29.10.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
আত্মাৰ পৰা বিকাৰ ৰূপী মলিনতা আঁতৰাই শুদ্ধ ফুল হোৱা। পিতাৰ স্মৃতিৰেহে সকলো মলিনতা
আঁতৰিব"
প্ৰশ্ন:
পৱিত্ৰ
হ’বলগীয়া সন্তানসকলে কোনটো এটা কথাত পিতাক অনুসৰণ কৰিব লাগে?
উত্তৰ:
যেনেকৈ পিতা পৰম পৱিত্ৰ তেওঁ কেতিয়াও অপৱিত্ৰ মলিয়নসকলৰ লগত সানমিহলি নহয় (হলিগলি
নকৰে), বহুত বহুত পৱিত্ৰ হয় তেনেকৈ তোমালোক পৱিত্ৰ হ’বলগীয়া সন্তানসকলে পিতাক
অনুসৰণ কৰা, বেয়া নাচাবা।
ওঁম্শান্তি।
পিতাই বহি
সন্তানসকলক বুজায়। এই দুয়োগৰাকীয়েই পিতা। এজন আত্মিক, আনজনক শাৰীৰিক পিতা বুলি কোৱা
হ’ব। শৰীৰতো দুয়োগৰাকীৰে এটাই সেয়েহে যেনিবা দুয়োগৰাকী পিতাই বুজায়। যদিও এজনে
বুজায়, আনজনে বুজে তথাপিও কোৱা হ’ব দুয়োগৰাকীয়ে বুজায়। এয়া যি ইমান সূক্ষ্ম আত্মা
তাত কিমান বিকাৰৰ লেপ লাগি আছে। বিকাৰৰ লেপ পৰা বাবে কিমান লোকচান হৈ যায়। এয়া লাভ
আৰু লোকচান তেতিয়া দেখিবলৈ পোৱা যায় যেতিয়া শৰীৰ সহিত থাকে। তোমালোকে জানা যে আমি
আত্মা যেতিয়া পৱিত্ৰ হ’ম তেতিয়া এই লক্ষ্মী-নাৰায়ণৰ নিচিনা পৱিত্ৰ শৰীৰ পাম। এতিয়া
আত্মাত কিমান বিকাৰৰ লেপ পৰিছে। যেতিয়া মৌ উলিওৱা হয় তেতিয়া সেয়া ছেকা হয়। তেতিয়া
কিমান গেদ ওলায় তাৰ পাছত শুদ্ধ মৌ পৃথক হৈ যায়। আত্মাও বহুত মলিয়ন হৈ যায়। আত্মাই
কাঞ্চন (সোণ) আছিল, একেবাৰে পৱিত্ৰ আছিল। শৰীৰ কেনেকুৱা আছিল। এই লক্ষ্মী-নাৰায়ণৰ
শৰীৰ চোৱা কিমান সুন্দৰ! মনুষ্যইতো শৰীৰকে পূজা কৰে নহয়। আত্মাৰ ফালে নাচায়।
আত্মাৰতো পৰিচয়ো নাই। প্ৰথমতে আত্মা সুন্দৰ আছিল, চোলাও সুন্দৰ পায়। তোমালোকেও এতিয়া
এনেকুৱা (লক্ষ্মী-নাৰায়ণ) হ’ব বিচৰা। সেয়েহে আত্মা কিমান শুদ্ধ হোৱা উচিত। আত্মাকে
তমোপ্ৰধান বুলি কোৱা হয় কিয়নো আত্মা সম্পূৰ্ণ মলিনতাৰে ভৰি আছে। এফালে দেহ-অভিমান
ৰূপী মলিনতা আৰু আনফালে কাম-ক্ৰোধ ৰূপী মলিনতা। মলিনতা আঁতৰাবলৈ ছেকিবলগীয়া হয়।
ছেকিলে ৰঙেই সলনি হৈ যায়। তোমালোকে ভালদৰে বহি বিচাৰ কৰিলে তেতিয়া অনুভৱ হ’ব যে
বহুত মলিনতাৰে ভৰি আছে। আত্মাত ৰাৱণ প্ৰৱেশ কৰিছে। এতিয়া পিতাৰ স্মৃতিত থাকিলেহে
মলিনতা আঁতৰে। ইয়াতেই সময় লাগে। পিতাই বুজায় – দেহ-অভিমান থকা বাবে বিকাৰ ৰূপী
