30.12.25 Morning Assame Murli Om Shanti BapDada Madhuban
মৰমৰ সন্তানসকল –
“পাপৰ বোজাৰ পৰা মুক্ত হ’বৰ কাৰণে বিশ্বাসী, সত্যনিষ্ঠ হৈ নিজৰ কর্ম কাহিনী পিতাক
লিখি দিয়া তেতিয়া মাফ হৈ যাব ”
প্ৰশ্ন:
সংগমযুগত
তোমালোক সন্তানসকলে কোনটো বীজ সিঁচিব নোৱাৰা?
উত্তৰ:
দেহ-অভিমানৰ। এই বীজৰ পৰাই সকলো বিকাৰৰ বৃক্ষ উৎপত্তি হয়। এই সময়ত গোটেই সৃষ্টিত 5
বিকাৰৰ বৃক্ষ অংকুৰিত হৈছে। সকলোৱে কাম-ক্ৰোধৰ বীজ সিঁচি থাকে। তোমালোকৰ প্ৰতি
পিতাৰ নিৰ্দেশনা হৈছে - সন্তানসকল যোগবলেৰে পাৱন হোৱা। এই বীজ সিঁচা বন্ধ কৰা।
গীত:
তুম্হে পা কে
হমনে জাহান পা লিয়া…….. (তোমাক পাই আমি গোটেই জগতখনেই পাই গ’লোঁ………..)
ওঁম্শান্তি।
অতি মৰমৰ
আত্মিক সন্তানসকলে গীতটি শুনিলে! এতিয়াতো কমসংখ্যক আছে, অনেক সন্তান হৈ যাব। এই
সময়ত কমসংখ্যক বাস্তৱত হৈছা তথাপি এই প্ৰজাপিতা ব্ৰহ্মাকতো সকলোৱে জানে নহয়। নামেই
হ'ল প্ৰজাপিতা ব্ৰহ্মা। কিমান অনেক প্ৰজা আছে। সকলো ধৰ্মৰ লোকে এওঁক নিশ্চয় মানিব।
তেওঁৰ দ্বাৰাই মনুষ্য মাত্ৰৰ ৰচনা হৈছে নহয়। বাবাই বুজাইছে লৌকিক পিতাও হদৰ ব্ৰহ্মা
হয় কিয়নো তেওঁলোকৰো বংশবৃক্ষ থাকে। উপাধিৰে বংশবৃক্ষ চলে। সেয়া হ'ল হদৰ, এয়া হৈছে
বেহদৰ পিতা। এওঁৰ নামেই হৈছে প্ৰজাপিতা। সেই লৌকিক পিতাইতো সীমিত সংখ্যক প্ৰজা ৰচে।
কোনোৱে ৰচনা নকৰেও। এওঁতো নিশ্চয় ৰচিব। কোনোবাই এনেকৈ ক’ব যে প্ৰজাপিতা ব্ৰহ্মাৰ
সন্তান নাই নেকি? এওঁৰ সন্তানতো গোটেই জগতখনেই হয়। প্ৰথমতে হয়েই প্ৰজাপিতা ব্ৰহ্মা।
মুছলমানেও যি “আদম বিবি” বুলি কয় তেনেকৈও নিশ্চয় কাৰোবাক ক’ব নহয়। আদম ইভ্, আদি দেৱ,
আদি দেৱী এনেকৈ প্ৰজাপিতা ব্ৰহ্মাৰ কাৰণেহে ক’ব। যি ধৰ্মৰে আছে সকলোৱে এওঁক মানিব।
যথাযথ এজন হদৰ পিতা, দ্বিতীয়জন হৈছে বেহদৰ পিতা। এই বেহদৰ পিতা হৈছে বেহদৰ সুখ
দিওঁতা। তোমালোকে পুৰুষাৰ্থও কৰা বেহদ স্বৰ্গৰ সুখৰ কাৰণে। ইয়াত বেহদৰ পিতাৰ পৰা
বেহদৰ সুখৰ উত্তৰাধিকাৰ ল’বলৈ আহিছা। স্বৰ্গত বেহদৰ সুখ, নৰকত বেহদত দুখ বুলিও ক’ব
পাৰা। দুখো বহুত আহিবলগীয়া আছে। “হায়! হায়!” কৰি থাকিব। পিতাই তোমালোকক গোটেই
বিশ্বৰ আদি-মধ্য-অন্তৰ ৰহস্য বুজাইছে। তোমালোক সন্তানসকল সন্মুখত বহি আছা আৰু
