29.09.24    Avyakt Bapdada     Assame Murli     03.02.2002     Om Shanti     Madhuban


“*“লক্ষ্য আৰু লক্ষণ সমান কৰা, সৰ্ব সম্পদেৰে সম্পন্ন হোৱা”*”


আজি সৰ্ব সম্পদৰ মালিকে নিজৰ সম্পদেৰে সম্পন্ন সন্তানসকলক চাই আছেহঁক। প্ৰতিগৰাকী সন্তান সৰ্ব সম্পদেৰে সম্পন্ন। যিসকল সম্পন্ন হয় তেওঁলোকৰ চিন সদায় প্ৰাপ্তি স্বৰূপ, তৃপ্ত আত্মাৰ ৰূপত দেখিবলৈ পোৱা যাব। সদায় আনন্দিত দেখা যাব কিয়নো ভৰপূৰ হয়। গতিকে প্ৰত্যেকেই নিজক সোধা যে মোৰ ওচৰত কিমান সম্পদ জমা আছে? এই অবিনাশী সম্পদ এতিয়াও প্ৰাপ্ত হৈছে আৰু ভৱিষ্যতেও অনেক জন্ম লগত থাকিব। এই সম্পদ শেষ নহয়। সকলোতকৈ প্ৰথম সম্পদ – জ্ঞানৰ সম্পদ, যি জ্ঞানৰ সম্পদেৰে এই সময়তো তোমালোক সকলোৱে মুক্তি আৰু জীৱনমুক্তিৰ অনুভৱ কৰি আছা। জীৱনত থাকি, পুৰণি জগতত থাকি, তমোগুণী বায়ুমণ্ডলত থাকি জ্ঞানৰ সম্পদৰ আধাৰত এই সকলো বায়ুমণ্ডল, প্ৰকম্পনৰ পৰা উপৰাম, মুক্ত হোৱা, পদুম ফুলৰ সমান উপৰাম মুক্ত আত্মাসকল দুখৰ পৰা, চিন্তাৰ পৰা, অশান্তিৰ পৰা মুক্ত হয়। জীৱনত থাকি বেয়া বন্ধনৰ পৰা মুক্ত হোৱা। ব্যৰ্থ সংকল্পৰ ধুমুহাৰ পৰা মুক্ত হোৱা। মুক্ত হোৱানে? সকলোৱে হাত লৰাই আছে।

গতিকে মুক্তি আৰু জীৱনমুক্তি হৈছে এই জ্ঞান ৰূপী সম্পদৰ ফল, প্ৰাপ্তি। ব্যৰ্থ সংকল্প উদয় হোৱাৰ প্ৰচেষ্টা চলিলেও, নাকাৰাত্মক সংকল্প উদয় হ’লেও জ্ঞান অৰ্থাৎ বোধ আছে যে ব্যৰ্থ বা নাকাৰাত্মক সংকল্পৰ কাম হৈছে অহা আৰু তোমালোক জ্ঞান স্বৰূপ আত্মাসকলৰ কাম হৈছে ইয়াৰ পৰা মুক্ত, উপৰাম আৰু পিতাৰ স্নেহী হৈ থকা। সেয়েহে পৰীক্ষা কৰা – জ্ঞান ৰূপী সম্পদ প্ৰাপ্ত হৈছেনে? ভৰপূৰ হৈছানে? সম্পন্ন হৈছানে নে অভাৱ আছে? যদি অভাৱ আছে তেন্তে সেয়া জমা কৰা খালী হৈ নাথাকিবা।

