30.10.26 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল – এই
দেহ-বোধৰ পৰা মৰি যোৱা অৰ্থাৎ এই পুৰণি পতিত দেহৰ পৰা প্ৰীতি আঁতৰাই এক পিতাৰ সৈতে
সঁচা প্ৰীতি গঢ়ি তোলা”
প্ৰশ্ন:
সংগমত তোমালোক
সন্তানসকলৰ স্বাভাৱিক সৌন্দৰ্য কোনটো?
উত্তৰ:
জ্ঞানৰ অলংকাৰেৰে সদায় সজ্জিত হৈ থকা – এয়াই তোমালোকৰ স্বাভাৱিক সৌন্দৰ্য। যিসকল
জ্ঞানৰ অলংকাৰেৰে সজ্জিত হৈ থাকে তেওঁলোকৰ চেহেৰা আনন্দত ফুলৰ দৰে প্ৰস্ফুটিত হৈ
থাকে। যদি আনন্দ নাথাকে তেন্তে নিশ্চয় কোনো দেহ-অভিমানৰ অভ্যাস আছে, যাৰ কাৰণেই সকলো
বিকাৰৰ উৎপন্ন হয়।
গীত:
মহফিল মে জ্বল
উঠি শমা……. (ৰঙ্গসভাত জ্বল উঠিল অগ্নি শিখা…….)
ওঁম্শান্তি।
এই গীতটিৰ
অৰ্থ কিমান বিচিত্ৰ। প্ৰীতি কিহৰ কাৰণে গঢ়ি উঠিছে? (মৰিবৰ কাৰণে) কাৰ সৈতে গঢ়ি উঠিছে?
ভগৱানৰ সৈতে কিয়নো এই সৃষ্টিৰ পৰা মৰি তেওঁৰ ওচৰলৈ যাব লাগে। এনেকৈ কেতিয়াবা
কাৰোবাৰ সৈতে প্ৰীতি গঢ়ি উঠিছে জানো? যে এইটো খেয়াল আহে যে মৰি যাম। তেতিয়া কোনোবাই
প্ৰীতি গঢ়ি তুলিব জানো? গীতটিৰ অৰ্থ কিমান আচৰিত। চাকিৰ সৈতে চগাপোকে প্ৰীতি গঢ়ি
চাকিৰ চাৰিওফালে ঘূৰি ঘূৰি জ্বলি মৰে। তোমালোকেও পিতাৰ ওচৰলৈ আহি আহি এই শৰীৰ ত্যাগ
কৰিব লাগে অৰ্থাৎ পিতাক স্মৰণ কৰি কৰি এই শৰীৰ ত্যাগ কৰিব লাগে। এয়াতো যেন ডাঙৰ
শত্ৰু হৈ গ’ল, যাৰ সৈতে আমি প্ৰীতি গঢ়ি তোলোঁ আৰু মৰি যাওঁ সেইকাৰণে মনুষ্যই ভয় কৰে।
দান-পুণ্য, তীৰ্থযাত্ৰা আদি কৰে, ভগৱানৰ ওচৰত যাবলৈ। শৰীৰ এৰাৰ সময়ত মনুষ্যই কয় -
ভগৱানক স্মৰণ কৰা। ভগৱান কিমান নামজ্বলা। তেওঁ আহিলে সমগ্ৰ পুৰণি সৃষ্টি নাশ কৰি
দিয়ে। তোমালোক সন্তানসকলে জানা – আমি এই বিশ্ব বিদ্যালয়লৈ আহোঁৱেই – পুৰণি সৃষ্টিৰ
পৰা নতুন সৃষ্টিলৈ যাবলৈ। পুৰণি সৃষ্টিক পতিত সৃষ্টি নৰক বুলি কোৱা হয়। পিতাই নতুন
সৃষ্টিলৈ যোৱাৰ মাৰ্গ-দৰ্শন কৰায় কেৱল মোক স্মৰণ কৰা, মই হৈছোঁ স্বৰ্গ স্থাপন কৰোঁতা
ঈশ্বৰ পিতা। সেই পিতাৰ পৰা তোমালোকে ধন, সম্পদ, ঘৰ আদি পাবা। কন্যাসকলেতো
উত্তৰাধিকাৰ নাপায়। তেওঁলোকক অন্য ঘৰলৈ পঠিয়াই দিয়ে। অৰ্থাৎ তেওঁলোক উত্তৰাধিকাৰী
নহয়। এইজন পিতাতো হ’ল সকলো আত্মাৰে পিতা, এওঁৰ ওচৰলৈ সকলোৱে আহিব লাগে, মৰিব লাগে।
