30.01.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এই পুৰণি সৃষ্টিত একো সাৰ নাই, সেইবাবে তোমালোকে ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে, পিতাৰ স্মৃতি পাহৰিলে শাস্তি খাব লাগিব"

প্ৰশ্ন:
পিতাৰ মুখ্য নিৰ্দেশনা কোনটো? তাৰ উলংঘন কিয় হয়?

উত্তৰ:
পিতাৰ নিৰ্দেশনা হ'ল - কাৰো পৰা সেৱা নল’বা কিয়নো তোমালোক নিজেই সেৱক। কিন্তু দেহ-অভিমানৰ কাৰণে পিতাৰ এই নিৰ্দেশনা উলংঘন কৰে। পিতাই কয় - তোমালোকে যদি ইয়াত সুখ লোৱা তেন্তে তাৰ সুখ কম হৈ যাব। বহুত সন্তানে কয় - আমিতো স্বতন্ত্ৰ হৈ থাকিম কিন্তু তোমালোক সকলো পিতাৰ ওপৰত নিৰ্ভৰ কৰা।

গীত:
দিল কা চাহাৰা টুট ন জায়ে…... (অন্তৰৰ আলম্বন যাতে ছিঙি নাযায়...)

ওঁম্শান্তি।
শিৱ ভগৱানুবাচ (ভগৱানে কয়) নিজৰ শালগ্ৰামসকলৰ প্ৰতি। শিৱ আৰু শালগ্ৰামকতো সকলো মনুষ্যই জানে। উভয়ে নিৰাকাৰ। এতিয়া শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলি ক’ব নোৱাৰে। ভগৱান এজনেই হয়। গতিকে শিৱ ভগৱানুবাচ কাৰ প্ৰতি? আত্মিক সন্তানসকলৰ প্ৰতি। পিতাই বুজাইছে সন্তানসকলৰ এতিয়া পিতাৰ সৈতেই সম্পৰ্ক কিয়নো পতিত-পাৱন জ্ঞানৰ সাগৰ, স্বৰ্গৰ উত্তৰাধিকাৰ দিওঁতাতো শিৱবাবাই হয়। স্মৰণো তেওঁকে কৰিব লাগে। ব্ৰহ্মা হ'ল তেওঁৰ ভাগ্যশালী ৰথ। ৰথৰ দ্বাৰাই পিতাই উত্তৰাধিকাৰ দিয়ে, ব্ৰহ্মা উত্তৰাধিকাৰ দিওঁতা নহয়, তেওঁতো লওঁতাহে। গতিকে সন্তানসকলে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। উদাহৰণস্বৰূপে ধৰি লোৱা যদি ৰথখনৰ কিবা অসুবিধা হয় বা কাৰণে-অকাৰণে সন্তানসকলে মুৰুলী নাপায় তেতিয়া সন্তানসকলৰ মনোযোগ শিৱবাবাৰ ফালে যায়। তেওঁতো কেতিয়াও বেমাৰত পৰিব নোৱাৰে। সন্তানসকলে ইমান জ্ঞান পাইছে তেওঁলোকেও বুজাব পাৰে। প্ৰদৰ্শনীত সন্তানসকলে কিমান বুজায়। জ্ঞানতো সন্তানসকলৰ আছে নহয়। প্ৰত্যেকৰে বুদ্ধিত চিত্ৰৰ জ্ঞান ভৰি আছে। সন্তানসকলক কোনেও ৰখাব নোৱাৰে। ধৰি লোৱা যদি ডাক অহা-যোৱা বন্ধ হৈ যায়, ধৰ্মঘট হৈ যায় তেতিয়া কি কৰিবা? জ্ঞানতো সন্তানসকলৰ আছে। বুজাব লাগে সত্যযুগ আছিল, এতিয়া