29.06.25 Avyakt Bapdada
Assame
Murli
31.12.2005 Om Shanti Madhuban
“*“নৱবৰ্ষত নিজৰ পুৰণা
সংস্কাৰ যোগ অগ্নিত ভস্ম কৰি পিতা ব্ৰহ্মাৰ সমান ত্যাগ, তপস্যা আৰু সেৱাত এক নম্বৰ
হোৱা”*”
আজি বাপদাদাই
চাৰিওফালৰ সন্মুখত থকাই হওঁক বা দূৰৈত থাকি অন্তৰৰ সমীপত থকাই হওঁক, সকলোকে তিনিটা
অভিনন্দন জনাই আছে। এটা নৱ জীৱনৰ অভিনন্দন, দ্বিতীয়তে নৱযুগৰ অভিনন্দন আৰু তৃতীয়তে
আজিৰ দিনটোত নতুন বছৰৰ অভিনন্দন। তোমালোকেও নতুন বছৰৰ অভিনন্দন জনাবলৈ আৰু অভিনন্দন
ল’বলৈ আহিছা নহয়। বাস্তৱত সঁচা আন্তৰিক আনন্দৰ অভিনন্দন তোমালোক ব্ৰাহ্মণ আত্মাসকলে
লোৱাও আৰু দিয়াও। আজিৰ দিনটোৰ মহত্ব আছে। বিদায়ো জনোৱা হয় আৰু শুভেচ্ছাও জনোৱা হয়।
বিদায় আৰু শুভেচ্ছাৰ সংগমযুগ। আজিৰ দিনটোক সংগমৰ দিন বুলি কোৱা হ’ব। সংগমৰ মহিমা অতি
শ্ৰেষ্ঠ। তোমালোক সকলোৱে জানা যে সংগমযুগৰ মহিমাৰ কাৰণে আজিকালি পুৰণা আৰু নতুন
বছৰৰ সংগম কিমান ধুমধামেৰে উদ্যাপন কৰে। সংগমযুগৰ মহিমাৰ বাবেই এই পুৰণা আৰু নতুন
বছৰৰ সংগমৰ মহিমা আছে। য’ত দুখন নদী মিলিত হয়, সংগম হয়, তাৰো মহিমা আছে। যদি নদী
সাগৰৰ সংগম হয় তাৰো মহিমা আছে। কিন্তু সকলোতকৈ উচ্চ মহিমা এই সংগমযুগৰ, পুৰুষোত্তম
সংগমযুগৰ, য’ত তোমালোক ভাগ্যৱান আত্মাসকল বহি আছা। এইটো নিচা আছে নহয়! যদি তোমালোকক
কোনোবাই সোধে যে কি সময়ত আছা? কলিযুগত আছা নে সংগমযুগত আছা? তেতিয়া গৌৰেৱেৰে কি বুলি
ক’বা? আমি এই সময়ত পুৰুষোত্তম সংগমযুগত আছোঁ। তোমালোক কলিযুগী নহয়, সংগমযুগী। আৰু
এই সংগমযুগৰ বিশেষ মহিমা কিয় আছে? কিয়নো ভগৱান আৰু সন্তানসকলৰ মিলন হয়। মেলা হয়,
মিলন হয়, যিটো আন কোনো যুগত নহয়। তেন্তে মিলন উদ্যাপন কৰিবলৈ আহিছা নহয়! তোমালোক
মিলন মেলা উদ্যাপন কৰিবলৈ ক’ৰ ক’ৰ পৰা আহিছা। কেতিয়াবা সপোনতো ভাবিছিলানে যে
ড্ৰামাত মোৰ অৰ্থাৎ আত্মাৰ এনেকুৱা ভাগ্যও নিৰ্ধাৰিত হৈ আছে। আত্মাৰ পৰমাত্মাৰ সৈতে
মিলন উদ্যাপন কৰাৰ ভাগ্য আছিল আৰু আছে। পিতাও প্ৰত্যেক সন্তানৰ ভাগ্য দেখি হৰ্ষিত
হয়। বাঃ! ভাগ্যৱান সন্তানসকল বাঃ! নিজৰ ভাগ্যক দেখি অন্তৰত নিজৰ প্ৰতি বাঃ! মই বাঃ!
