29.05.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
তোমালোক পুনৰাই নিজৰ ঠিকনাত আহি উপস্থিত হৈছা, তোমালোকে পিতাৰ দ্বাৰা ৰচয়িতা আৰু
ৰচনাক জানি গৈছা গতিকে আনন্দত পুলকিত হৈ যাব লাগে”
প্ৰশ্ন:
এই সময়ত পিতাই
তোমালোক সন্তানসকলক কিয় অলংকৃত কৰি আছে?
উত্তৰ:
কিয়নো আমি এতিয়া সুশোভিত হৈ বিষ্ণুপুৰীলৈ (শহুৰৰ ঘৰলৈ) যাব লাগে। এই জ্ঞানেৰে
সুশোভিত হৈ আমি বিশ্বৰ মহাৰজা-মহাৰাণী হওঁগৈ। এতিয়া সংগমযুগত আছোঁ, বাবাই শিক্ষক হৈ
পিতাৰ ঘৰৰ পৰা শহুৰৰ ঘৰলৈ লৈ যাবলৈ পঢ়াই আছে।
গীত:
আখিৰ ৱহ দিন
আয়া আজ…… (অৱশেষত আজি সেই দিনটি আহিল……)
ওঁম্শান্তি।
মৰমৰ অমায়িক
সন্তানসকলে, অতিকৈ মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলে গীতটি শুনিলা।
তোমালোক সন্তানসকলেহে জানা যে আধাকল্প যিজন প্ৰেমিকক স্মৰণ কৰিছা, অৱশেষত তেওঁক পালা।
জগতৰ লোকে এইটো নাজানে যে আমি আধাকল্প ভক্তি কৰোঁ, প্ৰেমিক পিতাক আহ্বান জনাওঁ। আমি
প্ৰেমিকা তেওঁ প্ৰেমিক - এইটোও কোনেও নাজানে। পিতাই কয় - ৰাৱণে তোমালোকক একেবাৰে
তুচ্ছ বুদ্ধিৰ কৰি দিছে। বিশেষকৈ ভাৰতবাসীক। তোমালোক দেৱী-দেৱতা আছিলা এইটোও পাহৰি
গ’লা, সেয়েহে তুচ্ছ বুদ্ধিৰ হ'লা। নিজৰ ধৰ্মক পাহৰি যোৱা, এয়া হৈছে তুচ্ছ বুদ্ধিৰ
কাম। এতিয়া এয়া কেৱল তোমালোকেহে জানা। আমি ভাৰতবাসী স্বর্গবাসী আছিলোঁ। এই ভাৰত
স্বর্গ আছিল। অলপহে সময় হৈছে। 1250 বছৰতো সত্যযুগ আছিল আৰু 1250 বছৰ ৰামৰাজ্য চলিল।
সেই সময়ত অপাৰ সুখ আছিল। সুখক স্মৃতিলৈ আনি পুলকিত হৈ যোৱা উচিত। সত্যযুগ, ত্ৰেতা,
দ্বাপৰ, কলি এয়া পাৰ হৈ গ’ল। সত্যযুগৰ আয়ুস কিমান আছিল, এইটোও কোনেও নাজানে। লাখ
লাখ বছৰ কেনেকৈ হ'ব পাৰে। এতিয়া পিতা আহি বুজায় - তোমালোকক মায়াই কিমান তুচ্ছ
বুদ্ধিৰ কৰি দিলে। জগতত কোনেও নিজক তুচ্ছ বুদ্ধিৰ বুলি নাভাবে। তোমালোকে জানা যে
কালি আমি তুচ্ছ বুদ্ধিৰ আছিলোঁ। এতিয়া বাবাই ইমান বুদ্ধি দিছে যে ৰচয়িতা আৰু ৰচনাৰ
আদি-মধ্য-অন্তক আমি জানি গৈছোঁ। কালি জনা নাছিলোঁ, আজি জানিছোঁ। যিমানেই জানি গৈ
থাকিবা, সিমানে আনন্দত পুলকিত হৈ গৈ থাকিবা। আমি পুনৰ নিজৰ ঠিকনাত আহি উপস্থিত হৈছোঁ।
যথাযথ পিতাই আমাক স্বর্গৰ ৰাজ্য-ভাগ্য দিছিল আকৌ আমি হেৰুৱাই পেলালোঁ। এতিয়া পতিত
