31.03.25       Morning Assame Murli        Om Shanti      BapDada       Madhuban


“মৰমৰ সন্তানসকল – তোমালোক এতিয়া পুৰণি সৃষ্টিৰ দুৱাৰডলিৰ পৰা ওলাই শান্তিধাম আৰু সুখধামলৈ গৈ আছা, পিতাইহে মুক্তি-জীৱনমুক্তিৰ মাৰ্গ-দৰ্শন কৰায়”

প্ৰশ্ন:
বৰ্তমান সময়ত সকলোতকৈ ভাল কৰ্ম কোনটো?

উত্তৰ:
সকলোতকৈ ভাল কৰ্ম হৈছে মন, বাণী আৰু কৰ্মৰে অন্ধৰ লাখুটি হোৱা। তোমালোক সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰিব লাগে যে এনেকুৱা কি শব্দ লিখোঁ যাতে মনুষ্যই ঘৰৰ (মুক্তিৰ) আৰু জীৱনমুক্তিৰ ৰাস্তা পাই যায়। মনুষ্যই যাতে সহজে বুজি পায় যে ইয়াত শান্তি সুখৰ সৃষ্টিলৈ যোৱাৰ মাৰ্গ-দৰ্শন কৰা হয়।

ওঁম্শান্তি।
যাদুকৰৰ চাকিৰ কথা শুনিছানে? আল্লাউদ্দিনৰ চাকিৰো গায়ন কৰা হয়। আল্লাউদ্দিনৰ চাকি বা যাদুকৰৰ চাকিয়ে কি কি দেখুৱায়! বৈকুণ্ঠ, স্বৰ্গ, সুখধাম। চাকিক আলোক বুলি কোৱা হয়। এতিয়াতো অন্ধকাৰ নহয় জানো। এতিয়া আলোকিত কৰিবলৈ সন্তানসকলে এয়া যি প্ৰদৰ্শনী, মেলা আদি অনুষ্ঠিত কৰে, ইমান খৰচ কৰে, মগজ খটুৱাই থাকে। সোধে যে বাবা ইয়াৰ নাম কি ৰাখোঁ? ইয়াত বোম্বাইক (এতিয়া মুম্বাই) ভাৰতৰ দুৱাৰমুখ বুলি কয়। পানী জাহাজ প্ৰথমে বোম্বাইলৈহে আহিছিল। দিল্লীতো ভাৰতৰ দুৱাৰমুখ আছে। এতিয়া আমাৰ এয়া হৈছে মুক্তি জীৱনমুক্তিৰ দুৱাৰমুখ। দুখন দ্বাৰ আছে নহয়। দ্বাৰ সদায় দুখন থাকে ভিতৰলৈ যোৱাৰ আৰু বাহিৰলৈ অহাৰ। এখনেৰে অহা, আনখনেৰে যোৱা। এয়াও এনেকুৱা - আমি নতুন সৃষ্টিলৈ আহোঁ আকৌ পুৰণি সৃষ্টিৰ পৰা বাহিৰ ওলাই নিজৰ ঘৰলৈ গুচি যাওঁ। কিন্তু নিজে উভতি যাব নোৱাৰোঁ কিয়নো ঘৰক পাহৰি গৈছোঁ, মাৰ্গ-দৰ্শক লাগে। সেয়াও আমি পাইছোঁ যিয়ে ৰাস্তা দেখুৱাই দিয়ে। সন্তানসকলে জানে বাবাই আমাক মুক্তি-জীৱনমুক্তি, শান্তি আৰু সুখৰ মাৰ্গ-দৰ্শন কৰায়। গতিকে “শান্তিধাম সুখধামৰ দুৱাৰমুখ” বুলি লিখা হওঁক। বিচাৰ সাগৰ মন্থন কৰিব লাগে নহয়। বহুত খেয়াল চলে - মুক্তি-জীৱনমুক্তি