30.06.24    Avyakt Bapdada    Assame Murli    30.03.2000     Om Shanti     Madhuban


“*“মন ঠিকে ৰাখিবলৈ মাজে মাজে 5 চেকেণ্ডো উলিয়াই মনৰ ব্যায়াম কৰা”*”


আজি দূৰণিৰ দেশৰ বাপদাদাই নিজৰ সাকাৰ জগতৰ ভিন্ন ভিন্ন দেশৰ নিবাসী সন্তানসকলৰ সৈতে মিলন উদ্‌যাপন কৰিবলৈ আহিছে। বাপদাদাই ভিন্ন ভিন্ন দেশৰ নিবাসীসকলক একেখন দেশৰে নিবাসীৰ ৰূপত চাই আছে। কোনোবা য’ৰে পৰাই নাহক কিন্তু সকলোতকৈ প্ৰথমে সকলো এখন দেশৰ পৰাই আহিছা। নিজৰ অনাদি দেশ স্মৃতিত আছে নহয়! মৰমৰ হয় নহয়! পিতাৰ লগতে নিজৰ অনাদি দেশো বৰ মৰমৰ নহয় জানো!

বাপদাদাই আজি সকলো সন্তানৰ 5 স্বৰূপ চাই আছে, জানানে 5 স্বৰূপ কি? জানা নহয়! পঞ্চমুখী ব্ৰহ্মাৰো পূজন হয়। গতিকে বাপদাদাই সকলো সন্তানৰ 5 স্বৰূপ চাই আছে।

প্ৰথমটো – অনাদি জ্যোতিবিন্দু স্বৰূপ। স্মৃতিত আছে নহয় নিজৰ স্বৰূপ? পাহৰিতো নোযোৱা? দ্বিতীয়টো হ’ল- আদি দেৱতা স্বৰূপ। স্থিত হৈ গ’লানে দেৱতা স্বৰূপত? তৃতীয়টো – মধ্যত পূজ্য স্বৰূপ, সেইটোও স্মৃতিত আছেনে? তোমালোক সকলোৰে পূজা হয় নে ভাৰতবাসীৰ হয়? তোমালোকৰ পূজা হয়নে? কুমাৰসকল শুনোৱা তোমালোকৰ পূজা হয়নে? তৃতীয়টো হ’ল পূজ্য স্বৰূপ। চতুৰ্থটো হ’ল - সংগমযুগী ব্ৰাহ্মণ স্বৰূপ আৰু শেষৰটো হ’ল ফৰিস্তা স্বৰূপ। গতিকে পাঁচোটা স্বৰূপ স্মৃতিলৈ আহিল গ’লনে? বাৰু এক চেকেণ্ডত এই পাঁচোটা স্বৰূপত নিজক অনুভৱ কৰিব পাৰানে? এক, দুই, তিনি, চাৰি, পাঁচ... কৰিব পাৰানে! এই পাঁচোটা স্বৰূপেই কিমান মৰমৰ? যেতিয়াই বিচৰা, যিটো ৰূপত স্থিত হ’ব বিচৰা, ভাবিলা আৰু অনুভৱ কৰিলা। এয়াই আত্মিক মনৰ ব্যায়াম। আজিকালি সকলোৱে কি কৰে? ব্যায়াম কৰে নহয়! যেনেকৈ আদিতো তোমালোকৰ জগতত (সত্যযুগত) স্বাভাৱিকভাৱে চলা-ফুৰা কৰাৰ ব্যায়াম আছিল। থিয় হৈ এক, দুই, তিনি.... ব্যায়াম নহয়। গতিকে এতিয়া অন্ততো বাপদাদাই মনৰ ব্যায়াম কৰায়। যেনেকৈ স্থূল ব্যায়ামেৰে শৰীৰৰ সুস্থ হৈ থাকে নহয়! তেনেকৈ চলোঁতে-ফুৰোঁতে এই মনৰ ব্যায়াম কৰি থাকা। ইয়াৰ বাবে সময় নালাগে। 