28.06.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – অন্তৰ্মুখী হোৱা অৰ্থাৎ মৌন হৈ থাকা, মুখেৰে একোৱেই নক’বা, প্ৰতিটো কাৰ্য শান্তিৰে কৰিবা, কেতিয়াও অশান্তি বিয়পাবাই নিদিবা”

প্ৰশ্ন:
তোমালোক সন্তানসকলক কঙাল কৰি তোলোঁতা আটাইতকৈ ডাঙৰ শত্ৰু কোন?

উত্তৰ:
ক্ৰোধ। কোৱা হয় যে য’ত ক্ৰোধ আছে ত’ত পানীৰ কলহো শুকাই যায়। ভাৰতৰ কলহ যি হীৰা-মুকুতাৰে ভৰপূৰ আছিল সেয়া এই ভূতৰ কাৰণে খালী হৈ গৈছে। এই ভূতেবোৰেই তোমালোকক কঙাল কৰি দিছে। ক্ৰোধী মনুষ্য নিজেও জ্বলে আৰু আনকো জ্বলায় সেয়েহে এতিয়া অন্তৰ্মুখী হৈ এই ভূতবোৰ দূৰ কৰা।

ওঁম্শান্তি।
পিতাই সন্তানসকলক বুজায় - মৰমৰ সন্তানসকল, অন্তৰ্মুখী হোৱা। অন্তৰ্মুখী অৰ্থাৎ একোৱেই নক’বা। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এয়া পিতাই সন্তানসকলক শিক্ষা দিয়ে। আৰু একো ক’বলগীয়া কাম ইয়াত নাই। কেৱল বুজনি দিয়া হয়। গৃহস্থালিত এনেকৈ থাকিব লাগে। এয়া হৈছে ‘মনমনাভৱ’। মোক স্মৰণ কৰা এয়া হৈছে প্ৰথম মুখ্য কথা। তোমালোক সন্তানসকলে ঘৰত ক্ৰোধো কৰিব নালাগে। ক্ৰোধ এনেকুৱা বস্তু যিয়ে পানীৰ কলহো শুকাই দিয়ে। ক্ৰোধী মনুষ্যই অশান্তিৰ বিয়পায় সেয়েহে গৃহস্থালিত থাকি শান্তিত থাকিব লাগে। আহাৰ গ্ৰহণ কৰি নিজৰ ব্যৱসায় অথবা কাৰ্যালয়লৈ যোৱা, তাতো শান্তিত থকাটো ভাল। সকলোৱে কয় - আমাক শান্তি লাগে। এয়াতো সন্তানসকলক শুনোৱা হৈছে যে শান্তিৰ সাগৰ এজন পিতাহে হয়। পিতাইহে নিৰ্দেশ দিয়ে - মোক স্মৰণ কৰা। ইয়াত ক’বলগীয়া একো নাই। অন্তৰ্মুখী হৈ থাকিব লাগে। কাৰ্যালয় আদিত নিজৰ কাম কৰিব লাগে, বেছি কথা ক’ব নালাগে, বহুত মৃদুভাষী হ’ব লাগে। কাকোৱেই দুখ দিব নালাগে। যুদ্ধ আদি কৰা এয়া সকলো হৈছে ক্ৰোধ। সকলোতকৈ ডাঙৰ শত্ৰু হৈছে কাম। তাৰ পাছত দ্বিতীয় নম্বৰত হৈছে ক্ৰোধ। এজনে আনজনক দুখ দিয়ে। ক্ৰোধৰ বাবে কিমান কাজিয়া হৈ যায়। সন্তানসকলে জানে যে সত্যযুগত কাজিয়া নহয়। এয়া হৈছে ৰাৱণবোধৰ চিন। ক্ৰোধীসকলকো আসুৰি সম্প্ৰদায়ৰ বুলি কোৱা হয়। ভূতৰ প্ৰৱেশ হৈ থকা নাই জানো। ইয়াত ক’বলগীয়া একো নাই কিয়নো সেই মনুষ্যসকলৰতো জ্ঞানেই নাই। তেওঁলোকেতো ক্ৰোধ কৰিব, ক্ৰোধীসকলৰ লগত ক্ৰোধ কৰিলে কাজিয়া হৈ যাব। পিতাই বুজায় - ক্ৰোধ বহুত কাঢ়া ভূত, ইয়াক বহুত যুক্তিৰে দূৰ কৰা উচিত। মুখেৰে কোনো কটু বচন উচ্চাৰণ কৰিব নালাগে। এয়া বহুত হানিকাৰক। বিনাশো ক্ৰোধৰ পৰাই নহয় জানো। য’ত ঘৰে ঘৰে ক্ৰোধ থাকে ত’ত বহুত অশান্তি হয়। ক্ৰোধ কৰিলে তোমালোকে পিতাৰ নাম বদনাম কৰিবা। এই ভূতবোৰ দূৰ কৰিব লাগে। এবাৰ দূৰ কৰিলে আধাকল্পৰ বাবে এই ভূত নাথাকিবই। এই 5 বিকাৰ এতিয়া পূৰা শক্তিশালী ৰূপত আছে। এনেকুৱা সময়তেই পিতাৰ আগমন হয়, যেতিয়া বিকাৰ পূৰা শক্তিশালী ৰূপত থাকে। এই দুচকু (দৃষ্টি) বহুত আসুৰি। মুখো আসুৰি। উচ্চ স্বৰত কথা ক’লে মনুষ্য নিজেও জ্বলে আৰু গোটেই ঘৰখনকো জ্বলায়। কাম আৰু ক্ৰোধ এই দুয়োটা বহুত ডাঙৰ শত্ৰু। ক্ৰোধীসকলে স্মৰণ কৰিব নোৱাৰে। যিসকলে স্মৰণ কৰিব তেওঁলোক সদায় শান্তিত থাকিব। নিজৰ অন্তৰক সুধিব লাগে - মোৰ মাজত ভূততো নাই? মোহৰো, লোভৰো ভূত থাকে। লোভৰ ভূতো কম নহয়। এই সকলোবোৰেই ভূত কাৰণ এইবোৰ ৰাৱণৰ সেনা।

