28.06.26    Avyakt Bapdada     Assame Murli     30.11.2010     Om Shanti     Madhuban


“*“প্ৰতি ঘণ্টাত 5 স্বৰূপৰ ব্যায়াম কৰি মন শক্তিশালী কৰা, যেতিয়া বাবাই সংসাৰ তেন্তে সংস্কাৰো পিতাৰ নিচিনা কৰি তোলা”*”


আজি বাপদাদাই সকলো এখন দেশৰ সন্তানসকলক লগ কৰিবলৈ আহিছে, যিখন মূলতঃ সকলোৰে দেশ। জানা নহয় এখন দেশ কিমান মৰমৰ! বাপদাদাও সেইখন দেশৰ পৰা সকলো সন্তানক লগ কৰিবলৈ আহিছে। সন্তানসকলৰ পিতাৰ সৈতে লগ পোৱাৰ আনন্দ আৰু পিতাৰ সন্তানসকলক লগ পোৱাৰ আনন্দ। আজি বাপদাদাই সকলো সন্তানৰ স্বৰূপ, বিশেষকৈ 5টা ৰূপ চাই আছে সেইবাবে 5 মুখী ব্ৰহ্মাৰো গায়ন আছে। তেনেহ’লে নিজৰ 5টা ৰূপ জানা নহয়! প্ৰথমতে সকলোৰে জ্যোতি বিন্দু ৰূপ, আহি গ’ল তোমালোকৰ সন্মুখত! কিমান জিলিকি থকা মৰম লগা ৰূপ। দ্বিতীয়তে দেৱতা ৰূপ, সেই ৰূপো কিমান মৰম লগা আৰু অনন্য। তৃতীয় ৰূপ মধ্যত পূজনীয় ৰূপ, চতুৰ্থ ৰূপ ব্ৰাহ্মণ সংগমবাসী, এয়াও কিমান মহান আৰু পঞ্চম ৰূপ ফৰিস্তা ৰূপ। এই 5টা ৰূপেই কিমান মৰম লগা। বাপদাদাই আজি সন্তানসকলক মনৰ ব্যায়াম শিকাইছে কিয়নো মনে সন্তানসকলক কেতিয়াবা কেতিয়াবা নিজৰ ফালে টানি লয়। গতিকে আজি বাপদাদাই মন একৰস কৰি তুলিবলৈ ব্যায়াম শিকাই আছে। গোটেই দিনটোত এই 5টা ৰূপৰ ব্যায়াম কৰা আৰু অনুভৱ কৰা, যিটো ৰূপৰ কথা ভাবিবা সেয়া মনত অনুভৱ কৰা। যেনেকৈ জ্যোতিবিন্দু বুলি ক’লেই সেই জিলিকি থকা ৰূপ সন্মুখত আহি গ’ল! তেনেদৰেই 5টা স্বৰূপ সন্মুখত আনা আৰু সেই ৰূপৰ অনুভৱ কৰা। প্ৰতি ঘণ্টাত 5 চেকেণ্ড এই ব্যায়ামত লগোৱা। যদি চেকেণ্ড নহয় তেন্তে 5 মিনিট লগোৱা। প্ৰতিটো ৰূপ সন্মুখত আনা, অনুভৱ কৰা। মনক এই আত্মিক ব্যায়ামত ব্যস্ত কৰা তেতিয়া মন ব্যায়ামৰ দ্বাৰা সদায় ঠিক হৈ থাকিব। যেনেকৈ শৰীৰৰ ব্যায়ামে শৰীৰক স্বাস্থ্যৱান কৰি ৰাখে এনেকৈ এই ব্যায়ামে মন শক্তিশালী কৰি ৰাখিব। এক চেকেণ্ডো মনলৈ সেই ৰূপ আনা, বুজি পাইছানে সহজ নহয় জানো এইটো, নে কঠিন লাগিছে? কঠিন