28.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এতিয়া তোমালোক অমৰলোকৰ যাত্ৰাত আছা, তোমালোকৰ এয়া বুদ্ধিৰ আত্মিক যাত্ৰা, যিটো তোমালোক সঁচা সঁচা ব্ৰাহ্মণসকলেহে কৰিব পাৰা”

প্ৰশ্ন:
নিজে নিজৰ সৈতে বা পৰস্পৰ কেনেধৰণৰ বাৰ্তালাপ কৰাটোৱেই শুভ সন্মিলন?

উত্তৰ:
নিজে নিজৰ সৈতে বাৰ্তালাপ কৰা যে মই আত্মাই এতিয়া এই পুৰণা ছিঃ ছিঃ শৰীৰ এৰি ঘৰলৈ উভতি যাম। এই শৰীৰ কোনো কামৰ নহয়, এতিয়াতো বাবাৰ সৈতে যামগৈ। যেতিয়া পৰস্পৰ মিলিত হোৱা, তেতিয়া এয়াই বাৰ্তালাপ কৰা যে সেৱা কেনেদৰে বৃদ্ধি কৰিব পৰা যায়, কেনেকৈ সকলোৰে কল্যাণ হ’ব, কেনেকৈ সকলোকে মাৰ্গ-দৰ্শন কৰোঁ…. এয়াই শুভ সন্মিলন।

গীত:
দিল কা চাহাৰা টুট ন জায়ে….. (অন্তৰৰ আলম্বন যাতে নোহোৱা হৈ নাযায়……)

ওঁম্শান্তি।
মৰমৰ আত্মিক সন্তানসকলে, সকলো সেৱাকেন্দ্ৰৰ ব্ৰহ্মা মুখ বংশাৱলী, সৰ্বোত্তম ব্ৰাহ্মণ কুল ভূষণসকলে নিজৰ কুলক জানে, যি যিটো কুলৰ হয়, তেওঁ নিজৰ কুলক জানে। লাগিলে নীচ কুলৰে হওঁক বা উচ্চ কুলৰে হওঁক, প্ৰত্যেকেই নিজৰ কুলক জানে আৰু বুজি পায় যে এওঁৰ কুল ভাল। কুল বুলিয়ে কোৱা বা জাতি বুলিয়ে কোৱা, জগতত তোমালোক সন্তানসকলৰ বাহিৰে আন কোনেও নাজানে যে ব্ৰাহ্মণসকলৰেই হৈছে সৰ্বোত্তম কুল। প্ৰথম নম্বৰৰ কুল বুলি কোৱা হ’ব তোমালোক ব্ৰাহ্মণসকলৰ কুলক। ব্ৰাহ্মণ কুল অৰ্থাৎ ঈশ্বৰীয় কুল। প্ৰথমতে হৈছে নিৰাকাৰী কুল তাৰপাছত আহে সাকাৰী সৃষ্টিত। সূক্ষ্মলোকততো কুল নাথাকে। উচ্চতকৈও উচ্চ সাকাৰত হৈছে - তোমালোক ব্ৰাহ্মণসকলৰ কুল। তোমালোক ব্ৰাহ্মণসকল পৰস্পৰ ভাই-ভনী হোৱা। ভনী আৰু ভাই হোৱাৰ কাৰণে বিকাৰত যাব নোৱাৰে। তোমালোকে অনুভৱেৰে ক'ব পাৰা যে এইটো পৱিত্ৰ হৈ থকাৰ অতি উত্তম উপায়। প্ৰত্যেকে কয় - আমি ব্ৰহ্মাকুমাৰ-কুমাৰী। শিৱবংশীতো সকলোৱে হয় আকৌ যেতিয়া সাকাৰত আহে তেতিয়া প্ৰজাপিতাৰ নাম হোৱাৰ বাবে ভাই-ভনী হৈ যায়। প্ৰজাপিতা ব্ৰহ্মা আছে তেন্তে নিশ্চয় ৰচয়িতা আছে, তুলি লয়। তোমালোক কোষ বংশাৱলী নহয়, তোমালোক মুখ বংশাৱলী। গতিকে মনুষ্যই কোষ বংশাৱলী আৰু মুখ বংশাৱলীৰ অৰ্থও নাজানে। মুখ বংশাৱলী অৰ্থাৎ তোলনীয়া সন্তান। কোষ বংশাৱলী অৰ্থাৎ জন্ম লওঁতা। তোমালোকৰ এইটো জন্ম অলৌকিক। পিতাক লৌকিক, অলৌকিক, পাৰলৌকিক বুলি কোৱা হয়। প্ৰজাপিতা ব্ৰহ্মাক অলৌকিক পিতা বুলি কোৱা হয়। লৌকিক পিতাতো সকলোৰে আছে। সেয়াতো গতানুগতিক। পাৰলৌকিক পিতাও সকলোৰে আছে। ভক্তি মাৰ্গততো হে ভগৱান, হে পৰমপিতা বুলি সকলোৱে কৈ থাকে। কিন্তু এইজন বাবাক (প্ৰজাপিতা ব্ৰহ্মাক) কেতিয়াও কোনেও আহ্বান নকৰে। এইজন বাবাও হৈছে ব্ৰাহ্মণ সন্তানসকলৰ। সেই দুজনকতো সকলোৱে জানে। বাকী ব্ৰহ্মাৰ ক্ষেত্ৰত বিবুদ্ধিত পৰে কিয়নো ব্ৰহ্মাতো আছেই সূক্ষ্মলোকত। ইয়াততো নেদেখুৱায়। চিত্ৰবোৰতো ব্ৰহ্মাক দাড়িৰ গোঁফৰ সৈতে দেখুৱায় কিয়নো প্ৰজাপিতা ব্ৰহ্মা এইখন সৃষ্টিত আছে। সূক্ষ্মলোকততো প্ৰজা ৰচনা কৰিব নোৱাৰে। এইটোও কাৰো বুদ্ধিত উদয় নহয়। এই সকলোবোৰ কথা পিতাই বুজায়।

