বাৰা পাপ দগ্ধ হৈ যাব। ভক্তিমাৰ্গত মনুষ্যই কিমান হাবাথুৰি খায়। কুম্ভমেলাত কিমান ঠাণ্ডা পানীত গৈ স্নান কৰে। কিমান কষ্ট সহ্য কৰে। ইয়াততো কোনো কষ্ট নাই। যিসকল অতি উত্তম সন্তান আছে তেওঁলোক এজন প্ৰেমিকৰ সঁচা প্ৰেমিকা হৈ স্মৰণ কৰি থাকিব। ঘূৰিব-ফুৰিবলৈ গ’লে তেতিয়া একান্তত বাগিচাত বহি স্মৰণ কৰিব। পৰচৰ্চা আদিৰ বাৰ্তালাপ কৰি থাকিলে বায়ুমণ্ডল দূষিত হয় সেইকাৰণে যিমান সময় পোৱা পিতাক স্মৰণ কৰাৰ অভ্যাস কৰিবা। অতি উত্তম সঁচা প্ৰেমিকৰ প্ৰেমিকা হৈ যোৱা। পিতাই কয় - দেহধাৰীৰ ফটো নাৰাখিবা। কেৱল এজন শিৱবাবাৰ ফটো ৰাখিবা, যাক স্মৰণ কৰিব লাগে। ধৰি লোৱা যদি সৃষ্টিচক্ৰকো স্মৰণ কৰি থাকা তেন্তে ত্ৰিমূৰ্তি আৰু গোলকৰ চিত্ৰ অতি উত্তম, এই চিত্ৰকেইখনত গোটেই জ্ঞান আছে। স্বদৰ্শন চক্ৰধাৰী, তোমালোকৰ নাম অৰ্থ সহিত আছে। নতুন কোনোবাই নাম শুনিলে বুজিব নোৱাৰিব, এয়া তোমালোক সন্তানসকলেহে বুজি পোৱা। তোমালোকৰ মাজতো কোনোবাই যথা ৰীতি স্মৰণ কৰে। বহুত আছে যিয়ে স্মৰণেই নকৰেই। নিজৰ সকলো নষ্ট কৰি দিয়ে। পঢ়াতো বহুত সহজ। পিতাই কয় - শান্তিৰে তোমালোক বিজ্ঞানৰ ওপৰত বিজয়ী হ’ব লাগে। শান্তি আৰু বিজ্ঞান ৰাশি একেটাই। মিলিটেৰীতো 3 মিনিট শান্তিৰ অভ্যাস কৰায়। মনুষ্যয়ো বিচাৰে যে আমাক শান্তি লাগে। এতিয়া তোমালোকে জানা যে শান্তিৰ স্থানতো হৈছেই ব্ৰহ্মাণ্ড। যি ব্ৰহ্ম মহাতত্ত্বত আমি আত্মাসকল ইমান সূক্ষ্ম বিন্দু ৰূপত থাকোঁ। সেই সকলো আত্মাৰ বৃক্ষতো অতি বিস্ময়কৰ হ’ব নহয়। মনুষ্যই কয়ো যে ভ্ৰূকুটিৰ মাজত জিলিকে আচৰিত তৰা। অতি সৰু সোণৰ তিলক সাজি তাত লগায়। আত্মাও হৈছে বিন্দু, পিতাও আহি তেওঁৰ কাষত বহে। সাধু-সন্ত আদি কোনেও নিজৰ আত্মাক নাজানে। যিহেতু আত্মাকেই নাজানে তেন্তে পৰমাত্মাক কেনেকৈ জানিব পাৰিব? কেৱল তোমালোক ব্ৰাহ্মণসকলেহে আত্মা আৰু পৰমাত্মাক জানা। আন কোনো ধৰ্মাৱলম্বীয়ে জানিব নোৱাৰে। এতিয়া তোমালোকেহে জানা, কেনেকৈ ইমান সূক্ষ্ম আত্মাই গোটেই ভূমিকা পালন কৰে। সৎসংগতো বহুত কৰে। একোৱেই বুজি নাপায়। এৱোঁ বহুত গুৰুৰ শৰণাগত হৈছিল। এতিয়া পিতাই কয় - এই সকলোবোৰ হৈছে ভক্তিমাৰ্গৰ গুৰু। জ্ঞানমাৰ্গৰ গুৰু এজনেই। দ্বৈত মুকুটধাৰী ৰজাসকলৰ আগত একক মুকুটধাৰী ৰজাসকলে মূৰ দোৱায়, নমস্কাৰ জনায় কিয়নো তেওঁলোক পৱিত্ৰ। সেই পৱিত্ৰ ৰজাসকলৰে মন্দিৰ সজোৱা আছে। পতিত গৈ তেওঁলোকৰ আগত মূৰ দোৱায় কিন্তু তেওঁলোকে জানো এইটো জানে যে এওঁলোক কোন, আমি কিয় মূৰ দোৱাওঁ? সোমনাথৰ মন্দিৰ নিৰ্মাণ কৰিলে, এতিয়া পূজাতো কৰে কিন্তু বিন্দুৰ পূজা কেনেকৈ কৰিব? বিন্দুৰ মন্দিৰ কেনেকৈ নিৰ্মাণ কৰিব? এয়া হৈছে অতি গূঢ় কথা। ‘গীতা’ আদিত জানো এইবোৰ কথা আছে। যি নিজেই মালিক তেৱেঁই বুজায়। এতিয়া তোমালোকে জানা যে কেনেকৈ ইমান সূক্ষ্ম আত্মাত ভূমিকা নিহিত হৈ আছে। আত্মাও অবিনাশী, ভূমিকাও অবিনাশী। বিস্ময়কৰ নহয় জানো। এয়া সকলো পূৰ্ব নিৰ্ধাৰিত খেল। কোৱাও হয় যে যি পূৰ্বে ৰচি থোৱা আছে সেয়াই ৰচি আছে…. ড্ৰামাত যি নিৰ্ধাৰিত হৈ আছে, সেয়াতো নিশ্চয় হ’ব। চিন্তা কৰাৰ কথা নাই।

