28.09.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যেতিয়া তোমালোক ক্ৰমানুসৰি সতোপ্ৰধান হ'বাগৈ তেতিয়া এই প্ৰাকৃতিক দুৰ্যোগ বা বিনাশৰ জোৰ বাঢ়িব আৰু এই পুৰণি সৃষ্টি সমাপ্ত হ'ব”

প্ৰশ্ন:
কোনটো পুৰুষাৰ্থ কৰোঁতাসকলৰ পিতাৰ পূৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়?

উত্তৰ:
পূৰা উত্তৰাধিকাৰ ল'বলৈ হ’লে 1) প্ৰথমে পিতাক নিজৰ উত্তৰাধিকাৰী কৰি লোৱা অৰ্থাৎ তোমালোকৰ ওচৰত যি আছে, সেয়া সকলো পিতাক উৎসৰ্গিত কৰি দিয়া। পিতাক নিজৰ সন্তান কৰি লোৱা তেতিয়া পূৰা উত্তৰাধিকাৰৰ অধিকাৰী হৈ যাবা। 2) সম্পূৰ্ণ পৱিত্র হোৱা তেতিয়া পূৰা উত্তৰাধিকাৰ পাই যাবা। সম্পূৰ্ণ পৱিত্র নহ’লে শাস্তি খাই এটুকুৰা ৰুটি (অলপ প্ৰাপ্তি) পাবা।

ওঁম্শান্তি।
সন্তানসকল কেৱল এজনৰ স্মৃতিত বহিব নালাগে। তিনিওজনৰ স্মৃতিত বহিব লাগে। যদিওবা এজনেই কিন্তু তোমালোকে জানা যে তেওঁ পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। আমাক সকলোকে উভতাই লৈ যাবলৈ আহিছে, এই নতুন কথাবোৰ তোমালোকেহে বুজি পোৱা। সন্তানসকলে জানে যিসকলে ভক্তি শিকায়, শাস্ত্ৰ শুনায়, সেই সকলোবোৰ হৈছে মনুষ্য। এওঁকতো মনুষ্য বুলি কোৱা নহ'ব। এওঁতো হৈছে নিৰাকাৰ, নিৰাকাৰ আত্মাসকলক বহি পঢ়ায়। আত্মাই শৰীৰৰ দ্বাৰা শুনে। এই জ্ঞান বুদ্ধিত থাকিব লাগে। এতিয়া তোমালোক বেহদৰ পিতাৰ স্মৃতিত বহি আছা। বেহদৰ পিতাই কৈছে - আত্মিক সন্তানসকল, মোক স্মৰণ কৰিলে পাপ খণ্ডন হ’ব। ইয়াত শাস্ত্ৰ আদিৰ কোনো কথা নাই। জানা যে পিতাই আমাক ৰাজযোগ শিকাই আছে। কিমান মহান শিক্ষক, উচ্চতকৈও উচ্চ, সেয়েহে পদো উচ্চতকৈও উচ্চ প্ৰাপ্ত কৰায়। যেতিয়া তোমালোক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি সতোপ্ৰধান হৈ যাবা তেতিয়া পুনৰ যুদ্ধ হ’ব। প্ৰাকৃতিক দুৰ্যোগো হ'ব। স্মৰণো নিশ্চয় কৰিব লাগে। বুদ্ধিত গোটেই জ্ঞানো থাকিব লাগে। কেৱল এবাৰেই পুৰুষোত্তম সংগমযুগত পিতা আহি বুজায়, নতুন সৃষ্টিৰ কাৰণে। শিশুসকলেও পিতাক স্মৰণ কৰে। তোমালোকতো