কোনোবা সময়ত পিতা নিশ্চয় আহে, সকলোকে ঘৰলৈ লৈ যায় কিয়নো নতুন সৃষ্টিত বহুত কমসংখ্যক
মনুষ্য থাকে। পুৰণি সৃষ্টিততো বহুত আছে, নতুন সৃষ্টিত মনুষ্যও কম আৰু সুখো বেছি।
পুৰণি সৃষ্টিত বহুত মনুষ্য সেয়েহে দুখো বহুত সেইকাৰণে কাতৰে আহ্বান কৰি থাকে। বাপু
গান্ধী যাক ভাৰতৰ পিতা বুলি ভাবে, তেৱোঁ কৈছিল - পতিত-পাৱন আহক। কেৱল তেওঁক
নাজানিছিল। বুজিও পায় পতিত-পাৱন হৈছে পৰমপিতা পৰমাত্মা। তেৱেঁই বিশ্বৰ মুক্তিদাতা
হয়। ৰাম সীতাকতো সমগ্ৰ বিশ্বই নামানিব নহয় জানো। এইটো ভুল হয়। সমগ্ৰ বিশ্বই পৰমপিতা
পৰমাত্মাক মুক্তিদাতা মাৰ্গ-দৰ্শক বুলি মানে। দুখৰ পৰা মুক্তি দিয়ে। বাৰু, দুখ
দিওঁতাজন কোন? পিতাইতো দুখ দিব নোৱাৰে কিয়নো তেওঁ হৈছে পতিত-পাৱন। তেওঁ পাৱন সৃষ্টি
সুখধামলৈ লৈ যাওঁতা হয়। তোমালোক হ’লা সেইজন আত্মিক পিতাৰ আত্মিক সন্তান। যেনেকুৱা
পিতা তেনেকুৱা সন্তান। লৌকিক পিতাৰ হ’ল পাৰ্থিৱ (দৈহিক) সন্তান। এতিয়া তোমালোক
সন্তানসকলে বুজিব লাগে যে আমি আত্মা, পৰমপিতা পৰমাত্মা আমাক উত্তৰাধিকাৰ দিবলৈ আহিছে।
আমি বিদ্যাৰ্থী, এইটো পাহৰিব নালাগে। সন্তানসকলৰ বুদ্ধিত আছে শিৱবাবাই মধুবনত মুৰুলী
বজায় (শুনায়)। সেই কাঠৰ মুৰুলীতো ইয়াত নাই। কৃষ্ণই নৃত্য কৰা, মুৰুলী বজোৱা সেয়া
হৈছে ভক্তি মাৰ্গৰ। তোমালোকে কৃষ্ণৰ বাবে মুৰুলী বুলি ক’ব নোৱাৰা। মুৰুলী শিৱবাবাই
বজায় (শুনায়)। তোমালোকৰ ওচৰলৈ ভাল ভাল গীত ৰচোঁতা আহিব। গীত সাধাৰণতে পুৰুষেহে ৰচনা
কৰে। তোমালোকে কোনো ভক্তিমাৰ্গৰ গীত আদি গাব নালাগে। তোমালোকেতো এজন শিৱবাবাকে
স্মৰণ কৰিব লাগে। পিতাই কয় – মোক ‘অল্ফ’ক (পৰমপিতাক) স্মৰণ কৰা। শিৱক বিন্দু বুলি
কোৱা হয়। বেপাৰীসকলে বিন্দু (শূন্য) লিখে তেতিয়া ক’ব - শিৱ। এটা বিন্দু দিলে 10 হৈ
যাব। আকৌ বিন্দু দিলে তেতিয়া 100… তোমালোকেও শিৱবাবাক স্মৰণ কৰিব লাগে। যিমান শিৱক
স্মৰণ কৰা তেতিয়া আধাকল্পৰ কাৰণে বহুত চহকী হৈ যোৱা। তাত গৰিব নাথাকেই। সকলো সুখী।
দুখৰ নাম নাই। পিতাৰ স্মৃতিৰে বিকৰ্ম বিনাশ হৈ যাব। তোমালোক বহুত ধনৱান হ’বা। ইয়াক
