30.09.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
নিজৰ বেটাৰি চাৰ্জ কৰাৰ খেয়াল কৰা, নিজৰ সময় পৰচিন্তনত নষ্ট নকৰিবা, নিজে মন্থন কৰা
তেতিয়া নিচা বাঢ়িব”
প্ৰশ্ন:
জ্ঞান এক
চেকণ্ডৰ হোৱা সত্বেও পিতাই ইমান বিতংকৈ বুজোৱাৰ অথবা ইমান সময় দিয়াৰ আৱশ্যকতা কিয়
হয়?
উত্তৰ:
কিয়নো জ্ঞান দিয়াৰ পাছত সন্তানসকলৰ শুধৰণী হৈছে নে নাই, এয়াও পিতাই লক্ষ্য কৰে আকৌ
শুধৰাবলৈ জ্ঞান দিয়েই থাকে। গোটেই বীজ আৰু বৃক্ষৰ জ্ঞান দিয়ে, যাৰ কাৰণে তেওঁক
জ্ঞানৰ সাগৰ বুলি কোৱা হয়। যদি এক চেকেণ্ডৰ মন্ত্ৰ দি গুচি যায় তেন্তে জ্ঞান সাগৰৰ
উপাধিও নাপাব।
ওঁম্শান্তি।
আত্মিক পিতাই
আত্মিক সন্তানসকলক বুজায়। ভক্তিমাৰ্গত পৰমপিতা পৰমাত্মা শিৱক ইয়াতেই পূজে। যদিও
বুদ্ধিত আছে যে এয়া হৈ গৈছে। য’তেই লিঙ্গ দেখে ত’তেই পূজা কৰে। এয়াতো বুজি পায় শিৱ
হৈছে পৰমধাম নিবাসী, ইয়াত আহি গৈছে, সেইবাবে তেওঁৰ স্মাৰক সাজি পূজা কৰে। যি সময়ত
স্মৰণ কৰা হয় তেতিয়া বুদ্ধিত নিশ্চয় আহে যে তেওঁ নিৰাকাৰ, যি পৰমধাম নিবাসী, তেওঁক
শিৱ বুলি কৈ পূজা কৰে। মন্দিৰত গৈ মূৰ দোৱায়, তেওঁক গাখীৰ, ফল, পানী আদি অপৰ্ণ কৰে।
কিন্তু সেয়াটো জড়। জড়ৰ ভক্তিহে কৰে। এতিয়া তোমালোকে জানা - তেওঁ হৈছে চৈতন্য, তেওঁৰ
নিৱাস স্থান হৈছে পৰমধাম। সেই লোকসকলে যেতিয়া পূজা কৰে তেতিয়া বুদ্ধিত থাকে যে
পৰমধাম নিৱাসী, ইয়াত আহি গৈছে সেইবাবে এই চিত্ৰ তৈয়াৰ কৰা হৈছে, যাৰ পূজা কৰা হয়।
সেই চিত্ৰ কোনো শিৱ নহয়, সেয়া তেওঁৰ প্ৰতিমা। তেনেকৈয়ে দেৱতাসকলকো পূজা কৰে, জড়
চিত্ৰ, চৈতন্য নহয়। কিন্তু সেই চৈতন্য যি আছিল তেওঁলোক ক’লৈ গ’ল, এইটো বুজি নাপায়।
নিশ্চয় পুনৰ্জন্ম লৈ তললৈ আহিছে। এতিয়া তোমালোক সন্তানসকলে জ্ঞান পাই আছা। এইটো বুজি
পোৱা যে যিসকল পূজ্য দেৱতা আছিল তেওঁলোকে পুনৰ্জন্ম লৈ আহিছে। আত্মা সেয়াই, আত্মাৰ
নাম সলনি নহয়। বাকী শৰীৰৰ নাম সলনি হয়। সেই আত্মা কোনোবা নহয় কোনোবা শৰীৰত আছে।