কিমান মলিনতা আছে। ক্ৰোধ ৰূপী মলিনতাও কোনো কম নহয়। ক্ৰোধী ভিতৰি যেন জ্বলি থাকে।
কিবা নহয় কিবা কথাত অন্তৰ জ্বলি থাকে। চেহেৰাও তামৰ দৰে ৰঙা হৈ থাকে। এতিয়া তোমালোকে
বুজি পাইছা আমি আত্মাসকল জ্বলি আছোঁ। আত্মাত কিমান মলি আছে – এতিয়া গম পাইছা। এই
কথাবোৰ বুজোঁতাৰ সংখ্যা বহুত কম, ইয়াৰ বাবেতো অতি উত্তম ফুল হ’ব লাগে। এতিয়াতো বহুত
ক্ৰুটি আছে। তোমালোকেতো সকলো ক্ৰুটি আঁতৰাই একেবাৰে পৱিত্ৰ হ’ব লাগে। এই
লক্ষ্মী-নাৰায়ণ কিমান পৱিত্ৰ। বাস্তৱত তেওঁলোকক হাতেৰে স্পৰ্শ কৰাৰো হুকুম নাই।
পতিত গৈ ইমান উচ্চ পৱিত্ৰ দেৱতাক হাতেৰে স্পৰ্শ নোৱাৰে। হাতেৰে স্পৰ্শ কৰাৰ
যোগ্যতাই নাই। শিৱক হাতেৰে স্পৰ্শ নোৱাৰে। তেওঁ হয়েই নিৰাকাৰ, তেওঁক হাত লগাবই
নোৱাৰে। তেওঁতো আটইতকৈ পৱিত্ৰ। ইমান সৰু বিন্দুকতো কোনোৱে হাতেৰে স্পৰ্শ কৰিব নোৱাৰে
সেয়েহে তেওঁৰ বহুত ডাঙৰ প্ৰতিমা ৰাখি দিছে। আত্মা শৰীৰত প্ৰৱেশ কৰে তেতিয়া শৰীৰ
ডাঙৰ হয়। আত্মাতো ডাঙৰ-সৰু নহয়। এয়াতো হয়েই মলিয়ন সৃষ্টি। আত্মাত কিমান মলি আছে।
শিৱবাবা বহুত পৱিত্ৰ। বহুত পৱিত্ৰ। ইয়াততো সকলোকে একে সমান কৰি দিয়ে। এজনে আনজনক
কৈও দিয়ে - তুমিতো জানোৱাৰ। সত্যযুগত এনেকুৱা ভাষা নাথাকে। এতিয়া তোমালোকে অনুভৱ কৰা
যে আত্মা বহুত মলিয়ন হৈ গৈছে। আত্মা লায়কেই নহয় যে পিতাক স্মৰণ কৰিব। নালায়ক বুলি
ভাবি মায়ায়ো তেওঁলোকক একেবাৰে দূৰ কৰি দিয়ে।
পিতা কিমান
পৱিত্ৰ-শুদ্ধ, আমি আত্মাসকলো কিহৰ পৰা কি হৈ যাওঁ। এতিয়া পিতাই বুজায় – তোমালোকে
মোক মাতিছাই আত্মাক শুদ্ধ কৰিবলৈ। বহুত মলিনতাৰে ভৰি আছে। বাগিচাত সকলো প্ৰথম
শ্ৰেণীৰ ফুল নাথাকে। ক্ৰমানুসৰি হয়। পিতা হৈছে বাগিচাৰ মালিক। আত্মা কিমান পৱিত্ৰ
হয় পাছত কিমান লেতেৰা একেবাৰে কাঁইট হৈ যায়। আত্মাতে দেহ-অভিমানৰ, কাম, ক্ৰোধৰ
আৱৰ্জনা ভৰি আছে। ক্ৰোধো মনুষ্যৰ কিমান আছে। যেতিয়া তোমালোক পৱিত্ৰ হৈ যাবা তেতিয়া
কাৰো মুখ চাবলৈও ইচ্ছা নাথাকিব। বেয়া নাচাবা। অপৱিত্ৰক চাবই নালাগে। আত্মা পৱিত্ৰ
হৈ, পৱিত্ৰ নতুন চোলা (শৰীৰ) লয় তেতিয়া আৱৰ্জনা দেখাই নাযায়। আৱৰ্জনাৰ সৃষ্টিয়েই
সমাপ্ত হৈ যায়। পিতাই বুজাইছে – তোমালোক দেহ-অভিমানত আহি কিমান লেতেৰা হৈ গৈছা।