5 চেকেণ্ড যিকোনো সময়তে উলিয়াব পাৰা নে নোৱাৰা! এনেকুৱা কোনোবা ব্যস্ত হৈ থাকোঁতা আছেনে যিয়ে 5 চেকেণ্ডো উলিয়াব নোৱাৰে। আছে যদি হাত উঠোৱা। আকৌ নোকোৱাতো যে কি কৰোঁ সময় নাপাওঁ! এনেকৈতো নোকোৱা নহয়! সময় পোৱানে? তেন্তে এই ব্যায়াম মাজে মাজে কৰা। যি কাৰ্যই কৰি নাথাকা 5 চেকেণ্ডৰ এই মনৰ ব্যায়াম কৰা। তেতিয়া মন সদায়েই সুস্থ হৈ থাকিব, ঠিকে থাকিব। বাপদাদাইতো কয়- প্ৰত্যেক ঘণ্টাত এই 5 চেকেণ্ডৰ ব্যায়াম কৰা। হ’ব পাৰেনে? চোৱা সকলোৱে কৈছে - হ’ব পাৰে। স্মৃতিত ৰাখিবা। “ওঁম্‌ শান্তি ভৱন” স্মৃতিত ৰাখিবা, পাহৰি নাযাবা। তেতিয়া মনৰ যি ভিন্ন ভিন্ন আপত্তি আছে নহয়! কি কৰো মন একাগ্ৰ নহয়! মনক মোন (ওজন জোখা একক অৰ্থাৎ গধুৰ) কৰি দিয়া। ওজন জোখে নহয়! আগৰ দিনত ‘পোৱা’, ‘সেৰ’ আৰু ‘মোন’ আছিল, আজিকালি সলনি হ’ল। মনক মোন; গধুৰ কৰি দিয়ে আৰু এইটো ব্যায়াম কৰি থাকিলে তেতিয়া একেবাৰে পাতল হৈ যাবা। অভ্যাস হৈ যাব। ব্ৰাহ্মণ শব্দ স্মৃতিলৈ আহিলে ব্ৰাহ্মণ জীৱনৰ অনুভৱত আহি যোৱা। ফৰিস্তা শব্দ উচ্চাৰণ কৰিলে ফৰিস্তা হৈ যোৱা। কঠিন নেকি? নহয়? কুমাৰসকলে কোৱা অলপ কঠিন নেকি? তোমালোক ফৰিস্তা হোৱা নে নোহোৱা? তোমালোকেই হোৱা নে অন্য হয়? কিমানবাৰ ফৰিস্তা হৈছা? অগণনবাৰ হৈছা। তোমালোকেই হৈছানে? বাৰু অগণনবাৰ কৰা কাম এটা পুনৰাবৃত্তি কৰিবলৈ কঠিন হয় জানো? কেতিয়াবা কেতিয়াবা হয় নেকি? এতিয়া এইটো অভ্যাস কৰিবা। য’তেই নাথাকা 5 চেকেণ্ড মন ঘূৰোৱা, পৰিক্ৰমা লগোৱা। পৰিক্ৰমা লগাবলৈতো ভাল লাগে নহয়! শিক্ষকসকল ঠিকে আছে নহয়! পৰিক্ৰমা লগাব জানিবা নহয়! বচ্‌ পৰিক্ৰমা লগোৱা আকৌ কৰ্মত লাগি যোৱা। প্ৰত্যেক ঘণ্টাত পৰিক্ৰমা লগালা আকৌ কামত লাগি যোৱা, কিয়নো কামতো এৰিব নোৱাৰা নহয়! কৰ্তব্যতো পালন কৰিব লাগে। কিন্তু 5 চেকেণ্ড, মিনিটো নহয়, চেকেণ্ড। উলিয়াব নোৱাৰানে? উলিয়াব পাৰা নহয়? আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্যালয়ত উলিয়াব পাৰানে? মাষ্টৰ সৰ্বশক্তিমান হোৱা। মাষ্টৰ সৰ্বশক্তিমানে কি কৰিব নোৱাৰে!

