30.03.25    Avyakt Bapdada     Assame Murli     30.11.2004     Om Shanti     Madhuban


“*“এতিয়া নিজৰ চাল-চলন আৰু চেহেৰাৰ দ্বাৰা পিতা ব্ৰহ্মাৰ সমান অব্যক্ত ৰূপ দেখুওৱা, সাক্ষাৎকাৰ মূৰ্ত হোৱা”*”


আজি ভাগ্য বিধাতা পিতাই নিজৰ চাৰিওফালৰ শ্ৰেষ্ঠ ভাগ্যৱান সন্তানসকলক দেখি হৰ্ষিত হৈ আছেহঁক। গোটেই কল্পত এনেকুৱা শ্ৰেষ্ঠ ভাগ্য কাৰো হ’ব নোৱাৰে। কল্পই কল্পই তোমালোক সন্তানসকলেই এই ভাগ্যৰ অধিকাৰ প্ৰাপ্ত কৰা। নিজৰ কল্প কল্পৰ ভাগ্যৰ অধিকাৰ স্মৃতিত আছেনে? এই ভাগ্য সৰ্ব শ্ৰেষ্ঠ ভাগ্য কিয়? কিয়নো স্বয়ং ভাগ্য বিধাতাই এই শ্ৰেষ্ঠ ভাগ্যৰ দিব্য জন্ম তোমালোক সন্তানসকলক দিছে, যাৰ জন্মই ভাগ্য বিধাতাৰ দ্বাৰা, তাতকৈ শ্ৰেষ্ঠ ভাগ্য আৰু হ’বই নোৱাৰে। নিজৰ ভাগ্যৰ নিচা স্মৃতিত থাকেনে? নিজৰ ভাগ্যৰ তালিকা উলিওৱা তেতিয়া কিমান দীঘলীয়া তালিকা হ’ব। তোমালোক ব্ৰাহ্মণৰ জীৱনত অপ্ৰাপ্ত কোনো বস্তু নাই। নিজৰ ভাগ্যৰ তালিকা সকলোৰে মনত স্মৃতিলৈ আহি গৈছে! স্মৃতিলৈ আনা, আহিছেনে স্মৃতিলৈ? অন্তৰে কি গীত গায়? বাঃ ভাগ্য বিধাতা! আৰু বাঃ মোৰ ভাগ্য! এই শ্ৰেষ্ঠ ভাগ্যৰ বিশেষত্ব এয়াই যে – এক ভগৱানৰ দ্বাৰা তিনিটা সম্বন্ধৰ প্ৰাপ্তি। এজনৰ দ্বাৰা এজনতে তিনিটা সম্বন্ধ, জীৱনত যি বিশেষ সম্বন্ধৰ গায়ন কৰা হৈছে – পিতা, শিক্ষক, সৎগুৰু, কাৰো এজনৰ দ্বাৰা তিনিটা বিশেষ সম্বন্ধ প্ৰাপ্তি নহয়। তোমালোকে গৌৰৱেৰে কোৱা আমাৰ পিতাও হয়, শিক্ষকো হয় লগতে গুৰুও হয়। পিতাৰ দ্বাৰা সৰ্ব সম্পদৰ খনি প্ৰাপ্ত হৈছে। সম্পদৰ তালিকাও স্মৃতিলৈ আহিল! স্মৃতিলৈ আনা কি কি সম্পদ পিতাৰ দ্বাৰা পাই গ’লা! পাই গ’লা নে পাবলৈ আছে? কি ক’বা? বালক তথা মালিক হয়েই। শিক্ষকৰ দ্বাৰা শিক্ষাৰ জৰিয়তে শ্ৰেষ্ঠ পদ প্ৰাপ্ত হৈ গ’ল। এনেও চোৱা জগততো সকলোতকৈ শ্ৰেষ্ঠ পদ ৰাজ্য পদৰ গায়ন আছে, তেন্তে তোমালোকতো ডবল ৰজা হৈ গ’লা। বৰ্তমান স্বৰাজ্য অধিকাৰী আৰু ভৱিষ্যতে অনেক জন্ম ৰাজ্য পদ অধিকাৰী। পঢ়া এটা জন্মৰ, সেয়াও সৰু জন্ম আৰু পদৰ প্ৰাপ্তি অনেক জন্ম, আৰু ৰাজ্যও অখণ্ড, অবিচলিত, নিৰ্বিঘ্ন ৰাজ্য। এতিয়াও স্বৰাজ্য অধিকাৰী নিশ্চিন্ত বাদশ্বাহ হোৱা, হোৱানে? নিশ্চিন্ত বাদশ্বাহ হ’লানে? যিসকল নিশ্চিন্ত সেইসকলে হাত দাঙা। নিশ্চিন্ত, অলপো চিন্তা নাই? চাবা, যেতিয়া কিবা পুতলা নাচ সন্মুখত আহে তেতিয়া আকৌ চিন্তা হয় নেকি? মায়াৰ পুতলা নাচ সন্মুখত আহে নে নাহে? আকৌ অলপ অলপ চিন্তা হয়? নহয়নে? অলপ চিন্তা, চিন্তন চলে নে নচলে? এনেকুৱা শ্ৰেষ্ঠ ভাগ্যই এতিয়াৰ পৰাই নিশ্চিন্ত বাদশ্বাহ কৰি তোলে। এয়া কম বেছি পৰিমাণে যিবোৰ কথা আহে সেয়া আৰুহে আগলৈ অনুভৱী, পৰিপক্ক কৰি তোলোঁতা হয়।