পুৰুষাৰ্থও কৰা। এওঁতো মাতা-পিতা দুয়োজনেই হৈ গ'ল নহয়। ইমান অনেক সন্তান আছে। বেহদৰ
মাতা-পিতাৰ প্ৰতি কেতিয়াও কোনেও শত্ৰুতা নাৰাখে। মাতা-পিতাৰ পৰা কিমান সুখ পোৱা যায়।
গায়নো কৰে - তুমি মাতা-পিতা….. এয়াতো সন্তানসকলেহে বুজি পায়। অন্য ধৰ্মাৱলম্বীসকলে
সকলোৱে পিতাকহে আহ্বান জনায়। মাতা-পিতা বুলি নকয়। কেৱল ইয়াতহে গায় - তুমি মাতা-পিতা
আমি…… তোমালোক সন্তানসকলে জানা আমি পঢ়ি মনুষ্যৰ পৰা দেৱতা, কাঁইটৰ পৰা ফুল হৈ আছোঁ।
পিতা নাৱৰীয়াও হয়, বাগিচাৰ গৰাকীও হয়। বাকী তোমালোক ব্ৰাহ্মণসকল অনেক প্ৰকাৰৰ মালী।
“মোগল গাৰ্ডেন”তো মালী থাকে নহয়। তেওঁলোকৰ দৰমহাও কিমান ভাল। মালীও ক্ৰমানুসৰি আছে
নহয়। কোনো কোনো মালীয়ে কিমান ভাল ভাল ফুল তৈয়াৰ কৰে। ফুলবিলাকৰ মাজতো এটা ফুলৰ ৰজাও
থাকে। সত্যযুগত ৰজা ৰাণী ফুল থাকে। ইয়াত যদিও মহাৰজা-মহাৰাণী আছে কিন্তু ফুল নাই।
পতিত হোৱাৰ বাবে কাঁইট হৈ যায়। আগবাঢ়ি গৈ গৈ কাঁইট লগাই গুচি যায়। অজামিল (মহাপাপী)
বুলিও তেওঁলোককে কোৱা হয়। সকলোতকৈ অধিক ভক্তিও তোমালোকে কৰা। বাম (বিকাৰী) মাৰ্গত
অৱনমিত হোৱাৰ চিত্ৰবোৰ চোৱা কেনেকুৱা লেতেৰাকৈ তৈয়াৰ কৰিছে। দেৱতাসকলৰেই চিত্ৰ
দেখুৱাইছে। এতিয়া সেইবোৰ হ'ল বাম মাৰ্গৰ চিত্ৰ। তোমালোক সন্তানসকলে এতিয়া এই কথাবোৰ
বুজি পাইছা। তোমালোক এতিয়া ব্ৰাহ্মণ হৈছা। আমি বিকাৰৰ পৰা বহুত দূৰলৈ যাওঁ।
ব্ৰাহ্মণসকলৰ মাজত ভাই-ভনী বিকাৰগ্ৰস্ত হোৱা - এয়াতো বহুত ডাঙৰ আসুৰিক প্ৰহাৰ হৈ
যায়। নামেই নষ্ট হৈ যায়, সেয়েহে সৰুকালতে যদি কিবা বেয়া কাম কৰিছা তেন্তে সেয়াও
বাবাক শুনালে আধা মাফ হৈ যায়। স্মৃতিতো থাকে নহয়। অমুক সময়ত মই এইটো বেয়া কাম কৰিছোঁ।
বাবাক লিখি দিয়ে। যিসকল বহুত বিশ্বাসী, সত্যনিষ্ঠ হয় তেওঁলোকে বাবালৈ লিখে - বাবা
মই এইটো এইটো লেতেৰা কাম কৰিছোঁ। ক্ষমা কৰক। পিতাই কয় - ক্ষমাতো নহয়, বাকী সঁচা কথা
ক’লে তাৰ বোজা কমি যাব। এনেকুৱা নহয় যে পাহৰি যায়। পাহৰিব নোৱাৰে। আগলৈ যাতে এনেকুৱা
কোনো কাম নহয় তাৰ বাবে সাৱধান কৰি দিওঁ। বাকী নিশ্চয় অন্তৰ দহি থাকে। এনেকৈ কয়, বাবা
মইতো অজামিল আছিলোঁ। এই জন্মৰে কথা। এয়াও এতিয়া তোমালোকে জানা। কেতিয়াৰ পৰা বাম
