29.09.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – বেহদৰ পিতা এই বেহদৰ ৰঙ্গসভাত গৰিব সন্তানসকলক তুলি ল’বলৈ আহিছে, তেওঁ দেৱতাসকলৰ ৰঙ্গসভালৈ অহাৰ প্ৰয়োজন নাই”

প্ৰশ্ন:
সন্তানসকলে কোনটো দিন বহুত ধূমধামেৰে পালন কৰিব লাগে?

উত্তৰ:
যিটো দিনত জীৱন্তে মৃত জন্ম হ’ল, পিতাৰ প্ৰতি নিশ্চয়তা জান্মিল……. সেই দিনটো বহুত ধূমধামেৰে পালন কৰিব লাগে। সেই দিনটোৱেই তোমালোকৰ বাবে জন্মাষ্টমী। যদি নিজৰ জীৱন্তে মৃত জন্মদিন পালন কৰা তেতিয়া বুদ্ধিত স্মৃতি থাকিব যে আমি পুৰণি সৃষ্টিৰ পৰা একাষৰীয়া হৈ আহিলোঁ। আমি বাবাৰ হৈ গ’লোঁ অৰ্থাৎ উত্তৰাধিকাৰৰ অধিকাৰী হৈ গ’লোঁ।

গীত:
মহফিল মে জ্বল উঠি শমা……. (ৰঙ্গসভাত জ্বল উঠিল অগ্নি শিখা…….)

ওঁম্শান্তি।
গীত-কবিতা, ভজন, বেদ-শাস্ত্ৰ, উপনিষদ, দেৱতাসকলৰ মহিমা আদি তোমালোক ভাৰতবাসী সন্তানসকলে বহুতেই শুনি আহিছা। এতিয়া তোমালোকে বোধশক্তি পাইছা যে এই সৃষ্টিৰ চক্ৰ কেনেকৈ ঘূৰে। অতীতকো সন্তানসকলে গম পাইছে। বৰ্তমান জগতৰ অৱস্থা কি সেয়াও দেখি আছা। সেয়াও বাস্তৱত অনুভৱ কৰিছা। বাকী যি কিছু হ’বলৈ আছে - সেয়া এতিয়া বাস্তৱত অনুভৱ কৰা নাই। অতীতত যি হৈছে তাৰ অনুভৱ কৰিছা। পিতাইহে বুজাইছে, পিতা অবিহনে কোনেও বুজাব নোৱাৰে। অনেক মনুষ্য আছে, কিন্তু তেওঁলোকে একোৱে নাজানে। ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ বিষয়ে একো নাজানে। এতিয়া কলিযুগৰ অন্ত, এইটোও মনুষ্যই নাজানে। অৱশ্যে হয় আগলৈ গৈ অন্তক জানিব। মূল কথাক জানিব, বাকী গোটেই জ্ঞান নাজানিব। পঢ়োঁতা বিদ্যাৰ্থীয়েহে জানিব পাৰে। এয়া হৈছে মনুষ্যৰ পৰা ৰজাৰো ৰজা হোৱাৰ কথা। তাকো আসুৰি ৰজা নহয়, দৈৱী ৰজা, যিসকলক আসুৰি ৰজাসকলে পূজা কৰে। এই সকলোবোৰ কথা তোমালোক সন্তানসকলেহে জানা। বিদ্বান, আচাৰ্য আদিয়ে অলপো নাজানে। ভগৱান, যাক জ্যোতি বুলি কৈ আহ্বান কৰে তেওঁক নাজানে। গীত গোৱাসকলেও একো নাজানে। কেৱল মহিমা গায়। ভগৱানো কোনোবা সময়ত এই জগতৰ ৰঙ্গসভালৈ আহিছিল। ৰঙ্গসভা অৰ্থাৎ য’ত বহুত একত্ৰিত হয়। ৰঙ্গসভাত খোৱা-বোৱা, সুৰা আদি পোৱা যায়। এতিয়া এই ৰঙ্গসভাত তোমালোকে পিতাৰ পৰা অবিনাশী জ্ঞান ৰত্নৰ সম্পদ লাভ কৰি আছা অথবা এনেকৈ কোৱা যে আমি পিতাৰ পৰা বৈকুণ্ঠৰ বাদশ্বাহী লাভ কৰি আছোঁ। এই গোটেই ৰঙ্গসভাত সন্তানসকলেহে পিতাক জানে যে পিতাই আমাক উপহাৰ দিবলৈ আহিছে। পিতাই ৰঙ্গসভাত কি দিয়ে, মনুষ্যই ৰঙ্গসভাত এজনে আনজনক কি দিয়ে, ৰাতি-দিনৰ পাৰ্থক্য আছে। পিতাই যেন হালোৱা খুৱায় আৰু তেওঁলোকে সস্তাতকৈও সস্তা বস্তু চানা খুৱায়। হালোৱা আৰু চানা - দুয়োটাৰ মাজত কিমান পাৰ্থক্য আছে। এজনে আনজনক চানা খুৱাই থাকে। কোনোবাই উপাৰ্জন নকৰিলে তেতিয়া কোৱা হয় - এওঁটো চানা চোবাই আছে।