নালাগে কিয়নো এই ব্যায়াম তোমালোকে অনেক বাৰ কৰি আহিছা। প্ৰতি কল্পত কৰিছা। নিজৰেই ৰূপ সন্মুখত অনা এয়া কঠিন নহয়। এটা এটা ৰূপ সন্মুখত আহিলেই প্ৰতিটো ৰূপৰ বিশেষত্ব অনুভৱ হ’ব। কেতিয়াবা কেতিয়াবা বহুত সন্তানে কয় যে মই সেই ৰূপৰ অনুভৱ কৰিব বিচাৰো কিন্তু মন আনফালে গুচি যায়। যিমান সময় য’ত মন লগাব বিচাৰোঁ সিমান সময়ৰ পৰিৱৰ্তে ব্যৰ্থ, অযথাৰ্থ সংকল্পও আহি যায়। কেতিয়াবা মনত অমনোযোগিতাও আহি যায়, গতিকে বাপদাদাই প্ৰতি ঘণ্টাত 5 চেকেণ্ড বা 5 মিনিট এইটো ব্যায়ামত অনুভৱ কৰাব বিচাৰে। 5 মিনিট কৰি মন এই ফালে আনা। চলাটোতো ভাল কথা নহয় জানো! আকৌ নিজৰ কামত লাগি যোৱা কিয়নো কামটো কৰিবই লাগে। কাম নকৰাকৈ চলিব নোৱাৰি। যজ্ঞ সেৱা, বিশ্ব সেৱাতো সকলোৱেই কৰি আছা আৰু কৰিবই লাগে। এই 5 মিনিট ড্ৰিল কৰাৰ পাছত যি নিজৰ কাম তাত লাগি যোৱা। লাগিলে 5 চেকেণ্ড কৰা, লাগিলে 5 মিনিট কৰা কিন্তু কোনোবা এনেকুৱা আছে নেকি যাৰ ইমান সময়ো নাই! আছে যদি হাত দাঙা, যাৰ 5 মিনিটো নাই। কোনো নাই। আছে কোনোবা? সকলোৱে উলিয়াব পাৰা। গতিকে বাৰে বাৰে এই ব্যায়াম কৰা তেতিয়া কাম কৰোঁতেও নিচা থাকিব কিয়নো পিতাৰ মন্ত্ৰও হৈছে ‘মন্‌মনাভৱ’। গতিকে এই মন্ত্ৰই মনৰ অনুভৱৰ দ্বাৰা মায়াজিৎ হোৱাৰ এটা যন্ত্ৰ হৈ পৰিব কাৰণ বাপদাদাই জনাই দিছে যে যিমানেই সময় আগবাঢ়িব, সেই অনুসৰি এক চেকেণ্ডত যতি লগাব লাগিব। গতিকে এই ব্যায়াম কৰিলে 'মন্‌মনাভৱ' হোৱাত সহায় হ’ব কিয়নো বাপদাদাই দেখিছে যে তোমালোকে যিয়েই ভাষণ দিয়া বা যাকেই বাৰ্তা দিয়া তেতিয়া কি কোৱা? আমি বিশ্ব পৰিৱৰ্তন কৰোঁতা। গতিকে যেতিয়া বিশ্বক পৰিৱৰ্তন কৰিব লাগে, তেন্তে প্ৰথমে নিজৰ মন ইমান শক্তিশালী কৰা যাতে যি সময়ত যি সংকল্প কৰিব বিচৰা, মনে সেই সংকল্পই কৰিব পাৰে। চেকেণ্ডৰ ভিতৰত আদেশ কৰা, যেনেকৈ এই শৰীৰ আৰু কৰ্মেন্দ্ৰিয়ক আদেশ কৰা, ওপৰ হোৱা তল হোৱা তেনেকৈ কৰে নহয়! তেনেদৰেই মন ব্যৰ্থ আৰু অযথা চিন্তাৰ পৰা বাচি যাওক, তোমালোক মনৰ মালিক, মোৰ মন বুলি কোৱা নহয়! গতিকে মোৰ মন যাতে ইমান নিয়ন্ত্ৰণত থাকে তাৰ বাবে এই মনৰ ব্যায়ামৰ বিষয়ে শুনালোঁ।

