31.01.25 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
পুণ্য আত্মা হ’বলৈ নিজৰ খতিয়ান চোৱা যে কোনো পাপতো নহয়, সত্যৰ পুঁজি জমা আছেনে?"
প্ৰশ্ন:
সকলোতকৈ ডাঙৰ
পাপ কোনটো?
উত্তৰ:
কাৰোবাৰ প্ৰতি বেয়া দৃষ্টি ৰখা - এইটো সকলোতকৈ ডাঙৰ পাপ। তোমালোক পুণ্য আত্মা
হ’বলগীয়া সন্তানসকলে কাৰো প্ৰতি বেয়া দৃষ্টি (বিকাৰী দৃষ্টি) ৰাখিব নোৱাৰা। পৰীক্ষা
কৰিব লাগে মই কিমান সময় যোগযুক্ত হৈ থাকোঁ? কোনো পাপতো নকৰোঁ? উচ্চ পদ পাবলৈ হ’লে
সাৱধান হোৱা যাতে লেখমানো কুদৃষ্টি নাথাকে। পিতাই যি শ্ৰীমত দিয়ে সেই অনুসৰি পূৰা
চলি থাকা।
গীত:
মুখড়া দেখ লে
প্ৰাণী অপনি দিল দৰ্পণ মে…. (অন্তৰ দৰ্পণত নিজৰ চেহেৰা চাই লোৱা….)
ওঁম্শান্তি।
বেহদৰ পিতাই
নিজৰ সন্তানসকলক কয় - সন্তানসকল, নিজৰ ভিতৰত অলপ পৰীক্ষা কৰি চোৱা। এয়াতো মনুষ্যই
জানে যে মই গোটেই জীৱনত কিমান পাপ, কিমান পুণ্য কৰিলোঁ? নিতৌ নিজৰ খতিয়ান চোৱা -
কিমান পাপ আৰু কিমান পুণ্য কৰিলোঁ? কাৰোবাক অসন্তুষ্টতো কৰা নাই? প্ৰত্যেক মনুষ্যই
বুজিব পাৰে - আমি জীৱনত কি কি কৰিছোঁ? কিমান পাপ কৰিছোঁ, কিমান দান-পুণ্য আদি কৰিছোঁ?
মনুষ্যই যাত্ৰা কৰিবলৈ গ’লে দান-পুণ্য কৰে। চেষ্টা কৰি হ’লেও পাপ নকৰাকৈ থাকে।
সেইকাৰণে পিতাই সন্তানসকলকহে সোধে - কিমান পাপ, কিমান পুণ্য কৰিলা? এতিয়া তোমালোক
সন্তানসকল পুণ্য আত্মা হ’ব লাগে। কোনো পাপ কৰিব নালাগে। পাপো অনেক প্ৰকাৰৰ আছে।
কাৰোবাৰ প্ৰতি বেয়া দৃষ্টি গ’লে সেয়াও পাপ। বেয়া দৃষ্টি বিকাৰৰে হয়। সেইটো সকলোতকৈ
বেয়া। কেতিয়াও বিকাৰী দৃষ্টি যাব নালাগে। বিশেষকৈ স্ত্ৰী-পুৰুষৰ মাজততো বিকাৰৰে
দৃষ্টি থাকে। কুমাৰ-কুমাৰীৰো কেতিয়াবা (ক’ৰবাত নহয় ক’ৰবাত) বিকাৰৰ দৃষ্টি উৎপন্ন হয়।
এতিয়া পিতাই কয় - এই বিকাৰৰ দৃষ্টি থাকিব নালাগে। নহ’লে তোমালোকক বান্দৰ বুলি ক’ব
লাগিব। নাৰদৰ দৃষ্টান্ত আছে নহয়। নাৰদে ক’লে - মই লক্ষ্মীক বৰণ কৰিব পাৰিমনে!
তোমালোকেও কোৱা নহয় যে আমিতো লক্ষ্মীক বৰিম। নাৰীৰ পৰা লক্ষ্মী, নৰৰ পৰা নাৰায়ণ হ’ম।
পিতাই কয় - নিজৰ অন্তৰক সোধা - কিমানলৈকে মই পুণ্য আত্মা হৈছোঁ? কোনো পাপতো নকৰোঁ?
কিমান সময় যোগযুক্ত হৈ থাকোঁ?
