29.11.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – যদি শিৱবাবাৰ প্ৰতি সন্মান আছে তেন্তে তেওঁৰ শ্ৰীমতত চলি থাকা, শ্ৰীমতত চলা মানে পিতাক সন্মান কৰা"

প্ৰশ্ন:
সন্তানসকল পিতাতকৈও ডাঙৰ যাদুকৰ কেনেকৈ?

উত্তৰ:
উচ্চতকৈও উচ্চ পিতাক নিজৰ সন্তান কৰি লোৱা, তন-মন-ধনেৰে পিতাক উত্তৰাধিকাৰী কৰি উৎসৰ্গিত হৈ যোৱা – এয়া হৈছে সন্তানসকলৰ যাদুকৰী। যিসকলে এতিয়া ভগৱানক উত্তৰাধিকাৰী কৰে তেওঁলোক 21 জন্মৰ বাবে উত্তৰাধিকাৰৰ অধিকাৰী হৈ যায়।

প্ৰশ্ন:
বিচাৰ সভা কোনসকলৰ সন্তানৰ কাৰণে বহে?

উত্তৰ:
যিসকলে দান দিয়া বস্তু উভতাই লোৱাৰ সংকল্প কৰে, মায়াৰ বশীভূত হৈ অহিত কৰে তেওঁলোকৰ কাৰণে বিচাৰ সভা বহে।

ওঁম্শান্তি।
আত্মিক বিচিত্ৰ পিতাই বহি বিচিত্ৰ সন্তানসকলক বুজায় অৰ্থাৎ দূৰৈৰ দেশৰ নিবাসী যাক পৰমপিতা পৰমাত্মা বুলি কোৱা হয়। বহুত দূৰৈৰ দেশৰ পৰা আহি এই শৰীৰৰ দ্বাৰা তোমালোকক পঢ়ায়। এতিয়া যিসকলে পঢ়ে তেওঁলোকৰ পঢ়াওঁতাজনৰ লগত যোগসূত্ৰতো আপোনাআপুনি থাকে। ক’বলগীয়া নহয় যে হে সন্তানসকল, শিক্ষকৰ সৈতে যোগযুক্ত হোৱা বা তেওঁক স্মৰণ কৰা। নহয়, ইয়াত পিতাই কয় – হে আত্মিক সন্তানসকল, এওঁ তোমালোকৰ পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়, এওঁৰ সৈতে যোগযুক্ত হৈ থাকা অৰ্থাৎ পিতাক স্মৰণ কৰা। এয়া হ’ল বিচিত্ৰ বাবা। তোমালোকে এওঁক বাৰে বাৰে পাহৰি যোৱা সেইবাবে ক’বলগীয়া হয়। পঢ়াওঁতাজনক স্মৰণ কৰিলে তোমালোকৰ পাপ ভস্ম হৈ যাব। বিধিয়ে এইটো নকয় যে শিক্ষকে ক’ব - মোলৈ চোৱা, ইয়াততো বহুত লাভ হয়। পিতাই কয় – কেৱল মোক স্মৰণ কৰা। এই স্মৃতিৰ বলৰ দ্বাৰাই তোমালোকৰ পাপ খণ্ডন হয়, ইয়াকে কোৱা হয় স্মৃতিৰ যাত্ৰা। এতিয়া আত্মিক বিচিত্ৰ পিতাই সন্তানসকলকৰ ফালে চায়। সন্তানসকলেও নিজক আত্মা বুলি বুজি বিচিত্ৰ পিতাকহে স্মৰণ কৰে। তোমালোক বাৰে বাৰে শৰীৰত আহা। মইতো গোটেই কল্প শৰীৰত নাহোঁ, কেৱল এই সংগমযুগতহে তোমালোকক পঢ়াবলৈ বহুত দূৰৈৰ দেশৰ পৰা আহোঁ। এইটো ভালদৰে স্মৃতিত ৰাখিব লাগে। বাবা আমাৰ পিতা, শিক্ষক আৰু সৎগুৰু হয়। বিচিত্ৰ। তেওঁৰ নিজৰ শৰীৰ নাই, তেন্তে