28.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সৎগুৰুৰ প্ৰথম শ্ৰীমত হৈছে দেহী-অভিমানী হোৱা, দেহ-অভিমান ত্যাগ কৰা"
প্ৰশ্ন:
এই সময়ত
তোমালোক সন্তানসকলে কোনোধৰণৰ ইচ্ছা বা আকাংক্ষা ৰাখিব নোৱাৰা - কিয়?
উত্তৰ:
কিয়নো তোমালোক সকলো বানপ্ৰস্থী। তোমালোকে জানা যে এই দুচকুৰে যি দেখিবলৈ পোৱা যায়
সেয়া বিনাশ হৈ যাব। এতিয়া তোমালোকক একোৱেই নালাগে, একেবাৰে ভিকহু হৈ যাব লাগে। যদি
এনেকুৱা কোনো ব্যয়বহুল বস্তু পিন্ধা তেন্তে আকৰ্ষিত কৰিব, তেতিয়া দেহ-অভিমানত আৱদ্ধ
হৈ থাকিবা। এই ক্ষেত্ৰতে যত্ন কৰিবলগীয়া হয়। যেতিয়া যত্ন কৰি সম্পূৰ্ণ দেহী-অভিমানী
হ'বা তেতিয়া বিশ্বৰ বাদশ্বাহী (সাম্ৰাজ্য) প্ৰাপ্ত হ'ব।
ওঁম্শান্তি।
এয়া 15 মিনিট
বা আধা ঘণ্টা সন্তানসকল বহি আছে, বাবায়ো 15 মিনিট বহুৱায় যে নিজক আত্মা বুলি বুজি
পিতাক স্মৰণ কৰা। এই শিক্ষা এবাৰেই প্ৰাপ্ত হয় পাছত কেতিয়াও নোপোৱা। সত্যযুগত এনেকৈ
নক'ব যে আত্মা-অভিমানী হৈ বহা। এয়া একমাত্ৰ সৎগুৰুৱেই শুনায়, তেওঁৰ বাবে কোৱা হয় -
একমাত্ৰ সৎগুৰুৱেই উদ্ধাৰ কৰে, বাকী সকলোৱে ডুবায়। ইয়াত পিতাই তোমালোকক দেহী-অভিমানী
কৰি তোলে। নিজেও আত্মা নহয় জানো। বুজাবৰ কাৰণে কয় - মই তোমালোক সকলো আত্মাৰে পিতা,
তেওঁতো আত্মা হৈ পিতাক স্মৰণ কৰিব নালাগে। স্মৰণো তেওঁলোকে কৰিব যিসকল আদি সনাতন
দেৱী-দেৱতা ধৰ্মৰ অংশীদাৰ হ'ব। অংশীদাৰতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি বহুত হয়। এয়া অতিকৈ
বুজিবলগীয়া আৰু বুজাবলগীয়া কথা। পৰমপিতা পৰমাত্মা তোমালোক সকলোৰে পিতাও হয় আকৌ
জ্ঞানেৰে পৰিপূৰ্ণও হয়। আত্মাতেই জ্ঞান থাকে নহয়। তোমালোক আত্মাই সংস্কাৰ লৈ যোৱা।
পিতাৰতো প্ৰথমৰ পৰাই সংস্কাৰ আছে। তেওঁ হৈছে পিতা, এইটোতো সকলোৱে মানিও লয়।
দ্বিতীয়তো আকৌ তেওঁৰ বিশেষত্ব আছে যে তেওঁৰ সত্য জ্ঞান আছে। বীজৰূপ হয়। যেনেকৈ
পিতাই বহি তোমালোকক বুজায় তোমালোকে আকৌ অন্যক বুজাব লাগে। পিতা মনুষ্য সৃষ্টিৰ
বীজৰূপ আকৌ তেওঁ সত্য, চৈতন্য, জ্ঞানেৰে পৰিপূৰ্ণ হয়, তেওঁৰ এই গোটেই বৃক্ষৰ জ্ঞান
