30.07.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পিতাৰ নিচিনা নিৰহংকাৰী আৰু নিষ্কাম সেৱাধাৰী কোনো নাই, গোটেই বিশ্বৰ বাদশ্বাহী
সন্তানসকলক গতাই দি নিজে বানপ্ৰস্থত বহি যায়”
প্ৰশ্ন:
পিতাৰ কোনটো
বাৰ্তা তোমালোকে গোটেই বিশ্বক শুনাব লাগে?
উত্তৰ:
সকলোকে শুনোৱা যে তোমালোক দুখ হৰ্তা, সুখ কৰ্তাৰ সন্তান। তোমালোকে কেতিয়াও কাকো
দুখ দিব নালাগে। তোমালোকে সুখদাতা পিতাক স্মৰণ কৰা, তেওঁক অনুসৰণ কৰা তেতিয়া
আধাকল্পৰ বাবে সুখধামলৈ গুচি যাবা। এইটো বাৰ্তা সকলোকে শুনাব লাগে। যিয়ে জীৱনত এইটো
বাৰ্তা ধাৰণ কৰিব তেওঁ 21 জন্মৰ বাবে মায়াৰ সংজ্ঞাহীনতাৰ পৰা মুক্ত হৈ যাব।
গীত:
হমাৰে তীৰ্থ
ন্যাৰে হে….. (আমাৰ তীৰ্থ অনন্য…..)
ওঁম্শান্তি।
মৰমৰ
মৰমৰ আত্মিক সন্তানসকলে এই গীতটিৰ অৰ্থতো বুজি পালে। আমাৰ অৰ্থাৎ আত্মাসকলৰ এওঁ হৈছে
পিতা। মুখ্য হয়েই আত্মা। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি আত্মাসকল পৰমপিতা
পৰমাত্মাৰ সন্মুখত বহি আছোঁ। তোমালোক আত্মা পৰমাত্মাৰ সন্মুখত বহি আছা। তোমালোকৰতো
নিজৰ শৰীৰ আছে, এওঁৰ ঋণত লোৱা শৰীৰ। গুৰুসকলে মনুষ্যক যাত্ৰাত লৈ যায়। ভক্তিমাৰ্গৰ
অনেক গুৰু আছে। ভাৰতততো স্ত্ৰীয়ে নিজৰ স্বামীকো গুৰু, ঈশ্বৰ বুলি বুজে। পিতাই
সন্তানসকলক বুজায় - তোমালোক সন্তান হোৱা নহয়। বুজি পোৱা যে আমি বেহদৰ পিতাৰ
সন্তান। বেহদৰ উত্তৰাধিকাৰ পুনৰ ল’বলৈ আহিছোঁ, আমি এতিয়া সৎগতি পাব লাগে। এইটো
নিশ্চয়তাতো আছে নহয়। গোটেই সৃষ্টি দুৰ্গতিত আছে, পতিত হয়। পাৱন হ’বৰ বাবে আহ্বান
জনায়, ভাৰতত কিমান অনেক গুৰু আছে। কাৰোবাৰ 100 গৰাকী অনুগামী, কাৰোবাৰ 500, কাৰোবাৰ
50 গৰাকীও থাকে। কাৰোবাৰ লাখ লাখ, কোটি কোটিও থাকে। যেনেকৈ আগাখান ‘খোজো’সকলৰ গুৰু।
কিমান তেওঁৰ অনুগামী আছে, কিমান তেওঁক সন্মান দিয়ে। তেওঁ যিয়েই নকৰক তথাপিও তেওঁৰ
কিমান মান আছে। ভক্তিমাৰ্গত গুৰু অনেক থাকে, আকৌ তেওঁলোকো ক্ৰমানুসৰি হয়। কাৰোবাৰ
পদম উপাৰ্জন হয়। আগাখানৰ উপাৰ্জন বহুত। তেওঁৰ শিষ্যসকলে (তুলাচনীত) তেওঁক হীৰাৰে
ওজন কৰি সিমান পৰিমাণৰ হীৰা দান দিছিল। এফালে হীৰা আনফালে তেওঁলোকৰ গুৰু। হীৰা দান