পুনৰ্জন্মতো ল’বই লাগে। তোমালোকে তেওঁক পূজা কৰা, যি প্ৰথমে শৰীৰধাৰী আছিল (সত্যযুগী
লক্ষ্মী-নাৰায়ণক পূজা কৰা)। এই সময়ত তোমালোকে জ্ঞানৰ চিন্তন কৰা যি জ্ঞান পিতাই দিয়ে।
তোমালোকে বুজি পোৱা যি চিত্ৰৰ পূজা কৰে তেওঁ হৈছে প্ৰথম নম্বৰৰ। এই লক্ষ্মী-নাৰায়ণ
চৈতন্য আছিল। এই ভাৰততেই আছিল, এতিয়া নাই। মনুষ্যই এইটো বুজি নাপায় যে তেওঁলোকে
পুনৰ্জন্ম লৈ লৈ ভিন্ন নাম-ৰূপ লৈ 84 জন্মৰ ভূমিকা পালন কৰি থাকে। এয়া কাৰো খেয়ালতো
নাহে। সত্যযুগত নিশ্চয় আছিল কিন্তু এতিয়া নাই। এইটোও কোনেও বুজি নাপায়। এতিয়া
তোমালোকে জানা – ড্ৰামাৰ পৰিকল্পনা অনুসৰি পুনৰ চৈতন্য ৰূপত নিশ্চয় আহিব। মনুষ্যৰ
বুদ্ধিত এইটো খেয়ালেই নাহে। বাকী ইমানখিনি নিশ্চয় বুজি পায় যে তেওঁলোক আছিল। এতিয়া
তেওঁলোকৰ জড় চিত্ৰ আছে, কিন্তু সেই চৈতন্যসকল ক’লৈ গ’ল – এইটো কাৰো বুদ্ধিত উদয় নহয়।
মনুষ্যইতো 84 লাখ পুনৰ্জন্ম বুলি কৈ দিয়ে, এয়াও তোমালোক সন্তানসকলে জানিলা যে 84
জন্মহে লয়, 84 লাখ নহয়। এতিয়া ৰামচন্দ্ৰৰ পূজা কৰে, তেওঁলোকে এইটোও নাজানে যে ৰাম
ক’লৈ গ’ল। তোমালোকে জানা যে শ্ৰীৰামৰ আত্মাইতো নিশ্চয় পুনৰ্জন্ম লৈ থাকে। ইয়াত
পৰীক্ষাত অনুত্তীৰ্ণ হয়। কিন্তু কিবা নহয় কিবা ৰূপত নিশ্চয় থাকিব নহয় জানো। ইয়াতেই
পুৰুষাৰ্থ কৰি থাকে। ৰাম ইমান প্ৰসিদ্ধ, গতিকে নিশ্চয় আহিব, তেওঁ জ্ঞান ল’ব লাগে।
এতিয়া মনুষ্যই একো গম নাপায় সেয়েহে সেইটো কথা এৰি দিবলগীয়া হয়। এই কথাবোৰত গ’লেও
সময় নষ্ট হয়, তাতকৈ কিয়নো নিজৰ সময় সফল নকৰো, নিজৰ উন্নতিৰ কাৰণে বেটাৰি চাৰ্জ নকৰো।
অন্য কথাৰ চিন্তন কৰা সেয়াতো পৰচিন্তন হৈ গ’ল। এতিয়াতো নিজৰ চিন্তন কৰিব লাগে। মই
পিতাক স্মৰণ কৰিব লাগে। তেওঁলোকেও নিশ্চয় পঢ়ে। নিজৰ বেটাৰি চাৰ্জ কৰে। কিন্তু
তোমালোকে নিজৰ চিন্তা কৰিব লাগে। কোৱা হয় – নিজে মন্থন কৰা তেতিয়া নিচা বাঢ়িব।
পিতাই কৈছে - যেতিয়া
তোমালোক সতোপ্ৰধান আছিলা তেতিয়া তোমালোকৰ বহুত উচ্চ পদ আছিল। এতিয়া পুনৰ পুৰুষাৰ্থ
