30.11.24 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সন্তানে পিতাক প্ৰত্যক্ষ কৰায়, নিজৰ মত এৰি শ্ৰীমতত চলিলেহে পিতাক প্ৰত্যক্ষ কৰাব
পাৰিবা"
প্ৰশ্ন:
কোনসকল
সন্তানক পিতাই নিশ্চয় ৰক্ষা কৰে?
উত্তৰ:
যিসকল সন্তান সত্যবাদী, তেওঁলোকৰ ৰক্ষা নিশ্চয় হয়। যদি ৰক্ষা নহয় তেনেহ'লে ভিতৰত
নিশ্চয় কিবা মিথ্যা আছে। পঢ়া খতি হোৱা, সংশয় উৎপন্ন হোৱা অৰ্থাৎ ভিতৰত কিবা নহয় কিবা
অসত্য আছে। তেওঁলোকক মায়াই লেং মাৰি বগৰাই দিয়ে।
প্ৰশ্ন:
কোনসকল
সন্তানৰ বাবে মায়া চুম্বক হয়?
উত্তৰ:
যিসকল মায়াৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ যায়, তেওঁলোকৰ বাবে মায়া চুম্বক। শ্ৰীমতত
চলা সন্তানসকল মায়াৰ প্ৰতি আকৰ্ষিত নহয়।
ওঁম্শান্তি।
আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়। এইটোতো সন্তানসকলৰ নিশ্চয়তা আছে যে
আত্মিক পিতাই আমাক আত্মিক সন্তানসকলক পঢ়ায়। যাৰ বাবে গায়ন আছে - আত্মাসকল পৰমাত্মাৰ
পৰা বহুকাল বিচ্ছিন্ন হৈ থাকিল….পৰমধামত বিচ্ছিন্ন হৈ নাথাকে। তাততো সকলো একেলগে
থাকে। বিচ্ছিন্ন হৈ থাকে তেন্তে নিশ্চয় আত্মাসকল তাৰ পৰা বিচ্ছিন্ন হয়, আহি নিজৰ
নিজৰ ভূমিকা পালন কৰে। সতোপ্ৰধানৰ পৰা অৱনমিত হৈ তমোপ্ৰধান হৈ যায়। আহ্বান জনায় –
পতিত-পাৱন আহি আমাক পাৱন কৰি তোলক। পিতায়ো কয় - মই প্ৰত্যেক 5 হাজাৰ বছৰ পাছত আহোঁ।
এই সৃষ্টিৰ চক্ৰ হয়েই 5 হাজাৰ বছৰৰ। আগতে তোমালোকে এই বিষয়ে নাজানিছিলা। শিৱবাবাই
বুজায় যেতিয়া তেন্তে নিশ্চয় কাৰোবাৰ শৰীৰৰ দ্বাৰা বুজাব। ওপৰৰ পৰা কোনো আৱাজতো নকৰে।
শক্তি বা প্ৰেৰণা আদিৰ কোনো কথা নাই। তোমালোক আত্মাই শৰীৰত আহি বাৰ্তালাপ কৰা।
তেনেকৈ পিতায়ো কয় - ময়ো শৰীৰৰ দ্বাৰাহে নিৰ্দেশনা দিওঁ। আকৌ সেই নিৰ্দেশনা মতে যিয়ে
যিমান চলে, নিজৰেই কল্যাণ কৰে। শ্ৰীমতত চলক বা নচলক, শিক্ষকৰ কথা শুনক বা নুশুনক,
নিজৰেই কল্যাণ বা অকল্যাণ কৰে। নপঢ়িলেতো নিশ্চয় অনুত্তীৰ্ণ হ’ব। এইটোও বুজাই থাকে