কোৱা হয় সত্য পিতাৰ দ্বাৰা সঁচা উপাৰ্জন। এয়াই লগত যাব। সকলো মনুষ্য খালী হাতে যায়।
তোমালোক হাত ভৰপূৰ কৰি যাব লাগে। পিতাক স্মৰণ কৰিব লাগে আৰু পৱিত্ৰ হ’ব লাগে। পিতাই
বুজাইছে – পৱিত্ৰতা থাকিলে শান্তি, সমৃদ্ধি পাবা। তোমালোক আত্মাসকল প্ৰথমে পৱিত্ৰ
আছিলা পাছত অপৱিত্ৰ হৈছা। সন্ন্যাসীসকলকো অৰ্ধ পৱিত্ৰ বুলি কোৱা হ’ব। তোমালোকৰ হৈছে
সম্পূৰ্ণ সন্ন্যাস। তোমালোকে জানা তেওঁলোকে কিমান সুখ পায়। অলপ সুখ তাৰপাছততো দুখেই
আছে। সেই সকলোবোৰ হৈছে ভক্তিমাৰ্গ। ভক্তিমাৰ্গত হনুমানৰ পূজা কৰিলে তেতিয়া তেওঁৰ
সাক্ষাৎকাৰ হৈ যায়। চণ্ডিকা দেৱীৰ কিমান মেলা আয়োজন কৰে। তেওঁৰ চিত্ৰও থাকিব, যাৰ
ধ্যান কৰিব তেওঁতো নিশ্চয় সন্মুখত আহিবই। কিন্তু তেওঁৰ পৰা কি পাব? অনেক প্ৰকাৰৰ
মেলা আয়োজন কৰে কিয়নো উপাৰ্জনতো হয় নহয় জানো। এই সকলোবোৰ তেওঁলোকৰ বেপাৰ। এনেকৈ কয়
- নৰৰ পৰা নাৰায়ণ কৰি তোলাৰ বেপাৰৰ বাহিৰে বাকী সকলো বেপাৰ মূল্যহীন। এইটো বেপাৰ
কোনোবা বিৰলজনেহে কৰিব। পিতাৰ হৈ দেহ সহিত সকলো পিতাক দি দিয়া কিয়নো তোমালোকে জানা
যে আমাক নতুন শৰীৰৰ প্ৰয়োজন। পিতাই কয় - তোমালোক কৃষ্ণপুৰীলৈ যাব পাৰা কিন্তু
যেতিয়া আত্মা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ’ব তেতিয়াহে। কৃষ্ণপুৰীত এনেকৈ নোকোৱা যে
আমাক পাৱন কৰি তোলক। ইয়াত সকলো মনুষ্য মাত্ৰেই আহ্বান জনায় - হে মুক্তিদাতা আহক।
এই পাপ আত্মাৰ সৃষ্টিৰ পৰা মুক্ত কৰক। এতিয়া তোমালোকে জানা যে পিতা আমাক নিজৰ লগত
লৈ যাবলৈ আহিছে। তালৈ যোৱাতো ভাল হয় নহয় জানো? মনুষ্যই শান্তি বিচাৰে। এতিয়া
শান্তি বুলি কাক কোৱা হয় - এয়া নাজানে। কৰ্ম অবিহনেতো কোনেও থাকিব নোৱাৰে। শান্তিতো
আছে শান্তিধামত। আকৌ এই শৰীৰ ধাৰণ কৰি কৰ্মতো কৰিবই লাগে। সত্যযুগত কৰ্ম কৰিও শান্ত
হৈ থাকে, অশান্তিত মনুষ্যৰ দুখ হয় সেয়েহে কয় - শান্তি কেনেকৈ পোৱা যাব। এতিয়া
তোমালোক সন্তানসকলে জানা যে শান্তিধাম আমাৰ ঘৰ। সত্যযুগত শান্তি সুখ সকলো আছে। এতিয়া
সেয়া লাগে নে কেৱল শান্তি লাগে। ইয়াততো দুখ আছে সেয়েহে পতিত-পাৱন পিতাকো ইয়াত
আহ্বান কৰে। ভক্তি কৰেই ভগৱানক লগ পাবলৈ। ভক্তিও প্ৰথমে অব্যভিচাৰী আকৌ ব্যভিচাৰী