বুদ্ধিমান, জানা যে পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব আৰু পিতাৰ পৰা উচ্চ পদ প্ৰাপ্ত কৰিম। এইটোও জানা যে এই লক্ষ্মী-নাৰায়ণে নতুন সৃষ্টিত যি পদ প্ৰাপ্ত কৰিছে সেয়া শিৱবাবাৰ পৰাই প্ৰাপ্ত কৰিছে। এই লক্ষ্মী-নাৰায়ণেই আকৌ 84ৰ চক্ৰ লগাই এতিয়া ব্ৰহ্মা-সৰস্বতী হৈছে। এওঁলোকেই পুনৰ লক্ষ্মী-নাৰায়ণ হ'বগৈ। এতিয়া পুৰুষাৰ্থ কৰি আছে। তোমালোকৰ সৃষ্টিৰ আদি-মধ্য-অন্তৰ জ্ঞান আছে। এতিয়া তোমালোকে অন্ধশ্ৰদ্ধাৰে দেৱতাসকলৰ আগত গৈ শিৰ নত নকৰা। দেৱতাসকলৰ আগত মনুষ্য গৈ নিজকে পতিত বুলি সিদ্ধ কৰে। এনেকৈ কয় - আপুনি সৰ্বগুণ সম্পন্ন, মই পাপী বিকাৰী, কোনো গুণ নাই। তোমালোকে যাৰ মহিমা গাইছিলা, এতিয়া তোমালোক নিজে সেয়া হৈ আছা। কয় - বাবা, এই শাস্ত্ৰ আদি পঢ়া কেতিয়াৰ পৰা আৰম্ভ হৈছে? পিতাই কয় - যেতিয়া পৰা ৰাৱণৰাজ্য আৰম্ভ হৈছে। এই সকলোবোৰ হৈছে ভক্তিৰ সামগ্ৰী। তোমালোক যেতিয়া ইয়াত বহা তেতিয়া বুদ্ধিত গোটেই জ্ঞান ধাৰণ হ'ব লাগে। এই সংস্কাৰ আত্মাই লৈ যাব। ভক্তিৰ সংস্কাৰ নাযায়। ভক্তিৰ সংস্কাৰধাৰী লোকসকলে পুৰণি সৃষ্টিত মনুষ্যৰ ওচৰতেই জন্ম ল'ব। এয়াও নিশ্চিত। তোমালোকৰ বুদ্ধিত এই জ্ঞানৰ চক্ৰ চলিব লাগে। লগতে বাবাকো স্মৰণ কৰিব লাগে। বাবা আমাৰ পিতাও হয়। পিতাক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব। বাবা আমাৰ শিক্ষকো হয় গতিকে পঢ়াৰ কথা বুদ্ধিত আহিব আৰু সৃষ্টি চক্ৰৰ জ্ঞানো বুদ্ধিত আছে, যাৰ দ্বাৰা তোমালোক চক্ৰৱৰ্তী ৰজা হ'বাগৈ। (স্মৃতিৰ যাত্ৰা চলি আছে)

ওঁম্ শান্তি। ভক্তি আৰু জ্ঞান। পিতাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। তেওঁ ভক্তিৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত - ভক্তি কেতিয়া আৰম্ভ হ’ল, কেতিয়া পূৰা হ'ব। মনুষ্য এই বিষয়ে অজ্ঞাত। পিতাহে আহি বুজায়। সত্যযুগত তোমালোক দেৱী-দেৱতা বিশ্বৰ মালিক আছিলা। তাত ভক্তিৰ নাম নাই। এটাও মন্দিৰ নাছিল। সকলো দেৱী-দেৱতাই আছিল। পাছলৈ যেতিয়া সৃষ্টি আধা