বাঃ! মোৰ ভাগ্য বাঃ! মোৰ বাবা বাঃ! মোৰ ব্ৰাহ্মণ পৰিয়াল বাঃ! এই “বাঃ বাঃ”ৰ গীত
স্বতঃ অন্তৰত গাই থাকা নহয়!
আজি এই সংগমৰ সময়ত
নিজৰ ভিতৰত ভাবি ল’লানে যে কি কি কথা বিদায় দিব লাগিব? সকলোৱে ভাবিছানে? সদাকালৰ
বাবে বিদায় দিব লাগিব কিয়নো সদাকালৰ বাবে বিদায় দিলে সদাকালৰ অভিনন্দন উৎসৱ উদ্যাপন
কৰিব পাৰিবা। এনেকুৱা অভিনন্দন জনোৱা যাতে তোমালোকৰ চেহেৰা দেখি যিসকল আত্মা
সন্মুখলৈ আহে তেওঁলোকেও অভিনন্দন প্ৰাপ্ত কৰি আনন্দিত হৈ যায়। যিয়ে অন্তৰৰ পৰা
অভিনন্দন জনায় বা লয় তেওঁক সদায়েই কেনেকুৱা দেখা যায়? সংগমযুগী ফৰিস্তা। সকলোৰে
এইটোৱে পুৰুষাৰ্থ হয় নহয় - ব্ৰাহ্মণৰ পৰা ফৰিস্তা আৰু ফৰিস্তাৰ পৰা দেৱতা! কিয়নো
পিতাক সকলো প্ৰকাৰৰ সংকল্প বা যি প্ৰবৃত্তিৰ, কৰ্মৰ বোজা আছে সেয়া দি দিলা নহয়! বোজা
দিলানে নে অলপ বাকী থাকি গৈছে? কিয়নো অলপ বোজায়ো ফৰিস্তা হ’বলৈ নিদিব আৰু যিহেতু
পিতা সন্তানসকলৰ বোজা ল’বৰ বাবে আহিছে তেন্তে বোজা দিয়াতো কঠিন জানো! কঠিন নে সহজ?
যিসকলে ভাবা যে বোজা দি দিলোঁ তেওঁলোকে হাত দাঙা। দি দিলানে? চাবা ভাবি-চিন্তি হাত
দাঙিবা। বোজা দি দিলানে? বাৰু, দি দিলা তেন্তে বহুত অভিনন্দন। আৰু যিসকলে দিয়া নাই
তেওঁলোকে কি কাৰণে ৰাখিছে? বোজাৰ প্ৰতি প্ৰীতি আছে নেকি? বোজা ভাল লাগেনে? চোৱা,
বাপদাদাই প্ৰত্যেক সন্তানক কি কয়? অ’ মোৰ নিচিন্ত বাদশ্বাহ সন্তানসকল। বোজাৰ চিন্তা
থাকে নহয়! সেয়েহে বোজা ল’বৰ বাবে পিতা আহিছে কিয়নো 63 জন্মৰ পৰা পিতাই দেখি আছে বোজা
লৈ লৈ সকলো সন্তান বহুত গধুৰ হৈ গ’ল, সেয়েহে যিহেতু পিতাই সন্তানসকলক মৰমেৰে কৈ আছে
বোজা দি দিয়া তথাপি কিয় ৰাখি থৈছা? বোজা ভাল লাগে নেকি? সকলোতকৈ সূক্ষ্ম বোজা হৈছে
পুৰণা সংস্কাৰৰ। বাপদাদাই প্ৰত্যেক সন্তানৰ এই বছৰৰ, কিয়নো বছৰ পূৰা হৈ আছে নহয়,
গতিকে এই বছৰৰ খতিয়ান চালে। তোমালোক সকলোৱেও নিজৰ নিজৰ বছৰটোৰ খতিয়ান পৰীক্ষা কৰিছা
চাগৈ? তেন্তে বাপাদাদাই দেখিলে যে বহুতো সন্তানৰ এই পুৰণা সংসাৰৰ প্ৰতি আকৰ্ষণ কমিছে,