আছে। আন কাৰো এই বৃক্ষৰ জ্ঞান নাই। ইয়াৰ বীজ হৈছে পিতা, যাক পৰমপিতা পৰমাত্মা বুলি
কোৱা হয়। যেনেকৈ আম গছৰ ক্ষেত্ৰত তাৰ সৃষ্টিকৰ্তা বুলি বীজক কোৱা হ'ব। সেই বীজ যেন
পিতা হৈ গ’ল কিন্তু সেয়া হৈছে জড়। যদি চৈতন্য হ’লহেঁতেন তেন্তে এইটো জ্ঞাত
হ’লহেঁতেন যে মোৰ পৰা গোটেই গছজোপা কেনেকৈ অংকুৰিত হয়। কিন্তু সেয়া হৈছে জড়, তাৰ
বীজ তলত ৰোপণ কৰা হয়। এয়াতো হৈছে চৈতন্য বীজৰূপ। এওঁ ওপৰত থাকে, তোমালোকো মাষ্টৰ
বীজৰূপ হোৱা। পিতাৰ পৰা তোমালোকে জ্ঞান প্ৰাপ্ত কৰা। তেওঁ হৈছে উচ্চতকৈও উচ্চ। পদো
তোমালোকে উচ্চ পোৱা। স্বৰ্গতো উচ্চ পদ লাগে নহয়। এয়া মনুষ্যই বুজি নাপায়। স্বৰ্গত
দেৱী-দেৱতাসকলৰ ৰাজধানী আছে। ৰাজধানীত ৰজা, ৰাণী, প্ৰজা, গৰিব-চহকী আদি এয়া সকলো
কেনেকৈ হয়। এতিয়া তোমালোকে জানা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ প্ৰতিষ্ঠা কেনেকৈ হৈ আছে,
কোনে কৰি আছে? ভগৱানে। পিতাই আকৌ কয় - সন্তানসকল, যি হয় সেয়া ড্ৰামাৰ পৰিকল্পনা
অনুসৰিয়ে হয়। সকলো ড্ৰামাৰ অধীন। পিতায়ো কয় - মই ড্ৰামাৰ অধীন। মোৰো ভূমিকা প্ৰাপ্ত
হৈছে। সেয়াই ভূমিকা পালন কৰোঁ। তেওঁ হ’ল পৰম আত্মা। তেওঁক পৰম আত্মা বুলি কোৱা হয়,
আৰু বাকীতো সকলোকে ভাই ভাই বুলি কোৱা হয়। আন কাকোৱে পিতা, শিক্ষক, গুৰু বুলি কোৱা
নহয়। তেওঁ সকলোৰে পৰমপিতাও হয়, শিক্ষক আৰু সৎগুৰুও হয়। এইটো কথা পাহৰিব নালাগে।
কিন্তু সন্তানসকলে পাহৰি যায় কাৰণ পুৰুষাৰ্থৰ ক্ৰম অনুসৰি ৰাজধানী স্থাপনা হৈ আছে।
প্ৰত্যেকে যেনেকৈ পুৰুষাৰ্থ কৰে, সেয়া স্থূল ৰূপতো তৎক্ষণাৎ গম পোৱা যায় - এওঁ
পিতাক স্মৰণ কৰে নে নকৰে? দেহী-অভিমানী হৈছে নে নাই? এওঁ জ্ঞানত তীক্ষ, চাল-চলনৰ পৰা
সেয়া বুজা যায়। পিতাই পোনপটীয়াকৈ একো নকয়। যাতে মূৰ্ছিত হৈ নাযায়। অসন্তুষ্ট যাতে
হৈ নাযায় যে পিতাই এয়া কি কলে, বাকীসকলে কি ক’ব! পিতাই কৈ দিব পাৰে যে অমুক অমুকে
কেনেকৈ সেৱা কৰে। সকলো সেৱাৰ ওপৰত নিৰ্ভৰ কৰে। পিতাও আহি সেৱা নকৰে জানো।
সন্তানসকলেও পিতাক স্মৰণ কৰিব লাগে। স্মৃতিত থকাৰ বিষয়টিয়েই কঠিন। পিতাই যোগ আৰু