বাপদাদাই সন্তানসকলৰ এটি কথা দেখি মৰমৰ হাঁহি উঠে। কোনটো কথাত? প্ৰত্যাহ্বান জনোৱা, প্ৰচাৰ পত্ৰিকা ছপা কৰা, ভাষণ দিয়া, পাঠ্যক্ৰম কৰোৱা। কি কৰোৱা? আমি বিশ্ব পৰিৱৰ্তন কৰিম। এনেকৈতো সকলোৱে কোৱা নহয়! নে নোকোৱা? সকলোৱে কোৱা নে কেৱল ভাষণ দিয়াসকলে কোৱা? এফালে কোৱা বিশ্ব পৰিৱৰ্তন কৰিম, মাষ্টৰ সৰ্বশক্তিমান হওঁ! আৰু আনফালে নিজৰ মনক মোৰ মন বুলি কোৱা, মনৰ মালিক হোৱা আৰু মাষ্টৰ সৰ্বশক্তিমান হোৱা। তথাপিও কঠিন বুলি কোৱা। তেন্তে হাঁহি নুঠিব জানো! উঠিব নহয় হাঁহি! গতিকে যি সময়ত ভাবা যে মনে নামানে, সেই সময়ত নিজৰ ফালে চাই হাঁহিবা। মনত কিবা কথা আহিলে তেন্তে বাপদাদাই দেখিছে তিনিডাল ৰেখাৰ গায়ন আছে। এডাল পানীৰ ওপৰত ৰেখা, পানীৰ ওপৰত ৰেখা দেখিছা, ৰেখা আঁকিলে সেই সময়তে নোহোৱা হৈ যাব। ৰেখা আঁকা নহয়! দ্বিতীয়ডাল হ’ল কাগজত বা ফলিত বা ক’ৰবাত ৰেখা অঁকা আৰু সকলোতকৈ ডাঙৰ হৈছে পাথৰৰ ওপৰত অঁকা ৰেখা। পাথৰৰ ওপৰত অঁকা ৰেখা মচি পেলোৱা বহুত কঠিন হয়। বাপদাদাই দেখিবলৈ পায় যে বহু ক্ষেত্ৰত সন্তানসকলে নিজৰেই মনত পাথৰৰ ৰেখাৰ দৰে দৃঢ় ৰেখা আঁকি লয়। যাক আকৌ আঁতৰায় কিন্তু আঁতৰি নাযায়। এনেকুৱা ৰেখা ভাল জানো? কিমানবাৰ প্ৰতিজ্ঞাও কৰে, এতিয়াৰ পৰা নকৰোঁ। এতিয়াৰ পৰা নহয়। কিন্তু আকৌ পৰৰ বশ হৈ যায় সেয়েহে বাপদাদাৰ সন্তানৰ প্ৰতি ঘৃণা নজন্মে, দয়া উপজে। পৰৰ বশ হৈ যায়। গতিকে পৰৰ বশ হোৱাজনৰ প্ৰতি দয়া উপজে। যেতিয়া বাপদাদাই এনেকৈ দয়া ভাৱেৰে সন্তানসকললৈ চায় তেতিয়া ড্ৰামাৰ পৰ্দাত কি আহি যায়? কেতিয়ালৈকে? গতিকে ইয়াৰ উত্তৰ তোমালোকে দিয়া? কেতিয়ালৈকে? কুমাৰসকলে উত্তৰ দিব পাৰানে - কেতিয়ালৈকে এয়া সমাপ্ত হ’ব? বহুত পৰকল্পনা কৰা নহয় কুমাৰ! তেন্তে কেতিয়ালৈকে, ক’ব পাৰিবা? অৱশেষত এয়া কেতিয়ালৈকে? কোৱা। উত্তৰ জানানে কেতিয়ালৈকে? দাদীসকল শুনোৱা। (যেতিয়ালৈকে