30.01.26 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“গোটেই কল্পৰ এয়া হ’ল সৰ্বোত্তম কল্যাণকাৰী সংগমযুগ, ইয়াত তোমালোক সন্তানসকল অতি
মিঠা পিতাৰ স্মৃতিৰে সতোপ্ৰধান হোৱা”
প্ৰশ্ন:
অনেক প্ৰকাৰৰ
প্ৰশ্নৰ উৎপত্তিৰ কাৰণ তথা সেই সকলোবোৰৰ নিবাৰণ কি?
উত্তৰ:
যেতিয়া দেহ-অভিমানত আহা তেতিয়া সংশয় উৎপন্ন হয় আৰু সংশয় উৎপন্ন হোৱা বাবে অনেক
প্ৰশ্নৰ উৎপত্তি হৈ যায়৷ বাবাই কয় – মই তোমালোক সন্তানসকলক যি কাম দিছোঁ – পতিতৰ
পৰা পাৱন হোৱা আৰু কৰি তোলা, এইটো কামত ব্যস্ত হৈ থাকিলে সকলো প্ৰশ্ন সমাপ্ত হৈ
যাব৷
গীত:
তুম্হে পাকে
হমনে জহান পা লিয়া… (তোমাক পাই আমি গোটেই জগতখনেই পাই গ’লোঁ…)
ওঁম্শান্তি।
অতি মৰমৰ
সন্তানসকলে গীতটি শুনিলা৷ অতি মৰমৰ আত্মিক সন্তানসকল - এয়া কোনে ক’লে? নিশ্চয়
আত্মিক পিতাইহে ক’ব পাৰে৷ অতি মৰমৰ আত্মিক সন্তানসকল এতিয়া সন্মুখত বহি আছে আৰু
পিতাই বহুত মৰমেৰে বুজাই আছে৷ এতিয়া তোমালোকে জানা যে আত্মিক পিতাৰ বাহিৰে সকলোকে
সুখ-শান্তি দিওঁতা বা সকলোকে এই দুখৰ পৰা মুক্ত কৰোঁতা, জগতত আন কোনো মনুষ্য
থাকিব নোৱাৰে সেইবাবে দুখত পিতাক স্মৰণ কৰি থাকে৷ তোমালোক সন্তানসকল সন্মুখত বহি
আছা৷ জানা যে বাবাই আমাক সুখধামৰ যোগ্য কৰি আছে৷ সদায় সুখধামৰ মালিক কৰি তোলোঁতা
পিতা সন্মুখত আহিছে৷ এতিয়া বুজি পোৱা সন্মুখত শুনা আৰু দূৰৈত থাকি শুনাৰ মাজত বহুত
পার্থক্য আছে৷ মধুবনত সন্মুখত আহা৷ মধুবন প্ৰসিদ্ধ৷ মধুবনত তেওঁলোকে শ্ৰীকৃষ্ণৰ
চিত্ৰ দেখুৱাইছে৷ কিন্তু শ্ৰীকৃষ্ণতো নাই৷ তোমালোক সন্তানসকলে জানা – এই ক্ষেত্ৰত
পৰিশ্ৰম হয়৷ নিজক বাৰে বাৰে আত্মা বুলি নিশ্চয় কৰিব লাগে৷ মই আত্মাই পিতাৰ পৰা
উত্তৰাধিকাৰ লৈ আছোঁ৷ পিতা গোটেই চক্ৰত এটা সময়তে আহে৷ এয়া কল্পৰ মনোমোহা সময়৷
ইয়াৰ নাম ৰখা হৈছে পুৰুষোত্তম৷ এয়াই সংগমযুগ য’ত সকলো মনুষ্য মাত্ৰেই উত্তম হয়৷
এতিয়াতো সকলো মনুষ্য মাত্ৰৰে আত্মা তমোপ্ৰধান পুনৰ সতোপ্ৰধান হয়৷ সতোপ্ৰধান হ’লে
তেতিয়া উত্তম হয়৷ তমোপ্ৰধান হোৱা বাবে মনুষ্যও কনিষ্ঠ হৈ যায়৷ গতিকে এতিয়া পিতাই