তোমালোক সন্তানসকলেতো
পিতাক চিনি পোৱা সেইবাবেতো ইয়াত বহি আছা নহয়। জগতৰ মনুষ্যই জানো বাবাক চিনি পাব যে
এয়া বাপদাদা। তোমালোক ব্ৰাহ্মণ সন্তানসকলেতো জানা যে পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ
শৰীৰত প্ৰৱেশ কৰি আমাক অবিনাশী জ্ঞান ৰত্নৰ সম্পদ দিয়ে। মনুষ্যৰ ওচৰত বিনাশী ধন থাকে।
সেয়াই দান কৰে, সেয়াতো হ’ল পাথৰ। এয়া হ’ল জ্ঞানৰ ৰত্ন। জ্ঞান সাগৰ পিতাৰ ওচৰতহে
ৰত্ন আছে। এই এটি এটি ৰত্নৰ মূল্য লাখ লাখ টকাৰ। ৰত্নাকৰ পিতাৰ পৰা জ্ঞান ৰত্ন ধাৰণ
কৰি আকৌ এই ৰত্ন দান কৰিব লাগে। যিয়ে যিমান লয় আৰু দিয়ে, সিমানেই উচ্চ পদ পায়।
সেয়েহে পিতাই বুজায় - নিজৰ ভিতৰত চোৱা মই কিমান পাপ কৰিছোঁ? এতিয়া কোনো পাপতো নহয়?
লেখমানো কুদৃষ্টি থাকিব নালাগে। পিতাই যি শ্ৰীমত দিয়ে সেই অনুসৰি পূৰা চলি থাকা, এই
ক্ষেত্ৰত সাৱধান হ’ব লাগে। মায়াৰ ধুমুহা আহিলেও কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কোনো বিকৰ্ম
কৰিব নালাগে। কাৰোবাৰ ফালে কুদৃষ্টি গ’লে তেতিয়া তেওঁৰ আগত থিও হ’ব নালাগে। একেবাৰে
আঁতৰি যাব লাগে। গম পোৱা যায় - এওঁৰ কুদৃষ্টি আছে। যদি উচ্চ পদ পাব বিচৰা তেন্তে
বহুত সাৱধান হৈ থাকিব লাগে। কুদৃষ্টি গ’লে তেতিয়া আকৌ খোৰা-লেঙেৰা হৈ যাবা। পিতাই
যি শ্ৰীমত দিয়ে, সেই অনুসৰি চলিব লাগে। পিতাক সন্তানসকলেহে চিনিব পাৰে। ধৰি লোৱা
বাবা ক’ৰবালৈ গৈছে, সন্তানসকলেহে জানিব যে বাপদাদা আহিছে। বাকী অনেক মনুষ্যই দেখে
কিন্তু তেওঁলোকে জানো জানে। কোনোবাই যদি সোধেও যে এওঁ কোন? ক’বা যে এয়া বাপদাদা।
বেজতো সকলোৰে লগত থাকিবই লাগে। ক’বা, শিৱপিতাই আমাক এই দাদাৰ দ্বাৰা অবিনাশী
জ্ঞান-ৰত্ন দান দিয়ে। এয়া হ’ল আধ্যাত্মিক জ্ঞান। আত্মিক পিতা যি সকলো আত্মাৰ পিতা
তেওঁ আহি এই জ্ঞান দিয়ে। শিৱ ভগৱানুবাচ, ‘গীতা’ত শ্ৰীকৃষ্ণ ভগৱানুবাচ বুলি কৈ দিয়াতো
ভুল। জ্ঞান সাগৰ বুলি পতিত-পাৱন শিৱকহে কোৱা হয়। জ্ঞানৰ দ্বাৰাই সৎগতি হয়। এয়া হ’ল
অবিনাশী জ্ঞান ৰত্ন। সৎগতি দাতা এজনেই পিতা। এই সকলোবোৰ কথা ভালদৰে স্মৃতিত ৰাখিব
লাগে। এতিয়া সন্তানসকলে বুজি পায় যে আমি পিতাক জানো আৰু পিতায়ো বুজি পায় যে মই
সন্তানসকলক জানো। পিতাইতো ক’ব - এই সকলোবোৰ মোৰ সন্তান, কিন্তু জানিব নোৱাৰে।
ভাগ্যত আছে যদি আগলৈ গৈ জানিব। ধৰি লোৱা এই বাবা ক’ৰবালৈ গ’ল, কোনোবাই সোধে যে এওঁ
কোন? নিশ্চয় শুদ্ধ ভাৱেৰেই সুধিব। কেৱল এটা কথাই ক’বা যে এয়া বাপদাদা। বেহদৰ পিতা
