28.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
এতিয়া ড্ৰামাৰ চক্ৰ পূৰা হয়, তোমালোক প্ৰীতিকৰ হৈ নতুন সৃষ্টিলৈ আহিব লাগে, তাত সকলো
মিলা-প্ৰীতিৰে থাকে, ইয়াত হৈছে অপ্ৰীতিকৰ”
প্ৰশ্ন:
তোমালোক
ত্ৰিনেত্ৰী সন্তানসকলে কোনটো জ্ঞান লাভ কৰি ত্ৰিকালদৰ্শী হৈ গৈছা?
উত্তৰ:
তোমালোকে এতিয়া গোটেই বিশ্বৰ বুৰঞ্জী-ভূগোলৰ জ্ঞান পাইছা, সত্যযুগৰ পৰা ধৰি কলিযুগৰ
অন্তলৈকে বুৰঞ্জী-ভূগোল তোমালোকে জানা। তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পালা যে আত্মাই
এটা শৰীৰ এৰি আন এটা লয়। সংস্কাৰ আত্মাত আছে। এতিয়া পিতাই কয় - সন্তানসকল, নাম-ৰূপৰ
পৰা উৰ্দ্ধত থাকা। নিজক অশৰীৰী আত্মা বুলি বুজা।
গীত:
ধীৰজ ধৰ মনুৱা.......
(ধৈৰ্য্য ধৰা হে মন…….)
ওঁম্শান্তি।
কল্পই কল্পই
সন্তানসকলক কোৱা হয় আৰু সন্তানসকলে জানে, অন্তৰে বিচাৰে যে সোনকালে সত্যযুগ হৈ
যাওঁক তেতিয়া এই দুখৰ পৰা মুক্ত হৈ যাব। কিন্তু ড্ৰামা বহুত ধীৰগতিৰে চলে। পিতাই
ধৈৰ্য ধৰিবলৈ কয় যে বাকী কেইটিমান দিন আছে। ডাঙৰ ব্যক্তিসকলৰ দ্বাৰাও আৱাজ শুনি
থাকিবা যে সৃষ্টি সলনি হ'ব। পোপৰ দৰে যিসকল ডাঙৰ ডাঙৰ ব্যক্তি আছে তেওঁলোকেও কয় যে
সৃষ্টি সলনি হ'ব। বাৰু, পুনৰ শান্তি কেনেকৈ হ'ব? এই সময়ত সকলো অপ্ৰীতিকৰ। এতিয়া আমি
প্ৰীতিকৰ হৈ আছোঁ। সেইফালে দিনে-প্ৰতিদিনে অপ্ৰীতিকৰ হৈ গৈ থাকে। নিজৰ মাজতে
কাজিয়া-পেচাল লাগি শেষ হৈ যাব, প্ৰস্তুতি চলি আছে। এই ড্ৰামাৰ চক্ৰ এতিয়া পূৰা হ'ব।
পুৰণি সৃষ্টি পূৰা হ'ব। নতুন সৃষ্টি স্থাপনা হৈ আছে। নতুন সৃষ্টিয়েই পুৰণি হয়,
পুৰণিৰ পৰা আকৌ নতুন হ'ব। ইয়াক সৃষ্টি চক্ৰ বুলি কোৱা হয় যি ঘূৰিয়েই থাকে। এনেকুৱা
নহয় যে লাখ লাখ বছৰৰ পাছত পুৰণি সৃষ্টি নতুন হ'ব। নহয়। তোমালোক সন্তানসকলে ভালদৰে
জানি গৈছা, ভক্তি একেবাৰেই ভিন্ন। ভক্তিৰ সম্পৰ্ক ৰাৱণৰ লগত। জ্ঞানৰ সম্পৰ্ক ৰামৰ
লগত। এয়া তোমালোকে এতিয়া বুজি আছা। এতিয়া পিতাক আহ্বানো জনায় - হে পতিত-পাৱন আহক,
আহি নতুন সৃষ্টি স্থাপনা কৰক। নতুন সৃষ্টিত নিশ্চয় সুখ হয়। এতিয়া সৰু বা ডাঙৰ সকলো
সন্তানে জানি গৈছে যে এতিয়া ঘৰলৈ যাব লাগে। এই নাটক পূৰা হ'ল। আমি পুনৰ সত্যযুগলৈ