পুৰণা সম্বন্ধৰ প্ৰতিও আকৰ্ষণ কমিছে কিন্তু পুৰণা সংস্কাৰ, তাৰ বোজা গৰিষ্ঠসংখ্যকৰ
বাকী আছে। কিবা নহয় কিবা ৰূপত, যদিও মনত অশুদ্ধ সংকল্প নাই কিন্তু ব্যৰ্থ সংকল্পৰ
সংস্কাৰ এতিয়াও শতাংশত দেখা যায়। বাণীতো দেখা যায়। সম্বন্ধ-সম্পৰ্কতো কিবা নহয় কিবা
সংস্কাৰ এতিয়াও দেখা যায়।
গতিকে আজি বাপদাদাই
সকলো সন্তানক অভিনন্দনৰ লগতে এইটোৱে ইংগিত দিছে যে বাকী থকা সংস্কাৰে সময়ত
প্ৰতাৰণাও কৰে আৰু অন্ততো প্ৰতাৰণা কৰাৰ নিমিত্ত হৈ যাব সেয়েহে আজি সংস্কাৰৰ
সংস্কাৰ (শুচিকৰণ) কৰা। প্ৰত্যেকে নিজৰ সংস্কাৰক জানেও, আৰু এৰিবও খোজে, অতিষ্ঠও হয়,
কিন্তু সদাকালৰ বাবে পৰিৱৰ্তন কৰাৰ তীব্ৰ পুৰুষাৰ্থী নহয়। পুৰুষাৰ্থ কৰে কিন্তু
তীব্ৰ পুৰুষাৰ্থ নহয়। কাৰণ? তীব্ৰ পুৰুষাৰ্থ কিয় নহয়? কাৰণ এয়াই, যেনেকৈ ৰাৱণক বধো
কৰিলে কেৱল বধ কৰা নাই, দাহো কৰিলে। এনেকৈ বধ কৰিবৰ বাবে পুৰুষাৰ্থ কৰে, সংস্কাৰ
অলপ অচেতনো হৈ যায়, কিন্তু দাহ নকৰাৰ বাবে অচেতন অৱস্থাৰ পৰা মাজে মাজে জাগি উঠে।
সেয়েহে পুৰণা সংস্কাৰৰ সংস্কাৰ কৰিবৰ বাবে এই নৱবৰ্ষত যোগ অগ্নিৰে দাহ কৰাৰ, দৃঢ়
সংকল্পৰ প্ৰতি মনোযোগ দিয়া। সোধে নহয় যে নতুন বছৰত কি কৰিব লাগে? সেৱাৰ কথাতো বেলেগ
প্ৰথমে নিজৰ কথা - যোগ লগোৱা, বাপদাদাই সন্তানসকলক যোগত অভ্যাস কৰা দেখা পায়।
অমৃতবেলাও বহুত পুৰুষাৰ্থ কৰে কিন্তু যোগ তপস্যা, তপৰ (অগ্নিৰ) ৰূপত নকৰে। স্নেহেৰে
স্মৰণ নিশ্চয় কৰে, আন্তৰিক বাৰ্তালাপো বহুত কৰে, শক্তি আহৰণ কৰাৰো অভ্যাস কৰে কিন্তু
স্মৃতি ইমান শক্তিশালী কৰা নাই যে বিদায় দিয়াৰ সংকল্প কৰিলেই বিদায় লৈ লয়। যোগক যোগ
অগ্নিৰ ৰূপত কাৰ্যত প্ৰয়োগ নকৰে সেয়েহে যোগ শক্তিশালী কৰা। বিশেষ সংস্কাৰ ভস্ম কৰাৰ
বাবে একাগ্ৰতা শক্তিৰ আৱশ্যক। যিটো স্বৰূপত একাগ্ৰ হ’ব বিচৰা, যিমান সময় একাগ্ৰ হ’ব
বিচৰা, এনেকুৱা একাগ্ৰতাৰ সংকল্প ল’লা আৰু ভস্ম। ইয়াক কোৱা হয় যোগ অগ্নি। নাম-চিহ্ন
সমাপ্ত। বধ কৰিলে তথাপিও শৱ থাকে নহয়! ভস্ম হোৱাৰ পাছত নাম-চিহ্ন শেষ। গতিকে এইটো
বছৰত যোগ শক্তিশালী অৱস্থাত আনা। যিটো স্বৰূপত থাকিব বিচৰা মাষ্টৰ সৰ্বশক্তিমান,