মাৰ্গত আহি পাপ আত্মা হৈছা? এতিয়া পিতাই পুনৰ আমাক পুণ্য আত্মা কৰি তোলে। পুণ্য
আত্মাসকলৰ সৃষ্টিয়েই বেলেগ। যদিও সৃষ্টি এখনেই কিন্তু বুজি পাইছা যে দুটা ভাগ আছে।
এখন হৈছে পুণ্য আত্মাসকলৰ সৃষ্টি যাক স্বর্গ বুলি কোৱা হয়। আনখন পাপ আত্মাসকলৰ
সৃষ্টি যাক নৰক দুখধাম বুলি কোৱা হয়। সুখৰ সৃষ্টি আৰু দুখৰ সৃষ্টি। দুখৰ সৃষ্টিত
সকলোৱে চিঞৰি থাকে আমাক উদ্ধাৰ কৰা, নিজৰ ঘৰলৈ লৈ ব'লা। এয়াও সন্তানসকলে বুজি পায়
যে ঘৰলৈ গৈ তাতে বহি যাব নালাগে, পুনৰ ভূমিকা পালন কৰিবলৈ আহিব লাগে। এই সময়ত গোটেই
জগতখনেই পতিত। এতিয়া পিতাৰ দ্বাৰা তোমালোক পাৱন হৈ আছা। লক্ষ্য-উদ্দেশ্য সন্মুখত
থিয় হৈ আছে। অন্য কোনেও এইটো লক্ষ্য-উদ্দেশ্য দেখুৱাই নিদিব যে আমি এয়া হৈ আছোঁ।
পিতাই কয় - সন্তানসকল তোমালোক এনেকুৱা আছিলা, এতিয়া নোহোৱা। পূজ্য আছিলা এতিয়া
পূজাৰী হৈ গ’লা পুনৰ পূজ্য হোৱাৰ কাৰণে পুৰুষাৰ্থৰ প্ৰয়োজন। পিতাই কিমান ভাল
পুৰুষাৰ্থ কৰায়। এই বাবাই বুজি পায় নহয় যে মই ৰাজকুমাৰ হ'মগৈ। প্ৰথম নম্বৰত হৈছে এওঁ
(ব্ৰহ্মা বাবা), তথাপি সকলো সময়ত স্মৃতিত নাথাকে। পাহৰি যায়। কোনোবাই যিমানে
পৰিশ্ৰম নকৰক কিন্তু এতিয়া সেইটো অৱস্থা নহ’ব। কৰ্মাতীত অৱস্থা তেতিয়া হ'ব যেতিয়া
যুদ্ধৰ সময় হ'ব। পুৰুষাৰ্থতো সকলোৱে কৰিব লাগে নহয়। এৱোঁ কৰিব লাগে। তোমালোকে
বুজোৱাও যে চিত্ৰত চোৱা বাবাৰ চিত্ৰ ক'ত আছে? একেবাৰে বৃক্ষৰ অন্তত থিয় হৈ আছে,
পতিত সৃষ্টিত আকৌ তলত তপস্যা কৰি আছে। কিমান সহজকৈ বুজোৱা হয়। এই সকলোবোৰ কথা
পিতাইহে বুজাইছে। এৱোঁ জনা নাছিল। পিতাহে জ্ঞানৰ সাগৰ হয়, তেওঁকে সকলোৱে স্মৰণ কৰে
- হে পৰমপিতা পৰমাত্মা আহি আমাৰ দুখ হৰণ কৰক। ব্ৰহ্মা-বিষ্ণু-শংকৰতো দেৱতা হয়।
মূললোকত থকা আত্মাসকলক জানো দেৱতা বুলি কোৱা হয়। ব্ৰহ্মা-বিষ্ণু-শংকৰৰো ৰহস্য পিতাই
বুজাইছে। ব্ৰহ্মা, লক্ষ্মী-নাৰায়ণ এওঁলোকতো সকলো ইয়াতে আছে নহয়। সূক্ষ্মলোকৰ কেৱল
তোমালোক সন্তানসকলৰ এতিয়া সাক্ষাৎকাৰ হয়। এই বাবাও ফৰিস্তা হৈ যায়। এয়াতো সন্তানসকলে
জানে যে যি ছিৰিৰ ওপৰত থিয় হৈ আছে তেৱেঁই আকৌ তলত তপস্যা কৰি আছে। চিত্ৰত একেবাৰে
