31.01.26       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক ইয়ালৈ সৰ্ব শক্তিমান পিতাৰ পৰা শক্তি ল’বলৈ অৰ্থাৎ দীপকত জ্ঞান ৰূপী ঘৃত ঢালিবলৈ আহিছা”

প্ৰশ্ন:
শিৱৰ বৰযাত্ৰীৰ গায়ন কিয় আছে?

উত্তৰ:
কিয়নো শিৱবাবা যেতিয়া উভতি যায় তেতিয়া সকলো আত্মাৰ জুম তেওঁৰ পিছে পিছে দৌৰি যায়। মূললোকততো আত্মাসকলৰ মৌচাক হৈ যায়। তোমালোক পৱিত্ৰ হ’বলগীয়া সন্তানসকল পিতাৰ লগে লগে যোৱা। লগত যোৱাৰ কাৰণেই বৰযাত্ৰীৰ গায়ন আছে।

ওঁম্শান্তি।
সন্তানসকলে পোন প্ৰথমে এটাই মূল কথা বুজিব লাগে যে আমি সকলো ভাই ভাই আৰু তেওঁ সকলোৰে পিতা। তেওঁক সৰ্বশক্তিমান বুলি কোৱা হয়। তোমালোকৰ সৰ্বশক্তি আছিল। তোমালোকে বিশ্বত ৰাজত্ব কৰিছিলা। ভাৰততেই এই দেৱী-দেৱতাসকলৰ ৰাজ্য আছিল। তাৰমানে তোমালোকৰ ৰাজত্ব আছিল। তোমালোক পৱিত্ৰ দেৱী-দেৱতা আছিলা, তোমালোকৰ কুল বা ৰাজবংশ আছে, সেই সকলোবোৰ নির্বিকাৰী আছিল। কোন নির্বিকাৰী আছিল? আত্মাসকল। এতিয়া পুনৰ তোমালোক নির্বিকাৰী হৈ আছা। যেনেকৈ সৰ্বশক্তিমান পিতাক স্মৰণ কৰি তেওঁৰ পৰা শক্তি লৈ আছা। পিতাই বুজাইছে - আত্মাইহে 84ৰ ভূমিকা পালন কৰে। আত্মাত যি সতোপ্ৰধান শক্তি আছিল সেয়া আকৌ দিনে-প্ৰতিদিনে কম হৈ গৈ থাকে। সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হ’ব লাগে। যেনেকৈ বেটাৰীৰ শক্তি কম হৈ গ’লে তেতিয়া গাড়ী ৰৈ যায়। বেটাৰী শক্তিহীন হৈ যায়। আত্মাৰ বেটাৰী সম্পূৰ্ণ শক্তিহীন নহয়, অলপ নহয় অলপ শক্তি থাকে। যেনেকৈ কোনোবা মৰিলে তেতিয়া বন্তি জ্বলায়, তাত ঘৃত ঢালি থাকে যাতে নুমাই নাযায়। বেটাৰীৰ শক্তি কম হৈ গ’লে তেতিয়া শক্তি চালিত কৰা হয়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা - তোমালোক আত্মা সৰ্বশক্তিমান আছিলা, এতিয়া পুনৰ তোমালোকে সৰ্বশক্তিমান পিতাৰ সৈতে নিজৰ বুদ্ধিৰ যোগসূত্ৰ গঢ়ি তোলা। গতিকে বাবাৰ শক্তি আমাৰ মাজত আহি যায় কিয়নো শক্তি কম হৈ গৈছে। অলপ নিশ্চয় থাকে। একেবাৰে শেষ হৈ গ’লে