হৈছে নিৰাকাৰ। তেওঁ যেতিয়ালৈকে সাকাৰত (শৰীৰত) নাহে তেতিয়ালৈকে পিতাৰ পৰা
উত্তৰাধিকাৰ কেনেকৈ পাব? সেইবাবে শিৱপিতাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা তুলি লৈ
উত্তৰাধিকাৰ দিয়ে। এয়া প্ৰজাপিতা ব্ৰহ্মা আৰু এয়া বি.কে.। পঢ়াওঁতাজন হৈছে জ্ঞানৰ
সাগৰ। তেওঁৰ পৰাই উত্তৰাধিকাৰ পোৱা যায়। এই ব্ৰহ্মায়ো পঢ়ে। এওঁ ব্ৰাহ্মণৰ পৰা আকৌ
দেৱতা হ’ব। বুজাবলৈ কিমান সহজ। যি কোনো লোককে বেজৰ ওপৰত বুজোৱাতো ভাল। ক’বা, বাবাই
কয় - মোক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হৈ যাব। পৱিত্ৰ হৈ পৱিত্ৰ সৃষ্টিলৈ গুচি
যাবাগৈ। এওঁ পতিত-পাৱন পিতা নহয় জানো। আমি পৱিত্ৰ হ’বলৈ পুৰুষাৰ্থ কৰি আছোঁ। যেতিয়া
বিনাশৰ সময় হ’ব তেতিয়া আকৌ আমাৰ পঢ়া সম্পূৰ্ণ হৈ যাব। বুজাবলৈ কিমান সহজ। তোমালোক
য’লৈকে নোযোৱা বেজ লগত ৰাখিব লাগে। এই বেজৰ সৈতে আকৌ সৰু পত্ৰিকা এখনো ৰাখিব লাগে।
তাত লিখা থাকিব লাগে যে ভাৰতত পিতা আহি পুনৰাই আদি-সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা
কৰে। বাকী সকলোবোৰ ধৰ্ম এই মহাভাৰতৰ যুদ্ধৰ দ্বাৰা কল্প পূৰ্বৰ দৰে ড্ৰামাৰ
পৰিকল্পনা অনুসৰি নাশ হৈ যাব। এনেকুৱা পত্ৰিকা 2-4 লাখ ছপাব লাগে, যাতে যি কোনো
লোককে পত্ৰিকা দিব পাৰি। ওপৰত ত্ৰিমূৰ্তি থাকিব লাগে, আনফালে সেৱাকেন্দ্ৰৰ ঠিকনা
দিব লাগে। সন্তানসকলৰ গোটেই দিন ধৰি সেৱাৰ খেয়াল চলি থাকিব লাগে।
সন্তানসকলে গীতটি
শুনিলে - নিতৌ নিজৰ খতিয়ান উলিয়াই চাব লাগে যে আজি গোটেই দিনটোত মোৰ অৱস্থা কেনেকুৱা
আছিল? বাবাই এনেকুৱা বহুত মনুষ্য দেখিছে যিয়ে সদায় ৰাতি গোটেই দিনটোৰ খতিয়ান লিখে।
পৰীক্ষা কৰে - কোনো বেয়া কামতো কৰা নাই? সকলোখিনি লিখে। এইটো বুজি পায় যে ভাল জীৱন
কাহিনী লিখি ৰাখিলে পাছৰ চামেও পঢ়ি এইবোৰ শিকিব। এনেকৈ লিখোতাসকল ভাল মানুহেই হয়।
বিকাৰীতো সকলো হয়েই। ইয়াততো তেনেকুৱা কথা নাই। তোমালোকে নিতৌ নিজৰ খতিয়ান চোৱা।
পাছত বাবালৈ ওচৰলৈ পঠিয়াই দিব লাগে তেতিয়া ভাল উন্নতি হ’ব আৰু ভয়ো থাকিব। সকলো
খোলোচাকৈ লিখিব লাগে- আজি মোৰ কুদৃষ্টি গ’ল, এইটো হ’ল….। যিয়ে আনক দুখ দিয়ে বাবাই
তেওঁক প্ৰতাৰক বুলি কয়। জন্ম-জন্মান্তৰৰ পাপ তোমালোকৰ শিৰত আছে। এতিয়া তোমালোকে
স্মৃতিৰ বলেৰে পাপৰ বোজা আঁতৰাব লাগে সেইকাৰণে সদায় চাব লাগে যে মই গোটেই দিনটোত
