30.10.24       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – এজন পিতাৰ স্মৃতিত থকাটোৱে হৈছে অব্যভিচাৰী স্মৃতি, এই স্মৃতিৰ দ্বাৰাহে তোমালোকৰ পাপ খণ্ডন হ’ব পাৰে"

প্ৰশ্ন:
পিতাই যি বুজায় সেয়া কিছুমানে সহজে মানি লয়, কিছুমানে কাচিৎহে বুজে – ইয়াৰ কাৰণ কি?

উত্তৰ:
যিসকল সন্তানে বহুত সময় ধৰি ভক্তি কৰিছে, আধাকল্পৰ পুৰণি ভক্ত, তেওঁলোকে পিতাৰ সকলো কথা সহজে মানি লয় কিয়নো তেওঁলোকে ভক্তিৰ ফল লাভ কৰে। যিসকল পুৰণি ভক্ত নহয় তেওঁলোকৰ বাবে সকলো কথা বুজিবলৈ কঠিন হয়। অন্য ধৰ্মাৱলম্বীসকলেতো এই জ্ঞান বুজিবই নোৱাৰে।

ওঁম্শান্তি।

মৰমৰ আত্মিক সন্তানসকলৰ প্ৰতি আত্মিক পিতাই বহি বুজায় - তোমালোক সন্তানসকলে কি কৰি আছা? তোমালোকৰ হৈছে অব্যভিচাৰী স্মৃতি। এটা হৈছে ব্যভিচাৰী স্মৃতি, আনটো হৈছে অব্যভিচাৰী স্মৃতি। তোমালোকৰ হৈছে অব্যভিচাৰী স্মৃতি। কাৰ স্মৃতি? এজন পিতাৰ। পিতাক স্মৰণ কৰোঁতে কৰোঁতে পাপ খণ্ডন হৈ যাব আৰু তোমালোক তালৈ গুচি যাবা। পৱিত্ৰ হৈ আকৌ নতুন সৃষ্টিলৈ যাব লাগে। আত্মাসকল যাব লাগে। আত্মায়ে এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা সকলো কাৰ্য কৰে নহয়। সেয়েহে পিতাই কয় - নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। মনুষ্যইতো অনেকক স্মৰণ কৰি থাকে। ভক্তিমাৰ্গত তোমালোকে এজনক স্মৰণ কৰিব লাগে। ভক্তিও তোমালোকে প্ৰথমতে উচ্চতকৈও উচ্চ শিৱবাবাৰে কৰিছিলা। তাকে কোৱা হয় অব্যভিচাৰী ভক্তি। তেৱেঁই হৈছে সকলোকে সৎগতি দিওঁতা ৰচয়িতা পিতা। তেওঁৰ পৰা সন্তানসকলে বেহদৰ উত্তৰাধিকাৰ লাভ কৰে। ভাই ভাইৰ পৰা উত্তৰাধিকাৰ নাপায়। উত্তৰাধিকাৰ সদায় পিতাৰ পৰা সন্তানে লাভ কৰে। কন্যাসকলেও কিছু লাভ কৰে। তেওঁলোক পাছলৈ গৈ অৰ্ধাঙ্গিনী হয়। ইয়াততো তোমালোক সকলো আত্মা। সকলো আত্মাৰ পিতা এজনেই। সকলোৰে পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ অধিকাৰ আছে। যদিও শৰীৰ স্ত্ৰী-পুৰুষৰ, তোমালোক হৈছা ভাই ভাই। সকলো আত্মা ভাই ভাই। তেওঁলোকেতো মাত্ৰ ক’ব লাগে বাবে কৈ দিয়ে যে হিন্দু-মুছলিম ভাই ভাই। অৰ্থ বুজি নাপায়। এতিয়া তোমালোকে অৰ্থ বুজি পোৱা। ভাই ভাই মানে সকলো আত্মা