হৈছে কলিযুগ পুৰণি সৃষ্টি। গীততো কয় পুৰণি সৃষ্টিত কোনো সাৰ নাই, ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। নহ’লে শাস্তি খাবলগীয়া হ’ব। পিতাৰ স্মৃতিৰে শাস্তি খণ্ডন হৈ গৈ থাকিব। এনেকুৱা হ’ব নালাগে যে পিতাৰ স্মৃতি পাহৰি যাবা তেতিয়া শাস্তি খাবলগীয়া হ’ব আৰু পুৰণি সৃষ্টিলৈ গুচি যাবা। এনেকৈতো বহুত গুচি গ'ল, যাৰ পিতাৰ স্মৃতিয়েই নাই। পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আসক্তি জাগিল, সময় বহুত বেয়া। কাৰোবাৰ প্ৰতি অন্তৰৰ আসক্তি ৰাখিলে বহুত শাস্তি খাবা। সন্তানসকলে জ্ঞান শুনিব লাগে। ভক্তিমাৰ্গৰ গীতো শুনিব নালাগে। এতিয়া তোমালোক সংগমত আছা। জ্ঞান সাগৰ পিতাৰ দ্বাৰা তোমালোকে সংগমতেই জ্ঞান পোৱা। জগতত এইটো কোনেও নাজানে যে জ্ঞান সাগৰ এজনেই। তেওঁ যেতিয়া জ্ঞান দিয়ে তেতিয়া মনুষ্যৰ সৎগতি হয়। সৎগতি দাতা এজনেই গতিকে তেওঁৰ মতত চলিব লাগে। মায়াই কাকোৱে ৰেহাই নিদিয়ে। দেহ-অভিমানত অহাৰ পাছতে কিবা নহয় কিবা ভুল হয়। কোনোবা আধা কামৰ বশীভূত হৈ যায়, কোনোবা ক্ৰোধৰ বশীভূত হয়। মনত ধুমুহা আহে… মৰম কৰোঁ, এইটো কৰোঁ…। কাৰো শৰীৰৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। পিতাই কয় - নিজক আত্মা বুলি বুজিলে তেতিয়া শৰীৰৰ বোধ নাথাকিব। নহ’লে পিতাৰ আজ্ঞা উলংঘন হৈ যায়। দেহ-অহংকাৰৰ বাবে বহুত লোকচান হয় সেইবাবে দেহ সহিত সকলো পাহৰি যাব লাগে। মাত্ৰ পিতা আৰু ঘৰক স্মৰণ কৰিব লাগে। আত্মাসকলক পিতাই বুজায়, শৰীৰৰ দ্বাৰা কাম কৰি থাকিও মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম ভস্ম হৈ যাব। ৰাস্তাতো বহুত সহজ। এইটোও বুজি পায় যে তোমালোকৰ দ্বাৰা ভুল হৈ থাকে। কিন্তু এনেকুৱা হ'ব নালাগে যে ভুলতেই আৱদ্ধ হৈ যাবা। এবাৰ ভুল হ'লে পুনৰাই সেই ভুল কৰিব নালাগে। নিজৰ কাণত ধৰিব লাগে, তেতিয়া সেই ভুল পুনৰ নহ’ব। পুৰুষাৰ্থ কৰিব লাগে। যদি বাৰে বাৰে ভুল হৈ থাকে তেন্তে বুজিব লাগে মোৰ বহুত লোকচান হ'ব। ভুল কৰি কৰিয়েতো দুৰ্গতি নহ’ল জানো। কিমান ডাঙৰ ছিৰি নামি কি হৈ গ'লা! আগতেতো এই জ্ঞান নাছিল। এতিয়া পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জ্ঞানত সকলো প্ৰবীণ হৈ গৈছে। যিমান পাৰি অৰ্ন্তমুখী হৈও থাকিব লাগে, মুখেৰে একো ক'ব নালাগে। যিসকল জ্ঞানত প্ৰবীণ সন্তান আছে তেওঁলোকে কেতিয়াও পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিব। তেওঁলোকৰ বুদ্ধিত থাকিব - মইতো ৰাৱণৰাজ্যৰ বিনাশ কৰিব বিচাৰোঁ। এই শৰীৰো পুৰণা ৰাৱণ সম্প্ৰদায়ৰ, গতিকে আমি ৰাৱণ সম্প্ৰদায়ক কিয় স্মৃতিলৈ আনিম? এক ৰামকেই স্মৰণ কৰিম। সঁচা পিতাব্ৰতা হৈছা নহয়।

পিতাই কয় - মোক স্মৰণ কৰি থাকিলে তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। পিতাব্ৰতা অথবা ভগৱান ব্ৰতা হ'ব লাগে। ভক্তই ভগৱানকে স্মৰণ কৰে যে হে ভগৱান আপুনি আহি আমাক সুখ-শান্তিৰ উত্তৰাধিকাৰ দিয়ক। ভক্তিমাৰ্গততো কুৰ্বানি দিয়ে, বলি দিয়ে। ইয়াত বলি দিয়াৰ কথাতো নাই। আমিতো জীৱন্তে মৰি যাওঁ অৰ্থাৎ উছৰ্গিত হওঁ। এয়া হৈছে জীৱন্তে পিতাৰ হৈ যোৱা কিয়নো তেওঁৰ পৰা উত্তৰাধিকাৰ ল’ব লাগে। তেওঁৰ মতত চলিব লাগে। জীৱন্তে নিজক বলি দিয়া, কুৰ্বান হৈ যোৱা বাস্তৱত সেয়া এতিয়াৰ কথা। ভক্তিমাৰ্গত আকৌ তেওঁলোকে কিমান জীৱঘাত কৰে। ইয়াত জীৱঘাতৰ কথা নাই। পিতাই কয় - নিজক আত্মা বুলি বুজা, পিতাৰ সৈতে যোগসূত্ৰ গঢ়া, দেহ-অভিমানত নাহিবা। উঠোঁতে-বহোঁতে পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰা। শতকৰা 100 ভাগ উত্তীৰ্ণতো কোনো হোৱা নাই। তল-ওপৰ হৈ থাকে। ভুল হয়, যদি সাৱধান কৰি নিদিয়ে তেন্তে ভুল এৰিবা কেনেকৈ? মায়াই কাকোৱে ৰেহাই নিদিয়ে। এনেকৈ কয় যে বাবা মই মায়াৰ হাতত হাৰি গ'লোঁ, পুৰুষাৰ্থও কৰোঁ কিন্তু নাজানো কি হয়। মোৰ দ্বাৰা ইমান ডাঙৰ ভুল কেনেকৈ হয় নাজানো। বুজিও পাওঁ ব্ৰাহ্মণ কুলত ইয়াৰ দ্বাৰা মোৰ নাম বদনাম হয়। তথাপিও মায়াৰ এনেকুৱা প্ৰহাৰ হয় একোৱে বুজিব নোৱাৰোঁ। দেহ-অভিমানত আহিলে যেন বিচাৰ বুদ্ধিহীন হৈ যায়। বিচাৰ বুদ্ধিহীন কৰ্ম হ’লে তেতিয়া গ্লানিও হয়, উত্তৰাধিকাৰো কম হৈ যায়। এনেকুৱা বহুত ভুল কৰে। মায়াই এনেকুৱা জোৰেৰে থাপৰ লগাই দিয়ে যে নিজেতো