তেনেকৈয়ে যোগ ৰূপী সম্পদ – যাৰ দ্বাৰা সৰ্ব শক্তিৰ প্ৰাপ্তি হয়। গতিকে নিজক চোৱা যোগ ৰূপী সম্পদৰ দ্বাৰা সকলো শক্তি জমা হৈছেনে? সকলো শক্তি? এটাও শক্তি যদি কম হয় তেন্তে সময়ত প্ৰতাৰণা কৰি দিব। তোমালোক সকলোৰে উপাধি – মাষ্টৰ সৰ্বশক্তিমান, শক্তিমান নহয়, সৰ্বশক্তিমান। গতিকে সৰ্বশক্তিৰ সম্পদ যোগবলৰ দ্বাৰা জমা হৈছেনে? ভৰপূৰ হোৱা নে প্ৰাপ্তি স্বৰূপ নে কম? কিয়? এতিয়া নিজৰ দুৰ্বলতা পূৰা কৰিব পাৰা। এতিয়া সুযোগ আছে। পাছত সম্পন্ন কৰাৰ সময় সমাপ্ত হৈ যাব তেতিয়া দুৰ্বলতা থাকি যাব। পৰীক্ষা কৰা – প্ৰতিটো শক্তি সন্মুখত আনা আৰু গোটেই দিনটোৰ দিনচৰ্যা পৰীক্ষা কৰা – যদি শতাংশ হিচাপতো কম হয় তেতিয়া সম্পূৰ্ণ উত্তীৰ্ণ বুলি কোৱা নহ’ব কিয়নো তোমালোক সকলোৰে লক্ষ্য হ’ল, যি কোনো সন্তানক সোধে যে সম্পূৰ্ণ উত্তীৰ্ণ হ’ব লাগে নে আধা উত্তীৰ্ণ? তেতিয়া সকলোৱে কয় মইতো সূৰ্যবংশী হ’ম, চন্দ্ৰবংশী নহওঁ। চন্দ্ৰবংশী হ’বানে? বাপদাদাই বহুত ভাল সিংহাসন দিব, হ’বানে চন্দ্ৰবংশী? ভাৰতবাসী সূৰ্যবংশী হৈ যাব, বিদেশীসকল চন্দ্ৰবংশী হৈ যাব, হ’বানে? নোহোৱা? সূৰ্যবংশী হ’ব লাগে? হ’বই লাগে। এয়াতো বাপদাদাই বাৰ্তালাপ কৰি আছে। যিহেতু সূৰ্যবংশী হ’বই লাগে, দৃঢ় নিশ্চয়তা আছে, পিতাৰ সৈতে আৰু নিজৰ সৈতে প্ৰতিজ্ঞা কৰি ল’লা তেন্তে এতিয়াৰ পৰা কোনোটো শক্তিৰে শতাংশ যাতে কম নহয়। যদি কোৱা যে পৰিস্থিতি অনুসৰি, সমস্যা অনুসৰি শতাংশ কম হৈ থাকি গ’ল তেন্তে 14 কলা হৈ যাবা সেইবাবে আজিকালি বাপদাদাই চাৰিওফালৰ সকলো সন্তানৰ খতিয়ান, ‘ৰেজিষ্টাৰ’ পৰীক্ষা কৰি আছে। বাপদাদাৰ ওচৰতো প্ৰত্যেকৰে ‘ৰেজিষ্টাৰ’ আছে কিয়নো সময় অনুসৰি আগতেই বাপদাদাই সন্তানসকলক শুনাই আছে যে সময়ৰ গতি অনুসৰি এতিয়া ‘কেতিয়াবা’ বুলি নক’বা, ‘এতিয়াই’। কেতিয়াবা হৈ যাব, কৰি ল’ম… হ’বতো লাগিবই… এনেকৈ নাভাবিবা। “হ’বতো লাগে” এনেকুৱা নহয়, এতিয়া কৰিবই লাগে। সময়ৰ গতি তীব্ৰ হৈ গৈ আছে সেইবাবে পিতাৰ সমান হোৱাৰ, সম্পূৰ্ণ উত্তীৰ্ণ হোৱাৰ, 16 কলা সম্পন্ন হোৱাৰ যি লক্ষ্য ৰাখিছা, গতিকে বাপদাদায়ো এইটোৱে বিচাৰে যে লক্ষ্য আৰু বাস্তৱিক লক্ষণ সমান হওঁক। যেতিয়া লক্ষ্য আৰু লক্ষণ দুয়োটা সমান হ’ব তেতিয়াহে পিতাৰ সমান সহজে হৈ যাবা। গতিকে পৰীক্ষা কৰা – হৈ যাব, হৈয়েই যাম… এনেকৈ কোৱাটো হৈছে অমনোযোগিতা। যি কৰিব লাগে, যি হ’ব লাগে, যি লক্ষ্য আছে, সেয়া এতিয়াৰ পৰাই কৰিব লাগে, হ’ব লাগে। ‘কেতিয়াবা’ শব্দটি নক’বা, ‘এতিয়াই’।