আত্মাসকলক সন্মুখত বহি বুজায়৷ গোটেই ভূমিকা আত্মায়ে পালন কৰে, শৰীৰে নহয়৷
তোমালোকৰ বুদ্ধিত উদয় হৈ গৈছে যে আমি আত্মাসকল প্ৰকৃততে নিৰাকাৰী সৃষ্টি বা
শান্তিধামৰ নিবাসী আছিলোঁ৷ এইটো কোনেও নাজানে৷ নিজে বুজাবও নোৱাৰে৷ এতিয়া
তোমালোকৰ বুদ্ধিৰ তলা খুলিছে৷ তোমালোকে বুজি পোৱা যথাযথ আত্মাসকল পৰমধামত থাকে৷
সেইখন হৈছে নিৰাকাৰী জগত৷ এইখন হ’ল সাকাৰী সৃষ্টি৷ ইয়াত আমি সকলো আত্মা ভাৱৰীয়া
ভূমিকা পালন কৰোঁতা৷ প্ৰথমতে আমি ভূমিকা পালন কৰিবলৈ আহোঁ, তাৰপাছত ক্ৰমানুসৰি আহে
আৰু যায়৷ সকলো ভাৱৰীয়া একেলগে আহি নাযায়৷ ভিন্ন ভিন্ন প্ৰকাৰৰ ভাৱৰীয়া আহে-যায়৷ সকলো
একত্ৰিত তেতিয়া হয় যেতিয়া নাটক পূৰা হয়৷ এতিয়া তোমালোকে পৰিচয় পাইছা, আমি আত্মাসকল
প্ৰকৃততে শন্তিধামৰ নিবাসী, ভূমিকা পালন কৰিবলৈ ইয়ালৈ আহোঁ৷ পিতাই গোটেই সময় ভূমিকা
পালন কৰিবলৈ নাহে৷ আমিহে ভূমিকা পালন কৰি কৰি সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ যাওঁ৷
এতিয়া তোমালোক সন্তানসকলে সন্মুখত শুনিলে বহুত আনন্দ পোৱা৷ ইমান আনন্দ মুৰুলী পঢ়িলে
পোৱা নাযায়৷ ইয়াত সন্মুখত আছা নহয়৷
তোমালোক সন্তানসকলে
বুজি পোৱা যে ভাৰত ভগৱান-ভগৱতীৰ স্থান আছিল৷ এতিয়া নহয়৷ চিত্ৰ দেখিছা, নিশ্চয় আছিল৷
আমি তাৰ নিবাসী আছিলোঁ – প্ৰথমতে আমি দেৱতা আছিলোঁ, নিজৰ ভূমিকাকতো স্মৰণ কৰিবা নে
পাহৰি যাবা৷ পিতাই কয় – তোমালোকে ইয়াত এইটো ভূমিকা পালন কৰিলা৷ এইখন হৈছে ড্ৰামা৷
নতুন সৃষ্টিয়ে আকৌ পুৰণি সৃষ্টি হয়৷ প্ৰথমতে ওপৰৰ পৰা যিসকল আত্মা আহে, তেওঁলোক
স্বর্ণিম যুগত আহে৷ এই সকলোবোৰ কথা এতিয়া তোমালোকৰ বুদ্ধিত আছে৷ তোমালোক বিশ্বৰ
মালিক মহাৰজা-মহাৰাণী আছিলা৷ তোমালোকৰ ৰাজধানী আছিল৷ এতিয়াতো ৰাজধানী নাই৷ এতিয়া
তোমোলোকে শিকি আছা, আমি ৰাজ্য কেনেকৈ চলাম! তাত পৰামর্শদাতা (মন্ত্ৰী) নাথাকে৷ ৰায়
দিওঁতাৰ প্ৰয়োজন নাই৷ তেওঁলোকতো শ্ৰীমতৰ দ্বাৰা শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হৈ যায়৷ তেতিয়া