বাপদাদাই দেখিছে যে প্ৰতিগৰাকী সন্তানে এইটোৱেই বিচাৰে যে মই মনজিৎ জগতজিৎ হ’ব লাগে, সেইবাবে আগন্তুক সময় অহাৰ পূৰ্বেই এইটো অভ্যাস কৰা যাতে য’তেই বিচৰা ত’ত মন সহজতেই স্থিৰ হৈ যায়। গতিকে আজি বাপদাদাই এইটোৱে বিচাৰে যে প্ৰতিগৰাকী সন্তান ইমান শক্তিশালী হওক, যাতে যি সংকল্প কৰে সেই অনুসৰি মন, বুদ্ধি, সংস্কাৰ নিয়ন্ত্ৰণত থাকে। যাৰ এই অভ্যাস থাকিব তেওঁ জগতজিৎ অৱশ্যে হ’ব, বাপদাদাৰ প্ৰতি, পৰিয়ালৰ প্ৰতি স্নেহতো সকলোৰে আছে। সন্তানসকলৰ পিতাৰ প্ৰতি যিমান স্নেহ আছে, তাতকৈ বেছি পিতাৰ সন্তানসকলৰ প্ৰতি স্নেহ আছে। গতিকে সন্তানসকলে ভাল চতুৰালি কৰিছে, “মোৰ বাবা”, “মোৰ বাবা” বুলি কৈ নিজৰ কৰি ললে। প্ৰতিগৰাকী সন্তানেই এইটো নিশ্চয়তাৰে কয় “মোৰ বাবা”। আৰু পিতায়ো কয় “মোৰ সন্তান”। এই 'মোৰ' শব্দটিয়ে চমৎকাৰ কৰি দিলে। প্ৰত্যেকৰ অন্তৰত কিমান উৎসাহ জাগে “মোৰ বাবা”, “মৰমৰ বাবা” আৰু পিতায়ো বাৰে বাৰে কয় “মোৰ সন্তান”। মায়াৰ যিমানেই প্ৰহাৰ নহওক, কাৰণ আধাকল্প মায়াক নিজৰ কৰি লৈছা নহয়! গতিকে মায়াৰো তোমালোকৰ প্ৰতি স্নেহ থাকিব নহয়! গতিকে মায়াই বাৰে বাৰে অহাৰ চেষ্টা কৰে কিন্তু যিয়ে অন্তৰৰ পৰা কয় “মোৰ বাবা” তেওঁ পিতাৰ সহযোগিতা লাভ কৰে। এবাৰ অন্তৰৰ পৰা ক’লে “মোৰ বাবা”, তেন্তে হাজাৰ বাৰ পিতা শক্তিশালী সহযোগিতা দিবলৈ বাধ্য হৈ পৰে। অনুভৱ আছে নহয়! কেৱল সময়ত এই অনুভৱ বাস্তৱত আনা।

বাপদাদাই সন্তানসকলৰ এটা কথা দেখি অন্তৰতে সন্তানসকলৰ ওপৰত হাঁহে। জানানে কোনটো কথা? সকলোৱে কয় নহয় বাবাই মোৰ সংসাৰ! কোৱা নহয় জানো পিতাই আমাৰ সংসাৰ! কোৱা, যিসকলে কয় পিতাই মোৰ সংসাৰ, তেওঁলোকে হাত দাঙা। বাৰু, পিতাই সংসাৰ। দ্বিতীয়তো কোনো সংসাৰ নাই নহয়! সংসাৰ দ্বিতীয় নাই কিন্তু দ্বিতীয় কি আছে? সংস্কাৰ। যেতিয়া পিতাই