29.07.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – নিজৰ স্বধৰ্মত স্থিৰ হৈ পৰস্পৰ মৰমেৰে ইজনে-সিজনক ওঁম্‌ শান্তি বুলি কোৱা - এয়াও ইজনে-সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়”

প্ৰশ্ন:
ভক্তিতো ভগৱানৰ প্ৰতি ভোগ আগবঢ়ায়, ইয়াত তোমালোক সন্তানসকলেও ভোগ আগবঢ়োৱা – এইটো নিয়ম কিয়?

উত্তৰ:
কিয়নো এয়াও তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। যদিও তোমালোকে জানা যে শিৱবাবা নিৰাকাৰ, অভোক্তা। নাখায় কিন্তু ভাৱনাতো গৈ পায়। সকলোৰে সৎগতি দাতা, পতিত-পাৱন পিতা হয়। গতিকে নিশ্চয় ভোগো তেওঁৰ প্ৰতি আগবঢ়াব লাগে।

গীত:
হমাৰে তীৰ্থ ন্যাৰে হে….. (আমাৰ তীৰ্থ অনন্য…..)

ওঁম্শান্তি।
সন্তানসকলৰ অন্তৰতো উদয় হৈছে ওঁম্‌ শান্তি। যেনেকৈ কাৰোবাক নমস্কাৰ বুলি কোৱা হয়। তেতিয়া তেৱোঁ সঁহাৰি জনাই কয় নমস্কাৰ। ইয়াত পিতাই ক’লে - ওঁম্‌ শান্তি। গতিকে সকলো সন্তানৰ আত্মা সহিত সকলোৰে অন্তৰত উদয় হ’ব ওঁম্‌ শান্তি অৰ্থাৎ মই আত্মা শান্ত স্বৰূপ হওঁ। সঁহাৰিতো জনাব লাগে নহয়। এয়া সঁহাৰি জনোৱা হ’ল নহয়। আন কোনেও অৰ্থ সহিত এনেকৈ ক’ব নোৱাৰে। পিতা জ্ঞান সূৰ্যয়ো কয় - ওঁম্‌ শান্তি। জ্ঞান চন্দ্ৰমায়ো কয় ওঁম্‌ শান্তি। জ্ঞান তৰায়ো কয় ওঁম্‌ শান্তি। তৰাৰ ভিতৰত সকলো আহি গ’ল। এতিয়া তোমালোক সন্তানসকলে নিজৰ স্বধৰ্মৰ বিষয়ে গম পাইছা যে আমি শান্ত স্বৰূপ আৰু শান্তিধামৰ নিবাসী। এইটো তোমালোকৰ নিশ্চয়তা জন্মিছে। ভালদৰে তোমালোকে আত্মাক জানা। যথাযথ কোৱাও হয়, মহান আত্মা, পাপ আত্মা। আত্মাইহে এটা শৰীৰ ত্যাগ কৰি অন্য এটা লয়। কিন্তু আত্মাৰ যথাৰ্থ পৰিচয় কাৰো নাই। আমি আত্মা ইমান সূক্ষ্ম। 84 জন্মৰ ভূমিকা পালন কৰো। এয়া তোমালোকেও গম পোৱা নাছিলা আৰু কোনেও নাজানেও। এতিয়া তোমালোক সন্তানসকল সন্মুখত বহি আছা। পিতাক নিজৰ কৰি লোৱা। সন্তানসকলে পিতাক নিজৰ কৰি লয় উত্তৰাধিকাৰ ল’বলৈ।