তেওঁ কেনেকৈ আহে? তেওঁ কয় – মই প্ৰকৃতিৰ, মুখৰ আধাৰ ল’বলগীয়া হয়। মইতো বিচিত্ৰ। তোমালোক সকলোৰে চিত্ৰ আছে। মোক ৰথৰতো নিশ্চয় প্ৰয়োজন হয় নহয়। ঘোঁৰা গাড়ীততো নাহোঁ। পিতাই কয় – মই এই শৰীৰত প্ৰৱেশ কৰোঁ, যিজন প্ৰথম নম্বৰৰ তেৱেঁই আকৌ শেষৰ নম্বৰৰ হৈ যায়। যিসকল সতোপ্ৰধান আছিল তেওঁলোকেই তমোপ্ৰধান হয়। সেয়েহে তেওঁলোককে পুনৰ সতোপ্ৰধান কৰি তুলিবলৈ পিতাই পঢ়ায়। তেওঁ বুজায় – এই ৰাৱণৰ ৰাজ্যত 5 বিকাৰৰ ওপৰত বিজয়ী হৈ তোমালোক সন্তানসকল জগতজিৎ হ’ব লাগে। সন্তানসকলে এইটো স্মৃতিত ৰাখিব লাগে যে আমাক বিচিত্ৰ পিতাই পঢ়ায়। পিতাক স্মৰণ নকৰিলে তেতিয়া পাপ কেনেকৈ ভস্ম হ’ব। এই কথাবোৰো এতিয়া সংগমযুগতে শুনা। এবাৰ যি হয় সেয়াই আকৌ কল্পৰ পাছত পুনৰাবৃত্তি হ’ব। কিমান ভাল বুজনি, এই ক্ষেত্ৰত অতি বিশাল বুদ্ধিৰ প্ৰয়োজন। এয়া কোনো সাধু-সন্ত আদিৰ সৎসংগ নহয়। তেওঁক পিতা বুলিও কোৱা আৰু সন্তান বুলিও কোৱা। তোমালোকে জানা – এওঁ আমাৰ পিতাও হয়, সন্তানো হয়। আমি এই সন্তানটিক সকলোবোৰ দি উত্তৰাধিকাৰী কৰি দিওঁ আৰু পিতাৰ পৰা 21 জন্মৰ বাবে উত্তৰাধিকাৰ লওঁ। সকলো আৱৰ্জনা দি পিতাৰ পৰা আমি বিশ্বৰ বাদশ্বাহী লওঁ। সন্তানসকলে এনেকৈ কয় – বাবা আমি ভক্তিমাৰ্গত কৈছিলোঁ যে যেতিয়া আপুনি আহিব তেতিয়া আমি তন-মন-ধন সহিত আপোনাৰ প্ৰতি উৎসৰ্গিত হ’ম। লৌকিক পিতাও সন্তানসকলৰ প্ৰতি উৎসৰ্গিত হয় নহয়। গতিকে ইয়াত তোমালোকে এয়া কেনেকুৱা বিচিত্ৰ পিতাক পাইছা, তেওঁক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ ভস্ম হ’ব আৰু নিজৰ ঘৰলৈ গুচি যাবা। কিমান দীঘলীয়া যাত্ৰা। চোৱা, পিতা ক’ৰপৰা আহে! পুৰণি ৰাৱণৰ ৰাজ্যলৈ। তেওঁ কয় – মোৰ ভাগ্যত পাৱন শৰীৰ নাই। পতিতসকলক পাৱন কৰি তুলিবলৈ কেনেকৈ আহিম। মই পতিত সৃষ্টিতে আহি সকলোকে পাৱন কৰি তুলিবলগীয়া হয়। গতিকে এনেকুৱা শিক্ষকক মূল্য (সন্মান) দিয়া উচিত। বহুত আছে যিয়ে মূল্যই বুজি নাপায়। এয়াও ড্ৰামাত হ’বলগীয়াই আছে। ৰাজধানীততো ক্ৰমানুসৰি সকলোৰে প্ৰয়োজন হয় নহয়। গতিকে সকলো প্ৰকাৰৰ ইয়াতেই তৈয়াৰ হয়। কম পদ পাওঁতাসকলৰ এনেকুৱা অৱস্থা