যাম আকৌ 84 জন্মৰ চক্ৰ পৰিক্ৰমা লগাব লাগিব। নিজৰ অৰ্থাৎ আত্মাৰ সৃষ্টি চক্ৰৰ দৰ্শন
হয় অৰ্থাৎ আত্মাই জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰাপ্ত কৰে, তাকে ত্ৰিনেত্ৰী বুলি কোৱা হয়।
এতিয়া তোমালোক হৈছা ত্ৰিনেত্ৰী বাকী সকলো মনুষ্যৰ এই স্থূল নেত্ৰ আছে। জ্ঞানৰ নেত্ৰ
কাৰোৰেই নাই। ত্ৰিনেত্ৰী হ’লা সেইবাবে ত্ৰিকালদৰ্শী হ'লা কিয়নো আত্মাই জ্ঞান
প্ৰাপ্ত কৰে নহয়। আত্মাইহে এটা শৰীৰ এৰি আন এটা লয়। সংস্কাৰ আত্মাত থাকে। আত্মা
অবিনাশী। এতিয়া পিতাই কয় - নাম-ৰূপৰ পৰা উৰ্দ্ধত থাকা। নিজক অশৰীৰী বুলি বুজিবা।
দেহ বুলি নুবুজিবা। এইটোও জানা যে আমি আধাকল্পৰ পৰা পৰমাত্মাক স্মৰণ কৰি আহিছোঁ।
ইয়াত যেতিয়া অতি বেছি দুখ হয় তেতিয়া বেছিকৈ স্মৰণ কৰে, এতিয়া কিমান দুখ। আগতে ইমান
দুখ নাছিল। যেতিয়াৰ পৰা বাহিৰৰ লোকসকল আহিল তেতিয়াৰ পৰা এই ৰজাসকলেও পৰস্পৰ যুঁজ
কৰিবলৈ ধৰিলে। পৃথক পৃথক হৈ গ’ল। সত্যযুগততো এখনেই ৰাজ্য আছিল।
এতিয়া আমি সত্যযুগৰ
পৰা ধৰি কলিযুগৰ অন্তলৈকে বুৰঞ্জী-ভূগোল বুজি আছোঁ। সত্যযুগ-ত্ৰেতাত এখনেই ৰাজ্য
আছিল। এনেকুৱা এটাই ৰাজবংশ কাৰো নাথাকে। খ্ৰীষ্টানসকলৰ মাজতো চোৱা বিভেদ আছে, তাততো
গোটেই বিশ্ব এজনৰ হাততে থাকে। সেয়া কেৱল সত্যযুগ-ত্ৰেতাতহে হয়। এই বেহদৰ
বুৰঞ্জী-ভূগোল এতিয়া তোমালোকৰ বুদ্ধিত আছে। আৰু কোনো সৎসঙ্গত বুৰঞ্জী-ভূগোল শব্দবোৰ
শুনিব নোপোৱা। তাততো ৰামায়ণ, মহাভাৰত আদিহে শুনে। ইয়াত সেইবোৰ কথা নাই। ইয়াত হৈছে
বিশ্বৰ বুৰঞ্জী-ভূগোল। তোমালোকৰ বুদ্ধিত আছে যে উচ্চতকৈও উচ্চ হৈছে আমাৰ পিতা।
পিতাক ধন্যবাদ যিয়ে গোটেই জ্ঞান শুনাইছে। এজোপা আত্মাৰ বৃক্ষ আছে, দ্বিতীয়তে হৈছে
মনুষ্যৰ বৃক্ষ। মনুষ্যৰ বৃক্ষৰ ওপৰত কোন আছে? “গ্ৰেট্ গ্ৰেট্ গ্ৰেণ্ড ফাদাৰ” বুলি
ব্ৰহ্মাকহে কোৱা হ’ব। এইটো জানে যে ব্ৰহ্মা মুখ্য কিন্তু ব্ৰহ্মাৰ পাছত কি
বুৰঞ্জী-ভূগোল আছে, সেয়া কোনেও নাজানে। এতিয়া তোমালোকৰ বুদ্ধিত আছে - উচ্চতকৈও উচ্চ
পিতা থাকেও পৰমধামত। আকৌ সূক্ষ্মলোকৰ বিষয়েও তোমালোকে জানা। মনুষ্যহে ফৰিস্তা হয়,
সেইবাবে সূক্ষ্মলোক দেখুৱাইছে। তোমালোক আত্মাসকল যোৱা, শৰীৰতো সূক্ষ্মলোকলৈ নাযাব।