যে শিৱবাবাৰ পৰা শিকি আকৌ আনক শিকাব লাগে। পিতাই সন্তানক প্ৰত্যক্ষ কৰে। শাৰীৰিক
পিতাৰ কথা নহয়। এওঁ হৈছে আত্মিক পিতা। এইটোও তোমালোকে বুজি পোৱা যে যিমানে আমি
শ্ৰীমতত চলিম, সিমানে উত্তৰাধিকাৰ পাম। সম্পূৰ্ণকৈ চলাসকলে উচ্চ পদ পাব। নচলাসকলে
উচ্চ পদ নাপাব। পিতাইতো কয় - মোক স্মৰণ কৰিলে তোমালোকৰ পাপ খণ্ডন হ’ব। ৰাৱণৰাজ্যততো
তোমালোকৰ পাপ বহুত হৈ গ’ল। বিকাৰত যোৱা বাবেই পাপ আত্মা হৈ যায়। পুণ্য আত্মা আৰু
পাপ আত্মা নিশ্চয় থাকে। পাপ আত্মাসকলে পুণ্য আত্মাসকলৰ আগত গৈ মূৰ দোঁৱায়। মনুষ্যই
এইটো গম নাপায় যে দেৱতাসকল যিসকল পুণ্য আত্মা আছিল, তেওঁলোকেই আকৌ পুনৰ্জন্মত আহি
আহি পাপ আত্মা হৈ যায়। তেওঁলোকেতো ভাবে এওঁলোক সদায়েই পুণ্য আত্মা হৈ থাকে। পিতাই
বুজায় - পুনৰ্জন্ম লওঁতে লওঁতে সতোপ্ৰধানৰ পৰা তমোপ্ৰধানত আহে। যেতিয়া সম্পূৰ্ণ পাপ
আত্মা হৈ যায় তেতিয়া পিতাক আহ্বান জনায়। যেতিয়া পুণ্য আত্মা হৈ থাকে, তেতিয়া স্মৰণ
কৰাৰ প্ৰয়োজন নাথাকে। গতিকে তোমালোক সন্তানসকলে এইটো বুজাব লাগে, সেৱা কৰিব লাগে।
পিতাইতো সকলোকে গৈ নুশুনায়। সন্তানসকল যিহেতু সেৱাৰ উপযুক্ত গতিকে সন্তানসকলেই যোৱা
উচিত। মনুষ্যতো দিনে-প্ৰতিদিনে অসুৰ হৈ গৈ থাকে। পৰিচয় নজনাৰ বাবে নিৰৰ্থক কথা
কবলৈও কুণ্ঠাবোধ নকৰে। মনুষ্যই কয় – ‘গীতা’ৰ ভগৱান হৈছে শ্ৰীকৃষ্ণ। তোমালোকে বুজোৱা
যে তেওঁতো দেহধাৰী, তেওঁক দেৱতা বুলি কোৱা হয়। শ্ৰীকৃষ্ণক পিতা বুলি কোৱা নহয়। এই
সকলোৱেতো পিতাক (শিৱবাবাক) স্মৰণ কৰে। আত্মাসকলৰ পিতাতো আন কোনো নহয়। এওঁ প্ৰজাপিতা
ব্ৰহ্মায়ো কয় - নিৰাকাৰ পিতাক স্মৰণ কৰিব লাগে। এওঁ আকাৰী পিতা হৈ যায়। বুজাওঁতেতো
বহুতেই বুজোৱা হয়, কিছুমানে সম্পূৰ্ণকৈ নুবুজি ওলোটা ৰাস্তাৰে গৈ জংঘল পায়গৈ।
পিতাইতো স্বৰ্গলৈ যোৱাৰ মাৰ্গ-দৰ্শন কৰায়। তথাপিতো জংঘললৈ গুচি যায়। পিতাই বুজায়
তোমালোকক জংঘললৈ লৈ যোৱাজন হৈছে ৰাৱণ। তোমালোক মায়াৰ হাতত পৰাজিত হোৱা। ৰাস্তা পাহৰি