হৈ পৰে। ব্যভিচাৰী ভক্তিত চোৱা কি কি কৰে। ছিৰিৰ চিত্ৰত চোৱা কিমান ভালকৈ দেখুওৱা
হৈছে। কিন্তু পোন-প্ৰথমেতো সিদ্ধ কৰিব লাগে যে ভগৱান কোন? শ্ৰীকৃষ্ণক এনেকৈ কোনে গঢ়ি
তুলিলে! পূৰ্ব জন্মত এওঁ কোন আছিল! বুজাবলৈ বহুত যুক্তি লাগে। যিসকলে ভাল সেৱা কৰে,
তেওঁলোকৰ অন্তৰেও সাক্ষ্য দিয়ে। যিসকলে বিশ্ব বিদ্যালয়ত ভালদৰে পঢ়িব তেওঁলোক
নিশ্চয় তীব্ৰতাৰে আগুৱাই যাব। ক্ৰমানুসৰিতো হয়েই। কোনোবা ভোদা বুদ্ধিৰো থাকে।
শিৱবাবাক আত্মাই কয় - মোৰ বুদ্ধিৰ তলা খোলক। পিতাই কয় - বুদ্ধিৰ তলা খুলিবলৈকেতো
আহিছোঁ। কিন্তু তোমালোকৰ কৰ্মই এনেকুৱা যে তলা নোখোলেই। তেন্তে বাবাই কি কৰিব? বহুত
পাপ কৰি থোৱা আছে, এতিয়া বাবাই তেওঁলোকক কি কৰিব! শিক্ষকক ক'ব - মই কমকৈ পঢ়োঁ।
শিক্ষকে কি কৰিব? শিক্ষকেতো কোনো কৃপা নকৰিব। খুব বেছি অতিৰিক্ত সময় দিব। তাৰ
বাবেতো তোমালোকৰ বাধা নাই। প্ৰদৰ্শনী খালী হৈ আছে, বহিলৈ অনুশীলন কৰা। ভক্তি
মাৰ্গততো কোনোবাই ক’ব মালা জপ কৰা। কোনোবাই ক’ব - এইটো মন্ত্ৰ স্মৰণ কৰা। ইয়াততো
পিতাই নিজৰ পৰিচয় দিয়ে। পিতাকেই স্মৰণ কৰিব লাগে, যাৰ পৰা উত্তৰাধিকাৰ পোৱা যায়।
সত্যযুগততো পাৰলৌকিক পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হৈ যায় তেতিয়া আৰু স্মৰণ কৰাৰ
কোনো প্ৰয়োজনেই নাথাকে। 21 জন্মৰ বাবে উত্তৰাধিকাৰ প্ৰাপ্ত হৈ যায়, তেন্তে পিতাৰ
পৰা ভালদৰে উত্তৰাধিকাৰ লোৱা উচিত নহয় জানো। এই ক্ষেত্ৰতো পিতাই কয় - কেতিয়াও
বিকাৰত নাযাবা। যদি অলপো বিকাৰৰ সোৱাদ লাগি যায় তেন্তে আকৌ বৃদ্ধি হৈ যাব। চিগাৰেট
আদিৰ এবাৰেই সোৱাদ লয় তেতিয়া সংগৰ ৰং তৎক্ষণাৎ লাগি যায় তেতিয়া সেই অভ্যাস ত্যাগ কৰা
কঠিন হৈ যায়। কিমান অজুহাত দেখুৱায়। কোনো অভ্যাস গঠন কৰা উচিত নহয়। ছিঃ ছিঃ
অভ্যাসবোৰ আঁতৰাব লাগে। পিতাই কয় - জীৱন্তে দেহৰ বোধ ত্যাগ কৰা, মোক স্মৰণ কৰা।
দেৱতাসকলক সদায় পৱিত্ৰ ভোগেই আগবঢ়োৱা হয় সেয়েহে তোমালোকেও পৱিত্ৰ ভোজন খাবা।
এতিয়া তোমালোক
সন্তানসকল ফুলৰ দৰে হৰ্ষিত (প্ৰস্ফুটিত) হৈ থকা উচিত। কন্যাই যেতিয়া স্বামী পায়
তেতিয়া চেহেৰা প্ৰস্ফুটিত হৈ যায় নহয় জানো। ভাল অলংকাৰ কাপোৰ আদি পিন্ধে তেতিয়া