সংগমযুগ থাকিব তেতিয়ালৈকে অলপ অলপ থাকিব) তেন্তে সংগমযুগো কেতিয়ালৈকে? (যেতিয়া ফৰিস্তা হৈ যাম) সেয়াও কেতিয়ালৈকে? (বাবাই কওঁক) ফৰিস্তা তোমালোক হ’ব লাগে নে বাবা হ’ব লাগে? গতিকে ইয়াৰ উত্তৰ ভাবিবা। পিতাইতো ক’ব এতিয়া, প্ৰস্তুত আছানে? মালাৰ আধাসংখ্যকেও হাত নাদাঙিলে।

বাপদাদাই সদায় সন্তানসকলক সম্পন্ন স্বৰূপত চাব বিচাৰে। যিহেতু এনেকৈ কোৱাই যে পিতাই মোৰ সংসাৰ। এনেকৈতো সকলোৱে কোৱা নহয়! অন্য কোনো সংসাৰো আছে নেকি? পিতাই সংসাৰ, তেন্তে সংসাৰৰ বাহিৰত আৰু কি আছে? কেৱল সংস্কাৰ পৰিৱৰ্তন কৰাৰ কথা। ব্ৰাহ্মণ জীৱনত গৰিষ্ঠসংখ্যকৰ বিঘ্ন ৰূপ হৈছে - সংস্কাৰ। নিজৰেই সংস্কাৰ হওঁক বা আনৰ সংস্কাৰ। জ্ঞান সকলোৰে আছে, শক্তি সকলোৰে আছে। কিন্তু কাৰণ কি হয়? যিটো শক্তি যি সময়ত কাৰ্যত প্ৰয়োগ কৰিব লাগে, সেই সময়ত জাগ্ৰত হোৱাৰ পৰিৱৰ্তে অলপ পাছত জাগ্ৰত হয়। পাছত ভাবে যে এনেকৈ নকৈ এনেকৈ ক’লে ভাল আছিল। এইটো কৰাৰ পৰিৱৰ্তে এইটো কৰিলে ভাল আছিল। কিন্তু যি সময়ত উত্তীৰ্ণ হ’বলগীয়া আছিল সেয়াতো গুচি গ’ল, এনেয়ে সকলোৱে শক্তিসমূহৰ কথা ভাবিও থাকা, এয়া সহন শক্তি, এয়া নিৰ্ণয় শক্তি, এনেকৈ ব্যৱহাৰ কৰিব লাগে। কেৱল অলপ সময়ৰ পাৰ্থক্য হৈ যায়। আৰু দ্বিতীয় কথাটি কি হয়? বাৰু এবাৰ শক্তি সময়ত কাৰ্যত নাহিল আৰু পাছত উপলব্ধিও কৰিলে যে এইটো নকৰি এইটো কৰিব লাগিছিল। পাছত বুজি পোৱা যায়। কিন্তু সেইটো ভুল এবাৰ অনুভৱ কৰাৰ পাছত ভৱিষ্যতলৈ অনুভৱী হৈ তাক ভালকৈ উপলব্ধি কৰি লোৱা যাতে পুনৰ নহয়। তথাপিও উন্নতি হ’ব পাৰে। সেই সময়ত বুজি পায় - এইটো ভুল, এইটো শুদ্ধ। কিন্তু সেইটো ভুলেই যাতে পুনৰায় নহয়, তাৰবাবে নিজেই নিজক ভালকৈ উপলব্ধি কৰাবা, তাতো ইমান এশ শতাংশ উত্তীৰ্ণ নহয়। আৰু মায়া বৰ চতুৰ, কথা সেইটোৱে ধৰা তোমালোকৰ সহন শক্তিৰ অভাৱ আছে, তেন্তে তেনেকুৱাই কথা য’ত