গ’লে আকৌ জংঘলৰ কাঁইট হৈ যোৱা। তেওঁলোক স্বৰ্গলৈ দেৰীকৈ আহিব। ইয়ালৈ তোমালোক আহিছাই
স্বৰ্গলৈ যোৱাৰ পুৰুষাৰ্থ কৰিবলৈ। ত্ৰেতাকো স্বৰ্গ বুলি কোৱা নহয়। কাৰণ 25% কম গৈ
গ’ল নহয়। তোমালোক ইয়ালৈ আহিছাই পুৰণি সৃষ্টি এৰি নতুন সৃষ্টিলৈ যাবৰ কাৰণে। ত্ৰেতাক
নতুন সৃষ্টি বুলি কোৱা নহয়। অকৃতকাৰ্য হোৱাসকল তালৈ গুচি যায়, কিয়নো সঠিক মাৰ্গত
নচলে। তল-ওপৰ হৈয়ে থাকে। তোমালোকে উপলব্ধি কৰা যে যিমান স্মৰণ কৰা উচিত সিমান কৰা
নহয়। যিসকল স্বৰ্গবাসী হয় তেওঁলোকক ভালকৈ উত্তীৰ্ণ হোৱা বুলি কোৱা হ’ব। ত্ৰেতাত
অহাসকলক অকৃতকাৰ্য হোৱা বুলি গণ্য কৰা হয়। তোমালোক নৰকবাসীৰ পৰা স্বৰ্গবাসী হোৱা,
নহ’লে অনুত্তীৰ্ণ বুলি কোৱা হয়। সেই পঢ়াততো পুনৰাই পঢ়িব পাৰি। ইয়াততো দ্বিতীয় বছৰ
পঢ়াৰ কথাই নাই। জন্ম-জন্মান্তৰ, কল্প-কল্পান্তৰ তেওঁলোকেই পৰীক্ষাত উত্তীৰ্ণ হয়
যিসকল কল্প পূৰ্বেও হৈছিল। এই ড্ৰামাৰ ৰহস্য ভালদৰে বুজিব লাগে। কোনোবাই ভাবে, মইতো
চলিব নোৱাৰোঁ। বৃদ্ধ গতিকে হাতত ধৰি চলালে তেতিয়া চলিব, নহ’লে বাগৰি পৰিব। কিন্তু
ভাগ্যত নাথাকিলে তেতিয়া যিমানেই ফুল কৰি তুলিবৰ বাবে জোৰ নিদিয়া কিন্তু নহয়। আকনো
এবিধ ফুল। কিন্তু ইয়াৰ কাঁইটে বিন্ধে।
পিতাই কিমান বুজায়। কালিলৈকে তোমালোকে যিজন শিৱক পূজা কৰিছিলা, তেওঁ আজি তোমালোকক
পঢ়াই আছে। প্ৰতিটো কথাতে পুৰুষাৰ্থৰ বাবেই জোৰ দিয়া হয়। দেখা যায় - মায়াই ভাল ভাল
ফুলবোৰকো তললৈ পেলাই দিয়ে। হাড়মূৰ ভাঙি পেলায়, যাক পাছত বিশ্বাসঘাতক বুলি কোৱা হয়।
যিয়ে এখন ৰাজধানী এৰি বেলেগলৈ গুচি যায়, তেওঁক বিশ্বাসঘাতক বুলি কোৱা হয়। পিতায়ো কয়,
মোৰ হৈ পুনৰ মায়াৰ হৈ গ’লে তেওঁকো বিশ্বাসঘাতক বুলি কোৱা হয়। তেওঁৰ চলনেই তেনেকুৱা
হৈ যায়। এতিয়া পিতা মায়াৰ পৰা মুক্ত কৰিবলৈ আহিছে। সন্তানসকলে কয়, মায়া বহুত
শক্তিশালী, নিজৰ ফালে আকৰ্ষিত কৰি লয়। মায়া যেন চুম্বকহে। এই সময়ত মায়াই চুম্বকৰ
ৰূপ ধাৰণ কৰে। জগতৰ সৌন্দৰ্য কিমান বাঢ়ি গ’ল। আগতে এই চিনেমা আদি জানো আছিল। এই
সকলোবোৰ 100 বছৰৰ ভিতৰত হৈছে। বাবাতো অনুভৱী হয় নহয়। গতিকে সন্তানসকলে এই ড্ৰামাৰ
গূঢ় ৰহস্য ভালদৰে বুজিব লাগে। প্ৰতিটো কথাই সঠিকভাৱে নিৰ্ধাৰিত হৈ আছে। বিপৰীত
পক্ষৰ বাবে এই এশ বছৰত যেন স্বৰ্গ হৈ গ'ল। গতিকে বুজি পোৱা যায় - এতিয়া স্বৰ্গতো আৰু
সোনকালেহে হ’ব। বিজ্ঞানো বহুত কামত আহে। বহুত সুখদায়ীও হয় নহয়। সেই সুখ স্থায়ী হ’বলৈ
হ'লে পুৰণি সৃষ্টিৰ বিনাশো হ’ব লাগিব। সত্যযুগৰ সুখ ভাৰতৰ ভাগ্যতেই আছে। তেওঁলোকতো
আহেই পাছত, যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হয়, যেতিয়া ভাৰতবাসী পতিত হয়, তেতিয়া বাকী
ধৰ্মাৱলম্বীসকল ক্ৰমানুসাৰে আহে। ভাৰত পতিত হৈ হৈ একেবাৰে অৱনমিত হৈ যায়। পুনৰ
উন্নতি কৰিবলগীয়া হয়। ইয়াতো উন্নতি হয়, পুনৰ অৱনতি হয়। কিমান অৱনতি হয়, তাৰ কথাই
নুসুধিবা। কিছুমানেতো মানিবই নোখোজে যে পিতাই আমাক পঢ়ায়। ভাল ভাল সেৱাধাৰী, যিসকলৰ
পিতাই মহিমা কৰে, তেওঁলোকো মায়াৰ হাতোৰাত আহি যায়। মল্লযুদ্ধ হয়। মায়ায়ো এনেকৈ
যুদ্ধ কৰে। একদম বগৰাই দিয়ে। আগলৈ তোমালোক সন্তানসকলে গম পাই গৈ থাকিবা। মায়াই একদম
শুৱাই দিয়ে। তথাপিও পিতাই কয় - এবাৰ যিহেতু জ্ঞান শুনিছে, গতিকে স্বৰ্গলৈ নিশ্চয়
আহিব। বাকী পদ পাব নোৱাৰিব। কল্প পূৰ্বে যিয়ে যেনেকুৱা পুৰুষাৰ্থ কৰিছে বা
পুৰুষাৰ্থ কৰি কৰি অৱনমিত হৈছে, তেনেকৈ এতিয়াও অৱনমিত আৰু উন্নতি হৈ থাকিব। জয় আৰু
পৰাজয় হয় নহয়। সকলো সন্তানসকল স্মৃতিত থকাৰ ওপৰত নিৰ্ভৰ কৰে। সন্তানসকলে এয়া অক্ষয়
সম্পদ পাইছে। জগতৰ লোকেতো দেৱলীয়া হৈ লাখ লাখ টকা হেৰুৱায়। কোনোবা লাখ লাখ টকাৰে
ধনৱান হয়, তাকো এটা জন্মৰ কাৰণে। পাছৰ জন্মত জানো ইমান ধন থাকিব। কৰ্মভোগো বহুত আছে।
তাত স্বৰ্গততো কৰ্মভোগৰ কথাই নাই। এই সময়ত তোমালোকে 21 জন্মৰ বাবে কিমান জমা কৰা।
যিয়ে পূৰা পুৰুষাৰ্থ কৰে, তেওঁ পূৰা স্বৰ্গৰ উত্তৰাধিকাৰ লাভ কৰে। বুদ্ধিত থাকিব