কৰে, কিমান হীৰা হ’ব। আজিকালি সোণৰ বিপৰীতেও বহুতক ওজন কৰি দিয়ে। আন এবিধ হৈছে
প্লেটিনাম, এইবিধ আকৌ সোণতকৈও অধিক মূল্যবান। সেয়াও ওজন কৰি দিছিল। গুৰুৰ পদমৰ্যাদা
কিমান চোৱা…. এনেকুৱা গুৰু বহুত আছে। এতিয়া তোমালোকে এই সৎগুৰুক কি দিবা? তেওঁক
ওজন কৰিবানে? হীৰা ওজন কৰি দিবানে? তেওঁৰ ওজন কৰিব পাৰিনে? তেওঁৰ নিজৰেই ওজন নাই।
শিৱতো হয়েই বিন্দু, তোমালোকে তেওঁৰ কি ওজন কৰিবা। তোমালোকৰ এইজন গুৰু কিমান
আশ্চৰ্যজনক, সকলোতকৈ পাতল। একেবাৰেই সূক্ষ্ম। তোমালোকৰ গুৰু এজনেই। তোমালোকে জানা
যে শিৱবাবাতো দাতা হয়। ভগৱানে কেতিয়াও একো ল’ব নোৱাৰে, তেওঁতো দিয়ে। ঈশ্বৰৰ অৰ্থে
সকলোৱে দান কৰে তেতিয়া ভাবে – পৰৱৰ্তী জন্মত তাৰ প্ৰতিদান পাব। কামনাতো ৰাখে। এতিয়া
এওঁ হৈছে বেহদৰ পিতা। এওঁৰ নিচিনা নিষ্কাম সেৱা কোনেও কৰিব নোৱাৰে। নিষ্কাম সেৱাও
কেনেকুৱা। সন্তানসকলক বিশ্বৰ, সুখধামৰ মালিক কৰি তোলে। বাবা জানো নিজে বিশ্বৰ মালিক
হয়। তেওঁক কোৱা হয় - সুখৰ সাগৰ, শান্তিৰ সাগৰ, পৱিত্ৰতাৰ সাগৰ। সন্তানসকলক প্ৰতিটো
কথা ভালদৰে বুজোৱা হয়। একমাত্ৰ পিতাৰ দ্বাৰাই তোমালোকে জীৱন মুক্তি পাই যোৱা। বাবাৰ
পৰা স্বৰ্গৰ উত্তৰাধিকাৰ পোৱা যায়। নিশ্চয় জন্মিল, বচ্। বাবা আৰু উত্তৰাধিকাৰক
স্মৰণ কৰিব লাগে। এওঁক জ্ঞানৰ সাগৰ বুলি কোৱা হয়। গোটেই সাগৰক চিয়াঁহী কৰি লোৱা।
গোটেই জংঘলক কলম কৰি লোৱা…. তেতিয়াও অন্ত হ’ব নোৱাৰে। তোমালোকে আৰম্ভণিৰ পৰা লিখি
যোৱা তেন্তে তোমালোকৰ বহুত কিতাপ হৈ যাব। এই জ্ঞানতো বহুত মূল্যবান যিবোৰ ধাৰণ
কৰিবলগীয়া হয়। জানা যে এয়া কোনো পৰম্পৰাগতভাৱে চলি নাহে। এতিয়া তোমালোকে ইয়াৰ
সাৰমৰ্ম পোৱা। পিতা আহি সন্তানসকলক নিজৰ পৰিচয় দিয়ে, সেয়াই যথেষ্ট। পিতাৰ পৰিচয়
দিলে, ৰচয়িতাক জানিলে ৰচনাৰো জ্ঞান আহি যায়। বুদ্ধিয়ে কয় যিসকল সত্যযুগত আহিব,
তেওঁলোকৰ পুনৰ্জন্ম বেছিকৈ হ’ব। চক্ৰত যিসকল প্ৰথমে আহিছিল তেওঁলোকেই আহিব। এই
চক্ৰকো ভালদৰে বুজিব লাগে। গীতটিতো শুনিলা, আমাৰ তীৰ্থ অনন্য। তেওঁলোকেতো
জন্ম-জন্মান্তৰ তীৰ্থ যাত্ৰা আদি কৰি আহিছে। এয়া তোমালোকৰ কেৱল এটা জন্মৰ যাত্ৰা।