তোমালোক সন্তানসকলৰ এই আত্মিক যাত্ৰাৰো গায়ন কৰা হৈছে। আত্মিক যাত্ৰা সেয়া, য'ৰ পৰা পুনৰ উভতি আহিব নালাগে। অন্য যাত্ৰাতো সকলোৱে জন্ম-জন্মান্তৰ কৰি থাকে আৰু গৈ উভতি আহে। সেয়া হৈছে পাৰ্থিৱ (শাৰীৰিক) যাত্ৰা, তোমালোকৰ এয়া হৈছে আত্মিক যাত্ৰা। এই আত্মিক যাত্ৰা কৰিলে তোমালোক মৃত্যুলোকলৈ উভতি নাহা। পিতাই তোমালোকক অমৰলোকৰ যাত্ৰা শিকায়। তেওঁলোক কাশ্মীৰৰ ফালে অমৰনাথলৈ যাত্ৰাত যায়। সেয়া কোনো অমৰলোক নহয়। অমৰলোক এখন হৈছে আত্মাসকলৰ, আনখন মনুষ্যৰ, যাক স্বৰ্গ বা অমৰলোক বুলি ক'ব পাৰি। আত্মাসকলৰ হৈছে নিৰ্বাণধাম। বাকী অমৰলোক হৈছে সত্যযুগ, মৃত্যুলোক হৈছে কলিযুগ আৰু নিৰ্বাণধাম হৈছে শান্তিলোক, য'ত আত্মাসকল থাকে। পিতাই কয় - তোমালোক অমৰপুৰীৰ যাত্ৰাত আছা। সেয়া হৈছে খোজকাঢ়ি যোৱাৰ শাৰীৰিক যাত্ৰা। এয়া হৈছে আত্মিক যাত্ৰা, যি যাত্ৰা শিকাওঁতাজন হৈছে একমাত্ৰ আত্মিক পিতা, এবাৰেই আহি শিকায়। সেয়াতো জন্ম-জন্মান্তৰৰ কথা। এয়া হৈছে মৃত্যুলোকৰ অন্তিম যাত্ৰা। এয়া তোমালোক ব্ৰাহ্মণ কুল ভূষণসকলেহে জানা। আত্মিক যাত্ৰা অৰ্থাৎ স্মৃতিত আছা। গায়নো কৰা হয় - অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যায়। তোমালোকৰ স্মৃতিলৈ আহেই বাবাৰ ঘৰ। বুজি পোৱা যে এতিয়া নাটক পূৰা হয়। এয়া পুৰণা বস্ত্ৰ, পুৰণা শৰীৰ। আত্মাত খাদ পৰা বাবে শৰীৰতো খাদ পৰে। যেতিয়া আত্মা পৱিত্ৰ হয় তেতিয়া আমি শৰীৰো পৱিত্ৰ পাওঁ। এইটোও তোমালোক সন্তানসকলে বুজি পোৱা। বাহিৰৰ লোকসকলেতো একোৱে বুজি নাপায়। তোমালোকে দেখিবলৈ পোৱা যে কোনো কোনোৱে বুজিও পায়। কাৰোবাৰ বুদ্ধিত এই জ্ঞান নাই। বুজোঁতা হ’লে নিশ্চয় কাৰোবাক বুজাব। মনুষ্য যেতিয়া যাত্ৰাত যায় তেতিয়া পৱিত্ৰ হৈ থাকে। আকৌ ঘৰলৈ আহি অপৱিত্ৰ হয়। এমাহ-দুমাহৰ বাবে পৱিত্ৰ হৈ থাকে। যাত্ৰা কৰাৰো ঋতু থাকে। সদায়েতো যাত্ৰাত যাব নোৱাৰে। শীত বা