কেনেকৈ যায়, তাক কোৱা হয় তৃতীয় নেত্ৰ, দিব্য-দৃষ্টি অথবা ধ্যান বুলিও কয়। তোমালোকে
ধ্যানত ব্ৰহ্মা-বিষ্ণু-শংকৰক দেখা পোৱা। জগতৰ লোকে দেখুৱায় - শঙ্কৰে চকু মেলিলে
বিনাশ হৈ যায়। এতিয়া ইয়াৰ পৰাতো কোনেও বুজিব নোৱাৰে। এতিয়া তোমালোকে জানা বিনাশতো
ড্ৰামা অনুসৰি হ'বই। নিজৰ মাজতে যুঁজি বিনাশ হৈ যাব। বাকী শঙ্কৰে কি কৰে! এয়া ড্ৰামা
অনুসৰি নাম ৰাখি দিছে। গতিকে বুজাবলগীয়া হয়। ব্ৰহ্মা-বিষ্ণু-শংকৰ তিনিজন আছে।
স্থাপনাৰ কাৰণে ব্ৰহ্মাক ৰাখিছে, প্ৰতিপালনৰ কাৰণে বিষ্ণুক, বিনাশৰ কাৰণে শংকৰক ৰাখি
দিছে। বাস্তৱত এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। শঙ্কৰৰ ভূমিকা একোৱেই নাই। ব্ৰহ্মা আৰু
বিষ্ণুৰ ভূমিকাতো গোটেই কল্পতে আছে। ব্ৰহ্মাই বিষ্ণু হয়, বিষ্ণুৱেই ব্ৰহ্মা হয়।
ব্ৰহ্মাৰ 84 জন্ম সম্পূৰ্ণ হ'ল গতিকে বিষ্ণুৰো সম্পূৰ্ণ হ'ল। শঙ্কৰতো জন্ম-মৃত্যুৰ
পৰা উৰ্দ্ধত সেইবাবে শিৱ আৰু শংকৰক আকৌ মিলাই দিলে। বাস্তৱত শিৱৰতো বহুত ভূমিকা আছে,
তেওঁ পঢ়ায়।
ভগৱানক জ্ঞানৱান বুলি
কোৱা হয়। যদি তেওঁ প্ৰেৰণাৰ দ্বাৰা কাৰ্য কৰায় তেন্তে সৃষ্টি চক্ৰৰ জ্ঞান কেনেকৈ
দিব! সেইবাবে পিতাই বুজায় - সন্তানসকল, প্ৰেৰণাৰ কোনো কথা নাই। পিতাতো আহিবলগীয়া হয়।
পিতাই কয় – সন্তানসকল, মোৰ সৃষ্টিৰ চক্ৰৰ জ্ঞান আছে। মই এইটো ভূমিকা পাইছোঁ সেইবাবে
মোকেই জ্ঞান সাগৰ জ্ঞানৱান বুলি কয়। জ্ঞান কাক কোৱা হয়, সেয়াতো যেতিয়া পাব তেতিয়াহে
গম পাব। পোৱাই নাই তেন্তে অৰ্থ কেনেকৈ গম পাব। আগতে তোমালোকেও কৈছিলা - ঈশ্বৰে
প্ৰেৰণা দিয়ে। তেওঁ সকলো জানে। আমি যি পাপ কৰোঁ, ঈশ্বৰে সেয়া দেখে। বাবাই কয় - এইটো
বেপাৰ মই নকৰোঁ। এয়াতো যেনেকুৱা কৰ্ম কৰে তাৰ শাস্তি নিজেই ভোগ কৰে, মই কাকো নিদিওঁ।
কোনো প্ৰেৰণাৰে দণ্ড নিদিওঁ। যদি মই প্ৰেৰণাৰে কৰোঁ তেন্তে সেয়া যেন ময়েই শাস্তি
দিলোঁ। কাৰোবাক এনেকৈ কোৱাতো যে এওঁক মাৰা, এয়াও দোষ হয়। কওঁতাজনো ভুক্তভোগী হৈ যাব।
শঙ্কৰে প্ৰেৰণা দিলে তেৱোঁ ভুক্তভোগী হৈ যাব। পিতাই কয় - মইতো তোমালোক সন্তানসকলক
সুখ দিওঁতা হওঁ। তোমালোকে মোৰ মহিমা কৰা - বাবা আহি দুখ দূৰ কৰক। মই জানো দুখ দিওঁ!
