30.08.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
জ্ঞান বুদ্ধিত ধাৰণ কৰি পৰস্পৰ মিলি শ্ৰেণী চলোৱা, নিজৰ আৰু আনৰ কল্যাণ কৰি সঁচা
উপাৰ্জন কৰি থাকা”
প্ৰশ্ন:
তোমালোক
সন্তানসকলৰ কোনটো অহংকাৰ কেতিয়াও আহিব নালাগে?
উত্তৰ:
কোনো কোনো সন্তানৰ অহংকাৰ আহে যে এই সৰু সৰু কন্যাসকলে আমাক কি বুজাব। জ্যেষ্ঠ ভগ্নী
গুচি গ'লে অভিমান কৰি শ্ৰেণীলৈ অহাতো বন্ধ কৰি দিয়ে। এয়া হৈছে মায়াৰ বিঘিনি। বাবাই
কয় – সন্তানসকল, তোমালোকে শুনাওঁতা শিক্ষক নাম-ৰূপক নাচাই, পিতাৰ স্মৃতিত থাকি
মুৰুলী শুনা। অহংকাৰ নকৰিবা।
ওঁম্শান্তি।
পিতাই বহি
সন্তানসকলক বুজায়। এতিয়া যিহেতু পিতা বুলি কোৱা হয় তেন্তে ইমানবোৰ সন্তানৰ এজন
শৰীৰধাৰী পিতাতো হ'ব নোৱাৰে। এয়া হৈছে আত্মিক পিতা। এওঁৰ অনেক সন্তান আছে,
সন্তানসকলৰ বাবে এই টেপ মুৰুলী আদি সামগ্ৰী আছে। সন্তানসকলে জানে যে আমি এতিয়া
সংগমযুগত বহি আছোঁ পুৰুষোত্তম হ'বৰ বাবে। এইটোও আনন্দৰ কথা। পিতাইহে পুৰুষোত্তম কৰি
তোলে। এই লক্ষ্মী-নাৰায়ণ পুৰুষোত্তম নহয় জানো। এইখন সৃষ্টিতেই উত্তম পুৰুষ, মধ্যম
আৰু কনিষ্ঠ থাকে। আদিত থাকে উত্তম, মধ্যত মধ্যম আৰু অন্তত হৈছে কনিষ্ঠ। সকলো
বস্তুৱেই প্ৰথমে নতুন উত্তম তাৰ পাছত মধ্যম তাৰ পাছত কনিষ্ঠ অৰ্থাৎ পুৰণি হৈ যায়।
সৃষ্টিৰ ক্ষেত্ৰতো এনেকুৱা। তেন্তে যিবোৰ কথাত মনুষ্যৰ সংশয় জন্মে, তাৰ ওপৰত
তোমালোকে বুজাব লাগে। বেছিভাগ ক্ষেত্ৰত ব্ৰহ্মাৰ কাৰণেই কয় যে এওঁক কিয় বহুৱাইছে?
গতিকে তেওঁলোকক বৃক্ষৰ চিত্ৰৰ ওচৰলৈ আনিব লাগে। চোৱা, তলতো তপস্যা কৰি আছে আৰু ওপৰতো
একেবাৰে অন্তত বহুত জন্মৰ অন্তৰ জন্মত থিয় হৈ আছে। পিতাই কয় - মই এওঁৰ শৰীৰত প্ৰৱেশ
কৰোঁ। এই কথাবোৰ বুজোৱাজন বৰ বুদ্ধিমান হ'ব লাগে। এজনো যদি বুদ্ধিহীন ওলায় তেতিয়া
সকলো বি.কে.ৰ নাম বদনাম হৈ যায়। সম্পূৰ্ণকৈ বুজাব নাজানে। যদিও সম্পূৰ্ণভাৱে
উত্তীৰ্ণ শেষতেই হয়গৈ, এই সময়ত 16 কলা সম্পূৰ্ণ কোনো হ'ব নোৱাৰে কিন্তু বুজোৱাত
ক্ৰমানুসৰি নিশ্চয় হয়। পৰমপিতা পৰমাত্মাৰ প্ৰতি যদি প্ৰীতি নাই তেন্তে অপ্ৰীতিকৰ