জ্ঞান শিকায়। জ্ঞানতো বহুত সহজ। বাকী স্মৃতিত থকাৰ ক্ষেত্ৰতে অনুত্তীৰ্ণ হয়।
দেহ-অভিমান আহি যায়। তেতিয়া এইটো লাগে, এইটো ভাল বস্তু লাগে - এনেকুৱা খেয়াল আহে।
পিতাই কয় - ইয়াততো
তোমালোক বনবাসত আছা। তোমালোকেতো এতিয়া বানপ্ৰস্থত যাব লাগে। গতিকে এনেকুৱা কোনো
বস্তু পিন্ধিব নোৱাৰা। যদি এনেকুৱা কোনো পাৰ্থিৱ জগতৰ বস্তু থাকে তেন্তে আকৰ্ষিত
কৰিব। শৰীৰেও আকৰ্ষিত কৰিব। বাৰে বাৰে দেহ-অভিমানত লৈ আহিব। এই ক্ষেত্ৰত যত্ন
কৰিবলগীয়া হয়। যত্ন নকৰিলে জানো বিশ্বৰ বাদশ্বাহী পাবা! যত্নও পুৰুষাৰ্থৰ ক্ৰম
অনুসৰি কল্পই কল্পই কৰি আহিছা, কৰি আছা। ফলাফল প্ৰত্যক্ষ হৈ গৈ থাকিব। স্কুলতো
ক্ৰমানুসৰি স্থানান্তৰ (উত্তীৰ্ণ) হয়। শিক্ষকে বুজি পাই যায় যে অমুকে বহুত ভাল যত্ন
কৰে। এওঁৰ পঢ়ুওৱাৰ চখ আছে। অনুভৱ হয়। তাততো এটা শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ দ্বিতীয় আকৌ
তৃতীয় শ্ৰেণীত আহি যায়। ইয়াতো এবাৰেই পঢ়িব লাগে। আগলৈ তোমালোকে যিমানে সমীপত আহিবা
সিমানে গম পাই গৈ থাকিবা। বহুত যত্ন কৰিব লাগে। নিশ্চয় উচ্চ পদ পাবা। এয়াতো জানা,
কোনোবা ৰাজা-ৰাণী হয়, কোনোবা কিবা, কোনোবা আন কিবা হয়। প্ৰজাও বহুত তৈয়াৰ হয়।
কৰ্মকাণ্ডৰ পৰা সকলো গম পোৱা যায়। এওঁ দেহ-অভিমানত কিমান থাকে, এওঁৰ পিতাৰ প্ৰতি
কিমান প্ৰেম আছে। পিতাৰ প্ৰতিহে প্ৰেম থাকিব লাগে নহয়, ভাই ভাইৰ প্ৰতি নহয়। ভাইৰ
প্ৰেমৰ পৰা একো পোৱা নাযায়। উত্তৰাধিকাৰ একমাত্ৰ পিতাৰ পৰাহে পাবা। পিতাই কয় -
সন্তানসকল, নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ খণ্ডন হ'ব। মূল
কথা এইটোৱে। স্মৃতিৰ দ্বাৰা শক্তি পাবা। দিনে-প্ৰতিদিনে বেটাৰী ভৰপূৰ হৈ গৈ থাকিব
কিয়নো জ্ঞানৰ ধাৰণা হৈ গৈ থাকে নহয়। তীৰে লক্ষ্য ভেদ কৰি গৈ থাকে। দিনে-প্ৰতিদিনে
তোমালোকৰ পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে উন্নতি হৈ গৈ থাকে। এয়া এজনেই পিতা-শিক্ষক-সৎগুৰু
যিয়ে দেহী-অভিমানী হোৱাৰ শিক্ষা দিয়ে, আন কোনেও দিব নোৱাৰে বাকী সকলো দেহ-অভিমানী,