পুৰণি হয় অৰ্থাৎ 2500 বছৰ পূৰা হয় অথবা ত্ৰেতা আৰু দ্বাপৰৰ সংগম হয় তেতিয়া ৰাৱণ আহে। সংগমতো নিশ্চয় লাগে। ত্ৰেতা আৰু দ্বাপৰৰ সংগমত ৰাৱণ আহে যেতিয়া দেৱী-দেৱতাসকল বাম (বিকাৰী) মাৰ্গত অধঃপতিত হয়। এয়া তোমালোকৰ বাহিৰে অন্য কোনেও নাজানে। পিতাও আহে কলিযুগৰ অন্ত আৰু সত্যযুগৰ আদিৰ সংগমত আৰু ৰাৱণ আহে ত্ৰেতা আৰু দ্বাপৰৰ সংগমত। এতিয়া সেই সংগমক কল্যাণকাৰী বুলি কোৱা নহয়। তাকতো অকল্যাণকাৰী বুলিয়েই কোৱা হ'ব। পিতাৰহে নাম কল্যাণকাৰী। দ্বাপৰৰ পৰা অকল্যাণকাৰী যুগ আৰম্ভ হয়। পিতাতো হৈছে চৈতন্য বীজৰূপ। তেওঁৰ গোটেই বৃক্ষৰ জ্ঞান আছে। সেই বীজো যদি চৈতন্য হয় তেন্তে বুজালেহেঁতেন - মোৰ পৰা এই বৃক্ষ এনেকৈ অংকুৰিত হয়। কিন্তু জড় হোৱাৰ কাৰণে ক'ব নোৱাৰে। আমি বুজিব পাৰোঁ যে বীজ ৰোপণ কৰিলে প্ৰথমে সৰু পুলি অংকুৰিত হৈ ওলায়। পাছত ডাঙৰ হৈ ফল দিবলৈ আৰম্ভ কৰে। কিন্তু চৈতন্যইহে সকলো বুজাব পাৰে। জগতততো আজিকালি মনুষ্যই কি কি কৰি থাকে। উদ্ভাৱন কৰিয়েই থাকে। চন্দ্ৰত যাবলৈ চেষ্টা কৰে। এই সকলোবোৰ কথা এতিয়া তোমালোকে শুনি আছা। চন্দ্ৰৰ ফালে কিমান উচ্চলৈ লাখ লাখ মাইলৈকে যায় এইটো পৰীক্ষা কৰিবলৈ যে চন্দ্ৰ কি বস্তু? সমুদ্ৰৰ কিমান গভীৰলৈকে যায়, পৰীক্ষা কৰে, কিন্তু অন্ত পাব নোৱাৰে, পানীয়েই পানী। এৰ'প্লেনেৰে ওপৰলৈ যায়, তাত পেট্ৰ'ল ইমানখিনি ঢালে যাতে পুনৰ ঘূৰি আহিব পাৰে। আকাশ সীমাহীন নহয় জানো, সাগৰো সীমাহীন। যেনেকৈ এওঁ বেহদৰ জ্ঞান সাগৰ, সেয়া হৈছে পানীৰ সীমাহীন সাগৰ। আকাশ তত্ত্বও সীমাহীন। ধৰণীও সীমাহীন, গৈয়ে থাকা। সাগৰৰ তলত আকৌ ধৰণী আছে। পাহাৰ কিহ’ৰ ওপৰত ঠিয় হৈ আছে? ধৰণীৰ ওপৰত। আকৌ ধৰণীক খান্দিলে পাহাৰ ওলাই আহে, তাৰ তলত আকৌ পানীও ওলাই আহে। সাগৰো ধৰণীৰ ওপৰত আছে। তাৰ কোনো অন্ত পাব নোৱাৰে যে কিমানলৈকে পানী আছে, কিমানলৈকে ধৰণী আছে? পৰমপিতা পৰমাত্মা যি বেহদৰ পিতা, তেওঁৰ ক্ষেত্ৰত অন্তহীন বুলি কোৱা নহ’ব। মনুষ্যই যদিও কয় যে ঈশ্বৰ অন্তহীন, মায়াও অন্তহীন। কিন্তু