পৰাজয় হয়েই আকৌ তাৰপাছত ক্ৰোধৰ বশীভূত হৈ কাৰোবাক থাপৰ বা জোতা আদি মাৰিবলৈ লাগি যায় পাছত পশ্চাতাপো কৰে। বাবাই কয় - এতিয়াতো বহুত পৰিশ্ৰম কৰিব লাগে। নিজৰো লোকচানৰ কৰিলা আৰু আনৰো লোকচান কৰিলা, কিমান ঘাটি হৈ গ'ল। ৰাহুৰ গ্ৰহণ লাগি গ’ল। এতিয়া পিতাই কয় - দান দিলে গ্ৰহণ আঁতৰিব। ৰাহুৰ গ্ৰহণ লাগি গ’লে তেতিয়া সময় লয়। ছিৰি উঠি পুনৰ নমা তেনেক্ষেত্ৰত অসুবিধা হয়। মনুষ্যৰ মদ্যপানৰ অভ্যাস হৈ গ'লে তেতিয়া এৰিবলৈ কিমান অসুবিধা হয়। সকলোতকৈ ডাঙৰ ভুল হৈছে – মুখ ক'লা কৰা। বাৰে বাৰে শৰীৰ স্মৃতিলৈ আহে। আকৌ সন্তান আদি হ’লে সন্তানৰে স্মৃতি থাকে। তেওঁ আকৌ আনক কি জ্ঞান দিব। তেওঁৰ কথা কোনেও নুশুনিবই। আমিতো এতিয়া সকলোকে পাহৰিবলৈ চেষ্টা কৰি এজনক স্মৰণ কৰোঁ। এই ক্ষেত্ৰত বহুত চম্ভালিবলগীয়া হয়। মায়া বহুত তীক্ষ্ণ। গোটেই দিন শিৱবাবাৰ স্মৃতিত থকাৰে খেয়াল থাকিব লাগে। এতিয়া নাটক পূৰা হ’ল, আমি যাব লাগে। এই শৰীৰো নাশ হৈ যাব। যিমানে পিতাক স্মৰণ কৰিবা তেতিয়া দেহ-অভিমান আঁতৰি গৈ থাকিব আৰু কোনো স্মৃতিলৈ নাহিব। কিমান উচ্চ লক্ষ্য, পিতাৰ বাহিৰে কাৰো প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। নহ’লে নিশ্চয় তেওঁ সন্মুখত আহিব। প্ৰতিশোধ নিশ্চয় ল'ব। বহুত উচ্চ লক্ষ্য। কোৱাতো বৰ সহজ, লাখ লাখৰ ভিতৰত কোনোবা এটি মণিহে ওলায়। কোনোবাই বৃত্তিও পায়। যিয়ে ভালদৰে যত্ন কৰিব, নিশ্চয় বৃত্তি পাব। সাক্ষী হৈ চাব লাগে, কেনেকৈ সেৱা কৰোঁ? বহুত সন্তানে বিচাৰে পাৰ্থিৱ সেৱা বাদ দি ইয়াত লাগি যাওঁ। কিন্তু পিতাই অৱস্থাও চায়। অকলে আছে, কোনো সম্বন্ধীয় নাই তেতিয়া কোনো অসুবিধা নাই। তথাপিও কয় চাকৰিও কৰা আৰু এই সেৱাও কৰা। চাকৰিতো বহুতৰ লগত দেখা-সাক্ষাৎ হ'ব। তোমালোক সন্তানসকলেতো বহুত জ্ঞান পাইছা। সন্তানসকলৰ দ্বাৰা পিতাই বহুত সেৱা কৰাই থাকে। কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰি সেৱা কৰায়। সেৱাতো কৰিবই লাগে। যাৰ গুৰু দায়িত্ব থাকে তেওঁ কেনেকৈ টোপনি যাব! শিৱবাবাতো হয়েই জাগ্ৰত জ্যোতি। পিতাই কয় - মইতো দিনে-ৰাতিয়ে সেৱা