বুলি কাক কোৱা হয়, সেয়াও কোনেও গম নাপায়। শান্তি আৰু সুখতো সকলোৱে বিচাৰে। শান্তিও হওঁক আৰু ধন সম্পত্তিও থাকক। সেয়াতো সত্যযুগতহে হয়। গতিকে নাম লিখি দিয়া – “শান্তিধাম সুখধামৰ দুৱাৰমুখ” অথবা “পৱিত্ৰতা, শান্তি আৰু সমৃদ্ধিৰ দুৱাৰমুখ”। এইবিলাকতো ভাল শব্দ। তিনিওটাই ইয়াত নাই। গতিকে ইয়াৰ ওপৰত আকৌ বুজাবলগীয়াও হয়, নতুন সৃষ্টিত এই সকলোবোৰ আছিল। নতুন সৃষ্টি স্থাপনা কৰোঁতাজন হ'ল পতিত-পাৱন ঈশ্বৰ পিতা। গতিকে নিশ্চয় আমি এই পুৰণি সৃষ্টিৰ পৰা ওলাই ঘৰলৈ যাব লাগে। তেন্তে এয়া পৱিত্ৰতা, শান্তি আৰু সমৃদ্ধিৰ দ্বাৰ নহ'ল জানো। বাবাৰ এই নামবোৰ ভাল লাগে। এতিয়া বাস্তৱত ইয়াৰ উদ্ঘাটনতো শিৱবাবাই কৰে। কিন্তু আমাৰ অৰ্থাৎ ব্ৰাহ্মণৰ দ্বাৰা কৰায়। জগতত উদ্বোধনী অনুষ্ঠানতো বহুত হৈ থাকে নহয়। কোনোবাই চিকিৎসালয়ৰ কৰিব, কোনোবাই বিশ্ব বিদ্যালয়ৰ কৰিব। এয়াতো এবাৰেই হয় আৰু এই সময়তেই হয় সেইবাবে বিচাৰ কৰা হয়। সম্তানসকলে লিখিলে - ব্ৰহ্মা বাবা আহি উদ্ঘাটন কৰক। বাপদাদা দুয়োজনকে নিমন্ত্ৰণ জনাম। পিতাই কয় - তুমি (ব্ৰহ্মা) বাহিৰলৈ ক'তো যাব নোৱাৰা। উদ্ঘাটন কৰিবলৈ যাম, সেয়া বিবেকে নকয়, নিয়ম নাই। এয়াতো যি কোনো লোকে মুকলি কৰিব পাৰে। বাতৰিকাকততো প্ৰকাশ পাব - প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী। এই নামটিও বৰ ভাল নহয়নে। প্ৰজাপিতাতো সকলোৰে পিতা হৈ গ'ল। তেওঁ জানো কম! আকৌ পিতাই নিজেই অনুষ্ঠান সম্পন্ন কৰায়। কৰণকৰাৱণহাৰ হয় নহয়। বুদ্ধিত থাকিব লাগে যে আমি স্বৰ্গ স্থাপনা কৰি আছোঁ। গতিকে কিমান পুৰুষাৰ্থ কৰি শ্ৰীমতত চলিব লাগে। বৰ্তমান সময়ত মন-বাণী-কৰ্মৰে সকলোতকৈ ভাল কৰ্মতো এটাই আছে - অন্ধৰ লাখুটি হোৱা। গায়নো কৰে - হে প্ৰভু, অন্ধৰ লাখুটি। সকলো অন্ধ। গতিকে পিতা আহি লাখুটি হয়। জ্ঞানৰ তৃতীয় নেত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা তোমালোকে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি স্বৰ্গলৈ যোৱা। ক্ৰমানুসৰিতো হয়েই। এইখন বহুত ডাঙৰ বেহদৰ হস্পিতাল তথা বিশ্ব বিদ্যালয়। বুজোৱা হয় - আত্মাসকলৰ পিতা পৰমপিতা পৰমাত্মা পতিত-পাৱন হয়। তোমালোকে সেইজন পিতাক স্মৰণ কৰিলে সুখধামলৈ গুচি যাবা। এইখন হৈছে নৰক, ইয়াক স্বৰ্গ বুলি কোৱা নহ’ব। স্বৰ্গত এটা ধৰ্মই থাকে। ভাৰত স্বৰ্গ আছিল, অন্য কোনো ধৰ্ম নাছিল। ইয়াক মাত্ৰ স্মৰণ কৰা, এয়াও ‘মনমনাভৱ’ই হয়। আমি স্বৰ্গত গোটেই বিশ্বৰ মালিক আছিলোঁ - এইখিনিও স্মৃতিলৈ নাহে! বুদ্ধিত আছে যে আমি পিতাক পাইছোঁ গতিকে সেইটো আনন্দ থাকিব লাগে। কিন্তু মায়াও কম নহয়। এনেকুৱা পিতাৰ হৈ যোৱা সত্ত্বেও ইমান আনন্দিত হৈ নাথাকে। শ্বাসৰুদ্ধ হৈ থাকে। মায়াই বাৰে বাৰে শ্বাসৰুদ্ধ কৰি দিয়ে। শিৱবাবাৰ স্মৃতি পাহৰাই দিয়ে। নিজেও কয় - স্মৃতি স্থায়ী হৈ নাথাকে। পিতাই জ্ঞান-সাগৰত ডুবাই থাকে, মায়াই আকৌ বিষয় সাগৰত ডুবাই দিয়ে। বহুত আনন্দেৰে বিষয় সাগৰত ধৰফৰাবলৈ ধৰে। পিতাই কয় - শিৱবাবাক স্মৰণ কৰা। মায়াই আকৌ পাহৰাই দিয়ে। পিতাক স্মৰণেই নকৰে। পিতাক নাজানেই। দুখহৰ্তা সুখকৰ্তাতো পৰমপিতা পৰমাত্মাই হয় নহয়। তেওঁ হয়েই দুখ হৰণ কৰোঁতা। তেওঁলোকে আকৌ গংগাত গৈ ডুব মাৰে। এনেকৈ ভাবে যে গংগা পতিত-পাৱনী। সত্যযুগত গংগাক দুখ হৰণ কৰোঁতা, পাপ খণ্ডন কৰোঁতা বুলি নক’ব। সাধু-সন্ত আদি সকলোৱে গৈ নদীৰ পাৰত বহে। সাগৰৰ পাৰত কিয় নবহে? এতিয়া তোমালোক সন্তানসকল সাগৰৰ পাৰত বহা। অনেক সন্তান সাগৰৰ পাৰলৈ আহে। আকৌ ভাবে যে সাগৰৰ পৰা ওলোৱা এই সৰু-ডাঙৰ নদীবোৰো আছে। ব্ৰহ্মপুত্ৰ, সিন্ধু, সৰস্বতী এই নামবোৰো ৰাখিছে।

পিতাই বুজায় - সন্তানসকল, তোমালোকে মন-বচন-কৰ্মৰ প্ৰতি বহুত ধ্যান দিব লাগে, কেতিয়াও তোমালোকৰ ক্ৰোধ আহিব নালাগে। ক্ৰোধ প্ৰথমে মনত উদয় হয় তাৰ পাছত বাণী আৰু কৰ্মতো আহি যায়। এয়া হ’ল তিনিখন খিৰিকী সেইবাবে পিতাই বুজায় - মৰমৰ সন্তানসকল, কথা বেছিকৈ নক’বা, শান্ত হৈ থাকা, বাণীত আহিলে কৰ্মতো আহি যাব। ক্ৰোধ প্ৰথমে