তোমালোকে বুজি পোৱা যে ঈশ্বৰতো অন্তহীন হ'বই নোৱাৰে। বাকী এই আকাশ অন্তহীন। আকাশ, বায়ু, পানী, মাটি, অগ্নি - এই 5 তত্ব আছে। এই 5 তত্ব তমোপ্ৰধান হৈ যায়। আত্মাও তমোপ্ৰধান হৈ যায় আকৌ পিতা আহি সতোপ্ৰধান কৰি তোলে। কিমান সূক্ষ্ম আত্মা, 84 জন্ম ভোগ কৰে। এই চক্ৰ ঘূৰিয়েই থাকে। এয়া হৈছে অনাদি নাটক, ইয়াৰ অন্ত নহয়। এয়া পৰম্পৰাগতভাৱে চলি আহিছে। কেতিয়াৰ পৰা আৰম্ভ হ’ল – যদি এয়া ক'ব পাৰে তেন্তে অন্তও আছে। বাকী এইটো কথা বুজাব লাগে - কেতিয়াৰ পৰা নতুন সৃষ্টি আৰম্ভ হয়। আকৌ পুৰণি হয়। এয়া 5 হাজাৰ বছৰৰ চক্ৰ যি ঘূৰিয়েই থাকে। এতিয়া তোমালোকে জানা, বাকী তেওঁলোকেতো মিছা কাহিনী ৰচি দিলে। শাস্ত্ৰবোৰত লিখা আছে যে সত্যযুগৰ বয়স ইমান লাখ বছৰ। গতিকে মনুষ্যই শুনি শুনি তাকেই সত্য বুলি বুজি লয়। এইটো গম নাপায় - ভগৱানে কেতিয়া আহি নিজৰ পৰিচয় দিব? নজনাৰ কাৰণে কৈ দিয়ে কলিযুগৰ আয়ুস 40 হাজাৰ বছৰ এতিয়াও বাকী আছে। যেতিয়ালৈকে তোমালোকে নুবুজোৱা। এতিয়া তোমালোক বুজাবৰ বাবে নিমিত্ত হোৱা যে কল্প হৈছে 5 হাজাৰ বছৰৰ, লাখ লাখ বছৰৰ নহয়।

ভক্তিমাৰ্গৰ কিমান সামগ্ৰী আছে, মনুষ্যৰ হাতত পইচা থাকিলে খৰচ কৰে। পিতাই কয় - মই তোমালোকক কিমান পইচা দি যাওঁ! বেহদৰ পিতা গতিকে নিশ্চয় বেহদৰ উত্তৰাধিকাৰ দিব। ইয়াৰ দ্বাৰা সুখো প্ৰাপ্ত হয়, আয়ুসো দীঘলীয়া হয়। পিতাই সন্তানসকলক কয় - মোৰ অতি মৰমৰ সন্তানসকল, আয়ুস্মান ভৱ। তাত তোমালোকৰ আয়ুস 150 বছৰ হয়, কেতিয়াও কালে খাব নোৱাৰে। পিতাই বৰদান দিয়ে, তোমালোকক আয়ুস্মান (দীৰ্ঘায়ু) কৰি তোলে। তোমালোক অমৰ হৈ যাবা। তাত কেতিয়াও অকাল মৃত্যু নহ'ব। তাত তোমালোক বহুত সুখী হৈ থাকা সেয়েহে সুখধাম বুলি কোৱা হয়। আয়ুসো দীঘলীয়া হয়, ধনো বহুত প্ৰাপ্ত হয়, সুখো বহুত থাকে। কঙালৰ পৰা মুকুটধাৰী হৈ যায়। তোমালোকৰ বুদ্ধিত আছে - পিতা দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে। সেয়াতো নিশ্চয় সৰু বৃক্ষই হ'ব। তাত হৈছেই এটা ধৰ্ম, এখনেই