আত্মা-অভিমানীৰ জ্ঞান অন্য কোনেও নাপায়। কোনো মনুষ্য পিতা, শিক্ষক, সৎগুৰু হ'ব
নোৱাৰে। প্ৰত্যেকে নিজৰ নিজৰ ভূমিকা পালন কৰি আছে। তোমালোকে সাক্ষী হৈ চোৱা। গোটেই
নাটকখন তোমালোকে সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। ভূমিকাও পালন কৰিব লাগে। পিতা হৈছে
ৰচয়িতা, নিৰ্দেশক আৰু ভাৱৰীয়া। শিৱবাবা আহি ভূমিকা পালন কৰে। সকলোৰে পিতা হয় নহয়।
পুত্ৰ অথবা কন্যা সকলোকে আহি উত্তৰাধিকাৰ দিয়ে। এজন পিতা, বাকী সকলো আত্মা ভাই ভাই।
উত্তৰাধিকাৰ একমাত্ৰ পিতাৰ পৰাহে পোৱা যায়। এইখন জগতৰ কোনো বস্তুৰ স্মৃতি বুদ্ধি লৈ
নাহে। পিতাই কয় - যি দেখিবলৈ পোৱা সেয়া সকলো বিনাশী। এতিয়া তোমালোক ঘৰলৈ যাব লাগে।
তেওঁলোকে ব্ৰহ্মক স্মৰণ কৰে অৰ্থাৎ ঘৰক স্মৰণ কৰে। এনেকৈ ভাবে যে ব্ৰহ্মত লীন হৈ
যাম। ইয়াক অজ্ঞান বুলি কোৱা হয়। মনুষ্যই মুক্তি-জীৱনমুক্তিৰ কাৰণে যি কয় সেয়া সকলো
ভুল, যিবোৰ যুক্তি ৰচে, সেয়া সকলো ভুল। শুদ্ধ ৰাস্তাতো একমাত্ৰ পিতাইহে দেখুৱায়।
পিতাই কয় – ড্ৰামাৰ পৰিকল্পনা অনুসৰি মই তোমালোকক ৰজাৰো ৰজা কৰি তোলোঁ। বহুতে কয় -
মোৰ বুদ্ধিত ধাৰণ নহয়, বাবা মোৰ মুখ খোলক, কৃপা কৰক। পিতাই কয় - ইয়াত পিতাইতো
কৰিবলগীয়া কোনো কথাই নাই। মুখ্য কথা হৈছে তোমালোক নিৰ্দেশনা অনুসৰি চলিব লাগে।
পিতাৰ পৰাহে সঠিক নিৰ্দেশনা পোৱা যায়, বাকী সকলো মনুষ্যৰ নিৰ্দেশনা ভুল কিয়নো সকলোৰে
মাজত 5 বিকাৰ আছে নহয়। অৱনমিত হৈ হৈ ভুল হৈ যায়। কি কি যে তন্ত্ৰ-মন্ত্ৰ আদি কৰি
থাকে। তাত সুখ নাই। তোমালোকে জানা যে এয়া সকলো অল্পকালৰ সুখ। তাক কাউৰীৰ বিষ্ঠাৰ
সমান সুখ বুলি কোৱা হয়। ছিৰিৰ চিত্ৰৰ ওপৰত বহুত ভালকৈ বুজাব লাগে আৰু বৃক্ষৰ ওপৰতো
বুজাব লাগে। যিকোনো ধৰ্মৰ লোকক তোমালোকে দেখুৱাব পাৰা, আপোনালোকৰ ধৰ্ম প্ৰতিষ্ঠা
কৰোঁতাসকল অমুক অমুক সময়ত আহে, যীশুখ্ৰীষ্ট অমুক সময়ত আহিব। যিসকল আন আন ধৰ্মলৈ
ধৰ্মান্তৰিত হৈ গৈছে তেওঁলোকৰ এইটো ধৰ্মই ভাল লাগিব, ততালিকে ওলাই আহিব। বাকী
কাৰোবাৰ ভাল নালাগিলে তেওঁ পুৰুষাৰ্থই বা কেনেকৈ কৰিব। মনুষ্যই মনুষ্যক ফাঁচি-কাঠত
