29.07.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
বাবা আহিছে তোমালোকক জ্ঞান ৰত্ন দিবলৈ, মুৰুলী শুনাবলৈ, সেয়েহে তোমালোকে কেতিয়াও
মুৰুলী খতি কৰিব নালাগে, মুৰুলীৰ প্ৰতি স্নেহ নাই মানে পিতাৰ প্ৰতিও স্নেহ নাই”
প্ৰশ্ন:
আটাইতকৈ ভাল
চৰিত্ৰ কোনটো, যিটো তোমালোকে এই জ্ঞানেৰে ধাৰণ কৰা?
উত্তৰ:
নিৰ্বিকাৰী হোৱা - এইটো আটাইতকৈ ভাল চৰিত্ৰ। তোমালোকে জ্ঞান পোৱা যে এই গোটেই
সৃষ্টিখনেই বিকাৰী, বিকাৰী মানে চৰিত্ৰহীন। পিতা নিৰ্বিকাৰী সৃষ্টি স্থাপনা কৰিবলৈ
আহিছে। নিৰ্বিকাৰী দেৱতাসকল ভাল চৰিত্ৰৰ হয়। চৰিত্ৰ শুধৰণি হয় পিতাৰ স্মৃতিৰে।
ওঁম্শান্তি।
সন্তানসকল
তোমালোকে পঢ়া কেতিয়াও খতি নকৰিবা। যদি পঢ়া খতি কৰা তেতিয়া পদো হেৰুৱাবলগীয়া হ’ব।
মৰমৰ সন্তানসকল ক’ত বহি আছা? ঈশ্বৰীয় আধ্যাত্মিক বিশ্ব বিদ্যালয়ত। সন্তানসকলে এইটোও
জানে যে প্ৰত্যেক 5 হাজাৰ বছৰ পাছত আমি এই বিশ্ব বিদ্যালয়ত ভৰ্তি হওঁ। এইটোও
তোমালোক সন্তানসকলে জানা যে পিতা পিতাও হয়, শিক্ষকো হয় আৰু গুৰুও হয়। এনেয়ে গুৰুৰ
মূৰ্তি বেলেগ, পিতাৰ বেলেগ, শিক্ষকৰ বেলেগ হয়। এই মূৰ্তি একেটাই। কিন্তু হয়
তিনিওৱেই অৰ্থাৎ পিতাও হয় শিক্ষকো হয়, গুৰুও হয়। মনুষ্যৰ জীৱনত এই তিনিটা মুখ্য।
পিতা, শিক্ষক আৰু গুৰু তেৱেঁই, তিনিওটা ভূমিকা নিজেই পালন কৰে। এটি এটি কথা বুজি
তোমালোক সন্তানসকল বহুত আনন্দিত হোৱা উচিত আৰু এনেকুৱা ত্ৰিমূৰ্তি বিশ্ব বিদ্যালয়লৈ
বহুতকে লৈ আহি ভৰ্তি কৰাব লাগে। যিবিলাক বিশ্ববিদ্যালয়ত ভালকৈ পঢ়ায় তাত পঢ়াসকলে
আনক কয় - এইখন বিশ্ববিদ্যালয়ত, ইয়াত ভালকৈ জ্ঞান দিয়া হয় আৰু চৰিত্ৰও শুধৰণি হয়।
তোমালোক সন্তানসকলেও আনক লৈ আহিব লাগে। মাতাসকলে মাতাসকলক, পুৰুষে পুৰুষসকলক বুজাব
লাগে। চাওঁক এওঁ পিতাও হয়, শিক্ষকো হয় আৰু গুৰুও হয়। এনেকৈ বুজায় নে নুবুজায়, সেয়া
প্ৰত্যেকে নিজৰ অন্তৰক সোধা। কেতিয়াবা নিজৰ মিত্ৰ-সমন্ধীয়সকলক, সংগীসকলক বুজায় যে