মনত আহে তাৰ পাছত বাণী আৰু কৰ্মত আহে। তিনিওখন খিৰিকীৰেই ওলায়। প্ৰথমে মনত আহিব। জগতৰ লোকসকলেতো ইজনে-সিজনক দুখ দি থাকে, কাজিয়া-পেছাল কৰি থাকে। তোমালোকেতো কাকোৱে দুখ দিব নালাগে। খেয়ালো আহিব নালাগে। শান্ত হৈ থকা বহুত ভাল। গতিকে পিতা আহি স্বৰ্গ অথবা সুখ-শান্তিৰ দ্বাৰৰ বিষয়ে শুনায়। সন্তানসকলকে শুনায়। সন্তানসকলক কয় - তোমালোকেও আনক শুনোৱা। পৱিত্ৰতা, শান্তি আৰু সমৃদ্ধি স্বৰ্গত থাকে। তালৈ কেনেকৈ যায়, সেয়া বুজিব লাগে। এই মহাভাৰতৰ যুদ্ধয়ো দ্বাৰ মুকলি কৰে। বাবাৰ বিচাৰ সাগৰ মন্থনতো চলে নহয়। কি নাম ৰখা যায়? ৰাতিপুৱা বিচাৰ সাগৰ মন্থন কৰিলে মাখন ওলায়। ভাল ৰায় ওলায়, সেইবাবে বাবাই কয় - ৰাতিপুৱা উঠি পিতাক স্মৰণ কৰা আৰু বিচাৰ সাগৰ মন্থন কৰা - কি নাম ৰখা যায়? বিচাৰ কৰিব লাগে, কাৰোবাৰ ভাল বিচাৰো উদয় হয়। এতিয়া তোমালোকে বুজি পোৱা যে পতিতক পাৱন কৰি তোলা মানে নৰকবাসীৰ পৰা স্বৰ্গবাসী কৰি তোলা। দেৱতাসকল পাৱন হয়, সেইবাবেতো তেওঁলোকৰ আগত মূৰ দোৱায়। তোমালোকে এতিয়া কাৰো আগত মূৰ দোৱাব নোৱাৰা, নিয়ম নাই। বাকী যুক্তিৰে চলিব লাগে। সাধুসকলে নিজক উচ্চ পৱিত্ৰ বুলি ভাবে, আনক অপৱিত্ৰ নীচ বুলি ভাবে। তোমালোকে যদিও জানা যে আমি আটাইতকৈ উচ্চ কিন্তু কোনোবাই নমস্কাৰ জনালে সঁহাৰি জনাব লাগে। “হৰিওঁম্‌ তত্‌সত্‌” কৰে, তেতিয়া তেনেকৈয়ে সঁহাৰি জনাবলগীয়া হয়। যুক্তিৰে নচলিলে তেওঁলোক হাতলৈ নাহিব। বহুত যুক্তি লাগে। যেতিয়া মৃত্যু শিৰৰ ওপৰত আহে তেতিয়া সকলোৱে ভগৱানৰ নাম লয়। এতিয়া আকস্মিক দুৰ্ঘটনাতো বহুত হৈ থাকিব। লাহে লাহে জুই বিয়পিব। জুই বিয়পা আৰম্ভ হ’ব বিলাতৰ পৰা পুনৰ লাহে লাহে গোটেই জগত জ্বলি যাব। অন্তিমত তোমালোক সন্তানসকলহে থাকি যোৱা। তোমালোক আত্মা পৱিত্ৰ হৈ গ’লে তেতিয়া তোমালোকে তাত নতুন সৃষ্টি পোৱা। সৃষ্টিৰ নতুন ‘নোট’ তোমালোকে পোৱা (অৰ্থাৎ স্বৰ্গত সকলো বস্তুৱেই নতুন হ’ব আৰু আমিয়েই প্ৰথমে দেখিম)। তোমালোকে ৰাজত্ব