তেওঁলোকে অন্য কাৰো পৰা ৰায় লোৱাৰ প্ৰয়োজন নাথাকে৷ যদি কাৰোবাৰ পৰা ৰায় লয় তেন্তে
বুজা যাব যে এওঁৰ বুদ্ধি দুৰ্বল৷ এতিয়া যি শ্ৰীমত পোৱা যায়, সেয়া সত্যযুগতো স্থায়ী
হৈ থাকে৷ এতিয়া তোমালোকে বুজি পোৱা যে প্ৰথমতে যথাযথ এই দেৱী-দেৱতাসকলৰ আধাকল্প
ৰাজত্ব আছিল৷ এতিয়া তোমোলোক আত্মা পুনৰুজ্জীৱিত হৈ আছা৷ এই জ্ঞান পৰমাত্মাৰ বাহিৰে
কোনেও আত্মাসকলক দিব নোৱাৰে৷
এতিয়া তোমালোক
সন্তানসকল দেহী-অভিমানী হ’ব লাগে৷ শান্তিধামৰ পৰা আহি ইয়াত তোমালোক বাণীত আহা৷
বাণীত নাহিলে কর্ম হ’ব নোৱাৰে৷ এয়া অতিকৈ বুজিবলগীয়া কথা৷ যেনেকৈ পিতাৰ সকলো জ্ঞান
আছে তেনেকৈ তোমালোক আত্মাতো জ্ঞান আছে৷ আত্মাই কয় – আমি এটা শৰীৰ এৰি সংস্কাৰ অনুসৰি
পুনৰ আন এটা শৰীৰ লওঁ৷ পুনর্জন্মও নিশ্চয় হয়৷ আত্মাই যি ভূমিকা পাইছে সেয়া পালন কৰি
থাকে৷ সংস্কাৰ অনুসৰি পৰৱৰ্তী জন্ম লৈ থাকে৷ দিনে-প্ৰতিদিনে আত্মাৰ পৱিত্ৰতাৰ ডিগ্ৰী
কম হৈ যায়৷ ‘পতিত’ শব্দটি দ্বাপৰৰ পৰা কাৰ্যকৰী হয়৷ তথাপিও অলপ পার্থক্য নিশ্চয় আহে৷
তোমালোকে নতুন ঘৰ নির্মাণ কৰা, এমাহ পাছত কিছু নিশ্চয় পার্থক্য হ’ব৷ এতিয়া তোমালোক
সন্তানসকলে বুজি পোৱা - বাবাই আমাক উত্তৰাধিকাৰ দি আছে৷ পিতাই কয় – আমি আহিছোঁ
তোমোলোক সন্তানসকলক উত্তৰাধিকাৰ দিবলৈ৷ যিয়ে যিমান পুৰুষার্থ কৰিব সিমান উচ্চ পদ
পাব৷ পিতাৰ ওচৰত কোনো পার্থক্য নাই৷ পিতাই জানে – আমাক আত্মাসকলক পঢ়ায়৷ আত্মাৰ
পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ আছে, এই ক্ষেত্ৰত পুৰুষ-মহিলাৰ দৃষ্টি ইয়াত
নাথাকে৷ তোমালোক সকলো সন্তান৷ পিতাৰ পৰা উত্তৰাধিকাৰ লৈ আছা৷ সকলো আত্মা ভাই ভাই,
যাক পিতাই পঢ়ায়, উত্তৰাধিকাৰ দিয়ে৷ পিতাইহে আত্মিক সন্তানসকলৰ লগত কথা পাতে – হে
অতি মৰমৰ সন্তানসকল, তোমালোকে বহুত সময় ভূমিকা পালন কৰি কৰি এতিয়া পুনৰ আহি নিজৰ
উত্তৰাধিকাৰ ল’বলৈ মিলিত হৈছা। এয়াও ড্ৰামাত নির্ধাৰিত হৈ আছে৷ আৰম্ভণিৰ পৰা ভূমিকা
নিৰ্ধাৰিত হৈ আছে৷ তোমালোক ভাৱৰীয়াসকলে ভূমিকা পালন কৰি কৰ্ম কৰি থাকা৷ আত্মা