তোমালোকে সহন শক্তি ব্যৱহাৰ কৰিব লাগে, এবাৰ নিজে উপলব্ধি কৰিলা, কিন্তু মায়াই কি কৰে যে দ্বিতীয়বাৰ অলপ ৰূপ সলনি কৰি আহি যায়। হওঁতে কথা সেইটোৱেই কিন্তু যেনেকৈ বৰ্তমান সময়ত বস্তু সেই পুৰণাই কিন্তু পলিচ এনেকৈ কৰি দিয়ে যে নতুনতকৈ নতুন যেন দেখা যাব। তেনেকৈ মায়াও এনেকৈ পলিচ হৈ আহে যে কথাৰ ৰহস্য সেয়াই, ধৰা তোমালোকৰ ঈৰ্ষা জাগি গ’ল। ঈৰ্ষাও ভিন্ন ভিন্ন ৰূপৰ হয়, এটা ৰূপৰ নহয়। গতিকে বীজ ঈৰ্ষাৰেই হ’ব কিন্তু অন্য ৰূপত আহিব। সেইটো ৰূপতে নাহে। তেতিয়া বহুবাৰ ভাবে যে এইটো কথা প্ৰথমৰটোতো সেয়া আছিল নহয়, এয়াতো কথাই বেলেগ হৈ গ’ল নহয়। কিন্তু বীজ সেইটোৱে কেৱল ৰূপ পৰিৱৰ্তিত হয়। তাৰ বাবে কোনটো শক্তি লাগে? চিনাক্তকৰণৰ শক্তি। ইয়াৰবাবে বাপদাদাই আগতেও কৈছে যে দুটা কথাৰ প্ৰতি মনোযোগ দিয়া। এটা হৈছে - সঁচা অন্তৰ, সত্যতা। ভিতৰত নাৰাখিবা। ভিতৰত ৰাখিলে গেচৰ বেলুন ভৰি যায় আৰু শেষত কি হ’ব? ফুটি যাব নহয়! সেয়েহে সঁচা অন্তৰ - বাৰু আত্মাসকলৰ আগত অলপ সংকোচ হয়, অলপ লাজ লাগে - জানোচা মোক কি দৃষ্টিৰে চায়। কিন্তু সঁচা অন্তৰেৰে, উপলব্ধিৰে বাপদাদাৰ সন্মুখত ৰাখা। এনেকুৱা নহয় যে মই বাপদাদাক কৈ দিলোঁ, এইটো ভুল হৈ গ’ল। যেনেকৈ আদেশ কৰা নহয় - হয় মোৰ দ্বাৰা এইটো ভুল হৈ গ’ল, এনেকৈ নহয়। উপলব্ধিৰ শক্তিৰে সঁচা অন্তৰেৰে কেৱল মগজেৰে নহয় কিন্তু অন্তৰেৰে যদি বাপদাদাৰ আগত উপলব্ধি কৰা তেন্তে অন্তৰ খালী হৈ যাব, জাৱৰ শেষ। কথা ডাঙৰ নহয়, সৰুৱেই হয় কিন্তু যদি তোমালোকৰ অন্তৰত সৰু সৰু কথাও একত্ৰিত হৈ থাকে তেন্তে তাৰে অন্তৰ ভৰি যায়। খালী হৈতো নাথাকে নহয়! যদি অন্তৰ খালী নহয় তেন্তে দিলাৰাম ক’ত বহিব! বহাৰ স্থানতো থাকিব লাগিব নহয়! সঁচা অন্তৰৰ হ’লে চাহাব ৰাজী হয়। যি হওঁ, যেনেকুৱা হওঁ, বাবা আপোনাৰেই হওঁ। বাপদাদাইতো জানে যে ক্ৰমানুসৰিতো হ’বই, সেয়েহে