মোৰ সংসাৰ, দ্বিতীয় কোনো সংসাৰ নায়েই। সংসাৰ নাই কিন্তু সংস্কাৰ কেনেকৈ জন্ম হৈ যায়? আজিকালি বাপদাদাই সময় অনুসৰি সংস্কাৰ শব্দটি মচি পেলাব বিচাৰে। মচিব পাৰিনে? মচিব পাৰিনে? যিসকলে ভাবা যে সংস্কাৰে বিঘ্ন ৰূপ ল’ব নোৱাৰে, এইটো দৃঢ় সংকল্প কৰিব পাৰে, দৃঢ় পুৰুষাৰ্থৰ দ্বাৰা আজিও দৃঢ় পুৰুষাৰ্থ কৰিব পাৰে যে শেষ কৰিবই লাগিব। কৰিম, ভাবিম, চাম … এয়া নহয়। কৰিবই লাগিব। সংস্কাৰৰ কাম হৈছে অহা আৰু সন্তানসকলৰ কাম হৈছে সমাপ্ত কৰিবই লাগে। আছেনে সাহস? আছেনে সাহস? আগতেও হাত দাঙিছিলা কিন্তু পৰীক্ষা কৰা যি সংকল্প কৰিছা সেয়া হৈ আছেনে? যিসকলে ভাবা যে পিতাই কৈছে, পিতাৰ কাম হৈছে লক্ষ্য দিয়া আৰু সন্তানৰ কাম হৈছে পিতাই যি ক’লে সেয়া কৰিবই লাগে। ইয়াৰো এটা তাৰিখ নিৰ্ধাৰণ কৰা, যেনেকৈ ভক্তসকলে তাৰিখ নিৰ্ধাৰণ কৰিছে, ‘শিৱৰাত্ৰি’তো পালন কৰে নহয়। গতিকে ইয়াৰো তাৰিখ নিৰ্ধাৰণ কৰা। বাৰু সকলোৰে একেলগে তাৰিখ নহ’লেও, প্ৰথমে প্ৰত্যেকে নিজৰ বাবে একো একোটা তাৰিখতো নিৰ্ধাৰণ কৰিব পাৰা নহয়! কৰিব পাৰা নহয়! কৰিব পাৰা! কৰিব পাৰা যদি হাত দাঙা। তেন্তে, তোমালোকে এইটো নিৰ্ধাৰণ কৰিলানে? কৰিব পাৰা তেন্তে কৰিলানে? ডবল বিদেশীসকলে তাৰিখ নিৰ্ধাৰণ কৰিলানে! বাৰু সন্মুখত থকাসকল, কৰিলানে নিৰ্ধাৰণ? যি তাৰিখ নিৰ্ধাৰণ কৰিলা সেয়া বাপদাদাক লিখি দিবা। বাপদাদায়ো সন্তানসকল বাহাদুৰিৰে কাকতত উত্তীৰ্ণ হোৱাৰ অভিনন্দনতো জনাব নহয়। তাৰ পাছত গীত গাব বাঃ! সন্তান বাঃ! উৎসৱ পাতিব, যিয়ে সংকল্প কৰিলে আৰু সেই অনুসৰি বাস্তৱায়িত কৰিলে তেওঁলোকৰ উৎসৱ পাতিব কিয়নো পাৰ্থক্যতো আহি থাকিব নহয়! যি তাৰিখ নিৰ্ধাৰণ কৰিবা সেই তাৰিখলৈ আগবাঢ়ি গ'লে সমীপততো আহিবা নহয়। পাৰ্থক্য হোৱা আৰম্ভ হ’ব। গতিকে যি তাৰিখ অনুসৰি সম্পন্ন হ’ব, তেওঁৰ বাপদাদাই উৎসৱ পাতিব। ভিতৰত যি কৰিবা, দেখোঁতাসকলেও প্ৰমাণিত কৰিব কাৰণ সম্পৰ্কততো আহিব নহয়! সংস্কাৰ কাৰোবাৰ নহয় কাৰোবাৰ লগত প্ৰকট হয় নহয়! কিয়নো বাপদাদাই দেখিছে যে প্ৰতিগৰাকী সন্তানৰ এইটো শুদ্ধ নিচা আছে যে মই মাষ্টৰ সৰ্বশক্তিমান। মাষ্টৰতো হোৱা নহয়? যিহেতু সৰ্বশক্তিমান হোৱা তেন্তে সংকল্প পূৰণ কৰা এয়াওতো শক্তি হয় নহয়! বাৰু।