এওঁ পৰম পিতাও হয়, পৰম শিক্ষকো হয় আৰু পৰম সৎগুৰুও হয়। পিতা হৈছে পৰম দেৱী-দেৱতা কৰি
তোলোঁতা, পিতাই নিজৰ সমান পিতা কৰি নোতোলে। বাকী তেওঁৰ যি মহিমা আছে সেই ক্ষেত্ৰত
নিজৰ সমান কৰি তোলে। পিতাৰ কাম হৈছে প্ৰতিপালন কৰা আৰু স্নেহ দিয়া, এনেহেন পিতাক
নিশ্চয় স্মৰণ কৰিব লাগে। তেওঁৰ তুলনা আন কাৰো লগত নহয়। যদিও কয় যে গুৰুৰ পৰা শান্তি
পোৱা যায় কিন্তু এওঁতো বিশ্বৰ মালিক কৰি নোতোলে, এনেকৈও কোনেও নক’ব যে ময়ে সকলো
আত্মাৰ পিতা। এইটো কোনেও গম নাপায় যে সকলো আত্মাৰ পিতা কোন হ’ব পাৰে। এজন হৈছে
বেহদৰ পিতা যাক হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান আদি সকলোৱে “গড্ ফাদাৰ” বুলি নিশ্চয়
কয়। বুদ্ধি নিশ্চয় নিৰাকাৰ ফালে যায়। এয়া কোনে ক’লে? আত্মাই ক’লে “গড্ ফাদাৰ”।
তেন্তে নিশ্চয় লগ পোৱা উচিত। কেৱল ‘ফাদাৰ’ বুলি ক’ব আৰু যদি কেতিয়াও লগেই পোৱা নাই
তেন্তে তেওঁ পিতা কেনেকৈ হ’ব পাৰে? গোটেই জগতৰ সন্তানসকলৰ যি আশা আছে সেয়া তেওঁ
পূৰ্ণ কৰে। সকলোৰে কামনা থাকে যে আমি শান্তিধামলৈ যাওঁ। আত্মাৰ ঘৰ স্মৃতিলৈ আহে।
আত্মা ৰাৱণৰাজ্যত ভাগৰি পৰিছে। ইংৰাজীতো কয় - হে “গড্ ফাদাৰ, লিবাৰেট” কৰা।
তমোপ্ৰধান হৈ হৈ ভূমিকা পালন কৰি কৰি শান্তিধামলৈ গুচি যাব। আকৌ প্ৰথমে সুখধামলৈ আহে।
এনেকুৱা নহয়, পোন-প্ৰথমে আহি বিকাৰী হয়হি। নহয়। পিতাই বুজায় এয়া হৈছে বেশ্যালয়,
ৰাৱণৰাজ্য। ইয়াক ৰৌৰৱ নৰক বুলি কোৱা হয়।
ভাৰতত বা এইখন সৃষ্টিত কিমান শাস্ত্ৰ, কিমান পঢ়াৰ কিতাপ আছে, এয়া সকলো নাশ হৈ যাব।
পিতাই তোমালোকক এয়া যি উপহাৰ দিয়ে, এয়া কেতিয়াও জ্বলি নাযায়। এয়া হৈছে ধাৰণ কৰাৰ কথা।
যিটো কামৰ বস্তু নহয় সেয়া জ্বলাই দিয়া হয়। জ্ঞান কোনো শাস্ত্ৰ নহয় যে জ্বলাব পাৰি।
তোমালোকে জ্ঞান পোৱা, যাৰ যোগেদি তোমালোকে 21 জন্ম পদ পোৱা। এনেকুৱা নহয় যে ইয়াৰ