ওলমাই দিয়ে, তোমালোকতো একমাত্ৰ পিতাৰহে স্মৃতিত থাকিব লাগে, এয়া অতি মিঠা ফাঁচি-কাঠ।
আত্মাৰ বুদ্ধিৰ যোগ পিতাৰ ফালে আছে। আত্মাক কোৱা হয় - পিতাক স্মৰণ কৰা। এয়া হৈছে
স্মৃতিৰ ফাঁচি-কাঠ। পিতাতো ওপৰত থাকে নহয়। তোমালোকে জানা যে আমি আত্মা, আমি পিতাকেই
স্মৰণ কৰিব লাগে। এই শৰীৰতো ইয়াতেই এৰিব লাগিব। তোমালোকৰ এই সকলো জ্ঞান আছে।
তোমালোকে ইয়াত বহি কি কৰা? বাণীৰ পৰা দূৰৈত যাবলৈ পুৰুষাৰ্থ কৰা। পিতাই কয় - সকলো
মোৰ ওচৰলৈ আহিব লাগে। গতিকে কালৰো কাল হৈ গ'লোঁ নহয়। সেই কালেতো এজনক লৈ যায়, সেয়াও
কোনো কাল নহয় যে লৈ যাব। এয়াতো ড্ৰামাত সকলো নিৰ্ধাৰিত হৈ আছে। আত্মা নিজেই সময়ত
গুচি যায়। এই পিতাইতো সকলো আত্মাকে লৈ যায়। গতিকে এতিয়া তোমালোক সকলোৰে বুদ্ধিযোগ
হৈছে নিজৰ ঘৰলৈ যাবৰ কাৰণে। শৰীৰ এৰাকে মৰা বুলি কোৱা হয়। শৰীৰ শেষ হৈ গ’ল, আত্মা
গুচি গ’ল। পিতাক মাতেও এই কাৰণেই যে বাবা আহি আমাক এইখন সৃষ্টিৰ পৰা লৈ যাওঁক। ইয়াত
আমি নাথাকোঁ। এইখন বহুত ছিঃ ছিঃ সৃষ্টি। মৰিবও নিশ্চয় লাগিব। সকলোৰে বানপ্ৰস্থ
অৱস্থা। এতিয়া বাণীৰ পৰা দূৰৈত যাব লাগে। তোমালোকক কোনো কালে নাখাব। তোমালোক
আনন্দেৰে যোৱা। শাস্ত্ৰ আদি যি আছে সকলো ভক্তিমাৰ্গৰ, এয়া পুনৰাই ৰচিব। এয়া হৈছে
ড্ৰামাৰ অতি আশ্চৰ্যজনক কথা। এই টেপ, ঘড়ী যিবোৰ এই সময়ত দেখিবলৈ পোৱা সেয়া সকলোবোৰ
পুনৰ হ’ব। ইয়াত বিভ্ৰান্ত হোৱাৰ কোনো কথাই নাই। বিশ্বৰ ইতিহাস-ভূগোলৰ পুনৰাবৃত্তিৰ
অৰ্থই হৈছে হুবহু পুনৰাবৃত্তি। এতিয়া তোমালোকে জানা আমি পুনৰ দেৱী-দেৱতা হৈ আছোঁ,
তেওঁলোকেই আকৌ হ’ব। এই ক্ষেত্ৰত অলপো হীনডেঢ়ি হ’ব নোৱাৰে। এয়া সকলো বুজিবলগীয়া কথা।
তোমালোকে জানা তেওঁ
বেহদৰ পিতাও হয়, শিক্ষক-সৎগুৰুও হয়। এনেকুৱা কোনো মনুষ্য থাকিব নোৱাৰে। এওঁক
তোমালোকে বাবা বুলি কোৱা। প্ৰজাপিতা ব্ৰহ্মা বুলি কোৱা। এৱোঁ কয় - মোৰ পৰা তোমালোকে
উত্তৰাধিকাৰ নোপোৱা। বাপু গান্ধীজীও প্ৰজাপিতা নাছিল নহয়। পিতাই কয় - এই কথাবোৰক লৈ
তোমালোক বিভ্ৰান্ত নহ’বা। কোৱা যে আমি ব্ৰহ্মাক ভগৱান বা দেৱতা আদি বুলি নকওঁৱেই।