জিলিকি উঠে। এতিয়া তোমালোকেতো জ্ঞানৰ অলংকাৰ পিন্ধা। তাত স্বৰ্গততো স্বাভাৱিক
সৌন্দৰ্য থাকে। কৃষ্ণৰ নামেই সুন্দৰ হয়। ৰজা-ৰাণী, ৰাজকুমাৰ-ৰাজকুমাৰী সকলো সুন্দৰ
হয়। তাত প্ৰকৃতিও সতোপ্ৰধান হৈ যায়। লক্ষ্মী-নাৰায়ণৰ দৰে স্বাভাৱিক সৌন্দৰ্য ইয়াত
কোনেও সৃষ্টি কৰিব নোৱাৰে। তেওঁলোকক জানো এই দুচকুৰে কোনোবাই চাব পাৰে। অৱশ্যে হয়,
সাক্ষাৎকাৰ হয় কিন্তু সাক্ষাৎকাৰৰ পৰা কোনোবাই হুবহু চিত্ৰ অংকন কৰিব পাৰিব জানো।
অৱশ্যে কোনো শিল্পীৰ সাক্ষাৎকাৰ হৈ গ’লে আৰু সেই সময়তে বহি অংকন কৰিলে তেন্তে
পাৰিব পাৰে। কিন্তু এইটো কঠিন। গতিকে তোমালোক সন্তানসকলৰ বহুত নিচা থাকিব লাগে। বাবা
এতিয়া আমাক নিবলৈ আহিছে। বাবাৰ পৰা আমি স্বৰ্গৰ উত্তৰাধিকাৰ পাওঁ। এয়া আমাৰ 84
জন্ম সম্পূৰ্ণ হ’ল। বুদ্ধিত এনেধৰণৰ খেয়াল চলিলে আনন্দিত হ’বা। বিকাৰৰ অলপো খেয়াল
আহিব নালাগে। পিতাই কয় - কাম হৈছে মহাশত্ৰু। দ্ৰৌপদীয়েও এইবাবেই কাতৰে আহ্বান
জনাইছিল নহয় জানো।
পিতাই কয় - তোমালোকে
একমাত্ৰ মোৰ পৰাই শুনা আৰু এয়াই শ্ৰীমত আনক শুনোৱা। পিতাই সন্তানক প্ৰত্যক্ষ কৰায়।
সন্তানে পিতাকক প্ৰত্যক্ষ কৰায়। পিতা কোন? শিৱ পিতা। শিৱ আৰু শালগ্ৰামৰ গায়ন আছে।
শিৱবাবাই যি বুজায় তাক অনুসৰণ কৰা। পিতাক অনুসৰণ কৰা। এই গায়ন তেওঁৰ, পিতাই কয় -
মৰমৰ সন্তানসকল, অনুসৰণ কৰি পৱিত্ৰ হোৱা, অনুসৰণ কৰিলেহে তোমালোক স্বৰ্গৰ মালিক
হ’বাগৈ। লৌকিক পিতাক অনুসৰণ কৰি তোমালোক 63 জন্ম ছিৰি অৱনমিত হৈছা। এতিয়া পাৰলৌকিক
পিতাক অনুসৰণ কৰি ওপৰলৈ উঠিব লাগে। পিতাৰ সৈতে যাব লাগে। পিতাই কয় - এটি এটি ৰত্ন
লাখ লাখ টকা মূল্যৰ হয়। পিতাই নিতৌ বুজাই থাকে - মৰমৰ সন্তানসকল, পোন-প্ৰথমে সকলোকে
দুজন পিতাৰ পৰিচয় দিব লাগে। লৌকিক পিতাই পতিত হোৱাৰ উত্তৰাধিকাৰ দিয়ে। পাৰলৌকিক
পিতাই পাৱন হোৱাৰ উত্তৰাধিকাৰ দিয়ে। কিমান পাৰ্থক্য আছে। এতিয়া পাৰলৌকিক পিতাই কয়
- পাৱন হোৱা। বিকাৰত যোৱাজনক পতিত বুলি কোৱা হয়।
তোমালোকৰ অভিযান হৈছে
পতিতসকলক পাৱন হোৱাৰ মাৰ্গ-দৰ্শন কৰাৰ। পাৰলৌকিক পিতায়ো এতিয়া কয় - পাৱন হোৱা,
