29.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোকে নিজৰ যোগবলৰ দ্বাৰাই বিকৰ্ম বিনাশ কৰি পাৱন হৈ পাৱন সৃষ্টি স্থাপনা কৰিব লাগে, এয়াই তোমালোকৰ সেৱা"

প্ৰশ্ন:
দেৱী-দেৱতা ধৰ্মৰ কোনটো বিশেষত্বৰ গায়ন কৰা হয়?

উত্তৰ:
দেৱী-দেৱতা ধৰ্মহে বহুত সুখ দিওঁতা হয়। তাত দুখৰ নাম-চিহ্ন নাই। তোমালোক সন্তানসকলে তিনি চতুৰ্থাংশ সুখ পোৱা। যদি আধা সুখ, আধা দুখ হয় তেনেহ’লেতো মজাই নাথাকিব।

ওঁম্শান্তি।
ভগৱানুবাচ (ভগৱানে কয়)। ভগৱানেই বুজাইছে যে কোনো মনুষ্যক ভগৱান বুলি ক’ব নোৱাৰি। দেৱতাসকলকো ভগৱান বুলি কোৱা নহয়। ভগাৱনতো নিৰাকাৰ, তেওঁৰ কোনো সাকাৰী বা আকাৰী ৰূপ নাই। সূক্ষ্মলোকৰ নিবাসীসকলৰো সূক্ষ্ম আকাৰ আছে সেই কাৰণে সেইখনক কোৱা হয় সূক্ষ্মলোক। ইয়াত হৈছে সাকাৰী মনুষ্য তন সেই কাৰণে এইখনক স্থূললোক বুলি কোৱা হয়। সূক্ষ্মলোকত এই স্থূল 5 তত্ত্বৰ শৰীৰ নাথাকে। এই 5 তত্ত্বৰে মনুষ্যৰ শৰীৰ গঠন হয়, ইয়াক মাটিৰ পুতলা বুলি কোৱা হয়। সূক্ষ্মলোকৰ নিবাসীক মাটিৰ পুতলা বুলি কোৱা নহ’ব। দেৱতা ধৰ্মাৱলম্বীসকলো মনুষ্যই হয়, কিন্তু তেওঁলোকক দৈৱীগুণধাৰী মনুষ্য বুলি কোৱা হ’ব। এই দৈৱীগুণ শিৱবাবাৰ পৰা প্ৰাপ্ত কৰিছে। দৈৱীগুণধাৰী মনুষ্য আৰু আসুৰি অৱগুণধাৰী মনুষ্যৰ মাজত কিমান পাৰ্থক্য আছে। মনুষ্যহে শিৱালয় বা বেশ্যালয়ত থকাৰ লায়ক হয়। সত্যযুগক শিৱালয় বুলি কোৱা হয়। সত্যযুগ ইয়াতেই হয়। কোনো মুললোক বা সূক্ষ্মলোকত নহয়। তোমালোক সন্তানসকলে জানা যে সেয়া হৈছে শিৱবাবাৰ দ্বাৰা স্থাপনা কৰা শিৱালয়। কেতিয়া স্থাপনা কৰিলে? সংগমত। এয়া হৈছে পুৰুষোত্তম যুগ। এতিয়া এইখন সৃষ্টি হৈছে পতিত তমোপ্ৰধান। ইয়াক সতোপ্ৰধান নতুন সৃষ্টি বুলি কোৱা নহয়। নতুন সৃষ্টিক সতোপ্ৰধান বুলি কোৱা হয়। সেইখনেই আকৌ যেতিয়া পুৰণি হৈ যায় তেতিয়া তাক তমোপ্ৰধান বুলি কোৱা হয়। আকৌ সতোপ্ৰধান কেনেকৈ হয়? তোমালোক সন্তানসকলৰ যোগবলেৰে। যোগবলেৰেই তোমালোকৰ বিকৰ্ম বিনাশ হয় আৰু