পিতাই কৈছে - বহুত জন্মৰ অন্তত, বানপ্ৰস্থ অৱস্থাত গোটেই বিশ্বক পাৱন কৰি তুলিবলৈ
মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। বৃক্ষতো দেখুওৱা, চাওঁক একেবাৰে শেষত থিয় হৈ আছে।
এতিয়াতো সকলো তমোপ্ৰধান জৰ্জৰিত অৱস্থাত আছে নহয়। এৱোঁ তমোপ্ৰধান অৱস্থাত থিয় হৈ আছে,
সেয়াই চেহেৰা। এওঁৰ শৰীৰত পিতাই প্ৰৱেশ কৰি এওঁৰ নাম ব্ৰহ্মা ৰাখে। নহ’লে তোমালোকে
কোৱাচোন ব্ৰহ্মা নামটি ক’ৰ পৰা আহিল? এওঁ হৈছে পতিত, তেওঁ হৈছে পাৱন। সেই পাৱন
দেৱতাই পুনৰ 84 জন্ম লৈ পতিত মনুষ্য হয়। এওঁ মনুষ্যৰ পৰা দেৱতা হ’বগৈ। মনুষ্যক দেৱতা
কৰি তোলা - এয়া পিতাৰেই কাম। এই সকলোবোৰ বুজিবলগীয়া বিস্ময়কৰ কথা। এওঁ (ব্ৰহ্মা)
সেয়া (কৃষ্ণ) চেকেণ্ডত হৈ যায়, আকৌ তেওঁ 84 জন্ম লৈ এয়া হয়। এওঁৰ শৰীৰত পিতাই
প্ৰৱেশ কৰি পঢ়ায়, তোমালোকেও পঢ়া। এওঁলোকৰো ৰাজবংশ থাকে। লক্ষ্মী–নাৰায়ণ,
ৰাধা-কৃষ্ণৰ মন্দিৰো আছে। কিন্তু এয়া কোনেও গম নাপায়, ৰাধা-কৃষ্ণ প্ৰথম
ৰাজকুমাৰ-ৰাজকুমাৰী যি পাছত লক্ষ্মী-নাৰায়ণ হয়। এওঁ ভিকহুৰ পৰা ৰাজকুমাৰ হ'বগৈ।
ৰাজকুমাৰৰ পৰা ভিকহু হয়। কিমান সহজ কথা। 84 জন্মৰ কাহিনী এই দুখন চিত্ৰত (কল্পবৃক্ষ
আৰু ছিৰি) আছে। এওঁ সেয়া হৈ যায়। যুগল হোৱা বাবে 4খন হাত দিয়ে। প্ৰবৃত্তি মাৰ্গ হয়
নহয়। একমাত্ৰ সৎগুৰুৱেই তোমালোকক পাৰলৈ লৈ যায়। পিতাই কিমান ভালকৈ বুজায় আকৌ
দৈৱীগুণো লাগে। স্ত্ৰীৰ কথা পতিক সুধিলে বা পতিৰ কথা স্ত্ৰীক সুধিলে তৎক্ষণাৎ ক’ব
এওঁৰ মাজত এইটো এইটো ত্ৰুটি আছে। এইটো কথাত এওঁ অশান্ত কৰে নহ'লে ক’ব যে আমি দুয়ো
ঠিকেই চলি আছোঁ। কোনেও কাকো অশান্ত নকৰে, দুয়ো ইজন–সিজনৰ সহায়কাৰী সংগী হৈ চলে।
কোনোবাই ইজনে সিজনক অৱনমিত কৰাবলৈ চেষ্টা কৰে। পিতাই কয় - ইয়াত স্বভাৱ ভালদৰে
পৰিৱৰ্তন কৰিবলগীয়া হয়। সেই হৈছে সকলো আসুৰি স্বভাৱ। দেৱতাসকলৰ হয়েই দৈৱী স্বভাৱ।
এই সকলো কথা তোমালোকে জানা, অসুৰ আৰু দেৱতাৰ যুদ্ধ লগা নাই। পুৰণি সৃষ্টি আৰু নতুন
সৃষ্টিৰ পৰস্পৰ কেনেকৈ মিলন হ’ব পাৰে। পিতাই কয় – যিবোৰ কথা অতীত হৈ গ’ল সেয়াই বহি