বুদ্ধি নহ’ল জানো। ইয়াৰ ওপৰত তোমালোকে বুজাব পাৰা যে যিসকল প্ৰীতি বুদ্ধিৰ আছে
তেওঁলোক বিজয়ী হ’ব আৰু যিসকল অপ্ৰীতিকৰ বুদ্ধিৰ তেওঁলোকৰ বিনাশ হৈ যায়। ইয়াক লৈও
কোনো কোনো মনুষ্য বিতুষ্ট হৈ যায় তেতিয়া কিবা নহয় কিবা অপবাদ জাপি দিয়ে। হাই-কাজিয়া
কৰাত পলম নকৰে। কোনোবাই কিনো কৰিব পাৰে। কেতিয়াবা চিত্ৰবোৰত জুই লগাবলৈও পলম নকৰিব।
বাবাই ৰায়ো দিয়ে যে চিত্ৰবোৰৰ বীমা কৰোৱাই লোৱা। সন্তানসকলৰ অৱস্থাও পিতাই জানে,
আসুৰিক দৃষ্টিৰ ওপৰতো পিতাই নিতৌ বুজাই থাকে। লিখে যে বাবা, আপুনি যি আসুৰিক
দৃষ্টিৰ ওপৰত বুজাইছে এয়া একেবাৰে ঠিক কৈছে। এই জগতখন তমোপ্ৰধান হয় নহয়।
দিনে-প্ৰতিদিনে তমোপ্ৰধান হৈ গৈ থাকে। তেওঁলোকেতো ভাবে যে কলিযুগ এতিয়াও শিশু হৈয়ে
আছে। একেবাৰে অজ্ঞান নিদ্ৰাত শুই আছে। কেতিয়াবা কেতিয়াবা কয়ো যে এতিয়া মহাভাৰতৰ
যুদ্ধৰ সময় তেন্তে ভগৱান নিশ্চয় কিবা ৰূপত থাকিব। ৰূপতো নেদেখুৱায়। তেওঁ নিশ্চয়
কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰিব লাগিব। ভাগ্যশালী ৰথ বুলি গায়ন কৰা হয়। ৰথতো আত্মাৰ নিজৰ
হ'ব নহয়। তাত আহি প্ৰৱেশ কৰিব। সেইখনক (ব্ৰহ্মা তনক) ভাগ্যশালী ৰথ বুলি কোৱা হয়।
বাকী তেওঁ জন্ম নলয়। এওঁৰেই কাষত বহি জ্ঞান দিয়ে। কিমান ভালদৰে বুজোৱা হয়।
ত্ৰিমূৰ্তিৰ চিত্ৰও আছে। ত্ৰিমূৰ্তিতো ব্ৰহ্মা-বিষ্ণু-শংকৰক কোৱা হ’ব। নিশ্চয়
তেওঁলোকে কিবা কৰি গৈছে। যাৰ কাৰণে আকৌ ৰাস্তাৰ, ঘৰৰ নামো ত্ৰিমূৰ্তি ৰাখিছে। যেনেকৈ
এইটো ৰাস্তাক ‘সুভাষ মাৰ্গ’ নাম দিছে। সুভাষ চন্দ্ৰ বসুৰ বুৰঞ্জীতো সকলোৱে জানে।
তেওঁলোকৰ মৃত্যুৰ পাছত বুৰঞ্জী লিখে। আকৌ সেয়া লিখি ডাঙৰ কৰি দিয়ে। বহুত বঢ়াই লিখে।
যেনেকৈ গুৰুনানকৰ কিতাপ কিমান ডাঙৰ আকাৰত ৰচিছে। ইমান তেওঁতো লিখা নাই। জ্ঞানৰ সলনি
ভক্তিৰ কথা বহি লিখিছে। এই চিত্ৰ আদিতো বুজাবৰ বাবে তৈয়াৰ কৰা হয়।। এইটোতো জানে যে
এই দুচকুৰে যি কিছু দেখিবলৈ পোৱা যায় এই সকলোবোৰ ভস্ম হৈ যাব। বাকী আত্মাতো ইয়াত
থাকিব নোৱাৰে। নিশ্চয় ঘৰলৈ গুচি যাব। এনেকুৱা কথাবোৰ সকলোৰে বুদ্ধিত জানো ধাৰণ হয়।