তেতিয়াতো শৰীৰে নাথাকিব। আত্মাই পিতাক স্মৰণ কৰি কৰি একেবাৰে পৱিত্ৰ হৈ যায়। সত্যযুগত তোমালোকৰ বেটাৰী সম্পূৰ্ণ শক্তিৰে ভৰপূৰ হৈ থাকে আকৌ অলপ অলপকৈ কম হৈ গৈ থাকে। ত্ৰেতালৈকে মিটাৰ কম হয়, যাক কলা বুলি কোৱা হয়। আকৌ কোৱা হ’ব আত্মা যি সতোপ্ৰধান আছিল সেই আত্মা সতো হ’ল, শক্তি কম হৈ যায়। তোমালোকে বুজি পোৱা আমি সত্যযুগত মনুষ্যৰ পৰা দেৱতা হৈ যাওঁ। এতিয়া পিতাই কয় - মোক স্মৰণ কৰিলে তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। এতিয়া তোমালোক তমোপ্ৰধান হৈ গৈছা গতিকে শক্তি নোহোৱা হৈ গৈছে। আকৌ পিতাক স্মৰণ কৰিলে পূৰা শক্তি আহি যাব, কিয়নো তোমালোকে জানা যে দেহ সহিত দেহৰ যি সম্বন্ধ আছে, সেই সকলোবোৰ শেষ হৈ যাব পুনৰ তোমালোকে বেহদৰ ৰাজ্য-ভাগ্য পোৱা। পিতাও বেহদৰ, গতিকে উত্তৰাধিকাৰো বেহদৰ দিয়ে। এতিয়া তোমালোক পতিত, তোমালোকৰ শক্তি একেবাৰে কম হৈ গৈছে। হে সন্তানসকল - এতিয়া তোমালোকে মোক স্মৰণ কৰা, মই সৰ্বশক্তিমান হওঁ, মোৰ দ্বাৰা সৰ্বশক্তিমান সৰ্বশক্তিমান ৰাজ্য পোৱা যায়। সত্যযুগত দেৱী-দেৱতাসকল গোটেই বিশ্বৰ মালিক আছিল। পৱিত্ৰ আছিল, দৈৱী গুণৱান আছিল। এতিয়া সেই দৈৱীগুণ নাই। সকলোৰে বেটাৰী পূৰা শক্তিহীন হ’বলৈ ধৰিছে। আকৌ এতিয়া বেটাৰী ভৰপূৰ হয়। পৰমপিতা পৰমাত্মাৰ সৈতে যোগসুত্ৰ নগঢ়িলে বেটাৰী শক্তিৰে ভৰপূৰ হ’ব নোৱাৰে। সেই পিতাই হ’ল সৰ্বদা পৱিত্ৰ। ইয়াত হৈছে সকলো অপৱিত্ৰ। যেতিয়া পৱিত্ৰ হৈ থাকে তেতিয়া বেটাৰী শক্তিশালী হৈ থাকে। গতিকে এতিয়া পিতাই বুজায় - এজনকে স্মৰণ কৰিব লাগে। উচ্চতকৈও উচ্চ হ’ল ভগৱান। বাকী সকলো হ’ল ৰচনা। ৰচনাৰ পৰা ৰচনাই কেতিয়াও উত্তৰাধিকাৰ নাপায়। ৰচয়িতাতো এজনেই। তেওঁ হ’ল বেহদৰ পিতা। বাকী সকলো হৈছে হদৰ। বেহদৰ পিতাক স্মৰণ কৰিলে বেহদৰ বাদশ্বাহী পোৱা যায়। গতিকে সন্তানসকলে অন্তৰেৰে বুজিব লাগে - আমাৰ বাবে পিতাই নতুন সৃষ্টি স্বৰ্গ স্থাপনা কৰি আছে। ড্ৰামাৰ পৰিকল্পনা অনুসৰি স্বৰ্গৰ স্থাপনা হৈ আছে। তোমালোকে