29.01.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


মৰমৰ সন্তানসকল – “নিজৰ মৰমৰ পিতাক স্মৰণ কৰিলে তোমালোক সতোপ্ৰধান দেৱতা হৈ যাবা, সকলো নিৰ্ভৰ কৰে স্মৃতিৰ যাত্ৰাৰ ওপৰত”

প্ৰশ্ন:
যেনেকৈ পিতাৰ প্ৰতি সন্তানসকল আকৰ্ষিত হয় তেনেকৈ কোনসকল সন্তানৰ প্ৰতি সকলো আকৰ্ষিত হ'ব?

উত্তৰ:
যিসকল ফুল হৈছে। যেনেকৈ শিশুসকল ফুল হয়, সিহঁতে বিকাৰৰ বিষয়ে নাজানেই সেয়েহে সিহঁতে সকলোকে আকৰ্ষিত কৰে নহয়। তেনেকৈ তোমালোক সন্তানসকলো যেতিয়া ফুল অৰ্থাৎ পৱিত্ৰ হৈ যাবা তেতিয়া সকলো আকৰ্ষিত হ’ব। তোমালোকৰ বিকাৰৰ কোনো কাঁইট থাকিব নালাগে।

ওঁম্শান্তি।
আত্মিক সন্তানসকলে জানে যে এয়া পুৰুষোত্তম সংগমযুগ। নিজৰ ভৱিষ্যতৰ পুৰুষোত্তম মুখ দেখা পোৱানে? পুৰুষোত্তম পোছাক দেখা পোৱানে? অনুভৱ কৰানে যে আমি পুনৰ নতুন সৃষ্টি সত্যযুগত এওঁলোকৰ (লক্ষ্মী-নাৰায়ণৰ) বংশাৱলীত যাম অৰ্থাৎ সুখধামলৈ যাম অথবা পুৰুষোত্তম হ'মগৈ। বহি বহি এনেকুৱা চিন্তা উদয় হয়নে। বিদ্যাৰ্থীয়ে যেতিয়া পঢ়ে তেতিয়া যি শ্ৰেণীত পঢ়ে, সেয়া নিশ্চয় বুদ্ধিত থাকিব নহয় - মই বেৰিষ্টাৰ বা অমুক হ'ম। তেনেকৈ তোমালোকেও যেতিয়া ইয়াত বহা তেতিয়া এইটো জানা যে আমি বিষ্ণু বংশাৱলীত যাম। বিষ্ণুৰ দুটা ৰূপ - লক্ষ্মী-নাৰায়ণ, দেৱী-দেৱতা। তোমালোকৰ এতিয়া অলৌকিক বুদ্ধি। অন্য কোনো মনুষ্যৰ বুদ্ধিত এই কথাবোৰৰ মন্থন নচলে। তোমালোক সন্তানসকলৰ বুদ্ধিত এই সকলোবোৰ কথা আছে। এয়া কোনো সাধাৰণ সৎসংগ নহয়। ইয়াত বহি আছা বুজি পোৱা যে সত্য বাবা যাক শিৱ বুলি কোৱা হয়, তেওঁৰ সংগত বহি আছোঁ। শিৱবাবাই ৰচয়িতা, তেৱেঁই ৰচনাৰ আদি-মধ্য-অন্তক জানে আৰু এই জ্ঞান দিয়ে। যেন কালিৰহে কথা শুনায়। ইয়াত বহি আছা তেন্তে এয়াতো স্মৃতিত আছে নহয় যে আমি পুনৰুজ্জীৱিত হ'বলৈ অৰ্থাৎ এই শৰীৰ সলনি কৰি দেৱতা শৰীৰ ল’বলৈ আহিছোঁ। আত্মাই কয় - মোৰ এইটো তমোপ্ৰধান পুৰণা শৰীৰ, ইয়াক সলনি কৰি এনেকুৱা লক্ষ্মী-নাৰায়ণ হ'ব লাগে। লক্ষ্য-উদ্দেশ্য কিমান শ্ৰেষ্ঠ। পঢ়াওঁতা