গতিকে জ্ঞান ৰূপী সম্পদ, যোগ ৰূপী সম্পদ আৰু হৈছে ধাৰণাবোৰৰ সম্পদ। যাৰ দ্বাৰা (ধাৰণাবোৰৰ দ্বাৰা) গুণ ৰূপী সম্পদ জমা হৈ যায়। গুণৰ ভিতৰতো যেনেকৈ সৰ্বশক্তি আছে, তেনেকৈ সৰ্বগুণ, কেৱল গুণ নহয়, সৰ্বগুণ। গতিকে সৰ্বগুণ আছেনে নে এনেকৈ ভাবা যে এটা-দুটা গুণ কম হ’ল, তাতে কি হ’ল, তেনেকৈ চলিবনে? নচলে। তেন্তে সৰ্ব গুণৰ সম্পদ জমা আছেনে? কোনটো গুণৰ অভাৱ আছে সেয়া পৰীক্ষা কৰি ভৰপূৰ হৈ যোৱা।

চতুৰ্থ কথাটি হ’ল - সেৱা। সেৱাৰ দ্বাৰা সকলোৰে অনুভৱ আছে, যেতিয়াই মনৰ সেৱা বা বাণী দ্বাৰা বা কৰ্ম দ্বাৰাও সেৱা কৰা তেতিয়া তাৰ প্ৰাপ্তি আত্মিক আনন্দ পোৱা যায়। সেয়েহে পৰীক্ষা কৰা সেৱাৰ দ্বাৰা আনন্দৰ অনুভূতি কিমানলৈকে কৰিছা? যদি সেৱা কৰিছা আৰু আনন্দিত হোৱা নাই, তেন্তে সেই সেৱা যথাৰ্থ সেৱা নহয়। সেৱাত কিবা নহয় কিবা অভাৱ আছে, সেইকাৰণে আনন্দিত নহয়। সেৱাৰ অৰ্থ হৈছে আত্মাই নিজক আনন্দময়, প্রস্ফুটিত আত্মিক গোলাপ আনন্দৰ দোলনাত দুলি থাকোঁতা অনুভৱ কৰিব। গতিকে পৰীক্ষা কৰা – গোটেই দিন সেৱা কৰিলা কিন্তু গোটেই দিনটোৰ সেৱাৰ তুলনাত ইমান আনন্দিত হ’লানে নে চিন্তা-ভাৱনাই চলি থাকিল, এইটো নহয় এইটো, এইটো নহয় এইটো…? আৰু তোমালোকৰ আনন্দৰ প্ৰভাৱ এফালেতো সেৱা স্থানত, দ্বিতীয়তে সেৱাৰ সঙ্গীসকলৰ ওপৰত, তৃতীয়তে যিসকল আত্মাৰ সেৱা কৰিলা সেই আত্মাসকলৰ ওপৰত পৰে, বায়ুমণ্ডলো আনন্দমুখৰ হৈ যাওঁক। এয়া হ’ল সেৱাৰ আনন্দ ৰূপী সম্পদ।