এতিয়া তোমালোক সন্তানসকলে জানা যে বেহদৰ পিতাই আমাক স্বৰ্গৰ ৰাজ্য-ভাগ্যৰ বৰদান দি আছে। শিৱবাবা এই ৰঙ্গসভালৈ আহে নহয় জানো। শিৱ জয়ন্তীওতো পালন কৰে। কিন্তু তেওঁ আহি কি কৰে - এয়া কোনেও গম নাপায়। তেওঁ হৈছে পিতা। পিতাই নিশ্চয় কিবা খুৱায়, দিয়ে। মাতা-পিতাই জীৱনৰ পালনাতো কৰে নহয় জানো। তোমালোকেও জানা সেই মাতা-পিতা (শিৱবাবা) আহি জীৱনৰ তত্ত্বাৱধান লয়। তুলি লয়। সন্তানসকলে নিজেই কয় - বাবা মই আপোনাৰ 10 দিনীয়া সন্তান অৰ্থাৎ 10 দিনৰ পৰা আপোনাৰ হৈছোঁ। গতিকে বুজিব লাগে যে মই আপোনাৰ পৰা (শিৱবাবাৰ পৰা) স্বৰ্গৰ বাদশ্বাহী লোৱাৰ অধিকাৰী হৈ গৈছোঁ। তুলি লৈছে। যেতিয়া জীৱিত অৱস্থাতেই কাৰোবাক তুলি লোৱা হয় তেতিয়া অন্ধশ্ৰদ্ধাৰেতো নলয়। মাতা-পিতায়ো সন্তানক কোলাত তুলি দিয়ে (আনৰ তোলনীয়া সন্তান হিচাপে দি দিয়ে)। এনেকৈ ভাবে যে আমাৰ সন্তানটি তেওঁলোকৰ ওচৰত বেছি সুখী হৈ থাকিব আৰু অধিক মৰমেৰেহে লালন-পালন কৰিব। তোমালোকো লৌকিক পিতাৰ সন্তানসকল ইয়াত বেহদৰ পিতাৰ কোলাত আশ্ৰয় লোৱা (তোলনীয়া হোৱা)। বেহদৰ পিতাই কিমান ৰুচিৰে তুলি লয়। সন্তানসকলেও লিখে বাবা আমি আপোনাৰ হৈ গ’লোঁ। কেৱল দূৰৈৰ পৰাইতো নক’ব। বাস্তৱত তুলি ল’লে তেতিয়া উৎসৱো পালন কৰা হয়। যেনেকৈ জন্মদিন পালন কৰা হয় নহয় জানো। গতিকে এওঁলোকো সন্তান হয়, কয় মই আপোনাৰ হওঁ গতিকে 6-7 দিনৰ পাছত নামকৰণো পালন কৰিব নালাগে জানো। কিন্তু কোনেও পালন নকৰে। নিজৰ জন্মাষ্টমীতো বহুত ধূমধামেৰে পালন কৰিব লাগে। কিন্তু পালনেই নকৰে। জ্ঞানো নাই যে আমি জয়ন্তী পালন কৰিব লাগে। 12 মাহ হ’লে তেতিয়া পালন কৰে। হেৰ’ আগতে পালন কৰা নাই, 12 মাহৰ পাছত কিয় পালন কৰা। জ্ঞানেই নাই গতিকে নিশ্চয় নহ’ব। এবাৰ জন্ম দিন পালন কৰিলা সেয়াতো দৃঢ় হৈ গ’ল, আকৌ যদি জন্ম দিন পালনৰ পাছত আঁতৰি গুচি যায় তেতিয়া বুজা যাব এওঁৰ মৃত্যু হ’ল। জন্মও কোনোৱে বহুত ধূমধামেৰে পালন কৰে। কোনোবা গৰিব হ’লে তেতিয়া গুড় চানাও বিলাব পাৰে। বেছি নহয়। সন্তানসকলে সম্পূৰ্ণ ৰীতিৰে বুজি নাপায় সেইবাবে আনন্দিত নহয়। জন্মদিন পালন কৰিলে তেতিয়া স্মৃতিও দৃঢ় হৈ যাব। কিন্তু সেই বুদ্ধি নাই। আজি তথাপিও পিতাই বুজায় যিসকল নতুন সন্তান হৈছে, তেওঁলোকৰ যদি নিশ্চয় হয় তেন্তে জন্মদিন পালন কৰক। অমুক দিনা মোৰ নিশ্চয় হ’ল, যিদিনাৰ পৰা জন্মাষ্টমী আৰম্ভ হয়। গতিকে সন্তানসকলে পিতা আৰু উত্তৰাধিকাৰক পূৰা স্মৰণ কৰিব লাগে। সন্তানে জানো কেতিয়াবা পাহৰি যায় যে মই অমুকৰ সন্তান। ইয়াত কয় যে বাবা আপুনি আমাৰ স্মৃতিলৈ নাহে। এনেকৈ অজ্ঞানকালততো কেতিয়াও নক'ব। স্মৃতিলৈ নহাৰ প্ৰশ্নই নুঠে। তোমালোকে পিতাক স্মৰণ কৰা, পিতাইতো সকলোকে স্মৰণ কৰেই। মোৰ সকলো সন্তান কাম-চিতাত জ্বলি ভস্ম হৈ গৈছে। এনেকৈ অন্য কোনো গুৰু বা মহাত্মা আদিয়ে নক'ব। এয়া ভগৱানুবাচেই হয় (ভগৱানেই কয়) যে সকলো মোৰ সন্তান। সকলোতো ভগৱানৰে সন্তান নহয় জানো। সকলো আত্মা পৰমাত্মা