এতিয়াতো সকলো এই ভিন্ন ভিন্ন কথাবোৰৰ অনুভৱী হৈ গৈছা নহয়! ভয়তো নকৰা নহয়? আৰামেৰে সাক্ষীৰ আসনত বহি এই পুতলাৰ প্ৰদৰ্শনী চোৱা, কাৰ্টুনৰ প্ৰদৰ্শনী চোৱা। একোৱেই নহয়, কাৰ্টুন মাত্ৰ। এতিয়াতো মজবুত হৈ গৈছা নহয়! এতিয়া মজবুত হোৱানে? নে কেতিয়াবা কেতিয়াবা ভয় কৰা? এয়া কাগজৰ সিংহ হৈ আহে। হয় কাগজৰ কিন্তু সিংহ হৈ আহে। এতিয়া সময় অনুসৰি অনুভৱী মূৰ্ত হৈ সময়ক, প্ৰকৃতিক, মায়াক প্ৰত্যাহ্বান জনোৱা – আহা, মই বিজয়ী। বিজয়ীৰ প্ৰত্যাহ্বান জনোৱা। (মাজে মাজে কাঁহ আহি আছে) আজি বাদ্য অলপ বেয়া, সাক্ষাৎতো কৰিব লাগিব নহয়!

বাপদাদাৰ ওচৰলৈ দুটা দল বাৰে বাৰে আহে, কিহৰ কাৰণে আহে? দুয়োটা দলে বাপদাদাক কয় – আমি তৈয়াৰ হৈ আছোঁ। এটা হৈছে এই সময়, প্ৰকৃতি আৰু মায়া। মায়াই বুজি গৈছে যে এতিয়া আমাৰ ৰাজ্য যাবৰ হ’ল। আৰু দ্বিতীয় দলটি হ’ল – আগতীয়া দল। দুয়োটা দলেই তাৰিখৰ বিষয়ে সুধি আছে। বিদেশততো এবছৰ আগতেই তাৰিখ নিৰ্ধাৰণ কৰা নহয়? আৰু ইয়াত 6 মাহ আগতে? ভাৰতত বেগাই যায়, 15 দিনতো কোনো কাৰ্যসূচীৰ তাৰিখ ঠিক হৈ যায়। তেন্তে সমাপ্তি, সম্পন্নতা, পিতাৰ সমান হোৱাৰ তাৰিখ কোনটো? সেইটো বাপদাদাক সুধিছে। এই তাৰিখ এতিয়া তোমালোক ব্ৰাহ্মণসকলে নিৰ্ধাৰণ কৰিব লাগে। হ’ব পাৰেনে? তাৰিখ নিৰ্ধাৰণ হ’ব পাৰেনে? পাণ্ডৱ কোৱা, তিনিওগৰাকীয়ে কোৱা। (বাপদাদাই নিৰ্বেৰ ভাই, ৰমেশ ভাই আৰু বৃজমোহন ভাইক সুধি আছে) তাৰিখ নিৰ্ধাৰণ হ’ব পাৰেনে? কোৱা – হ’ব পাৰেনে? নে অকস্মাতে হ’ব? ড্ৰামাত নিৰ্ধাৰণ হৈ আছে কিন্তু তাক বাস্তৱত আনিব লাগে নে নালাগে? সেইটো কি? কোৱা। হ’বনে? অকস্মাত হ’বনে? তাৰিখ নিৰ্ধাৰণ নহ’ব নেকি? হ’ব? প্ৰথম শাৰীত বহাসকলে কোৱা হ’বনে? যিসকলে কোৱা যে ড্ৰামাক বাস্তৱত আনিবলৈ মনত তৰিখৰ সংকল্প কৰিব লাগিব, সেইসকলে হাত দাঙা। কৰিব লাগিবনে? এওঁ দঙা নাই? অকস্মাত হ’বনে? তাৰিখ নিৰ্ধাৰণ কৰিব পাৰানে? পিছত বহাসকলে বুজি পাইছানে? অকস্মাত হ’ব এইটো শুদ্ধ কিন্তু নিজক তৈয়াৰ কৰিবৰ বাবে লক্ষ্য নিশ্চয় ৰাখিব লাগিব। লক্ষ্য অবিহনে সম্পন্ন হোৱাত অমনোযোগীতা আহি যায়। তোমালোকে চোৱা যেতিয়া তাৰিখ নিৰ্ধাৰণ কৰা তেতিয়াহে সফলতা পোৱা যায়। যি কোনো কাৰ্যক্ৰমৰ তাৰিখ নিৰ্ধাৰণ কৰা নহয়? হ’বই লাগিব, এইটো সংকল্পতো কৰিব লাগিব নহয়! নে নালাগে, ড্ৰামাত আপোনাআপুনি হৈ যাবনে? কি ভাবা? প্ৰথম শাৰীত বহাসকলে কোৱা। প্ৰেম (দেৰাডুনৰ) শুনোৱা। কৰিব লাগিব, কৰিব লাগিবনে? জয়ন্তী কোৱা, কৰিব লাগিব। সেয়া কেতিয়া হ’ব? অন্তত হ’ব যেতিয়া সময় আহিব! সময়ে সম্পন্ন কৰি তুলিব নে তোমালোকে সময়ক সমীপত আনিবা?