কাৰোবাক দুখতো নিদিলোঁ? ইয়াৰ দ্বাৰা পাপ হৈ যায়। পিতাই কয় - সন্তানসকল কাকো দুখ
নিদিবা। নিজক ভালকৈ পৰীক্ষা কৰা- মই কিমান পাপ, কিমান পুণ্য কৰিছোঁ? যাকেই লগ পোৱা
সকলোকে এইটো মাৰ্গ দেখুৱাবই লাগে। সকলোকে বহুত মৰমেৰে ক’বা, পিতাক স্মৰণ কৰিব লাগে
আৰু পৱিত্ৰ হ’ব লাগে। গৃহস্থালিত থাকি পদুম ফুলৰ দৰে পৱিত্ৰ হ’ব লাগে। যদিও তোমালোক
সংগমত আছা কিন্তু এইখনতো ৰাৱণৰ ৰাজ্য নহয় জানো। এই মায়াবী বিষয় বৈতৰণী নদীত থাকিও
পদুম ফুলৰ সমান পৱিত্ৰ হ’ব লাগে। পদুম ফুলৰ বহুত সতি-সন্ততি (কলি) থাকে। তথাপি
পানীৰ পৰা নিলগত থাকে। গৃহস্থী হয়, অনেক বস্তু জন্ম দিয়ে। এইটো দৃষ্টান্ত তোমালোকৰ
কাৰণেও, বিকাৰৰ পৰা উৰ্দ্ধত থাকা। এই এটা জন্ম পৱিত্ৰ হৈ থাকা তেতিয়া এয়া অবিনাশী
হৈ যাব। তোমালোকক পিতাই অবিনাশী জ্ঞান ৰত্ন দিয়ে। বাকীতো সকলো হৈছে পাথৰ। তেওঁলোকেতো
ভক্তিৰহে কথা শুনায়। জ্ঞান সাগৰ পতিত-পাৱনতো এজনেই গতিকে এনেহেন পিতাৰ প্ৰতি
সন্তানসকলৰ কিমান মৰম থাকিব লাগে। পিতাৰ সন্তানসকলৰ প্ৰতি, সন্তানসকলৰ পিতাৰ প্ৰতি
মৰম থাকে। বাকী আন কাৰো সৈতে সম্বন্ধ নাই। সতীয়া (কুসন্তান) সেইসকল যিসকল পিতাৰ মতত
পূৰা নচলে। ৰাৱণৰ মতত চলে তেন্তে ৰামৰ মতত থাকিল জানো। আধাকল্প হ’ল ৰাৱণৰ সম্প্ৰদায়
সেইকাৰণে ইয়াক ভ্ৰষ্টাচাৰী সৃষ্টি বুলি কোৱা হয়। এতিয়া তোমালোকে বাকী সকলোবোৰ ত্যাগ
কৰি এজন পিতাৰ মতত চলিব লাগে। বি.কে.ৰ মত পোৱা যায় তথাপিও বিচাৰ কৰি চাব লাগে যে এই
মত শুদ্ধ নে ভুল? তোমালোক সন্তানসকলে ভুল শুদ্ধৰ বোধো এতিয়া পাইছা। যেতিয়া
সত্যনিষ্ঠজন আহিব তেতিয়াহে ভুল আৰু শুদ্ধৰ বিষয়ে শুনাব। পিতাই কয় - তোমালোকে
আধাকল্প এই ভক্তিমাৰ্গৰ শাস্ত্ৰ শুনিলা, এতিয়া মই তোমালোকক যি শুনাইছোঁ - এয়া শুদ্ধ
নে সেয়া শুদ্ধ? তেওঁলোকে কয় - ঈশ্বৰ সৰ্বব্যাপি, মই কওঁ মইতো তোমালোকৰ পিতা। এতিয়া
বিচাৰ কৰা কোন শুদ্ধ? এয়াও সন্তানসকলকহে বুজোৱা হয়, যেতিয়া ব্ৰাহ্মণ হ’ব তেতিয়া
বুজিব। ৰাৱণ সম্প্ৰদায়ৰতো বহুত আছে, তোমালোকতো বহুত কম সংখ্যক। তাৰ ভিতৰতো
ক্ৰমানুসৰি আছে। যদি কাৰোবাৰ কুদৃষ্টি আছে, তেতিয়াও তেওঁক ৰাৱণ সম্প্ৰদায়ৰ বুলি কোৱা
হ’ব। ৰাম সম্প্ৰদায় বুলি তেতিয়াহে বুজা যাব যেতিয়া দৃষ্টি সলনি কৰি দৈৱী হৈ যাব।
নিজৰ অৱস্থাৰ পৰা প্ৰত্যেকেই বুজিবতো পাৰা নহয়। আগতেতো জ্ঞান নাছিল, এতিয়া পিতাই
মাৰ্গ-দৰ্শন কৰাইছে। সেয়েহে চাব লাগে যে অবিনাশী জ্ঞান-ৰত্ন দান কৰি থাকোঁনে?