যিসকল আজি প্ৰথমবাৰ আহিছা তেওঁলোক ঠিয় হোৱা। চোৱা, কিমান আহিছে। বাপদাদাই অভিনন্দন জনাইছে। মধুবনলৈ অহাৰ অভিনন্দন, অভিনন্দন, অভিনন্দন। বাপদাদাই তথাপিও এনেকৈ ভাবে যে অতি পলম হোৱাৰ ফলক লগাৰ আগতে আহি গ’লা সেইবাবে গোটেই পৰিয়ালৰ, বাপদাদাৰতো আছেই গোটেই পৰিয়ালৰো তোমালোক সকলোলৈ এইটো শুভ আশা আছে যে সদায় ডবল পুৰুষাৰ্থ কৰি শেষত আহিও তীব্ৰতাৰে আগুৱাই যাব পাৰা। আছেনে সাহস! যিসকল আজি আহিছা তেওঁলোকৰ এইটো সাহস আছেনে! যে শেষত আহিও তীব্ৰগতিত আগবাঢ়ি গৈ প্ৰথম হৈ যাওঁ। প্ৰথম নম্বৰত। এটা প্ৰথম নহয়, প্ৰথম বিভাগত প্ৰথমত আহা, হ’ব পাৰেনে! যিসকলে ভাবা যে তীব্ৰগতিত আগবাঢ়ি গৈ প্ৰথম হ’ব পাৰোঁ তেওঁলোকে হাত দাঙা। নিজৰ ওপৰত নিশ্চয়তা আছেনে? বাৰু। পিছৰসকলে হাত দীঘলকৈ দাঙা, যদি হ’ব পাৰে! বাৰু। অলপ আছে। তথাপিও গোটেই পৰিয়াল আৰু বাপদাদাই তোমালোকক সহযোগ দি আগবঢ়াই নিব বিচাৰে সেইবাবে যি সেৱাকেন্দ্ৰৰ ফালৰ পৰাই আহিছা সেই সেৱাকেন্দ্ৰত নিজৰ এই প্ৰতিশ্ৰুতি বাৰে বাৰে স্মৃতিলৈ আনিবা। হ’ব পাৰে, অসম্ভৱ নহয়, সম্ভৱ কিন্তু ডবল মনোযোগ। যদি শেষত আহিও তীব্ৰতাৰে আগবাঢ়ি দেখুওৱা, তেন্তে সেৱাকেন্দ্ৰত তোমালোকৰ তীব্ৰ পুৰুষাৰ্থৰ দিন পালন কৰিব। অনুষ্ঠান পাতিব। সকলোৰে অন্তৰত উৎসাহতো আছে যে সোনকালে পিতাৰ সমান হৈ দেখুৱাও। বাপদাদায়ো অমৃতবেলা যেতিয়া সন্তানসকলে পিতাৰ সৈতে কথা পাতে, তেতিয়া আনন্দিত হয়। বাঃ! সন্তান বাঃ! আৰু পিতাই প্ৰতিগৰাকী সন্তানক পুৰণাই হওক বা নতুনেই হওক, প্ৰতিগৰাকী সন্তানক বহুত বহুত অন্তৰৰ আশীৰ্বাদ দিয়ে। এখোজ তোমালোকৰ, হাজাৰ খোজ পিতাৰ সহায়ৰ কিয়নো এতিয়া সময়ৰ পৰিৱৰ্তন অতি তীব্ৰ গতিত গৈ আছে। বাৰু।