হৈ গ’লোঁ। সত্যযুগক পতিত বুলি কোৱা নহ’ব। সেইখন হয়েই পাৱন সৃষ্টি। মনুষ্যই কয় - হে
পতিত-পাৱন আহক। ৰাৱণৰাজ্যত কোনো পাৱন উচ্চ হ'বই নোৱাৰে। উচ্চতকৈও উচ্চ পিতাৰ সন্তান
হ’লা গতিকে উচ্চও হ’লা। তোমালোক সন্তানসকলে পিতাক জানিছা, সেয়াও পুৰুষাৰ্থৰ ক্ৰম
অনুসাৰে। ৰাতিপুৱা উঠি নিজৰ অন্তৰক সুধিবা, অমৃতবেলাৰ সময়ছোৱা ভাল। পুৱা অমৃতবেলা
বহি এয়া চিন্তন কৰিবা। বাবা আমাৰ পিতাও হয়, শিক্ষকো হয়। হে ঈশ্বৰ পিতা, হে পৰমপিতা
পৰমাত্মা বুলিতো কয়েই। এতিয়া তোমালোক সন্তানসকলে জানা যে যিজনক “হে ভগৱান” বুলি
স্মৰণ কৰা হয় এতিয়া আমি তেওঁক পাইছোঁ। আমি পুনৰ বেহদৰ উত্তৰাধিকাৰ লৈ আছোঁ। সেয়া
হ'ল লৌকিক পিতা, এয়া হ'ল বেহদৰ পিতা। তোমালোকৰ লৌকিক পিতায়ো সেই বেহদৰ পিতাক স্মৰণ
কৰে। গতিকে তেওঁ পিতাসকলৰো পিতা, স্বামীসকলৰো স্বামী হৈ গ’ল। এয়াও ভাৰতবাসীয়েহে কয়
কিয়নো এতিয়া মই পিতাসকলৰো পিতা, স্বামীসকলৰো স্বামী হৈ যাওঁ। মই এতিয়া তোমালোকৰ
পিতাও হওঁ। তোমালোক সন্তান হৈছা। ‘বাবা বাবা’ বুলি কৈ থাকা। এতিয়া পুনৰ তোমালোকক
বিষ্ণুপুৰী শহুৰৰ ঘৰলৈ লৈ যাওঁ। এয়া হ'ল তোমালোকৰ পিতাৰ ঘৰ, তাৰ পাছত শহুৰৰ ঘৰলৈ
যাবা। সন্তানসকলে জানে - আমাক বহুত ভালদৰে সুশোভিত কৰি তোলা হয়। তোমালোক এতিয়া
পিতাৰ ঘৰত আছা নহয়। তোমালোকক পঢ়ুওৱা হয়। তোমালোক এই জ্ঞানেৰে সুসজ্জিত হৈ বিশ্বৰ
মহাৰজা-মহাৰাণী হোৱা। তোমালোক ইয়ালৈ আহিছাই বিশ্বৰ মালিক হ'বলৈ। যেতিয়া সত্যযুগ
আছিল তেতিয়া তোমালোক ভাৰতবাসীহে বিশ্বৰ মালিক আছিলা। তোমালোকে এতিয়া এনেকৈ নোকোৱা
যে আমি বিশ্বৰ মালিক হওঁ। তোমালোকে এতিয়া জানা যে ভাৰতৰ মালিক কলিযুগী হয়, আমিতো
সংগমযুগী। পুনৰ আমি সত্যযুগত গোটেই বিশ্বৰ মালিক হ’মগৈ। এই কথাবোৰ তোমালোক
সন্তানসকলৰ বুদ্ধিত উদয় হ’ব লাগে। এইটো জানা যে বিশ্বৰ বাদশ্বাহী দিওঁতাজন আহিছে।
এতিয়া সংগমযুগত আহিছে। জ্ঞান দাতা এজন পিতাই হয়। পিতাৰ বাহিৰে কোনো মনুষ্যক জ্ঞান
দাতা বুলি কোৱা নহ’ব কিয়নো পিতাৰ এনেকুৱা জ্ঞান আছে যাৰ দ্বাৰা গোটেই বিশ্বৰ সৎগতি
হয়। তত্ত্ব সহিত সকলোৰে সৎগতি হৈ যায়। মনুষ্যৰ সৎগতিৰ জ্ঞান নাই।
এই সময়ত তত্ত্ব সহিত
গোটেই সৃষ্টি তমোপ্ৰধান। ইয়াত থাকোঁতাসকলো তমোপ্ৰধান। নতুন সৃষ্টি হৈছেই সত্যযুগ।
