28.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোকৰ ভ্ৰষ্টতাৰ শুধৰণি কৰোঁতা অৰ্থাৎ ভাগ্য গঢ়োঁতা এজনেই পিতা, যিয়ে তোমালোকক
জ্ঞান দি ভাগ্যৱান কৰি তোলে”
প্ৰশ্ন:
তোমালোক
সন্তানসকলৰ এই আত্মিক ভাতীৰ কোনটো এটা নিয়ম আছে?
উত্তৰ:
আত্মিক ভাতী অৰ্থাৎ স্মৃতিৰ যাত্ৰাত বহোঁতাসকলে কেতিয়াও বাহিৰা খেয়াল চলাব নালাগে,
এজন পিতাক স্মৰণ কৰিব লাগে। যদি বুদ্ধি ইফালে-সিফালে যায় তেন্তে কলমটিয়াই থাকিব,
হামিয়াই থাকিব, ইয়াৰ দ্বাৰা বায়ুমণ্ডল দূষিত হয়। নিজৰে লোকচান কৰে।
গীত:
দিল কা চহাৰা
টুট ন জায়ে….. (অন্তৰৰ আলম্বন যাতে নোহোৱা হৈ নাযায়……)
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকলে গীতটিৰ দুটি কলি শুনিলে। সন্তানসকলক সাৱধান কৰি দিয়া হয়। এই সময়ত যিয়েই
আছে সকলোৰে ভাগ্য ভ্ৰষ্ট হৈ আছে – কেৱল তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে। তোমালোকৰ এতিয়া
ভ্ৰষ্টতাৰ পৰা শুধৰণি হৈ আছে। পিতাক কোৱাই হয় - ভাগ্য গঢ়োঁতা। তোমালোকে জানা শিৱবাবা
কিমান মিঠা। ‘বাবা’ শব্দটি অতি মিঠা। পিতাৰ পৰা সকলো আত্মাই উত্তৰাধিকাৰ প্ৰাপ্ত কৰে।
লৌকিক পিতাৰ পৰা পুত্ৰ সন্তানে উত্তৰাধিকাৰ পায়, কন্যা সন্তানে নাপায়। ইয়াত পুত্ৰ
বা কন্যা সকলো উত্তৰাধিকাৰৰ অধিকাৰী হয়। পিতাই পঢ়ায় আত্মাসকলক অৰ্থাৎ নিজৰ
সন্তানসকলক। আত্মাই বুজি পায় আমি সকলো ভাই ভাই। যথাযথ ভ্ৰাতৃত্ববোধ বুলি কোৱা হয়
নহয়। এজন ভগৱানৰ সন্তান তেন্তে ইমান কাজিয়া-পেচাল কিয়? সকলোৱে পৰস্পৰ কাজিয়া কৰিয়ে
থাকে। অনেক ধৰ্ম, অনেক মত আছে আৰু মুখ্য কথাতো ৰাৱণৰাজ্যত কাজিয়াই চলে কিয়নো বিকাৰৰ
প্ৰৱেশ ঘটিছে। কাম বিকাৰৰ ক্ষেত্ৰতো কিমান কাজিয়া-পেচাল হয়। এনেকৈ বহুত ৰজাই যুদ্ধ
কৰিছে। কাম বিকাৰৰ কাৰণে বহুত কাজিয়া কৰে। কিমান আনন্দিত হয়। কাৰোবাৰ প্ৰতি অন্তৰ
আকৰ্ষিত হ’লে তেতিয়া হত্যাও কৰি দিয়ে। কাম মহাশত্ৰু হয়। ক্ৰোধ থকাসকলক ক্ৰোধী বুলিয়ে
ক'ব। লোভ থকাসকলক লোভী বুলি ক'ব। কিন্তু যিসকল কাম বিকাৰগ্ৰস্ত হয় তেওঁলোকৰ বহুত
নাম ৰখা হৈছে সেয়েহে কোৱা হয় - অমৃত এৰি বিহ কিয় খোৱা। শাস্ত্ৰত অমৃত নাম লিখি দিছে।
দেখুৱায় সাগৰ মন্থন কৰাত অমৃত ওলাল। কলহ লক্ষ্মীক দিলে। কিমান কাহিনী আছে। ইয়াৰ
ভিতৰতো সকলোতকৈ ডাঙৰ কথা হৈছে সৰ্বব্যাপীৰ, গীতাৰ ভগৱান কোন? আৰু পতিত-পাৱন কোন?