কৰোঁ, শৰীৰ ভাগৰি পৰে। তেতিয়া আত্মাই কি কৰিব, শৰীৰে কাম নিদিয়ে। পিতাৰতো অক্লান্ত নহয় জানো। তেওঁ হ'ল জাগ্ৰত জ্যোতি, গোটেই সৃষ্টিকে জগায়। তেওঁৰ ভূমিকাই বিস্ময়কৰ, যাক তোমালোক সন্তানসকলৰ ভিতৰতো বহুত কম সংখ্যকেহে জানে। কালৰো কাল হৈছে পিতা। তেওঁৰ আজ্ঞা নামানিলে তেতিয়া ধৰ্মৰজাৰ দ্বাৰা শাস্তি পাবা। পিতাৰ মুখ্য নিৰ্দেশনা হ'ল - কাৰো পৰা সেৱা নল’বা। কিন্তু দেহ-অভিমানত আহি পিতাৰ আজ্ঞা উলংঘন কৰে। বাবাই কয় - তোমালোক নিজেই সেৱক। ইয়াত যদি সুখ লোৱা তেন্তে তাত সুখ কম হৈ যাব। অভ্যাস হৈ গ'লে সেৱক অবিহনে থাকিব নোৱাৰে। বহুতে কয় – মইতো স্বাধীন হৈ থাকিম কিন্তু পিতাই কয় – নিৰ্ভৰশীল হৈ থকাতো ভাল। তোমালোক সকলোৱে পিতাৰ ওপৰত নিৰ্ভৰ কৰা। স্বাধীন হ'লে অৱনমিত হৈ যায়। তোমালোক সকলোৱে শিৱবাবাৰ ওপৰত নিৰ্ভৰ কৰা। গোটেই সৃষ্টিখনেই নিৰ্ভৰ কৰে, সেইবাবেতো কয় পতিত-পাৱন আহক। তেওঁৰ পৰাই সুখ শান্তি পোৱা যায়, কিন্তু নুবুজে। এই ভক্তিমাৰ্গৰ সময়ো অতিক্ৰম কৰিবই লাগে, যেতিয়া ৰাতিপুৰা হয় তেতিয়া পিতা আহে। এক চেকেণ্ডো হীনডেঢ়ি হ’ব নোৱাৰে। পিতাই কয় - মই এই ড্ৰামাক জানোঁ। ড্ৰামাৰ আদি-মধ্য-অন্তক আন কোনেও নাজানে। সত্যযুগৰ পৰা এই জ্ঞান প্ৰায় লোপ হৈ যায়। এতিয়া তোমালোকে ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তক জানা, ইয়াকে জ্ঞান বুলি কোৱা হয়, বাকী সকলো হৈছে ভক্তি। পিতাক জ্ঞানৱান বুলি কোৱা হয়। আমি সেই জ্ঞান পাই আছোঁ। সন্তানসকলৰ নিচাও ভাল হ'ব লাগে। কিন্তু এইটোও নুবুজে যে ৰাজধানী স্থাপনা হৈ আছে। কিছুমানতো প্ৰজাৰ ভিতৰতো চাকৰ হৈ যায়। জ্ঞান অলপো নুবুজে। আচৰিত নহয়নে? জ্ঞানতো বহুত সহজ। 84 জন্মৰ চক্ৰ এতিয়া পূৰা হ’ল। এতিয়া নিজৰ ঘৰলৈ যাব লাগে। আমি হৈছোঁ ড্ৰামাৰ মুখ্য ভাৱৰীয়া। গোটেই ড্ৰামাখনক জানি গৈছোঁ। গোটেই ড্ৰামাত আমি হৈছোঁ নায়ক-নায়িকাৰ ভূমিকা পালন কৰা ভাৱৰীয়া। কিমান সহজ। কিন্তু ভাগ্যত নাথাকিলে পুৰুষাৰ্থই কি কৰিব! পঢ়াত এনেকুৱা হয়েই। কিছুমান অনুত্তীৰ্ণ হৈ যায়, কিমান ডাঙৰ স্কুল। ৰাজধানী স্থাপনা হ’ব। এতিয়া