তাত থাকোঁতাসকলো দেৱতা আছিল আকৌ ৰাৱণে জয় কৰি ল’লে। এতিয়া পুনৰ পিতা আহিছে। তোমালোক
সন্তানসকলে কোৱা - আমি বাপদাদাৰ ওচৰলৈ যাওঁ। পিতাই আমাক দাদাৰ (ব্ৰহ্মাৰ) দ্বাৰা
স্বর্গৰ বাদশ্বাহী উত্তৰাধিকাৰ হিচাপে দিয়ে। পিতাইতো স্বর্গৰ বাদশ্বাহী দিব অন্য কি
দিব। তোমালোক সন্তানসকলৰ বুদ্ধিত এইটোতো উদয় হ’ব লাগে নহয়। কিন্তু মায়াই পাহৰাই দিয়ে।
স্থায়ী আনন্দত থাকিবলৈ নিদিয়ে। যিয়ে ভালদৰে পঢ়িব আৰু আনক পঢ়াব তেওঁলোকেহে উচ্চপদ
পাব। গোৱাও হয় - চেকেণ্ডত জীৱন-মুক্তি। এবাৰেই চিনি পাব লাগে নহয়। সকলো আত্মাৰ পিতা
এজনেই, সেই সকলো আত্মাৰ পিতা এতিয়া আহিছে। কিন্তু সকলোৱেতো সাক্ষাৎ কৰিবও নোৱাৰিব।
অসম্ভৱ। পিতাতো পঢ়াবলৈ আহে। তোমালোকো সকলো শিক্ষক হোৱা। “গীতা পাঠশালা” বুলি কোৱা
নহয়। এই শব্দকেটিও গতানুগতিক। এনেকৈ কয় যে কৃষ্ণই গীতা শুনালে। কিন্তু এয়া কৃষ্ণৰ
পাঠশালাতো নহয়। কৃষ্ণৰ আত্মাই পঢ়ি আছে। সত্যযুগত কোনোবাই গীতা পাঠশালাত পঢ়ে বা পঢ়ায়
জানো? কৃষ্ণতো সত্যযুগতেই থাকে পাছত 84 জন্ম লয়। এটা শৰীৰো আনটোৰ লগত নিমিলে।
ড্ৰামাৰ পৰিকল্পনা অনুসৰি প্ৰত্যেক আত্মাত নিজৰ 84 জন্মৰ ভূমিকা নিহিত হৈ আছে। এটা
চেকেণ্ডো আনটো চেকেণ্ডৰ লগত নিমিলে। তোমালোকে 5 হাজাৰ বছৰ ভূমিকা পালন কৰা। এটা
চেকেণ্ডৰ ভূমিকা আনটো চেকেণ্ডৰ লগত নিমিলে। কিমান বুজিবলগীয়া কথা। ড্ৰামা হয় নহয়।
ভূমিকা পুনৰাবৃত্তি হৈ গৈ থাকে। বাকী সেই শাস্ত্ৰ আদি সকলো হৈছে ভক্তিমাৰ্গৰ।
আধাকল্প ভক্তি চলে তাৰ পাছত মইহে আহি সকলোকে সৎগতি দিওঁ। তোমালোকে জানা যে 5 হাজাৰ
বছৰ পূৰ্বে ৰাজত্ব কৰিছিলা। সৎগতিত আছিলা। দুখৰ নাম নাছিল। এতিয়াতো দুখেই দুখ। ইয়াক
দুখধাম বুলি কোৱা হয়। শান্তিধাম, সুখধাম আৰু দুখধাম। ভাৰতবাসীকহে আহি সুখধামৰ ৰাস্তা
দেখুৱাওঁ। কল্পই কল্পই আকৌ মই আহিবলগীয়া হয়। অনেক বাৰ আহিছোঁ, আহি থাকিম। ইয়াৰ অন্ত
হ'ব নোৱাৰে। তোমালোকে চক্ৰ পৰিক্ৰমা লগাই দুখধামত আহা তাৰ পাছত মই আহিবলগীয়া হয়।
এতিয়া তোমালোকৰ 84 জন্মৰ চক্ৰৰ স্মৃতি উদয় হৈছে। এতিয়া পিতাক ৰচয়িতা বুলি কোৱা হয়।
এনেকুৱা নহয় যে ড্ৰামাৰ কোনোবা ৰচয়িতা আছে। ৰচয়িতা অৰ্থাৎ এই সময়ত আহি সত্যযুগ ৰচনা