শাস্ত্ৰ আছে যি জ্বলাই দিবা। নহয়, এই জ্ঞান আপোনাআপুনি প্ৰায় লোপ হৈ যায়। পঢ়াৰ কোনো
কিতাপ আদি নাই। “জ্ঞান-বিজ্ঞান ভৱন” নামো আছে। কিন্তু তেওঁলোকে গম নাপায় যে এই নাম
কিয় ৰখা হৈছে, ইয়াৰ অৰ্থ কি? জ্ঞান-বিজ্ঞানৰ মহিমা কিমান উচ্চ! জ্ঞান অৰ্থাৎ সৃষ্টি
চক্ৰৰ জ্ঞান যি এতিয়া তোমালোকে ধাৰণ কৰা। বিজ্ঞান অৰ্থাৎ শান্তিধাম। তোমালোক জ্ঞানৰো
উৰ্দ্ধত যোৱা। জ্ঞানত পঢ়াৰ আধাৰত তোমালোকে ৰাজ্য কৰা। তোমালোকে বুজি পোৱা যে আমাক
অৰ্থাৎ আত্মাসকলক পিতাই আহি পঢ়ায়। নহ'লে ভগৱানুবাচ (ভগৱানৰ বাণী) কথাষাৰ অমূলক হৈ
যাব। ভগৱানে জানো কোনো শাস্ত্ৰ পঢ়ি আহে। ভগৱানৰতো জ্ঞান-বিজ্ঞান দুয়োটা আছে। যি
যেনেকুৱা, তেওঁ তেনেকৈয়ে গঢ়ি তোলে। এইবোৰ হৈছে অতি সূক্ষ্ম কথা। জ্ঞানতকৈ বিজ্ঞান
বহুত সূক্ষ্ম। জ্ঞানৰো উৰ্দ্ধত যাব লাগে। জ্ঞান হৈছে স্থূল, আমি পঢ়াওঁ, আৱাজ হয় নহয়।
বিজ্ঞান সূক্ষ্ম ইয়াত আৱাজৰ উৰ্দ্ধত শান্তিত যাবলগীয়া হয়। যি শান্তিৰ কাৰণেই
দিগভ্ৰান্ত হৈ ফুৰে। সন্ন্যাসীৰ ওচৰলৈ যায়। কিন্তু যিটো বস্তু পিতাৰ ওচৰত আছে সেয়া
আনৰ পৰা পাব নোৱাৰি। হঠযোগ কৰে গাঁতত বহি যায় কিন্তু ইয়াৰ দ্বাৰা শান্তি পাব নোৱাৰি,
ইয়াততো কষ্টৰ কোনো কথা নাই। পঢ়াও বহুত সহজ। 7 দিনৰ পাঠ্যক্ৰম কৰোৱা হয়। 7 দিনৰ
পাঠ্যক্ৰম সমাপ্ত কৰাৰ পাছত লাগিলে ক'ৰবাত বাহিৰলৈ গুচি যাওঁক, এনেকুৱা আন কোনো
আনুষ্ঠানিক কলেজত কৰিব নোৱাৰে। তোমালোকৰ বাবে পাঠ্যক্ৰমেই হৈছে এই 7 দিনৰ। সকলো
বুজোৱা হয়। কিন্তু 7 দিন কোনেও দিব নোৱাৰে। বুদ্ধিযোগ ক’ৰবাত নহয় ক’ৰবাত গুচি যায়।
তোমালোকতো ভাতীত বহিছিলা, কাৰো চেহেৰা চোৱা নাছিলা। কাৰো লগত কথা পতা নাছিলা।
বাহিৰলৈও ওলোৱা নাছিলা। তপস্যাৰ বাবে সাগৰৰ পাৰত স্মৃতিত বহিছিলা। সেই সময়ত এই
চক্ৰৰ বিষয়ে বুজা নাছিলা। এওঁ পঢ়া বুজি পোৱা নাছিলা। পোন-প্ৰথমেতো পিতাৰ সৈতে
যোগযুক্ত হ’ব লাগে। পিতাৰ পৰিচয় জানিব লাগে। আকৌ তাৰপাছত শিক্ষকৰ প্ৰয়োজন। প্ৰথমেতো