শিক্ষক নিশ্চয় পঢ়োঁতা বিদ্যাৰ্থীতকৈ হুচিয়াৰ হ'ব নহয়। পঢ়ায়, ভাল কর্ম শিকায় তেন্তে নিশ্চয় উচ্চ হ'ব। তোমালোকে জানা আমাক সকলোতকৈ উচ্চতকৈও উচ্চ ভগৱানে পঢ়ায়। ভৱিষ্যতে আমিয়েই দেৱতা হ'মগৈ। আমি যি পঢ়োঁ সেয়া ভৱিষ্যত নতুন সৃষ্টিৰ কাৰণে। অন্য কোনেও নতুন সৃষ্টিৰ বিষয়ে নাজানেই। তোমালোকৰ বুদ্ধিত এতিয়া উদয় হয় যে এই লক্ষ্মী-নাৰায়ণ নতুন সৃষ্টিৰ মালিক আছিল। তেন্তে নিশ্চয় পুনৰাবৃত্তি হ'ব। গতিকে পিতাই বুজায় - তোমালোকক পঢ়াই মনুষ্যৰ পৰা দেৱতা কৰি তোলোঁ। দেৱতাসকলৰ মাজতো নিশ্চয় ক্ৰমানুসৰি হ’ব। দৈৱী ৰাজধানী থাকে নহয়। তোমালোকৰ গোটেই দিন এইটো চিন্তন চলে যে আমি আত্মা। আমি আত্মা যি বহুত পতিত আছিলোঁ, এতিয়া পাৱন হোৱাৰ বাবে পাৱন পিতাক স্মৰণ কৰোঁ। স্মৃতিৰ অৰ্থও বুজিব লাগে। আত্মাই নিজৰ মৰমৰ পিতাক স্মৰণ কৰে। পিতাই নিজে কয় - সন্তানসকল, মোক স্মৰণ কৰিলে তোমালোক সতোপ্ৰধান দেৱতা হৈ যাবাগৈ। সকলো নিৰ্ভৰ কৰে স্মৃতিৰ যাত্ৰাৰ ওপৰত। পিতাই নিশ্চয় সুধিব নহয় - সন্তানসকল কিমান সময় স্মৰণ কৰা? স্মৰণ কৰাতেই মায়াৰ যুদ্ধ হয়। তোমালোকে নিজে বুজি পোৱা এয়া যাত্ৰা নহয় কিন্তু যেন যুদ্ধহে, ইয়াত বিঘিনি বহুত আহে। স্মৃতিৰ যাত্ৰাত থকাৰ ক্ষেত্ৰতেই মায়াই বিঘিনি আনে অৰ্থাৎ স্মৃতি পাহৰাই দিয়ে। কয়ো - বাবা আমি আপোনাৰ স্মৃতিত থাকিলে মায়াৰ ধুমুহা বহুত আহে। প্ৰথম শ্ৰেণীৰ ধুমুহা হৈছে দেহ-অভিমানৰ। তাৰপাছত কাম, ক্ৰোধ, লোভ, মোহ……. আজি কামৰ ধুমুহা, কালি ক্ৰোধৰ ধুমুহা, লোভৰ ধুমুহা আহিল….. আজি মোৰ অৱস্থা ভালে থাকিল, কোনো ধুমুহা নাহিল। স্মৃতিৰ যাত্ৰাত গোটেই দিন থাকিলোঁ, বহুত আনন্দিত হৈ আছিলোঁ। বাবাক বহুত স্মৰণ কৰিলোঁ। স্মৃতিত প্ৰেমৰ চকুলো বৈ থাকে। পিতাৰ স্মৃতিত থাকিলে তোমালোক মৰমৰ হৈ যাবা।

তোমালোক সন্তানসকলে এইটোও বুজি পোৱা যে আমি মায়াৰ হাতত পৰাজিত হৈ হৈ ক’ত আহি উপনীত হ’লোঁ। সন্তানসকলে হিচাপ উলিয়ায়। কল্পত কিমান মাহ, কিমান দিন….. আছে। বুদ্ধিলৈ আহে নহয়। যদি কোনোৱে কয় লাখ লাখ বছৰ আয়ুস তেতিয়া কোনোবাই হিচাপ কৰিব পাৰিব জানো। পিতাই বুজায় – এই সৃষ্টিৰ চক্ৰ ঘূৰি থাকে। এই গোটেই চক্ৰত আমি কিমান জন্ম লওঁ। কেনেকৈ ৰাজবংশত যাওঁ - এয়াতো জানা নহয়। এয়া সম্পূৰ্ণ নতুন কথা, নতুন জ্ঞান নতুন সৃষ্টিৰ কাৰণে। নতুন সৃষ্টি স্বৰ্গক কোৱা হয়। তোমালোকে ক’বা আমি এতিয়া মনুষ্য, দেৱতা হৈ আছোঁ। দেৱতা পদ হৈছে উচ্চ। তোমালোক সন্তানসকলে জানা আমি সকলোতকৈ অনন্য জ্ঞান লৈ আছোঁ। আমাক পঢ়াওঁতাজন একেবাৰে অনন্য বিচিত্ৰ। তেওঁৰ এই সাকাৰ চিত্ৰ নাই। তেওঁ হয়েই নিৰাকাৰ। গতিকে চোৱা ড্ৰামাত কেনেকুৱা ভাল ভূমিকা ৰাখি থোৱা হৈছে। পিতাই কেনেকৈ পঢ়ায়? সেয়েহে নিজে কয় - মই অমুকৰ শৰীৰত আহোঁ। কাৰ শৰীৰত আহে, সেয়াও কয়। মনুষ্য নিৰাশ হয় - এজনৰেই শৰীৰত আহিব জানো! কিন্তু এয়াতো ড্ৰামা হয় নহয়। ইয়াত সলনি হ'ব নোৱাৰে। এই কথাবোৰ তোমালোকেহে শুনা, ধাৰণ কৰা আৰু শুনোৱা - কেনেকৈ আমাক শিৱবাবাই পঢ়ায়? আমি পুনৰ অন্য আত্মাক পঢ়াওঁ। আত্মাই পঢ়ে। আত্মাইহে শিকে, শিকায়। আত্মা আটাইতকৈ মূল্যৱান। আত্মা অবিনাশী, অমৰ। কেৱল শৰীৰ শেষ হয়। আমি আত্মাসকলে নিজৰ পৰমপিতা পৰমাত্মাৰ পৰা জ্ঞান লৈ আছোঁ। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্ত, 84 জন্মৰ জ্ঞান লৈ আছোঁ। জ্ঞান কোনে লয়? আত্মাই। আত্মা অবিনাশী। মোহো অবিনাশী বস্তুৰ প্ৰতি থাকিব লাগে, বিনাশী বস্তুৰ প্ৰতি নহয়। ইমান সময়ে তোমালোকে বিনাশী শৰীৰৰ প্ৰতি মোহ ৰাখি আহিছা। এতিয়া বুজি পোৱা - আমি আত্মা, শৰীৰৰ বোধ এৰিব লাগে। কোনো কোনো সন্তানে লিখেও মই আত্মাই এইটো কৰ্ম কৰিলোঁ। মই আত্মাই আজি এইটো ভাষণ দিলোঁ। মই আত্মাই আজি বাবাক বহুত স্মৰণ কৰিলোঁ। তেওঁ হ'ল সৰ্বোচ্চ আত্মা, জ্ঞানেৰে পৰিপূৰ্ণ। তোমালোক সন্তানসকলক কিমান জ্ঞান দিয়ে। মূললোক, সূক্ষ্মলোকক তোমালোকে জানা। মনুষ্যৰ বুদ্ধিততো একোৱেই নাই। তোমালোকৰ বুদ্ধিত আছে ৰচয়িতা কোন? এই মনুষ্য সৃষ্টিৰ ৰচয়িতা বুলি গায়ন কৰা হয়, তেন্তে নিশ্চয় কৰ্তব্য পালন কৰিবলৈ আহে।

তোমালোকে জানা যে অন্য কোনো মনুষ্য নাই যাৰ আত্মা আৰু পৰমাত্মা পিতা স্মৃতিত আছে। পিতাইহে জ্ঞান দিয়ে যে নিজক আত্মা বুলি বুজা। তোমালোকে নিজকে শৰীৰ বুলি বুজি ওলোটাকৈ ওলমি আছা। আত্মা সত্য, চৈতন্য, আনন্দ স্বৰূপ হয়। আত্মাৰ সকলোতকৈ অধিক মহিমা। এজন পিতাৰ আত্মাৰ কিমান মহিমা। তেৱেঁই দুখ হৰ্তা, সুখ কৰ্তা। মহ আদিৰতো মহিমা নকৰে যে সিহঁত দুখ হৰ্তা, সুখ কৰ্তা, জ্ঞানৰ সাগৰ। নহয়, এয়া পিতাৰ মহিমা। তোমালোকো প্ৰত্যেকেই নিজে দুখ হৰ্তা, সুখ কৰ্তা কিয়নো সেইজন পিতাৰ সন্তান হোৱা নহয়, যিজনে সকলোৰে দুখ হৰণ কৰে আৰু সুখ দিয়ে। সেয়াও আধাকল্পৰ বাবে। এই জ্ঞান অন্য কাৰো নাই। জ্ঞানেৰে পৰিপূৰ্ণ এজনেই পিতা। আমাৰ জ্ঞান নাই। এজন পিতাকেই নাজানে তেন্তে বাকী আকৌ কি জ্ঞান থাকিব। তোমালোকে এতিয়া অনুভৱ কৰা আমি প্ৰথমে জ্ঞান লৈছিলোঁ, একোৱেই নাজানিছিলোঁ। শিশুৰ জ্ঞান নাথাকে আৰু কোনো অৱগুণো নাথাকে, সেয়েহে সিহঁতক মহাত্মা বুলি কোৱা হয় কিয়নো পৱিত্ৰ হয়। যিমান সৰু শিশু সিমান প্ৰথম নম্বৰৰ ফুল। একেবাৰে যেন কৰ্মাতীত অৱস্থা। কর্ম-বিকৰ্ম একোৱেই নাজানে। কেৱল নিজকহে জানে। সিহঁত ফুল সেয়েহে সকলোকে আকৰ্ষিত কৰে। যেনেকৈ এতিয়া বাবাই আকৰ্ষিত কৰে। পিতা আহিছেই তোমালোক সকলোকে ফুল কৰি তুলিবলৈ। তোমালোকৰ মাজত কিছুমান বহুত বেয়া কাঁইটো আছে। 5 বিকাৰ ৰূপী কাঁইট আছে নহয়। এই সময়ত তোমালোকৰ ফুল আৰু কাঁইটৰ জ্ঞান আছে। কাঁইটৰ জংঘলো থাকে। বাবুলৰ (এবিধ কাঁইটীয়া গছ) কাঁইট আটাইতকৈ ডাঙৰ হয়। সেই কাঁইটৰ পৰাও বহুত বস্তু তৈয়াৰ হয়। কাঁইটৰ সৈতে মনুষ্যৰ তুলনা কৰা হয়। পিতাই বুজায়, এই সময়ত বহুত দুখ দিওঁতা মনুষ্য ৰূপী কাঁইট আছে সেয়েহে ইয়াক দুখৰ সৃষ্টি বুলি কোৱা হয়। কোৱাও হয় পিতা সুখদাতা। মায়া ৰাৱণ হৈছে দুখদাতা। আকৌ সত্যযুগত মায়া নাথাকিব সেয়েহে এনেকুৱা কোনো কথা নাথাকিব। ড্ৰামাত এবাৰৰ ভূমিকা দ্বিতীয়বাৰ হ'ব নোৱাৰে। বুদ্ধিত আছে গোটেই সৃষ্টিত যি ভূমিকা পালন হয়, সেই সকলোবোৰ নতুন। তোমালোকে বিচাৰ কৰা - সত্যযুগৰ পৰা এতিয়ালৈকে দিনেই সলনি হৈ যায়, কৰ্মকাণ্ড সলনি হৈ যায়। 5 হাজাৰ বছৰৰ সম্পূৰ্ণ কৰ্মকাণ্ডৰ দস্তাবেজ আত্মাত নিহিত হৈ আছে, সেয়া সলনি হ’ব নোৱাৰে। প্ৰত্যেক আত্মাত নিজৰ ভুমিকা নিহিত হৈ আছে। এই এটা কথাও কোনেও বুজিব নোৱাৰে। এতিয়া তোমালোকে আদি-মধ্য-অন্তক জানা। এইখন স্কুল হয় নহয়। সৃষ্টিৰ আদি-মধ্য-অন্তক জানিব লাগে আকৌ পিতাক স্মৰণ কৰি পৱিত্ৰ হোৱাৰ পঢ়া। ইয়াৰ আগতে জানিছিলা জানো যে আমি এয়া (লক্ষ্মী-নাৰায়ণ) হ'ব লাগে। পিতাই কিমান স্পষ্টকৈ বুজায়। তোমালোক প্ৰথম নম্বৰত এয়া (লক্ষ্মী-নাৰায়ণ) আছিলা পুনৰ তোমালোক অৱনমিত হৈ হৈ এতিয়া কি হৈ গৈছা। জগতখনতো চোৱা কি হৈ গৈছে! কিমান অনেক মনুষ্য। এই লক্ষ্মী-নাৰায়ণৰ ৰাজধানীৰ বিষয়ে বিচাৰ কৰা – কি হ’ব! এওঁলোক য'ত থাকিব কেনেকুৱা হীৰা-মুকুতাৰ মহল হ’ব। বুদ্ধিত উদয় হয় - এতিয়া আমি স্বর্গবাসী হৈ আছোঁ। তাত আমি নিজৰ ঘৰ আদি সাজিম। এনেকুৱা নহয় যে তলৰ পৰা দ্বাৰকা ওলাই আহিব। যেনেকৈ শাস্ত্ৰত দেখুৱাইছে। ‘শাস্ত্ৰ’ নামটিয়েই চলি আহিছে, অন্য কোনো নামতো ৰাখিব নোৱাৰে। অন্য কিতাপবোৰ হৈছে পঢ়াৰ বাবে। আন এবিধ হৈছে উপন্যাস। বাকী এইবোৰক কিতাপ অথবা শাস্ত্ৰ বুলি কয়। সেইবোৰ হ'ল পঢ়াৰ কিতাপ। শাস্ত্ৰ পঢ়াসকলক ভক্ত বুলি কোৱা হয়। ভক্তি আৰু জ্ঞান দুটা বস্তু। এতিয়া বৈৰাগ্য কিহৰ? ভক্তিৰ নে জ্ঞানৰ? নিশ্চয় ক’ব ভক্তিৰ। তোমালোকে এতিয়া জ্ঞান পাই আছা, যাৰ দ্বাৰা তোমালোক ইমান উচ্চ হোৱা। পিতাই তোমালোকক এতিয়া সুখদায়ী কৰি তোলে। সুখধামকেই স্বর্গ বুলি কোৱা হয়। সুখধামলৈ এতিয়া তোমালোক যাবা সেয়েহে তোমালোককে পঢ়ায়। এই জ্ঞানো তোমালোক আত্মাই লোৱা। আত্মাৰ কোনো ধৰ্ম নাই। সেয়াতো আত্মা হয়। পুনৰ আত্মা যেতিয়া শৰীৰত আহে তেতিয়া শৰীৰৰ ধৰ্ম বেলেগ হয়। আত্মাৰ ধৰ্ম কি? এটাতো হৈছে আত্মা বিন্দুৰ দৰে আৰু শান্ত স্বৰূপ। শান্তিধাম, মুক্তিধামত নিবাস কৰে। এতিয়া পিতাই বুজায় - সকলো সন্তানৰে অধিকাৰ আছে। বহুত সন্তান আছে যিসকল অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হৈ গৈছে। তেওঁলোক পুনৰ তাৰ পৰা ওলাই নিজৰ প্ৰকৃত ধৰ্মলৈ আহি যাব। যিসকলে দেৱী-দেৱতা ধৰ্ম এৰি অন্য ধৰ্মলৈ গৈছে, সেই সকলোবোৰ পাত নিজৰ ঠাইলৈ উভতি আহি যাব। এই সকলোবোৰ কথা অন্য কোনেও বুজিব নোৱাৰে। প্ৰথমতেতো পিতাৰ পৰিচয় দিব লাগে ইয়াতেই সকলো বিবুদ্ধিত পৰি আছে। তোমালোক সন্তানসকলে জানা যে এতিয়া আমাক কোনে পঢ়ায়? পিতাই পঢ়ায়। শ্ৰীকৃষ্ণতো দেহধাৰী। এওঁক (ব্ৰহ্মাক) দাদা বুলি ক’ব। সকলো ভাই ভাই হয় নহয়। বাকী পদমৰ্যাদাৰ ওপৰত। এয়া ভাইৰ শৰীৰ, এয়া ভনীৰ শৰীৰ। এয়াও তোমালোকে এতিয়া জানা। আত্মাতো এটি সৰু তৰা। ইমানবোৰ জ্ঞান এই সৰু তৰাটিত আছে। তৰাই শৰীৰ অবিহনে কথাও ক’ব নোৱাৰে। তৰাক ভূমিকা পালন কৰিবলৈ ইন্দ্ৰিয়ৰো প্রয়োজন। তৰাৰ জগতেই ভিন্ন। আকৌ ইয়াত আহি আত্মাই শৰীৰ ধাৰণ কৰে। সেয়া হৈছে আত্মাসকলৰ ঘৰ। আত্মা হৈছে সৰু বিন্দু। শৰীৰ ডাঙৰ বস্তু। গতিকে শৰীৰক কিমান স্মৰণ কৰে। এতিয়া তোমালোকে স্মৰণ কৰিব লাগে - একমাত্ৰ পৰমপিতা পৰমাত্মাক। এয়াই সত্য যিহেতু আত্মা-পৰমাত্মাৰ মেলা হয়। গোৱাও হয় আত্মা পৰমাত্মা বহুকাল পৃথক হৈ থাকিল…… আমি বাবাৰ পৰা পৃথক হৈ গ’লোঁ নহয়। স্মৃতি উদয় হয় কিমান সময় পৃথক হৈ থাকিলোঁ! পিতাই যি কল্পই কল্পই শুনাই আহিছে, সেয়াই আহি শুনায়। ইয়াত অলপো হীনডেঢ়ি হ’ব নোৱাৰে। চেকেণ্ডৰ পাছত চেকেণ্ড যি কৰ্মকাণ্ড চলে সেয়া নতুন। এক চেকেণ্ড পাৰ হয়, মিনিট পাৰ হয়, সেয়া যেন অতিক্ৰম কৰি গৈ থাকে। পাৰ হৈ গৈ থাকে যাতে এদিন ক’ব পাৰে যে ইমান বছৰ, ইমান দিন, মিনিট, ইমান চেকেণ্ড পাৰ কৰি আহিলোঁ। সম্পূৰ্ণ 5 হাজাৰ বছৰ হ’লে আকৌ এক নম্বৰৰ পৰা আৰম্ভ হ'ব। সঠিক হিচাপ হয় নহয়। মিনিট চেকেণ্ড সকলো টুকি ৰাখে। এতিয়া তোমালোকক যদি কোনোবাই সোধে - এওঁ কেতিয়া জন্ম লৈছিল? তোমালোকে গণনা কৰি কোৱা। শ্ৰীকৃষ্ণই প্ৰথম নম্বৰত জন্ম লৈছে। শিৱৰতো মিনিট, চেকেণ্ড একোৱেই উলিয়াব নোৱাৰা। শ্ৰীকৃষ্ণৰ তিথি তাৰিখ সম্পূৰ্ণ লিখা আছে। মনুষ্যৰ ঘড়ীত পার্থক্য আহিব পাৰে - মিনিট চেকেণ্ডৰ। শিৱৰ অৱতৰণততো পাৰ্থক্য আহিব নোৱাৰে। গমেই পোৱা নাযায় যে কেতিয়া আহিল! এনেকুৱাও নহয় যে সাক্ষাৎকাৰ হ’ল তেতিয়া আহিল। নহয়, অনুমানতে কৈ দিয়ে। বাকী এনেকুৱা নহয় যে সেই সময়ত প্ৰৱেশ কৰিলে। সাক্ষাৎকাৰ হ’ল যে মই অমুক হ'ম। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সুখধামলৈ যোৱাৰ কাৰণে সুখদায়ী হ'ব লাগে। সকলোৰে দুখ হৰণ কৰি সুখ দিব লাগে। কেতিয়াও দুখদায়ী কাঁইট হ'ব নালাগে।

(2) এই বিনাশী শৰীৰত আত্মাহে আটাইতকৈ মূল্যৱান, আত্মাই অমৰ অবিনাশী সেয়েহে অবিনাশী বস্তুৰ প্ৰতি মৰম ৰাখিব লাগে। দেহৰ বোধ নাইকিয়া কৰিব লাগে।

বৰদান:
নিজৰ অনাদি আৰু আদি স্বৰূপৰ স্মৃতিৰে বন্ধনমুক্ত হওঁতা আৰু আনকো কৰি তোলোঁতা জীৱন্তে মৃত হোৱা

যেনেকৈ পিতাই ঋণত লয়, কিন্তু বন্ধনত বান্ধ নাখায়, তেনেকৈ তোমালোক জীৱন্তে মৃত জন্ম লোৱা সন্তানসকল শৰীৰৰ, সংস্কাৰৰ, স্বভাৱৰ বন্ধনৰ পৰা মুক্ত হোৱা, যেতিয়া বিচৰা যেনেকৈ বিচৰা তেনেকৈ নিজৰ সংস্কাৰ ধাৰণ কৰি লোৱা। যেনেকৈ পিতা বন্ধনমুক্ত, তেনেকৈ বন্ধনমুক্ত হোৱা। মূললোকৰ স্থিতিত স্থিৰ হৈ আকৌ তললৈ আহা। নিজৰ অনাদি আদি স্বৰূপৰ স্মৃতিত থাকা, অৱতৰিত হোৱা আত্মা বুলি বুজি কৰ্ম কৰা তেতিয়া আনেও তোমালোকক অনুসৰণ কৰিব।

স্লোগান:
স্মৃতিৰ বৃত্তিৰে বায়ুমণ্ডল শক্তিশালী কৰি তোলা - এয়াই মনৰ সেৱা।


অব্যক্ত ইংগিত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

যেতিয়ালৈকে কোনো ধৰণৰ আসক্তি থাকে, সেয়া লাগিলে সংকল্পৰ ৰূপতে হওক, সম্বন্ধৰ ৰূপতে হওক, সম্পৰ্কৰ ৰূপতে হওক বা কোনো বিশেষত্বৰ প্ৰতিয়ে হওঁক। যি কোনো আসক্তিয়ে বন্ধনযুক্ত কৰি দিব। সেই আসক্তিয়ে অশৰীৰী হ’বলৈ নিদিব আৰু তেওঁ বিশ্ব কল্যাণকাৰী কৰিও তুলিব নোৱাৰিব সেয়েহে প্ৰথমে স্বয়ং আসক্তিমুক্ত হোৱা তেতিয়া বিশ্বক মুক্তি বা জীৱনমুক্তিৰ উত্তৰাধিকাৰ দিব পাৰিবা।