জানা - সত্যযুগ আহিবলগীয়া আছে। সত্যযুগত সদায় সুখেই হয়। সেয়া কেনেকৈ পায়? পিতাই বহি বুজায় – মামেকম্‌ (কেৱল মোক) স্মৰণ কৰা। মই সৰ্বদা পৱিত্ৰ। মই কেতিয়াও মনুষ্যৰ শৰীৰ নলওঁ। দৈৱী শৰীৰো নলওঁ আৰু মনুষ্য শৰীৰো নলওঁ অৰ্থাৎ মই জন্ম-মৃত্যুত নাহোঁ। কেৱল তোমালোক সন্তানসকলক স্বৰ্গৰ বাদশ্বাহী দিবলৈ, যেতিয়া এওঁৰ (ব্ৰহ্মাৰ) 60 বছৰীয়া বানপ্ৰস্থ অৱস্থা হয় তেতিয়া এওঁৰ শৰীৰত আহোঁ। এৱেঁই পূৰা সতোপ্ৰধানৰ পৰা তমোপ্ৰধান হৈছে। এক নম্বৰ উচ্চতকৈও উচ্চ হৈছে ভগৱান তাৰপাছত হ’ল সূক্ষ্মলোকবাসী ব্ৰহ্মা-বিষ্ণু-শংকৰ, যাৰ সাক্ষাৎকাৰ হয়। সূক্ষ্মলোক মাজত নহয় জানো, য’ত শৰীৰ থাকিব নোৱাৰে। সূক্ষ্ম শৰীৰ কেৱল দিব্য দৃষ্টিৰেহে দেখা যায়। মনুষ্য সৃষ্টিতো ইয়াতেই আছে। বাকী তেওঁলোকতো মাত্ৰ সাক্ষাৎকাৰৰ বাবে ফৰিস্তা হয়। তোমালোক সন্তানসকলেও অন্তত যেতিয়া পূৰা পৱিত্ৰ হৈ যোৱা তেতিয়া তোমালোকৰো সাক্ষাৎকাৰ হয়। এনেকুৱা ফৰিস্তা হৈ পুনৰ সত্যযুগত ইয়ালৈকে আহি স্বৰ্গৰ মালিক হ’বাহি। এই ব্ৰহ্মাই কোনো বিষ্ণুক স্মৰণ নকৰে। এৱোঁ শিৱবাবাক স্মৰণ কৰে আৰু এই বিষ্ণু হয়। গতিকে এয়া বুজিব লাগে নহয়। এওঁলোকে ৰাজ্য-ভাগ্য কেনেকৈ পালে! যুদ্ধ আদিতো একো নহয়। দেৱতাসকলে হিংসা কেনেকৈ কৰিব!

এতিয়া তোমালোক সন্তানসকলে পিতাক স্মৰণ কৰি বাদশ্বাহী লোৱা। কোনোবাই মানক বা নামানক। গীতাতো আছে - হে সন্তানসকল, দেহ সহিত দেহৰ সকলো ধৰ্ম এৰি মামেকম্‌ স্মৰণ কৰা। তেওঁৰতো দেহেই নাই যে মমত্ত্ব ৰাখিব। তেওঁ কয় - মই অলপ সময়ৰ কাৰণে এওঁৰ (ব্ৰহ্মাৰ) শৰীৰ ঋণত লওঁ। নহ'লে মই জ্ঞান কেনেকৈ দিম! মই বীজৰূপ হওঁ। এই গোটেই বৃক্ষৰ জ্ঞান মোৰ আছে। অন্য কোনেও নাজানে, সৃষ্টিৰ আয়ুস কিমান? কেনেকৈ ইয়াৰ স্থাপনা, প্ৰতিপালন আৰু বিনাশ হয়? মনুষ্যইতো জানিব লাগে। মনুষ্যইহে পঢ়ে। জন্তুৱেতো নপঢ়ে। তেওঁলোকে হদৰ পাঠ পঢ়ে। পিতাই তোমালোকক বেহদৰ পাঠ পঢ়ায়, যাৰ দ্বাৰা তোমালোকক বেহদৰ মালিক কৰি তোলে। গতিকে এইটো