প্ৰদৰ্শনীত মুখ্য এই চিত্ৰসমূহৰ ওপৰত বুজোৱা হয়। পতিত-পাৱন, জ্ঞানৰ সাগৰ আৰু তেওঁৰ
পৰা উৎপত্তি হোৱা জ্ঞান গংগা বা পানীৰ নদী বা সাগৰ? কিমান ভাল ভাল কথা বুজোৱা হয়।
পিতাই বহি বুজায় - মৰমৰ সন্তানসকল, তোমালোকক কোনে পাৱন কৰি তুলিলে? ভ্ৰষ্টতাৰ শুধৰণি
কৰোঁতাজন কোন? তেওঁ পতিত-পাৱন কেতিয়া আহে? এই খেল কেনেকৈ ৰচি থোৱা আছে? কোনেও নাজানে।
পিতাক কোৱাই হয় জ্ঞানপূৰ্ণ, আনন্দেৰে পৰিপূৰ্ণ, শান্তিৰে পৰিপূৰ্ণ। গায়নো কৰা হয় -
ভ্ৰষ্টতাৰ শুধৰণি কৰোঁতা এজন। এইটোতো বুজি পোৱা যায় - যথাযথ ৰাৱণে আমাক ভ্ৰষ্ট কৰে।
এই খেলখন হৈছে জয়-পৰাজয়ৰ। ৰাৱণকো তোমালোকে জানা যাক ভাৰতবাসীয়ে বছৰে বছৰে জ্বলায়।
ৰাৱণ ভাৰতৰ শত্ৰু। ভাৰততেই প্ৰত্যেক বছৰে জ্বলায়। তেওঁলোকক সোধা কেতিয়াৰ পৰা জ্বলাই
আহিছে? তেতিয়া ক'ব এইটোতো অনাদি চলি আহে, যেতিয়াৰ পৰা সৃষ্টি আৰম্ভ হয়। শাস্ত্ৰত যি
পঢ়িলে তাকে সত্য বুলি কৈ আহিছে। মুখ্য ভুল হৈছে ঈশ্বৰক সৰ্বব্যাপী বুলি কোৱাতো।
পিতাই এইটো নকয় যে এইটো কাৰ ভুল! এয়া নাটকত নিৰ্ধাৰিত হৈ আছে। জয়-পৰাজয়ৰ খেল। মায়াৰ
হাতত পৰাজিত হ’লেই পৰাজয়, মায়াক জয় কৰিলেই জয়। মায়াৰ হাতত কেনেকৈ পৰাজিত হয়, সেইটোও
বুজোৱা হয়। সম্পূৰ্ণ আধাকল্প ৰাৱণৰাজ্য চলে। এক চেকেণ্ডৰো হীনডেঢ়ি হ'ব নোৱাৰে।
ৰামৰাজ্যৰ স্থাপনা আৰু ৰাৱণৰাজ্যৰ বিনাশ। নিজৰ সময়ত সঠিকভাৱে চলে। সত্যযুগততো লংকা
নাথাকে। সেয়াতো বৌদ্ধ ধৰ্মৰ খণ্ড হয়। লিখা-পঢ়া কৰাসকলৰ বুদ্ধিত থাকে, লণ্ডন এইফালে,
আমেৰিকা এইফালে আছে। পঢ়াৰ দ্বাৰা বুদ্ধিৰ তলা খোলে, ৰশ্মি আহে। ইয়াক জ্ঞানৰ তৃতীয়
নেত্ৰ বুলি কোৱা হয়। বুঢ়ীসকলে বহুত কথা বুজি নাপায়। এওঁলোকে মুখ্য এটা কথা ধাৰণ
কৰিব লাগে, যিটো অন্তিম সময়ত কামত আহে। মনুষ্যই শাস্ত্ৰতো বহুত পঢ়ে। শেষত তথাপিও এটা
কথা কৈ দিয়ে যে ‘ৰাম’ ‘ৰাম’ বুলি কোৱা। এনেকৈ নকয় যে শাস্ত্ৰ শুনাওঁক, বেদ শুনাওঁক।
শেষত ক'ব ৰামক স্মৰণ কৰা। যি অধিক সময় যিটো চিন্তাত থাকে, অন্তিমতো সেয়া স্মৃতিলৈ