তোমালোক সন্তানসকলে জানা আমাৰ অৰ্থাৎ আত্মাসকলৰ বেহদৰ পিতাৰ এই ব্ৰহ্মাৰ শৰীৰত আগমন হৈছে, ব্ৰহ্মাৰ শৰীৰত আহি আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰে। কল্প পূৰ্বেও আদি সনাতন দেৱী-দেৱতা ধৰ্ম অৰ্থাৎ সূৰ্যবংশী ৰাজধানী স্থাপন হৈছিল। এই স্থাপনাৰ কাৰ্য কল্পই কল্পই পিতাইহে কৰে, যাক ভগৱান বুলি কোৱা হয়। ভগৱান পিতাৰ পৰা সকলোৱে বিচাৰে যে দুখ হৰণ কৰা, সুখ দিয়া। যেতিয়া সুখ পাই যায় তেতিয়া বিচৰাৰ প্ৰয়োজন নাথাকে। ইয়াত বিচাৰে কিয়নো দুখ আছে। তাত একোৱে বিচৰাৰ প্ৰয়োজন নাথাকে কিয়নো পিতাই সকলো দি যায় সেইকাৰণে সত্যযুগত কোনেও পিতাক স্মৰণ নকৰে। পিতাই বুজায় যে সন্তানসকলক মই সুখধামৰ মালিক কৰি তোলোঁ। তোমালোক সন্তানসকলে জানা – এই বাবাৰ পৰা আমি পুনৰ সুখধামৰ উত্তৰাধিকাৰ লৈ আছোঁ। বেহদৰ পিতাৰ পৰা বেহদৰ সুখ লয়। তোমালোকক বুজোৱা হয় ভক্তিমাৰ্গ কেনেকৈ চলে। মনুষ্য সৃষ্টি ৰূপী বৃক্ষৰ উৎপত্তি, প্ৰতিপালন আৰু সংহাৰ কেনেকৈ হয় বা ড্ৰামাৰ আদি-মধ্য-অন্ত কি। এয়া হ’ল সাকাৰী সৃষ্টি, সেয়া হ’ল নিৰাকাৰী। সন্তানসকলে বুজিছে যে আমি পূৰা আধাকল্প ভক্তি কৰিছোঁ। এতিয়া কলিযুগৰ অন্ত। উত্তৰাধিকাৰ পোৱা যায় সংগমত। এইটো সন্তানসকলে ভালদৰে বুজিব লাগে। এতিয়া আমি সংগমত আছোঁ, এইটো তোমালোক সন্তানসকলেহে বুজি পোৱা। অন্য কোনেও বুজি নাপাব। যেতিয়ালৈকে পৰিচয় দিয়া নহয়। নিশ্চয় সংগমযুগ আহে, যেতিয়া পুৰণি সৃষ্টি পৰিৱৰ্তন হৈ নতুন হয়। এয়া গোটেইখন পুৰণি সৃষ্টি, ইয়াক লৌহযুগ বুলি কোৱা হয়। এইটোও তোমালোকে জানা – পোন-প্ৰথমে গোটেই সৃষ্টিত এটাই ধৰ্ম থাকে। নতুন সৃষ্টিত কেৱল ভাৰত খণ্ডহে থাকে, জনসংখ্যা কম হয়। নতুন সৃষ্টিকহে স্বৰ্গ বুলি কোৱা হয়। ইয়াৰ পৰা সিদ্ধ হয় যে নতুন সৃষ্টিত নতুন ভাৰত আছিল। এতিয়া পুৰণি সৃষ্টিত পুৰণি ভাৰত। গান্ধীয়েও কৈছিল নতুন সৃষ্টি, নতুন ভাৰত হওক, নতুন দিল্লী হওক। এতিয়া নতুন ভাৰত বা নতুন দিল্লী নাই। নতুন ভাৰতততো এই লক্ষ্মী-নাৰায়ণৰ ৰাজ্য আছিল। এতিয়া সেইখন ভাৰততেই ৰাৱণৰ ৰাজ্য। এইটোও লিখিব