পিতাই সন্তানসকলক স্মৃতিৰ যাত্ৰা শিকায়। কিন্তু সন্তানসকল এই ক্ষেত্ৰত বহুত বিভ্ৰান্ত হয়। বুজি নাপায় কিয়নো ভক্তি বহুত কৰিছে নহয়। ভক্তি হৈছে দেহ-অভিমান। আধাকল্প দেহ-অভিমানতেই থাকিল। বহিৰ্মুখী হোৱা হেতুকে নিজক আত্মা বুলি বুজিব নোৱাৰে। পিতাই বহুত জোৰ দিয়ে - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। কিন্তু সেয়া কৰিবই নোৱাৰে। অন্য সকলো কথা মানেও। আকৌ কৈ দিয়ে - কেনেকৈ স্মৰণ কৰোঁ, একো বস্তুতো দেখিবলৈ নাপাওঁ। তেওঁলোকক বুজোৱা হয় - তোমালোকে নিজক আত্মা বুলি বুজা। এয়াও জানা যে তেওঁ হৈছে বেহদৰ পিতা। মুখেৰে শিৱ শিৱ বুলি উচ্চাৰণ কৰিব নালাগে। অন্তৰৰ পৰা বুজি পোৱা নহয় যে মই আত্মা। মনুষ্যই শান্তি বিচাৰে, শান্তিৰ সাগৰ সেই পৰমাত্মাই হয়। নিশ্চয় উত্তৰাধিকাৰো তেৱেঁই দিব। এতিয়া পিতাই বুজায় - মোক স্মৰণ কৰিলে শান্তি হৈ যাব। আৰু জন্ম-জন্মান্তৰৰ বিকর্মও বিনাশ হ’ব। বাকী অন্য একো বস্তু নাই। ইমান ডাঙৰ কোনো লিংগ নাই। আত্মা সূক্ষ্ম, পিতাও সূক্ষ্ম। স্মৰণতো সকলোৱে কৰে - হে ভগৱান, হে গড্‌। কোনে কয়? আত্মাই কয় - নিজৰ পিতাক স্মৰণ কৰোঁ। সেয়েহে পিতাই সন্তানসকলক কয় - মনমনাভৱ। মৰমৰ সন্তানসকল, অন্তৰ্মুখী হৈ থাকিবা। এয়া যিবোৰ দেখিছা সেই সকলোবোৰ নাশ হৈ যাব। তাৰ পাছত আত্মা শান্তিত থাকিব। আত্মা শান্তিধামলৈকে যাব লাগে। যেতিয়ালৈ আত্মা পৱিত্ৰ নহয় তেতিয়ালৈকে শান্তিধামলৈ যাব নোৱাৰে। ঋষি মুনি আদি সকলোৱে কয় শান্তি কেনেকৈ পোৱা যায়। পিতাইতো সহজ যুক্তি (উপায়) শুনায়। কিন্তু সন্তানসকলৰ মাজত বহুত আছে যিয়ে শান্তিত নাথাকে। পিতাই জানে যে ঘৰত থাকে, একেবাৰে শান্ত হৈ নাথাকে। সেৱাকেন্দ্ৰলৈ অলপ সময়ৰ বাবে যায়, কিন্তু আন্তৰিক শান্তিত থাকি পিতাক স্মৰণ কৰোঁ সেয়া হ’লে নাই। গোটেই দিন ঘৰত হাই-কাজিয়া কৰি থাকে, সেয়েহে সেৱাকেন্দ্ৰলৈ আহিলেও শান্তিত থাকিব নোৱাৰে। কাৰোবাৰ দেহৰ প্ৰতি মৰম জাগি উঠিলে তেওঁৰ মনত কেতিয়াও শান্তি আহিব নোৱাৰে। বচ্‌, তেওঁৰেই স্মৃতি আহি থাকিব। পিতাই বুজায় - মনুষ্যৰ মাজত 5 ভূত আছে। এনেকৈ কোৱাও নহয় যে এওঁৰ মাজত 5 ভূতৰ প্ৰৱেশ হৈছে। এই ভূতবোৰেই তোমালোকক কঙাল কৰিলে। তাত (লৌকিকত) খুব বেছি এটা ভূত থাকে, সেয়াও কেতিয়াবাহে প্ৰৱেশ কৰে। পিতাই কয় এই 5 ভূত প্ৰত্যেকৰ মাজত প্ৰৱেশ হৈ আছে। এই ভূতবোৰ দূৰ কৰিবৰ কাৰণেই পিতাক আহ্বান জনায়। বাবা, আহি আমাক শান্তি দিয়ক, এই ভূতবোৰ দূৰ কৰাৰ উপায় দিয়ক। এই ভূততো সকলোৰে মাজত আছে। এয়া ৰাৱণৰাজ্য নহয় জানো। সকলোতকৈ কাঢ়া ভূত হৈছে কাম-ক্ৰোধ। পিতা আহি ভূতবোৰ দূৰ কৰে গতিকে তাৰ বিনিময়ত পিতায়ো কিবা পোৱা উচিত নহয় জানো। তেওঁ ভূত-প্ৰেত দূৰ কৰে, একোৱে নাপায়। এয়াতো সন্তানসকলে জানে যে পিতা গোটেই বিশ্বৰ পৰা ভূত দূৰ কৰিবলৈ আহে। এতিয়া গোটেই বিশ্বত সকলোৰে মাজত ভূতৰ প্ৰৱেশ হৈ আছে। দেৱতাসকলৰ কোনো ভূত নাথাকে, দেহ-অভিমানো নাথাকে, কাম, ক্ৰোধ, লোভ, মোহ…... একো নাথাকে। লোভৰ ভূতো কম নহয়। এই কণী খাওঁ, সেইটো খাওঁ…….. বহুতৰ মাজত ভূত থাকে। অন্তৰেৰে বুজে সঁচাকৈয়ে আমাৰ মাজত কামৰ ভূত আছে, ক্ৰোধৰ ভূত আছে। গতিকে এই ভূতবোৰ দূৰ কৰিবৰ কাৰণে পিতাই কিমান মগজ খটুৱায়। দেহ-অভিমানত আহিলে মন যায় আলিংগন কৰোঁ, এইটো কৰোঁ। তেতিয়া গোটেই উপাৰ্জন শেষ হৈ যায়। ক্ৰোধ কৰোঁতাসকলৰো এনেকুৱা অৱস্থা হয়। ক্ৰোধৰ বশীভূত হৈ পিতাকে সন্তানক মাৰি দিয়ে, সন্তানে পিতাকক মাৰি দিয়ে, স্ত্ৰীয়ে পতিক মাৰে। কাৰাগাৰত গৈ তোমালোকে চোৱা কেনেকুৱা কেনেকুৱা মোকৰ্দমা হয়। এই ভূতবোৰৰ প্ৰৱেশতাৰ কাৰণে ভাৰতৰ কি অৱস্থা হৈ গ’ল! ভাৰতৰ যি ডাঙৰ কলহ আছিল যিবোৰ সোণ-হীৰা আদিৰে ভৰি আছিল, এতিয়া সেইবোৰ খালী হৈ গ’ল। ক্ৰোধৰ কাৰণে কোৱা হয় - পানীৰ কলহো শুকাই যায়। গতিকে এই ভাৰতৰো এনেকুৱা অৱস্থা হৈ গৈছে। এইটোও কোনেও নাজানে। ভূত দূৰ কৰিবলৈ পিতাহে আহে। যিটো অন্য কোনো মনুষ্যই দূৰ কৰিব নোৱাৰে। এই 5 ভূত বহুত শক্তিশালী। আধাকল্পতো এই ভূতবোৰৰ প্ৰৱেশ হৈ থাকিল। এই সময়ততো কথাই নুসুধিবা। যদিও কোনোবা পৱিত্ৰ হৈ থাকে কিন্তু জন্মতো বিকাৰেৰেই হয়। ভূততো আছে নহয় জানো। 