আহি যায়। এতিয়া বিনাশতো সকলোৰে হ'ব। তোমালোকে জানা সকলোৱে কাক স্মৰণ কৰিব? কোনোবাই
কৃষ্ণক, কোনোবাই নিজৰ গুৰুক স্মৰণ কৰিব। কোনোবাই নিজৰ দেহৰ সম্বন্ধীয়সকলক স্মৰণ
কৰিব। দেহক স্মৰণ কৰিলে, খেলা শেষ। ইয়াত তোমালোকক এটাই কথা বুজোৱা হয় যে নিজক আত্মা
বুলি বুজি পিতাক স্মৰণ কৰি থাকা। খতিয়ান ৰাখা যে আমি কিমান স্মৰণ কৰোঁ। যিমান স্মৰণ
কৰিবা, পাৱন হৈ গৈ থাকিবা। এনেকুৱা নহয় যে গংগাত গৈ স্নান কৰিলে পাৱন হ'বা। আত্মাৰ
কথা নহয় জানো। আত্মাহে পতিত, আত্মাহে পাৱন হয়। পিতাই বুজাইছে - আত্মা এক তৰা বিন্দু।
ভ্ৰূকুটিৰ মধ্যত নিবাস কৰে। এনেকৈ কয় আত্মা তৰা অতি সূক্ষ্ম। তোমালোক সন্তানসকলেহে
এই কথাবোৰ বুজিব পাৰা। পিতাই কয় - মই কল্পৰ সংগমযুগত আহোঁ। তেওঁলোকে আকৌ ‘কল্প’
শব্দটি এৰি ‘যুগে’ ‘যুগে’ বুলি লিখি দিছে। গতিকে মনুষ্যই ওলোটাকৈ বুজি লৈছে। মই কৈছোঁ
যে কল্পই কল্পই সংগমযুগত আহোঁ। ঘোৰ অন্ধকাৰ আৰু অতি আলোকৰ সংগমত। বাকী যুগে যুগে
অহাৰতো দৰকাৰে নাই। ছিৰি নামিয়ে (অৱনমিত হৈয়ে) আহে। যেতিয়া পূৰা 84 জন্মৰ ছিৰি নামে
তেতিয়া পিতা আহে। এই জ্ঞান গোটেই সৃষ্টিৰ কাৰণে। সন্ন্যাসীসকলে কৈ দিয়ে - এওঁলোকৰ
সকলোবোৰ চিত্ৰ কল্পনা মাথোন। কিন্তু কল্পনাৰতো ইয়াত কোনো কথাই নাই। এয়া সকলোকে
বুজোৱা হয়, নহ’লে মনুষ্যই কেনেকৈ গম পাব সেইকাৰণে এই চিত্ৰ তৈয়াৰ কৰা হৈছে। এই
প্ৰদৰ্শনী দেশ-দেশান্তৰত অনেক হৈ থাকিব। পিতাই কয় - বহুত ভাৰতবাসী সন্তান আছে। হওঁতে
সকলো সন্তান হয় নহয় জানো। অনেক ধৰ্মৰ এয়া বৃক্ষ হয়। পিতাই বহি বুজায় - এই সকলো কাম
চিতাত বহি জ্বলি মৰি গৈছে। সত্যযুগত যি পোন-প্ৰথমে আহে, তেওঁলোকেই আকৌ পোন-প্ৰথমে
দ্বাপৰৰ পৰা কাম অগ্নিত জ্বলে সেইকাৰণে ক’লা (অপৱিত্ৰ) হৈ গৈছে। এতিয়া সকলোৰে সৎগতি
হ’ব। তোমালোক নিমিত্ত হোৱা। তোমালোকৰ পাছত সকলোৰে সৎগতি হ’ব। পিতাই কিমান সহজভাৱে
বুজায়। কয় - কেৱল পিতাক স্মৰণ কৰা। আত্মাইহে দুৰ্গতিক পাইছে। আত্মা পতিত হ’লে শৰীৰো