তোমালোক সন্তানসকলে এতিয়া নিজে নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে যে যিয়েই নহওঁক – চকুলো ওলাবলৈ নিদিও। অমুক মৰি গ’ল, আত্মা গৈ অন্য শৰীৰত প্ৰৱেশ কৰিলে, তেন্তে কন্দাৰ কি দৰকাৰ? ঘূৰিতো আহিব নোৱাৰে। চকুলো ওলাল - অনুত্তীৰ্ণ হৈ গ’লা, সেইবাবে বাবাই কয় - প্ৰতিজ্ঞা কৰা যে মই কেতিয়াও নাকান্দোঁ। চিন্তা আছিল ব্ৰহ্মৰ সিপাৰে থকা পিতাৰ, তেওঁক পাই গ’লোঁ বাকী কি লাগে। পিতাই কয় - তোমালোকে মোক পিতাক স্মৰণ কৰা। মই এবাৰে আহোঁ – এই ৰাজধানী স্থাপনা কৰিবলৈ। ইয়াত যুদ্ধ আদিৰ কোনো কথা নাই। ‘গীতা’ত দেখুৱাইছে যুদ্ধ লাগিল, কেৱল পাণ্ডৱ ৰক্ষা পৰিল। তেওঁলোকে এটা কুকুৰ লগত লৈ পাহাৰত গলি গ’ল। বিজয়ী হ’ল আৰু মৰি গ’ল। ইয়াৰ কোনো অৰ্থই নাথাকে। এই সকলোবোৰ হৈছে মনে সজা কথা। ইয়াক কোৱা হয় ভক্তিমাৰ্গ।