স্পষ্টকৈ দেখুওৱা হৈছে। তেওঁ নিজক ভগৱান বুলিনো ক'ত কয়। এওঁতো কয় - মই একেবাৰে
মূল্যহীন আছিলোঁ, তোমালোকৰ ক্ষেত্ৰতো একে কথা। এতিয়া মূল্যৱান হৈ আছোঁ, তোমালোকৰ
ক্ষেত্ৰতো সেয়াই। কিমান সহজ বুজিবলগীয়া কথা। কেতিয়াবা কোনোবাই ক’লে তেতিয়া ক’বা
চাওক এওঁতো কলিযুগৰ অন্তত থিয় হৈ আছে নহয়। পিতাই কয় – যেতিয়া জৰ্জৰিত অৱস্থা,
বানপ্ৰস্থ হয় তেতিয়া মই এওঁৰ শৰীৰত প্ৰৱেশ কৰোঁ। এতিয়া ৰাজযোগৰ তপস্যা কৰি আছে।
তপস্যা কৰি থকাসকলক দেৱতা বুলি কেনেকৈ কোৱা হ'ব? ৰাজযোগ শিকি এনেকুৱা হ'বগৈ।
তোমালোক সন্তানসকলকো এনেকুৱা মুকুটধাৰী কৰি তোলে নহয়। এওঁলোকেই দেৱতা হয়গৈ। তোমালোকে
10-20 গৰাকী সন্তানৰ চিত্ৰও ৰাখিব পাৰা। দেখুৱাবৰ কাৰণে যে এওঁলোক হয়গৈ। আগতে সকলোৰে
এনেকুৱা ফটো তোলা হৈছে। এয়া বুজাবলগীয়া কথা নহয় জানো। এফালে সাধাৰণ, আনফালে
দ্বৈত-মুকুটধাৰী। তোমালোকে বুজি পোৱা যে আমি এয়া হৈ আছোঁ। তেওঁলোকেই হ'ব যিসকলৰ
বুদ্ধিৰ যোগসূত্ৰ স্বচ্ছ হ’ব আৰু বহুত অমায়িকো হ'ব লাগে। এই সময়ত মনুষ্যৰ কাম,
ক্ৰোধ আদিৰ বীজ কিমান বাঢ়ি গৈছে। সকলোৰে মাজত 5 বিকাৰ ৰূপী বীজৰ বৃক্ষ উৎপত্তি হৈছে।
এতিয়া পিতাই কয় - এনেকুৱা বীজ সিঁচিব নালাগে। সংগমযুগত তোমালোকে দেহ-অভিমানৰ বীজ
সিঁচিব নালাগে। কামৰ বীজ সিঁচিব নালাগে। আধাকল্পৰ কাৰণে আকৌ ৰাৱণেই নাথাকিব। প্ৰতিটো
কথা পিতাই বহি সন্তানসকলক বুজায়। মুখ্যতো এটাই কথা - মনমনাভৱ। পিতাই কয় - মোক স্মৰণ
কৰা। সকলোতকৈ পিছত এওঁ (ব্ৰহ্মা), আকৌ সকলোতকৈ আগতো এওঁ। যোগবলৰ দ্বাৰা কিমান পাৱন
হয়। আৰম্ভণিততো সন্তানসকলৰ বহুত সাক্ষাৎকাৰ হৈছিল। ভক্তিমাৰ্গত যেতিয়া ঐকান্তিক
ভক্তি কৰে তেতিয়া সাক্ষাৎকাৰ হয়। ইয়াততো এওঁ বহি বহি ধ্যানত গুচি গৈছিল, ইয়াক যাদু
বুলি ভাবিছিল। এয়াতো প্ৰথম শ্ৰেণীৰ যাদু। মীৰাইতো বহুত তপস্যা কৰিলে, সাধু-সন্ত
আদিৰ সংগ ল’লে। ইয়াত সাধু আদি ক'ত। এওঁতো পিতা হয় নহয়। সকলোৰে পিতা হৈছে শিৱবাবা।
এনেকৈ কয় – গুৰুজীক সাক্ষাৎ কৰোঁ। ইয়াততো গুৰু নাই। শিৱবাবাতো হৈছে নিৰাকাৰ তেন্তে
কাক সাক্ষাৎ কৰিব বিচৰা? সেই গুৰুসকলৰ ওচৰত গৈতো আগত উপহাৰ ৰাখে। এই পিতাতো হৈছে
বেহদৰ মালিক। ইয়াত উপহাৰ আদি দিয়াৰ কোনো কথা নাই। এওঁ পইচা কি কৰিব? এই ব্ৰহ্মায়ো