যদি ধাৰণ হয় তেন্তে শ্ৰেণীত নপঢ়ায় কিয়। 7-8 বছৰত এনেকুৱা কোনো তৈয়াৰ নহয় যিয়ে
শ্ৰেণীত পঢ়াব পাৰে। বহুত ঠাইত এনেকৈ পঢ়ায়ো। তথাপিও বুজি পায় যে মাতাসকলৰ পদ উচ্চ হয়।
চিত্ৰতো বহুত আছে, আকৌ মুৰুলী ধাৰণ কৰি তাৰ ওপৰত কিছু বুজায়। এয়াতো যিকোনো লোকে
কৰিব পাৰে। বহুত সহজ। আকৌ নাজানো কিয় ব্ৰাহ্মণী বিচাৰে। ব্ৰাহ্মণী ক'ৰবালৈ গ'লে
তেতিয়া অভিমান কৰি ঘৰতে বহি যায়। শ্ৰেণীলৈ নাহে, পৰস্পৰ মতান্তৰ হৈ যায়। মুৰুলীতো
যিকোনো এজনে বহি শুনাব পাৰে নহয়। ক'ব যে আহৰি নাই। এয়াতো নিজৰো কল্যাণ কৰিব লাগে আৰু
আনৰো কল্যাণ কৰিব লাগে। বহুত উচ্চ উপাৰ্জন হয়। সঁচা উপাৰ্জন কৰাব লাগে যাতে মনুষ্যৰ
জীৱন হীৰাৰ দৰে হৈ যায়। স্বৰ্গলৈ সকলোৱে যাব নহয়। তাত সদায় সুখী হৈ থাকে। এনেকুৱা
নহয় যে প্ৰজাৰ আয়ুস কম হয়। নহয়, প্ৰজাৰো আয়ুস বেছি হয়। সেইখন হয়েই অমৰ লোক। বাকী
পদবী কম বেছি হয়। গতিকে যিকোনো বিষয়ৰ ওপৰত পাঠদান কৰিব লাগে। এনেকৈ কিয় কয় যে ভাল
ব্ৰাহ্মণী লাগে। নিজৰ মাজতে লগ লাগি পাঠদানৰ ব্যৱস্থা কৰিব পাৰা। অজুহাত দেখুৱাব
নালাগে। কোনো কোনোৰ অহংকাৰ আহি যায় - এই সৰু সৰু কন্যাসকলে কি বুজাব? মায়াৰ বিঘিনিও
বহুত আহে। বুদ্ধিত ধাৰণেই নহয়।
বাবাইতো নিতৌ বুজাই
থাকে, শিৱবাবাইতো কোনো বিশেষ বিষয় বস্তুৰ ওপৰত নুবুজাব নহয়। তেওঁতো সাগৰ হয়। বিষয়
বস্তুৰ ঢৌ উঠি থাকে। কেতিয়াবা সন্তানসকলক বুজায়, কেতিয়াবা বাহিৰৰসকলৰ বাবে বুজায়।
মুৰুলীতো সকলোৱে পায়। শব্দ নাজানিলে তেন্তে শিকিব লাগে - নিজৰ উন্নতিৰ কাৰণে
পুৰুষাৰ্থ কৰিব লাগে। নিজৰো আৰু আনৰো কল্যাণ কৰিব লাগে। এই পিতায়ো (ব্ৰহ্মা বাবায়ো)
শুনাব পাৰে নহয়, কিন্তু সন্তানসকলৰ বুদ্ধিযোগ শিৱবাবাৰ ফালে থাকক সেইকাৰণে কয় সদায়
বুজিবা শিৱবাবাই শুনায়। শিৱবাবাকেই স্মৰণ কৰা। শিৱবাবা পৰমধামৰ পৰা আহিছে, মুৰুলী
শুনাই আছে। এই ব্ৰহ্মাইতো পৰমধামৰ পৰা আহি নুশুনায়। বুজিবা শিৱবাবা এইটো শৰীৰত আহি
আমাক মুৰুলী শুনাই আছে। বুদ্ধিত এইটো স্মৃতি থাকিব লাগে। যথাৰ্থ ৰীতিৰে এইটো