বাপদাদাই সেইটো দৃষ্টিৰে তোমালোকক নাচাব, কিন্তু সঁচা অন্তৰ আৰু দ্বিতীয়তে কৈছিলোঁ - সদায় বুদ্ধিৰ যোগসূত্ৰ যাতে স্বচ্ছ হৈ থাকে। যোগসূত্ৰত যাতে প্ৰতিবন্ধকতা নাথাকে, যোগসূত্ৰ যাতে বিচ্ছিন্ন নহয়। বাপদাদাই অতিৰিক্ত যি সময়ত শক্তি দিব বিচাৰে, আশীৰ্বাদ দিব বিচাৰে, অতিৰিক্ত সহায় কৰিব বিচাৰে, যদি প্ৰতিবন্ধকতা থাকে তেন্তে সেয়া পাব নোৱাৰিবা। যোগসূত্ৰ স্বচ্ছই নহয়, নিকা নহয়, বিচ্ছিন্ন হয়, তেন্তে এয়া যি প্ৰাপ্তি হ’ব লাগে সেয়া নহয়। বহুত সন্তানে কয়, নক’লেও ভাবে - কোনো কোনো আত্মাইতো বহুত সহযোগ পায়, ব্ৰাহ্মণৰো পায়, জেষ্ঠ্যসকলৰো পায়, বাপদাদাৰো পায়, মই কমকৈ পাওঁ। কাৰণ কি? পিতাতো হৈছে দাতা, সাগৰ যিয়ে যিমান ল’ব বিচাৰে বাপদাদাৰ ভঁৰালৰ তলা-চাবি নাই, চকিদাৰ নাই। বাবা বুলি ক’লা, বাবা হাজিৰ। বাবাই ক’লে - লোৱা। দাতা হয় নহয়। দাতাও হয় আৰু সাগৰো হয়। তেন্তে কি অভাৱ থাকিব? এই দুটি কথাৰেই অভাৱ হয়। এটা সঁচা অন্তৰ, পৰিষ্কাৰ অন্তৰ, চতুৰালি নকৰিবা। চতুৰালি বহুত কৰে। ভিন্ন ভিন্ন প্ৰকাৰৰ চতুৰালি কৰে। তেন্তে পৰিষ্কাৰ অন্তৰ, সঁচা অন্তৰ আৰু দ্বিতীয়তে বুদ্ধিৰ যোগসূত্ৰ সদায় পৰীক্ষা কৰা স্বচ্ছ আৰু নিকা হয়নে? আজিকালি বিজ্ঞানৰ সাধনসমূহৰ ক্ষেত্ৰতো দেখা নহয় যে অলপ বাধা থাকিলেও সেয়া স্পষ্ট নহয়। গতিকে এইটো নিশ্চয় কৰিবা।

আৰু বিশেষ কথা- এইটো ‘চিজন’ৰ অন্তিম পাল হয় নহয়, সেয়েহে কৈ আছোঁ, কেৱল ডবল বিদেশীসকলৰ কাৰণে নহয়, সকলোৰে বাবে। অন্তিম পালত তোমালোক সন্মুখত বহি আছা সেয়েহে তোমালোককে ক’বলগীয়া হৈছে। বাপদাদাই দেখিছে যে সংস্কাৰ বুলিয়ে কোৱা বা স্বভাৱ বুলিয়ে কোৱা, স্বভাৱতো প্ৰত্যেকৰে নিজা নিজা কিন্তু সকলোৰে স্নেহী আৰু সকলো কথাতে, সম্বন্ধত সফল, মনৰে বিজয়ী আৰু বাণীত মধুৰতা তেতিয়াহে আহিব পাৰে যেতিয়া স্বভাৱ সৰল হ’ব। অমনোযোগী স্বভাৱ নহয়। অমনোযোগিতাতো বেলেগ বস্তু। যেনেকুৱা সময়, যেনেকুৱা ব্যক্তি, যেনেকুৱা পৰিস্থিতি সেয়া চিনাক্ত কৰি নিজক সহজ কৰি দিয়া - ইয়াকে সৰল স্বভাৱ বুলি কোৱা হয়। সহজ অৰ্থাৎ মিলাপ্ৰীতিৰে চলা। কঠোৰ স্বভাৱ বহুত বেছি আনুষ্ঠানিক নহয়, আনুষ্ঠানিক হোৱাতো ভাল কিন্তু বহুত বেছি নহয় আৰু সময়ত যেতিয়া এনেকুৱা সময় হয় সেই সময়ত যদি কোনোবা আনুষ্ঠানিক হৈ যায় তেতিয়া সেইটো গুণ হৈ নাথাকে, তাৰ বিশেষত্ব সেই সময়ত কামত নাহে। কনিষ্ঠ হওঁক, জ্যেষ্ঠ হওঁক নিজক যাতে খাপ খুৱাই ল’ব পাৰা, মৈত্ৰীপূৰ্ণ হ’ব পাৰা। জ্যেষ্ঠৰ লগত জ্যেষ্ঠভাৱেৰে, কনিষ্ঠৰ লগত কনিষ্ঠভাৱেৰে চলিব পাৰা। সংগীসকলৰ মাজত সংগী হৈ চলিব পাৰা, জেষ্ঠ্যজনৰ লগত সন্মানেৰে চলিব পাৰা। সহজে খাপ খুৱাই ল’ব পাৰা, শৰীৰো শিথিল কৰি ৰাখিলে তেতিয়া যেনেকৈয়ে বিচাৰে তেনেকৈয়ে সঞ্চালন কৰিব পাৰে আৰু আটিল হ’লে সঞ্চালন কৰিব নোৱাৰিব। অমনোযোগীও নহয়, সহজ হ’লেও আকৌ য’ত বিচাৰে সহজ হৈ যাব, অমনোযোগী হৈ যাব, এনেকুৱা নহয়। বাপদাদাই ক’লে নহয় সহজ হৈ যোৱা সেয়েহে সহজ হৈ গ’লা, এনেকুৱা নকৰিবা। সহজ স্বভাৱ অৰ্থাৎ যেনেকুৱা সময় তেনেকুৱাই নিজৰ স্বৰূপ কৰি তুলিব পাৰা। বাৰু - ডবল বিদেশীসকলে ভাল সুযোগ পাইছা। সকলোৰে ড্ৰিল স্মৃতিত আছেনে নে পাহৰি গ’লা? এতিয়াই সকলোৱে এইটো ড্ৰিল কৰা, পৰিক্ৰমা লগোৱা। বাৰু।

চাৰিওফালৰ সৰ্বশ্ৰেষ্ঠ আত্মাসকলক, চাৰিওফালৰ পৰা স্নেহপূৰ্ণ স্মৃতি পঠিওৱাসকলক বহুত ভাল ভিন্ন ভিন্ন সম্বন্ধেৰে স্নেহৰ পত্ৰ আৰু নিজৰ খা-খবৰ লিখিছে, সেৱাৰ খবৰ, বহুত ভাল ভাল পৰিকল্পনা উৎসাহেৰে লিখিছে, যিবোৰ বাপদাদাই পায়েই গ’ল। যিমান স্নেহেৰে, প্ৰেমেৰে লিখিছে, যিয়েই লিখিছে, তেওঁলোক প্ৰত্যেকক নিজ নিজ নামেৰে বাপদাদাৰ, ‘দিলাৰাম’ৰ অন্তৰৰ স্নেহপূৰ্ণ স্মৰণ স্বীকাৰ কৰিবা। সন্তানসকলৰ পিতাৰ প্ৰতি আৰু তাতোকৈ পদমগুণ পিতাৰ সন্তানসকলৰ প্ৰতি স্নেহ আছে আৰু সদায় অমৰ। স্নেহী সন্তানসকল, পিতাৰ পৰা বিচ্ছিন্ন হ’ব নোৱাৰে আৰু পিতা সন্তানসকলৰ পৰা বিচ্ছিন্ন হ’ব নোৱাৰে। লগত আছে, লগতেই থাকিব।