এজন পিতাৰ সন্তান, আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ভাই-ভনী হয়। এতিয়া তোমালোকে জানা যে এই সৃষ্টিৰ পৰা সকলো উভতি যাব লাগে। যিয়েই মনুষ্য মাত্ৰ আছে সকলোৰে ভূমিকা এতিয়া সম্পূৰ্ণ হ’বৰ হৈছে। পুনৰ পিতা আহি পুৰণি সৃষ্টিৰ পৰা নতুন সৃষ্টিলৈ লৈ যায়, পাৰলৈ লৈ যায়। গায়নো কৰে - নাৱৰীয়া পাৰলৈ লৈ ব’লা অৰ্থাৎ সুখধামলৈ লৈ ব’লা। এই পুৰণি সৃষ্টি সলনি হৈ আকৌ নতুন সৃষ্টি নিশ্চয় হ’ব। মূললোকৰ পৰা আদি কৰি গোটেই সৃষ্টিৰ নক্সা তোমালোকৰ বুদ্ধিত আছে। আমি আত্মাসকল মৰমৰ ধাম, শান্তিধামৰ নিবাসী। বুদ্ধিত এইটো স্মৃতিতো আছে নহয়। আমি যেতিয়া সত্যযুগী নতুন সৃষ্টিত থাকোঁ, তেতিয়া বাকী অন্য সকলো আত্মা শান্তিধামত থাকে। আত্মাৰ কেতিয়াও বিনাশ নহয়। আত্মাতেই অবিনাশী ভূমিকা ভৰি আছে। সেয়া কেতিয়াও বিনাশ হ’ব নোৱাৰে। ধৰি লোৱা, এওঁ ইঞ্জিনিয়াৰ আকৌ 5 হাজাৰ বছৰ পাছত হুবহু এনেকৈয়ে ইঞ্জিনিয়াৰ হ’ব। এয়াই নাম ৰূপ দেশ কাল থাকিব। এই সকলো কথা পিতাহে আহি বুজায়। এইখন অনাদি অবিনাশী ড্ৰামা। এই ড্ৰামাৰ আয়ুস 5 হাজাৰ বছৰ। এটা ছেকেণ্ডো কম-বেছি হ’ব নোৱাৰে। এইখন অনাদি পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। সকলোৱে নিজৰ নিজৰ ভূমিকা পাইছে। দেহী-অভিমানী হৈ, সাক্ষী হৈ খেলখন চাব লাগে। পিতাৰতো শৰীৰ নায়েই। তেওঁ জ্ঞানেৰে পৰিপূৰ্ণ, বীজৰূপ। বাকী আত্মাসকল যি ওপৰত, নিৰাকাৰ সৃষ্টিত থাকে, তেওঁলোক পুনৰ ক্ৰমানুসৰি ভূমিকা পালন কৰিবলৈ আহে। প্ৰথমে দেৱতাসকলৰ নম্বৰ আৰম্ভ হয়। প্ৰথম নম্বৰধাৰীসকলৰে ৰাজবংশৰ চিত্ৰ আছে আকৌ চন্দ্ৰবংশী ৰাজবংশৰো চিত্ৰ আছে। সকলোতকৈ উচ্চ হৈছে সূৰ্যবংশী লক্ষ্মী-নাৰায়ণৰ ৰাজ্য, তেওঁলোকৰ ৰাজ্য কেতিয়া কেনেকৈ স্থাপনা হ’ল – কোনো মনুষ্য মাত্ৰেই নাজানে। সত্যযুগৰ আয়ুসেই লাখ লাখ বছৰ বুলি লিখি দিছে। কাৰো জীৱন কাহিনী নাজানে। এই লক্ষ্মী-নাৰায়ণৰ জীৱন কাহিনী জনা উচিত। নজনাকৈ শিৰ নত কৰা অথবা মহিমা কৰাটো ভুল। পিতাই বহি যিসকল মুখ্য মুখ্য তেওঁলোকৰ জীৱন কাহিনী শুনায়। এতিয়া তোমালোকে জানা যে কেনেকৈ এওঁলোকৰ ৰাজধানী চলে। সত্যযুগত শ্ৰীকৃষ্ণ আছিল নহয় জানো। এতিয়া পুনৰ সেই কৃষ্ণপুৰী স্থাপনা হৈ আছে। শ্ৰীকৃষ্ণ হৈছে স্বৰ্গৰ ৰাজকুমাৰ। লক্ষ্মী-নাৰায়ণৰ ৰাজধানী কেনেকৈ স্থাপনা হ’ল - এই সকলো কথা তোমালোকে জানা।