বৰ্ষা ঋতুত কোনেও যাব নোৱাৰে। তোমালোকৰ যাত্ৰাততো ঠাণ্ডা বা গৰমৰ কোনো কথা নাই। বুদ্ধিৰে নিজেই বুজিব পাৰা যে আমি পিতাৰ ঘৰলৈ গৈ আছোঁ। যিমানে আমি স্মৰণ কৰোঁ সিমানে বিকৰ্ম বিনাশ হয়। পিতাৰ ঘৰলৈ গৈ আকৌ আমি নতুন সৃষ্টিলৈ আহিম। এয়া বাবাইহে বুজায়। ইয়াতো ক্ৰমানুসৰি সন্তানসকল আছে। বাস্তৱত যাত্ৰাক পাহৰিব নালাগে, কিন্তু মায়াই পাহৰাই দিয়ে, সেয়েহে লিখেও যে বাবা আপোনাৰ স্মৃতি পাহৰি যাওঁ। হেৰ’, স্মৃতিৰ যাত্ৰা - যাৰ দ্বাৰা তোমালোক সৰ্বদা স্বাস্থ্যৱান-সম্পত্তিমান হোৱা, এনেহেন দৰবক তোমালোকে পাহৰি যোৱা। তেওঁলোকে এই বুলিও কয় যে পিতাক স্মৰণ কৰাতো অতিকৈ সহজ। নিজৰ সৈতে বাৰ্তালাপ কৰিব লাগে যে মই আত্মা প্ৰথমতে সতোপ্ৰধান আছিলোঁ, এতিয়া তমোপ্ৰধান হৈ গৈছোঁ। এতিয়া শিৱবাবাই আমাক যুক্তিতো বহুত শুনায়। বাকী অভ্যাস কৰিব লাগে। চকু মুদি বিচাৰ কৰা নহয়। (বাবাই ভাও দি দেখুৱালে) এনেকৈ নিজৰ সৈতে বাৰ্তালাপ কৰা যে মই সতোপ্ৰধান আছিলোঁ, ময়েই ৰাজত্ব কৰিছিলোঁ। সেইখন সৃষ্টি সোণালী যুগৰ আছিল আকৌ ৰূপালী, তাম, লৌহযুগত আহি গ’লোঁ। এতিয়া লৌহযুগৰ অন্তৰ সময়, তেতিয়া বাবা আহিছে। বাবাই আমাক আত্মাসকলক কয় যে মোক স্মৰণ কৰা আৰু নিজৰ ঘৰখনক স্মৰণ কৰা য'ৰ পৰা আহিছা, তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। তোমালোক তালৈকে যাব লাগে। এইটো যুক্তি পিতাই শুনায় যে ৰাতিপুৱাতে (অমৃতবেলা) উঠি নিজৰ সৈতে বাৰ্তালাপ কৰা। বাবাই ভাও দি দেখুৱায় যে ময়ো ৰাতিপুৱা উঠি বিচাৰ সাগৰ মন্থন কৰোঁ। প্ৰকৃত উপাৰ্জন কৰা উচিত নহয় জানো। ৰাতিপুৱাৰ গোঁসাই... গতিকে সেই গোঁসাইক স্মৰণ কৰিলে তোমালোকৰ নাও পাৰ হৈ যাব। বাবাই যি কৰে, যেনেকৈ কৰে তেওঁ সন্তানসকলকো বুজায়। এই ক্ষেত্ৰত সংঘাত হোৱাৰ কথা নাই। এইটো উপাৰ্জনৰ বহুত ভাল যুক্তি। ‘অল্ফ্‌’ক (পৰমপিতাক) স্মৰণ কৰা তেতিয়া ‘বে’ৰ বাদশ্বাহীতো পায়েই যাবা।