চাৰিওফালৰ সদায় নিজক পিতাৰ সমান কৰি তোলোঁতা, সদায় পিতাৰ নয়নত, অন্তৰত, মস্তকত সমীপত থাকোঁতা, সদায় একমাত্ৰ পিতাৰ সংসাৰত থাকোঁতা, সদায় প্ৰতিটো খোজত বাপদাদাক অনুসৰণ কৰোঁতা, “সদায় বিজয়ী আছিলোঁ, বিজয়ী হওঁ আৰু বিজয়ী হৈ থাকিম”- এইটো নিশ্চয়তা আৰু নিচাত থাকোঁতা, এনেকুৱা অতি শ্ৰেষ্ঠ অতিকৈ মৰমৰ, মৰমতকৈও মৰমৰ, সকলো সন্তানৰ প্ৰতি বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।

বৰদান:
প্ৰতিটো চেকেণ্ডৰ প্ৰতিটো সংকল্পৰ মহত্বক জানি জমাৰ পুঁজি ভৰপূৰ কৰোঁতা সমৰ্থ আত্মা হোৱা

সংগমযুগত অবিনাশী পিতাৰ দ্বাৰা সকলো সময়ত অবিনাশী প্ৰাপ্তি হয়। গোটেই কল্পত এনেকুৱা ভাগ্য প্ৰাপ্ত কৰাৰ এয়াই একমাত্ৰ সময় - সেয়েহে তোমালোকৰ শ্লোগান হৈছে “এতিয়া নহ’লে কেতিয়াও নহ’ব”। যিয়েই শ্ৰেষ্ঠ কাৰ্য কৰিব লাগে সেয়া এতিয়াই কৰিব লাগে। এইটো স্মৃতিৰে কেতিয়াও সময়, সংকল্প আৰু কৰ্ম ব্যৰ্থত নষ্ট কৰিবলগীয়া নহ’ব, সমৰ্থ সংকল্পৰে জমাৰ পুঁজি ভৰপূৰ হৈ যাব আৰু আত্মা সমৰ্থ হৈ যাব।

স্লোগান:
প্ৰতিষাৰ বাণী, প্ৰতিটো কৰ্মৰ অলৌকিকতাই হৈছে পৱিত্ৰতা, সাধাৰণতাক অলৌকিকতালৈ পৰিৱৰ্তন কৰি দিয়া।


কৰ্মযোগী হ’বলৈ আজিৰ অব্যক্ত সংকেত:

শাৰীৰিক ব্যাধি কৰ্মভোগে যেনেকৈ বাৰে বাৰে নিজৰ ফালে আকৰ্ষিত কৰে, পীড়া হ’লে আকৰ্ষিত কৰে নহয়। তেতিয়া কোৱা - কি কৰোঁ, এনেয়েতো ঠিকেই আছে কিন্তু কৰ্মভোগ বৰ কাঢ়া। যদি এনেকুৱা কোনো বিশেষ পুৰণি সংস্কাৰ বা স্বভাৱ বা অভ্যাসে নিজৰ ফালে আকৰ্ষিত কৰে তেন্তে সেয়াও কৰ্মভোগ হৈ গ’ল। কোনো কৰ্মভোগে কৰ্মযোগী কৰি তুলিব নোৱাৰিব, সেয়েহে বাৰে বাৰে অশৰীৰী বোধৰ ড্ৰিল কৰি শৰীৰৰ বোধ ত্যাগ কৰি গৈ থাকা।