ক্ৰমানুসৰি মালাও গাঁথে। অমুক অমুক মালাৰ মণি হ’ব। কিন্তু আগবাঢ়ি গৈ থাকোঁতে আকৌ পৰাজিতো হৈ যায়। মায়াই পৰাজিত কৰি দিয়ে। যেতিয়ালৈকে সেনা-বাহিনীত থাকে, ক’ব যে এওঁ কামাণ্ডৰ, এওঁ অমুক। পাছত মৃত্যু হৈ যায়। ইয়াত মৃত্যু হোৱা অৰ্থাৎ অৱস্থা অৱনমিত হোৱা, মায়াৰ হাতত হাৰি যোৱা। শেষ হৈ যায়। আশ্চৰ্যজনকভাৱে শুনে, কয়, আকৌ আঁতৰি যায়...., অহো মায়া... বিচ্ছেদ কৰোঁতা হৈ যায়। জীৱন্তে মৰি যায়, পিতাৰ হৈ যায় আকৌ ৰামৰাজ্যৰ পৰা ৰাৱণৰাজ্যত গুচি যায়। ইয়াৰ ওপৰতে কৌৰৱ পাণ্ডৱৰ যুদ্ধ দেখুৱায়। আকৌ অসুৰ আৰু দেৱতাসকলৰো যুদ্ধ দেখুৱায়। এখন যুদ্ধ নেদেখুওৱা কিয়। দুখন কিয়? পিতাই বুজায় – সকলো ইয়াৰে কথা। কাজিয়াতো হিংসা হৈ যায়, এয়াতো হয়েই অহিংসা পৰম দেৱী-দেৱতা ধৰ্ম। তোমালোক এতিয়া দ্বৈত অহিংসক হোৱা। তোমালোকৰ হয়েই যোগবলৰ কথা। অস্ত্ৰ আদিৰ দ্বাৰা তোমালোকে কাকো একো নকৰা। সেই শক্তি খ্ৰীষ্টানসকলৰ বহুত আছে। ৰাছিয়া আৰু আমেৰিকা দুয়ো ভাই ভাই। বোমা আদি তৈয়াৰ কৰাৰ ক্ষেত্ৰত এই দুখন দেশৰ মাজত প্ৰতিযোগিতা চলে। দুয়োখন এখন আনখনতকৈ শক্তিশালী। ইমান শক্তি আছে, যদি দুয়োখন লগ হৈ যায় তেন্তে গোটেই বিশ্বতে ৰাজত্ব কৰিব পাৰে। কিন্তু এনেকুৱা বিধান নাই যে বাহুবলৰ দ্বাৰা কোনোবাই বিশ্ব ৰাজ্য পাব পাৰে। কাহিনীও দেখুৱায় - দুটা মেকুৰীয়ে পৰস্পৰ যুদ্ধ কৰে, মাখন মাজতে তৃতীয়জনে খালে। এই সকলো কথা এতিয়া পিতাই বুজায়। এওঁ (ব্ৰহ্মা) একোৱেই জনা নাছিল। এই চিত্ৰ আদিও পিতাই দিব্য দৃষ্টিৰ দ্বাৰা তৈয়াৰ কৰাইছে আৰু এতিয়া বুজাই আছে, তেওঁলোকে পৰস্পৰ যুদ্ধ কৰে। গোটেই বিশ্বৰ বাদশ্বাহী তোমালোকে লৈ লোৱা। সেই দুয়োখন দেশ বহুত শক্তিশালী। য’তে-ত’তে পৰস্পৰৰ যুদ্ধ লগাই দিয়ে। পাছত সহায় আগবঢ়ায় কাৰণ তেওঁলোকৰ বেপাৰো বহুত শক্তিশালী। সেয়েহে যেতিয়া দুটা মেকুৰীয়ে পৰস্পৰ যুদ্ধ কৰিব, তেতিয়াই বাৰুদ আদি কামত আহিব। য’তে-ত’তে দুই পক্ষৰ মাজত যুদ্ধ লগাই দিয়ে। এই হিন্দুস্থান-পাকিস্তান আগতে বেলেগ আছিল