বাপদাদাই দেখিছে যে স্মৃতিত জ্ঞানো আছে, নিচাও আছে, নিশ্চয়তাও আছে, কিন্তু এতিয়া সংযোজন কৰিব লাগে – চাল-চলন আৰু চেহেৰাৰ দ্বাৰা দৃষ্টিগোচৰ হওঁক। বুদ্ধিত সকলো স্মৃতি থাকে, স্মৃতিলৈতো আহে কিন্তু এতিয়া স্বৰূপত আহক। যেতিয়া সাধাৰণ ৰূপতো যদি কোনোবা ডাঙৰ বৃত্তিধাৰী বা কোনো চহকীৰ সন্তান শিক্ষিত হয় তেতিয়া তেওঁৰ চাল-চলনত দৃষ্টিগোচৰ হয় যে এওঁ কিবা হয়। তেওঁৰ কিবা নহয় কিবা অসাধাৰণতা দেখিবলৈ পোৱা যায়। তেন্তে ইমান ডাঙৰ ভাগ্য, উত্তৰাধিকাৰো আছে, শিক্ষা আৰু পদমৰ্যাদাও আছে। স্বৰাজ্যতো এতিয়াও আছে নহয়! প্ৰাপ্তিও সকলো আছে, কিন্তু চাল-চলন আৰু চেহেৰাৰ দ্বাৰা ভাগ্যৰ তৰা মস্তকত জিলিকি থকা দৃষ্টিগোচৰ হওঁক, এতিয়া সেইটো সংযোজন লাগে। এতিয়া মনুষ্যৰ তোমালোক শ্ৰেষ্ঠ ভাগ্যৱান আত্মাসকলৰ দ্বাৰা এইটো অনুভৱ হ’ব লাগে, হ’ব লাগে নহয়, ক’ব যে এওঁ আমাৰ ইষ্ট দেৱ, ইষ্ট দেৱী। এওঁ আমাৰ। যেনেকৈ পিতা ব্ৰহ্মাৰ ক্ষেত্ৰত দেখিলা – সাধাৰণ শৰীৰত থাকিও আদিৰ সময়তো পিতা ব্ৰহ্মাৰ মাজত কি দেখিবলৈ পোৱা গৈছিল, কৃষ্ণক দেখিবলৈ পোৱা গৈছিল নহয়! আদিতে অহাসকলৰ অনুভৱ আছে নহয়! গতিকে যেনেকৈ আৰম্ভণিৰ সময়ত পিতা ব্ৰহ্মা দ্বাৰা কৃষ্ণক দেখিবলৈ পোৱা গৈছিল তেনেকৈয়ে অন্তত কি দেখিবলৈ পোৱা গৈছিল? অব্যক্ত ৰূপ দেখিবলৈ পোৱা গৈছিল নহয়! চাল-চলনত, চেহেৰাত দেখিবলৈ পোৱা গ’ল নহয়! এতিয়া বাপদাদাই বিশেষ নিমিত্ত সন্তানসকলক এইটো ঘৰুৱা কাম দি আছে যে এতিয়া পিতা ব্ৰহ্মাৰ সমান অব্যক্ত ৰূপ দৃষ্টিগোচৰ হওঁক। চাল-চলন আৰু চেহেৰাত অতি কমেও 108 মালাৰ মণিতো দৃষ্টিগোচৰ হওঁক। বাপদাদাই নাম বিচৰা নাই, নাম নকয় – 108 কোন কিন্তু তেওঁলোকৰ চাল-চলন আৰু চেহেৰা স্বতঃ প্ৰত্যক্ষ হওঁক। বাপদাদাই নিমিত্ত সন্তানসকলক এইটো বিশেষ ঘৰুৱা কাম দি আছে। হ’ব পাৰেনে? বাৰু কিমান সময় লাগিব? এনেকৈ নাভাবিবা যে পাছত আহিছোঁ, সময়ৰ কথা নাই, কোনোবাই ভাবিব পাৰে মোৰতো কেটামান বছৰহে হৈছে। যি কোনোৱে শেষত আহিও প্ৰথমত আৰু প্ৰথমত আহিও প্ৰথমত যাব পাৰে, এয়াও বাপদাদাৰ প্ৰত্যাহ্বান, কৰিব পাৰা। যি কোনোৱে কৰিব পাৰা। শেষত অহাসকলেও কৰিব পাৰা। কেৱল লক্ষ্য দৃঢ় কৰা – কৰিবই লাগিব, হ’বই লাগিব।