কৰা, মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। লক্ষ্য আছে নহয়। এইটো চিন্তন কৰোঁতে
কৰোঁতে সতোপ্ৰধান হৈ যাবা। নাৰায়ণৰ চিন্তন কৰিলেহে আমি নাৰায়ণ হ’মগৈ। অন্তিম সময়ত
যিয়ে নাৰায়ণক চিন্তে…………। তোমালোকে পিতাক স্মৰণ কৰিব লাগে, যাৰ দ্বাৰা পাপ খণ্ডন
হ’ব। আকৌ নাৰায়ণ হ’বা। এয়া হৈছে নৰৰ পৰা নাৰায়ণ হোৱাৰ আটাইতকৈ শ্ৰেষ্ঠ যুক্তি (উপায়)।
এজনেইতো নাৰায়ণ নহ’ব। গোটেই ৰাজবংশই সেয়া হ’ব। পিতাই অতি উচ্চ পুৰুষাৰ্থ কৰাব। এয়া
হয়েই ৰাজযোগৰ জ্ঞান, তাকো সমগ্ৰ বিশ্বৰ মালিক হ’ব লাগে। যিমানেই পুৰুষাৰ্থ কৰিবা
সিমানেই নিশ্চয় লাভ হ’ব। এটাতো নিজক আত্মা বুলি নিশ্চয় কৰা। কোনো-কোনোৱে লিখেও এনেকৈ,
অমুক আত্মাই আপোনাক স্মৰণ কৰে। আত্মাই শৰীৰৰ দ্বাৰা লিখে। আত্মাৰ সম্বন্ধ শিৱবাবাৰ
লগত। মই আত্মা অমুক শৰীৰৰ নাম-ৰূপত আছোঁ। এয়াতো নিশ্চয় ক’বলগীয়া হয় কিয়নো আত্মাই
ধাৰণ কৰা শৰীৰৰে ভিন্ন ভিন্ন নাম হয়। মই আত্মা আপোনাৰ সন্তান, মোৰ শৰীৰৰ নাম অমুক।
আত্মাৰ নামতো কেতিয়াও সলনি নহয়। মই আত্মা অমুক শৰীৰধাৰী হওঁ। শৰীৰৰ নামতো নিশ্চয়
লাগে। নহ’লে কৰ্মকাণ্ড চলিব নোৱাৰে। ইয়াত পিতাই কয় - ময়ো এই ব্ৰহ্মাৰ শৰীৰত
অস্থায়ীভাৱে আহোঁ, এওঁৰ আত্মাকো বুজাওঁ। মই এই শৰীৰৰ দ্বাৰা তোমালোকক পঢ়ুৱাবলৈ আহিছোঁ।
এইটো মোৰ শৰীৰ নহয়। মই এওঁৰ শৰীৰত প্ৰৱেশ কৰিছোঁ। আকৌ নিজৰ ধামলৈ গুচি যাম। মই
আহিছোঁৱেই তোমালোক সন্তানসকলক এইটো মন্ত্ৰ দিবলৈ। এনেকুৱা নহয় যে মন্ত্ৰ দি গুচি
যাওঁ। নহয়, সন্তানসকলক চাব লগাও হয় যে কিমানলৈকে শুধৰণী হৈছে। পুনৰ শুধৰণী হ’বলৈ
শিক্ষা দি থাকে। যদি ছেকেণ্ডত জ্ঞান দি গুচি যায় তেন্তে জ্ঞানৰ সাগৰ বুলিও ক’ব পৰা
নাযায়। কিমান সময় হ’ল, তোমালোকক বুজায়েই থাকে। বৃক্ষৰ, ভক্তিমাৰ্গৰ সকলোবোৰ কথা
বুজিবলৈ জ্ঞানৰ বিস্তাৰ আছে। বিস্তাৰত বুজায়। সকলো মিলি ‘মনমনাভৱ’। কিন্তু এনেকৈ
কৈতো গুচি নাযায়। প্ৰতিপালনো কৰিব লাগে। কিছুমান সন্তানে পিতাক স্মৰণ কৰি কৰি আকৌ