তোমালোক পৱিত্ৰ হৈ যোৱা। পৱিত্ৰসকলৰ কাৰণেতো আকৌ নিশ্চয় পৱিত্ৰ সৃষ্টি লাগিব। নতুন সৃষ্টিক পৱিত্ৰ, পুৰণি সৃষ্টিক অপৱিত্ৰ বুলি কোৱা হয়। পৱিত্ৰ সৃষ্টি পিতাই স্থাপনা কৰে, পতিত সৃষ্টি ৰাৱণে স্থাপনা কৰে। এই কথাবোৰ কোনো মনুষ্যই নাজানে। এই 5 বিকাৰ নথকাহেঁতেন মনুষ্য দুখীও নহ’লহেঁতেন আৰু পিতাকো স্মৰণ নকৰিলেহেঁতেন! পিতাই কয় - মই হওঁৱেই দুখ হৰ্তা, সুখকৰ্তা। ৰাৱণৰ 10টা মূৰৰ 5 বিকাৰৰ পুতলা সাজি দিছে। সেই ৰাৱণক শত্ৰু বুলি বুজি জ্বলায়। কিন্তু এনেকুৱাও নহয় যে দ্বাপৰৰ আদিৰ পৰা জ্বলাবলৈ আৰম্ভ কৰি দিয়ে। নহয়, যেতিয়া তমোপ্ৰধান হয় তেতিয়া কিছুমান মত-মতান্তৰত আহি এই নতুন কথাবোৰ উলিয়ায়। যেতিয়া কোনোবাই বহুত দুখ দিয়ে তেতিয়া তেওঁৰ প্ৰতিকৃতি সাজে। ইয়াতো মনুষ্যৰ যেতিয়া বহুত দুখ হয় তেতিয়া এই ৰাৱণৰ প্ৰতিকৃতি সাজি জ্বলায়। তোমালোক সন্তানসকলৰ তিনি চাতুৰ্থাংশ সুখ। যদি আধা দুখ হয় তেন্তে তাৰ মজাই বা কি থাকিল! পিতাই কয় - তোমালোকৰ এই দেৱী-দেৱতা ধৰ্মই বহুত সুখ দিয়ে। সৃষ্টিতো অনাদি ৰচনা কৰি থোৱা আছে। এনেকৈ কোনেও সুধিব নোৱাৰে যে সৃষ্টি কিয় ৰচনা কৰা হ’ল, আকৌ কেতিয়া পূৰা হ’ব? এই চক্ৰ ঘূৰিয়ে থাকে। শাস্ত্ৰত কল্পৰ আয়ুস লাখ লাখ বছৰ বুলি লিখি দিলে। নিশ্চয় সংগমযুগো থাকিব, যেতিয়া সৃষ্টি পৰিৱৰ্তন হ’ব। এতিয়া যেনেকৈ তোমালোকে অনুভৱ কৰা, তেনেকৈ অন্য কোনেও নুবুজে। ইমানো নুবুজে যে শৈশৱত নাম ৰাধা-কৃষ্ণ তাৰপাছত আকৌ স্বয়ম্বৰ হয়। দুয়ো বেলেগ বেলেগ ৰাজধানীৰ হয় আকৌ যেতিয়া তেওঁলোকৰ স্বয়ম্বৰ হয় তেতিয়া লক্ষ্মী-নাৰায়ণ হয়। এই সকলো কথা পিতাই বুজায়। পিতাই জ্ঞানৱান হয়। এনেকুৱা নহয় যে তেওঁ সৰ্বজ্ঞ। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে পিতাইতো আহি জ্ঞান দিয়ে। জ্ঞান পাঠশালাত পোৱা যায়। পাঠশালাত লক্ষ্য-উদ্দেশ্যতো নিশ্চয় থকা উচিত। এতিয়া তোমালোকে পঢ়ি আছা। ছিঃ ছিঃ সৃষ্টিত ৰাজ্য কৰিব নোৱাৰা। ৰাজ্য কৰিবা ফুলৰ সৃষ্টিত। ৰাজযোগ জানো সত্যযুগত শিকাব। সংগমযুগতহে পিতাই ৰাজযোগ শিকায়। এয়া বেহদৰ কথা। পিতা কেতিয়া আহে, কোনেও নাজানে। ঘোৰ অন্ধকাৰত আছে। জ্ঞান সূৰ্য নামেৰে জাপানত তেওঁলোকে নিজকে সূৰ্যবংশী বুলি কয়। বাস্তৱত সূৰ্যবংশীতো হৈছে দেৱতাসকল। সূৰ্যবংশীৰ ৰাজ্য সত্যযুগতহে আছিল। গায়নো কৰা হয় জ্ঞান সূৰ্য উদয় হ’ল…… তেতিয়া ভক্তিমাৰ্গৰ অন্ধকাৰ নাশ হ’ল। নতুন সৃষ্টিৰ পৰা পুৰণি, পুৰণিৰ সৃষ্টিৰ পৰা আকৌ নতুন হয়। এয়া হৈছে বেহদৰ বিশাল ঘৰ। কিমান বৃহৎ মঞ্চ। সূৰ্য, চন্দ্ৰ, তৰাবোৰ কিমান কামত আহে। ৰাত্ৰি বহুত কাম চলে। এনেকুৱাও কোনোবা ৰজা লোক আছে যিয়ে দিনত শুই থাকে, ৰাতি নিজৰ সভা আদি পাতে, বেচা-কিনা কৰে। এয়া এতিয়াও ক’ৰবাত ক’ৰবাত চলে। মিল আদিও ৰাতিহে চলে। এয়া হৈছে হদৰ দিন-ৰাতি। সেয়া হৈছে বেহদৰ কথা। এই কথাবোৰ তোমালোকৰ বাহিৰে অন্য কাৰো বুদ্ধিত নাই। শিৱবাবাকো নাজানে। পিতাই প্ৰতিটো কথা বুজাই থাকে। ব্ৰহ্মাৰ কাৰণেও বুজাইছে - প্ৰজাপিতা ব্ৰহ্মা। পিতাই যেতিয়া সৃষ্টি ৰচনা কৰে তেতিয়া নিশ্চয় কৰোবাৰ শৰীৰত প্ৰৱেশ কৰিব। পাৱন মনুষ্য সত্যযুগত থাকে। কলিযুগততো সকলো বিকাৰৰ দ্বাৰা জন্ম হয় সেই কাৰণে পতিত বুলি কোৱা হয়। মনুষ্যই ক’ব বিকাৰ অবিহনে সৃষ্টি কেনেকৈ চলিব? হেৰ’, দেৱতাসকলক তোমালোকে সম্পূৰ্ণ নিৰ্বিকাৰী বুলি কোৱা। কিমান শুদ্ধিৰে তেওঁলোকৰ মন্দিৰ নিৰ্মাণ কৰে। ব্ৰাহ্মণৰ বাহিৰে অন্য কাকো ভিতৰলৈ যোৱাৰ অনুমতি নিদিয়ে। বাস্তৱত এই দেৱতাসকলক কোনো বিকাৰীয়ে স্পৰ্শ কৰিব নোৱাৰে। কিন্তু আজিকালিতো পইচাৰেই সকলো হৈ যায়। কাৰোবাৰ ঘৰত মন্দিৰ আদি থাকিলে তেতিয়াও ব্ৰাহ্মণকে নিমন্ত্ৰণ জনায়। এতিয়া বিকাৰীতো সেই ব্ৰাহ্মণো হয়, কেৱল নামতহে ব্ৰাহ্মণ। এই সৃষ্টিখনেই বিকাৰী সেয়েহে পূজাও বিকাৰীসকলৰ দ্বাৰাই হয়। নিৰ্বিকাৰী ক’ৰ পৰা আহিব! নিৰ্বিকাৰী সত্যযুগতহে থাকে। এনেকুৱা নহয় যে যিসকল বিকাৰগ্ৰস্ত নহয় তেওঁলোকক নিৰ্বিকাৰী বুলি ক’ব। শৰীৰতো তথাপিও বিকাৰৰ দ্বাৰাই জন্ম হৈছে নহয়। পিতাই এটা কথাই শুনাইছে যে এই গোটেই খন ৰাৱণৰাজ্য। ৰামৰাজ্যত হৈছে সম্পূৰ্ণ নিৰ্বিকাৰী, ৰাৱণৰাজ্যত হৈছে বিকাৰী। সত্যযুগত পৱিত্ৰতা আছিল গতিকে শান্তি সমৃদ্ধি আছিল। তোমালোকে দেখুৱাব পাৰা যে সত্যযুগত এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। তাত 5 বিকাৰ নাথাকে। সেইখন হয়েই পৱিত্ৰ ৰাজ্য, যিখন ভগৱানে স্থাপনা কৰে। ভগৱানে জানো পতিত ৰাজ্য স্থাপনা কৰে। সত্যযুগত যদি পতিত থাকিলহেঁতেন তেন্তে আহ্বান নজনালেহেঁতেন জানো। তাততো কোনেও আহ্বান নজনায়। সুখত কোনেও স্মৰণ নকৰে। পৰমাত্মাৰ মহিমাও কৰে যে হে সুখৰ সাগৰ, পৱিত্ৰতাৰ সাগৰ….। এনেকৈ কয়ো যে শান্তি হওঁক। এতিয়া গোটেই সৃষ্টিত মনুষ্যই কেনেকৈ শান্তি আনিব? শান্তিৰ ৰাজ্যতো একমাত্ৰ স্বৰ্গতেই আছিল। যেতিয়া কোনোবাই পৰস্পৰ কাজিয়া কৰে তেতিয়া শান্ত কৰাবলগীয়া হয়। তাততো হয়েই এক ৰাজ্য।

পিতাই কয় - এই পুৰণি সৃষ্টিখনেই এতিয়া নাশ হৈ যাব। এই মহাভাৰতৰ যুদ্ধত সকলো বিনাশ হ’ব। বিনাশ কালত প্ৰীতিকৰ বুদ্ধি - এনেকৈও লিখা আছে। যথাযথ পাণ্ডৱতো তোমালোক হোৱা নহয়। তোমালোক হৈছা আত্মিক পাণ্ডা। সকলোকে মুক্তিধামৰ ৰাস্তা দেখুৱাই দিয়া। সেয়া হৈছে আত্মাৰ ঘৰ শান্তিধাম। এয়া হৈছে দুখধাম। এতিয়া পিতাই কয় - এই দুখধামক দেখিও পাহৰি যোৱা। বচ, এতিয়াতো আমি শান্তিধামলৈ যাব লাগে। এনেকৈ আত্মাই কয়, আত্মাই উপলব্ধি কৰে। আত্মাৰ স্মৃতি উদয় হৈছে যে মই আত্মা। পিতাই কয় - মই যি হওঁ, যেনেকুৱা হওঁ… অন্য কোনেওতো বুজিব নোৱাৰে। তোমালোককে বুজোৱা হৈছে - মই বিন্দু। তোমালোকে এইটো প্ৰতি মুহূৰ্ততে বুদ্ধিত ৰখা উচিত যে আমি 84ৰ চক্ৰ কেনেকৈ পৰিক্ৰমা লগালোঁ। ইয়াত পিতাও স্মৃতিলৈ আহিব, ঘৰো স্মৃতিলৈ আহিব, চক্ৰও স্মৃতিলৈ আহিব। এই বিশ্বৰ ইতিহাস-ভূগোল তোমালোকেহে জানা। কিমান খণ্ড আছে। কিমান যুদ্ধ আদি লাগিল। সত্যযুগত যুদ্ধ আদিৰ কথাই নাই। ক’ত ৰামৰাজ্য, ক’ত ৰাৱণৰাজ্য। পিতাই কয় - এতিয়া তোমালোক যেন