বুজি পায় মই বিশ্বৰ মালিক হওঁগৈ। সন্তানসকলে যি পইচা আদি দিয়ে তাৰে তেওঁলোকৰ কাৰণেই
ঘৰ আদি নিৰ্মাণ কৰি দিয়ে। পইচাতো শিৱবাবাৰো কামত নাহে আৰু ব্ৰহ্মাবাবাৰো কামত নাহে।
এই ঘৰ আদি সন্তানসকলৰ কাৰণেই নিৰ্মাণ কৰা হৈছে, সন্তানসকলেই আহি থাকে। কোনোবা গৰিব,
কোনোবা চহকী, কোনোৱেতো দুটকাও পঠিয়াই দিয়ে - বাবা মোৰ ফালৰ পৰাও এটা ইটা লগাই দিয়ক।
কোনোৱে হাজাৰো পঠিয়াই দিয়ে। ভাৱনাতো দুয়োজনৰে একেই নহয়। গতিকে দুয়োজনৰেই সমান হৈ
যায়। আকৌ সন্তানসকল আহে, য'তে বিচাৰে থাকক। যিয়ে ঘৰ নিৰ্মাণ কৰাই দিছে তেওঁ যদি আহে
তেন্তে তেওঁক নিশ্চয় সুখত ৰাখিব। কোনোৱে আকৌ কৈ দিয়ে বাবাৰ ওচৰতো আদৰ সৎকাৰত
পক্ষপাতিত্ব হয়। হেৰ’ সেয়াতো নিশ্চয় কৰিব লাগিব নহয়। কোনোবা কেনেকুৱা, আৰু কোনোৱেতো
য'তে ত’তে বহি যায়। কিছুমান বহুত আলসুৱা, বিদেশত থাকোঁতা, ডাঙৰ ডাঙৰ অট্টালিকাত
থাকোঁতা, প্ৰত্যেক দেশতে ডাঙৰ ডাঙৰ ধনৱান ওলায় তেতিয়া ঘৰ আদি তেনেকৈ সজায়। ইয়াততো
চোৱা কিমান অনেক সন্তান আহে। অন্য কোনো পিতাৰ এনেকুৱা খেয়াল আহিব জানো। অতি বেছি
10-12-20 নাতি-নাতিনী থাকিব। বাৰু, কাৰোবাৰ 200-500 হ’লেও ইয়াতকৈ অধিকতো নহ'ব। এই
বাবাৰ পৰিয়ালতো কিমান ডাঙৰ, আৰুহে বৃদ্ধি পাব। এয়াতো ৰাজধানী স্থাপন হৈ আছে। পিতাৰ
পৰিয়াল কিমান হ'ব। আকৌ প্ৰজাপিতা ব্ৰহ্মাৰ পৰিয়াল কিমান হৈ গ’ল। কল্পই কল্পই যেতিয়া
পিতা আহে তেতিয়াহে আচৰিত কথাবোৰ তোমালোকৰ কাণত পৰে। পিতাৰ বাবেই কোৱা নহয় - হে প্ৰভু
তোমাৰ গতি-মত সকলোতকৈ অনন্যভাৱে আৰম্ভ হয়। ভক্তি আৰু জ্ঞানত চোৱা পাৰ্থক্য কিমান।
পিতাই তোমালোকক বুজায়
- স্বৰ্গলৈ যাবলৈ হ’লে দৈৱীগুণো ধাৰণ কৰিব লাগে। এতিয়াতো কাঁইট নহয় জানো। গাই থাকে
- মোৰ নিৰ্গুণহাৰীৰ কোনো গুণ নাই। বাকী 5 বিকাৰৰ অৱগুণ, ৰাৱণৰাজ্য আছে। এতিয়া
তোমালোকে কিমান ভাল জ্ঞান পোৱা। সেই জ্ঞানে ইমান আনন্দ নিদিয়ে, যিমান এই জ্ঞানে দিয়ে।
তোমালোকে জানা আমি আত্মাসকল ওপৰৰ মূললোকৰ নিবাসী। সূক্ষ্মলোকত ব্ৰহ্মা-বিষ্ণু-শংকৰ,
সেয়াও কেৱল সাক্ষাৎকাৰ হয়। ব্ৰহ্মাও ইয়াৰে, লক্ষ্মী-নাৰায়ণো ইয়াৰে হয়। এয়া কেৱল