ৰাজ্য, এটাই ভাষা। তাকেই কোৱা হয় বিশ্বত শান্তি। গোটেই বিশ্বত আমিয়েই ভাৱৰীয়া। সেয়া মনুষ্যই নাজানে। যদি জানে তেন্তে কওঁকচোন কেতিয়া পৰা আমি ভূমিকা পালন কৰি আহিছোঁ? এতিয়া তোমালোক সন্তানসকলক পিতাই বুজাই আছে। গীততো আছে নহয় - বাবাৰ পৰা যি পোৱা যায় সেয়া আৰু আন কাৰো পৰা পোৱা নাযায়। গোটেই পৃথিৱী, আকাশ, গোটেই বিশ্বৰ ৰাজধানী দি দিয়ে। এই লক্ষ্মী-নাৰায়ণ বিশ্বৰ মালিক আছিল পাছত যিসকল ৰজা আদি হয় তেওঁলোক ভাৰতৰ আছিল। গায়নো কৰা হয় - যি বাবাই দিয়ে, সেয়া অন্য কোনেও দিব নোৱাৰে। পিতাহে আহি প্ৰাপ্তি কৰায়। গতিকে এই গোটেই জ্ঞান বুদ্ধিত থাকিব লাগে যাতে যিকোনো লোককে বুজাব পাৰা। ইমানখিনি বুজিব লাগে। এতিয়া বুজাব কোনে পাৰিব? যি বন্ধনমুক্ত হ’ব। বাবাৰ ওচৰলৈ যেতিয়া কোনোবা আহে তেতিয়া বাবাই সোধে – কেইটা সন্তান আছে? তেতিয়া কয় 5 টা সন্তান নিজৰ আৰু ষষ্ঠ সন্তানটি হৈছে শিৱবাবা তেন্তে নিশ্চয় সকলোতকৈ ডাঙৰ সন্তান নহ'ল জানো। শিৱবাবাৰ হৈ গ’ল গতিকে শিৱবাবাই আকৌ নিজৰ সন্তান কৰি বিশ্বৰ মালিক কৰি তোলে। সন্তানসকল উত্তৰাধিকাৰী হৈ যায়। এই লক্ষ্মী-নাৰায়ণ শিৱবাবাৰ সম্পূৰ্ণ উত্তৰাধিকাৰী হয়। আগৰ জন্মত শিৱবাবাক সকলো দি দিলে। গতিকে সন্তানসকলে উত্তৰাধিকাৰ নিশ্চয় পোৱা উচিত। বাবাই ক’লে - মোক উত্তৰাধিকাৰী কৰি লোৱা আৰু দ্বিতীয় কোনো নাই। কয় – বাবা, এই সকলোবোৰ আপোনাৰ আৰু আপোনাৰ সকলো মোৰ। আপুনি মোক গোটেই বিশ্বৰ বাদশ্বাহী উত্তৰাধিকাৰত দিয়ে কিয়নো মোৰ যি আছিল সেয়া সকলোবোৰ দি দিলোঁ। ড্ৰামাত নিৰ্ধাৰিত হৈ আছে নহয়‌। অৰ্জুনক বিনাশো দেখুৱালে আৰু চতুৰ্ভুজো দেখুৱালে। অৰ্জুন কোনো অন্যতো নহয়, এওঁৰ সাক্ষাৎকাৰ হ’ল। দেখিলে, ৰাজ্য প্ৰাপ্ত হয় তেন্তে কিয়নো শিৱবাবাক উত্তৰাধিকাৰী কৰি নলওঁ। তেওঁ আকৌ আমাক উত্তৰাধিকাৰী কৰি লয়। এই চুক্তিতো বহুত ভাল। কেতিয়াও কাকো একো নুসুধিলে। গুপ্তভাৱে সকলোবোৰ দিলে। ইয়াক গুপ্ত দান বুলি কোৱা হয়। অন্যই কি জানে, এওঁলোকৰ কি হৈ গ'ল। কোনোৱে বুজিলে