কৰে। সত্যযুগত যিসকলৰ ৰাজ্য আছিল, পুনৰ হেৰুৱালে তেওঁলোককহে বহি পঢ়াওঁ। সন্তানসকলক
তুলি লয়। তোমালোক মোৰ সন্তান নোহোৱা জানো। তোমালোকক কোনো সাধু-সন্ত আদিয়ে নপঢ়ায়।
পঢ়াওঁতা এজনেই পিতা, যিজনক সকলোৱে স্মৰণ কৰে। যাক স্মৰণ কৰা হয় তেওঁ নিশ্চয় কেতিয়াবা
আহিবও নহয়। এইখিনিও বোধশক্তি কাৰো নাই যে স্মৰণ কিয় কৰে! তেন্তে নিশ্চয় পতিত-পাৱন
পিতা আহে। যীশুখ্ৰীষ্টক এনেকৈ নকয় যে পুনৰ আহক। তেওঁলোকেতো এনেকৈ বুজি লয় যে
ক্ৰাইষ্ট যীশুখ্ৰীষ্ট হৈ গ’ল। পুনৰ অহাৰ কথাই নাই। স্মৰণ তথাপি পতিত-পাৱনকে কৰে।
আমাক অৰ্থাৎ আত্মাসকলক পুনৰ উত্তৰাধিকাৰ দিয়ক। এতিয়া তোমালোক সন্তানসকলৰ স্মৃতি উদয়
হৈছে যে বাবাৰ আগমন হৈছে। তেওঁ নতুন সৃষ্টি স্থাপনা কৰিব। তেওঁ তথাপি নিজৰ সময়ত ৰজো,
তমো অৱস্থাতেই আহিব। তোমালোক সন্তানসকলে এতিয়া বুজি পোৱা যে আমি মাষ্টৰ জ্ঞানৱান হওঁ।
এজন পিতাই আছে যিয়ে
তোমালোক সন্তানসকলক পঢ়াই বিশ্বৰ মালিক কৰি তোলে। নিজে নহয় সেইবাবে তেওঁক নিষ্কাম
সেৱাধাৰী বুলি কোৱা হয়। মনুষ্যই কয় - আমি ফলৰ আশা নাৰাখোঁ, নিষ্কাম সেৱা কৰোঁ।
কিন্তু এনেকুৱা নহয়। যেনেকুৱা সংস্কাৰ লৈ যায়, সেই অনুসৰি জন্ম পায়। কৰ্মৰ ফল অৱশ্যে
পোৱা যায়। সন্ন্যাসীসকলেও পুনৰ্জন্ম গৃহস্থালিতে লৈ আকৌ সংস্কাৰ অনুসাৰে সন্ন্যাস
ধৰ্মত গুচি যায়। যেনেকৈ বাবাই যোদ্ধাসকলৰ উদাহৰণ দিয়ে। এনেকৈ কয় যে গীতাত লিখা আছে
যিয়ে যুদ্ধক্ষেত্ৰত মৃত্যুবৰণ কৰিব তেওঁ স্বর্গলৈ যাব, কিন্তু স্বৰ্গৰো নিদিষ্ট সময়
থকা উচিত নহয় জানো। স্বর্গ লাখ লাখ বছৰৰ বুলি কৈ দিয়ে। তোমালোকে এতিয়া জানা পিতাই
কি বুজায়, গীতাত কি লিখি দিছে। এনেকৈ কয়, ভগৱানুবাচ মই সৰ্বব্যাপী। পিতাই কয় - মই
নিজকে এনেকুৱা গালি কেনেকৈ দিম যে কুকুৰ-মেকুৰী সকলোতে আছোঁ। মোকতো জ্ঞানৰ সাগৰ বুলি
কোৱা। তেন্তে মই নিজকে আকৌ সৰ্বব্যাপী বুলি কেনেকৈ ক’ম? কিমান মিছা কথা। জ্ঞানতো
কাৰোৱে নাই। সন্ন্যাসী আদিৰ কিমান মান আছে, কিয়নো পৱিত্ৰ হয়। সত্যযুগততো কোনো গুৰু
নাথাকে। ইয়াততো স্ত্ৰীক কোৱা হয় তোমাৰ পতিয়েই গুৰু ঈশ্বৰ, অন্য কোনো গুৰুৰ শৰণাগত
নহ’বা। এনেকৈতো তেতিয়া বুজোৱা হৈছিল যেতিয়া ভক্তিও সতোপ্ৰধান আছিল। সত্যযুগততো গুৰু