আন এটা কথা – চাৰিটা বিষয়তো আহিয়ে গ’ল। আৰু হ’ল সম্বন্ধ-সম্পৰ্ক, সেয়াও বহুত জৰুৰী, কিয়? বহুত সন্তানে ভাবে বাপদাদাৰ সৈতেতো সম্বন্ধ আছে। পৰিয়ালৰ সৈতে থাকক বা নাথাকক, কি কথা আছে, (কি আপত্তি) বীজৰ সৈতেতো আছেই। কিন্তু তোমালোকে বিশ্বত ৰাজ্য কৰিব লাগে নহয়! গতিকে ৰাজ্যত সম্বন্ধ-সম্পৰ্কত আহিবই লাগিব। সেইবাবে সম্বন্ধ-সম্পৰ্কত আহিবই লাগিব কিন্তু সম্বন্ধ-সম্পৰ্কত যথাৰ্থ সম্পদ পোৱা যায় আশীৰ্বাদৰ। সম্বন্ধ-সম্পৰ্ক অবিহনে তোমালোকৰ আশীৰ্বাদৰ সম্পদ জমা নহ’ব। মাতা-পিতাৰ আশীৰ্বাদতো আছে, কিন্তু সম্বন্ধ-সম্পৰ্কতো আশীৰ্বাদ ল’ব লাগে। যদি আশীৰ্বাদ পোৱা নাই, অনুভৱ হোৱা নাই তেন্তে বুজিবা সম্বন্ধ-সম্পৰ্কত কিবা অভাৱ আছে। সম্বন্ধ-সম্পৰ্ক যদি যথাৰ্থ ৰীতিৰে আছে তেন্তে আশীৰ্বাদৰ অনুভূতি হোৱা উচিত। আৰু আশীৰ্বাদৰ কি অনুভূতি হ’ব? অনুভৱীতো হোৱা নহয়! যদি সেৱাৰ দ্বাৰা আশীৰ্বাদ পোৱা যায় তেন্তে আশীৰ্বাদ পোৱাৰ অনুভৱ এইটোৱে হ’ব যে নিজেও সম্বন্ধত আহি, কাৰ্য কৰি “ডবল লাইট” (পাতল) হ’ব, বোজা অনুভৱ নকৰিব আৰু যাৰ সেৱা কৰিলে, সম্বন্ধ-সম্পৰ্কত আহিল তেওঁলোকেও “ডবল লাইট” অনুভৱ কৰিব। অনুভৱ কৰিব যে এওঁ সম্বন্ধত সদায় পাতল অৰ্থাৎ সহজ, ভাৰী হৈ নাথাকিব। সম্বন্ধত আহোঁ, নাহোঁ… কিন্তু আশীৰ্বাদ পোৱাৰ কাৰণ দুয়োফালে নিয়ম অনুসৰি, ইমান সহজো নহয় – যেনেকৈ কথিত আছে, বেছি মিঠা হ’লে পৰুৱা বহুত আহে। সেয়েহে ইমান সহজো নহয়, “ডবল লাইট” হৈ থাকিব। গতিকে বাপদাদাই কয় – নিজৰ সম্পদ পৰীক্ষা কৰা। সময় দি আছে। এতিয়া সমাপ্তিৰ ফলক লগা নাই। সেইবাবে পৰীক্ষা কৰা আৰু বৃদ্ধি কৰি গৈ থাকা।

