29.06.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
শৰীৰ সহিত যি দেখিবলৈ পোৱা যায়, এই সকলোবোৰ বিনাশ হৈ যাব, তোমালোক আত্মাসকল এতিয়া
ঘৰলৈ উভতি যাব লাগে সেয়েহে পুৰণি জগতখনক পাহৰি যোৱা”
প্ৰশ্ন:
তোমালোক
সন্তানসকলে কেনেকুৱা কথাৰে সকলোকে পিতাৰ বাৰ্তা দিব পাৰা?
উত্তৰ:
সকলোকে শুনোৱা যে, বেহদৰ পিতা বেহদৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। এতিয়া হদৰ
উত্তৰাধিকাৰৰ সময় পূৰা হ’ল অৰ্থাৎ ভক্তি পূৰা হ’ল। এতিয়া ৰাৱণৰাজ্য সমাপ্ত হ’ব। পিতা
আহিছে তোমালোকক 5 বিকাৰ ৰূপী ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰিবলৈ। এয়া হৈছে পুৰুষোত্তম
সংগমযুগ, ইয়াত তোমালোকে পুৰুষাৰ্থ কৰি দৈৱীগুণ সম্পন্ন হ’ব লাগে। কেৱল পুৰুষোত্তম
সংগমযুগকো বুজি ল’লে তেতিয়াও স্থিতি শ্ৰেষ্ঠ হ’ব পাৰে।
ওঁম্শান্তি।
এতিয়া আত্মিক
সন্তানসকলে কি কৰি আছা? অব্যভিচাৰী স্মৃতিত বহি আছা। এটা হ’ল অব্যভিচাৰী স্মৃতি,
আনটো হ’ল ব্যভিচাৰী স্মৃতি। অব্যভিচাৰী স্মৃতি অথবা অব্যভিচাৰী ভক্তি যেতিয়া প্ৰথমে
আৰম্ভ হয় তেতিয়া সকলোৱে শিৱৰ পূজা কৰে। উচ্চতকৈও উচ্চ ভগৱান তেৱেঁই, তেওঁ পিতাও হয়,
আকৌ শিক্ষকো হয়। পঢ়ায়, কি পঢ়ায়? মনুষ্যৰ পৰা দেৱতা কৰি তোলে। দেৱতাৰ পৰা মনুষ্য
হ’বলৈ তোমালোক সন্তানসকলৰ 84 জন্ম লাগে আৰু মনুষ্যৰ পৰা দেৱতা হ’বলৈ এক চেকেণ্ড লাগে।
এয়া সন্তানসকলে জানে যে আমি পিতাৰ স্মৃতিত বহি আছোঁ। তেওঁ আমাৰ শিক্ষকো হয়, সৎগুৰুও
হয়। যোগ শিকায় যে এজনৰে স্মৃতিত থাকা। তেওঁ নিজে কয় - হে আত্মসকল, হে সন্তানসকল,
দেহৰ সকলো সম্বন্ধ এৰা, এতিয়া উভতি যাব লাগে। এই পুৰণি সৃষ্টিৰ পৰিৱৰ্তন হৈ আছে।
এতিয়া ইয়াত থাকিব নালাগে। পুৰণি সৃষ্টিৰ বিনাশৰ বাবেই এই বাৰুদ আদি তৈয়াৰ কৰা হৈছে।
প্ৰাকৃতিক দুৰ্যোগেও সহায় কৰে। বিনাশতো নিশ্চয় হ’ব। তোমালোক পুৰুষোত্তম সংগমযুগত আছা।
এয়া আত্মাই জানে। এতিয়া আমি উভতি যাম সেয়েহে পিতাই কয়, এই পুৰণি সৃষ্টি, পুৰণি দেহকো
এৰিব লাগে। দেহসহিত যিয়েই এই জগতত দেখিবলৈ পোৱা যায়, এই সকলো বিনাশ হৈ যাব। শৰীৰো