ডবল বিদেশীসকলে হাত দাঙা। তেন্তে ডবল বিদেশীসকলে কি কৰিবা? ডবল সুযোগ ল’বা নহয়। বাপদাদাই নাম ঘোষণা নকৰে কিন্তু তেওঁলোকৰ চেহেৰাই ক’ব যে এওঁ। সাহস আছেনে? প্ৰথম শাৰীক বাপদাদাই চাই আছে। আছে, সাহস আছেনে? যদি সাহস আছে তেন্তে হাত দাঙা। সাহস আছেনে? পিছত বহাসকলেও দাঙিব পাৰা। যিয়ে অৰ্জন কৰে তেৱেঁই অৰ্জুন। বাৰু – বাপদাদাই ফলাফল চাবলৈ, কি কি পুৰুষাৰ্থ কৰি আছে, কোনে কোনে কৰি আছে সেই ফলাফল চাবলৈ 6 মাহ সময় দি আছে। 6 মাহৰ ফলাফল চাব পাছত চুড়ান্ত কৰিব। ঠিক আছেনে? কিয়নো দেখা যায় যে এতিয়া সময় তীব্ৰ গতিৰে গৈ আছে, ৰচনা তীব্ৰ গতিৰে যাব নালাগে, ৰচয়িতা তীব্ৰ গতিৰে যাব লাগে। এতিয়া অলপ তীব্ৰ কৰা, এতিয়া উৰা। চলি আছোঁ নহয়, উৰি আছোঁ। উত্তৰত বহুত ভাল উত্তৰ দিয়ে যে আমিয়েতো হওঁ! আৰু কোন হ’ব! বাপদাদা আনন্দিত হয়। কিন্তু এতিয়া জগতৰ লোকে (আত্মাসকলে) কিবা চাব বিচাৰে। বাপদাদাৰ স্মৃতিত আছে যেতিয়া আদিত তোমালোক সন্তানসকল সেৱাত গৈছিলা তেতিয়া সন্তানসকলৰ দ্বাৰাও সাক্ষাৎকাৰ হৈছিল, এতিয়া সেৱা আৰু স্বৰূপ দুয়োফালে মনোযোগ দিব লাগে। তেন্তে কি শুনিলা! এতিয়া সাক্ষাৎকাৰ মূৰ্ত হোৱা। সাক্ষাৎ পিতা ব্ৰহ্মা হোৱা। বাৰু।

আজি নতুন নতুন সন্তানো বহুত আহিছে। নিজৰ স্নেহৰ শক্তিৰে সকলো উপস্থিত হৈ গ’লা সেইবাবে বাপদাদাই বিশেষকৈ যিসকল নতুন নতুন সন্তান আহিছে, তেওঁলোকক প্ৰত্যেককে নাম সহিত পদমগুণ অভিনন্দন জনাই আছে, লগতে বৰদাতাই বৰদান দি আছে – সদায় ব্ৰাহ্মণ জীৱনত জীয়াই থাকা, উৰি থাকা। বাৰু।