হ’ব। নপঢ়িব, পিতাৰ স্মৃতিতো নাথাকিব। এওঁ হৈছে অতি বিচিত্ৰ পিতা, এওঁৰ চলনো অলৌকিক। এওঁৰ ভূমিকা আৰু কোনেও প্ৰাপ্ত কৰিব নোৱাৰে। এই পিতা আহি তোমালোকক কিমান উচ্চ পাঠ পঢ়ায়, গতিকে তেওঁক মূল্যও দিয়া উচিত। তেওঁৰ শ্ৰীমতত চলা উচিত। কিন্তু মায়াই বাৰে বাৰে পাহৰাই দিয়ে। মায়া ইমান শক্তিশালী যে ভাল ভাল সন্তানসকলকো বগৰাই দিয়ে। পিতাই কিমান ধনৱান কৰি তোলে কিন্তু মায়াই একদম মাথা ঘূৰাই দিয়ে। মায়াৰ পৰা ৰক্ষা পাবলৈ হ’লে পিতাক নিশ্চয় স্মৰণ কৰিব লাগে। বহুত ভাল সন্তান আছে যিসকল পিতাৰ হৈ আকৌ মায়াৰ হৈ যায়, তাৰ কথাই নুসুধিবা, দৃঢ় বিশ্বাসঘাতক হৈ যায়। মায়াই একদম নাকত ধৰি লয়। এষাৰ কথাও আছে নহয় – গজক (হাতীক) গ্ৰাহে (ঘঁৰিয়ালে) খালে। কিন্তু ইয়াৰ অৰ্থ কোনেও বুজি নাপায়। পিতাই প্ৰতিটো কথা ভালদৰে বুজায়। কিছুমান সন্তানে বুজেও কিন্তু পুৰুষাৰ্থৰ ক্ৰম অনুসৰি। কিছুমানৰতো অলপো ধাৰণা নহয়। বহুত উচ্চ পঢ়া নহয় জানো। সেইকাৰণে সেয়া ধাৰণা কৰিব নোৱাৰে। পিতাই ক’ব – এওঁৰ ভাগ্যত ৰাজ্য-ভাগ্য নাই। কিছুমান আকন ফুল, কিছুমান সুবাসিত ফুল। বিচিত্ৰ বাগিচা নহয় জানো। এনেকুৱাতো লাগে নহয়। ৰাজধানীত তোমালোকৰ দাস-দাসী, লগুৱা আদিও থাকিব। নহ’লেনো দাস-দাসী কেনেকৈ পাবা। ৰাজ্য ইয়াতে স্থাপনা হয়। দাস-দাসী, লগুৱা, চণ্ডাল আদি সকলো পাবা। এয়া ৰাজধানী স্থাপনা হৈ আছে। এয়া আচৰিত কথা। পিতাই তোমালোকক ইমান উচ্চ কৰি তোলে গতিকে এনেহেন পিতাক স্মৰণ কৰি প্ৰেমৰ চকুলো বৈ যোৱা উচিত।

তোমালোক মালাৰ দানা নোহোৱা জানো। তোমালোকে কোৱা – বাবা আপুনি কিমান বিচিত্ৰ। কেনেকৈ আহি আমাক পতিতসকলক পাৱন কৰি তুলিবলৈ পঢ়ায়। ভক্তিমাৰ্গত যদিও শিৱৰ পূজা কৰে কিন্তু এইটো জানো বুজি পায় যে এওঁ পতিত-পাৱন হয়, তথাপিও আহ্বান জনাই থাকে – হে পতিত-পাৱন আহক, আহি আমাক ফুলৰ দৰে দেৱী-দেৱতা কৰি তোলক। সন্তানসকলৰ আদেশ পিতাই পালন কৰে আৰু যেতিয়া আহে তেতিয়া কয় – সন্তানসকল, পৱিত্ৰ হোৱা। এই ক্ষেত্ৰতে হুলস্থুল হয়। পিতা বিস্ময়কৰ নহয় জানো। সন্তানসকলক কয় – মোক স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হ’ব। পিতাই