এনেকুৱা পায়। আত্মাক পাৱন কৰি তোলাৰ যুক্তি (উপায়) পিতাই একেবাৰে সহজভাৱে শুনায়।
ত্ৰিমূৰ্তিৰ চিত্ৰত ব্ৰহ্মাৰ চিত্ৰ দেখি মনুষ্যই হায়! হায়! কৰি দিয়ে। এওঁক ব্ৰহ্মা
বুলি কিয় কয়? ব্ৰহ্মাতো সূক্ষ্মলোকবাসী দেৱতা হয়, ইয়ালৈ ক’ৰ পৰা আহিল? এই দাদাতো
নামজ্বলা আছিল। বাতৰিকাকতত সকলো ঠাইতে প্ৰকাশিত হৈছিল, এজন হীৰা বেপাৰীয়ে কয় - মই
শ্ৰীকৃষ্ণ, মোক 16108 গৰাকী ৰাণী লাগে। পলুৱাই নিয়া বুলি বহুত হুলস্থুল লাগি গৈছিল।
এতিয়া এজন এজনক লৈ কোনে মগজ খটুৱাব। ইমান অনেক মনুষ্য আছে। আবুতো কোনোবা আহিলে
তেওঁক ততালিকে কয় – হেৰ’ ব্ৰহ্মাকুমাৰীসকলৰ ওচৰলৈ যোৱা! তেওঁলোকেতো যাদু কৰি দিয়ে।
স্ত্ৰী-পুৰুষক ভাই-ভনী কৰি দিয়ে। অতিৰঞ্জিত কথা কৈ মগজেই বেয়া কৰি দিয়ে। পিতাই কয় -
তোমালোকে মোক জ্ঞান সাগৰ সৃষ্টিৰ সৰ্বেসৰ্বা বুলি কোৱা। সৰ্বেসৰ্বা অৰ্থাৎ
সৰ্বশক্তিমান, সকলো বেদ শাস্ত্ৰ আদিক জানোঁতা। ডাঙৰ বিদ্ধান লোককো হৰ্তা-কৰ্তা বুলি
কয় কিয়নো তেওঁলোকে সকলো বেদ, শাস্ত্ৰ আদি পঢ়ে আকৌ বাৰানসীত গৈ উপাধি লৈ আহে। ‘মহা-মহোপাধ্যায়’,
‘শ্ৰী শ্ৰী 108 সৰস্বতী’ এই সকলো উপাধি তাতেই পায়। যিসকল বহুত বুদ্ধিমান, তেওঁলোকে
ডাঙৰ উপাধি পায়। শাস্ত্ৰত জনকৰ ক্ষেত্ৰত লিখা আছে। তেওঁ ক’লে যে সঁচা ব্ৰহ্ম জ্ঞান
কোনোবাই মোক শুনাওঁক। এতিয়া ব্ৰহ্ম জ্ঞানতো নাই। কথা সকলো ইয়াৰে। কাহিনী ডাঙৰ কৰি
দিলে। শংকৰ পাৰ্ৱতীৰো কাহিনী লিখা আছে। কিমান কাহিনী বহি ৰচনা কৰিছে। শংকৰে
পাৰ্ৱতীক কাহিনী শুনালে, বাস্তৱত আছিল শিৱ তেওঁলোকে আকৌ শংকৰ পাৰ্ৱতীৰ নাম দি দিছে।
ভাগৱত আদিত এই সকলোবোৰ এই সময়ৰ কথা আছে। আকৌ কাহিনীত শুনায়, তেওঁৰ খেয়াল আহিল –
ৰজাক গৈ এই জ্ঞান দিওঁ। পিতায়ো বুজায় – ৰজাসকলক গৈ জ্ঞান দিয়া। তোমালোকেই সূৰ্যবংশী
আছিলা পুনৰ চন্দ্ৰবংশী, বৈশ্য বংশী, শূদ্ৰ বংশী হ’লা। তোমালোকৰ ৰাজধানীয়েই নাশ হৈ
গ’ল। এতিয়া পুনৰ সূৰ্যবংশী ৰাজধানী ল’বলৈ হ’লে পুৰুষাৰ্থ কৰা। ৰাজযোগ শিকাওঁতা