বুদ্ধিত থাকিলে তেতিয়াও স্মৃতিৰ যাত্ৰাত থাকিবা নহয়। কিন্তু ইয়াত বহি থাকিও বহুতৰে
বুদ্ধিযোগ ইফালে-সিফালে গুচি যায়। ইয়াত তোমালোকে যাত্ৰাত ভালকৈ থাকিব পাৰা। নহ’লেতো
গাঁও স্মৃতিলৈ আহিব। ঘৰ-সংসাৰ স্মৃতিলৈ আহিব। বুদ্ধিত এইটো স্মৃতি থাকিব লাগে যে
শিৱবাবাই আমাক এওঁৰ শৰীৰত বহি পঢ়াই আছে। মই শিৱবাবাৰ স্মৃতিত মুৰুলী শুনি আছিলোঁ আকৌ
বুদ্ধিযোগ ক’লৈ গুচি গ’ল। এনেকৈ বহুতৰে বুদ্ধিযোগ গুচি যায়। ইয়াত তোমালোকে যাত্ৰাত
ভালদৰে থাকিব পাৰা। বুজি পোৱা যে শিৱবাবা পৰমধামৰ পৰা আহিছে। বাহিৰত গাওঁ আদিত
থাকিলে এইটো খেয়াল নাথাকে। কোনো কোনোৱে বুজে শিৱবাবাৰ মুৰুলী এই কাণেৰে শুনি আছোঁ
তেতিয়া শুনাওঁতাজনৰ নাম-ৰূপ স্মৃতিলৈ নাহে। এই গোটেই জ্ঞান আন্তৰিক। ভিতৰি খেয়াল
থাকিব লাগে যে শিৱবাবাৰ মুৰুলী আমি শুনোঁ। এনেকুৱা নহয়, অমুক ভগ্নীয়ে শুনাই আছে।
শিৱবাবাৰ মুৰুলী শুনি আছোঁ। এয়াও স্মৃতিত থকাৰ যুক্তি। এনেকুৱা নহয় যে ইমান সময় আমি
মুৰুলী শুনোঁ, স্মৃতিত থাকোঁ। নহয়, বাবাই কয়- বহুতৰ বুদ্ধি ক’ত ক’ত বাহিৰলৈ গুচি
যায়। খেতিবাৰী আদি স্মৃতিলৈ আহি থাকিব। বুদ্ধিযোগ ক’তো বাহিৰত গৈ থাকিব নালাগে।
শিৱবাবাক স্মৰণ কৰিবলৈ জানো কিবা কষ্ট হয়। কিন্তু মায়াই স্মৰণ কৰিবলৈ নিদিয়ে। গোটেই
সময় শিৱবাবাৰ স্মৃতি থাকিব নোৱাৰে, অন্য অন্য খেয়াল আহি যায়। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি
হয় নহয়। যিসকল বহুত সমীপৰ হ’ব তেওঁলোকৰ বুদ্ধিত ভালদৰে ধাৰণ হ’ব। সকলোৱে জানো 8 (আঠৰ)
মালাত আহিব পাৰিব। জ্ঞান, যোগ, দৈৱীগুণ এই সকলোবোৰ নিজৰ মাজত চাব লাগে। মোৰ কোনো
অৱগুণতো নাই? মায়াৰ বশৱৰ্তী হৈ কোনো বিকৰ্মতো নকৰোঁ? কোনো কোনো বহুত লুভীয়া হৈ যায়।
লোভৰো ভূত আছে। গতিকে মায়াই এনেকৈ প্ৰৱেশ কৰে যে ভোক লাগিছে ভোক লাগিছে কৰি থাকে –
খাওঁ খাওঁ পেটে কিবা বিচাৰি থাকে…. কাৰোবাৰ খোৱাৰ প্ৰতি বহুত আসক্তি থাকে।
খোৱা-বোৱাও বহুত নিয়ম অনুসৰি হ’ব লাগে। অনেক সন্তান আছে। এতিয়া অনেক সন্তান হ’বলগীয়া
আছে। কিমান ব্ৰাহ্মণ-ব্ৰাহ্মণী হ’ব। সন্তানসকলকো কওঁ - তোমালোক ব্ৰাহ্মণ হৈ বহা।