যিহেতু বিনাশ সন্মুখত থিয় হৈ আছে। তেন্তে এতিয়া কি কৰা উচিত? নিশ্চয় পাৰলৌকিক
পিতাৰ মতত চলিব লাগে নহয় জানো। প্ৰদৰ্শনীত এইটোও প্ৰতিজ্ঞা লিখাব লাগে যে পাৰলৌকিক
পিতাক অনুসৰণ কৰিবনে? পতিত হোৱা বন্ধ কৰিবনে? লিখক। পিতাইহে প্ৰতিশ্ৰুতি দিয়ে,
তোমালোকেও প্ৰতিশ্ৰুতি দিব পাৰা। তোমালোক পতিত হোৱাই বা কিয় যে আকৌ আহ্বান কৰা হে
পতিত-পাৱন আহক? সকলো নিৰ্ভৰ কৰে পৱিত্ৰতাৰ ওপৰত। তোমালোক সন্তানসকল দিনে-প্ৰতিদিনে
আনন্দিত হৈ গৈ থকা উচিত। পিতাই আমাক স্বৰ্গৰ উত্তৰাধিকাৰ দি আছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত।
আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কোনোধৰণৰ
লেতেৰা (ছিঃ ছিঃ) অভ্যাস গঠন কৰিব নালাগে। জীৱন্তে দেহৰ বোধ ত্যাগ কৰিব লাগে। ফুলৰ
দৰে হৰ্ষিত (প্ৰস্ফুটিত) হৈ থাকিব লাগে।
(2) পাৰলৌকিক পিতাক
অনুসৰণ কৰি পাৱন হ’ব লাগে। তেওঁৰ শ্ৰীমতত চলাৰ প্ৰতিজ্ঞা কৰিব আৰু কৰাব লাগে।
বৰদান:
নিৰ্বিকাৰী বা
ফৰিস্তা স্বৰূপৰ স্থিতি অনুভৱ কৰোঁতা আত্মা-অভিমানী হোৱা
যিসকল সন্তান
আত্মা-অভিমানী হয়, তেওঁলোক সহজেই নিৰ্বিকাৰী হৈ যায়। আত্মা-অভিমানী স্থিতিৰ দ্বাৰা
মনেৰেও নিৰ্বিকাৰী অৱস্থাৰ অনুভৱ হয়। এনে নিৰ্বিকাৰী, যাক কোনো ধৰণৰ অপৱিত্ৰতা বা
5 তত্ত্বৰ আকৰ্ষণে আকৰ্ষিত নকৰে — তেওঁলোককেই ফৰিস্তা বুলি কোৱা হয়। ইয়াৰ বাবে
সাকাৰত থাকিও নিজৰ নিৰাকাৰী আত্মা-অভিমানী স্থিতিত স্থিৰ হৈ থাকা।
স্লোগান:
জীৱনত অতীন্দ্ৰিয় সুখ অনুভৱ কৰিবলৈ বিশেষকৈ অমৃতবেলা একান্তপ্ৰিয় হোৱা।
অব্যক্ত ইংগিত: এতিয়া
নিজৰ দাতা স্বৰূপ প্ৰত্যক্ষ কৰা
ব্ৰাহ্মণ আত্মাসকলে
ইতিমধ্যে জ্ঞান লাভ কৰিছে, কিন্তু তেওঁলোকৰ প্ৰতি দুই ধৰণেৰে দাতা হোৱা:- 1) যিটো
আত্মাক যিটো শক্তিৰ প্ৰয়োজন, সেই আত্মাটিক মনৰ দ্বাৰা অৰ্থাৎ শুদ্ধ বৃত্তি,
প্ৰকম্পনৰ দ্বাৰা শক্তিসমূহৰ দান অৰ্থাৎ সহযোগ দিয়া। 2) কৰ্মৰ দ্বাৰা সদায় নিজেই
জীৱনত গুণমূৰ্ত হৈ, প্ৰত্যক্ষ আৰ্হি হৈ আনক গুণ ধাৰণ কৰাত সহযোগ দিয়া, ইয়কে গুণ দান
বুলি কোৱা হয়। দানৰ অৰ্থ হৈছে সহযোগ।
[বি:দ্ৰ: - প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ব বিদ্যালয়ৰ নিয়মীয়া বিদ্যাৰ্থীসকলৰ বাবে]