নাশ হৈ যাব। এতিয়া আমি আত্মাসকল ঘৰলৈ উভতি যাব লাগে। উভতি নোযোৱাকৈ নতুন সৃষ্টিলৈ
আহিব নোৱাৰিবা। এতিয়া তোমালোকে পুৰুষোত্তম হ’বলৈ পুৰুষাৰ্থ কৰি আছা। পুৰুষোত্তম হৈছে
এই দেৱতাসকল। সকলোতকৈ উচ্চৰো উচ্চ হৈছে নিৰাকাৰ পিতা। আকৌ মনুষ্য সৃষ্টিত উচ্চ হৈছে
দেৱতাসকল। তেওঁলোকো মনুষ্যই হয় কিন্তু দৈৱীগুণ সম্পন্ন। পুনৰ তেওঁলোকেই আসুৰি গুণৰ
হৈ যায়। এতিয়া আকৌ আসুৰি গুণধাৰীৰ পৰা দৈৱীগুণধাৰী হ’ব লাগে। সত্যযুগলৈ যাব লাগে।
কোন যাব? তোমালোক সন্তানসকল। তোমালোক সন্তানসকলে পঢ়ি আছা। আনকো পঢ়োৱা। কেৱল পিতাৰহে
বার্তা দিব লাগে। বেহদৰ পিতা বেহদৰ উত্তৰাধিকাৰ দিবলৈ আহিছে। এতিয়া হদৰ উত্তৰাধিকাৰ
পূৰা হ’ল।
পিতাই বুজাইছে - 5
বিকাৰ ৰূপী ৰাৱণৰ কাৰাগাৰত সকলো মনুষ্য আছে। সকলোৱে দুখহে পায়। শুকান ৰুটি পায়। পিতা
আহি সকলোকে ৰাৱণৰ কাৰাগাৰৰ পৰা মুক্ত কৰি সদায় সুখী কৰি তোলে। পিতাৰ বাহিৰে কোনেও
মনুষ্যক দেৱতা কৰি তুলিব নোৱাৰে। তোমালোক ইয়াত বহি আছা, মনুষ্যৰ পৰা দেৱতা হ’বলৈ।
এতিয়া হ’ল কলিযুগ। বহুত ধৰ্ম হৈ গ’ল। তোমালোক সন্তানসকলক ৰচয়িতা আৰু ৰচনাৰ পৰিচয়
স্বয়ং পিতাই দিয়ে। তোমালোকে কেৱল ঈশ্বৰ, পৰমাত্মা বুলি কৈছিলা। তোমালোকে এইটো জনা
নাছিলা যে তেওঁ পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়। তেওঁক সৎগুৰু বুলি কোৱা হয়।
অকালমূৰ্ত বুলিও কোৱা হয়। তোমালোকক আত্মা আৰু জীৱ বুলি কোৱা হয়। সেই অকালমূৰ্ত এই
শৰীৰ ৰূপী আসনত বহি আছে। তেওঁ জন্ম নলয়। সেয়েহে সেই অকালমূৰ্ত পিতাই সন্তানসকলক
বুজায় - মোৰ নিজৰ ৰথ নাই, মই তোমালোক সন্তানসকলক কেনেকৈ পৱিত্ৰ কৰি তুলিম! মোক ৰথ
নালাগে জানো। অকালমূৰ্তজনকো আসন লাগে। অকালমূৰ্ত আসন মনুষ্যৰ থাকে, আন কাৰো নাথাকে।
তোমালোক প্ৰত্যেককে আসন লাগে। অকালমূৰ্ত আত্মা ইয়াত বিৰাজমান হৈ আছে। তেওঁ সকলোৰে
পিতা, তেওঁক মহাকাল বুলি কোৱা হয়, তেওঁ পুনৰ্জন্মত নাহে। তোমালোক আত্মাসকল
পুনৰ্জন্মত আহা। মই আহোঁ কল্পৰ সংগমযুগত। ভক্তিক ৰাতি, জ্ঞানক দিন বুলি কোৱা হয়।
এইটো দৃঢ়ভাৱে স্মৃতিত ৰাখা। মুখ্যতঃ হৈছেই দুটা কথা- ‘অল্ফ’ আৰু ‘বে’, পিতা আৰু