কৰা। আলাউদ্দিনৰ চাকিও প্ৰসিদ্ধ হয় নহয়! ‘নোট’ এনেকুৱা কৰিলে (অৰ্থাৎ চাপৰি বজাই দিলেই যেন) প্ৰচুৰ সম্পদ পোৱা যায়। হয়ো যথাযথ। তোমালোকে জানা আল্লাহ অৱলদীনে তৎক্ষণাৎ ইংগিতেৰে সাক্ষাৎকাৰ কৰায়। মাত্ৰ তোমালোকে শিৱবাবাক স্মৰণ কৰা তেতিয়া সকলো সাক্ষাৎকাৰ হৈ যাব। ঐকান্তিক ভক্তিৰেও সাক্ষাৎকাৰ হয়। ইয়াত তোমালোকৰ লক্ষ্য-উদ্দেশ্যৰ সাক্ষাৎকাৰতো হয়েই আকৌ তোমালোকে বাবাক, স্বৰ্গক বহুত স্মৰণ কৰিবা। বাৰে বাৰে চাই থাকিবা। যিসকল বাবাৰ স্মৃতিত আৰু জ্ঞানত মগ্ন হৈ থাকিব তেওঁলোকেই অন্তিমৰ সকলো দৃশ্যাৱলী প্ৰত্যক্ষ কৰিব পাৰিব। বহুত উচ্চ লক্ষ্য। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰাতো মাহীৰ ঘৰ (ইমান উজু) নহয়। বহুত যত্ন কৰিবলগীয়া হয়। স্মৰণ কৰাটোৱে হৈছে মুখ্য। যেনেকৈ বাবা দিব্য দৃষ্টি দাতা তেনেকৈ নিজেই নিজৰ বাবে দিব্য দৃষ্টি দাতা হৈ যাবাগৈ। যেনেকৈ ভক্তিমাৰ্গত অতিশয় স্মৰণ কৰিলে সাক্ষাৎকাৰ হৈ যায়। নিজৰ পৰিশ্ৰমেৰে যেন দিব্য দৃষ্টি দাতা হৈ যায়। তোমালোকেও স্মৃতিত থকাৰ যত্ন কৰিলে বহুত আনন্দিত হৈ থাকিবা আৰু সাক্ষাৎকাৰ হৈ থাকিব। এই গোটেই সৃষ্টিখনক পাহৰি যাবা। ‘মনমনাভৱ’ হৈ যাবা। বাকী কি লাগে! যোগবলেৰে আকৌ তোমালোকে নিজৰ শৰীৰ ত্যাগ কৰা। ভক্তিতো যত্ন কৰিবলগীয়া হয়, ইয়াতো যত্ন কৰিব লাগে। বাবাই যত্ন কৰাৰ অতি উত্তম ৰাস্তাৰ বিষয়ে শুনাই থাকে। নিজক আত্মা বুলি বুজিলে দেহৰ বোধেই নাথাকিব। যেন পিতাৰ সমান হৈ যাবা। সাক্ষাৎকাৰ কৰি থাকিবা। বহুত আনন্দিতও হৈ থাকিবা। ফলাফল সকলো অন্তিম সময়ৰে গায়ন কৰা হৈছে। নিজৰ নাম-ৰূপৰ পৰাও অনাসক্ত হ’ব লাগে তেন্তে আকৌ আনৰ নাম-ৰূপক স্মৰণ কৰিলে কি অৱস্থা হ’ব! জ্ঞানতো বহুত সহজ। প্ৰাচীন ভাৰতৰ যি যোগ আছে, তাতেই যাদু আছে। বাবাই বুজাইছে - ব্ৰহ্ম জ্ঞানীয়েও এনেকৈ শৰীৰ ত্যাগ কৰে। মই আত্মা, পৰমাত্মাত লীন হৈ যাব লাগে। লীন কোনো নহয়। ব্ৰহ্ম জ্ঞানী হয়। বাবাই দেখিছে বহি বহি শৰীৰ ত্যাগ কৰে। বায়ুমণ্ডল