এতিয়া তোমালোক
সন্তানসকল পিতাৰ সন্মুখত বহি আছা গতিকে কিমান আনন্দিত হ'ব লাগে! ইয়াত পোনপটীয়াকৈ
অনুভূতি হয়। বাবাই আমাক পঢ়ায়। ইয়াক মেলা বুলি কোৱা হয়। সেৱাকেন্দ্ৰলৈ তোমালোক যোৱা
তাত কোনো আত্মা আৰু পৰমাত্মাৰ মেলা বুলি কোৱা নহ'ব। আত্মা আৰু পৰমাত্মাৰ মেলা ইয়াত
হয়। এইটোও তোমালোকে জানা মেলা চলি আছে। পিতা সন্তানসকলৰ মাজলৈ আহিছে। সকলো আত্মা
ইয়াত আছে। আত্মাইহে স্মৰণ কৰে যে পিতা আহক। এয়া সকলোতকৈ শ্ৰেষ্ঠ মেলা। পিতা আহি সকলো
আত্মাকে ৰাৱণৰাজ্যৰ পৰা মুক্ত কৰি দিয়ে। এই মেলা শ্ৰেষ্ঠ নহ'ল জানো, যাৰ দ্বাৰা
মনুষ্য পাৰস (পৱিত্ৰ) বুদ্ধিৰ হৈ যায়। সেই মেলাবোৰততো মনুষ্য মলিয়ন হৈ যায়। পইচা
অপচয় কৰি থাকে, প্ৰাপ্তি একো নহয়। তাক মায়াবী, আসুৰিক মেলা বুলি কোৱা হ’ব। এয়া হৈছে
ঈশ্বৰীয় মেলা। ৰাতি-দিনৰ পাৰ্থক্য আছে। তোমালোকো আসুৰিক মেলাত আছিলা। এতিয়া ঈশ্বৰীয়
মেলাত আছা। তোমালোকেহে জানা যে বাবা আহিছে। যদি সকলো জ্ঞাত হৈ যায় ক’ব নোৱাৰি কিমান
ভিৰ হৈ যাব। থাকিবৰ কাৰণে ইমান ঘৰ আদি ক'ৰ পৰা আনিম! অন্তিমত গায় নহয় - অ' প্ৰভু
তোমাৰ লীলা। কি লীলা? সৃষ্টি পৰিৱৰ্তন কৰাৰ লীলা। এয়া হৈছে সকলোতকৈ শ্ৰেষ্ঠ লীলা।
পুৰণি সৃষ্টি নাশ হোৱাৰ আগতে নতুন সৃষ্টি স্থাপনা হয় সেইবাবে সদায় যাকেই নুবুজোৱা
প্ৰথমে স্থাপনা, বিনাশ তাৰ পাছত প্ৰতিপালন বুলি ক'ব লাগে। যেতিয়া স্থাপনা পূৰা হয়
তেতিয়া বিনাশ আৰম্ভ হয়, তাৰ পাছত প্ৰতিপালন হ'ব। গতিকে তোমালোক সন্তানসকলৰ এইটো
আনন্দ থাকে - আমি স্বদৰ্শন চক্ৰধাৰী ব্ৰাহ্মণ। পুনৰ আমি চক্ৰৱৰ্তী ৰজা হওঁগৈ। এইটো
কোনেও নাজানে, এই দেৱতাসকলৰ ৰাজ্য ক’লৈ গ'ল। নাম-চিহ্ন লুপ্ত হৈ গ'ল। ‘দেৱতা’ৰ সলনি
নিজকে হিন্দু বুলি কৈ দিয়ে। হিন্দুস্তানত থকাসকল হিন্দু। লক্ষ্মী-নাৰায়ণকতো এনেকৈ
কেতিয়াও কোৱা নহ’ব। তেওঁলোককতো দেৱতা বুলি কোৱা হয়। গতিকে এতিয়া এই মেলালৈ ড্ৰামা