বাদশ্বাহী। পিতা আহি বাদশ্বাহী দিয়ে আৰু বাদশ্বাহীৰ বাবে পঢ়ায় সেয়েহে ইয়াক পাঠশালা
বুলিও কোৱা হয়। ভগৱানুবাচ (ভগৱানে কয়), ভগৱানতো হৈছে নিৰাকাৰ। তেওঁৰো ভূমিকা থকা
উচিত। তেওঁ হ’ল উচ্চৰো উচ্চ ভগৱান, তেওঁক সকলোৱে স্মৰণ কৰে। পিতাই কয়, এনেকুৱা কোনো
মনুষ্য নাই যিয়ে ভক্তিমাৰ্গত স্মৰণ নকৰে। অন্তৰৰ পৰাই সকলোৱে মাতে, হে ভগৱান, হে
মুক্তিদাতা, অ’ গড্ ফাদাৰ কাৰণ তেওঁ হ’ল সকলো আত্মাৰ পিতা, নিশ্চয় বেহদৰে সুখ দিব।
হদৰ পিতাই হদৰ সুখ দিয়ে। কোনেও নাজানে। এতিয়া পিতা আহিছে, তেওঁ কয় - সন্তানসকল,
অন্য সংগ ত্যাগ কৰি কেৱল মোক এজন পিতাক স্মৰণ কৰা। এয়াও পিতাই শুনাইছে - তোমালোক
দেৱী-দেৱতা নতুন সৃষ্টিত থাকা। তাততো অপাৰ সুখ আছে। সেই সুখৰ অন্ত পাব নোৱাৰি। নতুন
ঘৰত সদায় সুখ হয়, পুৰণা ঘৰত দুখ হয়। সেইবাবেতো পিতাই সন্তানসকলৰ বাবে নতুন ঘৰ
নিৰ্মাণ কৰে। সন্তানসকলৰ বুদ্ধিযোগ নতুন ঘৰলৈ গুচি যায়। এয়াতো হ’ল হদৰ কথা। এতিয়াতো
বেহদৰ পিতাই নতুন সৃষ্টি ৰচি আছে। পুৰণি সৃষ্টিত যি বিলাক দেখিছা সেয়া সমাধিস্থ হ’ব।
এতিয়া পৰীস্তান স্থাপনা হৈ আছে। তোমালোক সংগমযুগত আছা। তোমালোকে কলিযুগৰ ফালেও চাব
পাৰা, সত্যযুগৰ ফালেও চাব পাৰা। তোমালোকে সংগমযুগত সাক্ষী হৈ প্ৰত্যক্ষ কৰা।
প্ৰদৰ্শনী বা সংগ্ৰাহালয়লৈ আহিলে তাতো তোমালোকে সংগমযুগত থিয় কৰাই দিয়া। এইফালে হ’ল
কলিযুগ, সেইফালে হ’ল সত্যযুগ। আমি মাজত আছোঁ। পিতাই নতুন সৃষ্টি স্থাপনা কৰে। য’ত
বহুত কম সংখ্যক মনুষ্য থাকে। অন্য ধৰ্মাৱলম্বী নাহে। মাত্ৰ তোমালোকহে প্ৰথমে আহা।
এতিয়া তোমালোকে স্বৰ্গলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছা। পাৱন হ’বৰ কাৰণেই মোক
আহ্বান কৰিছা যে হে বাবা, আমাক পাৱন কৰি পাৱন সৃষ্টিলৈ লৈ বলক। এনেকৈ নোকোৱা যে
শান্তিধামলৈ লৈ বলক। পৰমধামক মৰমৰ ঘৰ বুলি কোৱা হয়। এতিয়া আমি ঘৰলৈ যাব লাগে, যাক
মুক্তিধাম বুলিও কোৱা হয়, যাৰ বাবেই সন্ন্যাসী আদিয়ে শিক্ষা দিয়ে। তেওঁলোকে সুখধামৰ
জ্ঞান দিব নোৱাৰে। তেওঁলোক হ’ল নিবৃত্তি মাৰ্গৰ। তোমালোক সন্তানসকলক বুজোৱা হৈছে –
কোন কোন ধৰ্ম কেতিয়া আহে। মনুষ্য সৃষ্টি ৰূপী বৃক্ষত তোমালোকেই প্ৰথম আধাৰ স্বৰূপ।
বীজক বৃক্ষপতি বুলি কোৱা হয়। পিতাই কয়, মই বৃক্ষপতি ওপৰত নিবাস কৰোঁ। যেতিয়া বৃক্ষ
একেবাৰে জৰ্জৰিত হৈ যায়, তেতিয়া মই দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ বাবে আহোঁ। বটবৃক্ষ
বৰ আচৰিত। আধাৰ অবিহনে বাকী গোটেই বৃক্ষ থিয় হৈ আছে। এই বেহদৰ বৃক্ষতো আদি সনাতন
দেৱী-দেৱতা ধৰ্ম নাই। বাকী সকলো ধৰ্ম থিয় হৈ আছে।
তোমালোক মূললোকৰ
নিবাসী আছিলা। ইয়াত ভূমিকা পালন কৰিবলৈ আহিছা। তোমালোক সন্তানসকল হৈছা আদিৰ পৰা
অন্তলৈকে ভূমিকা পালন কৰোঁতা সেইবাবে 84 জন্ম হৈছে সৰ্বাধিক। আকৌ আটাইতকৈ কম এটা
জন্ম। মনুষ্যই আকৌ 84 লাখ জন্ম বুলি কৈ দিয়ে। সেয়াও কাৰ হ’ব - এয়াও বুজি নাপায়। পিতা
আহি তোমালোক সন্তানসকলক বুজায় - 84 জন্ম তোমালোকে লোৱা। প্ৰথমে মোৰ পৰা তোমালোক
বিচ্ছিন্ন হোৱা। প্ৰথমে সত্যযুগী দেৱতাসকলেই আহে। যেতিয়া সেই আত্মাসকলে ইয়াত ভূমিকা
পালন কৰে তেতিয়া বাকী সকলো আত্মা ক’লৈ গুচি যায়? এয়াও তোমালোকে জানা - বাকী সকলো
আত্মা শান্তিধামত থাকে। তেন্তে শান্তিধাম বেলেগ নহ’ল জানো। বাকী সৃষ্টিতো এইখনেই।
ভূমিকা ইয়াত পালন কৰে। নতুন সৃষ্টিত সুখৰ ভূমিকা, পুৰণি সৃষ্টিত দুখৰ ভূমিকা পালন
কৰিবলগীয়া হয়। সুখ আৰু দুখৰ এয়া খেল। সেয়া হ’ল ৰামৰাজ্য। জগতৰ কোনো মনুষ্যই এইটো
নাজানে যে সৃষ্টি চক্ৰ কেনেকৈ পুনৰাবৃত্তি হয়। ৰচয়িতাকো নাজানে আৰু ৰচনাৰ আদি মধ্য
অন্তৰ কথাও নাজানে। জ্ঞানৰ সাগৰ বুলি একমাত্ৰ পিতাকহে কোৱা হয়। ৰচয়িতা আৰু ৰচনাৰ আদি,
মধ্য, অন্তৰ জ্ঞান কোনো শাস্ত্ৰত নাই। মই তোমালোকক শুনাওঁ। আকৌ এয়া প্ৰায় লুপ্ত হৈ
যায়। সত্যযুগত এইবিলাক নাথাকে। ভাৰতৰ প্ৰাচীন সহজ ৰাজযোগৰ গায়ন কৰা হয়। ‘গীতা’তো
ৰাজযোগৰ উল্লেখ আছে। পিতাই তোমালোকক ৰাজযোগ শিকাই ৰাজ্যৰ অধিকাৰ দিয়ে। বাকী ৰচনাৰ
পৰা উত্তৰাধিকাৰ পোৱা নাযায়। উত্তৰাধিকাৰ পোৱা যায় ৰচয়িতা পিতাৰ পৰা। প্ৰত্যেক
মনুষ্যই সৃষ্টিকৰ্তা, সন্তান ৰচনা কৰে। তেওঁ হ’ল হদৰ ব্ৰহ্মা, এওঁ হ’ল বেহদৰ ব্ৰহ্মা।
তেওঁ হ’ল নিৰাকাৰ আত্মাসকলৰ পিতা, তেওঁ লৌকিক পিতা, এওঁ আকৌ হ’ল প্ৰজাপিতা।
প্ৰজাপিতা কেতিয়া থকা উচিত? সত্যযুগতনে? নহয়। পুৰুষোত্তম সংগমযুগত থাকিব লাগে।
মনুষ্যই এইটোও নাজানে যে সত্যযুগ কেতিয়া হয়? তেওঁলোকেতো সত্যযুগ, কলিযুগ আদিক লাখ
লাখ বছৰ বুলি কৈ দিয়ে। পিতাই বুজায় - 1250 বছৰত এটা যুগ হয়। 84 জন্মৰো হিচাপ লাগে
নহয়। ছিৰিৰো হিচাপ লাগে - আমি কেনেকৈ অৱনমিত হওঁ। প্ৰথমতে আধাৰ হৈছে দেৱী-দেৱতা।
ইয়াৰ পাছত আকৌ আহে ইছলামী, বৌদ্ধীসকল। পিতাই বৃক্ষৰ ৰহস্যও শুনাইছে। পিতাৰ বাহিৰেতো
অন্য কোনেও শিকাব নোৱাৰে। তোমালোকক সুধিব, এই চিত্ৰ আদি কেনেকৈ অংকন কৰিলে? কোনে
শিকালে? কোৱা, বাবাই আমাক ধ্যানত দেখুৱালে, তাৰ পাছত আমি ইয়াত অংকন কৰিলোঁ। আকৌ
সেইবিলাক পিতায়েই এই ৰথত আহি শুদ্ধ কৰে যে এনেকৈ এনেকৈ তৈয়াৰ কৰা। নিজেই শুদ্ধ কৰে।
শ্ৰীকৃষ্ণক
শ্যাম-সুন্দৰ বুলি কয়, কিন্তু মনুষ্যইতো বুজিব নোৱাৰে যে কিয় তেনেকৈ কোৱা হয়? তেওঁ
যেতিয়া বৈকুণ্ঠৰ মালিক আছিল তেতিয়া বগা আছিল আকৌ গাওঁৰ ল’ৰা শ্যাম বৰণীয়া হৈ গ’ল।
সেয়েহে তেওঁকেই শ্যাম-সুন্দৰ বুলি কয়। তেৱেঁই প্ৰথমে আহে। ততত্বম্ (তোমালোকৰ
ক্ষেত্ৰতো একে কথা)। এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য চলে। আদি সনাতন দেৱী-দেৱতাৰ ধৰ্ম কোনে
প্ৰতিষ্ঠা কৰে? এইটোও কোনেও নাজানে। ভাৰতকো পাহৰি হিন্দুস্থানৰ নিবাসী হিন্দু বুলি
কৈ দিয়ে। মই ভাৰতলৈকে আহোঁ। ভাৰতত দেৱতাসকলৰ ৰাজ্য আছিল যি এতিয়া প্ৰায় লোপ হৈ গ’ল।
মই আহোঁ পুনৰায় স্থাপনা কৰিবলৈ। প্ৰথমতে হয়েই আদি সনাতন দেৱী-দেৱতা ধৰ্ম। এই বৃক্ষ
বৃদ্ধি হৈ গৈ থাকে। নতুন নতুন পাত, মঠ-পন্থ পাছৰ ফালে আহে। তেতিয়া তাৰো শোভা হৈ যায়।
আকৌ অন্তত যেতিয়া গোটেই বৃক্ষৰ জর্জৰিত অৱস্থা হয়, তেতিয়া আকৌ মই আহোঁ। য়দা য়দা
হি...........। আত্মাই নিজক নাজানে সেয়েহে পিতাকো নাজানে। নিজকো গালি দিয়ে, পিতাক
আৰু দেৱতাসকলকো গালি দি থাকে। তমোপ্ৰধান, বুদ্ধিহীন হৈ যায় তেতিয়া মই আহোঁ। পতিত
সৃষ্টিতে আহিবলগীয়া হয়। তোমালোকে মনুষ্যক জীৱদান দিয়া অৰ্থাৎ মনুষ্যৰ পৰা দেৱতা কৰি
তোলা। সকলো দুখৰ পৰা দূৰ কৰি দিয়া, সেয়াও আধাকল্পৰ বাবে। গায়নো আছে নহয় - বন্দে