অন্তৰ্ধান হৈ যায়। অমুক আত্মা যাৰ নাম অমুক আছিল, বহুত ভালকৈ পঢ়িছিল - স্মৃতিতো
আহিব নহয়। পুৰণি সন্তানসকল কিমান ভাল আছিল, তেওঁলোকক মায়াই গিলি পেলালে। আৰম্ভণিত
কিমান আহিছিল। তৎক্ষণাৎ আহি পিতাৰ হৈ গ’ল। ভাতী তৈয়াৰ হ’ল। তাত সকলোৱে নিজৰ ভাগ্য
গঢ়িবলৈ চেষ্টা কৰিলে, আকৌ ভাগ্য গঢ়ি থাকোতে মায়াই একেবাৰে উৰুৱাই লৈ গ’ল। তিষ্ঠিব
নোৱাৰিলে। পুনৰ 5 হাজাৰ বছৰ পাছতো এনেকুৱাই হ’ব। কিমান গুচি গ’ল, বৃক্ষৰ আধাখিনিতো
নিশ্চয় গ’ল। যদিও বৃক্ষজোপাৰ বৃদ্ধি হ’ল কিন্তু পুৰণিসকল গুচি গ’ল। এইটো বুজিব পাৰা
- তাৰে কিছুমান পুনৰ নিশ্চয় পঢ়িবলৈ আহিব। স্মৃতি উদয় হ’ব যে আমি পিতাৰ পৰা পঢ়িছিলোঁ
বাকীসকলে এতিয়ালৈকে পঢ়ি আছে। মই পৰাজিত হ’লোঁ। পুনৰ যুদ্ধক্ষেত্ৰলৈ আহিব। পিতাই
আহিবলৈ দিব, আহি যদি পুৰুষাৰ্থ কৰে সেয়াও ভাল। কিবা নহয় কিবা ভাল পদ পাই যাব।
পিতাই সোঁৱৰাই দিয়ে -
মৰমৰ সন্তানসকল, মামেকম্ (কেৱল মোক) স্মৰণ কৰা তেতিয়া পাপ খণ্ডন হৈ যাব। এতিয়া
কেনেকৈ স্মৰণ কৰা, এনেকৈ ভাবানে যে বাবা পৰমধামত আছে? নহয়। বাবাতো ইয়াত ৰথত বহি আছে।
এই ৰথৰ বিষয়ে সকলো জ্ঞাত হৈ গৈ থাকে। এয়া হৈছে ভাগ্যশালী ৰথ। এওঁৰ শৰীৰত আগমন হৈছে।
যেতিয়া ভক্তিমাৰ্গত আছিলা তেতিয়া এওঁক পৰমধামত স্মৰণ কৰিছিলা কিন্তু এইটো নাজানিছিলা
যে স্মৰণৰ দ্বাৰা কি হ’ব। এতিয়া তোমালোক সন্তানসকলক পিতাই নিজে এই ৰথত বহি শ্ৰীমত
দিয়ে, সেইবাবে তোমালোক সন্তানসকলে বুজি পোৱা যে বাবা ইয়াত এই মৃত্যুলোকত পুৰুষোত্তম
সংগমযুগত আছে। তোমালোকে জানা আমি ব্ৰহ্মাক স্মৰণ কৰিব নালাগে। পিতাই কয় – মামেকম্
স্মৰণ কৰা, মই এই ৰথত থাকি তোমালোকক এই জ্ঞান দি আছোঁ। নিজৰো পৰিচয় দিওঁ, মই ইয়াত
আছোঁ। আগতেতো তোমালোকে পৰমধামতে থাকে বুলি ভাবিছিলা। ইয়ালৈ আহি গ’ল কিন্তু কেতিয়া,
এইটো নাজানিছিলা। সকলোতো ইয়ালৈ আহি গৈছে নহয়। যাৰেই চিত্ৰ আছে, এতিয়া তেওঁলোক ক’ত
আছে, এইটো কোনেও নাজানে। যিসকল যায় তেওঁলোক পুনৰ নিজৰ সময়ত আহে। ভিন্ন ভিন্ন ভূমিকা