সেৱাৰ পাল দিল্লী আৰু আগ্ৰা মণ্ডলৰ:- বাপদাদাই শুনিছে যে দিল্লীয়ে আৰম্ভণিৰ পৰাই সেৱাৰ নতুন নতুন পৰিকল্পনা কৰি আহিছে। কৰিছা নহয়! দিল্লীয়ে কৰিছে। তেন্তে এতিয়া সেৱাৰ কিবা নতুন উদ্ভাৱন কৰা। যি ভাষণৰ কাৰ্যসূচী হাতত লোৱা, অনুষ্ঠান পাতা সেইবোৰো ভাল কাৰণ তাৰ দ্বাৰা বৃদ্ধি হয় আৰু সম্বন্ধত আহে। এতিয়া যিবোৰ চলি আছে সেইবোৰো ভাল কিন্তু এতিয়া এই কাৰ্যসূচীবোৰ বহুত সময় চলিল। এতিয়া কোনো নতুন পৰিকল্পনা কৰা যাতে সেৱা কৰোঁতাসকলৰ নতুন উদ্দীপনা, নতুন উৎসাহ জাগে। কৰিবা নহয়! ভাল কথা। সকলোকে উৎসাহিত কৰি সকলোকে ইয়াত ব্যস্ত কৰা। যিবোৰ ডাঙৰ অনুষ্ঠান হয় তাত ভাষণ দিওঁতাসকলতো ব্যস্ত হৈ থাকে কিন্তু অন্যসকলে কেৱল সংগ দিয়ে। সেইটোও জৰুৰী কিন্তু এনে কোনো কাৰ্য উলিওৱা য’ত গুণসম্পন্ন প্ৰত্যেকে নিজেই কৰি ব্যস্ত হৈ থাকে কাৰণ দিল্লীয়েই ৰাজধানী হ’ব লাগিব। গতিকে দিল্লীবাসীয়ে এনে কোনো উদ্ভাৱন কৰিব লাগে। ঠিক আছে! ঠিক আছে সকলোৱে কৰিবানে? হাত দাঙা। ভাল কথা। যি কোনো লোকেই উলিয়াব পাৰে। নতুন সকলেও উলিয়াব পাৰে। যদি আন কাৰোবাৰ কিবা সংকল্প আহে, তেন্তে তেৱোঁ ইয়াত মুখ্য কাৰ্যালয়ত, মধুবনৰ কাৰ্যালয়লৈ লিখিব পাৰে। সকলোৰে সুযোগ আছে। বাৰু। দিল্লীবাসীয়ে পুৰুষাৰ্থতো এক নম্বৰ হওক। বাপদাদাই বহুত সময়ৰ পৰা এইটো কৈছে যে যিকোনো সেৱাকেন্দ্ৰই দেশৰে হওক বা বিদেশৰে হওক তাৰ সংযোগত থকা সেৱাকেন্দ্ৰই 6 মাহ নিৰ্বিঘ্নে থাকি দেখুৱাওক, কোনো ধৰণৰ বিঘিনি যাতে নাহে, নিৰ্বিঘ্ন। এই ক্ষেত্ৰত যদি প্ৰথম নম্বৰ হ’ব পাৰে তেন্তে তাৰো নিৰ্বিঘ্ন হোৱাৰ দিৱস পালন কৰিম। এতিয়া 6 মাহ বুলি কৈ আছে, 6 মাহৰ অভ্যাস হ’লে আগলৈও অভ্যাস হৈ যাব। কিন্তু পুৰস্কাৰ ল’বলৈ 6 মাহৰ সময় দিয়া হৈছে। তেন্তে দিল্লীয়ে কি নম্বৰ ল’বানে? প্ৰথম নম্বৰ। বাপদাদা আনন্দিত হৈছে। গোটেই পৰিয়ালো আনন্দিত হৈছে। সন্তুষ্টতাৰ প্ৰভাৱ সৰ্বত্ৰ বিস্তাৰ হওক। সেৱাত হওক বা যিবোৰ নিয়ম তৈয়াৰ কৰা হৈছে, সেই নিয়মসমূহৰ ক্ষেত্ৰত হওক, বাপদাদাই