সাক্ষাৎকাৰ হয়। ব্যক্ত ব্ৰহ্মাই আকৌ সূক্ষ্মলোক নিবাসী ব্ৰহ্মা ফৰিস্তা কেনেকৈ হৈ
যায়, তাৰ চিহ্ন আছে। বাকী একো নাই। এতিয়া তোমালোক সন্তানসকলে সকলো কথা বুজি গৈ থাকা,
ধাৰণ কৰি গৈ থাকা। নতুন কথা নহয়। তোমালোক অনেক বাৰ দেৱতা হৈছা, দৈৱী ৰাজ্য আছিল নহয়।
এই চক্ৰ ঘূৰি থাকে। সেয়া বিনাশী ড্ৰামা, এয়া হ'ল অনাদি অবিনাশী ড্ৰামা। এয়া
তোমালোকৰ বাহিৰে অন্য কাৰো বুদ্ধিত নাই। এয়া সকলো পিতাই বহি বুজায়। এনেকুৱা নহয় যে
পৰম্পৰাগতভাৱে চলি আহিছে। পিতাই কয় - এই জ্ঞান এতিয়া তোমালোকক শুনাওঁ। আকৌ এয়া
প্ৰায় লুপ্ত হৈ যায়। তোমালোকে ৰাজকীয় পদ প্ৰাপ্ত কৰি লোৱা তেতিয়া সত্যযুগত এই জ্ঞান
নাথাকে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) সদায়
স্মৃতি থাকিব লাগে যে এতিয়া আমি ব্ৰাহ্মণ সেইবাবে বিকাৰৰ পৰা বহুত দূৰৈত থাকিব লাগে।
কেতিয়াও যাতে আসুৰিক প্ৰহাৰ নহয়। পিতাৰ সৈতে বহুত সত্যনিষ্ঠ, বিশ্বাসী হৈ থাকিব লাগে।
(2) দ্বৈত-মুকুটধাৰী
দেৱতা হ’বৰ বাবে বৰ অমায়িক হ'ব লাগে, বুদ্ধিৰ যোগসূত্ৰ স্বচ্ছ কৰি ৰাখিব লাগে।
ৰাজযোগৰ তপস্যা কৰিব লাগে।
বৰদান:
সদায় বেহদৰ
স্থিতিত স্থিৰ হৈ থাকোঁতা বন্ধনমুক্ত, জীৱনমুক্ত হোৱা
দেহ-অভিমান হৈছে হদৰ
স্থিতি আৰু দেহী-অভিমানী হোৱা - এয়া বেহদৰ স্থিতি। দেহত আহিলে অনেক কৰ্মৰ বন্ধনত,
হদত আহিবলগীয়া হয় কিন্তু যেতিয়া দেহী হৈ যোৱা তেতিয়া এই সকলো বন্ধন সমাপ্ত হৈ যায়।
যেনেকৈ কোৱা হয় বন্ধনমুক্তই জীৱনমুক্ত, তেনেকৈ যি বেহদৰ স্থিতিত স্থিৰ হৈ থাকে তেওঁ
জগতৰ বায়ুমণ্ডল, প্ৰকম্পন, তমোগুণী বৃত্তি, মায়াৰ প্ৰহাৰ এই সকলোবোৰৰ পৰা মুক্ত হৈ
যায় ইয়াকে জীৱনমুক্ত স্থিতি বুলি কোৱা হয়, যাৰ অনুভৱ সংগমযুগতেই কৰিব লাগে।
স্লোগান:
নিশ্চয়বুদ্ধিৰ চিন হৈছে নিশ্চিত বিজয়ী আৰু নিশ্চিন্ত, তেওঁৰ ওচৰলৈ ব্যৰ্থ আহিব
নোৱাৰে।
অব্যক্ত সংকেত: এতিয়া
সম্পন্ন তথা কৰ্মাতীত হোৱাত মনোনিবেশ কৰা
কৰ্মৰ গূঢ় গতিক জানি
অৰ্থাৎ ত্ৰিকালদৰ্শী হৈ প্ৰতিটো কৰ্ম কৰা তেতিয়াহে কৰ্মাতীত হ’ব পাৰিবা। যদি সৰু সৰু
ভুল সংকল্প ৰূপতো হৈ যায় তেন্তে তাৰ হিচাপ-নিকাচ বহুত কাঢ়া হয় সেই কাৰণে সৰু ভুলকো
ডাঙৰ বুলি বুজিব লাগে কিয়নো এতিয়া সম্পূৰ্ণ স্থিতিৰ সমীপত আহি আছা।