আদেশ দিয়া, সমাপ্ত কৰাৰ শক্তিয়ে তোমালোকৰ আদেশ নামানিব, এয়া হ’বই নোৱাৰে। মালিক হোৱা।
মাষ্টৰ বুলি কোৱা নহয়! তেন্তে মাষ্টৰে আদেশ দিব আৰু শক্তি হাজিৰ নহ’ব তেন্তে তেওঁ
জানো মাষ্টৰ? বাপদাদাই দেখিলে যে পুৰণা সংস্কাৰৰ কিবা নহয় কিবা অংশ এতিয়াও বাকী আছে
আৰু সেই অংশই মাজে মাজে বংশও জন্ম দি দিয়ে যে কৰ্মতো কাৰ্য সম্পাদন হৈ যায়। যুদ্ধ
কৰিবলগীয়া হয়। বাপদাদাই সন্তানসকলৰ যুদ্ধৰ স্বৰূপ ভাল নাপায়। বাপদাদাই প্ৰত্যেক
সন্তানক মালিকৰ ৰূপত চাব খোজে। আদেশ দিলেই শক্তি হাজিৰ হৈ যাওঁক।
তেন্তে শুনিলানে এইটো
বছৰ নিজৰ প্ৰতি কি কৰিব লাগিব? শক্তিশালী, নিশ্চিন্ত বাদশ্বাহ কিয়নো সকলোৰে লক্ষ্য
হৈছে, যাকেই সোধা তেতিয়া কি কয়? মই বিশ্বৰ ৰাজ্য প্ৰাপ্ত কৰিম, ৰাজ্য অধিকাৰী হ’ম।
নিজক ৰাজযোগী বুলি কয়। প্ৰজাযোগী হোৱা জানো? গোটেই সভাত কোনোবা প্ৰজাযোগী আছা নেকি?
যি প্ৰজাযোগী, ৰাজযোগী নহয়। শিক্ষকসকলৰ কোনোবা আছে নেকি? তোমালোকৰ সেৱাকেন্দ্ৰত
কোনোবা প্ৰজাযোগী আছে নেকি? সকলোৱেতো ৰাজযোগী বুলিয়ে কোৱা। প্ৰজাযোগীত কোনেও হাত
নাদাঙে। ভাল নালাগে নহয়! আৰু পিতায়ো গৌৰৱ কৰে। বাপদাদাই গৌৰৱেৰে কয় যে সংগমতো সকলো
সন্তান ৰজা সন্তান। কোনো পিতাই এনেকৈ গৌৰৱেৰে ক’ব নোৱাৰে যে মোৰ এটি এটি সন্তান ৰজা।
কিন্তু বাপদাদাই কয় যে প্ৰতিগৰাকী সন্তান স্বৰাজ্য অধিকাৰী ৰজা। প্ৰজাযোগীততো হাত
নাদাঙা নহয়, তেন্তে ৰজা হোৱা নহয়! কিন্তু এনেকুৱা ঢিলা ৰজা নহ’বা যে আদেশ দিবা আৰু
নাহিবই। দুৰ্বল ৰজা নহ’বা। পিছৰসকল কোন হোৱা? যিসকলে ভাবা ৰাজযোগী হওঁ তেওঁলোকে হাত
দাঙা। ওপৰতো বহি আছে, (গেলেৰীত বহাসকলে হাত জোকাৰি আছে, আজি সভাকক্ষত 18 হাজাৰ
ভাতৃ-ভগ্নী বহি আছে) বাপদাদাই চাই আছে, ওপৰত বহাসকলে হাত দাঙা।
গতিকে এতিয়া অন্তিম
পাল আৰম্ভ হৈ যাব। বাপদাদাই তিনিমাহ দিছে, ঠিক আছে দিওঁনে? ঘৰত কৰিবলৈ কাম দিম কিয়নো
এই মাজে মাজে কৰা ঘৰৰ কামো অন্তিম কাকতত জমা হ’ব। তিনিমাহত প্ৰত্যেকেই নিজৰ খতিয়ান
পৰীক্ষা কৰিবা যে মই মাষ্টৰ সৰ্বশক্তিমান হৈ যিকোনো কৰ্মেন্দ্ৰিয়ক, যিকোনো শক্তিক