সেৱাৰ পাল পঞ্জাৱৰ:- পঞ্জাৱৰসকল উঠা। বৰ ভাল। এইটো ভাল নিয়ম কৰা হৈছে, প্ৰত্যেক মণ্ডলে সুযোগ পায়। এটাতো যজ্ঞ সেৱাৰ দ্বাৰা খোজে প্ৰতি পদমগুণ উপাৰ্জন জমা হৈ যায় কিয়নো গৰিষ্ঠসংখ্যকৰ যি কোনো কৰ্ম কৰোঁতে যজ্ঞ সেৱা স্মৃতিত থাকে আৰু যজ্ঞ সেৱা স্মৃতিলৈ আহিলে যজ্ঞ ৰচয়িতা পিতাতো স্মৃতিলৈ আহেই। সেয়েহে সেৱাতো যথেষ্ট পুণ্যৰ পুঁজি জমা কৰি লয় আৰু যিসকল সন্তান পুৰুষাৰ্থী সন্তান তেওঁলোকে নিজৰ স্মৃতিৰ খতিয়ান সহজ আৰু নিৰন্তৰ কৰি তুলিব পাৰে কিয়নো ইয়াত এফালে মহাৰথীৰ সঙ্গ আছে, সঙ্গৰ ৰং সহজে লাগিব পাৰে। মনোযোগ দিলে এয়া যি 8-10 দিন লগ পায় এইখিনি সময়ত বহুত ভাল উন্নতি কৰিব পাৰে। সাধাৰণ ৰীতিৰে সেৱা কৰিলে তেতিয়া ইমান লাভ নহয় কিন্তু সহজে নিৰন্তৰ যোগী হোৱাৰ, পুণ্যৰ পুঁজি জমা কৰাৰ, আৰু ইমান ডাঙৰ পৰিয়ালৰ নিচাত, আনন্দত থকাৰ সুযোগ আছে। গতিকে পঞ্জাৱৰসকলে সুযোগ পাইছে, প্ৰত্যেক মণ্ডলে পায় কিন্তু লক্ষ্য ৰাখা যে তিনিওটাই লাভ হ’লনে! কিমান পুণ্যৰ পুঁজি জমা কৰিলা? সহজে স্মৃতিত থকাৰ ক্ষেত্ৰত কিমান উন্নতি হ’ল? আৰু সংগঠন বা পৰিয়ালৰ স্নেহ, সমীপতাৰ অনুভৱ কিমান কৰিলা? এই তিনিওটা কথাৰে ফলাফল প্ৰত্যেকেই উলিয়াব লাগে। ড্ৰামাত সুযোগতো পোৱা যায় কিন্তু সুযোগ লওঁতা ‘চান্‌চেলৰ’ হোৱা। পঞ্জাৱৰসকলতো বুদ্ধিমান হোৱা নহয়! ভাল কথা। সংখ্যাও ভাল আহিছা, আৰু সেৱাও খোলা অন্তৰেৰে পাইছা। অহাৰ সংখ্যাও ভাল আহিছা। ভাল কথা সংগঠন ভাল।