অবিনাশী, আত্মাত অবিনাশী ভূমিকা নির্ধাৰিত হৈ আছে৷ শৰীৰতো সলনি হৈ থাকে৷ বাকী আত্মা
কেৱল পৱিত্ৰৰ পৰা অপৱিত্ৰ হয়৷ পতিত হয়, সত্যযুগত হৈছে পাৱন৷ ইয়াক কোৱা হয় পতিত
সৃষ্টি৷ যেতিয়া দেৱতাসকলৰ ৰাজত্ব আছিল তেতিয়া নির্বিকাৰী সৃষ্টি আছিল৷ এতিয়া নাই৷
এয়া খেল হয় নহয়৷ নতুন সৃষ্টিয়ে পুৰণি সৃষ্টি হয়, পুৰণি সৃষ্টি আকৌ নতুন সৃষ্টি হয়৷
এতিয়া সুখধামৰ স্থাপনা হয়, বাকী সকলো আত্মা মুক্তিধামত থাকিব৷ এতিয়া এই বেহদৰ ড্ৰামা
পূৰা হৈছে৷ সকলো আত্মা মহৰ নিচিনাকৈ যাব৷ এই সময়ত কোনো আত্মা আহিলে পতিত সৃষ্টিত
তেওঁলোকৰ কি মূল্য থাকিব৷ মূল্য তেওঁলোকৰ যিসকল প্ৰথমতে নতুন সৃষ্টিলৈ আহে৷ তোমালোকে
জানা যিখন নতুন সৃষ্টি আছিল সেইখন আকৌ পুৰণি হৈছে৷ নতুন সৃষ্টিত আমি দেৱী-দেৱতা
আছিলোঁ৷ তাত দুখৰ নামেই নাছিল৷ ইয়াততো অপাৰ দুখ৷ পিতা আহি দুখৰ জগতৰ পৰা মুক্ত কৰে৷
এই পুৰণি সৃষ্টি নিশ্চয় পৰিৱর্তন হ’ব৷ তোমালোকে বুজি পোৱা – যথাযথ আমি সত্যযুগৰ
মালিক আছিলোঁ৷ পুনৰ 84 জন্মৰ পাছত এনেকুৱা হৈছোঁ৷ এতিয়া পুনৰ পিতাই কয় – মোক স্মৰণ
কৰা তেতিয়া তোমোলোক স্বর্গৰ মালিক হ’বা৷ তেন্তে আমি কিয়নো নিজক আত্মা বুলি নিশ্চয়
নকৰোঁ আৰু পিতাক স্মৰণ নকৰোঁ৷ কিছুতো পৰিশ্ৰম কৰিব লাগিব নহয়৷ বাদশ্বাহী পোৱাতো জানো
সহজ৷ পিতাক স্মৰণ কৰিব লাগে৷ এয়া মায়াৰ আশ্চৰ্য যে বাৰে বাৰে তোমোলোকক পাহৰাই দিয়ে৷
ইয়াৰ বাবে উপায় ৰচিব লাগে৷ এনেকুৱা নহয়, মোৰ হৈ গ’লে স্মৃতি স্থায়ী হৈ যাব৷ বাকী
পুৰুষার্থ কি কৰিবা! নহয়। যেতিয়ালৈকে জীয়াই থাকিবা পুৰুষার্থ কৰিব লাগে৷ জ্ঞান অমৃত
পান কৰি থাকিব লাগে৷ এয়াও বুজি পোৱা – আমাৰ এয়া অন্তিম জন্ম৷ এই শৰীৰৰ বোধ ত্যাগ কৰি
দেহী-অভিমানী হ’ব লাগে৷ গৃহস্থালিতো থাকিব লাগে৷ পুৰুষার্থ নিশ্চয় কৰিব লাগে৷ কেৱল
নিজক আত্মা বুলি নিশ্চয় কৰি পিতাক স্মৰণ কৰা৷ ত্বমেব মাতাশ্চ পিতা… অৰ্থাৎ তুমিয়েই
মাতা পিতা… এই সকলোবিলাক হৈছে ভক্তিমাৰ্গৰ মহিমা৷ তোমালোকে কেৱল এক ‘অল্ফ’ক (পিতাক)
স্মৰণ কৰিব লাগে৷ এজনেই আটাইতকৈ মিঠা৷ আন সকলো কথা এৰি একমাত্ৰ মিঠা পিতাক স্মৰণ কৰা৷