অনুসৰি তোমালোক আহিছা। এয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। লাহে লাহে বৃদ্ধি হৈ গৈ থাকিব।
তোমালোকৰ যিবোৰ ভূমিকা চলি আছে পুনৰ কল্পৰ পাছত চলিব। এই চক্ৰ ঘূৰি থাকে। পুনৰ
ৰাৱণৰাজ্যত আসুৰিক প্ৰতিপালন হ'ব। তোমালোক এতিয়া ঈশ্বৰীয় সন্তান হোৱা তাৰ পাছত দৈৱী
সন্তান তাৰ পাছত ক্ষত্ৰিয় হ'বাগৈ। তোমালোক যিসকল অপৱিত্ৰ প্ৰবৃত্তিৰ হৈ গৈছিলা
তোমালোকেই আকৌ পৱিত্র প্ৰবৃত্তিৰ হৈ যোৱা। হওঁতে এওঁলোকো (লক্ষ্মী-নাৰায়ণ) দৈৱী
গুণধাৰী মনুষ্য হয় নহয়। বাকী ইমান বাহু আদি দি দিছে, বিষ্ণু কোন, এইটো কোনেও ক'ব
নোৱাৰে। মহালক্ষ্মীৰো পূজা কৰে। জগত অম্বাৰ পৰা কেতিয়াও ধন নিবিচাৰে। ধন বেছিকৈ পালে
তেতিয়া ক'ব লক্ষ্মীৰ পূজা কৰিছিলোঁ সেইবাবে তেওঁ ভঁৰাল ভৰপূৰ কৰি দিলে। ইয়াততো
তোমালোকে জগত অম্বাৰ পৰা প্ৰাপ্ত কৰি আছা পৰমপিতা পৰমাত্মা শিৱৰ দ্বাৰা, দিওঁতা তেওঁ
হয়। তোমালোক সন্তানসকল বাপদাদাতকৈও ভাগ্যৱান। চোৱা, জগদম্বাৰ কিমান মেলা হয়,
ব্ৰহ্মাৰ ইমান নহয়। ব্ৰহ্মাকতো এঠাইতে বহুৱাই দিলে, আজমেৰত ডাঙৰ মন্দিৰ আছে।
দেৱীসকলৰ মন্দিৰ বহুত আছে কিয়নো এই সময়ত তোমালোকৰ বহুত মহিমা হয়। তোমালোকে ভাৰতৰ
সেৱা কৰা। পূজাও তোমালোকৰ বেছিকৈ কৰে। তোমালোক ভাগ্যৱান। জগত অম্বাৰ কাৰণে এনেকৈ
কেতিয়াও নক'ব যে তেওঁ সৰ্বব্যাপী। তোমালোকৰ মহিমা হৈ থাকে। ব্ৰহ্মা, বিষ্ণু, শঙ্কৰকো
সৰ্বব্যাপী বুলি নকয়, মোক কৈ দিয়ে কণ কণত আছে, কিমান গ্লানি কৰে।
মই তোমালোকৰ মহিমা
কিমান বঢ়াওঁ। “ভাৰত মাতাৰ জয়” বুলি কয় নহয়। ভাৰত মাতাতো তোমালোক হোৱা নহয়। ধৰণী নহয়।
ধৰণী আদি যি এতিয়া তমোপ্ৰধান হৈ গ’ল, সত্যযুগত সতোপ্ৰধান হৈ যায় সেইবাবে কয় -
দেৱতাসকলে পতিত সৃষ্টিত পদাৰ্পণ নকৰে। যেতিয়া ধৰণী সতোপ্ৰধান হৈ যায় তেতিয়া আহে।
এতিয়া তোমালোক সতোপ্ৰধান হ'ব লাগে। শ্ৰীমতত চলি পিতাক স্মৰণ কৰি থাকিলে তেতিয়া