নাছিল। ভক্তিৰ আৰম্ভণিতো গুৰু নাথাকে। পতিয়েই সকলো। গুৰুৰ শৰণাগত নহয়। এই সকলোবোৰ
কথা তোমালোকে এতিয়া বুজি পোৱা।
বহুত মনুষ্যই
ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীৰ নাম শুনিলেই ভয় খায় কিয়নো তেওঁলোকে এনেকৈ ভাবে যে
এওঁলোকে ভাই-ভনীৰ সম্বন্ধ জুৰি দিয়ে। হেৰ’, প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান হোৱাতো ভালেই
নহয় জানো। বি.কে.সকলেই স্বৰ্গৰ উত্তৰাধিকাৰ লয়। এতিয়া তোমালোকে লৈ আছা। তোমালোক
বি.কে. হৈছা। দুয়োটিয়ে কয় - আমি ভাই-ভনী। শৰীৰৰ বোধ, বিকাৰৰ গোন্ধ আঁতৰি যায়। আমি
এজন পিতাৰ সন্তান ভাই-ভনী বিকাৰত কেনেকৈ যাব পাৰোঁ। এয়াতো মহান পাপ। পৱিত্ৰ হৈ
থাকিবলৈ এইটো যুক্তি ড্ৰামাত আছে। সন্ন্যাসীসকলৰ হৈছে নিবৃত্তি মাৰ্গ। তোমালোক হৈছা
প্ৰবৃত্তি মাৰ্গৰ। তোমালোকে এতিয়া এই ছিঃ ছিঃ সৃষ্টিৰ ৰীতি-প্ৰথা এৰি এই সৃষ্টিখনকে
পাহৰি যাব লাগে। তোমালোক স্বৰ্গৰ মালিক আছিলা আকৌ ৰাৱণে কিমান ছিঃ ছিঃ কৰি দিলে।
এয়াও পিতাই বুজাইছে, কোনোবাই যদি কয় যে আমি কেনেকৈ মানি ল’ম যে আমি 84 জন্ম লৈছোঁ।
84 জন্ম লৈছা, এয়াতো আমি ভাল কথাই কওঁ নহয়। 84 জন্ম যদি লোৱা নাই তেন্তে তিষ্ঠিয়েই
নাথাকিব। বুজি পোৱা যায় যে এওঁ দেৱী-দেৱতা ধৰ্মৰ নহয়, স্বর্গলৈ আহিব নোৱাৰিব।
প্ৰজাৰ মাজতো কম পদ পাব। প্ৰজাৰ মাজতো ভাল পদ, কম পদ থাকে নহয়। এই কথাবোৰ কোনো
শাস্ত্ৰত নাই। ভগৱান আহি ৰাজ্য স্থাপনা কৰে। শ্ৰীকৃষ্ণতো বৈকুণ্ঠৰ মালিক আছিল।
স্থাপনা পিতাই কৰে। পিতাই গীতা শুনালে যাৰ দ্বাৰা এই পদ পালে তাৰ পাছততো পঢ়া আৰু
পঢ়োঁৱাৰ দৰকাৰেই নাই। তোমালোকে পঢ়ি পদ প্ৰাপ্ত কৰা। তাৰ পাছত জানো গীতাৰ জ্ঞান পঢ়িবা।
জ্ঞানেৰে সৎগতি পাই গ'লা, যিমান পুৰুষাৰ্থ সিমান উচ্চ পদ পাব। যিমান পুৰুষাৰ্থ কল্প
পূৰ্বে কৰিছিল সিমানেই কৰি থাকে। সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। শিক্ষককো চাব লাগে,
এওঁ মোক পঢ়াইছে, মই এওঁতকৈও হুচিয়াৰ হ’ব লাগে। সুযোগ বহুত আছে। উচ্চতকৈও উচ্চ হ'বলৈ
চেষ্টা কৰিব লাগে। মূল কথা হ'ল তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব লাগে। এয়া বুজিবলগীয়া
কথা নহয় জানো। গৃহস্থালিতো থাকিব লাগে, পিতাক স্মৰণ কৰিব লাগে তেতিয়া পাৱন হৈ যাবা।