সন্তানসকলে জানে যে আমি ৰাজযোগ শিকি আছোঁ। বাবা বীজৰূপ, জ্ঞানপূৰ্ণ হয় সেয়েহে আমিও বৃক্ষজোপাক সম্পূৰ্ণকৈ বুজি গৈছোঁ। এয়াও মোটা ৰূপত জ্ঞান হয়। আদিতে এই বৃক্ষজোপা কেনেকৈ বৃদ্ধি হয়, আকৌ কেনেকৈ বৃক্ষৰ আয়ুস পূৰা হয় আৰু অন্য বৃক্ষতো ধুমুহাত বাগৰি পৰে। কিন্তু এই মনুষ্য সৃষ্টিৰ বৃক্ষৰ প্ৰথম আধাৰ দেৱী-দেৱতা ধৰ্ম প্ৰায় লোপ হৈ যায়। এইটোও হ'বই লাগে। যেতিয়া এইটো ধৰ্ম লোপ হৈ যায় তেতিয়া কোৱা হ’ব যে এক ধৰ্মৰ পুনৰাই প্ৰতিষ্ঠা আৰু অনেক ধৰ্মৰ বিনাশ। কল্পই কল্পই এইটো ধৰ্ম প্ৰায় লোপ হৈ যায়। আত্মাত খাদ পৰিলে তেতিয়া অলংকাৰ মিছা হৈ যায়। সন্তানসকলে বুজি পায় যে আমাৰ খাদ আছিল, এতিয়া যেতিয়া আমি স্বচ্ছ হওঁ তেতিয়া আনক মাৰ্গ-দৰ্শন কৰোঁ। সৃষ্টিখন হৈছে তমোপ্ৰধান। প্ৰথমতে, সতোপ্ৰধান স্বৰ্গ আছিল। গতিকে সন্তানসকলে ৰাতিপুৱাতে উঠি নিজৰ সৈতে কথা পাতিব লাগে, অৰ্থাৎ বাৰ্তালাপ কৰিব লাগে। বিচাৰ সাগৰ মন্থন কৰিব লাগে। আকৌ কাৰোবাক বুজাবলগীয়া হয় যে এয়া হৈছে 84 জন্মৰ চক্ৰ। 84 কেনেকৈ জন্ম লয়, কোনে লয়। নিশ্চয় যিসকল প্ৰথমে আহিব তেওঁলোকেই ল'ব। পিতাও ভাৰতলৈ আহে। আহি 84 ৰ চক্ৰ বুজায়। পিতা ক’লৈ আহিছে এইটো নাজানে। পিতা আহি নিজৰ পৰিচয় নিজেই দিয়ে। তেওঁ কয় যে মই তোমালোকক ৰাজযোগ শিকাওঁ, মনমনাভৱ (নিজক আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা)। মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। এনেকুৱা বুজনি কোনেও দিব নোৱাৰে। যদিও গীতা আদি শুনায়। তালৈও মনুষ্য গৈ থাকে। কিন্তু ভগৱানতো কেতিয়াবা আহিছিল, জ্ঞান শুনাইছিল। আকৌ যেতিয়া আহিব তেতিয়া শুনাব নহয় জানো। তেওঁলোকেতো ‘গীতা’ পুথি বহি শুনায়। ইয়াততো ভগৱান হৈছে জ্ঞানৰ সাগৰ, এওঁ একো হাতত লৈ পঢ়িব নালাগে। এওঁ নিশিকে। কল্প পূৰ্বেও আহি তোমালোক সন্তানসকলক সংগমত শিকাইছিল। পিতাহে আহি ৰাজযোগ শিকায়। এয়া হৈছে স্মৃতিৰ যাত্ৰা। তোমালোকৰ বুদ্ধিয়েহে জানে - ব্ৰহ্মা মুখ বংশাৱলীৰ বাহিৰে এনেকুৱা কোনো মনুষ্য নাই যাৰ এই জ্ঞান থাকিব। সকলোৰে সৰ্বব্যাপীৰ জ্ঞান ভৰি আছে। এইটো কোনেও নাজানে যে পৰমাত্মা বিন্দু হয়। জ্ঞানৰ সাগৰ পতিত-পাৱন হয়। কেৱল এনেয়ে গাই থাকে। গুৰুসকলে যি শিকায় সেয়া সত্য সত্য বুলি কৈ থাকে। অৰ্থ একোৱে বুজি নাপায়। তাৰ বিষয়ে চিন্তনো নকৰে যে এয়া সঁচা হয় নে নহয়।