ঈশ্বৰীয় ৰাজ্যত আছা কিয়নো ঈশ্বৰ ইয়ালৈ আহিছে ৰাজ্য স্থাপনা কৰিবলৈ। ঈশ্বৰে নিজেতো ৰাজ্য নকৰে, নিজে ৰাজ্য নলয়। নিষ্কাম সেৱা কৰে। উচ্চতকৈও উচ্চ ভগৱান হৈছে সকলো আত্মাৰে পিতা। ‘বাবা’ বুলি ক’লে একেবাৰে আনন্দৰ সীমা থাকিব নালাগে। অতীন্দ্ৰিয় সুখ তোমালোকৰ অন্তিম অৱস্থাৰ গায়ন কৰা হৈছে। যেতিয়া পৰীক্ষাৰ দিন ওচৰ চাপি আহে, সেই সময়ত সকলো সাক্ষাৎকাৰ হয়। অতীন্দ্ৰিয় সুখো সন্তানসকলৰ ক্ৰমানুসৰি আছে। কিছুমানেতো পিতাৰ স্মৃতিত বহুত আনন্দিত হৈ থাকে।

তোমালোক সন্তানসকলৰ গোটেই দিন এইটোৱে অনুভূতি থাকিব লাগে যে অহো বাবা, আপুনি আমাক কিহৰ পৰা কি কৰি তুলিলে! আপোনাৰ পৰা আমি কিমান সুখ পাওঁ…. পিতাক স্মৰণ কৰিলে প্ৰেমৰ চকুলো নিগৰি আহে। আপুনি কিমান চমৎকাৰ কৰে, আপুনি আহি আমাক দুখৰ পৰা মুক্ত কৰে, বিষয় সাগৰৰ পৰা ক্ষীৰ সাগৰলৈ লৈ যায়, গোটেই দিন এইটোৱে অনুভূতি হৈ থাকিব লাগে। পিতাই যি সময়ত তোমালোকক স্মৃতি সোঁৱৰাই দিয়ে তেতিয়া তোমালোক কিমান আনন্দত গদগদ হৈ যোৱা। শিৱবাবাই আমাক ৰাজযোগ শিকাই আছে। যথাযথ শিৱৰাত্ৰিও পালন কৰা হয়। কিন্তু মনুষ্যই ‘গীতা’ত শিৱবাবাৰ সলনি শ্ৰীকৃষ্ণৰ নাম দি দিলে। এইটো হৈছে সকলোতকৈ ডাঙৰ মুখ্য ভুল। সকলোতকৈ শ্ৰেষ্ঠ ‘গীতা’খনতে ভুল কৰি দিছে। ড্ৰামাখনেই এনেকৈ ৰচনা কৰি থোৱা আছে। পিতা আহি এইটো ভুল আঙুলিয়াই দিয়ে যে পতিত-পাৱন মই হওঁ নে শ্ৰীকৃষ্ণ? তোমালোকক মই ৰাজযোগ শিকাই মনুষ্যৰ পৰা দেৱতা কৰি তুলিলোঁ। গায়নো মোৰেই নহয় জানো। অকাল মূৰ্ত, অযোনি… শ্ৰীষ্ণৰ ক্ষেত্ৰত জানো এইটো মহিমা কৰিব পাৰি। তেওঁতো পুনৰ্জন্মত আহোঁতা। তোমালোক সন্তানসকলৰ ভিতৰতো ক্ৰমানুসৰি আছে, যাৰ বুদ্ধিত এই সকলো কথা ধাৰণ হয়। জ্ঞানৰ লগতে চাল-চলনো ভাল হোৱা উচিত। মায়াও কম নহয়। যি প্ৰথমে আহিব তেওঁ নিশ্চয় ইমান শক্তিশালী হ’ব। ভাৱৰীয়া ভিন্ন ভিন্ন থাকে নহয়। নায়ক-নায়িকাৰ ভূমিকা ভাৰতবাসীয়েহে পাইছে। তোমালোকে সকলোকে ৰাৱণৰাজ্যৰ পৰা মুক্ত কৰা। শ্ৰীমতত চলিলে তোমালোকে কিমান শক্তি পোৱা। মায়াও বহুত বলৱান, আগবাঢ়ি গৈ থাকোঁতে প্ৰতাৰণা কৰি দিয়ে।