পিতাৰ সৈতে কেনেকৈ যোগযুক্ত হওঁ, এয়াও শিকাবলগীয়া হয় কিয়নো এইজন পিতা হৈছে অশৰীৰী,
অন্য কোনেওতো নামানেই। ঈশ্বৰ পিতা সৰ্ব্যব্যাপি বুলি কৈ দিয়ে। বচ্ সৰ্বব্যাপিৰ
জ্ঞানেই প্ৰচলিত হৈ আহে। এতিয়া তোমালোকৰ বুদ্ধিত সেই কথা নাই। তোমালোকতো হৈছা
বিদ্যাৰ্থী। পিতাই কয় – নিজৰ পেছাগত কাম-কাজ আদিও কৰা কিন্তু শ্ৰেণীৰ পাঠ নিশ্চয়
পঢ়িবা। গৃহস্থালিতে থাকা। যদি কয় যে স্কুললৈ নাযাওঁ তেন্তে আকৌ পিতাই কি কৰিব। হেৰ’
ভগৱানে পঢ়ায়, ভগৱান-ভগৱতী কৰি তুলিবলৈ! ভগৱানুবাচ (ভগৱানে কয়) - মই তোমালোকক ৰজাৰো
ৰজা কৰি তোলোঁ। তেন্তে ভগৱানৰ পৰা ৰাজযোগ নিশিকিবা জানো? এনেকৈ কোন নিশিকাকৈ থাকিব
পাৰিব! সেইবাবেই তোমালোক পলাই আহিবলগীয়া হ'ল। বিষৰ পৰা ৰক্ষা পাবলৈ তোমালোক পলাই
আহিলা। তোমালোক আহি ভাতীত বহিলা, যাতে কোনেও নেদেখে, লগ ধৰিব নোৱাৰে। কাকো দেখাই
নাছিলা। তেন্তে আকৌ অন্তৰৰ আকৰ্ষণ কাৰ প্ৰতি ৰাখিবা। সন্তানসকলৰ এইটো নিশ্চয়তাও আছে
যে ভগৱানে পঢ়ায়। তথাপিও অজুহাত দেখুৱায়, বেমাৰ হৈছে, এইটো কাম আছে। পিতাইতো
কেইবাটাও ‘শ্বিফট্’ কৰি দিব পাৰে। আজিকালি স্কুলতো কেইবাটাও ‘শ্বিফট্’ থাকে। ইয়াততো
বৰ বেছি পঢ়াৰ কথা নাই। কেৱল ‘অল্ফ’ অৰ্থাৎ পিতা আৰু ‘বে' অৰ্থাৎ বাদশ্বাহীক বুজিবলৈ
বুদ্ধি স্বচ্ছ হোৱা উচিত। ‘অল্ফ’ আৰু ‘বে’ – এয়া স্মৰণ কৰা, সকলোকে শুনোঁৱা।
ত্ৰিমূৰ্তিতো বহুত তৈয়াৰ কৰে কিন্তু ওপৰত শিৱবাবাক নেদেখুৱায়। এইটো জানো বুজি পায়
যে ‘গীতা’ৰ ভগৱান হৈছে শিৱ, যাৰ দ্বাৰা এই জ্ঞান আহৰণ কৰি বিষ্ণু হয়। ৰাজযোগ নহয়
জানো। এতিয়া এইটো হৈছে বহুত জন্মৰ অন্তৰ জন্ম, কিমান সহজ বুজনি। কিতাপ আদিতো একোৱে
হাতত নাই। কেৱল এটা বেজ হলেই হ’ল, তাত কেৱল ত্ৰিমূৰ্তিৰ চিত্ৰ থাকিব লাগে। যাৰ
দ্বাৰা বুজাব লাগে যে পিতাই কেনেকৈ ব্ৰহ্মাৰ দ্বাৰা পাঠ পঢ়াই বিষ্ণুৰ সমান কৰি তোলে।
বহুতে ভাবে যে মই ৰাধাৰ নিচিনা হ’ম। কলহতো মাতাসকলেই পায়। তাৰমানে ৰাধাৰ বহুত জন্মৰ