লাগে – নতুন সৃষ্টি, নতুন দিল্লী। অমুক সময়ৰ পৰা অমুক সময়লৈ এওঁলোকৰ ৰাজ্য। এইটো বুজাবও সেইজনেহে পাৰে যিজন নতুন সৃষ্টি গঢ়োঁতা হয়। ব্ৰহ্মাৰ দ্বাৰা নতুন সৃষ্টি স্বৰ্গ স্থাপন কৰে, যিখন স্বৰ্গৰ উত্তৰাধিকাৰ ল’বলৈ তোমালোক আহা। পিতাই তোমালোকক যুক্তি শুনায় অথবা পুৰুষাৰ্থ কৰায়। সন্মুখতো সাক্ষাৎ কৰিবলৈ আহা অথবা তাতেই বহি পঢ়া। অন্তৰে বিচাৰে যে সন্মুখত গৈ সাক্ষাৎ কৰোঁ। তেওঁলোকে সন্মুখত মনুষ্যই মনুষ্যক সাক্ষাৎ কৰে। ইয়াত তোমালোকে ক’বা - আমি শিৱবাবাক সাক্ষাৎ কৰিবলৈ যাওঁ। তেতিয়া ক’ব - তেওঁতো নিৰাকাৰ হয় নহয়। আমি আত্মাসকলো নিৰাকাৰ। আমিও ইয়ালৈ ভূমিকা পালন কৰিবলৈ আহোঁ নহয়। যাৰ নাম আছে তেওঁ নিশ্চয় ভূমিকা পালন কৰোঁতাও হ’ব। ভগৱানৰো নাম আছে নহয়। নিৰাকাৰ শিৱকহে ভগৱান বুলি কোৱা হয় আন কাকো ভগৱান বুলি নকয়। কেৱল নিৰাকাৰকহে ভগৱান বুলি গায়ন কৰা হয়। তেওঁৰ পূজা হয়, আত্মাসকলৰো পূজা হয়। ৰুদ্ৰ যজ্ঞ ৰচে নহয়। তেওঁলোকে মাটিৰ শালগ্ৰাম তৈয়াৰ কৰে। পাথৰেৰে সাজা বা মাটিৰে। মাটিৰ হ’লে ভাঙিবলৈ আৰু পুনৰ সাজিবলৈ সহজ। জগতততো কোনেও এই কথাবোৰ নাজানে। ৰুদ্ৰ যজ্ঞত কিমান আত্মাৰ পূজা কৰিব পাৰে। সন্তানতো অনেক আছে। সকলো ভকত ভগৱানৰ সন্তান, পিতাক স্মৰণ কৰে। বাবাই বুজাইছে – শিৱবাবা আহেই ভাৰতত। তোমালোক কিছুসংখ্যক সন্তান যিসকল তেওঁৰ সহায়কাৰী, ভগৱানৰ সহযোগী হোৱা, তেওঁলোকৰ পূজা ভক্ত লোকসকলে শালগ্ৰাম সাজি কৰে, যি যজ্ঞ ৰচনা কৰে তাত সৰু যজ্ঞও থাকে, ডাঙৰো থাকে। ডাঙৰ চহকী লোকে ডাঙৰ যজ্ঞ ৰচনা কৰে। লাখ লাখ (শালগ্ৰাম) সাজে। সৰু যজ্ঞ হ’লেতো 5-10 হাজাৰ সাজিব। যেনেকুৱা চহকী ব্যক্তি তেনেকুৱা যজ্ঞ আৰু সিমান শালগ্ৰাম সাজে। এক শিৱ বাকী শালগ্ৰাম সাজে আকৌ সিমান ব্ৰাহ্মণো লাগে। বহুতে নিশ্চয় যজ্ঞ দেখিছে। তোমালোকে জানা যে বাবাই আমাৰ সন্তানসকলৰ সেৱা কৰে, আমি আকৌ অন্যৰ সেৱা কৰোঁ সেইকাৰণে পূজা হয়। তোমালোক এতিয়া পূজ্য হোৱা। আত্মাই কয় - বাবা আপুনিতো সৰ্বদা পূজ্য। আমাকো পূজ্য কৰি আছে। তোমালোক পূজ্য আত্মাই শৰীৰ ধাৰণ কৰিলে