এই আত্মিক যাত্ৰাত অলপো কষ্ট নাই। জ্ঞান দিওঁতা এজনেই সৎগুৰু। সৎগতিতো কাৰোৱেই নহয়।
এওঁ হৈছে সৰ্বোচ্চ জ্ঞানৰ সাগৰ, সকলোৰে সৎগতি হৈ যায়। বাকী আৰু কি লাগে! তত্ত্বও
সতোপ্ৰধান হৈ যায়। ইয়াত হৈছে তমোপ্ৰধান সেইবাবে বায়ু আদিও তেনেকুৱাই তমোপ্ৰধান হয়।
কিমান ভূমিকম্প আদি হৈ থাকে। সত্যযুগততো কোনো দুখ দিয়া বস্তু নাথাকিব। পিতা হয়েই
দুখ হৰ্তা, সুখ কৰ্তা। তোমালোক তেওঁৰ সন্তান, কাকোৱেই দুখ দিব নালাগে। সকলোকে সুখৰ
উত্তৰাধিকাৰ পোৱাৰ মাৰ্গ দেখুৱাব লাগে।
এতিয়া পিতাই কয় - তোমালোকে সুখহে দিব লাগে। বাবাই তোমালোকক আধাকল্পৰ বাবে এনেকুৱা
সুখ দিয়ে যে তাত দুখৰ নামেই নাথাকে। তোমালোকে জানা যে পিতাৰ পৰা 21 জন্মৰ
উত্তৰাধিকাৰ ল’বলৈ আমি ইয়ালৈ আহিছোঁ। তোমালোক বিদ্যাৰ্থী হোৱা নহয়। তোমালোকৰ
অন্তৰত আছে যে শিৱবাবাৰ পৰা স্বৰ্গৰ সুখ লওঁ তেতিয়া সকলো দুখ দূৰ হৈ যাব। বাবাই
আমাক সঞ্জীৱনী ঔষধ দিয়ে উজ্জীৱিত হ’বৰ বাবে। আকৌ 21 জন্ম কেতিয়াও মূৰ্ছিত হ’বলগীয়া
নহ’ব। সেই সঞ্জীৱনী ঔষধ হৈছে- ‘মনমনাভৱ’ (নিজক আত্মা বুলি বুজি পৰমপিতা শিৱক স্মৰণ
কৰা)। সকলোৰে সৎগতি দাতা এজনেই পিতা, তেওঁক নিৰাকাৰ নিৰহংকাৰী বুলি কোৱা হয়। যিটো
শৰীৰত আহে তেৱোঁ সাধাৰণ। পিতাই কয় - মৰমৰ সন্তানসকল, মই তোমালোকৰ আজ্ঞাকাৰী পিতা।
ডাঙৰ ব্যক্তিয়ে সদায় এনেকৈ লিখে। মই আজ্ঞাকাৰী সেৱক। নিজৰ নামৰ আগত কেতিয়াও শ্ৰী
নিলিখে। আজিকালিতো লিখে শ্ৰী শ্ৰী অমুক। নিজেই নিজক শ্ৰী শ্ৰী বুলি লিখি থাকে।
সেইজন পিতা হৈছে নিৰাকাৰী, নিৰহংকাৰী। এতিয়া তোমালোক তেওঁৰ সন্মুখত বহি আছা। জানা
যে তেওঁ আমাৰ পিতা, শিক্ষক, সৎগুৰু, বাকীতো হৈছে সকলো ভক্তি মাৰ্গৰ অনেক গুৰু।
গুৰুসকলৰো গুৰু থাকে। এওঁৰ কোনো গুৰু নাই। এওঁ হৈছে সৎ বাবা, সৎ শিক্ষক, সৎগুৰু।
তোমালোকে জানা যে আত্মাইহে সংস্কাৰ ধাৰণ কৰি আছে। বাবাও আত্মা হয় নহয়, তেওঁৰো গুণ
আছে। তোমালোকৰ গুণ বেলেগ বেলেগ হৈ যায়। এই সময়ত যিবোৰ গুণ তোমালোকৰ আছে সেয়াই
পিতাৰ। পুনৰ সত্যযুগত তোমালোকৰ দৈৱী গুণ হৈ যাবগৈ। পিতা জ্ঞানৰ সাগৰ, প্ৰেমৰ সাগৰ
হয়। শ্ৰীকৃষ্ণৰ মহিমা বেলেগ। শিৱবাবাক 16 কলা সম্পূৰ্ণ বুলি ক’ব নোৱাৰে। তেওঁতো