অন্তত তেওঁ কলহ পায়। এইটো ৰহস্যও পিতাইহে বুজাব পাৰে বাকী কোনো মনুষ্য মাত্ৰেই
নাজানে। তোমালোকৰ ওচৰত সেৱাকেন্দ্ৰলৈ কিমান আহে। কোনোবাতো 1 দিন আহে আকৌ 4 দিনলৈ
নাহে। সেয়েহে সুধিব লাগে ইমান দিন আপুনি কি কৰিছিল? পিতাক স্মৰণ কৰিছিলনে? স্বদৰ্শন
চক্ৰ ঘূৰাইছিলনে? যিসকল বহুদিন পাছত আহে তেওঁলোকক লিখিতভাৱেও সুধিব লাগে। বহুত বদলি
হৈ যায় তথাপিও কোনোবা সেৱাকেন্দ্ৰৰতো নিশ্চয় আছে, তেওঁ মন্ত্ৰ পাইছে - পিতাক স্মৰণ
কৰিব লাগে আৰু চক্ৰ ঘূৰাব লাগে। পিতাইতো বহুত সহজ কথা কৈছে। আখৰেই দুটা - মনমনাভৱ,
মোক স্মৰণ কৰা আৰু উত্তৰাধিকাৰক স্মৰণ কৰা, ইয়াত গোটেই চক্ৰ আহি যায়। যেতিয়া
কোনোবাই শৰীৰ ত্যাগ কৰে তেতিয়া কয় - অমুক স্বৰ্গলৈ গ’ল। কিন্তু স্বৰ্গ কি, কোনেও গম
নাপায়। তোমালোকে এতিয়া বুজি পোৱা যে তাততো বাদশ্বাহী আছে। উচ্চৰ পৰা নীচলৈকে, চহকীৰ
পৰা গৰিবলৈকে সকলো সুখী হৈ যায়। এইখন হৈছে দুখী সৃষ্টি, সেইখন হ’ল সুখী সৃষ্টি।
পিতাইতো বৰ ভালকৈ বুজায়। কোনোবা দোকানীয়ে হওঁক বা যিয়েই নহওঁক পঢ়াৰ ক্ষেত্ৰত অজুহাত
দেখুওৱাতো ভাল নালাগে। নাহিলে তেওঁক সুধিব লাগে, আপুনি পিতাক কিমান স্মৰণ কৰে?
স্বদৰ্শন চক্ৰ ঘূৰায়নে? খোৱা-বোৱা কৰক, ফুৰা-চকা কৰক – কোনো বাধা নাই। ইয়াৰ বাবেও
সময় উলিয়াওক। আনৰো কল্যাণ কৰিব লাগে। ধৰি লোৱা কাৰোবাৰ কাপোৰ ধোৱা কৰা কাম আছে,
বহুত লোক আহে। মুছলমান বা পাৰ্চী বা হিন্দু যিয়েই নহওঁক, কোৱা - আপুনি স্থূল কাপোৰ
ধোৱে কিন্তু এয়া আপোনাৰ যি শৰীৰ আছে এইটোতো পুৰণা মলিয়ন বস্ত্ৰ, আত্মাও তমোপ্ৰধান
তাক সতোপ্ৰধান, স্বচ্ছ কৰি তুলিব লাগে। এই গোটেই সৃষ্টিখন তমোপ্ৰধান, পতিত কলিযুগী
পুৰণি। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱাৰো লক্ষ্য আছে নহয়। এতিয়া কৰক বা নকৰক বুজক বা
নুবুজক আপোনাৰ ইচ্ছা। আপুনি আত্মা হয় নহয়। আত্মা নিশ্চয় পৱিত্ৰ হ’ব লাগে। এতিয়াতো