কোৱা হ’ব - পূজ্য দেৱী-দেৱতা। আত্মাহে পূজ্য অথবা পূজাৰী হয়। পিতা আহেও এবাৰেই। পুনৰ কেতিয়াবা পিতাই আত্মাসকলক পঢ়াব – এয়া নহয়েই। আত্মাইহে শুনে। যেনেকৈ আত্মাই শৰীৰৰ দ্বাৰা শুনে তেনেকৈ পৰমপিতা পৰমাত্মা, সৰ্বশ্ৰেষ্ঠ আত্মায়ো শৰীৰৰ আধাৰ লৈ এওঁৰ দ্বাৰা শুনে। এওঁৰ দ্বাৰা তোমালোকক ৰাজযোগ শিকায়। তেওঁৰ নিজৰ শৰীৰতো নাই। ব্ৰহ্মা, বিষ্ণু, শংকৰৰো নিজৰ সূক্ষ্ম শৰীৰ আছে। ইয়াতো সকলোৰে নিজৰ নিজৰ শৰীৰ আছে। এইখন হয়েই সাকাৰী জগত। শিৱবাবা হৈছে নিৰাকাৰ। তেওঁ জ্ঞানৰ সাগৰ, সুখৰ সাগৰ, প্ৰেমৰো সাগৰ হয়। তেওঁ আহি সকলোকে পতিতৰ পৰা পাৱন কৰি তোলে। ইয়াত প্ৰেৰণাৰ কোনো কথা নাই। মই যদি প্ৰেৰণাৰে পাৱন কৰি তুলিব লাগে তেন্তে ইয়ালৈ আহি ৰথ লোৱাৰ কি দৰকাৰ। শিৱৰ মন্দিৰৰ আগত বলধ ৰাখে। মনুষ্যৰ বুদ্ধি একেবাৰে পাথৰবুদ্ধিৰ হোৱাৰ কাৰণে একোৱেই বুজি নাপায়। বলধ শিৱৰ আগত কিয় ৰাখিছে? গোশালা নাম শুনিছে সেয়েহে বলধ ৰাখি দিয়ে। এতিয়া বলধৰ ওপৰত কোনে আৰোহন কৰিলে! শ্ৰীকৃষ্ণৰ আত্মাতো সত্যযুগত থাকে। তেওঁৰ কি দৰকাৰ পৰিল যে জন্তুৰ ওপৰত আহি বহিব। একোৱেই বুজি নাপায়। দ্ৰৌপদী জানো এগৰাকী আছিল। অনেক আছে যিয়ে কাতৰে মিনতি কৰে। তেওঁলোকেতো এখন নাটক ৰচনা কৰি দিছে যে শ্ৰীকৃষ্ণই শাৰী দি গৈ থাকে, অৰ্থ একো নুবুজে। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে তোমালোক 21 জন্মৰ কাৰণে নগ্ন হ’ব নালাগে। ক’ৰ কথা ক’ত লৈ গৈছে। ভক্তিমাৰ্গৰ অনেক কাহিনী আছে। এনেকৈ কয় যে এই কথা আদি সকলোবোৰ অনাদি। পুনৰ্জন্ম লৈ শুনি আহিছে। অনাদিও কেতিয়াৰ পৰা আৰম্ভ হ’ল, একো নাজানে। এয়াও নাজানে যে ৰাৱণৰাজ্য কেতিয়াৰ পৰা আৰম্ভ হয়। তাৰ কোনো বৰ্ণনা নাই। তোমালোকে কিমান সেৱা কৰা। সেই সূৰ্য, চন্দ্ৰ, তৰা আদিতো আছেই। সত্যযুগতো আছিল এতিয়াও আছে। তাৰ অদল-বদল নহয়। তোমালোক এতিয়া নিমিত্ত হৈছা। ভাৰতকেই পুনৰাই অন্ধকাৰৰ পৰা উলিয়াই আলোকত আনে। ভক্তিমাৰ্গক অন্ধকাৰ বুলি কোৱা হয়। তোমালোকৰ মহিমা আছে, তোমালোক হৈছা ধৰণিৰ তৰা। তৰা আছে যেতিয়া চন্দ্ৰ, সূৰ্যও থকা উচিত।