পিতাই বুজায় যে তোমালোক সন্তানসকলে চলোঁতে-ফুৰোঁতে স্মৃতিৰ যাত্ৰাত নিশ্চয় থাকিব লাগে। অন্যথা, বিকৰ্ম বিনাশ হ’ব নোৱাৰে। যিয়েই কৰ্ম কৰি থাকা, কিন্তু বুদ্ধিত যাতে পিতাৰ স্মৃতি থাকে। শ্ৰীনাথ দ্বাৰত ভোজন ৰান্ধে, তেতিয়া বুদ্ধিত সেই শ্ৰীনাথ থাকে নহয় জানো। মন্দিৰতে বহি আছে। জানে যে আমি শ্ৰীনাথৰ বাবে ৰান্ধোঁ। ভোজন ৰান্ধিলে, ভোগ আগবঢ়ালে তাৰপাছত ঘৰৰ লোকসকল, ল'ৰা-ছোৱালী আদি স্মৃতিলৈ আহি থাকিব। তাত ভোজন ৰান্ধোঁতে মুখ বন্ধ কৰি লয়, কথা নকয়। মনেৰেতো কোনো বিকৰ্ম নহয়। তেওঁলোক শ্ৰীনাথৰ মন্দিৰত বহি আছে। ইয়াততো শিৱবাবাৰ ওচৰত বহি আছা। ইয়াতো বাবাই যুক্তি শুনাই থাকে। সন্তানসকল কোনো ব্যৰ্থ কথা নক’বা। সদায় পিতাৰ সৈতে মিঠা মিঠা কথা পাতিব লাগে। যেনেকুৱা পিতা তেনেকুৱা সন্তান। পিতাৰ স্মৃতিত থাকে যে চক্ৰ কেনেকৈ ঘূৰে, সেইবাবে তোমালোক সন্তানসকলক আহি শুনায়। তোমালোক সন্তানসকলে জানা যে আমাৰ বাবা মনুষ্য সৃষ্টিৰ বীজৰূপ, চৈতন্য হয়। কিমান সহজ কথা। কিন্তু তথাপি বুজি নাপায় কিয়নো পাথৰ বুদ্ধিৰ হয় নহয় জানো। সেই বীজক আমি চৈতন্য বুলি নকওঁ। এওঁ জ্ঞানপূৰ্ণ, চৈতন্য হয়। এওঁ এজনেই। সেই বীজতো বিভিন্ন প্ৰকাৰৰ থাকে। ভগৱানক মনুষ্য সৃষ্টিৰ বীজ ৰূপ বুলি কোৱা হয়। তেন্তে তেওঁ পিতা হৈ গ’ল নহয় জানো। আত্মাসকলৰ পিতা হৈছে পৰমাত্মা গতিকে সকলো ভাই হৈ গ’ল, পিতাও তাত থাকে য’ত তোমালোক আত্মাসকল নিবাস কৰা। নিৰ্বাণধামত পিতা আৰু সন্তানসকল থাকে। এই সময়ত তোমালোক প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান, ভাই আৰু ভনী হোৱা, সেইকাৰণে শিৱবংশী ব্ৰহ্মাকুমাৰ-কুমাৰী বুলি পৰিচয় দিয়া। তোমালোকে এইটোও লিখিব লাগে যে আমি ব্ৰহ্মাকুমাৰ-কুমাৰীসকল ভাই-ভনী হওঁ। পিতাই ব্ৰহ্মাৰ দ্বাৰা সৃষ্টি ৰচনা কৰে তেন্তে ভাই-ভনী হ’লা নহয় জানো। কল্পই কল্পই এনেকৈয়ে সৃষ্টি কৰে। তোলনীয়া কৰি গৈ থাকে। মনুষ্যক প্ৰজাপিতা ব্ৰহ্মা বুলি কোৱা নহয়। যদিও বাবা বুলি কয় কিন্তু সেইজন হৈছে হদৰ (সীমিত), এওঁক প্ৰজাপিতা বুলি কোৱা