পিতাৰ সন্তান। পিতাও যেতিয়া (ব্ৰহ্মাৰ) শৰীৰত আহে তেতিয়া কয় - এই সকলোবোৰ আত্মা মোৰ সন্তান। কাম চিতাত উঠি ভস্মীভূত তমোপ্ৰধান হৈ গৈছে। ভাৰতবাসী কিমান লৌহযুগী হৈ গৈছে। কাম চিতাত বহি সকলো শ্যাম বৰণীয়া (পতিত) হৈ গৈছে। যিজন পূজ্য এক নম্বৰ বগা (পাৱন) আছিল, তেওঁ এতিয়া পূজাৰী শ্যাম বৰণীয়া হৈ গৈছে। সুন্দৰেই শ্যাম বৰণীয়া হয়। এই কাম চিতাত উঠা মানে সাপৰ ওপৰত উঠা। বৈকুণ্ঠত সাপ আদি নাথাকে যিয়ে কাৰোবাক দংশিব। এনেকুৱা কথা হ'ব নোৱাৰে। পিতাই কয় - 5 বিকাৰৰ প্ৰৱেশ হোৱাৰ বাবে তোমালোকতো যেন বনৰীয়া কাঁইট হৈ গৈছা। এনেকৈ কয় - বাবা আমি মানি লওঁ এয়া হয়েই কাঁইটৰ জংঘল। এজনে আনজনক দংশন কৰি সকলো ভস্মীভূত হৈ গৈছে। ভগৱানুবাচ – মোৰ; জ্ঞান সাগৰৰ সন্তানসকল যিসকলক মই কল্প পূৰ্বেও আহি স্বচ্ছ (পৱিত্ৰ) কৰি তুলিছিলোঁ তেওঁলোক এতিয়া পতিত ক'লা হৈ গৈছে। সন্তানসকলে জানে আমি কেনেকৈ বগাৰ পৰা শ্যাম বৰণীয়া হওঁ। গোটেই 84 জন্মৰ ইতিহাস-ভূগোল সংক্ষেপত বুদ্ধিত আছে। এই সময়ত তোমালোকে জানা কোনোৱে 5-6 বছৰৰ পৰা নিজৰ জীৱন বৃত্তান্তক জানে – বুদ্ধিৰ ক্ৰম অনুসৰি। প্ৰতেকে নিজৰ অতীতৰ জীৱন বৃত্তান্তকো জানে - আমি কি কি বেয়া কাম কৰিছোঁ। মুখ্য মুখ্য কথাবোৰতো শুনোৱা হয় - মই কি কি কৰিলোঁ। পূৰ্বৰ জন্মৰ কথাবোৰতো ক'বই নোৱাৰে। জন্ম-জন্মান্তৰৰ জীৱন বৃত্তান্ত কোনেও ক'ব নোৱাৰে। বাকী 84 জন্ম কেনেকৈ লৈছে সেয়া পিতাই বহি তেওঁলোকক বুজায়, যিসকলে পূৰা 84 জন্ম লৈছে, তেওঁলোকৰহে স্মৃতিলৈ আহিব। ঘৰলৈ যাবলৈ মই তোমালোকক মত (শ্ৰীমত) দিওঁ সেয়েহে পিতাই কয় - এই জ্ঞান সকলো ধৰ্মাৱলম্বীৰ বাবে। যদি মুক্তিধাম ঘৰলৈ যাব বিচৰা তেন্তে পিতাইহে লৈ যাব পাৰে। পিতাৰ বাহিৰে অন্য কোনেও নিজৰ ঘৰলৈ যাব নোৱাৰে। কাৰো ওচৰত এইটো যুক্তি (উপায়) নাই যে পিতাক স্মৰণ কৰিব আৰু তাত গৈ উপস্থিত হ’ব। পুনৰ্জন্মতো সকলোৱে ল'ব লাগে। পিতাৰ বাহিৰেতো আন কোনেও লৈ যাব নোৱাৰে। মোক্ষৰ খেয়ালতো কেতিয়াও কৰিব নালাগে। এয়াতো হ'ব নোৱাৰে। এয়াতো অনাদি পূৰ্ব-নিৰ্ধাৰিত ড্ৰামা, ইয়াৰ পৰা কোনেও ওলাই যাব নোৱাৰে। সকলোৰে একমাত্ৰ পিতাই হৈছে মুক্তিদাতা, মাৰ্গ-দৰ্শক। তেৱেঁই আহি যুক্তি শুনায় যে মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ বিকৰ্ম বিনাশ হ'ব। নহ’লে শাস্তি খাব লাগিব। যদি পুৰুষাৰ্থ নকৰে তেন্তে বুজি পায় যে ইয়াৰ নহয়। মুক্তি-জীৱনমুক্তিৰ ৰাস্তা তোমালোক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। প্ৰত্যেকৰে বুজোৱাৰ গতি নিজা নিজা। তোমালোকেওতো ক'ব পাৰা - এই সময়ত পতিত সৃষ্টি। কিমান মৰামৰি আদি হয়। সত্যযুগত এইবোৰ নহ'ব। এতিয়া হৈছে কলিযুগ। এইটোতো সকলো মনুষ্যই মানি ল’ব। সত্যযুগ ত্ৰেতা……. সোণালী যুগ, ৰূপালী যুগ.….. আন আন ভাষাতো কিবা নাম নিশ্চয় থাকিব। ইংৰাজীতো সকলোৱে জানে। ইংৰাজী হিন্দীৰ অভিধানো থাকে। ইংৰাজসকলে বহুত সময় ৰাজত্ব কৰি গ’ল সেয়েহে তেওঁলোকৰ ইংৰাজী কামত আহে।