যিয়ে যিমান পঢ়িব, সন্তানসকলে জানিব পাৰে মই কি পদ পাম? অনেক আছে, সকলোৱেতো উত্তৰাধিকাৰী নহ'ব, পৱিত্ৰ হোৱাতো বহুত কঠিন। পিতাই কিমান সহজকৈ বুজায়, এতিয়া নাটক পূৰা হৈছে। পিতাৰ স্মৃতিৰে সতোপ্ৰধান হৈ সতোপ্ৰধান সৃষ্টিৰ মালিক হ'ব লাগে। যিমান পাৰি স্মৃতিত থাকিব লাগে। কিন্তু ভাগ্যত নাথাকিলে আকৌ পিতাৰ পৰিৱৰ্তে আন কাৰোবাক স্মৰণ কৰে। অন্তৰৰ আকৰ্ষণ ৰাখিলে আকৌ বহুত কান্দিবলগীয়াও হয়। পিতাই কয় - এই পুৰণি সৃষ্টিৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। এয়াতো নাশ হৈ যাব। এয়া আন কোনেও নাজানে। তেওঁলোকেতো বুজে যে কলিযুগ এতিয়া বহুত সময় ধৰি চলিব। ঘোৰ নিদ্ৰাত শুই আছে। তোমালোকৰ এই প্ৰদৰ্শনী প্ৰজা তৈয়াৰ কৰাৰ বাবে বিহংগ মাৰ্গৰ (তীব্ৰ গতিৰ) সেৱাৰ সাধন। কোনোবা ৰজা-ৰাণীও ওলাব। বহুত আছে যাৰ সেৱাৰ ভাল চখ আছে। আকৌ কোনোবা গৰিব, কোনোবা চহকী হয়। আনক নিজৰ সমান কৰি তোলে, তাৰো মুনাফা পোৱা যায়। অন্ধৰ লাখুটি হ’ব লাগে, মাত্ৰ এইটো ক'ব লাগে যে পিতা আৰু উত্তৰাধিকাৰক স্মৰণ কৰক, বিনাশ সন্মুখত। যেতিয়া বিনাশৰ সময় সমীপত দেখিব তেতিয়া তোমালোকৰ কথা শুনিব। তোমালোকৰ সেৱাও বৃদ্ধি হৈ গৈ থাকিব, বুজিব এয়াতো একেবাৰে সঠিক কথা। তোমালোকেতো জপিয়াই থাকা যে বিনাশ হ'ব।

তোমালোকৰ প্ৰদৰ্শনী, মেলাৰ সেৱা বৃদ্ধি পাই থাকিব। চেষ্টা কৰিব লাগে যাতে ভাল ডাঙৰ কোঠালী পোৱা যায়, ভাড়া দিবলৈতো আমি তৈয়াৰ আছোঁ। এনেকৈ ক’বা যে, আপোনাৰ নাম আৰু উজ্জ্বল হ'ব। বহুতৰ এনেকুৱা ডাঙৰ কোঠালী পৰি থাকে। পুৰুষাৰ্থ কৰিলে 3 (তিনি) পদ ভূমিও পাই যাবা। তেতিয়ালৈকে তোমালোকে সৰু সৰু প্ৰদৰ্শনী অনুষ্ঠিত কৰি থাকা। শিৱ জয়ন্তী পালন কৰিলে তেতিয়াও প্ৰভাৱ বিস্তাৰ হ’ব। তোমালোকে লিখাও যে শিৱ জয়ন্তীৰ দিনটো ছুটি ঘোষণা কৰিব লাগে। বাস্তৱত জন্মদিনতো এজনৰে পালন কৰিব লাগে। তেৱেঁই পতিত-পাৱন। বাস্তৱত মোহৰো আচলতে এই ত্ৰিমূৰ্তিৰ। সত্যমেৱ জয়তে…. এয়া হ'ল বিজয় প্ৰাপ্ত কৰাৰ সময়। বুজাওঁতাজনো ভাল হ'ব লাগে। সকলো সেৱাকেন্দ্ৰৰ যিসকল মুখ্য আছে তেওঁলোকে মনোযোগ দিব লাগে। নিজৰ মোহৰ উলিয়াব পাৰে। এয়া হ’ল ত্ৰিমূৰ্তি শিৱ জয়ন্তী। কেৱল শিৱ জয়ন্তী বুলি ক’লে বুজিব নোৱাৰিব। এতিয়া কামতো সন্তানসকলেই কৰিব লাগে। বহুতৰ কল্যাণ হ’লে কিমান লিফ্‌ট পাবা, সেৱাৰ লিফ্‌ট বহুত পোৱা যায়। প্ৰদৰ্শনীৰ দ্বাৰা বহুত সেৱা হ’ব পাৰে। প্ৰজাতো তৈয়াৰ হ’ব নহয়। পিতাই লক্ষ্য কৰে সেৱাত কোনসকল সন্তানৰ মনোযোগ থাকে! অন্তৰতো তেওঁলোকেই অধিষ্ঠিত হ’ব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যদি এবাৰ কিবা ভুল হয়, তেন্তে সেই সময়তে কাণত ধৰিব লাগে, দ্বিতীয়বাৰ যাতে সেইটো ভুল নহয়। কেতিয়াও দেহ অহংকাৰত আহিব নালাগে। জ্ঞানত প্ৰবীণ হৈ অন্তৰ্মুখী হৈ থাকিব লাগে।

(2) সঁচা পিতাব্ৰতা হ’ব লাগে, জীৱন্তে উৎসৰ্গিত হ’ব লাগে। কাৰো প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। বুদ্ধিহীনৰ দৰে একো কাম কৰিব নালাগে।

বৰদান:
বিচ্ছেদক সদাকালৰ বাবে বিদায় দিওঁতা স্নেহী স্বৰূপ হোৱা

স্নেহীৰ যি পচন্দ সেয়া স্নেহ কৰোঁতাজনৰো পচন্দ হওঁক - এয়াই স্নেহৰ স্বৰূপ। চলা-ফুৰা কৰা, খোৱা-বোৱা-থকা স্নেহীৰ অন্তৰ পচন্দৰ হওঁক সেই কাৰণে যিয়েই সংকল্প বা কৰ্ম কৰা প্ৰথমে ভাবা যে এয়া স্নেহী পিতাৰ অন্তৰ পচন্দৰ হয়নে। এনেকুৱা সঁচা স্নেহী হোৱা তেতিয়া নিৰন্তৰ যোগী, সহজযোগী হৈ যাবা। যদি স্নেহী স্বৰূপক সমান স্বৰূপলৈ পৰিৱৰ্তন কৰি দিয়া তেতিয়া ‘অমৰ ভৱ’ৰ বৰদান প্ৰাপ্ত হৈ যাব আৰু বিচ্ছেদে সদাকালৰ বাবে বিদায় লৈ ল’ব।

স্লোগান:
স্বভাৱ সৰল আৰু পুৰুষাৰ্থ মনোযোগী কৰি তোলা।


শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

যেনেকৈ বীজত গোটেই বৃক্ষ সমাহিত হৈ থাকে, তেনেকৈ সংকল্প ৰূপী বীজত গোটেই বৃক্ষৰ বিস্তাৰ সমাহিত হৈ যাওঁক তেতিয়া সংকল্পৰ অস্থিৰতা সমাপ্ত হৈ যাব। যেনেকৈ আজিকালি জগতত ৰাজনীতিৰ অস্থিৰতা, বস্তুৰ মূল্যৰ অস্থিৰতা, মুদ্ৰাৰ অস্থিৰতা, কৰ্মভোগৰ অস্থিৰতা, ধৰ্মৰ অস্থিৰতা… বাঢ়ি গৈ আছে। সেই অস্থিৰতাৰ পৰা নিজক বা সকলোকে ৰক্ষা কৰিবলৈ মন-বুদ্ধি একাগ্ৰ কৰাৰ অভ্যাস কৰি শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰি থাকা।