আপুনি আত্মা অপৱিত্ৰ হৈ গৈছে। আত্মা আৰু শৰীৰ দুয়োটা মলিয়ন। সেয়া পৰিস্কাৰ কৰিবৰ
কাৰণে পিতাক স্মৰণ কৰক, পিতাই প্ৰতিশ্ৰুতি দিছে, আপুনি আত্মা একেবাৰে 100% পৱিত্ৰ
সোণ হৈ যাব, তেতিয়া অলংকাৰো সুন্দৰ হ’ব। মানে বা নামানে এয়া আপোনাৰ ইচ্ছা। এয়াও
কিমান সেৱা হ’ল। ডাক্তৰৰ ওচৰলৈ যোৱা, কলেজলৈ যোৱা, ডাঙৰ ডাঙৰ ব্যক্তিসকলৰ ওচৰলৈ গৈ
বুজোৱা যে চৰিত্ৰ বৰ ভাল হ’ব লাগে। ইয়াততো সকলো চৰিত্ৰহীন। পিতাই কয় - নিৰ্বিকাৰী
হ’ব লাগে, নিৰ্বিকাৰী জগত আছিল নহয়। এতিয়া বিকাৰী অৰ্থাৎ চৰিত্ৰহীন। চৰিত্ৰ একেবাৰে
নষ্ট হৈ গৈছে। নিৰ্বিকাৰী নহ’লে শুধৰণি নহ’ব। ইয়াত মনুষ্য হয়েই কাম বিকাৰত আসক্ত।
এতিয়া বিকাৰী সৃষ্টিৰ পৰা নিৰ্বিকাৰী সৃষ্টি একমাত্ৰ পিতাইহে স্থাপনা কৰে। বাকী
পুৰণি সৃষ্টি বিনাশ হৈ যাব। এয়া চক্ৰ হয় নহয়। এই গোলকৰ (সৃষ্টিচক্ৰৰ চিত্ৰৰ) বুজনি
বৰ ভাল। এইখন নিৰ্বিকাৰী সৃষ্টি আছিল, য'ত দেৱী-দেৱতাসকলে ৰাজ্য কৰিছিল। এতিয়া
তেওঁলোক ক'লৈ গ'ল? আত্মাতো বিনাশ নহয়, এটা শৰীৰ এৰি অন্য এটা লয়। দেৱী-দেৱতায়ো 84
জন্ম লয়। এতিয়া তোমালোক বুদ্ধিমান হৈছা। আগতে তোমালোকে একো গম পোৱা নাছিলা। এতিয়া
এই পুৰণি সৃষ্টিখন কিমান লেতেৰা, তোমালোকে অনুভৱ কৰা, বাবাই যি কয় সেয়াতো যথাযথ ঠিক
কথা। তাততো হয়েই পৱিত্ৰ সৃষ্টি। এইখন পৱিত্ৰ সৃষ্টি নোহোৱাৰ কাৰণে নিজৰ ক্ষেত্ৰত
দেৱতাৰ সলনি হিন্দু নাম ৰাখি দিছে। হিন্দুস্তানত থকাসকলে হিন্দু বুলি কৈ দিয়ে,
দেৱতাসকল স্বৰ্গত থাকে। এতিয়া তোমালোকে এই চক্ৰক বুজি গৈছা। যিসকল বিচাৰ বুদ্ধি
সম্পন্ন তেওঁলোকে ভালদৰে বুজি পায় গতিকে পিতাই যেনেকৈ বুজায় তেনেকৈ পুনৰাবৃত্তি
কৰিব লাগে। মুখ্য মুখ্য কথাবোৰ টুকি যোৱা। আকৌ শুনোৱা, পিতাই এইটো এইটো সাৰ কথা
শুনাইছে। কোৱা মইতো ‘গীতা’ৰ জ্ঞান শুনাওঁ। এয়া গীতাৰেই যুগ। 4টা যুগ আছে, এয়াতো
সকলোৱে জানে। এইটো হৈছে অধিযুগ। এই সংগমযুগৰ বিষয়ে কোনেও গম নাপায়, তোমালোকে জানা