পিতা প্ৰেমৰ সাগৰ সেয়েহে তোমালোক সন্তানসকলো পিতাৰ সমান প্ৰেমৰ সাগৰ হ’ব লাগে। কেতিয়াও কটু বচন উচ্চাৰণ কৰিব নালাগে। কাৰোবাক দুখ দিলে দুখী হৈ মৰিবা। এই সকলো অভ্যাস এৰি দিব লাগে। আটাইতকৈ বেয়া অভ্যাস হৈছে বিষয় সাগৰত ডুবি থকা। পিতায়ো কয় - কাম হৈছে মহাশত্ৰু। কিমান সন্তানে মাৰ খায়। কিছুমানেতো কন্যাক কৈ দিব – পৱিত্ৰ হৈ থাকিব খোজা যদি থাকা। হেৰ’, প্ৰথমেতো নিজে পৱিত্ৰ হোৱা। কন্যাক গটাই দিয়ে, খৰচ আদিৰ বোজাৰ পৰা মুক্ত হ’ল কিয়নো এনেকৈ ভাবে যে ক’বতো নোৱাৰোঁ, কন্যাৰ ভাগ্যত কি আছে, সুখৰ ঘৰো পায় নে নাপায়। আজিকালি খৰচো বহুত হয়। গৰিব লোকসকলেতো তৎক্ষণাৎ দি দিয়ে। কিছুমানৰ আকৌ মোহ থাকে। আগতে এগৰাকী ভিলনী (নীচ জাতিৰ লোক) আহিছিল, তেওঁক জ্ঞানত আহিব দিয়া নাছিল কিয়নো যাদুৰ ভয় আছিল। ভগৱানক যাদুকৰ বুলিও কোৱা হয়। দয়ালু অন্তৰৰ বুলিও ভগৱানকে কোৱা হ’ব। শ্ৰীকৃষ্ণক জানো ক’ব। দয়ালু অন্তৰৰ তেওঁ হয় যিয়ে নিৰ্দয়তাৰ পৰা মুক্ত কৰে। নিৰ্দয় হৈছে ৰাৱণ।

প্ৰথমতে হৈছে জ্ঞান। জ্ঞান, ভক্তি তাৰপাছত বৈৰাগ্য। এনেকুৱা নহয় যে ভক্তি, জ্ঞান তাৰপাছত বৈৰাগ্য বুলি কোৱা হ’ব। জ্ঞানৰ বৈৰাগ্য বুলি জানো ক’ব পাৰি। ভক্তিৰ বৈৰাগ্য কৰিবলগীয়া হয় সেইবাবে জ্ঞান, ভক্তি, বৈৰাগ্য এনেকৈ কোৱাটো শুদ্ধ। পিতাই তোমালোকক বেহদৰ অৰ্থাৎ পুৰণি জগতৰ বৈৰাগ্য কৰায়। সন্ন্যাসীয়েতো কেৱল ঘৰ-সংসাৰৰ পৰা বৈৰাগ্য কৰায়। এয়াও ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। মনুষ্যৰ বুদ্ধিত ধাৰণেই নহয়। ভাৰত 100 শতাংশ সমৃদ্ধিশালী, নিৰ্বিকাৰী, স্বাস্থ্যৱান আছিল, কেতিয়াও অকাল মৃত্যু নহৈছিল, এই সকলো কথাৰ ধাৰণা বহুত কম সংখ্যকৰহে হয়। যিয়ে ভালকৈ সেৱা কৰে, তেওঁ বহুত চহকী হ’ব। সন্তানসকলৰতো গোটেই দিন বাবাই স্মৃতিত থাকিব লাগে। কিন্তু মায়াই সেয়া কৰিব নিদিয়ে। পিতাই