5 ভূতে ভাৰতক একেবাৰে কঙাল কৰি দিলে। ড্ৰামা কেনেকৈ ৰচি থোৱা আছে, যি পিতাই বহি বুজায়। ভাৰত কঙাল হৈ গ’ল, যাৰ বাবে বাহিৰৰ পৰা ধাৰ লৈ থাকে। ভাৰতৰ কাৰণেই পিতাই বুজায়, এতিয়া তোমালোক সন্তানসকলে এই পঢ়াৰ দ্বাৰা কিমান ধন প্ৰাপ্ত কৰা। এয়া অবিনাশী পাঠ যি অবিনাশী পিতাই পঢ়ায়। ভক্তিমাৰ্গত কিমান সামগ্ৰী থাকে। বাবাই (ব্ৰহ্মা বাবাই) সৰু কালৰে পৰা ‘গীতা’ পঢ়িছিল আৰু নাৰায়ণৰ পূজা কৰিছিল। একোৱেই বুজি পোৱা নাছিল। মই আত্মা, তেওঁ মোৰ পিতা, এয়াও জনা নাছিল সেই কাৰণে সোধে - কেনেকৈ স্মৰণ কৰোঁ? হেৰ’ তোমালোকেতো ভক্তিমাৰ্গত স্মৰণ কৰি আহিছা - হে ভগৱান আহক, মুক্তি দিয়ক, আমাৰ মাৰ্গ-দৰ্শক হওঁক। মাৰ্গ-দৰ্শক পোৱা গৈছে মুক্তি-জীৱনমুক্তিৰ বাবে। পিতাই এই পুৰণি সৃষ্টিৰ প্ৰতি বিতৃষ্ণা জন্মায়। এই সময়ত সকলো আত্মা ক’লা, তেন্তে কোনোবাই বগা (সুন্দৰ) শৰীৰ কেনেকৈ পাব। চাল যিমানেই বগা নহওঁক কিয়, আত্মাতো ক’লা নহয় জানো। যাৰ শৰীৰ বগা ধুনীয়া, তেওঁলোকৰ নিজৰ কিমান নিচা থাকে। মনুষ্যই এইটো নাজানে যে আত্মা বগা (সুন্দৰ) কেনেকৈ হয়? সেই কাৰণে তেওঁলোকক নাস্তিক বুলি কোৱা হয়। যিয়ে নিজৰ পিতা ৰচয়িতা আৰু ৰচনাক নাজানে তেওঁলোক হ’ল নাস্তিক, যিসকলে জানে তেওঁলোক আস্তিক। পিতাই কিমান ভালদৰে বহি তোমালোক সন্তানসকলক বুজায়। প্ৰত্যেকে নিজৰ অন্তৰক সোধা – মই কিমানলৈকে নিকা? কিমানলৈকে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰোঁ? স্মৃতিৰ শক্তিৰেহে ৰাৱণৰ ওপৰত বিজয়ী হ’ব লাগিব। ইয়াত দৈহিক ভাৱে শক্তিশালী হোৱাৰ কথা নাই। এই সময়ত সকলোতকৈ শক্তিশালী হৈছে আমেৰিকা কিয়নো তেওঁলোকৰ ধন সম্পত্তি, বাৰুদ আদি বহুত আছে গতিকে তেওঁলোকৰ দৈহিক (পাৰ্থিৱ) বল আছে, মাৰিবৰ কাৰণে। বুদ্ধিত আছে আমি বিজয়ী হ’ম। তোমালোকৰ হৈছে আত্মিক বল, তোমালোকে বিজয় প্ৰাপ্ত কৰা ৰাৱণৰ ওপৰত। যাৰ দ্বাৰা তোমালোক বিশ্বৰ মালিক হৈ যোৱা। তোমালোকক কোনেও জিনিব নোৱাৰে। আধাকল্পৰ কাৰণে কোনেও কাঢ়ি নিব নোৱাৰে আন কোনেও পিতাৰ পৰা উত্তৰাধিকাৰ নাপায়। তোমালোক কি হ’বাগৈ, অলপ চিন্তা কৰি চোৱা। পিতাকতো বহুত মৰমেৰে স্মৰণ কৰিব লাগে আৰু স্বদৰ্শন চক্ৰধাৰী হ’ব লাগে। তেওঁলোকে বুজি লয় স্বদৰ্শন চক্ৰৰে বিষ্ণুয়ে সকলোৰে শিৰশ্ছেদ কৰিছিল। কিন্তু ইয়াত হিংসাৰতো কোনো কথা নাই।