জানে যে তেওঁ আত্মাসকলৰ সৈতে কথা পাতে। সকলো আত্মাইহে কৰে, বিকৰ্ম আত্মায়ে কৰে। আত্মায়ে শৰীৰৰ দ্বাৰা ভোগ কৰে। তোমালোকৰ বাবেতো বিচাৰ সভা বহিব। বিশেষকৈ সেইসকল সন্তানৰ কাৰণে যিসকল সেৱাৰ লায়ক হৈ আকৌ বিশ্বাসঘাতক হৈ যায়। এয়াতো পিতাইহে জানে, কেনেকৈ মায়াই গিলি পেলায়। বাবা মই হাৰি গ’লোঁ, মুখ ক’লা কৰি দিলোঁ… এতিয়া ক্ষমা কৰক। অধঃপতিত হ’লা আৰু মায়াৰ হৈ গ’লা এতিয়া আকৌ ক্ষমা কিহৰ। তেওঁলোকেতো বহুত পৰিশ্ৰম কৰিব লাগিব। বহুত আছে যিসকলে মায়াৰ হাতত হাৰি যায়। পিতাই কয় – ইয়াত পিতাৰ ওচৰত দান দি যোৱা পুনৰ উভতাই নল’বা। নহ’লে শেষ হৈ যাবা। হৰিশ্চন্দ্ৰৰ উদাহৰণ আছে নহয়। দান দি উঠি বহুত সাৱধান হৈ থাকিব লাগে। পুনৰ লৈ ল’লে এশ গুণ দণ্ড হৈ যায়। পাছত বহুত কম পদ পাবা। সন্তানসকলে জানে যে এয়া ৰাজধানী স্থাপনা হৈ আছে। আন যিবোৰ ধৰ্ম প্ৰতিষ্ঠা কৰে, তেওঁলোকৰ প্ৰথমৰে পৰা ৰাজত্ব নচলে। ৰাজত্বতো তেতিয়া হয় যেতিয়া 50-60 কোটি হ’বগৈ, তেতিয়া সৈন্যবাহিনী হ’ব। আৰম্ভণিততো এজন-দুজনহে আহে, আকৌ বৃদ্ধি হয়। তোমালোকে জানা যীশুখ্ৰীষ্টও কিবা ভেশত আহিব। প্ৰথম নম্বৰৰজন নিশ্চয় আকৌ শেষৰ নম্বৰত ভিকহু ৰূপত থাকিব। খ্ৰীষ্টানসকলে তৎক্ষণাৎ ক’ব – যথাযথ যীশুখ্ৰীষ্ট এই সময়ত ভিকহু ৰূপত আছে। তেওঁলোকে বুজি পায় যে পুনৰ্জন্মতো ল’বই লাগে। তমোপ্ৰধানতো নিশ্চয় সকলোৱে হ’ব লাগে। এই সময়ত গোটেই সৃষ্টিৰ তমোপ্ৰধান জৰাজীৰ্ণ অৱস্থা। এই পুৰণি সৃষ্টিৰ বিনাশ নিশ্চয় হ’ব। খ্ৰীষ্টান লোকসকলেও কয় – যীশুখ্ৰীষ্টৰ 3000 বছৰ পূৰ্বে স্বৰ্গ আছিল এতিয়া আকৌ নিশ্চয় হ’ব। কিন্তু এই কথাবোৰ কোনে বুজাব। পিতাই কয় – এতিয়া সন্তানসকলৰ সেইটো অৱস্থা ক’ত! বাৰে বাৰে লিখে – আমি যোগযুক্ত হৈ থাকিব নোৱাৰো। সন্তানসকলৰ কৰ্মকাণ্ডৰ পৰা বুজি পায়। বাবাক বাতৰি দিবলৈও ভয় কৰে। পিতাইতো সন্তানসকলক কিমান মৰম কৰে। মৰমেৰে নমস্কাৰ জনায়। সন্তানসকলৰতো অহংকাৰ থাকে। ভাল ভাল সন্তানসকলকো মায়াই পাহৰাই দিয়ে। বাবাই বুজিব পাৰে, তেওঁ কয় – মই জ্ঞানেৰে পৰিপূৰ্ণ। সৰ্বজ্ঞৰ অৰ্থ এইটো নহয় যে মই সকলোৰে অন্তৰৰ কথা