এয়া হৈছে পুৰুষোত্তম সংগমযুগ। মনুষ্যই শিৱ জয়ন্তীও উদ্যাপন কৰে কিন্তু তেওঁ কেতিয়া
আহিল, কি কৰিলে সেয়া নাজানে। শিৱ জয়ন্তীৰ পাছত হৈছে কৃষ্ণ জয়ন্তী, তাৰ পাছত ৰাম
জয়ন্তী। জগত অম্বা, জগত পিতাৰ জয়ন্তীতো কোনেও উদ্যাপন নকৰে। সকলো ক্ৰমানুসৰি আহে
নহয়। এতিয়া তোমালোকে এই সকলো জ্ঞান পোৱা। ভাল বাৰু।
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমাৰ পিতা হৈছে পৰম পিতা, পৰম শিক্ষক, পৰম সৎগুৰু - এইটো কথা সকলোকে শুনাব লাগে।
‘অল্ফ’ আৰু ‘বে'ৰ (পিতা আৰু বাদশ্বাহীৰ) পাঠ পঢ়িব লাগে।
(2) জ্ঞান অৰ্থাৎ
সৃষ্টি চক্ৰৰ জ্ঞান ধাৰণ কৰি স্বদৰ্শন চক্ৰধাৰী হ'ব লাগে আৰু বিজ্ঞান অৰ্থাৎ বাণীৰ
সিপাৰে শান্তিলৈ যাব লাগে। 7 দিনৰ পাঠ্যক্ৰমত অংশ লৈ তাৰপাছত য'তেই থাকা এই পঢ়া
পঢ়িব লাগে।
বৰদান:
সেৱাত
মান-সম্ভ্ৰমৰ কেঁচা ফল ত্যাগ কৰি সদায় প্ৰসন্নচিত হৈ থাকোঁতা অভিমান মুক্ত হোৱা
মাৰ্জিত ৰূপৰ ইচ্ছাৰ
স্বৰূপ হৈছে নাম, মান আৰু সম্ভ্ৰম। যিয়ে নামৰ বাবে সেৱা কৰে তেওঁৰ নাম খন্তেকৰ বাবে
প্ৰসিদ্ধ হৈ যায় কিন্তু উচ্চ পদবীৰ ক্ষেত্ৰত নাম পাছৰ ফালে আহি যায় কিয়নো কেঁচা ফল
খালে। বহুত সন্তানে ভাবে সেৱাৰ ফলাফলত মই মান পোৱা উচিত। কিন্তু এয়া মান নহয়
অভিমানহে। য’ত অভিমান আছে ত’ত প্ৰসন্নতা থাকিব নোৱাৰে, সেয়েহে অভিমান মুক্ত হৈ সদায়
প্ৰসন্নতাৰ অনুভৱ কৰা।
স্লোগান:
পৰমাত্ম প্ৰেমৰ সুখদায়ী দোলনাত দুলি থাকা তেতিয়া দুখৰ লহৰ আহিব নোৱাৰে।
পৰোপকাৰৰ ভাৱনাৰে
সম্পন্ন হৈ অপকাৰীৰো উপকাৰ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
বৰ্তমান সময়ত অনেক
আত্মাৰ স্ব-উপকাৰ কৰাৰ ইচ্ছা আছে কিন্তু সাহস আৰু শক্তি নাই। এনেকুৱা নিৰ্বল
আত্মাসকলৰ উপকাৰ কৰোঁতা তোমালোক পৰ-উপকাৰী সন্তান নিমিত্ত হোৱা। গতিকে উপকাৰ সঁচা
অন্তৰেৰে হয়। বিশ্ব ৰাজ্য অধিকাৰী হ’বলৈ হ’লে স্ব-উপকাৰীৰ লগতে পৰ-উপকাৰী হোৱা।