উচ্চপদ প্ৰাপ্ত কৰিবা। এইটো খেয়াল ৰাখিব লাগে। স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব।
শ্ৰীমত পাই থাকা। সত্যযুগততো তোমালোক আত্মা পৱিত্ৰ কাঞ্চন হৈ যোৱা সেয়েহে শৰীৰো
কাঞ্চন পোৱা। সোণত খাদ পৰিলে তেতিয়া গহনাও তেনেকুৱাই তৈয়াৰ হয়। আত্মা মিছা গতিকে
শৰীৰো মিছা। খাদ পৰা বাবে সোণৰ মূল্যও কম হৈ যায়। তোমালোকৰ এতিয়া একোৱে মূল্য নাই।
প্ৰথমে তোমালোক বিশ্বৰ মালিক 24 কেৰেট আছিলা। এতিয়া 9 কেৰেট বুলি কোৱা হ’ব। এয়া
পিতাই সন্তানসকলৰ লগত বাৰ্তালাপ কৰে। সন্তানসকলক বহি বিনোদন কৰায়, যিবোৰ শুনি শুনি
তোমালোক পৰিৱৰ্তন হৈ যোৱা। মনুষ্যৰ পৰা দেৱতা হৈ যোৱা। তাত হীৰা-মুকুতাৰ মহল হ'ব,
স্বৰ্গ হয় তেন্তে আৰু কি! তাৰ সুবিৰস (আমৰ ৰস) আদিও তোমালোকে পান কৰি আহাগৈ। তাৰ
ফলেই ইমান ডাঙৰ ডাঙৰ হয়। ইয়াততো পাব নোৱাৰি। সূক্ষ্মলোকততো একো নাই। এতিয়া তোমালোক
প্ৰেক্টিকেলত (বাস্তৱত) যোৱা। এয়া হৈছে আত্মা আৰু পৰমাত্মাৰ মেলা, ইয়াৰ দ্বাৰা
তোমালোক উজ্জ্বল হৈ যোৱা।
তোমালোক সন্তানসকল
যেতিয়া ইয়ালৈ আহা তেতিয়া মুক্ত হৈ যোৱা, ঘৰ-সংসাৰ, পেছাগত কাম-কাজ আদিৰ কোনো চিন্তা
নাই। গতিকে ইয়াত তোমালোকে স্মৃতিৰ যাত্ৰাত থকাৰ ভাল সুযোগ পোৱা। তাততো ঘৰৰ কথা আদি
স্মৃতিলৈ আহি থাকিব। ইয়াততো একো নাই। ৰাতি দুই বজাত উঠি ইয়াত বহি যোৱা।
সেৱাকেন্দ্ৰলৈতো ৰাতি তোমালোক যাব নোৱাৰা। ইয়াততো সহজ। শিৱবাবাৰ স্মৃতিত আহি বহিবা,
আৰু কোনো যাতে স্মৃতিলৈ নাহে। ইয়াত তোমালোকে সহযোগো পাবা। ৰাতি সোনকালে শুই যোৱা
পুনৰ পুৱা উঠিবা। 3ৰ পৰা 5 বজালৈকে আহি বহিবা। বাবাও আহি যাব, সন্তানসকল আনন্দিত
হ’ব। বাবা হৈছে ‘যোগ’ শিকাওঁতা। এৱোঁ (ব্ৰহ্মাও) শিকোঁতা হয় গতিকে দুয়োজন ‘পিতা আৰু
দাদা’ আহি যাব তেতিয়া ইয়াত আৰু তাত যোগত বহাৰ পাৰ্থক্যও গম পাবা। ইয়াত একোৱেই