বুজাব লাগে যে ভগৱান বুলি কোনো মনুষ্য অথবা দেহধাৰীক কোৱা নহয়। ব্ৰহ্মা, বিষ্ণু, শংকৰৰো সূক্ষ্ম দেহ আছে নহয়। এওঁলোকৰ নামেই বেলেগ, এওঁলোকক ভগৱান বুলি কোৱা নহয়। এই শৰীৰতো এই দাদাৰ (ব্ৰহ্মাৰ) আত্মাৰ আসন আছিল। অকাল আসন হয়। এতিয়া এয়া অকালমূৰ্ত পিতাৰ আসন। অমৃতসৰতো এক অকাল আসন আছে। যিসকল গণ্যমান্য ব্যক্তি তেওঁলোক তাত অকাল আসনত গৈ বহে। এতিয়া পিতাই বুজায় - এই সকলোবোৰ অকাল আত্মাৰ আসন হয়। আত্মা অকাল যাক কালে গ্ৰাস কৰিব নোৱাৰে। বাকী আসনতো সলনি হৈ থাকে। অকালমূৰ্ত আত্মা এই আসনত বহে। প্ৰথমতে আসন সৰু হয় পাছত ডাঙৰ হৈ যায়। আত্মাই এটা শৰীৰ এৰি আন এটা লয়। আত্মা অকাল। বাকী আত্মাত ভাল বা বেয়া সংস্কাৰ থাকে সেইবাবে কোৱা হয় - এয়া কৰ্মৰ ফল। আত্মাৰ কেতিয়াও বিনাশ নহয়। আত্মাৰ পিতা এজনেই। এইটোতো বুজিব লাগে নহয়। এই বাবাই কোনো শাস্ত্ৰৰ কথা শুনাই জানো! শাস্ত্ৰ আদি পঢ়িলেতো কোনো উভতি যাব নোৱাৰে। অন্তিমত সকলো যাব। যেনেকৈ ফৰিঙৰ অথবা মৌ-মাখিৰ জাক যায় নহয়। মৌ-মাখিৰো ৰাণী থাকে। ৰাণীৰ পিছত সকলো যায়। পিতাও যাব তেতিয়া তেওঁৰ পিছত সকলো আত্মা যাব। তাত মূললোকত যেন সকলো আত্মাৰ মৌচাক আছে। ইয়াত আকৌ হৈছে মনুষ্যৰ জুম। গতিকে এই জুমো এদিন দৌৰিব। পিতা আহি সকলো আত্মাক লৈ যায়। শিৱৰ বৰযাত্ৰী বুলি কোৱা হয়। সন্তান বুলি কোৱা অথবা প্ৰেমিকা বুলি কোৱা। পিতা আহি সন্তানসকলক পঢ়াই স্মৃতিৰ যাত্ৰা শিকায়। পৱিত্ৰ নহ'লেতো আত্মা যাব নোৱাৰে। যেতিয়া পৱিত্ৰ হৈ যাব তেতিয়া প্ৰথমতে শান্তিধামলৈ যাব। তাত গৈ সকলোৱে নিবাস কৰিব। তাৰ পৰা আকৌ ধীৰে ধীৰে আহি থাকিব, বৃদ্ধি হৈ থাকিব। তোমালোকহে প্ৰথমতে পিতাৰ পিছত দৌৰিবা। তোমালোকৰ পিতাৰ লগত অথবা প্ৰেমিকাসকলৰ প্ৰেমিকৰ সৈতে যোগসূত্ৰ থাকে। ৰাজধানী তৈয়াৰ হ'ব লাগে নহয়। সকলো একেলগে নাহে। তাত সকলো আত্মাৰ জগত আছে। তাৰ পৰা পুনৰ ক্ৰমানুসাৰে আহে। বৃক্ষজোপা ধীৰে ধীৰে বৃদ্ধি পায়। পোন-প্ৰথমেতো হৈছে আদি সনাতন দেৱী-দেৱতা