29.05.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
পুৰণি সৃষ্টি বা দেহধাৰীৰ প্ৰতি কেতিয়াও অন্তৰৰ আকৰ্ষণ নাৰাখিবা, অন্তৰৰ আকৰ্ষণ
ৰাখিলে তেন্তে ‘ফুটা কপাল’ হৈ যাব”
প্ৰশ্ন:
পিতাই এই
নাটকৰ কোনটো গূঢ় ৰহস্য সন্তানকলক শুনাইছে?
উত্তৰ:
সন্তানসকল - এতিয়া এই নাটক পূৰা হোৱাৰ পথত সেইবাবে সকলো আত্মা আহি ইয়াত উপস্থিত
হ'বই লাগিব। এতিয়া সকলো ধৰ্মৰ আত্মা আহি ইয়াত উপস্থিত হ'ব কিয়নো সকলোৰে পিতা ইয়াত
উপস্থিত হৈছেহি। সকলোৱে পিতাৰ সন্মুখত চালাম দিবলৈ আহিবই লাগিব। সকলো ধৰ্মৰ আত্মাই
‘মনমনাভৱ’ৰ মন্ত্ৰ লৈ যাব। তেওঁলোকে ‘মধ্যাজীভৱ’ৰ মন্ত্ৰ ধাৰণ কৰি চক্ৰৱৰ্তী নহ'ব।
গীত:
দিল কা সাহাৰা
টুট ন জায়ে….. (অন্তৰৰ আলম্বন যাতে নোহোৱা হৈ নাযায়……)
ওঁম্শান্তি।
সকলো
সেৱাকেন্দৰ সন্তানসকলে গীতটি শুনিলা। তোমালোকে আজি শুনি আছা অন্য সন্তানসকলে 2-4
দিনৰ পাছত শুনিব। যদিহে পুৰণি সৃষ্টি, পুৰণা শৰীৰৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখা তেন্তে
‘ফুটা কপাল’ হৈ যাব কিয়নো এইটো শৰীৰ এই পুৰণি সৃষ্টিৰ। গতিকে যদি দেহ-অভিমানী হোৱা
তেন্তে ইমান যি ভাগ্য গঢ়ি আছা সেয়া নোহোৱা হৈ যাব। এতিয়া দুৰ্ভগীয়াৰ পৰা সৌভাগ্যশালী
হৈ আছা সেয়েহে যিমান সম্ভৱ এজন পিতাক স্মৰণ কৰা, যিয়ে বেহদৰ উত্তৰাধিকাৰ দিয়ে।
পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা, এই পুৰণি সৃষ্টিত বাকী অলপ সময় আছে। এইখিনি সময়ত
তোমালোকে পুৰুষাৰ্থ কৰি সৰ্বগুণ সম্পন্ন নিশ্চয় হ'ব লাগে। বহুত আছে, যি পৱিত্ৰ হৈ
থাকেও। বহুতে বাৰে বাৰে বাগৰি পৰে। বাবাই কয় - তোমালোক পিতাৰ লগত সেৱাত সহযোগী হোৱা
উচিত, বহুত ডাঙৰ সেৱা, ইমান বিশাল সৃষ্টিৰ সকলোকে পতিতৰ পৰা পাৱন কৰি তুলিব লাগে।
এনেকুৱা নহয় যে সকলোৱে পিতাক সহায় কৰিব। যিসকলে কল্প পূৰ্বে সহায় কৰিছিল, ব্ৰাহ্মণ
কুল ভূষণ ব্ৰহ্মাকুমাৰ-কুমাৰী হৈছিল, তেওঁলোকেই বিচাৰ বুদ্ধি সম্পন্ন হ'ব। প্ৰজাপিতা
ব্ৰহ্মাৰ নামতো গায়ন কৰা হৈছে। ব্ৰহ্মাৰ সন্তানসকলক নিশ্চয় ব্ৰহ্মাকুমাৰ-কুমাৰী
বুলিয়ে ক’ব। নিশ্চয় অতীতত হৈ গৈছে। আদি দেৱ, আদি দেৱীকো স্মৰণ কৰে, যিবোৰ বস্তু হৈ
গৈছে সেইবোৰ পুনৰ নিশ্চয় হ'ব। এইটো জানা, সত্যযুগ হৈ গৈছে, তাত আদি সনাতন