হ’ব কিয়নো বহুত প্ৰজা আছে অৰ্থাৎ অনেক সন্তান আছে। গতিকে বেহদৰ পিতাই বহি সন্তানসকলক সকলো কথা বুজায়। এইখন জগত একেবাৰে স্খলিত ছিঃ ছিঃ হয়। এতিয়া তোমালোকক ‘বাঃ বাঃ’ৰ জগতলৈ লৈ যায়। তোমালোকৰ মাজতো অনেক আছে যিসকলে পাহৰি যায়। যদি এইটো স্মৃতি থাকে তেন্তে পিতাও স্মৃতিত থাকিব আৰু গুৰুও স্মৃতিত থাকিব যে এতিয়া উভতি যাব লাগে। পুৰণা শৰীৰ এৰি দিম কিয়নো এই দেহ এতিয়া কামৰ নহয়। আত্মা এতিয়া পৱিত্ৰ হৈ গৈ থাকে গতিকে শৰীৰো পৱিত্ৰ হ'ব লাগে। পৰস্পৰ বহি এনেকুৱা কথাবোৰ পাতিব লাগে, ইয়াক কোৱা হয় - শুভ সন্মিলন, য'ত ভাল ভাল কথা-বাৰ্তা হয়। সেৱা কেনেকৈ বৃদ্ধি হ’ব। কল্যাণ কেনেকৈ কৰোঁ! তেওঁলোকৰতো ছিঃ ছিঃ সন্মিলন, মনেসজা কথা পাতি থাকে। ইয়াত মনেসজা কথা নাই। প্ৰকৃত সন্মিলন ইয়াক কোৱা হয়। তোমালোকক এইটো কাহিনী শুনাইছোঁ যে এয়া কলিযুগ, সত্যযুগক স্বৰ্গ বুলি কোৱা হয়। ভাৰত স্বৰ্গ আছিল, ভাৰতবাসীয়েহে 84 জন্ম ভোগ কৰে। এতিয়া অন্তিমত আছে। এতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱা। ইয়াত কোনো গঙ্গা স্নান আদি কৰিব নালাগে। ভগৱানুবাচ যে মই সকলোৰে পিতা হওঁ। কৃষ্ণ সকলোৰে পিতা হ'ব নোৱাৰে। এটি দুটি সন্তানৰ পিতা শ্ৰী নাৰায়ণ হয়, শ্ৰীকৃষ্ণ নহয়। শ্ৰীকৃষ্ণতো হৈছে কুমাৰ। এই প্ৰজাপিতা ব্ৰহ্মাৰতো বহুত সন্তান আছে। ক’ত কৃষ্ণ ভগৱানুবাচ, ক’ত শিৱ ভগৱানুবাচ। কিমান ডাঙৰ ভুল কৰি দিছে। য'তেই প্ৰদৰ্শনী কৰা মুখ্য কথা হৈছে ‘গীতা’ৰ ভগৱান এওঁ নে তেওঁ? প্ৰথমে এইটো বুজাব লাগে যে ভগৱান বুলি শিৱক কোৱা হয়। এইটো বুদ্ধিত ধাৰণ কৰিব লাগে। ইয়াৰ ওপৰত পৰীক্ষা-নিৰীক্ষা হোৱা উচিত। গীতাৰ ভগৱানৰ চিত্ৰও বৰ ডাঙৰ স্থায়ী হ'ব লাগে। তলত লিখি দিব লাগে যে বিচাৰ কৰক আৰু আহি বুজক। পাছত লিখাই লৈ স্বাক্ষৰ ল'ব লাগে। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পৰস্পৰ শুভ সন্মিলন কৰি সেৱা বৃদ্ধিৰ পৰিকল্পনা কৰিব লাগে। নিজৰ আৰু সকলোৰে কল্যাণৰ বাবে যুক্তি ৰচিব লাগে। কেতিয়াও কোনো ব্যৰ্থ কথা ক'ব নালাগে।