(আজি দুটা প্ৰভাগ – গ্ৰাম বিকাশ প্ৰভাগ আৰু মহিলা প্ৰভাগ সভালৈ আহিছে)

মহিলা প্ৰভাগৰসকল উঠা:- ইয়াত বেছি ভাগ শিক্ষক আছে নেকি? শিক্ষকসকলে হাত দাঙা। ভাল সুযোগ। সেৱা কৰিলা সেৱা আৰু সেৱাৰ আগতেই ফল। সংগঠনৰ আৰু পিতাক সাক্ষাৎ কৰাৰ মজা লোৱা। তেন্তে সেৱা আৰু ফল দুয়োটা পাই গ’লা। ভাল কথা। এতিয়া কিবা নতুন পৰিকল্পনা কৰিছানে? মহিলাৰেই হওঁক বা যি কোনো প্ৰভাগৰেই হওঁক দল গঠন কৰা আছে। গতিকে প্ৰতিটো দলে বাস্তৱত কিবা বিশেষ চাল-চলন আৰু চেহেৰাত কিবা নহয় কিবা গুণ আৰু শক্তি প্ৰত্যক্ষ কৰাৰ গুৰুদ্বায়িত্ব লওঁক, আমি এইটো দলে, মহিলা দলে এইটো গুণ বা শক্তি বাস্তৱত প্ৰত্যক্ষ ৰূপত আনিম। এনেকৈ প্ৰতিটো প্ৰভাগে কিবা নহয় কিবা বিশেষ নিৰ্ধাৰণ কৰক আৰু পৰস্পৰ যেনেকৈ সেৱাৰ ফলাফল টুকি ৰাখা তেনেকৈ পৰস্পৰ লাগিলে পত্ৰব্যৱহাৰৰ দ্বাৰাই হওঁক বা সংগঠনতে হওঁক, এইটোও পৰীক্ষা কৰি থাকা। প্ৰথমে তোমালোকে কৰি দেখুৱাবা। মহিলা প্ৰভাগে কৰি দেখুওৱা। ঠিক আছে নহয়। প্ৰতিটো প্ৰভাগে কিবা নহয় কিবা নিজৰ পৰিকল্পনা কৰিব লাগে আৰু সময় নিৰ্ধাৰণ কৰা যে ইমান সময়ত ইমান শতাংশ বাস্তৱত আনিব লাগে। পাছত বাপদাদাই যি বিচাৰে নহয় যে চাল-চলন আৰু চিত্ৰত (চেহেৰাত) আহক, সেয়া আহি যাব। গতিকে এইটো পৰিকল্পনা কৰি বাপদাদাক দিবা। প্ৰতিটো প্ৰভাগে কি কৰিবা? সেৱাৰ পৰিকল্পনা যেনেকৈ টুকি ৰাখা নহয়, তেনেকৈ এইটো কৰি দিবা। ঠিক আছে নহয়! কৰি দিবা। ভাল কথা সৰু সৰু সংগঠনে চমৎকাৰ কৰিব পাৰে। ঠিক আছে। শিক্ষকসকলে কি ভাবা? কৰিব পাৰিবানে? কৰিব পাৰিবানে? তেনেহ’লে পৰিকল্পনা কৰিবা। বাৰু। সেৱাৰ বাবে অভিনন্দন।