জানো। মই আহিছোঁৱেই পঢ়াবলৈ, অন্তৰৰ কথা পাঠ কৰিবলৈ নহয়। মই কাকো পাঠ নকৰো গতিকে এই সাকাৰেও (ব্ৰহ্মায়ো) পাঠ নকৰে। এওঁতো সকলো পাহৰিব লাগে। তেন্তে কি পাঠ কৰিব। তোমালোক ইয়ালৈ পঢ়িবলৈয়ে আহিছা। ভক্তিমাৰ্গেই বেলেগ। অৱনতি হোৱাৰো উপায় লাগে নহয়। এই কথাবোৰৰ দ্বাৰাই তোমালোকৰ অৱনতি হয়। এয়া ড্ৰামাৰ খেল নিৰ্ধাৰিত হৈ আছে। ভক্তিমাৰ্গৰ শাস্ত্ৰ পঢ়ি পঢ়ি তোমালোক অধঃপতিত হৈ তমোপ্ৰধান হৈ যোৱা। এতিয়া তোমালোক এই ছিঃ ছিঃ জগতত একেবাৰে থাকিব নালাগে। কলিযুগৰ পৰা পুনৰ সত্যযুগত আহিব লাগে। এতিয়া এয়া হ’ল সংগমযুগ। এই সকলোবোৰ কথা ধাৰণ কৰিব লাগে। পিতাইহে বুজায়, বাকীতো গোটেই জগতৰ বুদ্ধিত ‘গড্‌ৰেজ’ৰ তলা লাগি আছে। তোমালোকে বুজিছা এওঁলোক দৈৱী গুণ সম্পন্ন আছিল, তেওঁলোকেই আকৌ আসুৰি অৱগুণধাৰী হৈ গ’ল। পিতাই বুজাইছে - এতিয়া ভক্তিমাৰ্গৰ সকলো কথা পাহৰি যোৱা। এতিয়া মই যি শুনাওঁ সেয়া শুনা, বেয়া নুশুনিবা… এতিয়া কেৱল মোৰ কথা শুনা। এতিয়া মই তোমালোকক উদ্ধাৰ কৰিবলৈ আহিছোঁ।

তোমালোক হৈছা ঈশ্বৰীয় সম্প্ৰদায়ৰ। প্ৰজাপিতা ব্ৰহ্মাৰ মুখ কমলৰ দ্বাৰা তোমালোকৰ জন্ম হৈছে, ইমানবিলাক তোলনীয়া সন্তান আছে। তেওঁক আদি দেৱ বুলি কোৱা হয়। মহাবীৰ বুলিও কোৱা হয়। তোমালোক সন্তানসকল মহাবীৰ নোহোৱা জানো – যিসকল যোগবলৰ দ্বাৰা মায়াৰ ওপৰত বিজয়ী হোৱা। পিতাক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। জ্ঞানৰ সাগৰ পিতাই তোমালোকক অবিনাশী জ্ঞান ৰত্নেৰে থালি ভৰাই দিয়ে। তোমালোকক সমৃদ্ধিশালী কৰি দিয়ে। যিসকলে জ্ঞান ধাৰণ কৰে তেওঁলোকে উচ্চ পদ পায়, যিসকলে ধাৰণ নকৰে তেন্তে নিশ্চয় কম পদ পাব। পিতাৰ পৰা তোমালোকে সীমাহীন সম্পত্তি পোৱা। আল্লা আল্লাউদ্দিনৰ কাহিনীও আছে নহয়। তোমালোকে জানা যে তাত আমাৰ কোনো অপ্ৰাপ্ত বস্তু নাথাকে। 