দেৱী-দেৱতাসকলৰ ৰাজত্ব আছিল, যি এতিয়া নাই। দেৱী-দেৱতাসকল যিসকল পৱিত্ৰ প্ৰবৃত্তি
মাৰ্গৰসকলে ৰাজত্ব কৰিছিল, তেওঁলোক এতিয়া 84 জন্মৰ অন্তত আছে। এতিয়া পৱিত্ৰও নহয় আৰু
সেই ৰাজ্যও নাই, পতিত হৈ গৈছে। পুনৰ পিতা আহিছে, পাৱন কৰিবলৈ। তেওঁ কয় - পতিতৰ সৈতে
বুদ্ধিৰ যোগসূত্ৰ নগঢ়িবা, এজন পিতাক স্মৰণ কৰা।
তোমালোকে জানা - আমি
পিতাৰ ৰায় অনুসৰি চলি পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। কেনেকৈ উত্তৰাধিকাৰ পোৱা যাব
তাৰো যুক্তি শুনায়। মনুষ্যইতো অনেক প্ৰকাৰৰ যুক্তি ৰচে। কোনোবা বিজ্ঞানৰ অহংকাৰী,
কোনোবা চিকিৎসা শাস্ত্ৰৰ অহংকাৰী। লিখে মনুষ্যৰ হৃদয় নষ্ট হৈ গ’লে প্লাষ্টিকৰ অন্য
হৃদয় সাজি লগাব পাৰে। প্ৰাকৃতিক হৃদয় উলিয়াই কৃত্ৰিমভাৱে তৈয়াৰীৰে চলাই থাকে। এয়াও
কিমান ডাঙৰ কৌশল। এয়া হ'ল অল্পকালৰ সুখৰ বাবে। কাইলৈ মৃত্যু হ'লে শৰীৰেই সমাপ্ত হৈ
যাব। প্ৰাপ্তিতো একো নহয়। অল্পকালৰ বাবে পালে। বিজ্ঞানৰ দ্বাৰা বহুত কিছু চমৎকাৰ কৰি
দেখুৱায়, সেয়াও অল্পকালৰ বাবে। ইয়াৰতো কথাই একেবাৰে ভিন্ন। পাৱন আত্মা 84 জন্ম লৈ
লৈ এতিয়া পতিত হৈ গৈছে। সেই পতিত আত্মাক পুনৰ পাৱন আত্মা কৰি তোলাতো কেৱল এজন পিতাৰ
বাহিৰে অন্য কোনেও কৰিব নোৱাৰে। এজনৰেই গায়ন আছে। সকলোৰে পতিত-পাৱন, সকলোৰে সৎগতি
দাতা, সকলোৰে ওপৰত দয়া দৃষ্টি ৰাখোঁতা, সৰ্বোদয়া নেতা হয়। মনুষ্যই নিজক সৰ্বোদয়া
নেতা বুলি কয়, এতিয়া সৰ্ব মানে তাত সকলো আহি যায়। সকলোৰে ওপৰত দয়া কৰোঁতা বুলিতো
এজন পিতাৰে গায়ন কৰা হয়, যাক দয়াশীল, আনন্দময়ী বুলি কয়। বাকী মনুষ্যই সকলোৰে ওপৰত
কি দয়া কৰিব পাৰিব! নিজৰ ওপৰতে কৰিব নোৱাৰে তেন্তে আনৰ ওপৰত কি কৰিব! এয়া দয়া কৰে,
অল্পকালৰ বাবে। নাম কিমান ডাঙৰ ডাঙৰ ৰাখি দিছে।
এতিয়া পিতাই কয় -
তোমালোকক কিমান সহজ যুক্তি শুনাওঁ, সৰ্বদা স্বাস্থ্যৱান, সৰ্বদা সম্পত্তিমান হোৱাৰ।
যুক্তি একেবাৰে সহজ, কেৱল মোক স্মৰণ কৰা কিয়নো তোমালোকে মোকেই পাহৰি গৈছা।
সত্যযুগততো তোমালোক সুখী হৈ থাকা সেইবাবে মোক স্মৰণ নকৰাই। তোমালোকৰ 84 জন্মৰ
ইতিহাস-ভূগোল তোমালোকক শুনাইছোঁ। তোমালোকে এনেকৈ ৰাজ্য কৰিছিলা, সদায় সুখী আছিলা আকৌ