গ্ৰাম বিকাশ প্ৰভাগৰসকল উঠা:- এতিয়ালৈকে গ্ৰাম বিকাশ প্ৰভাগৰসকলে কিমান গাওঁ পৰিৱৰ্তন কৰিলা? কিমান গাওঁত কৰিছা? (7খন গাওঁত কৰিলোঁ, একোখন গাওঁত 75 শতাংশলৈকে কাম হৈছে। এই সভাতো কাৰ্যক্ৰম প্ৰস্তুত কৰা হৈছে – “সময়ৰ আহ্বান – স্বচ্ছ স্বৰ্ণিম গ্ৰাম্য ভাৰত” এইটো প্ৰকল্পৰ অন্তৰ্গত প্ৰতিখন গাওঁক নিচামুক্ত আৰু স্বচ্ছ কৰি তোলাৰ সেৱা কৰিম) ভাল কথা – বাস্তৱত কৰিছা নহয়। ইয়াৰ যি সমুদায় ফলাফল সেয়া ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ ওচৰলৈ যায়নে? (এতিয়ালৈকে পঠিওৱা নাই) পঠিয়াব লাগে কিয়নো এয়া যি গাৱেঁ গাৱেঁ বাস্তৱত কৰি আছা, এয়াতো চৰকাৰৰেই কাম কিন্তু তোমালোক সহযোগী হৈ আছা সেয়েহে ফলাফল দেখি ভাল পাব। এখন এনেকুৱা প্ৰচাৰপত্ৰ ছপা কৰা যাতে চৰকাৰৰ সকলো মুখ্য বিষয়ালৈ সেই প্ৰচাৰপত্ৰ যায়, কিতাপ নহয়, আলোচনী নহয়, চমুকৈ সকলোফালৰ সমুদায় ফলাফল পঠিয়াব লাগে। ভাল কথা – অভিনন্দন। বাৰু – (মাজে মাজে কাঁহ আহি আছে) আজি বাদ্যই শান্তি বিচাৰিছে। ভাল বাৰু।

বাপদাদাৰ ওচৰলৈ, চাৰিওফালৰ সেৱাৰ ফলাফলো আহি থাকে আৰু বিশেষকৈ আজিকালি কোনোটো কোণাই যাতে থাকি নাযায় – সকলোৱে বাৰ্তা পাই যাওঁক, এইটো পৰিকল্পনা যিটো বাস্তৱত কৰি আছা, তাৰ ফলাফলো ভাল। বাপদাদাৰ ওচৰলৈ ডবল বিদেশী সন্তানসকলৰ খবৰ আহিছে আৰু যিসকলে ডাঙৰ কাৰ্যক্ৰম (ভাৰতত) কৰিছে তেওঁলোকৰ খবৰো সকলো পাইছে। চাৰিওফালে সেৱাৰ ফলাফল সফলতাপূৰ্বক ওলাইছে। গতিকে সন্তানসকলে যেনেকৈ সেৱাত বাৰ্তা দিয়াৰ ফলাফলত সফলতা প্ৰাপ্ত কৰিছে তেনেকৈ বাণীৰ দ্বাৰা, সম্পৰ্কৰ দ্বাৰা আৰু লগতে নিজৰ চেহেৰাৰ দ্বাৰা ফৰিস্তা ৰূপৰ সক্ষাৎকাৰ কৰাই যোৱা।