এতিয়া তোমালোক আত্মা তমোপ্ৰধান হৈছা, আত্মাক সতোপ্ৰধান কৰি তুলিবলৈ স্মৃতিৰ যাত্ৰাত
থাকা৷ সকলোকে এয়াই কোৱা পিতাৰ পৰা সুখৰ উত্তৰাধিকাৰ লওঁক৷ সুখ হয়েই সত্যযুগত৷
সুখধাম স্থাপনা কৰোঁতাজন হৈছে বাবা৷ পিতাক স্মৰণ কৰাতো বহুত সহজ৷ কিন্তু মায়াৰ
বিৰুদ্ধাচৰণ বহুত, সেইবাবে চেষ্টা কৰি মোক পিতাক স্মৰণ কৰা তেতিয়া খাদ (বিকাৰৰ লেপ)
নাইকিয়া হৈ যাব৷ ছেকেণ্ডত জীৱনমুক্তি বুলি গোৱা হয়৷ আমি আত্মা আত্মিক পিতাৰ সন্তান৷
তাৰ নিবাসী৷ পুনৰ আমি নিজৰ ভূমিকা পুনৰাবৃত্তি কৰিব লাগে৷ এই ড্ৰামাত সকলোতকৈ বেছি
ভূমিকা আমাৰ৷ সুখো সকলোতকৈ অধিক আমি পাম। পিতাই কয় – তোমোলোকৰ দেৱী-দেৱতা ধর্ম বহুত
সুখ দিওঁতা হয় আৰু বাকী সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰি আপোনাআপুনি শান্তিধামলৈ গুচি
যাব৷ বেছি বিস্তাৰত আমি কিয় যাওঁ৷ পিতা আহেই সকলোকে ওভতাই লৈ যাবলৈ৷ মহৰ জুমৰ
নিচিনাকৈ সকলোকে লৈ যায়৷ সত্যযুগত বহুত কম থাকে৷ এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ
আছে৷ শৰীৰ নাশ হৈ যাব৷ আত্মা যি অবিনাশী হয় সেই আত্মাই হিচাপ-নিকাচ নিষ্পত্তি কৰি
গুচি যাব৷ এনেকুৱা নহয় যে আত্মা জুইত দিলে পৱিত্ৰ হ’ব৷ আত্মা স্মৃতিৰূপী যোগ
অগ্নিৰেহে পৱিত্ৰ হ’ব৷ এয়া হৈছে যোগৰ অগ্নি৷ তেওঁলোকে আকৌ বহি নাটক ৰচনা কৰিছে৷
সীতা জুইৰে পাৰ হ’ল৷ জুইৰ দ্বাৰা জানো কোনোবা পাৱন হয়৷ পিতাই বুজায় – তোমালোক সকলো
সীতা এতিয়া পতিত৷ ৰাৱণৰ ৰাজ্যত আছা৷ এতিয়া এজন পিতাৰ স্মৃতিৰে তোমোলোক পাৱন হ’ব লাগে৷
ৰাম এজনেই৷ জুই শব্দটি শুনি ভাবে – জুইৰে পাৰ হ’ল৷ ক’ত যোগ অগ্নি, ক’ত সেয়া৷ আত্মাই
পৰমপিতা পৰমাত্মাৰ লগত যোগসূত্ৰ গঢ়িলেহে পতিতৰ পৰা পাৱন হ’ব৷ ৰাতি-দিনৰ পার্থক্য আছে৷
নৰকত সকলো সীতা ৰাৱণৰ কাৰাগাৰত শোক বনত আছে৷ ইয়াৰ সুখতো কাউৰীৰ বিষ্ঠাৰ সমান৷ তুলনা
কৰা হয়৷ স্বর্গৰ সুখতো অপাৰ৷
তোমালোক আত্মাসকলৰ
এতিয়া শিৱ প্ৰেমিকৰ সৈতে বাগদান হৈছে৷ তেন্তে আত্মা স্ত্ৰী হ’ল নহয়! শিৱবাবাই কয় –