মাতাসকলক আগত ৰখা হয়। শিৱশক্তি ভাৰত মাতাসকলৰ জয়।
পিতাই কয় - নিজক আত্মা
বুলি বুজা আৰু পিতাক স্মৰণ কৰা। স্বদৰ্শন চক্ৰ ঘূৰাই থাকা। স্বদৰ্শন চক্ৰধাৰী
তোমালোক ব্ৰাহ্মণসকল হোৱা। এই কথাবোৰ নতুন কোনোবা আহিলে বুজিব নোৱাৰিব। তোমালোক হৈছা
সৰ্বোত্তম ব্ৰহ্মা মুখ বংশাৱলী ব্ৰাহ্মণ কুল ভূষণ, স্বদৰ্শন চক্ৰধাৰী। নতুন কোনোবাই
শুনিলে তেতিয়া ক’ব স্বদৰ্শন চক্ৰতো বিষ্ণুৰ আছে। এওঁলোকে আকৌ এই সকলোকে কৈ থাকে,
মানি নল’ব সেইকাৰণে নতুনসকলক সভাত আহিবলৈ অনুমতি নিদিয়ে। বুজিব নোৱাৰিব। কোনো কোনো
আকৌ বিতুষ্ট হৈ যায় - কি মই বুদ্ধিহীন নেকি যে আহিবলৈ নিদিয়ে কিয়নো অন্য সৎসংগবোৰততো
যি কোনো লোকেই যাব পাৰে। তাততো শাস্ত্ৰৰেই কথা শুনাই থাকে। সেয়া শুনাৰ সকলোৰে
অধিকাৰ আছে। ইয়াততো সাৱধান হ’বলগীয়া হয়। এই ঈশ্বৰীয় জ্ঞান বুদ্ধিত ধাৰণ নহ’লে
বিতুষ্ট হৈ যায়। চিত্ৰসমূহৰো তত্ত্বাৱধান ল’বলগীয়া হয়। এইখন আসুৰিক সৃষ্টিত নিজৰ
দৈৱী ৰাজধানী স্থাপনা কৰিব লাগে। যেনেকৈ যীশুখ্ৰীষ্ট নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ
আহিল। এইজন পিতাই দৈৱী ৰাজধানী স্থাপনা কৰে। ইয়াত হিংসাৰ কোনো কথা নাই। তোমালোকে
কাম কটাৰী আৰু স্থূল হিংসা কোনোটোৱে কৰিব নোৱাৰা। গায়নো কৰে – ঈশ্বৰে মলিন কাপোৰ
পৰিস্কাৰ কৰে। মনুষ্যতো একেবাৰে ঘোৰ অন্ধকাৰত আছে। পিতা আহি ঘোৰ অন্ধকাৰৰ পৰা অতি
আলোকিত কৰি তোলে। তথাপিও কোনো কোনোৱে বাবা বুলি কৈ আকৌ মুখ ঘূৰাই দিয়ে। পঢ়া এৰি দিয়ে।
ভগৱানে বিশ্বৰ মালিক কৰি তুলিবলৈ পঢ়ায়, এনেকুৱা পঢ়াক এৰি দিলে তেন্তে তেওঁলোকক
মহামূৰ্খ বুলি কোৱা হয়। কিমান মূল্যৱান সম্পদ পোৱা যায়। এনেকুৱা পিতাক জানো কেতিয়াবা
এৰি দিয়া উচিত। এটা গীতো আছে - আপুনি মৰম কৰক বা খেদি পঠিয়াওক, মই আপোনাৰ দ্বাৰ
কেতিয়াও এৰি নাযাওঁ। পিতা আহিছেই- বেহদৰ বাদশ্বাহী দিবলৈ। এৰি দিয়াৰতো কথাই নাই। হয়,
ভাল লক্ষণ ধাৰণ কৰিব লাগে। স্ত্ৰীসকলেও অভিযোগ দিয়ে - এওঁ মোক বহুত বিৰক্ত কৰে।
আজিকালিৰ লোকসকল বহুত বেয়া। বহুত সাৱধানে থাকিব লাগে। ভাইসকলে ভনীসকলৰ বহুত