লাগে, আমি যথাযথ স্বৰ্গৰ উত্তৰাধিকাৰ লাভ কৰোঁ। এইটো খেয়াল কৰিব নালাগে যে আকৌ
অধঃপতিত হৈ যাম। তোমালোক সকলোতকৈ বেছি অধঃপতিত হ’লা, এতিয়া উন্নতি কৰিবই লাগিব।
আপোনাআপুনি পুৰুষাৰ্থোও হৈ থাকে। পিতাই বুজায় - চোৱা, মায়া কিমান প্ৰবল। মনুষ্যৰ
মাজত কিমান অজ্ঞানতা আহি গ’ল, অজ্ঞানতাৰ বাবে পিতাকো সৰ্বব্যাপি বুলি কৈ দিয়ে। ভাৰত
কিমান শ্ৰেষ্ঠ আছিল। তোমালোকে বুজি পোৱা, আমি এনেকুৱা আছিলোঁ, এতিয়া পুনৰ হৈ আছোঁ।
এই দেৱতাসকলৰ কিমান মহিমা আছে, কিন্তু তোমালোক সন্তানসকলৰ বাহিৰে অন্য কোনেও নাজানে।
তোমালোকেহে জানা, বেহদৰ পিতা জ্ঞানৰ সাগৰ আহি আমাক পঢ়ায় তথাপি মায়াই বহুতকে সংশয়ত
আনি দিয়ে। মিছা-কপটতা এৰি নিদিয়ে। সেইবাবে পিতাই কয় - নিজৰ সঁচা খতিয়ান লিখা। কিন্তু
দেহ-অভিমানৰ কাৰণে সঁচা কথা নকয়। গতিকে সেয়াও বিকৰ্ম হৈ যায়, সঁচা ক’ব লাগে নহয়।
নহ'লে বহুত শাস্তি খাবলগীয়া হয়। গৰ্ভ কাৰাগাৰতো বহুত শাস্তি পায়। এনেকৈ কয় – তৌবা
তৌবা…. মই এনেকুৱা কাম আৰু কেতিয়াও নকৰো। যেনেকৈ কোনোবাই মাৰ খালেও এনেকৈ ক্ষমা
বিচাৰে। শাস্তি খালেও এনেকৈ কয়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে মায়াৰ ৰাজ্য
কেতিয়াৰ পৰা আৰম্ভ হ'ল। পাপ কৰিয়ে থাকে। পিতাই দেখিবলৈ পায় - এওঁ ইমান অমায়িক নৰম
হোৱা নাই। পিতাই কিমান নৰম সন্তানৰ দৰে চলে কিয়নো ড্ৰামা অনুসৰি চলি থাকে। এনেকৈ
ক’ব - যি হ’ল সেয়া সকলো ড্ৰামা অনুসৰি হ’বলগীয়া আছিল। বুজায়ো থাকে যে আগলৈ যাতে
এনেকুৱা নহয়। এয়া বাপদাদা দুয়ো একেলগে আছে নহয়। দাদাৰ নিজৰ মত, ঈশ্বৰৰ নিজৰ মত।
বুজিব লাগে যে এই মত কোনে দিছে? এৱোঁ পিতা নহয় জানো। পিতাৰ কথাতো মানিব লাগে। বাবাতো
জ্যেষ্ঠ পিতা হয়, সেই কাৰণে পিতাই কয়, এনেকৈ বুজিবা যে শিৱবাবাই বুজাইছে। নুবুজিলে
পদো নাপাবা। ড্ৰামাৰ পৰিকল্পনা অনুসৰি পিতাও হয়, ককাও হয়। পিতাৰ শ্ৰীমত পোৱা যায়।