দিনে-প্ৰতিদিনে অৱনমিত হৈ হৈ তমোপ্ৰধান, দুখী পতিত হৈ গ’লা। এতিয়া পিতাই তোমালোক
সন্তানসকলক পুনৰাই কল্প পূৰ্বৰ দৰে উত্তৰাধিকাৰ দি আছে, যিসকলে কল্পই কল্পই আহি
উত্তৰাধিকাৰ লয়, শ্রীমতত চলে, শ্রীমত হয়েই বাপদাদাৰ মত। তেওঁৰ বাহিৰে শ্রীমত ক’ৰ পৰা
পোৱা যাব। পিতাই কয় - তোমালোকে বিচাৰ কৰা - এইটো কৌশল কাৰোবাৰ আছেনে? নাই। কাৰোবাক
বিশ্বৰ মালিক কৰি তোলা - তাৰ যুক্তি পিতাইহে শুনায়। কয় ইয়াৰ বাহিৰে অন্য কোনো উপায়
নাই, পতিত-পাৱন পিতাইহে জ্ঞান দিয়ে, উচ্চ পদ পাবৰ বাবে। এনেকুৱা নহয় যে কেৱল সৃষ্টি
চক্ৰক জানিলে তোমালোক পৱিত্ৰ হৈ যাবা। পিতাই কয় - মোক স্মৰণ কৰা। এই যোগ অগ্নিৰে
তোমালোকৰ পাপৰ কলহ যি ভৰপূৰ হৈ আছে, সেয়া সমাপ্ত হৈ যাব।
পিতাই কয় - তোমালোকহে
84 জন্ম লৈ লৈ বহুত পতিত হৈ গৈছা। আজিকালিতো নিজকে “ময়েই শিৱ তোমালোকো সেয়াই” বুলি
কৈ দিয়ে নতুবা আকৌ কয় তুমি পৰমাত্মাৰ ৰূপ, আত্মাই পৰমাত্মা। এতিয়া পিতা আহিছে,
তোমালোকে জানা শিৱবাবাৰ স্মৃতি সোঁৱৰাই দিবলগীয়া হয়। সকলোৰে সৎগতি দাতা এজন পৰমপিতা
পৰমাত্মাই হয়। শিৱৰ মন্দিৰ বেলেগে নিৰ্মাণ কৰে, শঙ্কৰৰ ৰূপেই বেলেগ। প্ৰদৰ্শনীতো
দেখুৱাবলগীয়া হয়। শিৱ নিৰাকাৰ, শঙ্কৰ আকাৰী। শ্ৰীকৃষ্ণতো আকৌ সাকাৰত আছে। লগত ৰাধাক
দেখুওৱাও ঠিক হয়। গতিকে সিদ্ধ হওক যে এওঁলোকেই আকৌ লক্ষ্মী-নাৰায়ণ হয়। শ্ৰীকৃষ্ণতো
দ্বাপৰত গীতা শুনাবলৈ নাহেই। পতিত কলিযুগৰ অন্তত হয়, পাৱন সত্যযুগত হয়। তেন্তে
নিশ্চয় সংগমত আহিব। এয়া পিতাইহে জানে, তেৱেঁই ত্ৰিকালদৰ্শী। শ্ৰীকৃষ্ণক ত্ৰিকালদৰ্শী
বুলি কোৱা নহয়। তেওঁ জানো তিনিওকালৰ জ্ঞান শুনাব পাৰে। তেওঁৰ সৃষ্টিৰ
আদি-মধ্য-অন্তৰ জ্ঞানেই নাই। কয় – শিশু হয়, দৈৱী ৰাজকুমাৰ-ৰাজকুমাৰীৰ কলেজত পঢ়িবলৈ
যায়। আগতে ইয়াতো ৰাজকুমাৰ-ৰাজকুমাৰীৰ কলেজ আছিল, এতিয়া মিহলি হৈ গৈছে। শ্ৰীকৃষ্ণ
ৰাজকুমাৰ আছিল অন্য ৰাজকুমাৰ-ৰাজকুমাৰীও থাকিব। একেলগে পঢ়ে। সেয়াতো হয়েই নিৰ্বিকাৰী
সৃষ্টি। এজন শিৱবাবাই সকলোৰে সৎগতি দাতা। মনুষ্য সকলোৰে সৎগতি দাতা হ'ব নোৱাৰে।
পিতাহে আহি সকলোকে মুক্তি-জীৱনমুক্তি দিয়ে। এয়াও বুজোৱা হয় - দেৱতাসকলৰ ৰাজ্যত অন্য
কোনো ধৰ্ম নাছিল। তেওঁলোকতো আহিছেই আধাত। গতিকে সত্যযুগত কেনেকৈ থাকিব পাৰে,
তেওঁলোক হয়েই হঠযোগী, নিবৃত্তি মাৰ্গৰ। তেওঁলোকে ৰাজযোগতো বুজিব নোৱাৰে। এই ৰাজযোগ
হৈছে প্ৰবৃত্তি মাৰ্গৰসকলৰ বাবে। ভাৰত পৱিত্ৰ প্ৰবৃত্তি মাৰ্গ আছিল, এতিয়া কলিযুগত
পতিত প্ৰবৃত্তি মাৰ্গৰ হৈ গ’ল। ভগৱানুবাচ – মামেকম্ (কেৱল মোক; পৰমপিতাক) স্মৰণ কৰা।
পুৰণি সৃষ্টি অথবা দেহৰ সম্বন্ধৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিলে ‘ফুটা কপাল’ হৈ যাব।
বহুতৰে ‘ফুটা কপাল’ হৈ যায়। কিবা অকৰ্তব্য কৰিলে তেতিয়া অন্তিমত সেয়া সকলো সন্মুখত
আহি যাব, সাক্ষাৎকাৰ হ'ব। অনেক সন্তানে বহুত লুকুৱায়, এই জন্মত কৰা পাপ কর্ম পিতাক
শুনালে আধা শাস্তি লাঘৱ হৈ যাব, কিন্তু লাজৰ কাৰণে নুশুনায়। লেতেৰা কামতো বহুত কৰে।
বুদ্ধিত স্মৃতিতো থাকে, ক’লে লাঘৱ হৈ যাব। এওঁ হৈছে অবিনাশী ছাৰ্জন। লাজৰ কাৰণে
বেমাৰ ছাৰ্জনক নুশুনালে তেন্তে কেনেকৈ ভাল হ'ব। যদি কিবা বিকৰ্ম কৰিছা তেন্তে কৈ
দিলে আধা লাঘৱ হৈ যাব। নক’লে সেয়া বৃদ্ধি হৈ গৈ থাকিব। বেছিকৈ আৱদ্ধ হৈ যাবা। পাছত
ভাগ্য সমাপ্ত হৈ দুৰ্ভগীয়া হৈ যাবা। পিতাই কয় - দেহৰ সৈতেও সম্বন্ধ নাৰাখিবা, সদায়
মামেকম্ স্মৰণ কৰি থাকিলে তেতিয়া কোনো লেতেৰা কৰ্ম নহ’ব। এওঁ ধৰ্মৰজাও হয়, তেওঁৰ
পৰাও যদি লুকুৱাই ৰাখা তেন্তে তোমালোকৰ দৰে শাস্তি আৰু কোনেও নাপাব। যিমানে সময়
সমীপত আহিব সকলোৰে সাক্ষাৎকাৰ হৈ গৈ থাকিব। এতিয়া সকলোৰে হিচাপ নিষ্পত্তি কৰাৰ (বিনাশৰ)
সময়, সকলো পতিত। পাপৰ দণ্ড নিশ্চয় পোৱা যায়। যেনেকৈ এক চেকেণ্ডত জীৱনমুক্তি পোৱা
যায় তেনেকৈ এক চেকেণ্ডত শাস্তিৰো এনেকুৱা অনুভৱ হয় যেন বহুত সময়ৰ পৰা শাস্তি
ভুগিয়েই আছোঁ। এয়া অতি সূক্ষ্ম যান্ত্ৰিক সঁজুলি। সকলোৰে হিচাপ নিষ্পত্তি কৰাৰ সময়।
শাস্তিতো নিশ্চয় ভুগিবই লাগিব। পাছত সকলো আত্মা পৱিত্ৰ হৈ গুচি যায়। পিতাহে আহি
পতিত আত্মাসকলক পাৱন কৰি তোলে। পিতাৰ বাহিৰে অন্য কাৰো শক্তি নাই। 63 জন্ম পাপ কৰি
কৰি এতিয়া তোমালোকৰ পাপৰ কলহ ভৰপূৰ হৈছে। সকলোৰে মায়াৰ গ্ৰহণ লাগি আছে। অধিক গ্ৰহণ
তোমালোকৰ লাগিছে। সৰ্বগুণ সম্পন্ন তোমালোক আছিলা আকৌ গ্ৰহণ তোমালোকৰ লাগিছে, জ্ঞানো
এতিয়া তোমালোক সন্তানসকলে পাইছা। পিতাই কয় – তোমালোক ভাৰতৰ মালিক আছিলা আকৌ 84 জন্ম