কৈছে, কিন্তু এতিয়ালৈকে কোনো নাম অহা নাই। মণ্ডল নহ’লেও, যিবোৰ ডাঙৰ সেৱাকেন্দ্ৰ আছে, সেই সেৱাকেন্দ্ৰসমূহৰ সংস্পৰ্শত থকা সেৱাকেন্দ্ৰসমূহে যদি ইমানখিনিও কৰে, তেন্তে বাপদাদাই তাকো লক্ষ্য কৰিব। এতিয়া শীঘ্ৰতাৰে খোজ আগবঢ়াবা, কিয়? কাৰণ অকস্মাতে যিকোনো কথা ঘটিব পাৰে। তাৰিখ নজনাও। বাৰু।

আগ্ৰা উপ মণ্ডল:- আগ্ৰাই এনে কোনো কাৰ্য বা সেৱা কৰিব লাগে যেনেকৈ চৰকাৰৰ তালিকাত আগ্ৰা প্ৰসিদ্ধ, তেনেকৈ আগ্ৰাবাসীয়ে কিবা নহয় কিবা এনে সেৱা বিচাৰি উলিওৱা যাতে সৰ্বশক্তিমান চৰকাৰৰ ওচৰতো প্ৰসিদ্ধ হৈ যোৱা। তেন্তে যেনেকৈ আগ্ৰাত তাজমহল আছে, তেনেকৈ কিবা কৰা। আছে, আশা আছে। আশা আছে তাৰবাবে অভিনন্দন। কি কৰিবা? কিন্তু কিমান সময়ত কৰিবা? (মেলা কৰিম, বিশাল অনুষ্ঠান পাতিম) বিশাল অনুষ্ঠানতো সকলোৱে পাতি আছা কিন্তু এনে নতুন উদ্ভাৱন কৰা যিটো কোনো মণ্ডলে কৰা নাই কিয়নো আগ্ৰা সকলোৰে চাবলগীয়া ঠাই। গতিকে যেনেকৈ আজিকালি চৰকাৰৰ তাজমহল আছে নহয়। যদি কোনো প্ৰচাৰ-প্ৰসাৰ কৰিবলগীয়া হয়, তেন্তে আগ্ৰা সেই ক্ষেত্ৰত সুপৰিচিত। এনে কোনো কাৰ্য কৰা। ভাবিবা, অমৃতবেলা বহিবা আৰু ভাবিবা তেন্তে কিবা নহয় কিবা অনুভূতি হৈ যাব। ঠিক আছে, শিক্ষকসকলে হাত দাঙা। বহুত আছে। তেন্তে চমৎকাৰ কৰিবা। বাকী বাপদাদাই সকলো সন্তানকে এইটোৱে কয় যে কিবা নবীনতা কৰা। যি চলি আছে, সময় অনুসৰি সেয়া নবীনতা কিন্তু এতিয়া আৰু নবীনতাৰ উদ্ভাৱন কৰা, যিকোনো মণ্ডলেই কৰক, কিন্তু নতুন কিবা উলিওৱা। বাকী প্ৰতিগৰাকী সন্তান পিতাৰ মৰমৰ, অতি প্ৰিয় আৰু পিতাই এইটোৱে বিচাৰে যে উৰি থাকা, উৰুৱাই থাকা। বাৰু।

চাৰিওফালৰ সন্তানসকল পিতাৰ অতি মৰমৰ, প্ৰতিগৰাকী সন্তানে এইটো লক্ষ্য বাৰে বাৰে স্মৃতিলৈ আনে আৰু আনিব লাগে যে মই তীব্ৰ পুৰুষাৰ্থ কৰি পিতাক প্ৰত্যক্ষ কৰাব লাগে। যাতে সকলোৰে অন্তৰেৰে কয় মোৰ বাবা আহি গ’ল। এনেকুৱা উৎসাহ উদ্দীপনাৰ সংকল্প আজিকালি বাপদাদাৰ ওচৰলৈ আহি আছে। এই উৎসাহ উদ্দীপনা গৰিষ্ঠ সংখ্যকৰে