পালন কৰি থাকে। স্বৰ্গলৈতো কোনো নাযায়। পিতাই বুজাইছে - স্বৰ্গলৈ যাবলৈতো পুৰুষাৰ্থ
কৰিব লাগে আৰু পুৰণি সৃষ্টিৰ অন্ত আৰু নতুন সৃষ্টিৰ আদিৰ সময়চোৱা লাগে, যাক
পুৰুষোত্তম সংগমযুগ বুলি কোৱা হয়। এই জ্ঞান এতিয়া তোমালোকৰ আছে। মনুষ্যই একো নাজানে।
বুজিও পায় শৰীৰ জ্বলি যায়, বাকী আত্মা গুচি যায়। এতিয়া কলিযুগ গতিকে নিশ্চয় জন্মও
কলিযুগতেই ল’ব। সত্যযুগ যেতিয়া আছিল তেতিয়া জন্মও সত্যযুগতেই লৈছিল। এইটোও জানা যে
আত্মাৰ গোটেই পুঞ্জ নিৰাকাৰী সৃষ্টিত থাকে। এইটোতো বুদ্ধিত ধাৰণ হৈছে নহয়। পুনৰ তাৰ
পৰা আহে, ইয়াত শৰীৰ ধাৰণ কৰি জীৱ আত্মা হৈ যায়। সকলোৱে ইয়ালৈ আহি জীৱ আত্মা হ’ব লাগে।
আকৌ ক্ৰম অনুসৰি যাব লাগে। সকলোকেতো লৈ নাযায়, নহ’লেতো প্ৰলয় হৈ যাব। এনেকৈ দেখুৱায়
যে প্ৰলয় হৈ গ’ল, ফলাফল একো নেদেখুৱায়। তোমালোকেতো জানা এই সৃষ্টিখন কেতিয়াও খালী
হ’ব নোৱাৰে। গায়ন আছে - ৰাম গ’ল, ৰাৱণ গ’ল, যাৰ বহুত ডাঙৰ পৰিয়াল আছিল। গোটেই
সৃষ্টিতেই ৰাৱণ সম্প্ৰদায় আছে নহয়। ৰাম সম্প্ৰদায়তো বহুত কম। ৰামৰ সম্প্ৰদায় থাকে
সত্যযুগ-ত্ৰেতাত। বহুত পাৰ্থক্য থাকে। পাছলৈ আকৌ বহুত ঠাল-ঠেঙুলি ওলায়। এতিয়া
তোমালোকে বীজ আৰু বৃক্ষৰ বিষয়েও জানিলা। পিতাই সকলো জানে, সেইবাবেতো শুনাই থাকে
সেইবাবে তেওঁক জ্ঞানৰ সাগৰ বুলি কোৱা হয়, যদি এটাই কথা হ’লহেঁতেন তেন্তে কোনো
শাস্ত্ৰ আদিও ৰচনা কৰিব নোৱাৰিলেহেঁতেন। বৃক্ষৰ বিষয়ে বিস্তাৰতো বুজাই থাকে। মূল কথা,
প্ৰথম নম্বৰৰ বিষয় হৈছে পিতাক স্মৰণ কৰাতো। ইয়াতেই যত্ন কৰিবলগীয়া হয়। ইয়াৰ ওপৰতে
সকলো নিৰ্ভৰ কৰে। বাকী বৃক্ষকতো তোমালোকে জানি গ’লা। জগতত এই কথাবোৰ কোনেও নাজানে।
তোমালোকে সকলো ধৰ্মৰ তিথি-তাৰিখ আদি সকলো শুনোৱা। আধাকল্পত এই সকলোবোৰ আহি যায়। বাকী
হৈছে সূৰ্যবংশী আৰু চন্দ্ৰবংশী। তেওঁলোকৰ কাৰণে বহুত যুগতো নহ’ব। দুটাই যুগ। তাত
মনুষ্যও কম হয়। 84 লাখ জন্মতো হ’বও নোৱাৰে। মনুষ্যৰ বোধ শক্তি নোহোৱা হৈ যায় সেইবাবে