মায়া এনেকুৱা যে মহাবীৰ, শক্তিমানসকলৰ দ্বাৰাও কিবা নহয় কিবা ওলোটা কাম কৰাই দিয়ে।
বুজি পোৱা যায় যে এওঁ পিতাৰ মতত চলা নাই। নিজেও অনুভৱ কৰে, মই নিজৰ আসুৰি মতত চলিছোঁ।
শ্ৰীমত দিওঁতাজন আহি উপস্থিত হৈছে। তেওঁৰ হৈছে ঈশ্বৰীয় মত। পিতাই নিজেই কয় – এওঁৰ
পৰা যদি এনেকুৱা কিবা মত পোৱাও তেতিয়াও সেয়া ঠিক কৰোঁতা মই বহি আছোঁ। তথাপিও মই ৰথ
হিচাপে লৈছোঁ নহয়। মই ৰথ হিচাপে লৈছোঁ বাবেইতো তেওঁ গালি খাইছে। নহ’লেতো কেতিয়াও
গালি খোৱা নাছিল। মোৰ কাৰণে কিমান গালি খায়। গতিকে তেওঁকো চম্ভালিব লাগে। পিতাই
নিশ্চয় ৰক্ষা কৰে। যেনেকৈ সন্তানৰ ৰক্ষা পিতাকে নকৰে জানো। যিমানে সত্যত চলিব সিমানে
ৰক্ষা হয়। অসত্যত চলিলে ৰক্ষা নহয়। তেওঁৰতো শাস্তি নিৰ্ধাৰিত হৈ যায়। সেয়েহে পিতাই
বুজায় - মায়াইতো একদম নাকত ধৰি শেষ কৰি দিয়ে। সন্তানসকলেও নিজে অনুভৱ কৰে, মায়াই
গ্ৰাস কৰি ল’লে তেতিয়া পঢ়িবলৈ এৰি দিয়ে। পিতাই কয়, পঢ়িব নিশ্চয় লাগে। বাৰু, যেতিয়া
কোনোবাই দোষ কৰে তেতিয়া এইটো মনত ৰাখিবা যিয়ে যেনেকুৱা কৰিব সেয়াই ভৱিষ্যতে পাব
কিয়নো এতিয়া সৃষ্টিৰ পৰিৱৰ্তন হৈ আছে। মায়াই এনেকৈ লেং মাৰি বগৰাই দিব যে সেই আনন্দ
আৰু নাথাকে। পিছত চিঞৰিব - বাবা, ক’ব নোৱাৰো কি হৈ গ’ল। যুদ্ধক্ষেত্ৰত বহুত সাৱধান
হৈ থাকিব লাগে যাতে কোনেও লেং মাৰি বগৰাই নিদিয়ে। তথাপিও বেছি শক্তিশালী হ’লে
বেলেগক বগৰাই পেলায়। আকৌ পিছদিনা তাৰ পৰা আৰম্ভ কৰে। এই মায়াৰ যুদ্ধতো অন্তিমলৈকে
চলি থাকিব। তল-ওপৰ হৈ থাকে। কিছুমান সন্তানে সঁচা কথা নকয়। সন্মানৰ বহুত ভয় থাকে -
নাজানো বাবাই কি ক’ব। যেতিয়ালৈকে সঁচা নকয় তেতিয়ালৈকে আগবাঢ়িব নোৱাৰে। ভিতৰি বিবেক
দংশন হৈ থাকে, পাছলৈ বাঢ়ি যায়। নিজে কেতিয়াও সঁচা কথা নকয়। কেতিয়াবা দুজন জড়িত হৈ
থাকিলে ভাবে যে এওঁ বাবাক শুনালে তেতিয়া ময়ো শুনাই দিম। মায়া বৰ শক্তিশালী। বুজি
পোৱা যায় যে তেওঁৰ ভাগ্যত ইমান উচ্চ পদ নাই, সেয়েহে ছাৰ্জনৰ পৰা কথা লুকুৱায়।