ভক্তসকলে বিনাশী ধন দান কৰে। এতিয়া তোমালোকে অবিনাশী ধন দান কৰিব লাগে, বিনাশী ধন
নহয়। যদি বিনাশী ধন আছে তেন্তে অলৌকিক সেৱাত লগাই থাকা। পতিতক দান কৰিলে পতিতহে হৈ
যোৱা। এতিয়া তোমালোকে নিজৰ ধন দান কৰা গতিকে তাৰ ফল আকৌ 21 জন্মৰ কাৰণে নতুন
সৃষ্টিত পোৱা। এই সকলোবোৰ বুজিবলগীয়া কথা। বাবাই সেৱাৰ যুক্তিও শুনাই থাকে। সকলোৰে
ওপৰত দয়া কৰা। গায়নো কৰা হৈছে পৰমপিতা পৰমাত্মাই ব্ৰহ্মাৰ দ্বাৰা স্থাপনা কৰে।
কিন্তু অৰ্থ বুজি নাপায়। পৰমাত্মাকে সৰ্বব্যাপি বুলি কৈ দিছে। সেইকাৰণে সন্তানসকলৰ
সেৱাৰ বহুত ভাল চখ থাকিব লাগে। আনৰ কল্যাণ কৰিলে তেতিয়া নিজৰো কল্যাণ হ’ব।
দিনে-প্ৰতিদিনে বাবাই বহুত সহজ কৰি গৈ থাকে। এই ত্ৰিমূৰ্ত্তিৰ চিত্ৰতো বহুত ভাল
বস্তু। ইয়াত শিৱবাবাও আছে, আকৌ প্ৰজাপিতা ব্ৰহ্মাও আছে। প্ৰজাপিতা
ব্ৰহ্মাকুমাৰ-কুমাৰীসকলৰ দ্বাৰা আকৌ ভাৰতত 100 শতাংশ পৱিত্ৰতা-সুখ-শান্তিৰ দৈৱী
স্বৰাজ্য স্থাপনা কৰি আছে। বাকী অনেক ধৰ্ম এই মহাভাৰতৰ যুদ্ধৰ দ্বাৰা কল্প পূৰ্বৰ
নিচিনাকৈ বিনাশ হৈ যাব। এনেকুৱা পত্ৰিকা ছপা কৰি বিলাব লাগে। বাবাই কিমান সহজ ৰাস্তা
দেখুৱায়। প্ৰদৰ্শনীতো পত্ৰিকা দিয়া। পত্ৰিকাৰ দ্বাৰা বুজাবলৈ সহজ। পুৰণি সৃষ্টিৰ
বিনাশতো হ’বই। নতুন সৃষ্টি স্থাপনা হৈ আছে। এক আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা
হৈ আছে। বাকী এই সকলোবোৰ বিনাশ হৈ যাব কল্প পূৰ্বৰ নিচিনাকৈ। য’লৈকে নোযোৱা, জেপত
পত্ৰিকা আৰু বেজ সদায় থাকিব লাগে। চেকেণ্ডত জীৱনমুক্তি বুলি গায়ন কৰা হয়। এনেকৈ ক’বা,
এয়া হৈছে পিতা, এয়া হৈছে দাদা। সেই পিতাক স্মৰণ কৰিলে এই সত্যযুগৰ দেৱতা পদ পাবা।
পুৰণি সৃষ্টিৰ বিনাশ, নতুন সৃষ্টিৰ স্থাপনা, বিষ্ণুপুৰী নতুন সৃষ্টিত আকৌ এওঁলোকৰ
ৰাজ্য হ’ব। কিমান সহজ। মনুষ্য তীৰ্থ আদিলৈ যায়, কিমান ঠেকা-খুন্দা খায়। আৰ্য সমাজী
আদিও ৰেলগাড়ী ভৰপূৰ কৰি যায়। ইয়াক কোৱা হয় ধৰ্মৰ ঠেকা-খুন্দা, বাস্তৱত হৈছে অধৰ্মৰ
ঠেকা-খুন্দা। ধৰ্মততো ঠেকা-খুন্দা খোৱাৰ দৰকাৰ নাই। তোমালোকেতো পাঠ পঢ়ি আছা।
ভক্তিমাৰ্গত মনুষ্যই কি কি কৰি থাকে!