স্থিৰ হয়েই। পিতাই কয় - এইটো উপাধি তোমালোকে মোক দিব নোৱাৰা। মই জানো বিকাৰী হওঁ
যে আকৌ সৰ্বগুণ সম্পন্ন হ’ম। মোৰ মহিমা জানো তেওঁৰ নিচিনাকৈ কৰিব। এই জ্ঞান যিয়ে
কল্প পূৰ্বে শুনিছিল তেওঁলোকেই আহিব, আহি পিতাৰ পৰা শুনিব আৰু পিতাক স্মৰণ কৰিব।
অন্তিমত হায় হায় কৰি কান্দে আকৌ জয়জয়কাৰ হৈ যায়। এতিয়া তোমালোকে যাত্ৰাৰো
ৰহস্য বুজি পাইছা। এই যাত্ৰাৰ পৰা আকৌ তোমালোক কেতিয়াও মৃত্যুলোকলৈ ঘূৰি নাহা। সেই
যাত্ৰাৰ পৰা আকৌ ঘৰলৈ ঘূৰি আহে। কিমান মনুষ্য স্নান কৰিবলৈ যায়। ভক্তিৰ বিস্তাৰ
চোৱা কিমান। যেনেকৈ বৃক্ষ কিমান ডাঙৰ হয়, বীজতো একেবাৰে সৰু। সেইদৰে ভক্তিৰো কিমান
বিস্তাৰ। জ্ঞানৰ এটা ডুবনেও সৎগতি কৰি দিয়ে। ভক্তিত অৱনমিত হওঁতে হওঁতে আধাকল্প লাগি
যায়। ইয়াত তোমালোকৰ ছিৰি আৰোহণ কৰিবলৈ এক চেকেণ্ড লাগে – লিফট্ কিমান ভাল। তলৰ পৰা
একদম ওপৰলৈ, নিজৰ ঘৰলৈ লৈ যায়। ইয়াক কোৱা হয় আৰোহণ কলাৰে সকলোৰে কল্যাণ হয়।
সকলোৰে সৎগতি দাতা এজন পিতাহে হয়। এতিয়া জ্ঞান, ভক্তিৰ পাৰ্থক্য দেখিলা। জ্ঞান
ভক্তি, বৈৰাগ্য নহয় জানো। সন্ন্যাসীসকলৰ হৈছে হদৰ (সীমিত) বৈৰাগ্য। পিতাই বুজাইছে
- বৈৰাগ্য দুই প্ৰকাৰৰ - এটা হৈছে হদৰ বৈৰাগ্য যাৰ দ্বাৰা কোনো সৎগতি নহয়। আনটো
বেহদৰ (গোটেই পুৰণি সৃষ্টিৰ প্ৰতি) বৈৰাগ্য – যাৰ দ্বাৰা তোমালোকৰ সৎগতি হৈ যায়।
এতিয়া সৎগতিৰ বাবে তোমালোক সন্তানসকলে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ হ’বলৈ শ্ৰীমত পোৱা। এতিয়া
শ্ৰীমতত শ্ৰেষ্ঠ সৃষ্টিৰ স্থাপনা হৈ আছে। এই ভ্ৰষ্ট সৃষ্টি ৰাৱণৰ মতত গঢ়ি উঠিছে।
আমি শ্ৰেষ্ঠ হৈ আছোঁ - এই কথাবোৰ তোমালোকেহে জানা। জগতে একে বাৰে নাজানে। তোমালোকৰ
কাৰণেতো কয় - এই ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰীসকল বিনাশ কৰাওঁতা হয়। সঁচাকৈয়ে
বিনাশতো হ’বই। ইয়াৰ দ্বাৰাইতো কল্যাণ হ’ব। কল্যাণকাৰী পিতা আহিলে তেতিয়া মহাযুদ্ধ
লাগে। তেতিয়া ক’ব আমি কৈছিলোঁ নহয় ব্ৰহ্মাকুমাৰীয়ে বিনাশ কৰাব। যথাযথ বিনাশতো হ’বই,
পুৰণি সৃষ্টিৰ বিনাশ হ’ব। আমি নতুন সৃষ্টি স্থাপন কৰোঁ। পুৰণিৰ পাছত নতুন নিশ্চয়