(2) পুৱাতে (অমৃতবেলা) উঠি নিজে নিজৰ সৈতে কথা পাতিব লাগে, বিচাৰ সাগৰ মন্থন কৰিব লাগে। ভোজন তৈয়াৰ কৰাৰ সময়ত এজন পিতাৰ স্মৃতিত থাকিব লাগে। মন যাতে বাহিৰত দিগভ্ৰান্ত হৈ নুফুৰে ইয়াৰ প্ৰতি ধ্যান দিব লাগে।

বৰদান:
সকলো আত্মাৰ ওপৰত স্নেহৰ ৰাজ্য কৰোঁতা বিশ্ব ৰাজ্য অধিকাৰী হোৱা

যিসকল সন্তানে বৰ্তমান সময়ত সকলো আত্মাৰ অন্তৰত স্নেহৰ ৰাজ্য কৰে তেওঁলোকেই ভৱিষ্যতে বিশ্ব ৰাজ্যৰ অধিকাৰ প্ৰাপ্ত কৰে। এতিয়া কাৰো ওপৰত হুকুম চলাব নালাগে। এতিয়াই বিশ্ব মহাৰজা হ'ব নালাগে, এতিয়া বিশ্ব সেৱাধাৰী হ'ব লাগে, স্নেহ দিব লাগে। চাব লাগে যে নিজৰ ভৱিষ্যতৰ পুঁজিত স্নেহ কিমান জমা কৰিছা। বিশ্ব মহাৰজা হ'বলৈ কেৱল জ্ঞান দাতা হ’ব নালাগে, ইয়াৰ বাবে সকলোকে স্নেহ অৰ্থাৎ সহযোগ দিয়া।

স্লোগান:
যেতিয়া ভাগৰুৱা অনুভৱ হয়, তেতিয়া আনন্দত নৃত্য কৰা, ইয়াৰ দ্বাৰা মনৰ অৱস্থা সলনি হৈ যাব।


অব্যক্ত ইংগিত: এতিয়া নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

বাপদাদাই এতিয়া সন্তানসকলৰ পৰা এয়াই বিচাৰে যে মোৰ প্ৰতিগৰাকী সন্তান মাষ্টৰ দাতা হওক। এতিয়া দয়ালু হৈ নিজৰ গুণ আৰু শক্তিসমূহৰ সকলোকে সহযোগ দিয়ক, উদাৰচিত্ত হওক। যিমানে আনক দি থাকিবা, সিমানে বাঢ়ি গৈ থাকিব। বিনাশী সম্পদ দিলে কম হৈ যায় আৰু অবিনাশী সম্পদ দিলে বৃদ্ধি পায় — এক দিয়া, হাজাৰ পোৱা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]