বহুত শান্ত হৈ যায়, নিস্তব্ধ হৈ যায়। নিস্তব্ধতাৰ অনুভৱো তেওঁলোকৰ হ’ব যিসকল জ্ঞানমাৰ্গৰ হ’ব, শান্ত হৈ থাকোঁতা হ’ব। বাকী বহুত সন্তানতো এতিয়া কেঁচুৱা হৈ আছে। বাৰে বাৰে বাগৰি পৰে, এই ক্ষেত্ৰত বহুত গুপ্তভাৱে যত্ন কৰিবলগীয়া হয়। ভক্তিমাৰ্গত যি যত্ন কৰে সেয়া প্ৰত্যক্ষ হয়। মালা জপ কৰা, কোঠাত বহি ভক্তি কৰা। ইয়াততো তোমালোক চলোঁতে-ফুৰোঁতে স্মৃতিত থাকা। কোনেও গম নাপায় যে এওঁলোকে ৰাজপাট লৈ আছে। যোগৰ দ্বাৰাহে সকলো হিচাপ-নিকাচ নিষ্পত্তি কৰিব লাগে। জ্ঞানেৰে জানো নিষ্পত্তি হয়। হিচাপ-নিকাচ নিষ্পত্তি হ’ব স্মৃতিৰ দ্বাৰা। কৰ্মভোগ স্মৃতিৰ দ্বাৰা নিষ্পত্তি হ’ব। এয়া হৈছে গুপ্ত। বাবাই সকলোবোৰ গুপ্তভাৱে শিকায়। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) মন-বাণী-কৰ্মৰে কেতিয়াও ক্ৰোধ কৰিব নালাগে। এই তিনিওখন খিৰিকীৰ ওপৰত বহুত ধ্যান ৰাখিব লাগে। কথা বেছিকৈ ক’ব নালাগে। ইজনে সিজনক দুখ দিব নালাগে।

(2) জ্ঞান আৰু যোগত মগ্ন হৈ থাকি অন্তিমৰ দৃশ্যাৱলী প্ৰত্যক্ষ কৰিব লাগে। নিজৰ বা আনৰ নাম-ৰূপ পাহৰি মই আত্মা, এইটো স্মৃতিৰে দেহৰ বোধ সমাপ্ত কৰিব লাগে।

বৰদান:
স্নেহৰ বাণেৰে স্নেহত আঘাতপ্ৰাপ্ত কৰোঁতা স্নেহ আৰু প্ৰাপ্তি সম্পন্ন স্নেহত লীন আত্মা হোৱা

যেনেকৈ লৌকিক ৰীতিৰে কোনোবা কাৰোবাৰ স্নেহত লীন হৈ গ’লে তেতিয়া চেহেৰাৰ দ্বাৰা, নয়নৰ দ্বাৰা, বাণীৰ দ্বাৰা অনুভৱ হয় যে এওঁ স্নেহত লীন হৈ আছে – প্ৰেমিকা হয় – এনেকৈ যেতিয়া মঞ্চত যোৱা তেতিয়া যিমানে নিজৰ ভিতৰত স্নেহ জাগ্ৰত হ’ব সিমানে স্নেহৰ বাণে আনকো স্নেহত আঘাতপ্ৰাপ্ত কৰি দিব। ভাষণৰ সংযোগৰ বিষয়ে ভবা, বিষয়বস্তু আওৰোৱা – এইটো স্বৰূপ হ’ব নালাগে, স্নেহ আৰু প্ৰাপ্তিৰ সম্পন্ন স্বৰূপ, স্নেহত লীন স্বৰূপ হওঁক। কৰ্তৃত্বশীল হৈ ক’লে তাৰ প্ৰভাৱ পৰে।

স্লোগান:
সম্পূৰ্ণতাৰ দ্বাৰা সমাপ্তিৰ সময় সমীপত আনা।

সত্যতা আৰু সভ্যতা ৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত: