29.03.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
জ্ঞানেৰে তোমালোকৰ ভাল জাগৃতি আহিছে, তোমালোকে নিজৰ 84 জন্মক, নিৰাকাৰ আৰু সাকাৰ
পিতাক জানা, তোমালোকৰ দিগভ্ৰান্ত হৈ ফুৰা বন্ধ হ’ল”
প্ৰশ্ন:
ঈশ্বৰৰ গতি আৰু
মত অনন্য বুলি কিয় গায়ন কৰা হৈছে?
উত্তৰ:
1) কাৰণ তেওঁ এনেকুৱা মত দিয়ে যাৰ দ্বাৰা তোমালোক ব্ৰাহ্মণ সকলোতকৈ অনন্য হৈ যোৱা।
তোমালোক সকলোৰে এক মত হৈ যায়। 2) একমাত্ৰ ঈশ্বৰেই সকলোৰে সৎগতি কৰে। পূজাৰীৰ পৰা
পূজ্য কৰি তোলে সেইকাৰণে তেওঁৰ গতি আৰু মত অনন্য, যাক তোমালোক সন্তানসকলৰ বাহিৰে আন
কোনেও বুজিব নোৱাৰে।
ওঁম্শান্তি।
তোমালোক
সন্তানসকলে জানা, সন্তানসকলৰ যদি স্বাস্থ্য ভাল নহয় তেতিয়া পিতাই ক’ব লাগিলে ইয়াতে
শুই যোৱা। ইয়াত কোনো আপত্তি নাই কিয়নো কল্পৰ পাছত লগ পোৱা অতি মৰমৰ সন্তান হোৱা
অৰ্থাৎ 5 হাজাৰ বছৰৰ পাচত পুনৰ আহি লগ পাইছা। কাক লগ পাইছা? বেহদৰ পিতাক। এইটোও
তোমালোক সন্তানসকলে জানা, যাৰ নিশ্চয়তা আছে যে যথাযথ আমি বেহদৰ পিতাক লগ পাইছোঁ
কিয়নো পিতা হৈছেই এজন হদৰ আনজন বেহদৰ। দুখত সকলোৱে বেহদৰ পিতাক স্মৰণ কৰে। সত্যযুগত
এজন লৌকিক পিতাকে স্মৰণ কৰে কাৰণ সেয়া হয়েই সুখধাম। লৌকিক পিতা সেইজনকে কোৱা হয় যিয়ে
এইখন লোকত জন্ম দিয়ে। পাৰলৌকিক পিতাতো এবাৰেই আহি তোমালোকক নিজৰ কৰি লয়। তোমালোক
পিতাৰ সৈতে অমৰলোকতে থাকা - যাক পৰলোক, পৰমধাম বুলি কোৱা হয়। সেইখন হ’ল একেবাৰে
সিপাৰৰ ধাম। স্বৰ্গক একেবাৰে সিপাৰৰ বুলি নকয়। স্বৰ্গ নৰক ইয়াতে হয়। নতুন সৃষ্টিক
স্বৰ্গ, পুৰণি সৃষ্টিক নৰক বুলি কোৱা হয়। এতিয়া হ’ল পতিত সৃষ্টি, আহ্বানো জনায় – হে
পতিত-পাৱন আহক। সত্যযুগত এনেকৈ নক’ব। যেতিয়াৰ পৰা ৰাৱণৰাজ্য হয় তেতিয়া পতিত হয়,
সেইখনক কোৱা হয় 5 বিকাৰৰ ৰাজ্য। সত্যযুগত হয়েই নিৰ্বিকাৰী ৰাজ্য। ভাৰতৰ কিমান অপাৰ
মহিমা। কিন্তু বিকাৰী হোৱাৰ কাৰণে ভাৰতৰ মহিমাক নাজানে। ভাৰত সম্পূৰ্ণ নিৰ্বিকাৰী
আছিল, যেতিয়া এই লক্ষ্মী-নাৰায়ণে ৰাজ্য কৰিছিল। এতিয়া সেই ৰাজ্য নাই। সেই ৰাজ্য ক’লৈ
গ’ল - এয়া পাথৰবুদ্ধিৰ লোকে নাজানে। আন সকলোৱে নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠাপকক জানে,
একমাত্ৰ ভাৰতবাসীহে আছে যিয়ে নিজৰ ধৰ্মকো নাজানে আৰু ধৰ্ম প্ৰতিষ্ঠাপককো নাজানে। আন
ধৰ্মৰসকলে নিজৰ ধৰ্মকতো জানে কিন্তু সেয়া আকৌ কেতিয়া প্ৰতিষ্ঠা কৰিবলৈ আহিব এইটো
নাজানে। শিখ লোকসকলেও এইটো নাজানে যে আমাৰ শিখ ধৰ্ম আগতে নাছিল। গুৰুনানকে আহি
প্ৰতিষ্ঠা কৰিলে তেন্তে নিশ্চয় সুখধামত নাথাকিব, তেতিয়াহে গুৰুনানক আহি আকৌ
প্ৰতিষ্ঠা কৰিব কিয়নো বিশ্বৰ ইতিহাস-ভূগোল পুনৰাবৃত্তি হয়। খ্ৰীষ্টিয়ান ধৰ্মও নাছিল
আকৌ প্ৰতিষ্ঠা হ’ল। প্ৰথমে নতুন সৃষ্টি আছিল, এক ধৰ্ম আছিল। মাত্ৰ তোমালোক
ভাৰতবাসীহে আছিলা, এক ধৰ্ম আছিল আকৌ তোমালোকে 84 জন্ম লৈ লৈ এইটোও পাহৰি গ’লা যে
আমিয়েই দেৱতা আছিলোঁ। আকৌ আমিয়েই 84 জন্ম লওঁ সেইবাবে পিতাই কয় - তোমালোকে নিজৰ
জন্মক নাজানা, মই শুনাওঁ। আধাকল্প ৰামৰাজ্য আছিল, আকৌ ৰাৱণৰাজ্য হ’ল। প্ৰথমে হৈছে
সূৰ্যবংশী বংশাৱলী, আকৌ চন্দ্ৰবংশী বংশাৱলী ৰামৰাজ্য। সূৰ্যবংশী লক্ষ্মী-নাৰায়ণৰ
বংশৰ ৰাজ্য আছিল যিসকল লক্ষ্মী-নাৰায়ণৰ বংশৰ আছিল সেইসকলে 84 জন্ম লৈ এতিয়া ৰাৱণৰ
বংশৰ হ’ল। আগতে পুণ্য আত্মাৰ বংশৰ আছিল, এতিয়া পাপ আত্মাৰ বংশৰ হ’ল। 84 জন্ম লৈছে,
তেওঁলোকেতো 84 লাখ বুলি কৈ দিয়ে। এতিয়া 84 লাখৰ বিচাৰ কোনে কৰিব সেইকাৰণে কাৰো
বিচাৰ নচলেই। এতিয়া তোমালোকক পিতাই বুজাইছে, তোমালোক পিতাৰ আগত বহি আছা, নিৰাকাৰ
পিতা আৰু সাকাৰ পিতা দুয়োজনেই ভাৰতত প্ৰসিদ্ধ। গায়নো কৰে কিন্তু পিতাক নাজানে,
অজ্ঞান নিদ্ৰাত শুই আছে। জ্ঞানেৰে জাগৃতি আহে। পোহৰত মনুষ্যই কেতিয়াও খুন্দা নাখায়।
আন্ধাৰত খুন্দা খায়। অন্ধকাৰত খুন্দা খাই থাকে। ভাৰতবাসী পূজ্য আছিল, এতিয়া পূজাৰী।
লক্ষ্মী-নাৰায়ণ পূজ্য নাছিল জানো, এওঁলোকে কাক পূজা কৰিব। নিজৰ চিত্ৰ তৈয়াৰ কৰি
নিজৰ পূজাতো নকৰিব। এইটো হ’ব নোৱাৰে। তোমালোক সন্তানসকলে জানা - আমিয়েই পূজ্য, আকৌ
আমিয়েই কেনেকৈ পূজাৰী হওঁ। এই কথাবোৰ আন কোনেও বুজিব নোৱাৰে। পিতাইহে বুজায় সেইকাৰণে
কোৱাও হয় যে ঈশ্বৰৰ গতি আৰু মত অনন্য।
এতিয়া তোমালোক
সন্তানসকলে জানা বাবাই আমাৰ গতি আৰু মত গোটেই জগতৰ পৰা অনন্য কৰি দিছে। গোটেই জগতত
অনেক মত মতান্তৰ আছে, ইয়াত তোমালোক ব্ৰাহ্মণসকলৰ হৈছে এক মত। ঈশ্বৰৰ মত আৰু গতি। গতি
অৰ্থাৎ সৎগতি। সৎগতি দাতা এজনেই পিতা। গায়নো কৰে যে সকলোৰে সৎগতি দাতা ৰাম। কিন্তু
বুজি নাপায় যে ‘ৰাম’ বুলি কাক কোৱা হয়। এনেকৈ ক’ব যে যিফালেই চাওঁ কেৱল ৰামেই ৰাম
বিৰাজমান, ইয়াকে কোৱা হয় অজ্ঞান অন্ধকাৰ। অন্ধকাৰত হৈছে দুখ, পোহৰত হৈছে সুখ।
অন্ধকাৰতে মিনতি কৰে নহয়। প্ৰাৰ্থনা কৰা মানে পিতাক আহ্বান জনোৱা, ভিক্ষা নিবিচাৰে
জানো। দেৱতাসকলৰ মন্দিৰত গৈ ভিক্ষা কৰা নহ’ল জানো। সত্যযুগত ভিক্ষা বিচৰাৰ প্ৰয়োজন
নাই। ভিক্ষাৰীক কঙাল বুলি কোৱা হয়। সত্যযুগত তোমালোক কিমান চহকী আছিলা, তেওঁলোকক
চহকী বুলি কোৱা হয়। ভাৰত এতিয়া কঙাল। এয়াও কোনেও বুজি নাপায়। কল্পৰ আয়ুস ওলট-পালট
কৰি লিখি দিয়াৰ কাৰণে মনুষ্যৰ মগজেই ঘূৰি গ’ল। পিতাই অতি মৰমেৰে বহি বুজায়। কল্প
পূৰ্বেও সন্তানসকলক বুজাইছিল, মোক পতিত-পাৱন পিতাক স্মৰণ কৰিলে তোমালোক পাৱন হৈ যাবা।
কেনেকৈ পতিত হৈ গ’লা? বিকাৰৰ খাদ (লেপ) পৰি গৈছে। সকলো মনুষ্যকে মামৰে ধৰিলে। এতিয়া
সেই মামৰ কেনেকৈ আঁতৰিব? মোক স্মৰণ কৰা। দেহ-অভিমান এৰি আত্ম-অভিমানী হোৱা। নিজক
আত্মা বুলি বুজা। প্ৰথমে তোমালোক আত্মা তাৰ পাছত শৰীৰ ধাৰণ কৰা। আত্মাতো অমৰ, শৰীৰৰ
মৃত্যু হয়। সত্যযুগক কোৱা হয় অমৰলোক। কলিযুগক কোৱা হয় মৃত্যুলোক। জগতত এইটো কোনেও
নাজানে যে অমৰলোক আছিল আকৌ মৃত্যুলোক কেনেকৈ হ’ল। অমৰলোক অৰ্থাৎ অকাল মৃত্যু নহয়।
তাত আয়ুসো দীঘলীয়া হয়। সেইখন হয়েই পৱিত্ৰ সৃষ্টি।
তোমালোক হৈছা ৰাজঋষি।
ঋষি পৱিত্ৰক কোৱা হয়। তোমালোকক পৱিত্ৰ কোনে কৰি তুলিলে? তেওঁলোকক শংকৰাচাৰ্যই ঋষি
কৰি তোলে, তোমালোকক শিৱাচাৰ্যই পৱিত্ৰ কৰি আছে। এওঁ একো পঢ়ি অহা নাই। এওঁৰ দ্বাৰা
তোমালোকক শিৱবাবা আহি পঢ়ায়। শংকৰাচাৰ্যইতো গৰ্ভৰ পৰা জন্ম ল’লে, ওপৰৰ পৰা অৱতৰিত
হোৱা নাই। পিতাতো তেওঁৰ শৰীৰত প্ৰৱেশ কৰে, আহে আৰু যায়, মালিক হয়, যাৰ শৰীৰতে বিচাৰে
তেওঁৰ শৰীৰতে আহি যাব পাৰে। পিতাই বুজাইছে - কাৰোবাৰ কল্যাণৰ কাৰণে মই প্ৰৱেশ কৰি
লওঁ। পতিত শৰীৰতে আহোঁ নহয়। বহুতৰে কল্যাণ কৰোঁ। সন্তানসকলক বুজোৱা হৈছে - মায়াও কম
নহয়। কেতিয়াবা কেতিয়াবা ধ্যানত মায়া প্ৰৱেশ কৰি ওলট-পালট কথা শুনাই থাকে সেয়েহে
সন্তানসকল বহুত সাৱধান হ’ব লাগে। কাৰোবাৰ তাত যেতিয়া মায়াই প্ৰৱেশ কৰি লয় তেতিয়া কয়
মই শিৱ, অমুক হওঁ। মায়া বৰ চয়তান। বিচাৰ বুদ্ধি সম্পন্ন সন্তানসকলে ভালদৰে বুজি পাব
যে এয়া কাৰ প্ৰৱেশ হৈছে। তেওঁৰ বাবে এইটোৱে শৰীৰ নিশ্চিত হৈ আছে নহয়। তেনেস্থলত
অন্যৰ কথা আমি শুনিবই বা কিয় লাগে! যদি শুনা তেন্তে বাবাক সোধা এইটো কথা সঁচা নে
মিছা? পিতাই তৎক্ষণাৎ বুজাই দিব। বহুত ব্ৰাহ্মণীয়েও এই কথাবোৰ বুজিব নোৱাৰে যে এয়া
কি হয়। কাৰোবাৰ মাজততো এনেকৈ প্ৰৱেশ কৰি লয় যে চৰো মাৰি দিয়ে, গালিও দিবলৈ ধৰে।
এতিয়া পিতাই জানো গালি দিব। এই কথাবোৰ কোনো কোনো সন্তানে বুজিব নোৱাৰে। অতি উত্তম
সন্তানসকলেও কোনো কোনো ক্ষেত্ৰত পাহৰি যায়। সকলো কথা সুধিব লাগে কিয়নো বহুতৰে মাজত
মায়াই প্ৰৱেশ কৰি লয়। তেতিয়া ধ্যানত গৈ কি কি কৈ থাকে। এই ক্ষেত্ৰতো বহুত সাৱধান
হ’ব লাগে। পিতাক পূৰা খবৰ জনাব লাগে। অমুকৰ শৰীৰত মম্মা আহে, অমুকৰ শৰীৰত বাবা আহে
- এই সকলো কথা এৰি দিয়া। পিতাৰ এটাই আদেশ যে মামেকম্ (কেৱল মোক) স্মৰণ কৰা। পিতাক
আৰু সৃষ্টি চক্ৰক স্মৰণ কৰা। ৰচয়িতা আৰু ৰচনাৰ বিষয়ে মন্থন কৰোঁতাসকলৰ চেহেৰা সদায়
হৰ্ষিত হৈ থাকিব। বহুত আছে যিয়ে মন্থন কৰিব নোৱাৰে। কৰ্ম-বন্ধন বহুত। বিবেকে কয় -
যিহেতু বেহদৰ পিতাক পাইছোঁ, তেওঁ কয় - মোক স্মৰণ কৰা তেন্তে কিয়নো মই স্মৰণ নকৰোঁ।
কিবা হ’লে পিতাক সোধা। পিতাই বুজাব কৰ্মভোগতো এতিয়াও বাকী আছে নহয়। কৰ্মাতীত অৱস্থা
হৈ গ’লে তেতিয়া তোমালোক সদায় হৰ্ষিত হৈ থাকিবা। তেতিয়ালৈ কিবা নহয় কিবা হৈ থাকিব।
এইটোও জানা যে চিকাৰৰ মৃত্যু, চিকাৰৰ বাবে দুখ কিন্তু চিকাৰীৰ বাবে সুখৰ কথা। বিনাশ
হ’ব। তোমালোক ফৰিস্তা হৈ যোৱা। বাকী কেইটিমান দিন এইখন সৃষ্টিত আছা তাৰ পাছত
তোমালোক সন্তানসকলৰ এই স্থূললোক ভাল নালাগিব। সূক্ষ্মলোক আৰু মুললোকহে ভাল লাগিব।
সূক্ষ্মলোকবাসীসকলক ফৰিস্তা বুলি কোৱা হয়। সেয়া বহুত কম সময় বাবে হোৱা যেতিয়া
তোমালোকে কৰ্মাতীত অৱস্থা পোৱা। সূক্ষ্মলোকত হাড় মঙহ নাথাকে। হাড় মঙহ নাথাকিলে
বাকী কি থাকিল? কেৱল সূক্ষ্ম শৰীৰ থাকে! এনেকুৱা নহয় যে নিৰাকাৰ হৈ যায়। নহয়,
সূক্ষ্ম আকাৰ থাকে। তাত আকাৰ-ইংগিতৰ ভাষা চলে। আত্মা আৱাজৰ সিপাৰে থাকে। তাক কোৱা
হয় সূক্ষ্মলোক। সূক্ষ্ম আৱাজ থাকে। ইয়াত হৈছে বাণীযুক্ত। তাৰ পাছত ছায়া ছবি, তাৰ
পাছত শান্তি। ইয়াত হৈছে বাণীযুক্ত। এয়া ড্ৰামাৰ পূৰ্ব-নিৰ্ধাৰিত ভূমিকা। তাত হৈছে
শান্তি। সেয়া হৈছে অবাক আৰু এয়া হৈছে সবাক। এই তিনিওলোককো স্মৰণ কৰোঁতা অতি কম
সংখ্যকহে থাকিব। পিতাই বুজায় - সন্তানসকল, শাস্তিৰ পৰা ৰক্ষা পাবৰ কাৰণে অতি কমেও 8
(আঠ) ঘণ্টা কৰ্মযোগী হৈ কৰ্ম কৰা, 8 (আঠ) ঘণ্টা আৰাম কৰা আৰু 8 (আঠ) ঘণ্টা পিতাক
স্মৰণ কৰা। এইটো অভ্যাসৰ দ্বাৰা তোমালোক পাৱন হৈ যাবা। নিদ্ৰা কৰা, সেয়া কোনো পিতাৰ
স্মৃতিত থকা নহয়। এনেকৈও কোনেও নুবুজিবা যে মইতো বাবাৰ সন্তান হয়েই আকৌ কি স্মৰণ
কৰিম। নহয়, পিতাইতো কয় - মোক তাত (পৰমধামত) স্মৰণ কৰা। নিজক আত্মা বুলি বুজি মোক
স্মৰণ কৰা। যেতিয়ালৈকে তোমালোক যোগবলৰ দ্বাৰা পৱিত্ৰ নোহোৱা তেতিয়ালৈকে ঘৰলৈও
তোমালোক যাব নোৱাৰিবা। নহ’লে আকৌ শাস্তি খাই যাব লাগিব। সূক্ষ্মলোক, মূললোকলৈও যাব
লাগিব আকৌ স্বৰ্গলৈ আহিব লাগিব। বাবাই বুজাইছে - আগলৈ বাতৰিকাকততো প্ৰকাশ পাব,
এতিয়াতো বহুত সময় আছে। ইমান বৃহৎ ৰাজধানী স্থাপনা হয়। দক্ষিণ, উত্তৰ, পূৱ, পশ্চিম -
কিমান বিশাল ভাৰত। এতিয়া বাতৰিকাকতৰ দ্বাৰাই আৱাজ ওলাব। পিতাই কয় - মোক স্মৰণ কৰিলে
তোমালোকৰ পাপ খণ্ডন হৈ যাব। আহ্বানো জনায় - হে পতিত পাৱন, মুক্তিদাতা আমাক দুখৰ পৰা
মুক্ত কৰক। সন্তানসকলে জানে যে ড্ৰামাৰ পৰিকল্পনা অনুসৰি বিনাশো হ’বই। এই যুদ্ধৰ
পাছত আকৌ শান্তিয়েই শান্তি হ’ব, সুখধাম হৈ যাব। গোটেই তল-ওপৰ হৈ যাব। সত্যযুগত এটাই
ধৰ্ম থাকে। কলিযুগত হৈছে অনেক ধৰ্ম। এয়াতো যিকোনো লোকে বুজিব পাৰে। সৰ্বপ্ৰথমে আদি
সনাতন দেৱী-দেৱতা ধৰ্ম আছিল, যেতিয়া সূৰ্যবংশী আছিল তেতিয়া চন্দ্ৰবংশী নাছিল, পাছত
চন্দ্ৰবংশী হয়। পাছলৈ এই দেৱী-দেৱতা ধৰ্ম প্ৰায় লোপ হৈ যায়। তাৰ পাছত আকৌ অন্য
ধৰ্মাৱলম্বী লোকসকল আহে। সেয়াও যেতিয়ালৈকে তেওঁলোকৰ সংখ্যা বৃদ্ধি নহয় তেতিয়ালৈকেতো
গমেই নাপায়। এতিয়া তোমালোক সন্তানসকলে সৃষ্টিৰ আদি-মধ্য-অন্তক জানা। তোমালোকক সুধিব
যে ছিৰিত কেৱল ভাৰতবাসীক কিয় দেখুওৱা হৈছে? তেতিয়া ক’বা, এই খেলখন ভাৰতৰ ওপৰতে
আধাৰিত। আধাকল্প হৈছে তেওঁলোকৰ ভূমিকা, বাকী দ্বাপৰ, কলিযুগত অন্য সকলো ধৰ্ম আহে।
গোলকৰ (সৃষ্টিচক্ৰৰ) চিত্ৰত এই গোটেই জ্ঞান আছে। গোলকৰ চিত্ৰ অতি উত্তম।
সত্যযুগ-ত্ৰেতাত হৈছে শ্ৰেষ্ঠাচাৰী সৃষ্টি। দ্বাপৰ-কলিযুগত হৈছে ভ্ৰষ্টাচাৰী সৃষ্টি।
এতিয়া তোমালোক সংগমত আছা। এয়া হৈছে জ্ঞানৰ কথা। এই 4টা যুগৰ চক্ৰ কেনেকৈ ঘূৰে - এয়া
কোনেও নাজানে। সত্যযুগত এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য হয়। এওঁলোকেও জানো এইটো জানে যে
সত্যযুগৰ পাছত ত্ৰেতাযুগ আহিব, ত্ৰেতাৰ পাছত পুনৰ দ্বাপৰ কলিযুগ আহিব। ইয়াতো
মনুষ্যই একোৱেই নাজানে। যদিও কয় কিন্তু চক্ৰ কেনেকৈ ঘূৰে, এয়া কোনেও নাজানে সেইকাৰণে
বাবাই বুজাইছে – ‘গীতা’ৰ ওপৰত গোটেই জোৰ দিয়া। সত্য ‘গীতা’ শুনিলে স্বৰ্গবাসী হয়।
ইয়াত শিৱবাবাই নিজে শুনায়, তাত মনুষ্যই পঢ়ে। ‘গীতা’ও সকলোতকৈ প্ৰথমে তোমালোকে পঢ়া।
ভক্তিলৈও প্ৰথমে তোমালোক যোৱা। শিৱৰ পূজাৰী প্ৰথমে তোমালোক হোৱা। তোমালোকে প্ৰথমে
অব্যভিচাৰী, এজন শিৱবাবাৰ পূজা কৰিবলগীয়া হয়। সোমনাথ মন্দিৰ নিৰ্মাণ কৰাৰ শক্তি আন
কাৰোবাৰ আছে জানো। ফলকত অনেক প্ৰকাৰৰ কথা লিখিব পাৰি। এই বুলিও লিখিব পাৰি যে
ভাৰতবাসী সত্য ‘গীতা’ শুনি সত্য খণ্ডৰ মালিক হৈ যায়।
এতিয়া তোমালোক
সন্তানসকলে জানা যে আমি সত্য ‘গীতা’ শুনি স্বৰ্গবাসী হৈ আছোঁ। যি সময়ত তোমালোকে
বুজোৱা তেতিয়া কয় - হয়, যথাৰ্থ কথা, বাহিৰলৈ গ’ল আৰু শেষ। তাৰ কথা তাতেই থাকিল। ভাল
বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ৰচয়িতা আৰু
ৰচনাৰ জ্ঞান সোঁৱৰি সদায় হৰ্ষিত হৈ থাকিব লাগে। স্মৃতিৰ যাত্ৰাৰে নিজৰ পুৰণা সকলো
কৰ্মবন্ধন সমাপ্ত কৰি কৰ্মাতীত অৱস্থা গঢ়ি তুলিব লাগে।
(2) ধ্যান,
সাক্ষাৎকাৰত মায়াৰ প্ৰৱেশ হয়, সেই কাৰণে সাৱধান হ’ব লাগে, পিতাক খা-খবৰ জনাই ৰায়
ল’ব লাগে, কোনো ভুল কৰিব নালাগে।
বৰদান:
নিজৰ শুভ
ভাৱনাৰ দ্বাৰা নিৰ্বল আত্মাসকলক শক্তি দিওঁতা সদায় শক্তি স্বৰূপ হোৱা
সেৱাধাৰী সন্তানসকলৰ
বিশেষ সেৱা হৈছে – নিজে শক্তি স্বৰূপ হৈ থকা আৰু সকলোকে শক্তি স্বৰূপ কৰি তোলা অৰ্থাৎ
নিৰ্বল আত্মাসকলক শক্তি দিয়া, ইয়াৰ বাবে সদায় শুভ ভাৱনা আৰু শ্ৰেষ্ঠ কামনা স্বৰূপ
হোৱা। শুভ ভাৱনাৰ অৰ্থ এইটো নহয় যে কাৰোবাৰ প্ৰতি ভাৱনা ৰাখি ৰাখি তেওঁৰ প্ৰতি
আবেগিক হৈ যাবা। এইটো ভুল নকৰিবা। শুভ ভাৱনাও বেহদৰ হওঁক। এজনৰ প্ৰতি বিশেষ ভাৱনাও
ক্ষতিকাৰক সেয়েহে বেহদত থাকি নিৰ্বল আত্মাসকলক নিজৰ প্ৰাপ্ত হোৱা শক্তিসমূহৰ আধাৰত
শক্তি স্বৰূপ কৰি তোলা।
স্লোগান:
অলংকাৰ ব্ৰাহ্মণ জীৱনৰ শোভা সেয়েহে অলংকাৰী হোৱা দেহ-অহংকাৰী নহয়।
সত্যতা আৰু সভ্যতা
ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
অনেক সন্তানে কয় –
এনেয়ে ক্ৰোধ নাহে কিন্তু কোনোবাই মিছা কথা ক’লে ক্ৰোধ আহি যায়। তেওঁ মিছা কথা ক’লে
তোমালোকে ক্ৰোধেৰে ক’লা তেন্তে দুয়োৰে মাজত শুদ্ধ কোন? বহুতে চাতুৰীৰে কয় যে মই
ক্ৰোধ নকৰো মোৰ মাতটোৱেই উচ্চ স্বৰৰ, মাতটোৱেই এনেকুৱা তীব্ৰ কিন্তু যেনেস্থলত
বিজ্ঞানৰ সাধনবোৰেৰে আৱাজ কম বেছি কৰিব পাৰে তেন্তে শান্তিৰ শক্তিৰে নিজৰ আৱাজৰ গতি
ধীৰ বা তীব্ৰ কৰিব নোৱাৰানে?