বাপদাদাৰ সন্তানসকলৰ প্ৰতি স্নেহ আছে নহয়! গতিকে বাপদাদাই ভাবে কোনো সন্তান যাতে পিছ পৰি নাথাকে। প্ৰতিগৰাকী সন্তান আগবাঢ়ি যাওঁক। আগবাঢ়ি গৈ থাকোঁতে দেহ-অভিমান আহি যায়। স্বমান আৰু দেহ-অভিমান। দেহ-অভিমানৰ কাৰণেই স্বমানত কম হৈ যায়। সেয়েহে দেহ-অভিমান নাইকিয়া কৰাৰ বহুত সহজ সাধন হ’ল – দেহ-অভিমানত অহাৰ এটাই শব্দ, সেইটো জানাও। দেহ-অভিমানৰ এটা শব্দ কোনটো? (মই) বাৰু, তেন্তে কিমান বাৰ “মই মই” বুলি কোৱা? গোটেই দিনটোত কিমান বাৰ ‘মই’ বুলি কোৱা, কেতিয়াবা টুকি ৰাখিছানে? বাৰু এদিন টুকি ৰাখিবা। বাৰে বাৰে ‘মই’ শব্দটিতো আহেই। কিন্তু মই কোন? প্ৰথম পাঠটি হ’ল, মই কোন? যেতিয়া দেহ-অভিমানত ‘মই’ বুলি কোৱা, কিন্তু বাস্তৱত ‘মই’ কোন? আত্মা নে দেহ? আত্মাই দেহ ধাৰণ কৰিছে নে দেহে আত্মা ধাৰণ কৰিছে? কি হ’ল? আত্মাই দেহ ধাৰণ কৰিছে। ঠিক আছে নহয়? তেনেহ’লে আত্মাই দেহ ধাৰণ কৰিলে, তেন্তে মই কোন? আত্মা নহয় জানো! গতিকে সহজ সাধন হ’ল, যেতিয়াই ‘মই’ শব্দটি কোৱা, তেতিয়া এইটো স্মৃতিত আনিবা যে মই কেনেকুৱা আত্মা? আত্মা নিৰাকাৰ, দেহ সাকাৰ। নিৰাকাৰ আত্মাই সাকাৰ দেহ ধাৰণ কৰিলে, গতিকে যিমান বাৰ “মই মই” বুলি কোৱা, সিমান সময় এইটো স্মৃতিত ৰাখিবা যে মই নিৰাকাৰ আত্মা সাকাৰত প্ৰৱেশ কৰিছোঁ। যেতিয়া নিৰাকাৰ স্থিতি স্মৃতিত থাকিব তেতিয়া নিৰহংকাৰী স্বতঃ হৈ যাবা। দেহ-বোধ শেষ হৈ যাব। সেয়াই প্ৰথম পাঠ মই কোন? এইটো স্মৃতিত ৰাখা যে মই কেনেকুৱা আত্মা, আত্মা স্মৃতিত আহিলে নিৰাকাৰী স্থিতি দৃঢ় হৈ যাব। য’ত নিৰাকাৰী স্থিতি থাকিব ত’ত নিৰহংকাৰী, নিৰ্বিকাৰী হৈয়েই যাব। গতিকে কাইলৈৰ পৰা টুকি ৰাখিবা – যেতিয়াই ‘মই’ বুলি কোৱা তেতিয়া কি স্মৃতিত আহে? আৰু যিমান বাৰ ‘মই’ শব্দটি ব্যৱহাৰ কৰা সিমান বাৰ নিৰাকাৰী, নিৰহংকাৰী, নিৰ্বিকাৰী স্বতঃ হৈ যাবা। বাৰু।

আজি যুৱা দল আহিছে। যুৱা বহুত আছে। বাপদাদাই যুৱা দলক বৰদান দিয়ে যে সদায় সমৃদ্ধ হৈ থাকা। এটাও সম্পদ নষ্ট নকৰিবা, সমৃদ্ধ হৈ থাকিবা, সমৃদ্ধি কৰিবা। লৌকিক গুৰুসকলে আশীৰ্বাদ দিয়ে আয়ুস্মান ভৱ আৰু বাপদাদাই কয় শৰীৰৰ আয়ুসতো যিমান আছে সিমানে থাকিব সেইবাবে শৰীৰৰ আয়ুসৰ হিচাপত আয়ুস্মান ভৱৰ বৰদান নিদিয়ে কিন্তু এই ব্ৰাহ্মণ জীৱনত সদায় আয়ুস্মান ভৱ। কিয়? ব্ৰাহ্মণেই দেৱতা হ’বগৈ। গতিকে আয়ুস্মানতো (দীৰ্ঘায়ুতো) হ’বই নহয়! যুৱাসকলৰ এটা বিশেষত্ব থাকে। তোমালোক যুৱাসকলে নিজৰ বিশেষত্বক জানানে? কি বিশেষত্ব থাকে, জানানে? তোমালোকৰ কি বিশেষত্ব? (যি বিচাৰে সেয়া কৰিব পাৰে) বাৰু – কৰিব পাৰানে? ভাল কথা, জগতৰ হিচাপত কয়, যুৱাসকল বহুত জেদী হয়, যি ভাবিব সেয়া কৰিব, কৰি দেখুৱাব। সেই লোকসকলে ওলোটাকৈ কয় কিন্তু ইয়াত ব্ৰাহ্মণ যুৱাসকল জেদী নহয়, নিজৰ প্ৰতিজ্ঞাত দৃঢ় হৈ থাকোঁতা। পিছ হোঁহকা বিধৰ নহয়। এনেকুৱা যুৱা হোৱানে? হাত দঙাতো বহুত সহজ। হাত দাঙিলে বাপদাদা আনন্দিত হয়, এয়াও সাহস কৰা নহয়। কিন্তু নিতৌ অমৃতবেলা পিতাৰ আগত কৰা প্ৰতিজ্ঞা, যে মই এই ব্ৰাহ্মণ জীৱনৰ প্ৰাপ্তিৰ পৰা, সেৱাৰ পৰা কেতিয়াও সংকল্পতো পিছ হোঁহকি নাহোঁ। এই সাহসক, প্ৰতিজ্ঞাক নিতৌ আওৰাই থাকা আৰু বাৰে বাৰে পৰীক্ষা কৰা যে যি সাহস কৰিছোঁ, সংকল্প কৰিছোঁ সেয়া বাস্তৱত হৈ আছেনে?