স্মৃতিলৈ নাহিব, ইয়াত লাভ বহুত। বাবাই ৰায় দিয়ে – এনেকৈ কৰিলে বহুত ভাল হ'ব পাৰে।
এতিয়া দেখা যাওঁক সন্তানসকল উঠিব পাৰে নে নোৱাৰে? বহুতৰে পুৱা উঠাৰ অভ্যাস আছে।
তোমালোকৰ সন্ন্যাস হৈছে 5 বিকাৰৰ আৰু বৈৰাগ্য হৈছে গোটেই পুৰণি সৃষ্টিৰ প্ৰতি। ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া
সৃষ্টি পৰিৱৰ্তনৰ লীলা চলি আছে সেয়েহে নিজক পৰিৱৰ্তন কৰিব লাগে। মিলা-প্ৰীতিৰে
থাকিব লাগে।
(2) পুৱাতে উঠি এজন
পিতাৰ স্মৃতিত বহিব লাগে, সেই সময়ত যাতে অন্য কোনো স্মৃতিলৈ নাহে। পুৰণি সৃষ্টিৰ পৰা
বেহদৰ বৈৰাগী হৈ 5 বিকাৰৰ সন্ন্যাস কৰিব লাগে।
বৰদান:
বেহদৰ স্থিতিত
থাকি, সেৱাৰ আকৰ্ষণৰ পৰা উৰ্দ্ধত আৰু স্নেহী বিশ্ব সেৱাধাৰী হোৱা
বিশ্ব সেৱাধাৰী অৰ্থাৎ
বেহদৰ স্থিতিত স্থিৰ হৈ থাকোঁতা। এনেকুৱা সেৱাধাৰী সেৱা কৰিও অনাসক্ত আৰু সদায়
পিতাৰ স্নেহী হৈ থাকে। সেৱাৰ আকৰ্ষণত নাহে কিয়নো সেৱাৰ আকৰ্ষণো সোণৰ শিকলিৰ দৰে। এই
বন্ধনে বেহদৰ পৰা হদত লৈ আনে। সেই কাৰণে দেহৰ স্মৃতিৰ পৰা, ঈশ্বৰীয় সম্বন্ধৰ পৰা,
সেৱাৰ সাধনসমূহৰ আকৰ্ষণৰ পৰা উৰ্দ্ধত আৰু পিতাৰ স্নেহী হোৱা তেতিয়া বিশ্ব সেৱাধাৰীৰ
বৰদান প্ৰাপ্ত হৈ যাব আৰু সদায় সফলতা প্ৰাপ্ত হৈ থাকিব।
স্লোগান:
ব্যৰ্থ সকল্প এক চেকেণ্ডত ৰোধ কৰাৰ অভ্যাস কৰা তেতিয়া শক্তিশালী হৈ যাবা।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
তোমালোক সকলোৰে প্ৰথম
প্ৰবৃত্তি হৈছে নিজৰ দেহৰ প্ৰবৃত্তি, তাৰ পাছত দেহৰ সম্বন্ধৰ প্ৰবৃত্তি। সেয়েহে
প্ৰথম প্ৰবৃত্তি - দেহৰ প্ৰতিটো কৰ্মেন্দ্ৰিয় পৱিত্ৰ কৰি তুলিব লাগে। যেতিয়ালৈকে
দেহৰ প্ৰবৃত্তিক পৱিত্ৰ নকৰা তেতিয়ালৈকে দেহৰ সম্বন্ধৰ প্ৰবৃত্তি হদৰে হওঁক বা
বেহদৰে হওঁক, তাকো পৱিত্ৰ কৰিব নোৱাৰিবা। সেয়েহে প্ৰথমে নিজক সোধা যে নিজৰ শৰীৰ ৰূপী
ঘৰখনক অৰ্থাৎ সংকল্পক, বুদ্ধিক, নয়নক আৰু মুখক আত্মিক অৰ্থাৎ পৱিত্ৰ কৰিছানে?
এনেকুৱা পৱিত্ৰ আত্মাসকলেই মহান।