মনুষ্যই এই সময়ত এইটোতো মানি লয় যে আমাৰ কোনো গুণ নাই, বাবা আপুনি আহি দয়া কৰক পুনৰ আমাক পৱিত্ৰ কৰি তোলক, আমি পতিত। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে এটাও পতিত আত্মা উভতি যাব নোৱাৰে। সকলোৱে সতো-ৰজো-তমোত আহিবই লাগে। এতিয়া পিতা এই পতিত ৰঙ্গসভালৈ আহে, কিমান বিশাল ৰঙ্গসভা। মই দেৱতাসকলৰ ৰঙ্গসভালৈ কেতিয়াও নাহোৱেই। য’ত সা-সম্পত্তি, 36 প্ৰকাৰৰ ভোজন পাব পাৰে, তালৈ মই নাহোঁৱেই। য'ত সন্তানসকলে ৰুটিও নাপায়, তেওঁলোকৰ ওচৰলৈ আহি কোলাত তুলি লৈ সন্তান কৰি উত্তৰাধিকাৰ দিওঁ। চহকীসকলক কোলাত তুলি নলওঁ, তেওঁলোকতো নিজৰেই নিচাত মতলীয়া হৈ থাকে। নিজেই কয় যে আমাৰ বাবেতো স্বৰ্গ ইয়াতেই আছে আকৌ কাৰোবাৰ মৃত্যু হ’লে তেতিয়া কয় যে স্বৰ্গবাসী হ’ল। গতিকে নিশ্চয় এইখন নৰক নহ’ল জানো। তোমালোকে কিয় নুবুজোৱা। এতিয়ালৈকে বাতৰিকাকততো যুক্তিযুক্তভাৱে কোনেও প্ৰকাশ কৰা নাই। সন্তানসকলেও জানে নাটকে আমাক পুৰুষাৰ্থ কৰোৱায়, আমি যি পুৰুষাৰ্থ কৰোঁ – সেয়া ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। পুৰুষাৰ্থ কৰিবও নিশ্চয় লাগে। ড্ৰামাত আছে যদি হ’ব - এনেকৈ ভাবি বহি যাব নালাগে। প্ৰতিটো কথাত পুৰুষাৰ্থ নিশ্চয় কৰিবই লাগে। কৰ্ম যোগী, ৰাজযোগী হোৱা নহয় জানো। তেওঁলোক হৈছে কৰ্ম সন্ন্যাসী, হঠযোগী। তোমালোকেতো সকলো কৰা। ঘৰত থাকি, সতি-সন্তানৰ তত্ত্বাৱধান লোৱা। তেওঁলোকতো আঁতৰি গুচি যায়। ভাল নালাগে। কিন্তু সেই পৱিত্ৰতাও ভাৰতত লাগে নহয় জানো। তথাপিও ভাল। এতিয়াতো পৱিত্ৰও হৈ নাথাকে। এনেকুৱা নহয় যে তেওঁলোক কোনো পৱিত্ৰ সৃষ্টিলৈ যাব পাৰে। পিতাৰ বাহিৰে কোনেও লৈ যাব নোৱাৰে। এতিয়া তোমালোকে জানা - শান্তিধামতো আমাৰ ঘৰ হয়। কিন্তু কেনেকৈনো যাওঁ? বহুত পাপ কৰি থৈছোঁ। ঈশ্বৰক সৰ্বব্যাপী বুলি কৈ দিয়ে। এয়া কাৰ সন্মান হানি কৰে? শিৱবাবাৰ। কুকুৰ মেকুৰী, কণ-কণত পৰমাত্মা আছে বুলি কৈ দিয়ে। এতিয়া গোচৰ কাক দিব! পিতাই কয় - মইহে সমৰ্থ হওঁ। মোৰ লগত ধৰ্মৰজাও আছে। এয়া সকলোৰে বাবে বিনাশৰ (হিচাপ নিষ্পত্তিৰ) সময়। সকলোৱে শাস্তি আদি ভোগ কৰি উভতি যাব। ড্ৰামাৰ ৰচনাই এনেকুৱা। শাস্তি নিশ্চয় খাব লাগিব। ইয়াৰতো সাক্ষাৎকাৰো হয়। গৰ্ভ কাৰাগাৰতো সাক্ষাৎকাৰ হয়। তুমি এইটো এইটো কৰ্ম কৰিছা তাৰপাছত তাৰ শাস্তি পায়, সেইবাবেইতো কয় যে এতিয়া এই কাৰাগাৰৰ পৰা উলিওৱা। মই পুনৰ এনেকুৱা পাপ নকৰোঁ। পিতা ইয়াত সন্মুখত আহি এই সকলোবোৰ কথা তোমালোকক বুজায়। গৰ্ভত শাস্তি খায়। সেয়াও কাৰাগাৰ, দুখ অনুভৱ হয়। তাত সত্যযুগত দুয়োখন কাৰাগাৰেই নাথাকে য'ত শাস্তি খাব।

এতিয়া পিতাই বুজায় – সন্তানসকল, মোক স্মৰণ কৰা তেতিয়া খাদ আঁতৰি যাব। বহুতে তোমালোকৰ কথাবোৰ মানিব। ভগৱানৰ নামতো আছে। কেৱল ভুল কৰিছে যে কৃষ্ণৰ নাম দি দিছে। এতিয়া পিতায়ো সন্তানসকলক বুজায় - এয়া যি শুনা, শুনি বাতৰি কাকতত প্ৰকাশ কৰা। শিৱবাবাই এই সময়ত সকলোকে কয় - 84 জন্ম ভোগ কৰি তমোপ্ৰধান হৈছা। এতিয়া আকৌ মই ৰায় দিওঁ - মোক স্মৰণ কৰিলে বিকৰ্ম বিনাশ হ'ব তেতিয়া তোমালোক মুক্তি-জীৱনমুক্তি ধামলৈ গুচি যাবা। এয়া হৈছে পিতাৰ আদেশ - মোক স্মৰণ কৰা তেতিয়া খাদ আঁতৰি যাব। বাৰু - সন্তানসকল বহুত বুজালোঁ আৰু কিমান বুজাম। ভালবাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সকলো কথাত পুৰুষাৰ্থ নিশ্চয় কৰিব লাগে। ড্ৰামা বুলি কৈ বহি থাকিব নালাগে। কৰ্মযোগী, ৰাজযোগী হ’ব লাগে। কৰ্ম সন্ন্যাসী, হঠযোগী হ’ব নালাগে।