চৰকাৰেতো কয়, বচ্ দুই-চাৰি লাখ হৈ গ’লে তেতিয়াও ঠিক। বাপদাদাই কয় – এই প্ৰতিগৰাকী ব্ৰাহ্মণ যুৱা লাখৰ সমান। ইমান মজবুত। হয়নে? চোৱা, এনেকুৱা নহয় ঘৰলৈ গৈ আকৌ লিখি দিবা যে বাবা মায়া আহি গ’ল, সংস্কাৰ উদয় হৈ গ’ল, সমস্যা আহি গ’ল। সমস্যাসমূহৰ সমাধান স্বৰূপ হোৱা। সমস্যাবোৰতো আহিব কিন্তু নিজক সোধা মই কোন? সমাধান স্বৰূপ হওঁ নে সমস্যাৰ আগত পৰাজিত হওঁতা হওঁ? তোমালোক সকলোৰে উপাধি কি – বিজয়ী ৰত্ন নে পৰাজিত ৰত্ন? বিজয়ী ৰত্ন হোৱা। ব্ৰাহ্মণ জন্ম লওঁতেই বাপদাদাই প্ৰত্যেক ব্ৰাহ্মণৰ মস্তকত অমৰ বিজয়ৰ তিলক লগাই দিলে। গতিকে অমৰ ভৱৰ বৰদানী হোৱা। এতিয়া এইটো নিজে নিজৰ আগত প্ৰতিজ্ঞা কৰা, এনেয়েতো প্ৰতিজ্ঞা কৰিবলৈ ক’লেতো সকলোৱে কৰি ল’ব কিন্তু নিজৰ মনত নিজেই প্ৰতিজ্ঞা কৰা – কেতিয়াও সংস্কাৰৰ বশিভূত নহওঁ যি পিতাৰ সংস্কাৰ সেয়া মোৰ ব্ৰাহ্মণ আত্মাৰ সংস্কাৰ। যি দ্বাপৰ, কলিযুগৰ সংস্কাৰ সেয়া মোৰ সংস্কাৰ নহয় কিয়নো পিতাৰ সংস্কাৰ নহয়। সেই তমোগুণী সংস্কাৰ ব্ৰাহ্মণৰ সংস্কাৰ হয় জানো? নহয়! তেন্তে তোমালোক কোন? ব্ৰাহ্মণ হোৱা নহয়!

বাপদাদায়ো যুৱা সংগঠনক লৈ গৌৰৱ কৰে। চোৱা, দাদীসকলেও যুৱা সংগঠনক লৈ গৌৰৱ কৰে। দাদীৰ যুৱাৰ প্ৰতি স্নেহ আছে নহয়। অতিৰিক্ত স্নেহ আছে। কুমাৰ হৈছে সুকুমাৰ। কুমাৰ নহয়, সুকুমাৰ। প্ৰতিগৰাকী কুমাৰ বিশ্বৰ কুমাৰসকলক পৰিৱৰ্তন কৰি দেখুৱাওঁতা। বাৰু, কুমাৰসকলক কাম দিওঁনে? সাহস আছেনে? কৰিব লাগিব। কুমাৰীসকলে কৰিবানে?