বাৰু – যিসকল প্ৰথমবাৰ আহিছা তেওঁলোকে হাত দাঙা। বহুত আছে। ভাল কৰিলা অতি পলম হোৱাৰ ফলক লগোৱাৰ পূৰ্বে আহি গ’লা, ভাল কথা, সুযোগ লোৱা। চমৎকাৰ কৰি দেখুওৱা। সাহস ৰাখা, বাপদাদাৰ সহায় সকলো সন্তানৰ লগত আছে। বাৰু! বাপদাদাই চাৰিওফালৰ সাকাৰত সন্মুখত বহি থকা সন্তানসকলক আৰু নিজৰ নিজৰ স্থানত, দেশত পিতাৰ সৈতে মিলন উদ্‌যাপন কৰা চাৰিওফালৰ সন্তানসকলক সেৱাৰ, স্নেহৰ আৰু পুৰুষাৰ্থৰ বাবে বহুত বহুত অভিনন্দন জনাই আছে কিন্তু পুৰুষাৰ্থত তীব্ৰ পুৰুষাৰ্থী হৈ এতিয়া আত্মাসকলক দুখ অশান্তিৰ পৰা উদ্ধাৰ কৰাৰ আৰু তীব্ৰ পুৰুষাৰ্থ কৰা। দুখ, অশান্তি, ভ্ৰষ্টাচাৰ অতিলৈ গৈ আছে, এতিয়া অতিৰ অন্ত কৰি সকলোকে মুক্তিধামৰ উত্তৰাধিকাৰ পিতাৰ পৰা প্ৰাপ্ত কৰোৱা। এনেকুৱা সদায় দৃঢ় সংকল্প কৰোঁতা সন্তানসকলক স্নেহসহিত স্মৰণ আৰু নমস্কাৰ। ওঁম্ শান্তি।

বৰদান:
নম্ৰতা আৰু কৰ্তৃত্বৰ সন্তুলনৰ দ্বাৰা পিতাক প্ৰত্যক্ষ কৰাওঁতা বিশেষ সেৱাধাৰী হোৱা

য’ত সন্তুলন থাকে ত’ত চমৎকাৰ দেখিবলৈ পোৱা যায়। যেতিয়া তোমালোকে নম্ৰতা আৰু সত্যতাৰ কৰ্তৃত্বৰ সন্তুলনেৰে যাকেই পিতাৰ পৰিচয় দিবা তেতিয়া চমৎকাৰ দেখিবলৈ পোৱা যাব। এইটো ৰূপেৰে পিতাক প্ৰত্যক্ষ কৰাব লাগে। তোমালোকৰ বাণী স্পষ্ট হওঁক, তাত স্নেহো থাকক, নম্ৰতা আৰু মধুৰতাও থাকক লগতে মহানতা আৰু সত্যতাও থাকক তেতিয়া প্ৰত্যক্ষতা হ’ব। কওঁতে মাজে মাজে অনুভৱ কৰাই যোৱা যাৰ দ্বাৰা স্নেহত মগন মূৰ্ত অনুভৱ হওঁক। এনেকুৱা স্বৰূপেৰে সেৱা কৰোঁতাসকলেই বিশেষ সেৱাধাৰী।

স্লোগান:
সময়ত কোনো সাধন নাথাকিলে যাতে সাধনাত বিঘিনি নাহে।

সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

কোনো কোনোৱে ভাবে হয়তো ক্ৰোধ কোনো বিকাৰ নহয়, এয়া শস্ত্ৰ। কিন্তু ক্ৰোধ জ্ঞান স্বৰূপ আত্মাৰ বাবে মহাশত্ৰু কিয়নো ক্ৰোধ অনেক আত্মাৰ সম্বন্ধ, সম্পৰ্কত আহিলে প্ৰসিদ্ধ হৈ যায় আৰু ক্ৰোধ দেখি পিতাৰ নাম বহুত গ্লানি হয়। কওঁতাই এনেকৈয়ে কয়, জ্ঞান স্বৰূপ আত্মা সন্তানসকলক দেখিলোঁ, সেইবাবে ইয়াৰ অংশমাত্ৰকো সমাপ্ত কৰি সভ্যতা পূৰ্বক ব্যৱহাৰ কৰা।