আছেই। কল্পই কল্পই বিনাশ হয় তেতিয়াহে ভাৰতত স্বৰ্গৰ দ্বাৰ মুকলি হয়। কিন্তু সেই
লোকসকলে কেনেকৈ বুজিব? আগলৈ বহুতে বুজিব। পিতা যেতিয়া আহে তেতিয়া গোটেই পুৰণি
সৃষ্টি স্বাহা (আহুতি) হৈ যায়। তোমালোকৰ এই যজ্ঞতো আশ্চৰ্যজনক, য’ত আহুতি হ’ব।
এয়াও তোমালোকেহে জানা আন কোনেও নাজানে। বিজয়তো পাণ্ডৱসকলৰ হ’ব বাকী সকলো নাশ হৈ
যাব। বাকী তোমালোক পাণ্ডৱসকল থাকাগৈ আকৌ নতুন সৃষ্টিত ৰাজত্ব কৰা। এই জ্ঞান বৰ
অপূৰ্ব। সকলোৰে দুখ হৰ্তা, সুখ কৰ্তা, সৎগতি দিওঁতা এজনেই পিতা। কিমান মিঠা, কিমান
মৰমৰ পিতা। এনেকৈ কৈ আহিছা - মৰমৰ বাবা, আপুনি যেতিয়া আহিব তেতিয়া আপোনাৰ প্ৰতি
আমি উৎসৰ্গিত হৈ যাম। মোৰতো আপুনিয়েই আন কোনো নাই। ইয়াৰ অৰ্থ এইটো নহয় যে
ঘৰ-সংসাৰ এৰি ইয়াত আহি বহি যাবা। নহয়, গৃহস্থালিত অৱশ্যে থাকা। 7 দিনৰ পাঠ্যক্ৰম
কৰি তাৰপাছত য’লৈকে নোযোৱা – ‘মনমনাভৱ’। পিতাক স্মৰণ কৰিব লাগে আৰু উত্তৰাধিকাৰ
প্ৰাপ্ত কৰিব লাগে। বচ্ স্মৃতিৰ যাত্ৰাত থাকিব লাগে, ইয়াৰ দ্বাৰাই বৈতৰণী পাৰ হ’বা।
এইটোও তোমালোকে জানা যে – পৱিত্ৰ হৈ থাকিব লাগে। ছিঃ ছিঃ খাদ্য আদি খাব নালাগে।
মুৰুলীতো পোৱাই যায়। কোনোবা সময়ত মুৰুলী নাপাবাও, আপদ আহিব, হুলস্থুল আদি হৈ যাব
তেতিয়া মুৰুলী পাব নোৱাৰিবা। তোমালোকে এই দুচকুৰে যি কিছু দেখিবলৈ পোৱা সেয়া
নাথাকিবগৈ, সকলো ভস্ম হৈ যাব। প্ৰলয়তো নহয়। সৃষ্টিতো এখনেই, নতুনৰ পৰা পুৰণি হয়।
নতুন সৃষ্টি, পুৰণি সৃষ্টি বুলি কোৱা হয়। এতিয়াতো কোৱা হ’ব এইখন পুৰণি সৃষ্টি,
বাকী অলপ সময় আছে। তেওঁলোকে কয় - কল্পৰ আয়ুস লাখ লাখ বছৰ। কলিযুগৰ বাবে কয় 40
হাজাৰ বছৰ বাকী আছে। বাস্তৱত 5 হাজাৰ বছৰৰ চক্ৰ। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে।
মনুষ্যতো একেবাৰে পাথৰ বুদ্ধিৰ। ভাৱৰীয়া হৈ ড্ৰামাৰ ৰচয়িতা, নিৰ্দেশকক নাজানিলে
তেন্তে তেওঁক কি বুলি কোৱা হ’ব। বিশ্বৰ ইতিহাস-ভূগোল কেনেকৈ পুনৰাবৃত্তি হয়, এয়াতো
জানিব লাগে নহয়। যিসকলে ভালদৰে জানে, বুদ্ধিত ধাৰণ কৰি আনকো ধাৰণ কৰায়, তেওঁলোকে
উচ্চতকৈও উচ্চ পদ লাভ কৰে। পিতাই কয় - যি জ্ঞান মোৰ আছিল সেয়া এতিয়া তোমালোকক দি