সন্তানসকলে গীতটিতো
শুনিলে যে অন্তৰ দৰ্পণত নিজৰ চেহেৰা চাই লোৱা…. অন্তৰ দৰ্পণত তোমালোকৰ বাহিৰে আন
কোনেও নিজৰ চেহেৰা চাব নোৱাৰে। ভগৱানকো তোমালোকে দেখুৱাব পাৰা। এয়া হ’ল জ্ঞানৰ কথা।
তোমালোক মনুষ্যৰ পৰা দেৱতা, পাপ আত্মাৰ পৰা পুণ্য আত্মা হোৱা। জগতৰ লোকে এই কথাবোৰ
একেবাৰে নাজানে। এই লক্ষ্মী-নাৰায়ণ স্বৰ্গৰ মালিক কেনেকৈ হ’ল - এয়া কোনেও গম নাপায়।
তোমালোক সন্তানসকলেতো সকলো জানা। কাৰোবাৰ বুদ্ধিত বাণ লাগি গ’লে তেতিয়া নাও পাৰ হৈ
যাব। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাছত
পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু
সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) যদি বিনাশী
ধন আছে তেনেহ’লে সেয়া সফল কৰিবলৈ অলৌকিক সেৱাত লগাব লাগে। অবিনাশী ধন নিশ্চয় দান
কৰিব লাগে।
(2) নিজৰ খতিয়ানত চাব
লাগে যে মোৰ অৱস্থা কেনেকুৱা? গোটেই দিনটোত কোনো বেয়া কামতো নহয়? কাৰোবাক দুখতো
নিদিওঁ? কাৰোবাৰ প্ৰতি কুদৃষ্টিতো নাযায়?
বৰদান:
‘ডবল লাইট’ হৈ
সকলো সমস্যা উচ্চলৈ জপিয়াই অতিক্ৰম কৰোঁতা তীব্ৰ পুৰুষাৰ্থী হোৱা
নিজক সদায় অমূল্য
ৰত্ন বুলি বুজি বাপদাদাৰ অন্তৰৰ চন্দুকত থাকা অৰ্থাৎ সদায় পিতাৰ স্মৃতিৰ সমাহিত হৈ
থাকা তেতিয়া কোনো কথাত কঠিনতাৰ অনুভৱ নহ’ব, সকলো বোজা সমাপ্ত হৈ যাব। এই সহজ যোগেৰে
‘ডবল লাইট’ হৈ, পুৰুষাৰ্থত উচ্চলৈ জপিয়াই তীব্ৰ পুৰুষাৰ্থী হৈ যাবা। যেতিয়াই কোনো
কঠিনতাৰ অনুভৱ হয় তেতিয়া পিতাৰ সন্মুখত বহি যোৱা আৰু বাপদাদাৰ বৰদানৰ হাত নিজৰ ওপৰত
অনুভৱ কৰা ইয়াৰ দ্বাৰা চেকেণ্ডত সকলো সমস্যাৰ সমাধান প্ৰাপ্ত হৈ যাব।
স্লোগান:
সহযোগৰ শক্তিয়ে অসম্ভৱকো সম্ভৱ কৰি দিয়ে। এয়াই সুৰক্ষাৰ দুৰ্গ।
শক্তিশালী মনেৰে
শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত:
সময় অনুসৰি চাৰিওফালে
শক্তিৰ কিৰণ দিয়াৰ, প্ৰকম্পন দিয়াৰ, মনৰে বায়ুমণ্ডল সৃষ্টি কৰাৰ কাৰ্য কৰা। এতিয়া
এইটো সেৱাৰ আৱশ্যকতা আছে। যেনেকৈ সাকাৰ ৰূপত দেখিলা - এনেকুৱা কোনো লহৰৰ সময় যেতিয়া
আহিছিল তেতিয়া দিনে-ৰাতিয়ে শক্তিৰ কিৰণ দিয়াৰ, নিৰ্বলীক শক্তি দিয়াৰ প্ৰতি মনোযোগ
দিছিল। সময় উলিয়াই আত্মাসকলক শক্তিৰ কিৰণ দিয়াৰ সেৱা চলিছিল। এনেকৈ পিতাক অনুসৰণ কৰা।