যেতিয়াই আদেশ দিওঁ, যি আদেশ দিওঁ সেই আদেশ বাস্তৱত মানিলে নে নামানিলে? কৰিব
পাৰিবানে? প্ৰথম শাৰীত বহাসকলে কৰিব পাৰিবানে? হাত দাঙা। বাৰু। তিনিমাহ কোনো পুৰণা
সংস্কাৰে যাতে প্ৰহাৰ নকৰে। অমনোযোগী নহ’বা, মাৰ্জিত অমনোযোগিতা নানিবা, হৈ যাব...।
বাপদাদাৰ সৈতে বহুত মিঠা মিঠা কথা পাতে, কয় যে বাবা আপুনি চিন্তা নকৰিব, হৈ যাম।
বাপদাদাই কি কৰিব? শুনি মিচিকিয়াই হাঁহে। কিন্তু এই তিনিমাহত যদি কিবা এনেকুৱা কথা
কোৱা তেন্তে বাপদাদাই মানি নল’ব। মান্তি হৈছা যদি হাত দাঙা। অন্তৰেৰে হাত দাঙিবা,
সভাত আছা বাবে হাত নাদাঙিবা। কৰিবই লাগিব, লাগিলে যিয়েই সহ্য কৰিবলগীয়া নহওঁক, কিবা
ত্যাগ কৰিবলগীয়া নহওঁক, একো আপত্তি নাই। কৰিবই লাগিব। দৃঢ়নে? দৃঢ়নে? দৃঢ়নে?
শিক্ষকসকল কৰিবানে?
বাৰু এই মুকুটধাৰী
সন্তানসকলে কি কৰিব? (সৰু লৰা-ছোৱালীৱে মুকুট পিন্ধি সন্মুখত বহি আছে) মুকুটতো বৰ
ভাল পিন্ধি লৈছা? কৰিব লাগিব। বাৰু। চাবা লৰা-ছোৱালীহঁতে হাত দাঙি আছে। যদি নকৰা
তেন্তে কি কৰিম? সেয়াও কি দিয়া। তেতিয়া বাপদাদাৰ ‘চিজন’ত এবাৰ আহিবলৈ নিদিম কিয়নো
বাপদাদাই দেখি আছে যে সময়ে তোমালোকৰ বাবে অপেক্ষা কৰি আছে। তোমালোক সময়লৈ অপেক্ষা
কৰোঁতা নহয়, তোমালোক প্ৰস্তুতি চলাওঁতা হোৱা, সময়ে তোমালোকৰ বাবে অপেক্ষা কৰি আছে।
প্ৰকৃতিও, সতোপ্ৰধান প্ৰকৃতিয়ে তোমালোকক আহ্বান জনাই আছে। সেয়েহে তিনিমাহ নিজৰ
শক্তিশালী অৱস্থাত থাকি বাকী থকা সংস্কাৰ পৰিৱৰ্তন কৰা। যদি তিনিমাহ মনোযোগ দিয়া
তেন্তে পাছলৈও অভ্যাস হৈ যাব। এবাৰ পৰিৱৰ্তনৰ বিধি জানি ল’লা নহয় তেতিয়া বহুত কামত
আহিব। তোমালোকে সময়ৰ অপেক্ষা নকৰিবা, কেতিয়া বিনাশ হ’ব, কেতিয়া বিনাশ হ’ব, সকলোৱে
বাৰ্তালাপত সোধে, বাহিৰৰ পৰা নকয় কিন্তু ভিতৰি কথা পাতে গম নাপাওঁ কেতিয়া বিনাশ হ’ব,
দুবছৰত হ’ব, 10 বছৰত হ’ব, কিমান বছৰত হ’ব? তোমালোকে কিয় সময়ৰ অপেক্ষা কৰা, সময়
তোমালোকৰ বাবে অপেক্ষা কৰি আছে। পিতাক সোধে তাৰিখ কৈ দিয়ক, অলপ বছৰটো কৈ দিয়ক, 10
বছৰ লাগিব, 20 বছৰ লাগিব, কিমান বছৰ লাগিব?