জানো। দুয়োখন একেলগে আছিল, এই সকলোবোৰ ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। এতিয়া তোমালোকে যোগবলৰ দ্বাৰা বিশ্বৰ মালিক হ’বলৈ পুৰুষাৰ্থ কৰি আছা। তেওঁলোকে পৰস্পৰ যুদ্ধ কৰে, মাখন মাজতে তোমলোকে খোৱা। মাখন অৰ্থাৎ বিশ্বৰ বাদশ্বাহী তোমালোকে পোৱা আৰু বহুত সৰল ৰীতিৰে পোৱা। পিতাই কয় - মৰমৰ সন্তানসকল, পৱিত্ৰ নিশ্চয় হ’ব লাগে। পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিলৈ যাব লাগে। সেইখনক নিৰ্বিকাৰী বিশ্ব বুলি কোৱা হয়, সম্পূৰ্ণ নিৰ্বিকাৰী সৃষ্টি। প্ৰত্যেক বস্তু সতোপ্ৰধান, সতো, ৰজো, তমোত নিশ্চয় আহে। পিতাই বুজায় - তোমালোকৰ বুদ্ধি এনেকুৱা নাছিল, কাৰণ শাস্ত্ৰত লাখ লাখ বছৰ বুলি কৈ দিছে। ভক্তি হয়েই অজ্ঞান অন্ধকাৰ। এয়াও তোমালোকে আগতে জানো জানিছিলা। এতিয়া বুজিছা, তেওঁলোকেতো কৈ দিয়ে কলিযুগ এতিয়া আৰু 40 হাজাৰ বছৰ চলিব। বাৰু, 40 হাজাৰ বছৰ সম্পূৰ্ণ হোৱাৰ পাছত কি হ’ব? কোনেও এয়া নাজানে সেইবাবে কোৱা হয় অজ্ঞান নিদ্ৰাত শুই আছে। ভক্তি হৈছে অজ্ঞান। জ্ঞান দিওঁতাতো এজনে পিতা জ্ঞানৰ সাগৰ হয়। তোমালোক হৈছা জ্ঞান নদী। বাবা আহি তোমালোক সন্তানসকলক অৰ্থাৎ আত্মাসকলক পঢ়ায়। তেওঁ পিতাও হয়, শিক্ষকো হয়, সৎগুৰুও হয়। আন কোনেও এনেকৈ নকয়, এয়া আমাৰ পিতা, শিক্ষক, গুৰু। এয়াতো বেহদৰ কথা। বেহদৰ পিতা, শিক্ষক, সৎগুৰু। তেওঁ নিজে বহি বুজায় - মই তোমালোকৰ পৰম পিতা, তোমালোক সকলো মোৰ সন্তান। তোমালোকেও কোৱা - বাবা আপুনি সেইজনে হয়। পিতায়ো কয় - তোমালোকে কল্পই কল্পই লগ পোৱা। সেয়েহে তেওঁ হ’ল পৰম আত্মা, সৰ্বোচ্চ। তেওঁ আহি সন্তানসকলক সকলো কথা বুজায়। কলিযুগৰ আয়ুস আৰু 40 হাজাৰ বছৰ আছে বুলি কোৱাটো একেবাৰে মিছা। 5 হাজাৰ বছৰতে সকলো আহি যায়। পিতাই যি বুজাই আছে সেয়া তোমালোকে মানিছা, বুজিছা। এনেকুৱা নহয় যে তোমালোকে নামানা। যদি নামানিলাহেঁতেন তেন্তে ইয়ালৈ নাহিলাহেঁতেন। এইটো ধৰ্মৰ নহ’লে তেন্তে নামানে। পিতাই বুজাইছে – সকলো নিৰ্ভৰ কৰে ভক্তিৰ ওপৰত। যিসকলে বহুত ভক্তি কৰিছে তেনেহ’লে তেওঁলোকে ভক্তিৰ ফলো পোৱা উচিত। তেওঁলোকেই পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ পায়। তোমালোকে জানা যে আমিয়েই দেৱতা বিশ্বৰ মালিক হ’ম। বাকী অলপ দিন আছে। এই পুৰণি সৃষ্টিৰ বিনাশ দেখুওৱা হৈছে, আন কোনো শাস্ত্ৰত এনেকুৱা কথা নাই। এখন ‘গীতা’ই হৈছে ভাৰতৰ ধৰ্মশাস্ত্ৰ। প্ৰত্যেকে নিজৰ ধৰ্ম শাস্ত্ৰ পঢ়িব লাগে আৰু সেই ধৰ্ম যাৰ দ্বাৰা প্ৰতিষ্ঠা হৈছে তেওঁকো জনা উচিত। যেনেকৈ খ্ৰীষ্টানসকলে যীশুখ্ৰীষ্টক জানে, তেওঁকেই মানে, পূজা কৰে। তোমালোক হৈছা আদি সনাতন দেৱী-দেৱতা ধৰ্মৰ গতিকে দেৱতাকে পূজা কৰা। কিন্তু আজিকালি নিজকে হিন্দু ধৰ্মৰ বুলি কৈ দিয়ে।

তোমালোক সন্তানসকলে এতিয়া ৰাজযোগ শিকি আছা। তোমালোক ৰাজঋষি। তেওঁলোক হৈছে হঠযোগী ঋষি। দিন-ৰাতিৰ পাৰ্থক্য আছে। তেওঁলোকৰ সন্ন্যাস হৈছে কেঁচা, হদৰ (সীমিত)। মাত্ৰ ঘৰ-সংসাৰহে ত্যাগ কৰে। তোমালোকৰ সন্ন্যাস বা বৈৰাগ্য হৈছে গোটেই পুৰণি সৃষ্টি ত্যাগ কৰাৰ। প্ৰথমতে নিজৰ মৰমৰ ঘৰলৈ গৈ পুনৰ নতুন সৃষ্টি সত্যযুগলৈ আহিবা। ব্ৰহ্মাৰ দ্বাৰা আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়। এতিয়াতো এয়া পতিত পুৰণি সৃষ্টি। এয়া বুজিবলগীয়া কথা। পিতাৰ দ্বাৰা পঢ়া। এয়াতো নিশ্চয় সত্য নহয় জানো। এই ক্ষেত্ৰত নিশ্চয়তা নথকাৰতো কথাই নাই। এই জ্ঞান পিতায়ে পঢ়ায়। পিতা শিক্ষকো হয়, সঁচা সৎগুৰুও হয়, লগত লৈ যাওঁতা। সেই গুৰুসকলেতো আধাতে এৰি গুচি যায়। এজন গুৰু গুচি গ’লে আন গুৰুৰ ওচৰলৈ যাব। তেওঁৰ শিষ্যক আসনত বহুৱাব। ইয়াততো হ’ল পিতা আৰু সন্তানৰ কথা। তাত আকৌ হৈছে গুৰু আৰু শিষ্যৰ উত্তৰাধিকাৰৰ অধিকাৰ। পিতাৰহে উত্তৰাধিকাৰ লাগে নহয় জানো। শিৱবাবা আহেই ভাৰতত। শিৱৰাত্ৰি আৰু শ্ৰীকৃষ্ণৰ ৰাত্ৰি পালন কৰে নহয়। শিৱৰ জন্মপত্ৰিকাতো নাই। কেনেকৈ শুনাব? তেওঁৰ তিথি-তাৰিখতো নাথাকে। শ্ৰীকৃষ্ণ যিজন প্ৰথম নম্বৰৰ, তেওঁক দেখুৱায়। দীপাৱলী পালন কৰাতো সৃষ্টিৰ মনুষ্যৰে কাম। তোমালোক সন্তানসকলৰ কাৰণে দীপাৱলী নহয়। আমাৰ নৱবৰ্ষ, নতুন সৃষ্টি সত্যযুগক কোৱা হয়। এতিয়া তোমালোকে নতুন সৃষ্টিৰ কাৰণে পঢ়ি আছা। এতিয়া তোমালোক পুৰুষোত্তম সংগমযুগত আছা। সেই কুম্ভমেলালৈ কিমান অনেক মনুষ্য যায়। সেয়া হ’ল পানীৰ নদীৰ মেলা। কিমান অনেক মেলা লাগে। তেওঁলোকৰ ভিতৰতো বহুত পঞ্চায়ত