পিতা আহি বুজায়। পিতা যি ৰচয়িতা হয়, তেৱেঁই ৰচয়িতা আৰু ৰচনাৰ আদি-মধ্য-অন্তৰ জ্ঞান
দিয়ে। ভাৰতবাসীয়েতো একোৱেই নাজানে। সকলোকে পূজা কৰি থাকে, মুছলমানসকলক, পাৰ্চী আদিক,
যিয়ে আহে তাকে পূজিবলৈ লাগি যাব কিয়নো নিজৰ ধৰ্ম আৰু ধৰ্ম প্ৰতিষ্ঠাপকক পাহৰি গৈছে।
বাকী সকলোৱেতো নিজৰ নিজৰ ধৰ্মক জানে, সকলোৱে জানে অমুক ধৰ্মটি কেতিয়া, কোনে
প্ৰতিষ্ঠা কৰিলে। বাকী সত্যযুগ-ত্ৰেতাৰ বুৰঞ্জী-ভূগোল কোনেও নাজানে। চিত্ৰও দেখিবলৈ
পায় শিৱবাবাৰ এইটো ৰূপ। তেৱেঁই হৈছে উচ্চতকৈও উচ্চ পিতা। গতিকে স্মৰণো তেওঁকেই কৰিব
লাগে। ইয়াত আকৌ শ্ৰীকৃষ্ণৰ সকলোতকৈ অধিক পূজা কৰে কাৰণ পিতাৰ পাছত নিকটতম তেৱেঁই
নহয় জানো। মৰমো তেওঁকেই কৰে, গতিকে গীতাৰ ভগৱান বুলিও তেওঁকেই বুজি ল’লে। জ্ঞান
শুনাওঁতা কোনোবা লাগিব তেতিয়াহে তেওঁৰ পৰা উত্তৰাধিকাৰ পোৱা যাব। পিতাইহে শুনায়,
নতুন সৃষ্টিৰৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশ কৰাওঁতা এজন পিতাৰ বাহিৰে অন্য কোনো
হ’ব নোৱাৰে। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শংকৰৰ দ্বাৰা বিনাশ, বিষ্ণুৰ দ্বাৰা পালন -
এইটোও লিখে। এয়া এই সময়ৰে কথা কিন্তু একোৱে বুজি নাপায়।
তোমালোকে জানা সেইখন
হৈছে নিৰাকাৰী সৃষ্টি। এইখন হৈছে সাকাৰ সৃষ্টি। সৃষ্টিতো এয়াই, ইয়াতেই ৰামৰাজ্য আৰু
ৰাৱণৰাজ্য হয়। সকলো মহিমা ইয়াৰেই। বাকী সূক্ষ্মবতনৰ কেৱল সাক্ষাৎকাৰ হয়। মূল বতনততো
আত্মাসকল থাকে আকৌ ইয়ালৈ আহি ভূমিকা পালন কৰে। বাকী সূক্ষ্মবতনত কি আছে, ইয়াৰ চিত্ৰ
তৈয়াৰ কৰি দিছে, যাৰ ওপৰত পিতাই বুজায়। তোমালোক সন্তানসকল এনেকুৱা সূক্ষ্ম বতনবাসী
ফৰিস্তা হ’ব লাগে। ফৰিস্তাৰ হাড়-মঙহ নাথাকে। এনেকৈ কয় নহয় - দধচী ঋষিয়ে হাড়ো দি দিলে।
বাকী শংকৰৰ গায়নতো ক’তো নাই। ব্ৰহ্মা-বিষ্ণুৰ মন্দিৰ আছে। শংকৰৰ একো নাই। গতিকে
তেওঁক বিনাশৰ কাৰণে ব্যৱহাৰ কৰিলে। বাকী এনেকৈ চক্ষু মেলিলে বিনাশ নহয়। দেৱতাই আকৌ
হিংসক কাম কেনেকৈ কৰিব। তেওঁলোকেও এনেকুৱা নকৰে আৰু শিৱবাবায়ো এনেকুৱা নিৰ্দেশনা