গতিকে মৰমৰ সন্তানসকলক পিতাই কয় - মৰমৰ সন্তানসকল, তোমালোক কি আছিলা, এতিয়া নিজৰ অৱস্থাতো চোৱা! যদিও তোমালোকে বহুত ভক্তি আদি কৰিছিলা কিন্তু ভূত দূৰ কৰিব নোৱাৰিলা। এতিয়া অন্তৰ্মুখী হৈ চোৱা মোৰ মাজত কোনো ভূততো নাই? যদি কাৰোবাৰ প্ৰতি অন্তৰ আকৰ্ষিত হয়, আলিংগন কৰিলা তেন্তে বুজিবা কৰা উপাৰ্জন সকলো শেষ হৈ গ’ল। বাবাই তেওঁৰ মুখ চাবলৈও নিবিচাৰে। তেওঁ স্পৰ্শ কৰাৰো অযোগ্য, স্বচ্ছ নহয়। ভিতৰি অন্তৰ দহি থাকে যথাযথ মই স্পৰ্শৰো অযোগ্য। পিতাই কয় - দেহসহিত সকলো পাহৰা, নিজক আত্মা বুলি বুজা, এইটো অৱস্থাত থাকিলেহে তোমালোক দেৱতা হ’বাগৈ। সেয়েহে কোনো ভূত আহিব নালাগে। বুজাই থাকে - নিজক পৰীক্ষা কৰা। বহুতৰে ক্ৰোধ আছে, গালি নিদিয়াকৈ থাকিব নোৱাৰে, আকৌ কাজিয়া লাগি যায়। ক্ৰোধ বহুত বেয়া। ভূতবোৰ দূৰ কৰি একেবাৰে নিকা হ’ব লাগে। শৰীৰ যাতে স্মৃতিলৈকে নাহে তেতিয়াহে উচ্চ পদ পাব পাৰিবা, সেয়েহে আঠ ৰত্নৰ গায়ন আছে। তোমালোকে জ্ঞান ৰত্ন পোৱা ৰত্ন হ’বৰ বাবে। কোৱা হয় যে ভাৰতত 33 কোটি দেৱতা আছিল, কিন্তু তাৰ ভিতৰতো 8 (আঠ) ৰত্ন সন্মান সহকাৰে উত্তীৰ্ণ হ’ব। তেওঁলোকেহে পুৰস্কাৰ পাব। যেনেকৈ বৃত্তি লাভ কৰে। তোমালোকে জানা যে লক্ষ্য বহুত উচ্চ। আগবাঢ়ি গৈ গৈ বাগৰি পৰে, ভূতৰ প্ৰৱেশ হৈ যায়। তাত বিকাৰ নাথাকে। তোমালোক সন্তানসকলৰ বুদ্ধিত গোটেই ড্ৰামাৰ চক্ৰ ঘূৰি থাকিব লাগে।