এওঁলোকৰ বৈৰাগ্য উপজিল, সন্ন্যাসী হৈ গ’ল। গতিকে এই কন্যাসকলেও কয় - 5টি সন্তান নিজৰ, বাকী এটি সন্তান আমি এওঁক কৰি ল’ম। এৱোঁ সকলোবোৰ বাবাৰ আগত ৰাখি দিলে, যাৰ দ্বাৰা বহুতৰে সেৱা হ’ব। বাবাক দেখি সকলোৰে খেয়াল চলিল, সকলোৱে ঘৰ-সংসাৰ এৰি দৌৰি আহিল। তাৰ পৰাই হুলস্থুল আৰম্ভ হ'ল। ঘৰ-সংসাৰ এৰাৰ তেওঁলোকে সাহস দেখুৱালে। শাস্ত্ৰতো লিখা আছে – ভাতী তৈয়াৰ হৈছিল কিয়নো তেওঁলোকক একান্তৰ নিশ্চয় প্ৰয়োজন। পিতাৰ বাহিৰে অন্য কোনো যাতে স্মৃতিত নাথাকে। মিত্ৰ-সম্বন্ধীয়ৰ স্মৃতিও যাতে নাথাকে কিয়নো আত্মা যি পতিত হৈ গ’ল তাক নিশ্চয় পাৱন কৰি তুলিব লাগে। পিতাই কয় গৃহস্থালিত থাকি পৱিত্ৰ হোৱা। এই ক্ষেত্ৰতে সমস্যাৰ সৃষ্টি হয়। কৈছিল - এয়া স্ত্ৰী-পুৰুষৰ মাজত কাজিয়া লগোৱা জ্ঞান কিয়নো এগৰাকী পৱিত্ৰ হ’লে, আনগৰাকী নহ’লে তেতিয়া মাৰামাৰী লাগি যায়। এওঁলোক সকলোৱে মাৰ খাইছে কিয়নো হঠাৎ নতুন কথা হৈ গ’ল। সকলো আচম্বিত হ’বলৈ ধৰিলে, এয়া কি হ'ল যে ইমানবিলাক দৌৰি গুচি যায়। মনুষ্যৰতো বুজাৰ শক্তি অলপো নাই। ইমানখিনি কৈছিল - কিবা শক্তি আছে! এনেকুৱাতো কেতিয়াও হোৱা নাই যে নিজৰ ঘৰ-সংসাৰ এৰি দৌৰি যাব। ড্ৰামাত এই সকলোবোৰ চৰিত্ৰ শিৱবাবাৰ। কোনোবা খালী হাতেৰে দৌৰিল, এয়াও খেল। ঘৰ-সংসাৰ সকলো এৰি দৌৰিল, একোৱেই স্মৃতিত নাথাকিল। বাকী কেৱল এয়া শৰীৰ আছে, যাৰ দ্বাৰা কাম কৰিব লাগে। আত্মাকো স্মৃতিৰ যাত্ৰাৰ দ্বাৰা পৱিত্র কৰি তুলিব লাগে, তেতিয়াহে পৱিত্র আত্মাসকল উভতি যাব পাৰিব। স্বৰ্গলৈ অপৱিত্ৰ আত্মাতো যাব নোৱাৰে। নিয়ম নাই। মুক্তিধামত পৱিত্রহে লাগে। পৱিত্ৰ হোৱাৰ ক্ষেত্ৰতে কিমান বিঘিনি আহে। আগতে কোনো সৎসংগ আদিত যাবৰ কাৰণে বাধা প্ৰদান কৰা নহৈছিল। যিকোনো সৎসংগলৈ গুচি গৈছিল। ইয়াত পৱিত্ৰতাৰ কাৰণে বিঘিনি আহে। এইটো বুজি পায় যে - পৱিত্ৰ নোহোৱাকৈ ঘৰলৈ উভতি যাব নোৱাৰো। ধৰ্মৰজাৰ দ্বাৰা শাস্তি খাব লাগিব। শাস্তি খাই অলপ প্ৰাপ্তি হ'ব। শাস্তি নাখালে পদো ভাল প্ৰাপ্ত হ'ব। এয়া বুজিবলগীয়া