নিদিয়ে। নিৰ্দেশনা দিওঁতাজনৰ ওপৰতো আহি নাযায় জানো। কওঁতাজনেই দায়বদ্ধ হৈ যায়।
তেওঁলোকেতো শিৱ-শংকৰক একেই বুলি কৈ দিয়ে। এতিয়া পিতায়ো কয় - মোক স্মৰণ কৰা, মামেকম্
স্মৰণ কৰা। এনেকৈতো নকয় যে শিৱ-শংকৰক স্মৰণ কৰা। পতিত-পাৱন বুলি এজনকে কয়। ভগৱানে
অৰ্থসহিত বুজায়, এইটো কোনেও নাজানে সেই কাৰণে এই চিত্ৰ দেখি বিবুদ্ধিত পৰে। অৰ্থতো
নিশ্চয় শুনাব লাগে নহয়। বুজিবলৈ সময় লাগে। কোটিৰ মাজত কোনোবা বিৰলজনহে ওলায়। মই যি
হওঁ, যেনেকুৱা হওঁ, কোটিৰ মাজত কোনোবাইহে মোক চিনিব পাৰে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনো কথাৰ চিন্তনত নিজৰ সময় নষ্ট কৰিব নালাগে। নিজৰ নিচাত থাকিব লাগে। নিজৰ
চিন্তন কৰি আত্মাক সতোপ্ৰধান কৰি তুলিব লাগে।
(2) নৰৰ পৰা নাৰায়ণ
হ’বলৈ অন্তকালত যাতে একমাত্ৰ পিতাৰে স্মৃতি থাকে। এইটো শ্ৰেষ্ঠ যুক্তি সন্মুখত ৰাখি
পুৰুষাৰ্থ কৰিব লাগে - মই আত্মা। এই শৰীৰক পাহৰি যাব লাগে।
বৰদান:
দাতাৰ দানক
স্মৃতিত ৰাখি সৰ্ব আসক্তিৰ পৰা মুক্ত হৈ থাকোঁতা, আকৰ্ষণমূক্ত হোৱা
বহুত সন্তানে কয় যে
এওঁৰ প্ৰতি মোৰ কোনো আসক্তি নাই, কিন্তু এওঁৰ এইটো গুণ বহুত ভাল বা এওঁৰ সেৱাৰ
বিশেষত্ব বহুত আছে। কিন্তু কোনো ব্যক্তি বা বৈভৱৰ প্ৰতি বাৰে বাৰে সংকল্প উদয়
হোৱাটোও হৈছে আকৰ্ষণ। কাৰোবাৰ বিশেষত্বক দেখি, গুণক বা সেৱাক দেখি দাতাক পাহৰি
নাযাবা। এয়া দাতাৰ দান- এইটো স্মৃতিয়ে আসক্তি মুক্ত, আকৰ্ষণমুক্ত কৰি দিব। কাৰো
দ্বাৰা প্ৰভাৱিত নোহোৱা।
স্লোগান:
এনেকুৱা আত্মিক সমাজ কৰ্মী হোৱা যিয়ে দিগভ্ৰান্ত হোৱা আত্মাক ঠিকনা দি দিয়ে, ভগৱানৰ
সৈতে মিলন কৰাই দিয়ে।
“ইচ্ছা মাত্ৰম অবিদ্যা”
স্থিতিৰ অনুভৱ কৰিবলৈ আৰু কৰাবলৈ আজিৰ অব্যক্ত সংকেত:
যেনেকৈ গায়ন আছে –
ইচ্ছা মাত্ৰম অবিদ্যা – এয়া ফৰিস্তা জীৱনৰ বিশেষত্ব। যেতিয়া ব্ৰাহ্মণ জীৱন ফৰিস্তা
জীৱন হৈ যায় তেতিয়া কৰ্মাতীত স্থিতি প্ৰাপ্ত হৈ যায়। তেওঁলোক কোনো অশুদ্ধ কৰ্ম,
ব্যৰ্থ কৰ্ম, বিকৰ্ম বা পূৰ্ব কৰ্মৰ বন্ধনত বান্ধ নাখায়।