এয়া হৈছে তোমালোকৰ আত্মিক তীৰ্থ। তোমালোকে এনেকুৱা যাত্ৰাত যোৱা য’ৰ পৰা পুনৰ মৃত্যুলোকলৈ আহিবলগীয়া নহয়। এতিয়া এয়া মৃত্যুলোক আকৌ ইয়াতেই অমৰলোক হ’ব। দ্বাপৰ পৰা মৃত্যুলোক আৰম্ভ হয়। এতিয়া তোমালোকে সঁচা সঁচা অমৰকথা শুনি আছা – অমৰলোকলৈ যাবৰ কাৰণে। তোমালোকে বুজি পোৱা যে আমাৰ অৰ্থাৎ আত্মাসকলৰ যাত্ৰা হৈছে অনন্য। তোমালোকে ইয়াত বহি যাত্ৰাত যোৱাৰ পুৰুষাৰ্থ কৰা। স্মৃতিৰেই তোমালোকৰ বিকৰ্ম বিনাশ হ’ব। তেওঁলোক যাত্ৰাত যায়, বিকৰ্ম বিনাশ ক’ত হয়! মনুষ্যৰ মদ্যপানৰ ইমান অভ্যাস হৈ গৈছে যে লুকুৱাই নিশ্চয় লৈ যায়। আজিকালিতো যাত্ৰাত বহুত অসৎ লোকো যায়। হওঁতে সকলো পতিত হয় নহয়। যেনেকৈ ব্ৰাহ্মণ পতিত তেনেকৈ যাত্ৰীও পতিত। পাণ্ডাসকলে যাত্ৰা কৰায়, পাৱন জানো হয়। তোমালোকতো পৱিত্ৰ হৈ থাকা। সঁচা ব্ৰাহ্মণ তোমালোক হোৱা। তোমালোক আত্মা পৱিত্ৰ হৈ থাকা। স্মৃতিৰ যাত্ৰাৰেই তোমালোক পৱিত্ৰ হোৱা। সতোপ্ৰধান হ’ব লাগে। বাবাই বাৰে বাৰে লিখে – “মৰমৰ সন্তানসকল”। এয়া শিৱবাবাই আত্মাসকলৰ প্ৰতি লিখিলে। মোক স্মৰণ কৰিলে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ সতোপ্ৰধান জগতৰ মালিক হৈ যাবা। বচ্‌ এটাই নিৰ্দেশনা হৈছে মুখ্য। কিমান সহজ। স্মৃতিৰেহে বিকৰ্ম বিনাশ হ’ব। স্মৰণ নকৰিলেতো বিকৰ্ম বিনাশ নহ’ব তেতিয়া শাস্তি খাবা। বাবাইতো কয় - তোমালোক য’লৈকে নোযোৱা, উপাৰ্জন কৰিব পাৰা। উঠা, বহা, খোৱা কেৱল পিতাক স্মৰণ কৰা। তোমালোকৰ উপাৰ্জন হয়। সন্তানসকলৰ কাৰণেতো আৰুহে সহজ। এই ক্ষেত্ৰত কোনো মনোযোগ আদিৰ কথা নাই। শ্ৰীনাথৰ মন্দিৰত শ্ৰীনাথৰ স্মৃতিত বহে। ভোগ আগবঢ়োৱা হয়। হওতেতো পাথৰৰ মূৰ্তি নহয় জানো। ভোগো কাক আগবঢ়াব লাগে? অধিকাৰীতো এজনেই শিৱবাবা। সকলোৰে সৎগতি দাতা পতিত পাৱন তেওঁ হয়। পিতাই কয় - মই স্বীকাৰেই নকৰোঁ। তোমালোকে মোৰ প্ৰতি গাখীৰো পানী মিহলোৱা অৰ্পণ কৰা, এয়া ভোগ আগবঢ়োৱা, কিয়? মইতো নিৰাকাৰ অভোক্তা! মোৰ কি পূজা কৰা। মোৰ সন্মুখত ভোগ ৰাখিবা কিন্তু ভক্তসকলে ভোগ আগবঢ়ালে, তেওঁলোকেই বিলাই খালে। তোমালোকে জানা যে শিৱবাবাৰ প্ৰতিতো নিশ্চয় ভোগ আগবঢ়াব লাগে। তাৰপাছত তোমালোকে বিলাই খোৱা। এয়া যেন কাৰোবাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা। আমি শিৱবাবাৰ প্ৰতি ভোগ আগবঢ়াওঁ। শিৱবাবাৰ ভাণ্ডাৰ নহয় জানো। যাৰ ভাণ্ডাৰ তেওঁৰ প্ৰতি নিশ্চয় ভোগ আগবঢ়াব লাগে। যদিও তোমালোকে ভোগ আগবঢ়োৱা, খোৱাও তোমালোক সন্তানসকলেই। এই ব্ৰহ্মাই খায়, মই নাখাওঁ। বাকী ভাৱনাতো আহিব নহয়। বহুত ভাল ভোগ তৈয়াৰ কৰিছে। ক’বলৈ ইন্দ্ৰিয়তো আছে নহয়। এই ব্ৰহ্মাই খাব পাৰে। এইটো শৰীৰ এওঁৰ হয় নহয়। মই কেৱল আহি এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। মুখহে কেৱল কামত খটুৱাওঁ - তোমালোক সন্তানসকলক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ। গোমুখ বুলিও কয় নহয়। যথাযথ গৰুও হয়। তোমালোকে জানা এওঁৰ দ্বাৰাই তোমালোক সন্তানসকলক তুলি লয়। এওঁ মাতা-পিতা দুয়োগৰাকীয়ে হয়। কিন্তু মাতাসকলক চম্ভালিব কোনে! সেয়েহে সৰস্বতীক নিমিত্ত হিচাপে ৰাখিছে – ড্ৰামাৰ পৰিকল্পনা অনুসৰি। মাতা গুৰুৰ মহিমাও হোৱা উচিত নহয় জানো। প্ৰথম নম্বৰত গুৰু হিচাপেতো এওঁ প্ৰসিদ্ধ হয়। গুৰু ব্ৰহ্মা ঠিক আছে। যেনেকুৱা পিতা তেনেকুৱা সন্তান। তোমালোক ব্ৰাহ্মণসকলো সঁচা গুৰু হোৱা। সকলোকে স্বৰ্গৰ সঁচা ৰাস্তা দেখুওৱা। আত্মাইহে মুখেৰে মাৰ্গ-দৰ্শন কৰায় যে ‘মনমনাভৱ’, ‘মধ্যাজী ভৱ’। পিতা, মা সন্তান সকলোৱে সেইটো মাৰ্গেই দেখুৱায়। ইয়াত তোমালোক সন্মুখত বহি আছা, স্মৃতি থাকে। আকৌ ঘৰলৈ গ’লে তেতিয়া বহুত সন্তানে পাহৰি যায়। ইয়াত আনন্দিত হোৱা, বাবাৰ ওচৰলৈ আহিছোঁ। বাবাই কয় - স্বদর্শন চক্ৰধাৰী হৈ এইটো যুক্তি শুনোৱা যে মুক্তিধাম, পিতাক আৰু উত্তৰাধিকাৰক স্মৰণ কৰা। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পৰস্পৰ ইজনে-সিজনক আৰু পিতাক যথাৰ্থ সন্মান প্ৰদৰ্শন কৰিব লাগে। পিতা যদিও অভোক্তা কিন্তু যাৰ ভাণ্ডাৰৰ পৰা প্ৰতিপালন হয় তেওঁক প্ৰথমে স্বীকাৰ নিশ্চয় কৰাব লাগে।