থাকে। কেতিয়াবা কেতিয়াবা তেওঁলোকৰ পৰস্পৰ ডাঙৰ কাজিয়া লাগে কিয়নো দেহ-অভিমানী হয়। ইয়াততো কাজিয়া আদিৰ কথাই নাই। পিতাই কেৱল কয় – অতি মৰমৰ সন্তানসকল, মোক স্মৰণ কৰা তোমালোক আত্মা যি সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈ গৈছা বিকাৰৰ লেপ পৰিছে সেয়া যোগ অগ্নিৰেহে আঁতৰিব। সোণাৰীসকলে জানে, পিতাকে পতিত পাৱন বুলি কয়। পিতা সৰ্বোচ্চ সোণাৰী হয়। সকলোৰে বিকাৰৰ লেপ আঁতৰাই সঁচা সোণ কৰি তোলে। সোণ অগ্নিত জ্বলোৱা হয়। এয়া হ’ল যোগ অৰ্থাৎ স্মৃতিৰ অগ্নি কিয়নো স্মৃতিৰ দ্বাৰাহে পাপ ভস্ম হ’ব। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান স্মৃতিৰ যাত্ৰাৰে হ’ব লাগে। সকলোতো সতোপ্ৰধান নহয়। কল্প পূৰ্বৰ নিচিনাকৈয়ে পুৰুষাৰ্থ কৰিব। পৰমাত্মাৰো ড্ৰামাত ভূমিকা নিৰ্ধাৰিত হৈ আছে, যি নিৰ্ধাৰিত হৈ আছে সেয়া হৈ থাকিব। সলনি হ’ব নোৱাৰে। মহুৰা (ৰিল) ঘূৰিয়ে থাকে। পিতাই কয় – আগলৈ তোমালোকক গূঢ় গূঢ় কথা শুনাম। পোন-প্ৰথমেতো এইটো নিশ্চয় জন্মিব লাগে যে তেওঁ সকলো আত্মাৰ পিতা। তেওঁক স্মৰণ কৰিব লাগে। ‘মনমনাভৱ’ৰ অৰ্থও এয়াই। বাকী শ্ৰীকৃষ্ণ ভগৱানুবাচতো নহয়। যদি শ্ৰীকৃষ্ণ হয় তেতিয়াতো সকলোৱে তেওঁৰ ওচৰলৈ গুচি আহিব। সকলোৱে চিনি পাব। কিন্তু এনেকৈ কিয় কয় যে মোক কোটিৰ ভিতৰত কোনোবাইহে জানে। এয়াতো পিতাই বুজায় সেইবাবে মনুষ্যৰ বুজিবলৈ কষ্ট হয়। আগতেও এনেকুৱা হৈছিল। ময়েই আহি দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰিছিলোঁ পুনৰ এই শাস্ত্ৰ আদি সকলো নোহোৱা হৈ যায়। পাছত নিজৰ সময়ত ভক্তিমাৰ্গৰ শাস্ত্ৰ আদি সকলো সেয়াই ওলাব। সত্যযুগত এখনো শাস্ত্ৰ নাথাকে। ভক্তিৰ নাম-চিহ্ন নাথাকে। এতিয়াতো ভক্তিৰ ৰাজ্য। সকলোতকৈ ডাঙৰতকৈও ডাঙৰ হ’ল শ্ৰী শ্ৰী 108 জগতগুৰু বুলি কওঁতাসকল। আজিকালিতো 1008 বুলিও কৈ দিয়ে। প্ৰকৃততে এই মালা ইয়াৰে। মালা যেতিয়া জপ কৰে তেতিয়া জানে নিৰাকাৰজন হৈছে ফুল, তাৰপাছত মেৰু। ব্ৰহ্মা-সৰস্বতী যুগল দানা কিয়নো প্ৰবৃত্তি মাৰ্গ হয় নহয়। প্ৰবৃত্তি মাৰ্গৰসকলে নিবৃত্তি মাৰ্গৰসকলক কেনেকৈ গুৰু বুলি মানিব, মানিলে তেতিয়া তেওঁলোকে কি দিব? হঠযোগ শিকিব লাগিব। সেয়াতো হৈছে অনেক প্ৰকাৰৰ হঠযোগ, ৰাজযোগ হৈছে এক প্ৰকাৰৰ। স্মৃতিৰ যাত্ৰা হয়েই এক প্ৰকাৰৰ যাক ৰাজযোগ বুলি কোৱা হয়। বাকী আন সকলো হৈছে হঠযোগ, শৰীৰক শক্তিশালী কৰাৰ বাবে। এই ৰাজযোগ পিতায়ে শিকায়। প্ৰথমে আত্মা তাৰপাছত শৰীৰ। কিন্তু তোমালোকে নিজক আত্মাৰ সলনি শৰীৰ বুলি ভাবি ওলোটা হৈ গৈছা। এতিয়া নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হৈ যাব। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই অনাদি অবিনাশী পূৰ্ব নিৰ্ধাৰিত ড্ৰামাখনত প্ৰত্যেকৰে ভূমিকা দেহী-অভিমানী হৈ, সাক্ষী হৈ প্ৰত্যক্ষ কৰিব লাগে। নিজৰ মৰমৰ ঘৰ আৰু মৰমৰ ৰাজধানীক স্মৰণ কৰিব লাগে, এই পুৰণি সৃষ্টিখনক বুদ্ধিৰে পাহৰি যাব লাগে।

(2) মায়াৰ হাতত পৰাজিত হ’ব নালাগে। স্মৃতি ৰূপী অগ্নিৰে পাপ নাশ কৰি আত্মাক পাৱন কৰি তোলাৰ পুৰুষাৰ্থ কৰিব লাগে।

বৰদান:
দীপাৱলীত যথাৰ্থ বিধিৰে নিজৰ দৈৱী পদৰ আহ্বান জনাওঁতা পূজ্য আত্মা হোৱা

দীপাৱলীত আগতে মনুষ্যই বিধিপূৰ্বক বন্তি প্ৰজ্জ্বলিত কৰিছিল, বন্তি যাতে নুমাই নাযায় সেইটো ধ্যান ৰাখিছিল, ঘৃত ঢালিছিল, বিধিপূৰ্বক আহ্বান জনোৱাৰ অভ্যাসত ব্ৰতী আছিল। এতিয়াতো বন্তিৰ পৰিৱৰ্তে বিজুলী চাকি জ্বলায়। দীপাৱলী পালন নকৰে এতিয়াতো মনোৰঞ্জন হৈ গৈছে। আহ্বান জনোৱাৰ বিধি বা সাধনা সমাপ্ত হৈ গৈছে। স্নেহ সমাপ্ত হৈ কেৱল স্বাৰ্থ বাকী আছেগৈ সেই কাৰণে যথাৰ্থ দাতা ৰূপধাৰী লক্ষ্মী কাৰো ওচৰলৈ নাহে। কিন্তু তোমালোক সকলোৱে যথাৰ্থ বিধিৰে নিজৰ দৈৱী পদৰ আহ্বান জনোৱা সেই কাৰণে স্বয়ং পূজ্য দেৱী-দেৱতা হৈ যোৱা।

স্লোগান:
সদায় বেহদৰ বৃত্তি, দৃষ্টি আৰু স্থিতি হওঁক তেতিয়া বিশ্ব কল্যাণৰ কাৰ্য সম্পন্ন হ’ব।


পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত:

এতিয়া জ্বালামুখী হৈ আসুৰি সংস্কাৰ, আসুৰি স্বভাৱ সকলো ভস্ম কৰা। যেনেকৈ দেৱীসকলৰ স্মাৰকত দেখুৱায় যে জুইৰে অসুৰৰ সংহাৰ কৰিলে। অসুৰ কোনো ব্যক্তি নহয়, আসুৰি শক্তিসমূহ নাশ কৰিলে। এয়া তোমালোকৰ এতিয়াৰ জ্বালা স্বৰূপ স্থিতিৰ স্মাৰক। এতিয়া যোগৰ এনেকুৱা জ্বালা প্ৰজ্বলিত কৰা যাৰ দ্বাৰা আসুৰি সংস্কাৰ ভস্ম হৈ যায় আৰু এই কলিযুগী সংসাৰ পৰিৱৰ্তন হৈ যায়।