পতিত হৈ গৈছা। সন্তানসকলে মাতেও – বাবা মোৰ ভিতৰত ক্ৰোধৰ ভূত আছে। বাবা মই পৱিত্ৰ
হ’বলৈ আপোনাৰ ওচৰলৈ আহিছোঁ। এইটো জানা যে পিতাতো সদা পৱিত্ৰ হয়েই। এনেকুৱা সৰ্বোচ্চ
হৰ্তা-কৰ্তাজনক সৰ্বব্যাপি বুলি কৈ কিমান বদনাম কৰিছে। নিজৰ ওপৰতো ঘৃণা ওপজে – আমি
কি আছিলোঁ আকৌ কিহৰ পৰা কি হৈ যাওঁ। এই কথাবোৰ তোমালোক সন্তানসকলেহে বুজি পোৱা, আন
কোনো সৎসংগ বা বিশ্ব বিদ্যালয় আদিত ক’তো এনেকুৱা লক্ষ্য-উদ্দেশ্যৰ বিষয়ে কোনেও
বুজাব নোৱাৰে। এতিয়া তোমালোক সন্তানসকলে জানা – আমি আত্মাসকল কেনেকৈ আৱৰ্জনাৰে ভৰি
গ’লোঁ। 2টা কলা কম হ’ল, তাৰপাছত 4টা কলা কম হ’ল, আৱৰ্জনা ভৰি গৈ থাকিল সেইবাবে
কোৱাই হয় তমোপ্ৰধান। কোনোৱে লোভত, কোনোৱে মোহত জ্বলি মৰে, এইটো অৱস্থাতে জ্বলি জ্বলি
মৰি যাব লাগিব। এতিয়া তোমালোক সন্তানসকলেতো শিৱবাবাৰ স্মৃতিত শৰীৰ এৰিব লাগে যিজন
শিৱবাবাই এনেকুৱা কৰি তোলে। এই লক্ষ্মী-নাৰায়ণক পিতাই এনেকৈ কৰি গঢ়ি তুলিছে নহয়।
সেয়েহে নিজে কিমান সাৱধান হোৱা উচিত। ধুমুহাতো বহুত আহিব। মায়াৰে ধুমুহা আহে, আন একো
ধুমুহা নাই। যেনেকৈ শাস্ত্ৰত হনুমান আদিৰ কাহিনী লিখি দিছে। এনেকৈ কয় যে ভগৱানে
শাস্ত্ৰ ৰচিছে। ভগৱানেতো সকলো বেদ-শাস্ত্ৰৰ সাৰমৰ্ম শুনায়। ভগৱানেতো সৎগতি কৰি দিলে,
তেওঁৰ শাস্ত্ৰ ৰচনা কৰাৰ কি প্ৰয়োজন। এতিয়া পিতাই কয় – বেয়া নাচাবা। এই শাস্ত্ৰ
আদিৰ দ্বাৰা তোমালোক উচ্চ হ’ব নোৱাৰা। মইতো এই সকলোবোৰৰ পৰা উপৰাম। কোনেও চিনি
নাপায়। পিতা কি হয়, কোনেও নাজানে। পিতাই জানে কোনে কোনে মোৰ সেৱা কৰে অৰ্থাৎ
কল্যাণকাৰী হৈ আনৰো কল্যাণ কৰে, তেৱেঁই অন্তৰত স্থান পায়। কোনোবাতো এনেকুৱাও আছে
যিয়ে সেৱাৰ বিষয়ে নাজানেই। তোমালোক সন্তানসকলে জ্ঞানতো পাইছা যে নিজক আত্মা বুলি
বুজা আৰু পিতাক স্মৰণ কৰা। যদিওবা আত্মা শুদ্ধ হৈ যায়, এই শৰীৰতো তথাপিও পতিত নহয়
জানো। যিসকল আত্মা শুদ্ধ হৈ যায় তেওঁলোকৰ কাৰ্যকলাপত ৰাতি-দিনৰ পাৰ্থক্য থাকে। চলনতো
গম পোৱা যায়। কাৰো নাম লোৱা নহয়, নাম ল’লে জানোচা আৰু বেছি বেয়া হৈ যায়।
এতিয়া তোমালোকে
পাৰ্থক্য চাব পাৰা – তোমালোক কি আছিলা, কি হ’ব লাগে! গতিকে শ্ৰীমতত চলিব নালাগে জানো।