ইয়াত সকলো পতিত, ইয়াত দুখেই দুখ আছে। সুখৰ ৰাজ্য কেতিয়া আছিল, এয়া কোনেও নাজানে।
দুখত কয় - হে ভগৱান, হে ৰাম, এই দুখ কিয় দিছা? এতিয়া ভগৱানেতো কাকো দুখ নিদিয়ে।
ৰাৱণে দুখ দিয়ে। এতিয়া তোমালোকে জানা যে আমাৰ ৰাজ্যত আৰু অন্য কোনো ধৰ্ম নাথাকিব।
পাছত আকৌ অন্য ধৰ্ম আহিব। তোমালোক য'লৈকে নোযোৱা, পঢ়া লগত আছে, ‘মনমনাভৱ’ৰ লক্ষ্যতো
পাইছা, পিতাক স্মৰণ কৰা। পিতাৰ পৰা আমি স্বর্গৰ উত্তৰাধিকাৰ লৈ আছোঁ। এইখিনিও
স্মৃতিত ৰাখিব নোৱাৰে। এইটো স্মৃতি দৃঢ় হ'ব লাগে। তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে
গতি হৈ যাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পুৱা
অমৃতবেলা উঠি চিন্তন কৰিব লাগে - পিতা আমাৰ পিতাও হয়, শিক্ষকো হয়, এতিয়া পিতা আমাক
জ্ঞান ৰত্নৰে অলংকৃত কৰিবলৈ আহিছে। তেওঁ পিতাসকলৰো পিতা, পতিসকলৰো পতি, এনেকৈ
চিন্তন কৰি অপাৰ আনন্দৰ অনুভৱ কৰিব লাগে।
(2) প্ৰত্যেকৰে
পুৰুষাৰ্থক সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে, উচ্চ পদ পোৱাৰ সুযোগ আছে সেয়েহে
তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'ব লাগে।
বৰদান:
নিৰ্বিকাৰী
হোৱাৰ শক্তিৰে সূক্ষ্মলোক বা তিনিওলোকৰ অনুভৱ কৰোঁতা শ্ৰেষ্ঠ ভাগ্যৱান হোৱা
যিসকল সন্তানৰ ওচৰত
নিৰ্বিকাৰী হোৱাৰ শক্তি আছে, বুদ্ধিযোগ একেবাৰে পৰিশোধিত - এনেকুৱা ভাগ্যৱান সন্তানে
সহজে তিনিলোকৰ পৰিভ্ৰমণ কৰিব পাৰে। সূক্ষ্মলোকলৈকে নিজৰ সংকল্প পঠিয়াবলৈ সৰ্ব
সম্বন্ধৰ সাৰ ৰূপী সূক্ষ্ম স্মৃতি লাগে। এয়াই সকলোতকৈ শক্তিশালী তাঁৰ, ইয়াৰ মাজত
মায়াই হস্তক্ষেপ কৰিব নোৱাৰে। সেয়েহে সূক্ষ্মলোকৰ আভা অনুভৱ কৰিবলৈ নিজক নিৰ্বিকাৰী
হোৱাৰ শক্তিৰে সম্পন্ন কৰা।
স্লোগান:
কোনো ব্যক্তি, বস্তু বা বৈভৱৰ প্ৰতি আকৰ্ষিত হোৱা মানেই সংগী পিতাক সংকল্পৰে ত্যাগ
কৰা।
আত্মিক আভিজাত্য আৰু
পৱিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
পৱিত্ৰতা হৈছে
সংযমযুগী ব্ৰাহ্মণৰ মহান জীৱনৰ মহানতা। পৱিত্ৰতা ব্ৰাহ্মণ জীৱনৰ শ্ৰেষ্ঠ অলংকাৰ।
যেনেকৈ স্থূল শৰীৰত বিশেষকৈ শ্বাস চলি থকাটো জৰুৰী, শ্বাস অবিহনে জীৱন নাথাকে তেনেকৈ
ব্ৰাহ্মণ জীৱনৰ শ্বাস হৈছে পৱিত্ৰতা। 21 জন্মৰ প্ৰালব্ধৰ আধাৰ অৰ্থাৎ ভেঁটি হৈছে
পৱিত্ৰতা।