তত্ত্বাৱধান ল’ব লাগে। আমি আত্মাসকলে যিকোনো পৰিস্থিতিতে পিতাৰ পৰা উত্তৰাধিকাৰ
নিশ্চয় ল’ব লাগে। পিতাক ত্যাগ কৰিলে উত্তৰাধিকাৰ শেষ হৈ যায়। নিশ্চয় বুদ্ধিৰ হ’লে
বিজয়, সংশয় বুদ্ধিৰ হ’লে বিনাশ হয়। তেতিয়া পদ বহুত কম হৈ যায়। জ্ঞান কেৱল এক জ্ঞান
সাগৰ পিতাইহে দিব পাৰে। বাকী সকলো হৈছে ভক্তি। লাগিলে কোনোবাই নিজক যিমানে জ্ঞানী
বুলি নাভাবক কিন্তু পিতাই কয় সকলোৰে ওচৰত শাস্ত্ৰ আৰু ভক্তিৰ জ্ঞান আছে। সত্য জ্ঞান
কাক কোৱা হয়, এয়াও মনুষ্যই নাজানে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) ধ্যান
ৰাখিব লাগে যে মুৰুলী শুনাৰ সময়ত বুদ্ধিযোগ বাহিৰত দিগভ্ৰান্ত হৈতো নুফুৰে? সদায়
এইটো স্মৃতিত থাকিব লাগে যে শিৱবাবাৰ মহাবাক্য শুনি আছোঁ। এয়াও স্মৃতিৰ যাত্ৰা।
(2) নিজে নিজক চাব
লাগে যে মোৰ জ্ঞান-যোগ আৰু দৈৱীগুণ আছেনে? লালসাৰ ভূততো নাই? মায়াৰ বশৱৰ্তী হৈ কোনো
বিকৰ্মতো কৰা নাই?
বৰদান:
নিমিত্ত ভাৱৰ
স্মৃতিৰে অস্থিৰতা সমাপ্ত কৰোঁতা সদায় অচল-অটল হোৱা
নিমিত্ত ভাৱৰে অনেক
প্ৰকাৰৰ ‘মই’ বোধ, ‘মোৰ’ বোধ সহজে সমাপ্ত হৈ যায়। এইটো স্মৃতিৰে সকলো প্ৰকাৰৰ
অস্থিৰতাৰ পৰা মুক্ত কৰি অচল-অটল স্থিতিৰ অনুভৱ কৰায়। সেৱাতো পৰিশ্ৰম কৰিবলগীয়া নহয়।
কিয়নো নিমিত্ত হোৱাসকলৰ বুদ্ধিত সদায় স্মৃতি থাকে যে যি মই কৰিম মোক দেখি সকলোৱে
কৰিব। সেৱাৰ নিমিত্ত হোৱা অৰ্থাৎ মঞ্চত অহা। মঞ্চৰ ফালে স্বতঃ সকলোৰে দৃষ্টি যায়।
সেয়েহে এইটো স্মৃতিও সুৰক্ষাৰ সাধন হৈ যায়।
স্লোগান:
সকলো কথাৰ পৰা উৰ্দ্ধত থাকা তেতিয়া পৰমাত্ম সহায়ৰ অনুভৱ হ’ব।
অব্যক্ত সংকেত:
সহজযোগী হ'বলৈ হ’লে পৰমাত্ম স্নেহৰ অনুভৱী হোৱা
বৰ্তমান সময়ত
দিগভ্ৰান্ত আত্মাসকলক এটাতো শান্তি লাগে, দ্বিতীয় আত্মিক স্নেহ লাগে। প্ৰেম আৰু
শান্তিৰেই সকলো স্থানতে অভাৱ সেই কাৰণে যি অনুষ্ঠানেই আয়োজন কৰা তাত প্ৰথমে পিতাৰ
সম্বন্ধৰ স্নেহৰ মহিমা কৰা আকৌ সেই স্নেহেৰে আত্মাসকলৰ সম্বন্ধ গঢ়াৰ পাছত শান্তিৰ
অনুভৱ কৰোৱা। প্ৰেম স্বৰূপ আৰু শান্ত স্বৰূপ দুয়োটাৰে যাতে সন্তুলন থাকে।