অন্তৰত আহি গৈছে। বাপদাদাৰ এইটোৱেই আশা যে এতিয়া সোনকালে সকলোকে এইটো বাৰ্তা দিয়া উচিত, কোনো যাতে বঞ্চিত হৈ নাথাকে। কিবা নহয় কিবা উত্তৰাধিকাৰ লৈ লওক। লাগিলে জীৱনমুক্তিৰ নহ’লেও মৰমেৰে মুক্তিৰ উত্তৰাধিকাৰতো লৈ লওক কাৰণ পিতাই সকলোকে উত্তৰাধিকাৰ দিব লগা আছে, যিমানক উত্তৰাধিকাৰ প্ৰাপ্ত কৰাবা সিমান তোমালোকেও নিজৰ ৰাজ্যত ৰাজ্যৰ অধিকাৰী হোৱাৰ উত্তৰাধিকাৰ লাভ কৰিবা। সকলো ফালৰে প্ৰতিগৰাকী সন্তানে বাপদাদাৰ বহুত বহুত মৰম আৰু আশীৰ্বাদ স্বীকাৰ কৰিবা।

বৰদান:
ত্যাগ, তপস্যাৰ দ্বাৰা সেৱাত সফলতা প্ৰাপ্ত কৰোঁতা সকলোৰে কল্যাণকাৰী হোৱা

যেনেকৈ স্থুল জুইয়ে দূৰৰ পৰাই নিজৰ অস্তিত্ব অনুভৱ কৰায়, তেনেকৈ তোমালোকৰ তপস্যা আৰু ত্যাগৰ জিলিকনিয়ে দূৰৰ পৰাই সকলোকে আকৰ্ষণ কৰক। সেৱাধাৰীৰ লগতে ত্যাগী, তপস্বীমূৰ্ত হোৱা তেতিয়াহে সেৱাৰ প্ৰত্যক্ষ ফল দেখা দিব। ত্যাগী অৰ্থাৎ কোনো পুৰণা সংকল্প বা সংস্কাৰ যাতে দেখা নিদিয়ে। তপস্বী অৰ্থাৎ বুদ্ধিৰ স্মৃতি বা দৃষ্টিৰে আত্মিক স্বৰূপৰ বাহিৰে আন একোৱেই যাতে দেখা নাপায়। যিয়েই সংকল্প উদয় নহওক কিয় তাত প্ৰত্যেক আত্মাৰ কল্যাণ সমাহিত হৈ থাকক, তেতিয়াহে সকলোৰে কল্যাণকাৰী বুলি কোৱা হ’ব ।

স্লোগান:
দেহবোধৰ উৰ্দ্ধত যাবলৈ হ’লে চিত্ৰক নাচাই চৈতন্য আৰু চৰিত্ৰক চোৱা।

অব্যক্ত ইংগিত: সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা

তোমালোক সকলো মাষ্টৰ বিশ্ব-নিৰ্মাতা। এইটো স্মৃতিৰে নম্ৰতা গুণ সহজে আহি যাব আৰু য’ত নম্ৰতা অৰ্থাৎ সৰলতা স্বভাৱিক ৰূপত থাকিব ত’ত অন্য গুণো আপোনাআপুনি আহিয়েই যায়। গতিকে সদায় এইটো স্মৃতি স্বৰূপত স্থিৰ হৈ থাকি পাছত প্ৰতিটো সংকল্প বা কৰ্ম কৰা। তেতিয়া এই যিবোৰ সৰু সৰু কথা বাধা হৈ আহে, সেয়া এনেকুৱা অনুভৱ হ’ব যেন কোনোবা বয়স্ক লোকৰ আগত সৰু সৰু ল’ৰা-ছোৱালীয়ে শৈশবৰ খেল খেলি আছে। তেওঁৰ ওপৰত তাৰ কোনো প্ৰভাৱ নপৰে।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]