কথা। পিতাই কয় – অতি মৰমৰ সন্তানসকল, তোমালোক মোৰ ওচৰলৈ আহিব লাগে। এই পুৰণা শৰীৰ ত্যাগ কৰি পৱিত্ৰ আত্মা হৈ আহিব লাগে। আকৌ যেতিয়া 5 তত্ব সতোপ্ৰধান নতুন হৈ যাব তেতিয়া তোমালোকে নতুন সতোপ্ৰধান শৰীৰ পাবা। গোটেইবোৰ উথল-পাথল হৈ নতুন হৈ যাব। যেনেকৈ বাবা এওঁৰ শৰীৰত আহি বহে তেনেকৈ আত্মাই কোনো কষ্ট নোপোৱাকৈয়ে গৰ্ভ মহলত গৈ বহিব। আকৌ যেতিয়া সময় হয় তেতিয়া বাহিৰলৈ ওলাই আহে তেতিয়া যেন বিজুলী চমকি উঠে কিয়নো আত্মা পৱিত্ৰ। এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আত্মাক পাৱন কৰিবৰ কাৰণে একান্তৰ ভাতীত থাকিব লাগে। একমাত্ৰ পিতাৰ বাহিৰে অন্য কোনো মিত্ৰ-সম্বন্ধীয় যাতে স্মৃতিলৈ নাহে।

(2) বুদ্ধিত গোটেই জ্ঞান ধাৰণ কৰি, বন্ধনমুক্ত হৈ অন্যৰ সেৱা কৰিব লাগে। পিতাৰ সৈতে সঁচা চুক্তি কৰিব লাগে। যেনেকৈ পিতাই সকলোবোৰ গুপ্তভাৱে কৰিলে, তেনেকৈ গুপ্ত দান কৰিব লাগে।

বৰদান:
মায়াৰ ভয়ানক ৰূপৰ খেল সাক্ষী হৈ প্ৰত্যক্ষ কৰোঁতা মায়াজিৎ হোৱা

মায়াক স্বাগত জনাওঁতাসকল মায়াৰ ভয়ানক ৰূপ দেখি ভীতিগ্ৰস্ত নহয়। সাক্ষী হৈ খেল উপভোগ কৰিলে মজা লাগে কিয়নো মায়াৰ বাহ্যিক ৰূপ সিংহৰ দৰে কিন্তু শক্তি মেকুৰীৰ সমানো নাই। কেৱল তোমালোকে ভীতিগ্ৰস্ত হৈ মায়াক ডাঙৰ কৰি দিয়া... কি কৰোঁ... কেনেকৈ হ'ব... কিন্তু এইটোৱে পাঠ স্মৃতিত ৰাখা যে যি হৈ আছে সেয়া ভাল আৰু যি হ'বলগীয়া আছে সেয়া আৰু ভাল। সাক্ষী হৈ খেল প্ৰত্যক্ষ কৰিলে মায়াজিৎ হৈ যাবা।

স্লোগান:
যি সহনশীল তেওঁ কাৰো ভাৱ-স্বভাৱত নজ্বলে, ব্যৰ্থ কথা এখন কাণেৰে শুনি আনখনেৰে উলিয়াই দিয়ে।


“ইচ্ছা মাত্ৰম অবিদ্যা” স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:

ৰজাৰ অৰ্থই হৈছে দাতা। যদি হদৰ (সীমিত) ইচ্ছা বা প্ৰাপ্তিৰ উৎপত্তি হয় তেন্তে তেওঁ ৰজাৰ পৰিৱৰ্তে মগনীয়া হৈ যায়। তোমালোক দাতাৰ সন্তান, সকলো সম্পদেৰে সম্পন্ন শ্ৰেষ্ঠ আত্মা। সম্পন্নৰ চিন হৈছে – অখণ্ড মহাদানী। গতিকে এটা চেকেণ্ডো দান নিদিয়াকৈ থাকিব নোৱাৰে।