বাপদাদাই সন্তানসকলক
সুধিছে যে তোমালোক সকলো পিতাৰ সমান হৈ গৈছানে? পৰ্দা মুকলি কৰোঁনে, নে পৰ্দা মুকলি
কৰিলে তেতিয়া কোনোবাই চুলি ফনিয়াই আছে, কোনোবাই মুখত ক্ৰীম লগাই আছে, যদি সদা
প্ৰস্তুত হোৱা, সংস্কাৰ সমাপ্ত হৈ গ’ল তেন্তে বাপদাদাৰ পৰ্দা মুকলি কৰিবলৈ কিমান
দেৰী লাগিব। সদা প্ৰস্তুততো হৈ যোৱা! হৈ যাম, হৈ যাম বুলি কৈ বাপদাদাক বহুত সময়
আনন্দিত কৰিলা। এতিয়া এনেকুৱা নকৰিবা। হ’বই লাগিব, কৰিবই লাগিব। পিতাৰ সমান হ’ব লাগে
এই ক্ষেত্ৰততো সকলোৱে হাত দাঙি দিয়ে, দঙাৰ প্ৰয়োজন নাই। পিতা ব্ৰহ্মাক চোৱা সাকাৰতো
পিতা ব্ৰহ্মাক অনুসৰণ কৰিব লাগে নহয়! পিতা ব্ৰহ্মাই ত্যাগ, তপস্যা আৰু সেৱা অন্তিম
মুহূৰ্তলৈকে সাকাৰ ৰূপত বাস্তৱত কৰি দেখুৱালে। নিজৰ কৰ্তব্য, শিৱ পিতাৰ দ্বাৰা
মহাবাক্য উচ্চাৰণ কৰাৰ কৰ্তব্য অন্তিম দিনলৈকে পালন কৰিলে। অন্তিম মুৰুলী স্মৃতিত
আছে নহয়? তিনিটা শব্দৰ বৰদান, স্মৃতিত আছেনে? (নিৰাকাৰী, নিৰ্বিকাৰী আৰু নিৰহংকাৰী
হোৱা) যিসকলৰ স্মৃতিত আছে তেওঁলোকে হাত দাঙা। বাৰু সকলোৰে স্মৃতিত আছে, অভিনন্দন।
ত্যাগো অন্তিম দিনলৈকে কৰিলে, নিজৰ পুৰণা কোঠা এৰি নিদিলে। সন্তানসকলে কিমান মৰেমেৰে
পিতা ব্ৰহ্মাক ক’লে কিন্তু সন্তানসকলৰ বাবে নিৰ্মাণ কৰিলে, নিজে ব্যৱহাৰ নকৰিলে। আৰু
সদায় আঢ়ৈ তিনি বজাত উঠি নিজৰ প্ৰতি তপস্যা কৰিলে, সংস্কাৰ ভস্ম কৰিলে তেতিয়া
কৰ্মাতীত অব্যক্ত হ’ল, ফৰিস্তা হ’ল। যি ভাবিলে সেয়া কৰি দেখুৱালে। কোৱা, ভবা আৰু কৰা
তিনিওটা সমান। পিতাক অনুসৰণ কৰা। অন্তিমলৈকে নিজৰ কৰ্তব্য পূৰ্ণ ৰীতিৰে কৰিলে,
পত্ৰও লিখিলে, কিমান পত্ৰ লিখিলে? সেৱাও এৰি নিদিলে। পিতাক অনুসৰণ কৰা। অখণ্ড
মহাদানী, মহাদানী নহয়, অন্তলৈকে অখণ্ড মহাদানীৰ বাস্তৱিক ৰূপ দেখুৱালে। অন্তলৈকে
আধাৰ অবিহনে তপস্বী ৰূপত বহিল। এতিয়া সন্তানসকলেতো বহিবলৈ আধাৰ লয় নহয়। কিন্তু পিতা
ব্ৰহ্মাই আদিৰ পৰা অন্তলৈকে তপস্বী ৰূপত থাকিল। চকুত চচমা নিপিন্ধিলে। এয়া সূক্ষ্ম
শক্তি। নিৰাধাৰ। শৰীৰ পুৰণা, দিনে-প্ৰতিদিনে প্ৰকৃতিৰ বায়ু পানী দুষিত হৈ গৈ আছে