লিখিছে, সেইবোৰক কাহিনী বুলি কোৱা হ’ব। উৎসৱ আদি সকলো ইয়াৰ। দ্বাপৰৰ পৰা ধৰি পালন
কৰে। সত্যযুগত পালন কৰা নহয়। এই সকলোবোৰ বুদ্ধিৰে বুজিবলগীয়া কথা। দেহ-অভিমানৰ কাৰণে
সন্তানে বহুত সাৰকথা পাহৰি যায়। জ্ঞানতো সহজ। 7 দিনত গোটেই জ্ঞান ধাৰণ হৈ যাব পাৰে।
প্ৰথমে স্মৃতিৰ যাত্ৰৰ প্ৰতি মনোযোগ দিয়া উচিত। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই বেহদ নাটকত ভূমিকা পালন কৰি গোটেই নাটকখনক সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে।
এই ক্ষেত্ৰত বিভ্ৰান্ত হ’ব নালাগে। এইখন জগতৰ কোনো বস্তু দেখিও তাৰ স্মৃতি যাতে
বুদ্ধিলৈ নাহে।
(2) নিজৰ আসুৰি
স্বভাৱ পৰিৱৰ্তন কৰি দৈৱী স্বভাৱ ধাৰণ কৰিব লাগে। ইজন-সিজনৰ সহায়কাৰী হৈ চলিব লাগে,
কাকো অশান্ত কৰিব নালাগে।
বৰদান:
নিজৰ মাজত
সৰ্ব শক্তি জাগ্ৰত ৰূপত অনুভৱ কৰোঁতা সৰ্ব সিদ্ধি স্বৰূপ হোৱা
লৌকিকত কাৰোবাৰ কোনো
কথাৰ শক্তি থাকে, ধনৰে হওঁক, বুদ্ধিৰে হওঁক বা সমন্ধ-সম্পৰ্কৰে হওঁক...
তেনেক্ষেত্ৰত তেওঁলোকৰ নিশ্চয়তা থাকে যে এইটোনো কি ডাঙৰ কথা। তেওঁলোকে শক্তিৰ আধাৰত
সিদ্ধি প্ৰাপ্ত কৰি লয়। তোমালোকৰতো সকলো শক্তি আছে, অবিনাশী ধনৰ শক্তি সদায় লগত আছে,
বুদ্ধিৰো শক্তি আছে তেনেকৈ পদমৰ্যাদাৰো শক্তি আছে, সৰ্ব শক্তি তোমালোকৰ আছে, সেয়া
কেৱল জাগ্ৰত ৰূপত অনুভৱ কৰা তেতিয়া সময়ত বিধিৰ দ্বাৰা সিদ্ধি প্ৰাপ্ত কৰি সিদ্ধি
স্বৰূপ হৈ যাবা।
স্লোগান:
মনক প্ৰভুৰ সম্পদ বুলি বুজি তাক সদায় শ্ৰেষ্ঠ কাৰ্যত লগোৱা।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
পিতাক প্ৰত্যক্ষ
কৰিবলৈ বিশেষ দুটা কথা ধ্যানত ৰাখিব লাগে – এটা সদায় সংস্কাৰ মিলোৱাৰ একতা, ইয়াৰ
বাবে প্ৰত্যেকে নিজক পৰিৱৰ্তন কৰা, সমাহিত কৰাৰ শক্তি ধাৰণ কৰা তেতিয়া অন্যৰ
সংস্কাৰো অৱশ্যে শীতল হৈ যাব। দ্বিতীয়তে – সন্তুষ্ট হৈ থাকিব লাগে আৰু সকলোকে
সন্তুষ্ট কৰিব লাগে। যেতিয়া এই দুয়োটা কথা সদায় ধ্যানত ৰাখিবা তেতিয়া পিতা যি হয়,
যেনেকুৱা হয় তেনেকুৱাই দৃষ্টিগোচৰ হ’ব আৰু প্ৰত্যক্ষতা হ’ব।