ভিতৰত যি লেতেৰা ভৰি আছে সেয়া আঁতৰাব লাগে। লৌকিক সম্বন্ধতো কিছুমান বহুত বেয়া
সন্তান থাকে তেতিয়া তেওঁলোকৰ কাৰণে পিতাও বিৰক্ত হৈ যায়। তেতিয়া কয় যে এনেকুৱা
সন্তান নহ’লেই ভাল আছিল। ফুলৰ বাগিচাৰ সুবাস থাকে। কিন্তু নাটক অনুসৰি আৱৰ্জনাও আছে।
আকন ফুলতো একেবাৰে চাবলৈও ইচ্ছা নাযায়। কিন্তু বাগিচালৈ গ’লে দৃষ্টিতো সকলোৰে ওপৰত
পৰিব নহয়। আত্মাই ক’ব – এয়া অমুক ফুল। সুবাসো ভাল ফুলৰে ল’ব নহয়। পিতায়ো চায় – এই
আত্মাটি কিমান স্মৃতিৰ যাত্ৰাত থাকে, কিমান পৱিত্ৰ হৈছে আৰু আনকো নিজৰ সমান কৰি তোলে।
জ্ঞান শুনায়! মূল কথাটোৱে হৈছে মনমনাভৱ। পিতাই কয় – মোক স্মৰণ কৰা তেতিয়া পৱিত্ৰ
ফুল হ’বা। এই লক্ষ্মী-নাৰায়ণ কিমান পৱিত্ৰ ফুল আছিল। এওঁলোকতকৈও শিৱবাবা বহুত
পৱিত্ৰ। মনুষ্যই জানো এইটো জানিছিল যে এই লক্ষ্মী-নাৰায়ণকো এনেকৈ শিৱবাবাই গঢ়ি
তুলিছে। তোমালোকে জানা এই পুৰুষাৰ্থৰ দ্বাৰা এনেকুৱা হৈছে। ৰামে কম পুৰুষাৰ্থ
কৰিছিল সেয়েহে চন্দ্ৰবংশী হ’ল। পিতাই বুজাইতো বহুত। এটাতো স্মৃতিৰ যাত্ৰাত থাকিব
লাগে, যাৰ দ্বাৰা মলিনতা আঁতৰিব, আত্মা পৱিত্ৰ হ’বা। তোমালোকৰ ওচৰত সংগ্ৰাহালয় আদিলৈ
বহুত আহে। সন্তানসকলৰ সেৱা কৰাৰ বহুত চখ থাকিব লাগে। সেৱা এৰি কেতিয়াও টোপনি মাৰিব
নালাগে। সেৱাত নিখুঁত হ’ব লাগে। সংগ্ৰাহালয়তো তোমালোকে জিৰণি লোৱাৰ সময় ত্যাগ কৰা।
ডিঙি শুকাই যায়, ভোজন আদিও খাব লাগে কিন্তু অন্তৰ দিনে-ৰাতিয়ে উল্লাসিত হৈ থকা উচিত।
কোনোবা আহিলে তেওঁক ৰাস্তা দেখুওৱা। ভোজন গ্ৰহণ কৰাৰ সময়ত কোনোবা আহিলে তেতিয়া
প্ৰথমে তেওঁক লগ কৰি পাছত ভোজন কৰা উচিত। এনেকুৱা সেৱাধাৰী হ’ব লাগে। কিছুমানৰ বহুত
দেহ-অভিমান আহি যায়, আৰাম ভালপোৱা, নবাব হৈ যায়। পিতাইতো বুজনি দিবই লাগিব। এই নবাবী
ত্যাগ কৰা। পাছত পিতাই সাক্ষাৎকাৰো কৰাব – নিজৰ পদ চোৱা। দেহ-অভিমানৰূপী কুঠাৰ নিজে
নিজৰ ভৰিত মাৰে। বহুত সন্তানে বাবাৰ লগতো জেদ কৰে। হেৰ’, এয়াতো শিৱবাবাৰ ৰথ, এওঁৰ
চম্ভাল কৰিবলগীয়া হয়। ইয়াততো এনেকুৱা আছে যিয়ে অনেক দৰব লৈ থাকে, ডাক্তৰৰ দৰব লৈ
থাকে। যদিও বাবাই কয় – শৰীৰ স্বাস্থ্যৱান কৰি ৰাখিব লাগে কিন্তু নিজৰ অৱস্থাকো চাব