কয় - সতোপ্ৰধান হ’বলৈ চলোঁতে, ফুৰোঁতে, খাওঁতে মোক স্মৰণ কৰা। মই তোমালোকক বিশ্বৰ মালিক কৰি তোলোঁ, তোমালোকে স্মৰণ নকৰিবানে! বহুতৰে মায়াৰ ধুমুহা বহুত আহে। পিতাই বুজায় - এয়াতো হ’বই। ড্ৰামাতেই নিৰ্ধাৰিত হৈ আছে। স্বৰ্গ স্থাপনাতো হ’বই। সদায় নতুন সৃষ্টিতো নাথাকে। চক্ৰ ঘূৰিলে তললৈ নিশ্চয় অৱনমিত হ’বা। সকলো বস্তু নতুনৰ পৰা পুৰণিতো নিশ্চয় হ’বই। এই সময়ত মায়াই সকলোকে এপ্ৰিল ফুল বনালে, বাবা আহি ফুলৰ দৰে কৰি তোলে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ সমান স্নেহৰ সাগৰ হ’ব লাগে। কেতিয়াও কাকো দুখ দিব নালাগে। কটু বচন উচ্চাৰিত কৰিব নালাগে। বেয়া অভ্যাসবোৰ ত্যাগ কৰিব লাগে।

(2) বাবাৰ সৈতে মধুৰ বাৰ্তালাপ কৰি এইটো অনুভূতিত থাকিব লাগে যে অহো বাবা, আপুনি আমাক কিহ’ৰ পৰা কি কৰি তুলিলে! আপুনি আমাক কিমান সুখ দিলে! বাবা, আপুনি ক্ষীৰ সাগৰলৈ লৈ যোৱা…… গোটেই দিন যাতে ‘বাবা’ ‘বাবা’ই স্মৃতিত থাকে।

বৰদান:
সৰ্ব সম্বন্ধ আৰু সৰ্ব গুণৰ অনুভূতিৰে সম্পন্ন হওঁতা সম্পূৰ্ণ মূৰ্ত হোৱা

সংগমযুগত বিশেষ সৰ্ব প্ৰাপ্তিৰে নিজকে সম্পন্ন কৰিব লাগে সেয়েহে সৰ্ব সম্পদ, সৰ্ব সম্বন্ধ, সৰ্বগুণ আৰু কৰ্তব্য সন্মুখত ৰাখি পৰীক্ষা কৰা যে সকলো কথাত অনুভৱী হৈছোঁনে। যদি কোনোবাটো কথাত অনুভৱৰ অভাৱ আছে তেন্তে সেইটো কথাত নিজকে সম্পন্ন কৰি তোলা। এটি সম্বন্ধ বা গুণৰো যদি অভাৱ আছে তেন্তে সম্পূৰ্ণ অৱস্থা বা সম্পূৰ্ণ মূৰ্ত বুলি ক’ব নোৱাৰা সেই কাৰণে পিতাৰ গুণ বা নিজৰ আদি স্বৰূপৰ গুণৰ অনুভৱ কৰা তেতিয়া সম্পূৰ্ণ মূৰ্ত হ’বাগৈ।

স্লোগান:
উত্তেজিত হোৱাটোও মনেৰে কন্দা - এতিয়া কন্দাৰ ফাইল সমাপ্ত কৰা।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

মনেৰে সেৱা কৰিবলৈ সৰ্ব শক্তিক নিজৰ জীৱনৰ অংগ কৰি তোলা। এনেকুৱা পিতাৰ সমান নিখুঁত হোৱা যাতে ভিতৰত কোনো খুঁত নাথাকে তেতিয়া শ্ৰেষ্ঠ সংকল্পৰ একাগ্ৰতাৰ দ্বাৰা অৰ্থাৎ মনৰ দ্বাৰা স্বতঃ শক্তিৰ প্ৰকম্পন বিয়পিব।