(2) পূজনীয় হ’বৰ কাৰণে পৰমাত্মাৰ সহায়কাৰী হ'ব লাগে। পিতাৰ সৈতে সেৱাত সহায়কাৰী হ'ব লাগে। যেতিয়া আত্মা আৰু শৰীৰ দুয়োটা পাৱন হ'ব তেতিয়া পূজা হ'ব।

বৰদান:
নিজৰ প্ৰতি আৰু সকলো আত্মাৰ প্ৰতি ন্যায়নিষ্ঠ হওতা, আইন প্ৰণেতা তথা নতুন বিশ্বৰ নিৰ্মাতা হোৱা

যিসকল নিজৰ প্ৰতি ন্যায়নিষ্ঠ হয়, তেওঁলোকহে আনৰ প্ৰতিও ন্যায়নিষ্ঠ হ’ব পাৰে। যিয়ে নিজে আইন ভংগ কৰে, তেওঁ আনৰ ওপৰত আইন চলাব নোৱাৰে। সেইবাবে নিজে নিজক চোৱা যে ৰাতিপুৱাৰ পৰা নিশালৈকে মনৰ সংকল্পত, বাণীত, কৰ্মত, সম্পৰ্কত অথবা ইজনে সিজনক সহযোগ দিয়াত বা সেৱাৰ ক্ষেত্ৰত ক’ৰবাত আইন ভংগতো নহয়! যিসকল আইন প্ৰণেতা, তেওঁলোক কেতিয়াও আইন ভংগকাৰী হ’ব নোৱাৰে। যিসকল এই সময়ত আইন প্ৰণেতা হয়, তেওঁলোকেই শান্তি প্ৰণেতা আৰু নতুন বিশ্বৰ নিৰ্মাতা হৈ যায়।

স্লোগান:
কৰ্ম কৰি কৰ্মৰ ভাল বা বেয়া প্ৰভাৱত নহা মনেই কৰ্মাতীত হোৱা।


অব্যক্ত ইংগিত: জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা

জ্বালা স্বৰূপ স্থিতিৰ বাবে মন আৰু বুদ্ধি দুয়োটাকে এটা হৈছে শক্তিশালী ব্ৰেক আৰু দ্বিতীয়তে পৰিচালনা কৰাৰ শক্তিৰ প্ৰয়োজন। ইয়াৰ দ্বাৰা বুদ্ধিৰ শক্তি বা কোনো ধৰণৰ শক্তি অপচয় নহৈ জমা হৈ গৈ থাকিব। যিমানে জমা হ’ব, সিমানে অনুধাৱন কৰা আৰু নিৰ্ণয় লোৱাৰ শক্তি বৃদ্ধি পাব। ইয়াৰ বাবে এতিয়া সংকল্পৰ বিছনা বন্ধ কৰি চলা অৰ্থাৎ সামৰি লোৱাৰ শক্তি ধাৰণ কৰা।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]