পিতাই কয় যে তোমালোক সন্তানসকলৰ ইয়াৰ প্ৰতি বৈৰাগ্য জন্মা উচিত। পুৰণি বস্তুৰ প্ৰতি ঘৃণা নজন্মে জানো। ‘ঘৃণা’ শব্দটি ৰুক্ষ। ‘বৈৰাগ্য’ শব্দটি মিঠা। যেতিয়া জ্ঞান পোৱা যায় তেতিয়া ভক্তিৰ প্ৰতি বৈৰাগ্য জন্মে। সত্যযুগ ত্ৰেতাততো আকৌ জ্ঞানৰ প্ৰালব্ধ 21 জন্মৰ বাবে প্ৰাপ্ত হৈ যায়। তাত জ্ঞানৰ দৰকাৰ নাথাকে। আকৌ যেতিয়া তোমালোক বাম (বিকাৰী) মাৰ্গত যোৱা তেতিয়া ছিৰি নামি যোৱা। এতিয়া হৈছে অন্ত। পিতাই কয় - এতিয়া এই পুৰণি জগতখনৰ পৰা তোমালোক সন্তানসকলৰ বৈৰাগ্য জন্মিব। তোমালোক এতিয়া শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা আকৌ ব্ৰাহ্মণৰ পৰা দেৱতা হ’বা। অন্য মনুষ্যই এই কথাবোৰৰ পৰা কি জানিব। যদিও বিৰাট ৰূপৰ চিত্ৰ অংকন কৰে কিন্তু তাত টিকনিও (ব্ৰাহ্মণো) নাই আৰু শিৱও নাই। এনেকৈ কৈ দিয়ে যে দেৱতা, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। কেৱল শূদ্ৰৰ পৰা দেৱতা কেনেকৈ কোনে কৰি তোলে, এয়া একো নাজানে। পিতাই কয় - তোমালোক দেৱী-দেৱতাসকল কিমান চহকী আছিলা এতিয়া সেই সকলো ধন ক’ত গ’ল! মূৰ দোৱাই দোৱাই, কপাল ঘঁহি ঘঁহি ধন হেৰুৱাই পেলালা। কালিৰ কথা নহয় জানো। তোমালোকক এনেকৈ গঢ়ি থৈ গ’লোঁ আকৌ তোমালোক কি হৈ গ’লা! ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পৰচিন্তনৰ বাৰ্তালাপৰ দ্বাৰা বাতাবৰণ নষ্ট কৰিব নালাগে। একান্তত বহি সঁচা প্ৰেমিকা হৈ নিজৰ প্ৰেমিকক স্মৰণ কৰিব লাগে।

(2) নিজে নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে যে মই কেতিয়াও নাকান্দোঁ। চকুলো ওলাবলৈ নিদিওঁ। যি সেৱাধাৰী, পিতাৰ অন্তৰত অধিষ্ঠিত হৈ আছে তেওঁৰহে সংগ ল’ব লাগে। নিজৰ ৰেজিষ্টাৰ বহুত ভালকৈ ৰাখিব লাগে।

বৰদান:
শক্তিশালী বৃত্তিৰে মনৰ সেৱা কৰোঁতা বিশ্ব কল্যাণকাৰী হোৱা

বিশ্বৰ ধৰফৰাই থকা আত্মাসকলক মাৰ্গ-দৰ্শন কৰিবলৈ সাক্ষাৎ পিতাৰ সমান ‘লাইট-হাউচ’, ‘মাইট-হাউচ’ হোৱা। লক্ষ্য ৰাখা যে প্ৰত্যেক আত্মাক কিবা নহয় কিবা দিব লাগে। লাগিলে মুক্তি দিয়া বা জীৱনমুক্তি দিয়া। সকলোৰে প্ৰতি মহাদানী আৰু বৰদানী হোৱা। এতিয়া নিজৰ নিজৰ স্থানৰ সেৱাতো কৰা কিন্তু একেটা স্থানত থাকি মনৰ শক্তিৰে বায়ুমণ্ডল, প্ৰকম্পনৰ দ্বাৰা বিশ্বৰ সেৱা কৰা। এনেকুৱা শক্তিশালী বৃত্তি গঢ়ি তোলা যাৰ দ্বাৰা বায়ুমণ্ডল গঢ়ি উঠে – তেতিয়া বিশ্ব কল্যাণকাৰী আত্মা বুলি কোৱা হ’ব।

স্লোগান:
অশৰীৰীবোধৰ ব্যায়াম আৰু ব্যৰ্থ সংকল্প ৰূপী ভোজনৰ সংযমেৰে নিজক স্বাস্থ্যৱান কৰি তোলা।


সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

এতিয়া নিজৰ ভাষণৰ ৰূপৰেখা নতুন কৰা। বিশ্ব শান্তিৰ ভাষণতো বহুত দিলা কিন্তু আধ্যাত্মিক জ্ঞান আৰু শক্তি কি আৰু ইয়াৰ উৎস কোন! এইটো সত্যতা সভ্যতাপূৰ্বক সিদ্ধ কৰা, সকলোৱে যাতে বুজি পায় যে এয়া ভগৱানৰ কাৰ্য চলি আছে। মাতাসকলে বহুত ভাল কাৰ্য কৰি আছে – সময় অনুসৰি এই ধৰণীও সাজু কৰিবলগীয়া হ’ল কিন্তু যেনেকৈ পিতাকে সন্তানক প্ৰত্যক্ষ কৰে তেনেকৈ সন্তানে পিতাকক প্ৰত্যক্ষ কৰক তেতিয়া প্ৰত্যক্ষতাৰ পতাকা উৰিব।