লুকুৱালে বেমাৰ ভাল নহয়। যিমানে লুকুৱাব, সিমানে অধঃপতিত হৈ থাকিব। ভূততো সকলোৰে
মাজত আছে। যেতিয়ালৈকে কৰ্মাতীত অৱস্থা নহয় তেতিয়ালৈকে আসুৰিক দৃষ্টিয়েও লগ নেৰে।
সকলোতকৈ ডাঙৰ শত্ৰু হৈছে কাম। বহুত অধঃপতিত হৈ যায়। বাবাইতো বাৰে বাৰে বুজায় -
শিৱবাবাৰ বাহিৰে কোনো দেহধাৰীক স্মৰণ কৰিব নালাগে। কিছুমানতো ইমান পৰিপক্ক যে
কেতিয়াও কাৰো স্মৃতিও নাহে। পতিব্ৰতা স্ত্ৰী থাকে নহয়, তেওঁলোকৰ কু-বুদ্ধি নাথাকে।
ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) আমাক পঢ়াঁওতাজন স্বয়ং জ্ঞানৰ সাগৰ, বেহদৰ পিতা, এই ক্ষেত্ৰত কেতিয়াও সংশয় আনিব
নালাগে। মিছা-কপটতা ত্যাগ কৰি সঁচা খতিয়ান ৰাখিব লাগে। দেহ-অভিমানত আহি কেতিয়াও
বিশ্বাসঘাতক হ’ব নালাগে।
(2) ড্ৰামাক বুদ্ধিত
ৰাখি পিতাৰ সমান বহুত মধুৰ, নম্ৰ হ’ব লাগে। অহংকাৰ দেখুৱাব নালাগে। নিজৰ মত এৰি
পিতাৰ শ্ৰেষ্ঠ মতত চলিব লাগে।
বৰদান:
এজন পিতাৰ
স্নেহত সমাহিত হৈ লক্ষ্যত উপনীত হওঁতা সৰ্ব আকৰ্ষণ মুক্ত হোৱা
বাপদাদাই সন্তানসকলক
নিজৰ স্নেহ আৰু সহযোগৰ কোলাত বহুৱাই লক্ষ্যৰ ফালে লৈ গৈ আছে। এই মাৰ্গ পৰিশ্ৰমৰ নহয়
কিন্তু যেতিয়া মুখ্য পথৰ সলনি গলিৰে গুচি যায় বা লক্ষ্যৰ চিহ্নতকৈ আগবাঢ়ি যায় তেতিয়া
উভতি আহিবলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। পৰিশ্ৰমৰ পৰা হাত সৰাৰ সাধন হৈছে এজনৰ প্ৰেমত
থাকা। এজন পিতাৰ স্নেহত লীন হৈ প্ৰতিটো কাৰ্য কৰা তেতিয়া অন্য একোৱেই দৃষ্টিগোচৰ
হ’ব। সৰ্ব আকৰ্ষণৰ পৰা মুক্ত হৈ যাবা।
স্লোগান:
নিজৰ সৌভাগ্যৰ অনুভৱ চেহেৰা আৰু চলনেৰে কৰোৱা।
সফলতামূৰ্ত হ’বলৈ
আজিৰ অব্যক্ত সংকেত:
সেৱাত সফলতাৰ
মুখ্য সাধন হৈছে ত্যাগ আৰু তপস্যা। ত্যাগী আৰু তপস্বী অৰ্থাৎ সদায় পিতাৰ স্নেহত লীন,
প্ৰেমৰ সাগৰত সমাহিত, জ্ঞান, আনন্দ, সুখ, শান্তিৰ সাগৰত সমাহিত হৈ থকাজনকহে তপস্বী
বুলি কোৱা হ’ব। এনেকুৱা ত্যাগী, তপস্বী সন্তানে সদায় নিজৰ সময়, সংকল্প,
সম্বন্ধ-সম্পৰ্ক সকলো সফল কৰি সফলতামূৰ্ত হয়।