লাগে নহয়। তোমালোকে বাবাৰ স্মৃতিত থাকি ভোজন খোৱা তেতিয়া কেতিয়াও কোনো বস্তুৱে
লোকচান নকৰে। স্মৃতিৰ দ্বাৰা শক্তি ভৰপূৰ হৈ যাব। খাদ্য বহুত শুদ্ধ হৈ যাব। কিন্তু
সেইটো অৱস্থা হোৱা নাই। বাবাইতো কয় – ব্ৰাহ্মণে ৰন্ধা খাদ্য উত্তমতকৈও উত্তম কিন্তু
সেয়া তেতিয়া হ’ব যেতিয়া বাবাৰ স্মৃতিত থাকি ৰান্ধিবা। স্মৃতিত থাকি ৰান্ধিলে তেওঁৰো
(ৰন্ধাজনৰো) লাভ, খাওঁতাসকলৰো লাভ হ’ব।
আকন ফুলো বহুত আছে
নহয়। এই বেচেৰাহঁতে কি পদ পাব। পিতাৰতো দয়া ওপজে। কিন্তু দাস-দাসী হোৱাটোও
নিৰ্ধাৰিত হৈ আছে, ইয়াতে আনন্দিত হ’ব নালাগে। খেয়ালো নকৰে যে মই এনেকুৱা হ’ব লাগে।
দাস-দাসী হোৱাতকৈ চহকী হোৱাতো ভাল, দাস-দাসী ৰাখিব পাৰিব। পিতাইতো কয় – নিৰন্তৰ মোক
এজনক স্মৰণ কৰা, মোক সোঁৱৰি সোঁৱৰি সুখ পোৱা। ভক্তসকলে আকৌ বহি সোৱঁৰণি মালা তৈয়াৰ
কৰিছে। সেয়া ভক্তসকলৰ কাম। পিতাইতো কেৱল কয় – নিজক আত্মা বুলি বুজা, পিতাক স্মৰণ কৰা।
বচ্। বাকী একো জপ নকৰিবা। মালা সোঁৱৰিব নালাগে। পিতাক জানিব লাগে, তেওঁক স্মৰণ
কৰিব লাগে। মুখেৰে বাবা বাবা বুলিও ক’ব নালাগে। তোমালোকে জানা যে তেওঁ হৈছে আমাৰ
আত্মাসকলৰ বেহদৰ পিতা, তেওঁক স্মৰণ কৰিলে আমি সতোপ্ৰধান হৈ যাম অৰ্থাৎ আত্মা কাঞ্চন
হৈ যাব। কিমান সহজ। কিন্তু যুদ্ধক্ষেত্ৰ নহয় জানো। তোমালোকৰ হয়েই মায়াৰ লগত যুদ্ধ।
মায়াই বাৰে বাৰে তোমালোকৰ বুদ্ধিৰ যোগসূত্ৰ ছিঙি দিয়ে। যিমানে বিনাশকালত প্ৰীতি
বুদ্ধিৰ হয় সিমানে পদ পোৱা যায়। কেৱল এজনৰ বাহিৰে আন কোনো যাতে স্মৃতিলৈ নাহে। কল্প
পূৰ্বেও এনেকুৱা ওলাইছিল যি বিজয় মালাৰ দানা হৈছিল। তোমালোক যিসকল ব্ৰাহ্মণ কুলৰ
হোৱা, ব্ৰাহ্মণৰ ৰুদ্ৰ মালা গঁথা হয়, যিসকলে বহুত গুপ্ত পৰিশ্ৰম কৰিছে। জ্ঞানো
গুপ্ত নহয় জানো। পিতাইতো প্ৰতিটো কথা ভালদৰে জানে। ভাল ভাল যিসকলক প্ৰথম নম্বৰৰ
মহাৰথী বুলি ভবা হৈছিল, তেওঁলোক আজি নাই। দেহ-অভিমান বহুত। পিতাৰ স্মৃতিত থাকিব
নোৱাৰে। মায়াই বহুত জোৰেৰে থাপৰ মাৰে। এনেকুৱা বহুত কম আছে যাৰ মালা গাঁথিব পাৰি।
পিতাই তথাপিও সন্তানসকলক বুজায় – নিজক চাই থাকা, আমি কিমান পৱিত্ৰ দেৱতা আছিলোঁ,
পাছত আমি কিহৰ পৰা কি, আৱৰ্জনা হৈ গ’লো। এতিয়া শিৱবাবাক পাইছোঁ সেয়েহে তেওঁৰ মতত