আছোঁ। ড্ৰামাৰ পৰিকল্পনা অনুসৰি মই পুনৰাবৃত্তি কৰোঁ। মোৰো ড্ৰামাত ভূমিকা আছে।
ভক্তিমাৰ্গতো ভূমিকা পালন কৰিলোঁ, এতিয়া আহি তোমালোকক নিজৰ আৰু ৰচনাৰ
আদি-মধ্য-অন্তৰ পৰিচয় দিওঁ। ময়ো ড্ৰামাৰ বান্ধোনত আছোঁ। নিজৰ পৰিচয় দিবলৈ আৰু
ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান শুনাবলৈ মই এবাৰেই আহোঁ। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা, সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) পিতাৰ
সমান আজ্ঞাকাৰী হ’ব লাগে। কেতিয়াও কোনো কথাত নিজৰ অহংকাৰ দেখুৱাব নালাগে। নিৰাকাৰী
আৰু নিৰহংকাৰী হৈ থাকিব লাগে।
(2) পিতা, শিক্ষক আৰু
সৎগুৰুৰ প্ৰভেদ বুজি নিশ্চয়বুদ্ধিৰ হৈ শ্ৰীমতত চলিব লাগে। আত্মিক যাত্ৰাত থাকিব
লাগে।
বৰদান:
পুৰুষাৰ্থ
শব্দটি যথাৰ্থ ৰীতিৰে ব্যৱহাৰ কৰি সদায় আগবাঢ়ি যাওতা শ্ৰেষ্ঠ পুৰুষাৰ্থী হোৱা
বহু সময়ত পুৰুষাৰ্থী
শব্দটি পৰাজয় হ’লে বা অসফলতা প্ৰাপ্ত হ’লে এক ভাল ঢাল হৈ যায়। যেতিয়া কিবা ভুল হয়
তেতিয়া কৈ দিয়ে যে - মইতো এতিয়া পুৰুষাৰ্থীহে। কিন্তু যথাৰ্থ পুৰুষাৰ্থী কেতিয়াও
পৰাজিত হ’ব নোৱাৰে, কাৰণ পুৰুষাৰ্থ শব্দটিৰ যথাৰ্থ অৰ্থ হৈছে—নিজক ‘পুৰুষ’ অৰ্থাৎ
আত্মা বুলি বুজি চলা। এনেকৈ আত্মিক স্থিতিত থকা পুৰুষাৰ্থীয়েতো সদায় লক্ষ্যক সমুখত
ৰাখি আগবাঢ়ে, তেওঁলোক কেতিয়াও থমকি ৰৈ নাযায় আৰু নিজৰ সাহস তথা উৎসাহ হেৰুৱাই
নেপেলায়।
স্লোগান:
মাষ্টৰ সৰ্বশক্তিমানৰ স্মৃতিত থাকা, এইটো স্মৃতিয়েই নিজৰ মালিকীবোধৰ স্মৃতি আনি দিয়ে।
অব্যক্ত ইংগিত:
জ্বালাস্বৰূপ স্থিতিত থাকি শক্তিশালী স্মৃতিৰ অনুভৱ কৰা
যিকোনো কাম কৰাৰ বা
কথা পতাৰ মাজে মাজে সংকল্পৰ প্ৰবাহ বা সোঁত ৰখাই দিয়া। এক মিনিটৰ বাবে হ’লেও মনৰ
সংকল্প, অথবা শৰীৰৰ দ্বাৰা কৰি থকা কৰ্ম মাজতে ৰখাই হ’লেও এইটো অভ্যাস কৰা, তেতিয়াহে
বিন্দু ৰূপৰ শক্তিশালী স্থিতিত স্থিৰ হ’ব পাৰিবা। যেনেকৈ অব্যক্ত স্থিতিত থাকি
কাৰ্য কৰা সহজ হৈ গৈ আছে, তেনেকৈয়ে এই বিন্দুৰূপৰ স্থিতিও যাতে সহজ হৈ যায়, এয়াই
হৈছে যোগৰ জ্বালা স্বৰূপ স্থিতি।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]