বাবাৰ আগমন হৈছে। পুনৰ আহি বেহদৰ স্বৰাজ্য লোৱা। ৰজাসকলৰ ওচৰতো বহুত চিঠি যায় কিন্তু
তেওঁলোকে পায় জানো। তেওঁলোকৰ ব্যক্তিগত সচিবে চিঠিবোৰ চায়। কিমান চিঠি পেলাই দিয়ে।
কোনোবাখনত এনেকুৱা আৱশ্যকীয় কথা থাকিলে তেওঁক দেখুৱাই দিয়ে। কয় – অষ্টাৱক্ৰই জনকক
এক চেকেণ্ডত জীৱনমুক্তিৰ সাক্ষাৎকাৰ কৰালে। এয়াও এতিয়াৰ হয়। এতিয়া পিতাই বহি কিমান
ভালদৰে তোমালোকক বুজায়। যিসকল বুজি পাওঁতা নহয়, তেওঁলোকে ইফালে-সিফালে চাই থাকিব।
বাবাই তৎক্ষণাৎ বুজি পায় – তেওঁৰ বুদ্ধিত একোৱেই ধাৰণ নহয়। বাবাই চাৰিওফালে লক্ষ্যও
কৰে – সকলোৱে ভালদৰে শুনিছেনে। এওঁলোকৰ বুদ্ধি ক’ৰবাত ভ্ৰমি ফুৰি নেকি। হামিয়াই থাকে।
জ্ঞান বুদ্ধিত ধাৰণ নহ’লে কলমটিয়াই থাকিব, লোকচান হৈ যায়। কৰাচীত এই সন্তানসকলৰ ভাতী
আছিল। কোনোবাই কলমটিয়াই থাকিলে তেতিয়া তৎক্ষণাৎ বাহিৰলৈ উলিয়াই দিয়া হৈছিল।
নিজৰসকলেই বহিছিল। বাহিৰৰ কোনো নাহিছিল। আৰম্ভণিত এওঁলোকৰ ডাঙৰ ভূমিকা চলিছে।
দীঘলীয়া ইতিহাস। আৰম্ভণিততো কন্যাসকল বহুত ধ্যানলৈ গুচি গৈছিল। এতিয়ালৈকে কৈ থাকে
যে যাদু আছে। পৰমপিতা পৰমাত্মাক যাদুকৰ বুলি কয় নহয় জানো। শিৱবাবাই দেখিবলৈ পায় -
এওঁৰ বহুত প্ৰেম আছে, তেতিয়া দেখিলেই তৎক্ষণাৎ ধ্যানত গুচি গৈছিল। বৈকুণ্ঠতো
ভাৰতবাসীৰ অতি প্ৰিয় হয়। কোনোবা মৰিলে কয় - বৈকুণ্ঠবাসী হ’ল, স্বৰ্গবাসী হ’ল। এতিয়া
এয়াতো হয়েই নৰক। সকলো নৰকবাসী, সেইবাবেতো কয় - অমুক স্বৰ্গবাসী হ’ল। কিন্তু
স্বৰ্গলৈতো কোনো নাযায়েই। এতিয়া এইটো কেৱল তোমালোকে জানা যে আমি স্বৰ্গবাসী আছিলোঁ
পুনৰ 84 জন্ম লৈ নৰকবাসী হৈ গৈছোঁ। এতিয়া পুনৰ বাবাই স্বৰ্গবাসী কৰি আছে। স্বৰ্গত
ৰাজধানী আছে। ৰাজধানীত বহুত পদ পাছে। পুৰুষাৰ্থ কৰি নৰৰ পৰা নাৰায়ণ হ’ব লাগে।
তোমালোকে জানা যে এই মম্মা বাবা ভৱিষ্যতে লক্ষ্মী-নাৰায়ণ হয়। এতিয়া পুৰুষাৰ্থ কৰি
আছে, সেইকাৰণে কোৱা হয় - মাতা-পিতাক অনুসৰণ কৰা। যেনেকৈ এওঁলোকে পুৰুষাৰ্থ কৰে,