মাতৰম্। কোনসকল মাতা, যাৰ বন্দনা কৰা হয়? তোমালোক মাতাসকল, গোটেই সৃষ্টিকে স্বৰ্গ
কৰি তোলা। যদিও পুৰুষো আছে কিন্তু সংখ্যাগৰিষ্ঠতা মাতাসকলৰ সেয়েহে পিতাই মাতাসকলৰ
মহিমা কৰে। পিতা আহি তোমালোকক ইমান মহিমা যোগ্য কৰি তোলে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অপাৰ আনন্দৰ সৃষ্টিলৈ যাবৰ কাৰণে সংগমত থিয় হ’ব লাগে। সাক্ষী হৈ সকলো দেখিও
বুদ্ধিযোগ নতুন সৃষ্টিৰ প্ৰতি লগাব লাগে। বুদ্ধিত যাতে এইটো থাকে যে এতিয়া আমি পুনৰ
ঘৰলৈ উভতি যাব ওলাইছোঁ।
(2) সকলোকে জীৱদান
দিব লাগে, মনুষ্যৰ পৰা দেৱতা কৰি তোলাৰ সেৱা কৰিব লাগে। বেহদৰ পিতাৰ পৰা পাঠ পঢ়ি
আনক পঢ়াব লাগে। দৈৱীগুণ ধাৰণ কৰিব লাগে আৰু আনকো কৰাব লাগে।
বৰদান:
সদায় শ্ৰেষ্ঠ
সময় অনুসৰি শ্ৰেষ্ঠ কৰ্ম কৰি বাঃ! বাঃ! গীত গাঁওতা ভাগ্যৱান আত্মা হোৱা
এই শ্ৰেষ্ঠ সময়ত
সদায় শ্ৰেষ্ঠ কৰ্ম কৰি “বাঃ! বাঃ!”ৰ গীত মনেৰে গাই থাকা। “বাঃ! মোৰ শ্ৰেষ্ঠ কৰ্ম আৰু
বাঃ! শ্ৰেষ্ঠ কৰ্ম শিকাওঁতা”। সেয়েহে সদায় “বাঃ! বাঃ!”ৰ গীত গাই থাকা। কেতিয়াও
ভুলতো দুখৰ দৃশ্য দেখিলেও ‘হায়’ শব্দ উচ্চাৰিত হ’ব নালাগে। বাঃ! ড্ৰামা বাঃ! আৰু
বাঃ! বাবা বাঃ! যিতো সপনতো ভবা নাছিলোঁ সেই ভাগ্য ঘৰত থাকিয়েই পাই গ’লোঁ। এনেকুৱা
ভাগ্যৰ নিচাত থাকা।
স্লোগান:
মন-বুদ্ধি শক্তিশালী কৰি তোলা তেতিয়া যিকোনো অস্থিৰ পৰিস্থিতিতো অবিচলিত হৈ থাকিবা।
কৰ্মযোগী হ’বলৈ আজিৰ
অব্যক্ত সংকেত:
কৰ্মযোগীৰ ভূমিকা
পালন কৰি কৰ্ম আৰু যোগৰ সন্তুলন পৰীক্ষা কৰা যে কৰ্ম আৰু স্মৃতি অৰ্থাৎ যোগ দুয়োটাই
শক্তিশালী হৈ থাকিলনে? যদি কৰ্ম শক্তিশালী হৈ থাকিল আৰু স্মৃতিত কমকৈ থাকিলা তেন্তে
সন্তুলন নাথাকিল আৰু যদি স্মৃতি শক্তিশালী হৈ থাকিল, কৰ্ম শক্তিশালী নহ’ল তেতিয়াও
সন্তুলন নাথাকিল। সেয়েহে কৰ্ম আৰু স্মৃতিৰ সন্তুলন ৰাখিবা। গোটেই দিন এইটো শ্ৰেষ্ঠ
স্থিতিত থাকিলে কৰ্মাতীত অৱস্থাৰ সমীপত অহাৰ অনুভৱ কৰিবা। গোটেই দিন, চলোঁতে-ফুৰোঁতে,
খাওঁতে-লওঁতে কৰ্মাতীত স্থিতি বা অব্যক্ত ফৰিস্তা স্বৰূপৰ স্থিতিত থাকিবা এয়াই
কৰ্মযোগী অৱস্থা।