21 জন্মৰ বাবে পিতাই উত্তৰাধিকাৰ দি দিয়ে। বেহদৰ পিতাই বেহদৰ উত্তৰাধিকাৰ দিয়ে। হদৰ উত্তৰাধিকাৰ পায়ো বেহদৰ পিতাক নিশ্চয় স্মৰণ কৰে – হে পৰমাত্মা দয়া কৰক, কৃপা কৰক। এইটো জানো কোনোবাই জানে যে তেওঁ কি দিয়ে। এতিয়া তোমালোকে বুজিছা বাবাইতো আমাক বিশ্বৰ মালিক কৰি তোলে। চিত্ৰতো আছে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, ব্ৰহ্মা সাধাৰণভাৱে সন্মুখত বহি আছে। স্থাপনা কৰিলে তেতিয়া নিশ্চয় তেওঁকে মাধ্যম কৰি ল’ব নহয়। পিতাই কিমান ভালদৰে বুজায়। তোমালোকে সম্পূৰ্ণকৈ বুজাব নোৱাৰা। ভক্তিমাৰ্গত শংকৰৰ আগত কয় – জোলোঙা ভৰপূৰ কৰি দিয়ক। আত্মাই কয় – মই কঙাল। মোৰ জোলোঙা ভৰপূৰ কৰি দিয়ক, মোক এনেকুৱা কৰি তোলক। এতিয়া তোমালোক জোলোঙা ভৰাবলৈ আহিছা। তোমালোকে কোৱা – আমিতো নৰৰ পৰা নাৰায়ণ হ’ব বিচাৰো। এই পঢ়া হয়েই নৰৰ পৰা নাৰায়ণ হোৱাৰ। পুৰণি সৃষ্টিত আহিবলৈ কাৰ অন্তৰে বিচাৰিব! কিন্তু নতুন সৃষ্টিলৈতো সকলো নাহে। কোনোবা 25 শতাংশ পুৰণি সৃষ্টিলৈ আহিব। কিবা কমতো হ’বই নহয়। কাৰোবাক অকণমানো বাৰ্তা দিলে তেতিয়া তোমালোক স্বৰ্গৰ মালিক নিশ্চয় হ’বা। এতিয়া সকলো নৰকৰ মালিক নহয় জানো। ৰজা, ৰাণী, প্ৰজা সকলো নৰকৰ মালিক। তেওঁলোক দ্বৈত মুকুটধাৰী আছিল। এতিয়া সেয়া নাই। আজিকালিতো ধৰ্ম আদিক কোনেও নামানেই। দেৱী-দেৱতা ধৰ্মই সমাপ্ত হৈ গৈছে। গোৱা হয় – ধৰ্মই শক্তি, ধৰ্মক নমনা বাবে শক্তি নাই। পিতাই বুজায় – মৰমৰ সন্তানসকল, তোমালোকেই পূজ্যৰ পৰা পূজাৰী হোৱা। 84 জন্ম লোৱা নহয়। আমিয়ে ব্ৰাহ্মণ তাৰপাছত দেৱতা, আকৌ আমিয়ে ক্ষত্ৰিয়… বুদ্ধিত এই গোটেই চক্ৰ আহি যায় নহয়। এই 84ৰ চক্ৰ আমি পৰিক্ৰমা লগায়ে থাকোঁ, এতিয়া পুনৰ ঘৰলৈ উভতি যাব লাগে। পতিত কোনো যাব নোৱাৰে। আত্মাহে পতিত অথবা পাৱন হয়। সোণত খাদ নপৰে জানো। অলংকাৰত নপৰে, এয়া হ’ল জ্ঞান অগ্নি যাৰ দ্বাৰা গোটেই খাদ দূৰ হৈ তোমালোক সঁচা সোণ হৈ যাবা পাছত অলংকাৰো তোমালোকে ভাল পাবা। এতিয়া আত্মা পতিত সেয়েহে পাৱনৰ আগত গৈ নমন কৰে। সকলোতো আত্মায়ে কৰে নহয়। এতিয়া পিতাই বুজায় – সন্তানসকল, কেৱল মামেকম্‌ (মাত্ৰ মোক) স্মৰণ কৰা তেতিয়া নাও পাৰ হৈ যাব। পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিলৈ গুচি যাবা। এতিয়া যিয়ে যিমান পুৰুষাৰ্থ কৰিব। সকলোকে এইটোৱে পৰিচয় দি থাকা। সেয়া হ’ল হদৰ পিতা, এয়া হ’ল বেহদৰ পিতা। সংগমতে পিতা স্বৰ্গৰ উত্তৰাধিকাৰ দিবলৈ আহে। গতিকে এনেহেন পিতাক স্মৰণ কৰিব নালাগে জানো। শিক্ষকক কেতিয়াবা বিদ্যাৰ্থীয়ে পাহৰে জানো! কিন্তু ইয়াত মায়াই পাহৰাই থাকিব। বহুত সাৱধান হৈ থাকিব লাগে। যুদ্ধক্ষেত্ৰ হয়। পিতাই কয় – এতিয়া বিকাৰগ্ৰস্ত নহ’বা, মলিন নহ’বা। এতিয়াতো স্বৰ্গলৈ যাব লাগে। পৱিত্ৰ হৈহে পৱিত্ৰ নতুন সৃষ্টিৰ মালিক হ’বাগৈ। তোমালোকক বিশ্বৰ বাদশ্বাহী দিওঁ। এয়া জানো কম কথা? কেৱল এই এটা জন্ম পৱিত্ৰ হোৱা। এতিয়া পৱিত্ৰ নহ’লে তেতিয়া অধঃপতিত হৈ যাবা। প্ৰলোভন বহুত আছে। কামৰ ওপৰত বিজয়ী হ’লে তোমালোক জগতৰ মালিক হ’বাগৈ। তোমালোকে স্পষ্টকৈ ক’ব পাৰা যে পৰমপিতা পৰমাত্মাই জগতগুৰু যিজনে গোটেই জগতক সৎগতি দিয়ে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) অবিনাশী জ্ঞান ৰত্নৰে বুদ্ধিৰূপী জোলোঙা ভৰপূৰ কৰি সমৃদ্ধিশালী হ’ব লাগে। কোনো ধৰণৰ অহংকাৰ দেখুৱাব নালাগে।

(2) সেৱাৰ লায়ক হৈ আকৌ কেতিয়াও বিশ্বাসঘাতক হৈ অহিত কৰিব নালাগে। দান দিয়াৰ পাছত বহুত খবৰদাৰ হৈ থাকিব লাগে, কেতিয়াও উভতাই লোৱাৰ খেয়াল যাতে নাহে।

বৰদান:
পোনপটীয়াকৈ পৰমাত্ম লাইটৰ সংযোগৰ দ্বাৰা অন্ধকাৰ দূৰ কৰোঁতা ‘লাইট-হাউচ’ হোৱা

তোমালোক সন্তানসকলৰ পোনপটীয়া পৰমাত্ম লাইটৰ সংযোগ আছে। কেৱল পোনপটীয়া লাইনৰ সৈতে থকা স্বমানৰ স্মৃতিৰ বুটাম সক্ৰিয় কৰা তেতিয়া লাইট আহি যাব আৰু যিমানেই গভীৰ সূৰ্যৰ কিৰণকো ঢাকি ৰাখা ক’লা ডাৱৰ নাথাকক, সেয়াও আঁতৰি যাব। ইয়াৰ দ্বাৰা নিজেতো লাইট হৈ থাকিবাই লগতে আনৰ বাবেও ‘লাইট-হাউচ’ হৈ যাবা।

স্লোগান:
স্ব-পুৰুষাৰ্থত তীব্ৰ হোৱা তেতিয়া তোমালোকৰ প্ৰকম্পনেৰে আনৰ মায়া সহজে আঁতৰি যাব।


সফলতামূৰ্ত হ’বলৈ আজিৰ অব্যক্ত সংকেত:
সেৱাত বা নিজৰ আৰোহণ কলাত সফলতাৰ মুখ্য আধাৰ হৈছে – একমাত্ৰ পিতাৰ প্ৰতি অটুট স্নেহ। পিতাৰ বাহিৰে অন্য একো যাতে দৃষ্টিগোচৰ নহয়। সংকল্পতো বাবা, বাণীতো বাবা, কৰ্মতো পিতাৰ সান্নিধ্য, এনেকুৱা স্নেহত লীন স্থিতিত থাকি যদি এটা শব্দও কোৱা তেন্তে সেই স্নেহৰ বাণীয়ে অন্য আত্মাসকলকো স্নেহত বান্ধি দিব। এনেকুৱা স্নেহত লীন আত্মাৰ এটি ‘বাবা’ শব্দই যাদুমন্ত্ৰৰ কাম কৰিব।