তেন্তে কাম দি আছোঁ মনোযোগেৰে শুনিবা। আগন্তুক ‘চিজন’ত কুমাৰসকলৰ এনেকুৱাই বিশেষ কাৰ্যসূচী ৰাখিম কিন্তু… কিন্তুও আছে। বেছি কাম নিদিওঁ প্ৰতিগৰাকী কুমাৰে 10 গৰাকীকৈ কুমাৰৰ, সৰু হাতৰ খাৰু তৈয়াৰ কৰি আনিবা। হাতত খাৰু পিন্ধে নহয়। পিতা ব্ৰহ্মাৰ হাতত সদায় ফুলৰ খাৰু দিয়ে। গতিকে এজন এজন কুমাৰ, অপৈণত নানিবা, পৈণত আনিবা। গতিকে মধুবনলৈতো আহিব আকৌ ঘৰলৈ গ’লে সলনি হৈ যাব! এনেকুৱা নহয়। এনেকুৱা পৈণত কৰি আনিবা যাতে বাপদাদাই চাই চাই কয় - বাঃ কুমাৰ বাঃ! এনেকৈ তৈয়াৰ আছানে? কৰিবানে এনেকুৱা? অলপ চিন্তা কৰা। এনেয়ে হাত দাঙি নিদিবা। কৰিব লাগিব। গঢ়িব লাগিব। ডবল বিদেশীসকলেও কৰিবানে? ডবল বিদেশীসকলৰ কুমাৰসকলে হাত উঠোৱা। তেন্তে তোমালোকেও 10 গৰাকীকৈ আনিবা নহয়? বিদেশীয়েও আনিব, ভাৰতীয়সকলেও আনিব। আকৌ যিয়ে অতি উত্তম আনিব তেওঁক পুৰস্কাৰ দিম। ভাল পুৰস্কাৰ দিম, বেয়া নিদিওঁ। কুমাৰসকলৰ প্ৰতি স্নেহ আছে নহয়। যদি চৰকাৰে সাকাৰাত্মক কৰ্ম কৰোঁতা যথেষ্ট সংখ্যক কুমাৰ পাই যায় তেন্তে চৰকাৰ কিমান আনন্দিত হ’ব। যদি তোমালোকে 10 গৰাকীকৈ কুমাৰ আনা তেতিয়া গোটেই সভাঘৰ কুমাৰেৰে ভৰি পৰিব তেতিয়া চৰকাৰক নিমন্ত্ৰণ জনাম, চাওঁক এয়া কুমাৰ। কিন্তু আনিব লাগিব, গঢ়িব লাগিব। যদি নিজৰ স্থিতি, লক্ষ্য আৰু লক্ষণ সমান কৰি ৰাখা তেতিয়া সেৱাত সফলতা হ’ব নে নহয় – এইটো সংকল্পও উদয় হ’ব নোৱাৰে। হৈয়েই আছে। কেৱল তোমালোক নিমিত্ত হ’ব লাগে। এইটো প্ৰতিজ্ঞা সদায় আওৰাই থাকিবা। চমৎকাৰতো কৰিবই লাগে নহয়। বাৰু।

(মুৰুলীৰ মাজতে অকস্মাৎ বাপদাদাৰ সন্মুখত দুজন কুমাৰ মঞ্চলৈ আহি গ’ল, যাক আঁতৰাই পঠিওৱা হ’ল)

বাৰু। এতিয়া খেলৰ মাজতে খেল দেখিলা। এতিয়া বাপদাদাই কয় - সাক্ষী হৈ খেল চালা, উপভোগ কৰিলা, এতিয়া এক চেকেণ্ডত দেহৰ পৰা একেবাৰে উপৰাম হৈ শক্তিশালী আত্মিক ৰূপত স্থিত হ’ব পাৰিবানে? পূৰ্ণ যতি।

(বাপদাদাই বহুত শক্তিশালী ড্ৰিল কৰালে) বাৰু – এইটোৱে অভাস সকলো সময়ত মাজে মাজে কৰিব লাগে। এতিয়াই কাৰ্যত আহিলা, এতিয়াই কাৰ্যৰ পৰা উপৰাম, সাকাৰীৰ পৰা নিৰাকাৰী স্থিতিত স্থিত হৈ যোৱা। এনেকৈয়ে এয়াও এক অনুভৱ দেখিলা, কোনো সমস্যা আহিলেও তেতিয়া এনেকৈয়ে এক চেকেণ্ডত সাক্ষী দৃষ্টা হৈ, সমস্যাক কাষৰীয়া দৃশ্য বুলি বুজি, ধুমুহাক এক উপহাৰ হিচাপে লৈ সেয়া অতিক্ৰম কৰা। অভ্যাস আছে নহয়? আগলৈ গৈতো এনেকুৱা অভাসৰ বহুত আৱশ্যক হ’ব। পূৰ্ণ যতি। প্ৰশ্নবোধক চিন নাই, এয়া কিয় হ’ল, এয়া কেনেকৈ হ’ল? হৈ গ’ল। পূৰ্ণ যতি আৰু নিজৰ পূৰা শক্তিশালী স্থিতিত স্থিত হৈ যোৱা। সমস্যা তলত থাকি যাব, তোমালোকে উচ্চ স্থিতিৰে সমস্যা ৰূপী কাষৰীয়া দৃশ্য চাই থাকিবা। ভাল বাৰু।