চলিব লাগে। কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। কাৰো স্মৃতি যাতে নাহে। চিত্ৰও কাৰো
ৰাখিব নালাগে। একমাত্ৰ শিৱবাবাৰে যাতে স্মৃতি থাকে। শিৱবাবাৰ শৰীৰতো নাই। এয়াও
খন্তেকৰ কাৰণে ঋণত লওঁ। তোমালোকক এনেকুৱা দেৱী-দেৱতা লক্ষ্মী-নাৰায়ণ কৰি তুলিবলৈ
কিমান পৰিশ্ৰম কৰে। পিতাই কয় – তোমালোকে মোক পতিত সৃষ্টিলৈ মাতা। তোমালোকক পৱিত্ৰ
কৰি তোলোঁ আকৌ পাৱন সৃষ্টিত মোক নামাতাই। তালৈ আহি কি কৰিব! তেওঁৰ সেৱাই হ’ল পৱিত্ৰ
কৰি তোলা। পিতাই জানে একদম জ্বলি ক’লা কয়লা হৈ গৈছে। পিতা তোমালোকক সুন্দৰ কৰি
তুলিবলৈ আহিছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সেৱাত বহুত নিখুঁত হ’ব লাগে। দিনে-ৰাতিয়ে সেৱাৰ উল্লাসত থাকিব লাগে। সেৱা এৰি
কেতিয়াও আৰাম কৰিব নালাগে। পিতাৰ সমান কল্যাণকাৰী হ’ব লাগে।
(2) এজনৰ স্মৃতিৰে
প্ৰীতি বুদ্ধিৰ হৈ ভিতৰৰ মলিনতা আঁতৰাব লাগে। সুগন্ধি ফুল হ’ব লাগে। এই লেতেৰা
জগতখনৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে।
বৰদান:
মন-বুদ্ধিৰ
দ্বাৰা শ্ৰেষ্ঠ স্থিতি ৰূপী আসনত স্থিত হৈ থাকোঁতা তপস্বী মূৰ্ত হোৱা
তপস্বীয়ে সদায় কিবা
নহয় কিবা আসনত বহি তপস্যা কৰে। তোমালোক তপস্বী আত্মাসকলৰ আসন হৈছে - একৰস স্থিতি,
ফৰিস্তা স্থিতি... এই শ্ৰেষ্ঠ স্থিতিবোৰত স্থিত হৈ থাকা অৰ্থাৎ আসনত বহা। স্থূল
আসনততো স্থূল শৰীৰ বহে কিন্তু তোমালোকে এই শ্ৰেষ্ঠ আসনত মন বুদ্ধি স্থিতি কৰা। সেই
তপস্বীসকলে এখন ভৰিত থিয় হৈ যায় আৰু তোমালোকে একৰস স্থিতিত একাগ্ৰ হৈ যোৱা। তেওঁলোকৰ
হৈছে হঠযোগ আৰু তোমালোকৰ হৈছে সহজযোগ।
স্লোগান:
প্ৰেমৰ সাগৰ পিতাৰ সন্তান প্ৰেমেৰে ভৰপূৰ গংগা হৈ থাকা।
পুৰণা সংস্কাৰ
পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
সংস্কাৰ ভিন্ন ভিন্ন
আৰু ভিন্ন হৈয়ে থাকিব কিন্তু সংস্কাৰৰ সংঘাত হোৱা বা কাষৰীয়া হৈ নিজক নিৰাপদে ৰখা –
এয়া নিজৰ ওপৰত। কাৰোবাৰ সংস্কাৰ সংঘাত সৃষ্টি কৰোঁতা হ’লেও দ্বিতীয়গৰাকীয়ে যাতে তালি
নবজোৱা। প্ৰত্যেকে নিজক পৰীক্ষা কৰা। সদায় ইজনে সিজনৰ প্ৰতি স্নেহৰ, শ্ৰেষ্ঠতাৰ
ভাৱনাৰে সম্পৰ্কত আহা, গুণগ্ৰাহী হোৱা তেতিয়া একমতৰ সংগঠন পৰমাত্ম প্ৰত্যক্ষতাৰ
নিমিত্ত হ’ব।