তোমালোকে জানা 5 হাজাৰ বছৰত কিমান মাহ, কিমান ঘণ্টা, কিমান চেকেণ্ড থাকে। কোনোবাই হিচাপ উলিয়ালে উলিয়াব পাৰে। আকৌ এয়া যি বৃক্ষৰ চিত্ৰ আছে তাতো এইটো লিখি দিব যে কল্পত ইমান মাহ, ইমান বছৰ, ইমান দিন, ইমান ঘণ্টা, ইমান চেকেণ্ড থাকে। মনুষ্যই ক’ব - এওঁলোকেতো একেবাৰে সঠিককৈ শুনায়। বাবাই 84 জন্মৰ হিচাপ শুনায়। তেনেহ’লে কল্পৰ আয়ুস কিয় নুশুনাব। সন্তানসকলক মুখ্য কথাতো শুনাইছে যে যি কোনো উপায়ে হ’লেও ভূতবোৰ দূৰ কৰিব লাগে। এই ভূতেই তোমালোকৰ সৰ্বনাশ কৰিছে। সকলো মনুষ্য মাত্ৰতেই ভূত প্ৰৱেশ হৈ আছে। ভ্ৰষ্টাচাৰৰ দ্বাৰাই জন্মে। তাত ভ্ৰষ্টাচাৰ নাথাকে। ৰাৱণেই নাথাকে। ৰাৱণকো কোনেও নুবুজে। তোমালোকে ৰাৱণৰ ওপৰত বিজয় প্ৰাপ্ত কৰা পাছলৈ ৰাৱণেই নাথাকিব। এতিয়া পুৰুষাৰ্থ কৰা। পিতা আহিছে যেতিয়া পিতাৰ পৰা উত্তৰাধিকাৰ নিশ্চয় পোৱা উচিত। তোমালোক কিমান বাৰ দেৱতা হোৱা, কিমান বাৰ অসুৰ হোৱা তাৰ হিচাপ উলিয়াব নোৱাৰা। অগণন বাৰ হৈছা। বাৰু সন্তানসকল, শান্তিত থাকিলে কেতিয়াও ক্ৰোধ নাহিব। পিতাই যি শিক্ষা দিয়ে সেয়া বাস্তৱত ফলপ্ৰসূ কৰা উচিত। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) নিজে নিজক সুধিব লাগে - মোৰ মাজত কোনো ভূততো নাই? দৃষ্টি আসুৰিকতো নহয়? উচ্চ স্বৰত কথা কোৱা অথবা অশান্তি বিয়পাই দিয়াৰ সংস্কাৰতো নাই? লোভ-মোহৰ বিকাৰে মোক কষ্টতো নিদিয়ে?