ধৰ্ম, যিটো পিতাই প্ৰতিষ্ঠা কৰে। প্ৰথমতে আমাক ব্ৰাহ্মণ কৰি তোলে। প্ৰজাপিতা ব্ৰহ্মা হয় নহয়। প্ৰজাত ভাই-ভনী হৈ যায়। ব্ৰহ্মাকুমাৰ আৰু কুমাৰী বহুত আছে। নিশ্চয় নিশ্চয়বুদ্ধিৰ হ'ব সেইবাবেতো ইমান বৃদ্ধি পালে। ব্ৰাহ্মণ কিমান হ'ব? পৰিপক্ক নে অপৰিপক্ক? কোনোবাইতো 99 নম্বৰ লয়, কোনোবাই 10 নম্বৰ লয় তাৰমানে অপৰিপক্ক। তোমালোকৰ ভিতৰতো যিসকল পৈণত তেওঁলোক নিশ্চয় প্ৰথমতে আহিব। অপৈণতসকল পাছত আহিব। এয়া ভূমিকা পালন কৰোঁতাসকলৰ জগত যি ঘূৰি থাকে। সত্যযুগ, ত্ৰেতা… এয়া পুৰুষোত্তম সংগমযুগ। এয়া এতিয়া পিতাই শুনাইছে। আগতেতো আমি ওলোটাকৈয়ে বুজি আহিলোঁ যে কল্পৰ আয়ুস লাখ লাখ বছৰ। এতিয়া পিতাই কৈছে এয়াতো পূৰা 5 হাজাৰ বছৰৰ চক্ৰ। আধাকল্প হৈছে ৰামৰ ৰাজ্য, আধাকল্প হৈছে ৰাৱণৰ ৰাজ্য। লাখ লাখ বছৰৰ কল্প হ'লেতো তেতিয়া আধা আধাও হ'ব নোৱাৰে। দুখ আৰু সুখৰ এইখন সৃষ্টি ৰচি থোৱা আছে। এই বেহদৰ জ্ঞান বেহদৰ পিতাৰ পৰা পোৱা যায়। শিৱবাবাৰ শৰীৰৰ কোনো নাম নাই। এই শৰীৰতো এই দাদাৰ হয়। বাবা ক'ত আছে? বাবাই অলপ সময়ৰ কাৰণে ঋণত লৈছে। বাবাই কয় - মোক মুখতো লাগে নহয়। ইয়াতো গো-মুখ সাজি থোৱা আছে। পাহাৰৰ পৰা পানীতো যেনি-তেনি আহে। ইয়াত আকৌ গো-মুখ সাজি দিছে, তাৰ পৰা পানী আহে, তাকে গংগাজল বুলি ভাবি লয়। এতিয়া গংগা আকৌ ক'ৰ পৰা আহিল? এয়া হৈছে সকলো মিছা। মিছা কায়া, মিছা মায়া, মিছা গোটেই সংসাৰ। ভাৰত যেতিয়া স্বৰ্গ আছিল তেতিয়া সঁচা খণ্ড বুলি কোৱা হৈছিল আকৌ ভাৰতেই পুৰণি হৈ যায় তেতিয়া মিছা খণ্ড বুলি কোৱা হয়। এই মিছা খণ্ডত যেতিয়া সকলো পতিত হৈ যায় তেতিয়া আহ্বান জনায় - বাবা আমাক পাৱন কৰি এই পুৰণি সৃষ্টিৰ পৰা লৈ যাওঁক। পিতাই কয় - মোৰ সকলো সন্তান কাম চিতাত উঠি কলা (অপৱিত্ৰ) হৈ গৈছে। পিতাই সন্তানসকলক বহি কয় - তোমালোকতো স্বৰ্গৰ মালিক আছিলা নহয়! স্মৃতি উদয় হৈছে নহয়। সন্তানসকলক বুজায়, গোটেই জগতক নুবুজায়। তোমালোককহে বুজায় যাতে গম পোৱা যে আমাৰ পিতা কোন!