সেয়েহে বাপদাদাই তোমালোকক নকয়, কিয় আধাৰ লোৱা, কিয় চচমা পিন্ধা, অৱশ্যে পিন্ধা,
কিন্তু স্থিতি শক্তিশালী অৱশ্যে কৰা। গোটেই বিশ্বৰ কাৰ্য সমাপ্ত কৰিলানে? বাপদাদাই
তোমালোকক প্ৰশ্ন সুধিছে, তোমালোক সকলো সন্তুষ্ট হোৱানে যে বিশ্ব কল্যাণৰ কাৰ্য পূৰা
হৈ গ’ল? যিসকলে ভাবা যে বিশ্ব কল্যাণৰ কাৰ্য সমাপ্ত হৈ গ’ল, তেওঁলোকে হাত দাঙা। এজনো
নাই? তেন্তে কেনেকৈ বিনাশৰ কথা কোৱা? কামতো পূৰা কৰাই নাই। বাৰু।
চাৰিওফালৰ সদায়
উৎসাহ-উদ্দীপনাৰে আগবাঢ়ি যাওঁতা, সদায় সাহসেৰে বাপদাদাৰ পদমগুণ সহায়ৰ পাত্ৰ
সন্তানসকলক, সদায় বিজয়ী ৰত্ন, প্ৰত্যেক কল্পত বিজয়ী হৈছিল, এতিয়াও হয় আৰু প্ৰত্যেক
কল্পত বিজয়ী হয়েই - এনেকুৱা বিজয়ী সন্তানসকলক, সদায় একমাত্ৰ পিতা দ্বিতীয় কোনো নাই,
সংসাৰৰ আকৰ্ষণো নাই আৰু সংস্কাৰৰ আকৰ্ষণো নাই, দুয়োটা আকৰ্ষণৰ পৰা মুক্ত হৈ থাকোঁতা,
সদায় পিতাৰ সমান সন্তানসকলক বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
বৰদান:
সদাকালৰ
মনোযোগেৰে বিজয় মালাত গঁথা যাওঁতা বহু সময়ৰ বিজয়ী হোৱা
বহু সময়ৰ বিজয়ী, বিজয়
মালাৰ মণি হয়। বিজয়ী হ’বলৈ সদায় পিতাক সন্মুখত ৰাখা- যি পিতাই কৰিলে সেয়াই আমি কৰিব
লাগে। প্ৰতিটো খোজত যি পিতাৰ সংকল্প সেয়াই সন্তানসকলৰ সংকল্প, যি পিতাৰ বাণী সেয়াই
সন্তানসকলৰ বাণী - তেতিয়া বিজয়ী হ’বা। এই মনোযোগ সদাকালৰ বাবে লাগে তেতিয়াহে
সদাকালৰ ৰাজ্য-ভাগ্য প্ৰাপ্ত হ’ব কিয়নো যেনেকুৱা পুৰুষাৰ্থ তেনেকুৱা প্ৰালব্ধ।
পুৰুষাৰ্থ সদাকালৰ হ’লে ৰাজ্য-ভাগ্য সদাকালৰ হ’ব।
স্লোগান:
সেৱাত সদায়
‘হয়’ বুলি সন্মতি জনোৱা - এয়াই স্নেহৰ সঁচা প্ৰমাণ।
অব্যক্ত সংকেত:
আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা
যেনেকৈ কোনো ব্যক্তিয়ে
দৰ্পণৰ আগত থিয় হৈ গ’লেই নিজৰ সাক্ষাৎকাৰ কৰি লয়, তেনেকৈ তোমালোকৰ আত্মিক স্থিতি,
শক্তি ৰূপী দৰ্পণৰ আগত কোনো আত্মা আহিলে তেতিয়া তেওঁ এক চেকেণ্ডত স্ব-স্বৰূপৰ দৰ্শন
বা সাক্ষাৎকাৰ কৰি ল’ব। তোমালোকৰ প্ৰতিটো কৰ্মত, চাল-চলনত আত্মিকতাৰ আকৰ্ষণ থাকক।
যি স্বচ্ছ, আত্মিক শক্তিধাৰী আত্মা, তেওঁ সকলোকে নিজৰ ফালে নিশ্চয় আকৰ্ষিত কৰে।