চাৰিওফালৰ সৰ্ব সম্পদেৰে সম্পন্ন আত্মাসকলক, সদায় প্ৰত্যেক সময়ত প্ৰাপ্তিৰে ভৰপূৰ, মিচিকিয়াই হৰ্ষিত হৈ থাকোঁতা আত্মাসকলক, সদায় পিতাৰ আগত কৰা প্ৰতিজ্ঞাক জীৱনত প্ৰত্যক্ষ কৰাওঁতা জ্ঞানী আত্মাসকলক, যোগী আত্মা সন্তানসকলক, সদায় লক্ষ্য আৰু লক্ষণ সমান কৰোঁতা পিতাৰ সমান আত্মাসকলক, সদায় সকলো সময়ত সৰ্ব সম্পদৰ পুঁজি জমা কৰোঁতা আৰু যতি লগাওঁতা তীব্ৰ পুৰুষাৰ্থী শ্ৰেষ্ঠ আত্মাসকলক বাপদাদাৰ স্নেহ সহিত স্মৰণ, ‘দিলাৰাম’ৰ (অন্তৰ জিনোঁতাৰ) অন্তৰেৰে স্নেহ সহিত স্মৰণ আৰু নমস্কাৰ।

বৰদান:
পৰিস্থিতিসমূহক শিক্ষক বুলি বুজি তাৰপৰা পাঠ পঢ়োঁতা অনুভৱী মূৰ্ত হোৱা

যি কোনো পৰিস্থিতিত ভয়ভীত হোৱাৰ পৰিৱৰ্তে অলপ সময়ৰ কাৰণে তাক শিক্ষক বুলি বুজা। পৰিস্থিতিয়ে তোমালোকক বিশেষকৈ দুটা শক্তিৰ অনুভৱী কৰি তোলে এটা সহনশক্তি আৰু আনটো সন্মুখীন হোৱাৰ শক্তি। এই দুটা পাঠ পঢ়ি লোৱা তেতিয়া অনুভৱী হৈ যাবা। যিহেতুকে এনেকৈ কোৱা যে মইতো নিমিত্ত, মোৰ একো নাই তেন্তে আকৌ পৰিস্থিতিসমূহলৈ ভয় কৰা কিয়। নিমিত্ত মানে সকলো পিতাক হস্তান্তৰ কৰি দিলা সেইবাবে যি হ’ব সেয়া ভাল হ’ব - এইটো স্মৃতিৰে সদায় নিশ্চিন্ত, সমৰ্থ স্বৰূপত থাকা।

স্লোগান:
যাৰ স্বভাৱ অমায়িক তেওঁ ভুলতেও কাকো দুখ দিব নোৱাৰে।

প্ৰীতি বুদ্ধিৰ হৈ বিজয়ী ৰত্ন হ’বৰ কাৰণে আজিৰ অব্যক্ত সংকেত:

আধাকল্পৰ পৰা যি ভক্তি কৰিছে, তাৰ ফল স্বৰূপে জ্ঞান সাগৰ পিতা আৰু অবিনাশী জ্ঞান প্ৰাপ্ত হয়, যি জ্ঞানেৰে জ্ঞান স্বৰূপ আত্মা হৈ যোৱা। জ্ঞান সাগৰ আৰু জ্ঞানত সমাহিত হৈ থাকা সেয়েহে “ইচ্ছা মাত্ৰম অবিদ্যা” হোৱা। কোনো অপ্ৰাপ্তি বা ইচ্ছা তোমালোকৰ থাকিব নোৱাৰে।