তোমালোকে ভোগ কৰিলা। কিমান চিধাকৈ কয় যে তোমালোক যথাযথ দেৱী-দেৱতা ধৰ্মৰ আছিলা আকৌ
পতিত হোৱাৰ কাৰণে হিন্দু বুলি কৈ দিলা। হিন্দু ধৰ্মতো কোনেও প্ৰতিষ্ঠা কৰাই নাই।
মঠ-পন্থক ৰাজবংশ বুলি কোৱা নহয়, ৰাজবংশ ৰজাসকলৰ হয়। লক্ষ্মী-নাৰায়ণ প্ৰথম, দ্বিতীয়,
তৃতীয়….. এনেকৈ ৰাজত্ব চলে। এইটোও জৰুৰী, পাৱনৰ পৰা পতিত হ'বই লাগে। পতিত হোৱাৰ
কাৰণে দেৱী-দেৱতা বুলি ক’ব নোৱাৰে। তোমালোকে বুজি পোৱা - আমি পূজ্য আদি সনাতন
দেৱী-দেৱতা ধৰ্মৰ আছিলোঁ। নিজৰ ধৰ্মৰ চিত্ৰবোৰকে পূজা কৰে। কেৱল এইটো পাহৰি গ’ল,
আমিয়েই পূজ্য দেৱী-দেৱতা আছিলোঁ, এতিয়া পূজাৰী হৈছোঁ। তোমালোকে এতিয়া বুজি পোৱা -
পিতাই উত্তৰাধিকাৰ দিছিল আকৌ পতিত হ’লোঁ তেতিয়া নিজৰে চিত্ৰক বহি পূজা কৰিলোঁ।
নিজেই পূজ্য, নিজেই পূজাৰী। এনেকৈ ভাৰতৰ বাহিৰে অন্য কাকো কোৱা নহয়। বাবাও ভাৰততে
আহি জ্ঞান দিয়ে, পুনৰাই দেৱতা কৰি তুলিবৰ বাবে। বাকী সকলোৱে হিচাপ-নিকাচ নিষ্পত্তি
কৰি উভতি যাব। সকলো আত্মাই পিতাক আহ্বান জনাই থাকে - হে ঈশ্বৰ পিতা। এয়াও বুজিবলগীয়া
কথা। এই সময়ত তোমালোকৰ 3 জন পিতা আছে। এজন - শিৱবাবা, দ্বিতীয়জন - লৌকিক পিতা আৰু
এওঁ অলৌকিক পিতা প্ৰজাপিতা ব্ৰহ্মা। বাকী সকলোৰে দুজন পিতা আছে। লৌকিক আৰু পাৰলৌকিক।
সত্যযুগত কেৱল এজনহে লৌকিক পিতা থাকে। পাৰলৌকিক পিতাক নাজানেই। তাততো হয়েই সুখ
তেন্তে পাৰলৌকিক পিতাক কিয় স্মৰণ কৰিব। দুখত সকলোৱে স্মৰণ কৰে। ইয়াত তোমালোকৰ 3 জন
পিতা হৈ যায়, এয়াও বুজিবলগীয়া কথা। তাত আত্মা-অভিমানী হৈ থাকে পাছত দেহ-অভিমানত আহি
যায়। ইয়াত তোমালোক আত্মা-অভিমানীও হোৱা লগতে পৰমাত্মা-অভিমানীও হোৱা। শুদ্ধ অভিমান
আছে যে আমি সকলো পিতাৰ সন্তান, তেওঁৰ পৰা উত্তৰাধিকাৰ লৈ আছোঁ। তেওঁ পিতা, শিক্ষক,
সৎগুৰু হয়। এয়া তেওঁৰ মহিমাও বুজাবলগীয়া হয়। তেৱেঁই আহি সকলো সন্তানক উত্তৰাধিকাৰ
দিয়ে। সত্যযুগত তোমালোকৰ উত্তৰাধিকাৰ আছিল, পাছত 84 জন্ম লৈ হেৰুৱালা। এতিয়া এয়া
বুজোৱা কিমান সহজ। পিতাক পতিত-পাৱন বুলি কোৱা হয়, সকলোৰে সৎগতি দাতা। এই সৃষ্টিখনেই
পতিতসকলৰ। কোনোবাই সৎগতি কেনেকৈ দিব পাৰে। বাকী কোনোবাই যদি বহুত শাস্ত্ৰ পঢ়িছে
তেন্তে অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যায়, তেতিয়া শিশু অৱস্থাতে মুখস্থ হৈ যায়।
গতিকে পিতাই তোমালোক সন্তানসকলক কিমান মিঠা মিঠা কথা শুনায়। সন্তানসকল, তোমালোক
তমোপ্ৰধান হৈ গৈছা। এতিয়া পুনৰ পিতাক স্মৰণ কৰা তেতিয়া খাদ (বিকাৰৰ লেপ) আঁতৰিব।
এতিয়া নাটক পূৰা হ'ব, সকলো আহি উপস্থিত হ'ব লাগে। যীশুখ্রীষ্ট আদি সকলোৰে আত্মা
উপস্থিত আছে, তেওঁলোকো পিতাৰ ওচৰত চালাম জনাবলৈ আহিব। চক্ৰৱৰ্তী ৰজাতো নহয় কেৱল
পিতাক স্মৰণ কৰিব, ‘মনমনাভৱ’ ৰ মন্ত্ৰ লৈ যাব। তোমালোকৰ হৈছে ‘মনমনাভৱ’ আৰু
‘মধ্যাজীভৱ’ ৰ দ্বৈত মন্ত্ৰ। পিতাই কিমান ভাল যুক্তি শুনায়। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ সৈতে মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই পুৰণি
সৃষ্টিত থাকিও পুৰুষাৰ্থ কৰি সৰ্বগুণ সম্পন্ন নিশ্চয় হ'ব লাগে। এই পুৰণা শৰীৰ বা
পুৰণা সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। ভাগ্যৱান হ'ব লাগে।
(2) আত্মা-অভিমানী আৰু
পৰমাত্মা-অভিমানী হৈ থাকিব লাগে। এই বিনাশৰ সময়ত পিতাৰ পৰা একো লুকাব নালাগে।
অবিনাশী ছাৰ্জনৰ পৰা ৰায় লৈ থাকিব লাগে।
বৰদান:
সংগদোষৰ পৰা
দূৰৈত থাকি সদায় পিতাৰ সমীপতাৰ ভাগ্য প্ৰাপ্ত কৰোঁতা সন্মান সহকাৰে উত্তীৰ্ণ হোৱা
যদি পিতাৰ সমীপত থকাতো
পচন্দ কৰা তেন্তে যিকোনো সংগদোষৰ পৰা দূৰৈত থাকিবা। বহুত প্ৰকাৰৰ আকৰ্ষণ কাকতৰ ৰূপত
আহিব কিন্তু আকৰ্ষিত নহ'বা। সংগদোষ অনেক প্ৰকাৰৰ হয়, ব্যৰ্থ সংকল্প বা মায়াৰ
আকৰ্ষণৰ সংকল্পৰ সংগ, সম্বন্ধীয়সকলৰ সংগ, বাণীৰ সংগ, অন্নদোষৰ সংগ, কৰ্মৰ সংগ…. এই
সকলো সংগদোষৰ পৰা নিজক ৰক্ষা কৰোঁতাসকলেই সন্মান সহকাৰে উত্তীৰ্ণ হয়।
স্লোগান:
তোমালোক ফৰিস্তা হোৱা তেতিয়া পৰিস্থিতিসমূহত পিতা স্বয়ং তোমালোকৰ ছত্ৰছায়া হৈ যাব।
অব্যক্ত ইংগিত: সদায়
অচল, অটল আৰু একৰস স্থিতিৰ অনুভৱ কৰা
সদায় একৰস, অটল-অটল
হৈ থকা আৰু আনকো কৰি তোলাৰ বিশেষ শক্তি হৈছে ড্ৰামাৰ কথাটি। ইয়াক শক্তি হিচাপে
ধাৰণ কৰোঁতাজন কেতিয়াও পৰাজিত হ’ব নোৱাৰে, কিন্তু তাৰ বাবে প্রথমে ড্ৰামাৰ বিন্দু
(যতি) লগাই ব্যৰ্থ সংকল্পবোৰ শুদ্ধ সংকল্পলৈ পৰিবৰ্তন কৰা। তাৰ পাছত মায়াৰ পৰা অহা
বিভিন্ন প্ৰকাৰৰ বিঘিনি ঈশ্বৰীয় একনিষ্ঠতাৰ আধাৰত সমাপ্ত কৰা।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]