কেৱল মোক স্মৰণ কৰা তেতিয়া তোমালোক পাৱন হৈ যাবা৷ শান্তিধামলৈ গৈ পুনৰ সুখধামলৈ আহি
যাবা৷ গতিকে সন্তানসকলে জ্ঞান ৰত্নৰে জোলোঙা ভৰপূৰ কৰা উচিত৷ কোনো প্ৰকাৰৰ সংশয়
আনিব নালাগে৷ দেহ-অভিমানত আহিলে আকৌ অনেক প্ৰকাৰৰ প্ৰশ্ন উদয় হয়৷ তেতিয়া পিতাই যি
কাম দিয়ে সেয়া নকৰে৷ মূল কথা হ’ল – আমি পতিতৰ পৰা পাৱন হ’ব লাগে৷ অন্য কথা এৰি দিয়া
উচিত৷ ৰাজধানীৰ যি ৰীতি-প্ৰথা হ’ব সেয়া চলিব। যেনেকৈ মহল সাজিছিল তেনেকৈ সাজিব। মূল
কথা হৈছে পৱিত্ৰ হোৱাৰ। আহ্বানো জনায় পতিত-পাৱন… পাৱন হ’লে সুখী হৈ যাব৷ সকলোতকৈ
পাৱন হ’ল দেৱী-দেৱতাসকল৷
এতিয়া তোমালোক 21
জন্মৰ বাবে সর্বোত্তম পাৱন হোৱা৷ তাক কোৱা হয় সম্পূর্ণ নির্বিকাৰী পাৱন৷ গতিকে
পিতাই যি শ্ৰীমত দিয়ে, সেইমতে চলা উচিত৷ একো সংকল্প উৎপন্ন কৰাৰ দৰকাৰ নাই৷ প্ৰথমতে
আমি পতিতৰ পৰা পাৱনতো হওঁ৷ আহ্বানো জনায় – হে পতিত-পাৱন… কিন্তু একোৱে বুজি নাপায়৷
এয়াও নাজানে পতিত-পাৱন কোন? এয়া হ’ল পতিত সৃষ্টি, সেয়া হ’ল পাৱন সৃষ্টি৷ মুখ্য কথা
হৈছেই পাৱন হোৱাৰ। পাৱন কোনে কৰি তুলিব? এয়া একোৱেই নাজানে৷ পতিত-পাৱন বুলি কৈ মাতে
কিন্তু যদি কোৱা, তোমালোক পতিত তেন্তে বিতুষ্ট হৈ যাব৷ নিজক বিকাৰী বুলি কোনেও
নাভাবে৷ তেওঁলোকে কয় – গৃহস্থালিততো সকলো আছিল৷ ৰাধা-কৃষ্ণ, লক্ষ্মী-নাৰায়ণৰো
সন্তান আছিল নহয়৷ তাত যোগবলেৰে সন্তান জন্ম হয়, এয়া পাহৰি গ’ল৷ তাক নির্বিকাৰী
সৃষ্টি স্বর্গ বুলি কোৱা হয়৷ সেয়া হ’ল শিৱালয়৷ পিতাই কয় – পতিত সৃষ্টিত এজনো পাৱন
নাই৷ এই পিতাতো পিতা, শিক্ষক আৰু সৎগুৰু হয় যিয়ে সকলোকে সৎগতি দিয়ে৷ তেওঁলোকৰ
ক্ষেত্ৰততো এজন গুৰু গুচি গ’লে তেতিয়া পুনৰ সন্তানসকলক গাদী দিব৷ এতিয়া তেওঁলোকে
কেনেকৈ সৎগতিত লৈ যাব? সকলোৰে সৎগতিদাতা হয়েই এজন৷ সত্যযুগত কেৱল দেৱী-দেৱতা থাকে৷
বাকী ইমানবিলাক আত্মা শান্তিধামলৈ গুচি যাব৷ ৰাৱণৰাজ্যৰ পৰা মুক্ত হৈ যায়৷ পিতাই
সকলোকে পৱিত্ৰ কৰি লৈ যায়৷ পাৱনৰ পৰা তৎক্ষণাৎ কোনেও পতিত নহয়৷ ক্ৰমানুসৰি অৱনমিত
হয়, সতোপ্ৰধানৰ পৰা সতো, ৰজো, তমো… তোমোলোকৰ বুদ্ধিত 84 জন্মৰ চক্ৰ আছে৷ তোমালোক