(2) শাস্তি নোখোৱাকৈ পিতাৰ সৈতে ঘৰলৈ যাবৰ বাবে পিতাৰ স্মৃতিত থাকি আত্মাক সতোপ্ৰধান কৰি তুলিব লাগে। শ্যাম বৰণীয়াৰ (পতিতৰ) পৰা বগা (পাৱন) হ'ব লাগে।

বৰদান:
সকলো ৰূপেৰে, সকলো সম্পৰ্কেৰে নিজৰ সকলো পিতাৰ আগত অৰ্পণ কৰোঁতা সঁচা স্নেহী হোৱা

যাৰ প্ৰতি অতি স্নেহ থাকে, সেই স্নেহৰ বাবে সকলোকে আঁতৰাই নিজৰ সকলো তেওঁৰ আগত অৰ্পণ কৰি দিয়ে, যেনেকৈ পিতাৰ সন্তানসকলৰ প্ৰতি স্নেহ আছে সেইবাবে স্নেহী সন্তানসকলক সদাকালৰ প্ৰাপ্তি কৰায়, বাকী সকলোকে মুক্তিধামত বহুৱাই দিয়ে। ঠিক তেনেকৈ সন্তানসকলৰ স্নেহৰ প্ৰমাণ হ'ল – সকলো ৰূপেৰে, সকলো সম্বন্ধেৰে নিজৰ সকলো পিতাৰ আগত অৰ্পণ কৰা। য’ত স্নেহ আছে, ত’ত যোগ আছে আৰু য’ত যোগ আছে, ত’ত সহযোগ আছে। এটাও সম্পদ নিজৰ মতত ব্যৰ্থত নষ্ট কৰিব নোৱাৰে।

স্লোগান:
সাাকাৰ কৰ্মত পিতা ব্ৰহ্মাক আৰু অশৰীৰী হোৱাত নিৰাকাৰ পিতাক অনুসৰণ কৰা।


অব্যক্ত ইংগিত: এতিয়া নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা

তোমালোক সন্তানসকলৰ ওচৰত অনুভূতিৰ সম্পদ সম্পন্ন হৈ আছে, গতিকে তোমালোক সম্পন্ন মূৰ্তিয়ে মাষ্টৰ দাতা হৈ সকলোকে অনুভূতি কৰাই যোৱা। দাতা অৰ্থাৎ সেৱাধাৰী। দাতাই নিদিয়াকৈ থাকিব নোৱাৰে। তেওঁ নিজৰ দয়ালু গুণেৰে কাৰোবাক সাহস দিব আৰু কোনো দুৰ্বল আত্মাক বল প্ৰদান কৰিব। তেওঁ মাষ্টৰ সুখদাতা হ'ব।

[বি:দ্ৰ: - প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]