(2) কোনো দেহধাৰীৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। দেহসহিত সকলো পাহৰি স্মৃতিৰ যাত্ৰাৰে নিজৰ মাজত আত্মিক বল ধাৰণ কৰিব লাগে। এবাৰ ভূতবোৰ দূৰ কৰি আধাকল্পৰ বাবে ভূতৰ পৰা মুক্ত হ’ব লাগে।

বৰদান:
ঈশ্বৰীয় বিধান বুজি লৈ বিধিৰে সিদ্ধি প্ৰাপ্ত কৰোঁতা প্ৰথম বিভাগৰ অধিকাৰী হোৱা

যদি সাহসেৰে এখোজ দিয়া তেন্তে পদম খোজৰ সহযোগ পাবা - ড্ৰামাত এইটো বিধান নিৰ্দ্ধাৰিত হৈ আছে। যদি এইটো বিধি, বিধানত নাথাকিলহেঁতেন তেন্তে বিশ্বত সকলোৱেই প্ৰথমেই ৰজা হৈ গ’লহেঁতেন। ক্ৰমানুসৰি হোৱাৰ বিধান এইটো বিধিৰ কাৰণেহে হয়। গতিকে যিমান পাৰা সাহস ৰাখা আৰু সহায় প্ৰাপ্ত কৰা। সমৰ্পিতই হোৱা বা প্ৰবৃত্তিতেই থাকা - অধিকাৰ সমান কিন্তু বিধিৰেহে সিদ্ধি হয়। এই ঈশ্বৰীয় বিধান বুজি লৈ অমনোযোগীতাৰ লীলা সমাপ্ত কৰা তেতিয়া প্ৰথম বিভাগৰ অধিকাৰ পাই যাবা।

স্লোগান:
সংকল্প ৰূপী সম্পদৰ প্ৰতি মিতব্যয়িতাৰ অৱতাৰ হোৱা।


কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

যদিও এইটো পুৰণা শৰীৰ কিন্তু মহিমা এই অন্তিম শৰীৰৰেই যে শ্ৰেষ্ঠ আত্মাই ইয়াৰ আধাৰত অলৌকিক অনুভৱ কৰে। গতিকে আত্মা আৰু শৰীৰ সংযুক্ত। পুৰণা শৰীৰৰ বোধত আহিব নালাগে কিন্তু মালিক হৈ ইয়াৰ দ্বাৰা কাৰ্য কৰাব লাগে, সেয়েহে আত্ম-অভিমানী হৈ কৰ্মযোগী হৈ কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা কৰ্ম কৰাই গৈ থাকা। কৰ্তাবোধৰ পৰা, মই কৰোঁ, মই কৰিলোঁ… এই মই বোধৰ পৰা মুক্ত হৈ থাকি কৰ্ম কৰাটোৱেই কৰ্মযোগী অৱস্থা।


 
`