যেন এতিয়া ‘লাইট-হাউচ’ হোৱা৷ জ্ঞানৰ দ্বাৰা এই চক্ৰক জানি গৈছা যে এই চক্ৰ কেনেকৈ
ঘূৰে৷ এতিয়া তোমালোক সন্তানসকলে আন সকলোকে ৰাস্তা দেখুৱাব লাগে৷ সকলো হৈছে নাও,
তোমালোক চালক, ৰাস্তা দেখুৱাওঁতা৷ সকলোকে কোৱা – আপোনোলোকে শান্তিধাম আৰু সুখধামক
স্মৰণ কৰক৷ কলিযুগ দুখধামক পাহৰি যাওক৷ ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যেতিয়ালৈ
জীয়াই থাকিবা জ্ঞান অমৃত পান কৰি থাকিব লাগে৷ নিজৰ জোলোঙা জ্ঞান ৰত্নৰে ভৰপূৰ কৰিব
লাগে৷ সংশয়ত আহি কোনো প্ৰশ্নৰ অৱতাৰণা কৰিব নালাগে৷
(2) যোগ অগ্নিৰে
আত্মাৰূপী সীতাক পাৱন কৰি তুলিব লাগে৷ কোনো কথাৰ বিস্তাৰত বেছিকৈ নগৈ দেহী-অভিমানী
হোৱাৰ পৰিশ্ৰম কৰিব লাগে৷ শান্তিধাম আৰু সুখাধামক স্মৰণ কৰিব লাগে৷
বৰদান:
সদায় মননৰ
দ্বাৰা মগন অৱস্থাৰ সাগৰত সমাহিত হোৱাৰ অনুভৱ কৰোঁতা অনুভৱী মূৰ্ত হোৱা
অনুভৱ বৃদ্ধি কৰাৰ
আধাৰ হ’ল মনন শক্তি। যিয়ে মনন কৰে তেওঁ স্বতঃ মগন হৈ থাকে। মগন অৱস্থাত যোগ
লগাবলগীয়া নহয় কিন্তু নিৰন্তৰ লাগি থাকে, পৰিশ্ৰম কৰিবলগীয়া নহয়। মগন অৰ্থাৎ প্ৰেমৰ
সাগৰত সমাহিত হৈ থকা, এনেকৈ সমাহিত হৈ থাকা যাতে কোনেও পৃথক কৰিব নোৱাৰে। গতিকে
পৰিশ্ৰমৰ পৰা মুক্ত হোৱা, সাগৰৰ সন্তান হোৱা সেয়েহে অনুভৱৰ পুখুৰীত স্নান নকৰিবা,
সাগৰত সমাহিত হৈ যোৱা তেতিয়া অনুভৱী মূৰ্ত বুলি কোৱা হ’ব।
স্লোগান:
তেৱেঁই জ্ঞান স্বৰূপ আত্মা যাৰ প্ৰতিটো সংকল্প, প্ৰতিটো চেকেণ্ড সমৰ্থ হয়।
অব্যক্ত ইংগিত: এই
অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা
যদি কোনো স্বভাৱ,
সংস্কাৰ, ব্যক্তি অথবা বৈভৱৰ বন্ধনে নিজৰ ফালে আকৰ্ষিত কৰে, তেন্তে পিতাৰ স্মৃতিৰ
আকৰ্ষণ সদায় থাকিব নোৱাৰে। কৰ্মাতীত হোৱা মানে সকলো কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ,
অনাসক্ত হৈ, প্ৰকৃতিৰ দ্বাৰা নিমিত্ত মাত্ৰ কৰ্ম কৰোৱা। এই অনাসক্ত হোৱাৰ পুৰুষাৰ্থ
বাৰে বাৰে কৰি থাকা। সহজ আৰু স্বতঃ এইটো অনুভূতি হওক যে "কৰাওঁতা আৰু কৰোঁতা এই
কৰ্মেন্দ্ৰিয়বোৰ হয়েই পৃথক।