এইখন সৃষ্টিক কোৱা হয় কাঁইটৰ জংঘল। সকলোতকৈ ডাঙৰ কাম বিকাৰৰ কাঁইট লগায়। হওঁতে ইয়াত ভকতো বহুত আছে, নিৰামিষভোজী আছে, কিন্তু এনেকুৱা নহয় যে বিকাৰগ্ৰস্ত নহয়। এনেয়েতো বহুত বাল-ব্ৰহ্মচাৰীও থাকে। সৰুকালৰ পৰাই কেতিয়াও ছিঃ ছিঃ খাদ্য আদি নাখায়। সন্ন্যাসীসকলেও কয় - নিৰ্বিকাৰী হোৱা। সেই হদৰ সন্ন্যাস মনুষ্যই কৰায়। পৰৱৰ্তী জন্মত পুনৰ গৃহস্থীৰ ওচৰত জন্ম লৈ পুনৰ ঘৰ-সংসাৰ এৰি গুচি যায়। সত্যযুগত এই শ্ৰীকৃষ্ণ আদি দেৱতাসকলে কেতিয়াবা ঘৰ-সংসাৰ ত্যাগ কৰে জানো? নকৰে। গতিকে তেওঁলোকৰ হ'ল হদৰ সন্ন্যাস। এতিয়া তোমালোকৰ হ'ল বেহদৰ সন্ন্যাস। গোটেই সৃষ্টিৰ, সম্বন্ধীয় আদিৰো সন্ন্যাস কৰা। তোমালোকৰ কাৰণে এতিয়া স্বৰ্গৰ স্থাপনা হৈ আছে। তোমালোকৰ বুদ্ধি স্বৰ্গৰ ফালেই যাব। গতিকে শিববাবাকহে স্মৰণ কৰিব লাগে। বেহদৰ পিতাই কয় - মোক স্মৰণ কৰা। মনমনাভৱ, মধ্যাজী ভৱ। তেতিয়া তোমালোক দেৱতা হৈ যাবা। এয়া সেয়াই গীতাৰ আখ্যান। সংগমযুগো আছে। মই সংগমতহে শুনাওঁ। ৰাজযোগ নিশ্চয় আগৰ জন্মত সংগমত শিকিছিল। এইখন সৃষ্টিৰ পৰিৱৰ্তন হয় নহয়, তোমালোক পতিতৰ পৰা পাৱন হৈ যোৱা। এতিয়া এয়া হৈছে পুৰুষোত্তম সংগমযুগ, যেতিয়া আমি এনেকুৱা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হওঁ। প্ৰতিটো কথা ভালদৰে বুজি লৈ নিশ্চয় কৰিব লাগে। এয়া জানো কোনো মনুষ্যই শুনায়। এয়া হৈছে শ্ৰীমত অৰ্থাৎ ভগৱানৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মত। বাকী সকলো হ'ল মনুষ্য মত। মনুষ্য মতেৰে অৱনমিত হৈ আহিছা। এতিয়া শ্ৰীমতেৰে তোমালোকে আৰোহণ কৰা। পিতাই মনুষ্যৰ পৰা দেৱতা কৰি তোলে। দৈৱী মত স্বৰ্গবাসীসকলৰ আৰু সেয়া হ'ল নৰকবাসী মনুষ্যৰ মত, যাক ৰাৱণ মত বুলি কোৱা হয়। ৰাৱণৰাজ্যও কোনো কম নহয়। গোটেই সৃষ্টিত ৰাৱণৰৰাজ্য। এয়া বেহদৰ লংকা য'ত ৰাৱণৰ ৰাজ্য, পুনৰ দেৱতাসকলৰ পৱিত্ৰ ৰাজ্য হ'ব। তাত বহুত সুখ হয়। স্বৰ্গৰ কিমান মহিমা আছে। এনেকৈ কয়ো যে স্বৰ্গলৈ গ’ল। তেন্তে নিশ্চয় নৰকত আছিল নহয়। নৰকৰ পৰা গ'ল তেন্তে নিশ্চয় আকৌ নৰকলৈকে আহিব! স্বৰ্গ এতিয়া ক'ত আছে? এই কথাবোৰ কোনো শাস্ত্ৰত নাই। এতিয়া পিতাই তোমালোকক গোটেই জ্ঞান দিয়ে। বেটাৰী ভৰপূৰ হয়। মায়াই আকৌ সংযোগ বিচ্ছিন্ন কৰি দিয়ে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মন-বচন-কৰ্মৰে পৱিত্ৰ হৈ আত্মাৰূপী বেটাৰী শক্তিৰে ভৰপূৰ কৰিব লাগে। পৰিপক্ক ব্ৰাহ্মণ হ'ব লাগে।

(2) নিজৰ মত বা মনুষ্যৰ মত এৰি একমাত্ৰ পিতাৰ শ্ৰীমতত চলি নিজক শ্ৰেষ্ঠ কৰি তুলিব লাগে। সতোপ্ৰধান হৈ পিতাৰ সৈতে উৰি যাব লাগে।

বৰদান:
সত্যতাৰ শক্তিৰ দ্বাৰা প্ৰকৃতি বা বিশ্বক সতোপ্ৰধান কৰি তোলোঁতা মাষ্টৰ বিধি-বিধাতা হোৱা

যেতিয়া তোমালোক সন্তানসকলে সত্যতাৰ শক্তি ধাৰণ কৰি মাষ্টৰ বিধি-বিধাতা হৈ যোৱা, তেতিয়া প্ৰকৃতি সতোপ্ৰধান হৈ যায়, যুগ সত্যযুগ হৈ যায়। সকলো আত্মাই সৎগতিৰ ভাগ্য গঢ়ি লয়। তোমালোকৰ সত্যতা পাৰস সদৃশ। যেনেকৈ পাৰসে লোহাক পাৰস কৰি দিয়ে, তেনেকৈ সত্যতাৰ শক্তিয়ে আত্মা, প্ৰকৃতি, সময়, সকলো সামগ্ৰী, সকলো সম্পৰ্ক, সংস্কাৰ, আহাৰ-ব্যৱহাৰ সতোপ্ৰধান কৰি দিয়ে।

স্লোগান:
যোগী আত্মা তেওঁলোক, যিসকলক প্ৰকৃতিৰ অস্থিৰতায়ো আকৰ্ষিত নকৰে।


অব্যক্ত ইংগিত: এই অব্যক্ত মাহত বন্ধনমুক্ত হৈ থাকি জীৱনমুক্ত স্থিতিৰ অনুভৱ কৰা

স্বদৰ্শন চক্ৰধাৰী তথা ছত্ৰধাৰী হোৱা, দেহৰ স্মৃতিৰ অনেক ব্যৰ্থ সংকল্পৰ চক্ৰৰ পৰা, লৌকিক আৰু অলৌকিক সম্বন্ধৰ চক্ৰৰ পৰা, নিজৰ অনেক জন্মৰ স্বভাৱ আৰু সংস্কাৰৰ চক্ৰৰ পৰা আৰু প্ৰকৃতিৰ বিভিন্ন আকৰ্ষণৰ চক্ৰৰ পৰা যেতিয়া মুক্ত হৈ যাবা, তেতিয়া অন্য আত্মাসকলকো পিতাৰ পৰা প্ৰাপ্ত হোৱা শক্তিৰ দ্বাৰা অনেক চক্ৰৰ পৰা সহজে মুক্ত কৰি জীবনমুক্ত কৰি তুলিব পাৰিবা।