তোমালোকেও কৰা। এওঁলোকো স্মৃতিত থাকে, স্বদৰ্শন চক্ৰধাৰী হয়। তোমালোকে পিতাক স্মৰণ
কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। ত্ৰিকালদৰ্শী হোৱা। তোমালোকৰ এই গোটেই চক্ৰৰ জ্ঞান
আছে, ইয়াতে তৎপৰ হৈ থাকা, আনক বুজাই থাকা। এইটো সেৱাতেই ব্যস্ত হৈ থাকিলে তেতিয়া
অন্য কোনো ধান্দা আদি স্মৃতিলৈ নাহিব। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সত্যযুগত
উচ্চ পদ পাবলৈ মাতা-পিতাক পূৰা পূৰা অনুসৰণ কৰিব লাগে। তেওঁৰ সমান পুৰুষাৰ্থ কৰিব
লাগে। সেৱাত তৎপৰ হৈ থাকিব লাগে। একাগ্ৰ হৈ পঢ়িব লাগে।
(2) স্মৃতিত থকাৰ সঁচা
খতিয়ান ৰাখিব লাগে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে, দেহ বা দেহধাৰীক
স্মৰণ কৰিব নালাগে।
বৰদান:
নিজৰ সৰ্বোচ্চ
স্থিতিত স্থিৰ হৈ থাকি প্ৰতিটো সংকল্প, বাণী আৰু কৰ্ম কৰোতা, সম্পূৰ্ণ নিৰ্বিকাৰী
হোৱা
সম্পূৰ্ণ নিৰ্বিকাৰী
অৰ্থাৎ শতাংশৰ হিচাপতো যাতে কোনো বিকাৰৰ ফালে আকৰ্ষণ নাযায়, কেতিয়াও বিকাৰৰ বশীভূত
নহয়। সৰ্বোচ্চ স্থানত থকা আত্মাসকলে কোনো সাধাৰণ সংকল্পও কৰিব নোৱাৰে। গতিকে
যেতিয়াই কোনো সংকল্প বা কৰ্ম কৰা, তেতিয়া পৰীক্ষা কৰা যে যেনেকুৱা উচ্চ নাম,
তেনেকুৱা উচ্চ কাম হৈছেনে? যদি নাম উচ্চ আৰু কাম নীচ, তেন্তে নাম বদনাম কৰা সেইবাবে
লক্ষ্য অনুসৰি লক্ষণ ধাৰণ কৰা, তেতিয়া সম্পূৰ্ণ নিৰ্বিকাৰী অৰ্থাৎ পৱিত্ৰতম আত্মা
বুলি কোৱা হ’ব।
স্লোগান:
কৰ্ম কৰি কৰণ-কৰাৱনহাৰ পিতাৰ স্মৃতি থাকিলে তেতিয়া নিজৰ পুৰুষাৰ্থ আৰু যোগৰ সন্তুলন
ঠিকে থাকিব।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
এই কলিযুগী তমোপ্ৰধান
জৰাজীৰ্ণ বৃক্ষৰ দুৰ্দশা দেখি পিতা ব্ৰহ্মাৰ সংকল্প উদয় হয় যে এতিয়াই সন্তানসকলৰ
তপস্বী ৰূপৰ দ্বাৰা, যোগ অগ্নিৰ দ্বাৰা এই পুৰণা বৃক্ষ ভস্ম কৰি দিওঁ। কিন্তু ইয়াৰ
বাবে সংগঠিত ৰূপত সম্পূৰ্ণ শক্তিৰে যোগ অগ্নি প্ৰজ্বলিত হ’ব লাগে। গতিকে পিতা
ব্ৰহ্মাৰ এইটো সংকল্প সাকাৰ ৰূপত আনা।